চ’ৰাঘৰ / ধাৰাবাহিক / অসমীয়া ভাষা-সাহিত্যৰ ইটো-সিটো (এক) (ড° ছবি গগৈ)

অসমীয়া ভাষা-সাহিত্যৰ ইটো-সিটো (এক) (ড° ছবি গগৈ)

চন্দ্ৰবিন্দুৰ ব্যৱহাৰ সম্পৰ্কে থকা খেলি মেলি দূৰ কৰিবলৈ হ’লে তাৰ অন্তৰালত থকা কথা দুটামান জানিবই লাগিব । অতি চমুকৈ মনত ৰাখিবলগীয়া কথা কেইটা হ’ল …..
১. চন্দ্ৰবিন্দু হ’ল এটা অনুনাসিক ধ্বনি অৰ্থাৎ আধা নাকেৰে উচ্চাৰিত হয়।
২. ঙ, ৎ, ঞ, ণ, ন, ম আৰু ং যেতিয়া লুপ্ত হয় ; তেতিয়া লুপ্ত বৰ্ণটোৰ আগত তদ্ভৱ শব্দত ঁ ব্যৱহাৰ কৰা হয় । যেনেঃ পিঞ্জৰা=(প+ই+ঞ+জ+ৰ+আ)–পিঁজৰা(প+ই+ঁ+জ+ৰ+আ) ; কম্পন– কঁপনি, আঞ্জোৰ–আঁজোৰ
৩. কেতিয়াবা আন বৰ্ণ লুপ্ত হৈ সৰল হওঁতে উচ্চাৰণ নাসিক্য হয় ; অৰ্থাৎ নাকেৰে উচ্চাৰণ কৰা হয় । তেতিয়া নাসিক্য উচ্চাৰণ নিৰ্দেশ কৰিবৰ বাবে ঁ ব্যৱহাৰ হয় । যেনেঃ গৰ্ত–গাঁত; কৰ্কট–কেঁকোৰা; স্ৰোত–সোঁত
৪. কেতিয়াবা বৰ্ণ লোপ নোহোৱাকৈও অসমীয়াত সংস্কৃত শব্দ (তৎসম) প্ৰয়োগ কৰোতে ঁ ব্যৱহাৰ হয় । যেনেঃ জট–জঁট; কাস– কাঁহ; চোচ–চোঁচ
৫. ঞ টোৰ সলনি য় বা ই লিখিলে ঁ ব্যৱহাৰ হয় । যেনেঃ চিঞাহী–চিয়াঁহী; গোহাঞি–গোহাঁই; তিঞহ–তিয়ঁহ
৬. বিদেশী শব্দৰ উচ্চাৰণ নিৰ্দেশ কৰিবৰ বাবে প্ৰয়োজনত ঁ ব্যৱহাৰ হয় । যেনেঃ ৰেষ্টোৰাঁ , ৰেণেচাঁচ, ৰলাঁ, জাঁৰ আদি
৭. ইছোঁ, ওঁতা, ওঁতে, ওঁ আদি বিভক্তি লগ লাগিলে শব্দৰ উচ্চাৰণ অনুনাসিক হৈ উঠে । যেনেঃ কৰিছোঁ, কৰোঁতে, কৰোঁ, খাওঁ , যাওঁ । ইয়াত মনকৰিবলগীয়া কথাটো হ’ল কৰ্তা আৰু কৰ্মৰ মাজত অসমাপিকা ক্ৰিয়াত ঁ ব্যৱহাৰ হয় । যেনেঃ মই যাওঁতে তেওঁ শুই আছিল । ইয়াত কৰ্তা মই আৰু কৰ্ম যোৱা কামটোও ময়েই কৰিছোঁ । সেইদৰে, তেওঁ বাচৰপৰা নামোঁতে পিছলি পৰিল । কৰ্তা তেওঁ আৰু নমা কামো তেওঁৰ । সি ভাত খাওঁতে বৰ শব্দ কৰে । কৰ্তা সি আৰু খোৱা কৰ্ম তাৰ ।
৮. হওঁ আৰু হওক (হওঁক শব্দটো ভুল) …. এই দুটাত মন কৰিবলগীয়া কথাটো হ’ল —
(ক) সমাপিকা ক্ৰিয়াত প্ৰথম পুৰুষত অৰ্থাৎ কওঁতাৰ নিজৰ ক্ষেত্ৰত ব্যৱহাৰ হ’লে ‘হ’ ধাতুৰ লগত ওঁ বিভক্তি যুক্ত হৈ হওঁ হৈছে ।
(খ) দ্বিতীয় আৰু তৃতীয় পুৰুষৰ বাবে অৰ্থাৎ কওঁতাই আন কাৰোবাৰ বাবে আহ্বান বা ইচ্ছা প্ৰকাশ কৰি হ’ব লাগে বা হ’লে ভাল জাতীয় অৰ্থ প্ৰকাশ কৰিবৰ সময়ত ‘হ’ ধাতুৰ লগত ওক প্ৰত্যয় যুক্ত হয় ।
চন্দ্ৰবিন্দুৰ ব্যৱহাৰে একে উচ্চাৰণযুক্ত দুটা শব্দ অৰ্থক সুকীয়া কৰিব পাৰে । যেনেঃ
আচল =প্ৰকৃত আঁচল=চাদৰৰ আগ
গাঁও=গ্ৰাম গাওঁ=গা ধাতুৰ কৰ্ম ৰূপ গোৱাকৰ্ম
তেও=তথাপি তেওঁ=সৰ্বনাম, তৃতীয় পুৰুষ
বাহ=চৰাইৰ আবাস বাঁহ= তৃণজাতীয় উদ্ভিদ
গতিকে চন্দ্ৰবিন্দুৰ ব্যৱহাৰত খুউব সাৱধান হোৱা দৰকাৰ । মন কৰিছোঁ য’তেই ো ধ্বনি যুক্ত হয় তাতে বহুতে ঁ ব্যৱহাৰ কৰে আজিকালি ! যেনেঃ আপোনালোকোঁ , মোৰোঁ, হওঁক, তথাপিতোঁ ইত্যাদি । এয়া ডাঙৰ ভুল ।
আৰু বহুত আছে । প্ৰত্যেকটো উদাহৰণ দিয়া ইয়াত সম্ভৱ নহয় । অনুগ্ৰহ কৰি অলপ ব্যাকৰণ আৰু ভাষা বিষয়ক কিতাপ পঢ়াৰ অভ্যাস কৰিলে সততে হোৱা এনেধৰণৰ ভুলবোৰ কমি আহিব ।

 

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে