দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / ধাৰাবাহিক / ইতিহাস / বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত অসমত সংঘটিত চাহ-শ্ৰমিক আন্দোলনসমূহ/ দুই (ডঃ কমল কুমাৰ তাঁতী)

বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত অসমত সংঘটিত চাহ-শ্ৰমিক আন্দোলনসমূহ/ দুই (ডঃ কমল কুমাৰ তাঁতী)

( যোৱা সংখ্যাৰ পৰা) ১৯০০-১৯৩০ চনৰ সময়চোৱাত অসমৰ চাহ-বাগিছাসমূহত আদিবাসী চাহ-শ্ৰমিকসকলৰ নেতৃত্ত্বত সংঘটিত হোৱা শ্ৰমিক আন্দোলনসমূহৰ সম্পৰ্কে কিছু কথা এই লেখাৰ জৰিয়তে আলোকপাত কৰিব বিচৰা হৈছে ৷ ‘Forms of Labour Protest in Assam Valley Tea Plantations, 1900-1930’-শীৰ্ষক গৱেষণাপত্ৰখনত বিশিষ্ট সমাজ-বিজ্ঞানী ৰাণাপ্ৰতাপ বেহেলে এই বিষয়ে আলোচনা আগবঢ়াইছে ৷

কুখ্যাত বনুৱা চালান ব্যৱস্থাৰ জৰিয়তে উনবিংশ শতিকাৰ শেষভাগলৈ ব্ৰিটিছ ঔপনিৱেশিক পূঁজিপতিমহলে অসম আৰু বৰাক উপত্যকাৰ চাহ-বাগিছাসমূহত এক ঔপনিৱেশিকতাবাদী ব্যৱস্থা গঢ়ি তোলে আৰু চাহ-শ্ৰমিকসকলক শাৰীৰিক আৰু সামাজিকভাৱে সাম্ৰাজ্যবাদী-ঔপনিৱেশিকতাবাদী শাসনৰ কঠোৰ নিয়ন্ত্ৰণত ৰখাৰ ব্যৱস্থা কৰা হয় ৷ বিভিন্ন আইন-কানুন আৰু বাগিছাৰ নীতি-নিয়মৰ জৰিয়তে চাহ-বাগিছাৰ ভিতৰচোৱাত আৰু বাহিৰচোৱাত শ্ৰমিকসকলৰ সকলোধৰণৰ সামাজিকতা আৰু গতিশীলতাত নাকী লগোৱাৰ ব্যৱস্থা কৰা হয় ৷ বাগিছাৰ বাহিৰৰ পৃথিৱীৰ সৈতে কোনো ধৰণৰ যোগাযোগ ব্যৱস্থা নাইকিয়া কৰি শ্ৰমিকসকলক ‘বাগিছাৰ ভিতৰতে আবদ্ধ কৰি ৰখাৰ নীতি’ অৱলম্বন কৰা হৈছিল ৷ এই নীতি-নিৰ্দেশনাবোৰ অৱমাননা কৰিলে শ্ৰমিকসকলক কঠোৰ শাস্তি দিয়া হৈছিল ৷ শ্ৰমিকসকলক অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিকভাৱে চিৰদিনৰ বাবে পংগু কৰি তোলাৰ ব্যৱস্থাও কৰা হৈছিল ৷

ব্ৰিটিছ চৰকাৰ সমন্বিতে বিদেশী ঔপনিৱেশিক পূঁজিপতি মহলৰ এনেবোৰ সাম্ৰাজ্যবাদী চক্ৰান্তৰ বিষয়ে চাহ-শ্ৰমিকসকলে অলপকৈ হ’লেও বুজিব পাৰিছিল আৰু পাৰ্যমানে বিভিন্ন ধৰণেৰে ইয়াৰ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল ৷ এনেবোৰ প্ৰতিবাদ আৰম্ভ হৈছিল ব্যক্তিগত স্তৰত; আৰু ক্ৰমান্বয়ে এনে ব্যক্তিগত স্তৰৰ প্ৰতিবাদসমূহ সংঘবদ্ধ হৈ এক সমূহীয়া প্ৰতিবাদৰ ৰূপ ল’বলৈ আৰম্ভ কৰিছিল৷ ১৯০৬ চনৰ ‘Report of the Assam Labour Enquiry Committee’-শীৰ্ষক প্ৰতিবেদনখনৰ মতে, অসমৰ চাহ-বাগিছাসমূহত সংঘটিত হৈ থকা বিভিন্ন সংঘৰ্ষ-প্ৰতিবাদবোৰৰ প্ৰতি ১৯০৩ চনত ব্ৰিটিছ চৰকাৰৰ মনোযোগ আকৰ্ষিত হয় ৷ চাহ-বাগিছাসমূহৰ মালিকপক্ষ আৰু চাহ-শ্ৰমিকসকলৰ মাজত থকা সম্পৰ্কবোৰৰ কিমান দূৰলৈকে অৱনতি ঘটিছে, সেই সম্পৰ্কে ততালিকে প্ৰতিবেদন দাখিল কৰিবলৈ ব্ৰিটিছ চৰকাৰে স্থানীয় প্ৰশাসনসমূহক নিৰ্দেশ দিয়ে ৷ তাৰ পৰিপ্ৰেক্ষিততে অসম প্ৰশাসনে ব্ৰিটিছ আই.চি.এছ বিষয়া জে.চি.আৰবাথনটক নিযুক্ত কৰি দুৱাৰছ অঞ্চল, মাদ্ৰাজ আৰু ছিলনৰ (শ্ৰীলংকা) চাহ-বাগিছাসমূহৰ সৈতে অসমৰ চাহ-বাগিছাসমূহত প্ৰচলিত হৈ থকা নীতি-নিয়ম আৰু তদানীন্তন অৱস্থাৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷

আৰবাথনটে পৰৱৰ্ত্তী বছৰটোতে দাখিল কৰা প্ৰতিবেদনখনৰ মতে, (ক) ভাৰত বা ছিলনৰ আন কোনো বাগিছাতে অসমত প্ৰচলিত হৈ থকা চুক্তিনামা প্ৰথাৰ (indenture system) কোনো অস্তিত্ত্বই নাই; (খ) যি সময়ত আন আন অঞ্চলসমূহৰ চাহ-বাগিছাসমূহত বনুৱাৰ ব্যৱস্থা আৰু নিযুক্তি দালালৰ জৰিয়তে কৰা হৈছিল, সেই সময়ত অসমলৈ বনুৱাৰ আমদানি কৰা হৈছিল ‘বলপূৰ্বকভাৱে’ (in force)৷ তদুপৰি যি মূহুৰ্ত্ততে এজন শ্ৰমিক অসমৰ বাগিছা এখনত আহি উপস্থিত হয়, সেই মূহুৰ্ত্ততে শ্ৰমিকজনৰ সৈতে নিযুক্তিদাতাৰ সকলো সম্পৰ্ক শেষ হয় ৷ আৰবাথনটে তেওঁৰ প্ৰতিবেদনত অসমৰ চাহ-শ্ৰমিকসকলৰ তদানীন্তন আৰ্থ-সামাজিক অৱস্থা সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰাৰ লগতে মত প্ৰকাশ কৰে যে – ‘the long period of indenture in Assam is a deterrent to emigration’.

ছাৰ হেনৰী কটনে ১৯০১ চনত প্ৰকাশিত হোৱা তেওঁৰ ‘Assam Annual Report on Labour Immigration into Assam for the year 1900’-শীৰ্ষক প্ৰতিবেদনখনত অসম শ্ৰম নিয়মসমূহৰ (Assam labour system) কাম-কাজৰ পদ্ধতিসমূহক তীব্ৰভাৱে সমালোচনা কৰিছিল ৷ তেওঁৰ মতে, অসমৰ চাহ-শ্ৰমিকসকলৰ আৰ্থ-সামাজিক অৱস্থা একেবাৰেই সন্তোষজনক নাছিল; শ্ৰমিকসকলৰ মজুৰিৰ হাৰো আছিল তেনেই সামান্য ৷ তেওঁ সেই মজুৰিক আখ্যা দিছিল – ‘a miserable average pittance’ হিচাপে ৷ প্ৰতিবেদনখনত তেওঁ অতি সামান্য মজুৰিৰ কেইবাটাও নিদৰ্শন দাঙি ধৰাৰ লগতে প্ৰায়বোৰ বাগিছাৰে শ্ৰমিকসকলৰ ঋণগ্ৰস্ত-লাওলোৱা অৱস্থাটোৰ বিষয়েও উল্লেখ কৰিছিল ৷ চাহ-মালিকসকল আৰু শ্ৰমিকসকলৰ মাজত সংঘটিত হৈ থকা সংঘৰ্ষ-বিবাদ-প্ৰতিবাদসমূহৰ নিদৰ্শন দাঙি ধৰি প্ৰতিবেদনখনত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল – বাগিছাসমূহৰ কুলিসকলৰ ওপৰত অন্যায়ভাৱে অযথা কঠোৰ শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰত মেজিষ্ট্ৰেটসকল খুবেই কাৰ্যক্ষম আছিল ! চাহ-মালিকসকলৰ নিজৰ ভূল থাকিলেও তাৰ শাস্তি চাহ-শ্ৰমিকসকলৰ ওপৰতেই জাপি দিয়া হৈছিল ৷ প্ৰতিবেদনখনে বাগিছা-পৰিদৰ্শকসকলৰ অদক্ষতা আৰু (নাৰী শ্ৰমিকসকলৰ) কঠোৰ পৰিশ্ৰমে শিশুৰ জন্মহাৰৰ ওপৰত পেলোৱা ভীষণ ক্ষতিকৰ প্ৰভাৱৰ কথাও গভীৰভাৱে বিবেচনা কৰি এইবোৰৰ তীব্ৰ নিন্দা কৰিছিল ৷ ১৯০৬ চনৰ ‘Report of the Assam Labour Enquiry Committee’-ত ছাৰ হেনৰী কটনৰ প্ৰতিবেদনখনৰ বিষয়ে উল্লেখ আছে এইবুলি – ‘This Report excited the greatest resentment among persons interested in tea, and the Indian Tea Association addressed a protest to the Government of India.’

প্ৰথম বিশ্বযুদ্ধৰ পৰৱৰ্ত্তী সময়চোৱাত অসমৰ চাহ-বাগিছাসমূহত শ্ৰমিকসকলৰ এনেবোৰ প্ৰতিবাদে স্পষ্টভাৱে ৰাজনৈতিক আৰু সংঘবদ্ধ ৰূপ ল’বলৈ আৰম্ভ কৰে ৷ চাহ-শ্ৰমিকসকল ইতিমধ্যেই নিজস্ব মৌলিক অধিকাৰসমূহ সম্পৰ্কে অধিক সচেতন হৈ উঠিছিল আৰু এই অধিকাৰসমূহ পূৰণৰ বাবে বিভিন্ন দাবী-সম্ৱলিত আন্দোলন গঢ়ি তুলিবলৈ আৰম্ভ কৰিছিল ৷ চাহ-বাগিছাসমূহত সঘনাই ধৰ্মধট হ’বলৈ লৈছিল; চাহ-বাগিছাসমূহত লক-আউট হ’বলৈ ধৰে ৷ দিনে দিনে চাহ-শ্ৰমিকসকলৰ এই আন্দোলনসমূহ তীব্ৰতৰ হোৱাৰ লগতে বহু সময়ত হিংসাত্মকো হৈ উঠিছিল ৷ অবৰ্ণনীয় দৰিদ্ৰতা, শোষণ-নিপীড়ণ, চাহ-বাগিছাৰ দৈনন্দিন কাম-কাজত হোৱা তীব্ৰ মানসিক-শাৰীৰিক কষ্ট আৰু লগতে ঔপনিৱেশিক শাসনে কোঙা কৰি পেলোৱা চাহ-শ্ৰমিকসকলৰ আন্দোলনে এনে ৰূপ লোৱাত কোনো অস্বাভাৱিকতা নাছিল ৷ ৰাণাপ্ৰতাপ বেহেলৰ মতে – ‘চাহ-শ্ৰমিকসকলৰ আন্দোলনসমূহৰ এটা গুৰুত্ত্বপূৰ্ণ দিশ আছিল – এইসমূহৰ স্বত:স্ফূৰ্ততা আৰু কঠোৰ শাৰীৰিক-মানসিক কষ্টৰ বিৰুদ্ধে তেওঁলোকৰ হিংসাত্মক প্ৰকাশ’ ৷ চৰকাৰী প্ৰতিবেদনসমূহতো চাহ-শ্ৰমিকসকলৰ প্ৰতিবাদ-আন্দোলনৰ ঘটনাসমূহক সাধাৰণতে ‘হিংসাত্মক ঘটনা’, ‘বে-আইনী সমাবেশ’, ‘সংঘৰ্ষ-দাঙ্গা’, ‘ভাবুকি দিয়া’ আৰু ‘মাৰপিটৰ ঘটনা’ আদি বুলিয়েই উল্লেখ কৰা হৈছিল৷

ব্ৰিটিছ চৰকাৰৰ আভ্যন্তৰীণ প্ৰতিবেদনবোৰৰ মতে, ১৯০০-১৯৩০ চনৰ সময়চোৱাত ‘বে-আইনী সমাবেশ’ আৰু ‘সংঘৰ্ষ-দাঙ্গা’ৰ কাৰণে চাহ-শ্ৰমিকসকলৰ বিৰুদ্ধে প্ৰায় ২৭২ টা গোচৰ ৰুজু কৰা হৈছিল ৷ ইয়াৰ লগতে ‘মাৰপিট’, ‘ভাবুকি দিয়া’ আৰু ‘হিংসাত্মক ঘটনা’ আদিৰ কাৰণে আন ৭৯ টা গোচৰ ৰুজু হৈছিল ৷ এনে ঘটনাবোৰৰ বিশদ বিৱৰণ পিছে চৰকাৰী প্ৰতিবেদনসমূহত প্ৰায়ে নাথাকিছিল; প্ৰতিবেদনসমূহত আনকি বহুবোৰ ঘটনাৰ বিষয়ে কোনো উল্লেখেই কৰা নহৈছিল ৷ ৰাণাপ্ৰতাপ বেহেলৰ মতে, চৰকাৰী প্ৰতিবেদনসমূহত উল্লেখ কৰা সংখ্যাতকৈ বহু বেছি ঘটনা এই সময়চোৱাত ঘটিছিল ৷ চাহ-মালিকসকলেও এনে ঘটনাবোৰৰ কোনো বহল প্ৰচাৰ বিচৰা নাছিল আৰু এই ঘটনাসমূহে যাতে আন আন চাহ-শ্ৰমিকসকলক প্ৰভাৱিত কৰি নতুনকৈ কোনো বৃহৎ ঘটনা-আন্দোলন ঘটাব নোৱাৰে, তাৰ বাবে সকমোৱে বিশেষ সাৱধানতা অৱলম্বন কৰিছিল ৷

চাহ-শ্ৰমিকসকলৰ এই আন্দোলনবোৰৰ আন এটা উল্লেখযোগ্য কাৰণ আছিল – নিজৰ মানৱীয় মৌলিক অধিকাৰসমূহৰ লগে লগে মহিলা চাহ-শ্ৰমিক আৰু আন আন মহিলাসকলৰ মৌলিক অধিকাৰসমূহ সম্পৰ্কে তেওঁলোক অধিক সচেতন হৈ উঠিছিল ৷ এনেবোৰ সংঘৰ্ষ-প্ৰতিবাদৰ আন এটা কাৰণ আছিল – চাহ-শ্ৰমিকসকলক ইউৰোপীয় কৰ্মচাৰীসকলে সঘনাই কৰা দূৰ্ব্যৱহাৰ আৰু মাৰপিটৰ ঘটনাসমূহ ৷ ১৯০০ চনৰ ‘Assam Labour Report’-ত তদানীন্তন লখিমপুৰ জিলাৰ উপায়ুক্তজনে চাহ-শ্ৰমিকসকলৰ সংঘৰ্ষ-প্ৰতিবাদৰ কাৰণ হিচাপে উল্লেখ কৰিছিল এনেদৰে – ‘Blows given by managers, or more commonly by assistant managers, to coolies, either for the bad work or refusal to work, were the immediate cause of most of the rioting cases which occurred during the year.’

চাহ-শ্ৰমিকসকলৰ এনেবোৰ আন্দোলন-সংঘৰ্ষ-প্ৰতিবাদৰ কাৰণ কেৱল চাহ-মালিকসকলৰ অত্যাচাৰ-অন্যায়ৰ বিৰুদ্ধে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটোৱেই নাছিল, বৰং চাহ-শ্ৰমিকসকলে কিছুমান সামাজিক আৰু ব্যক্তিগত অধিকাৰৰ সপক্ষেও সজোৰে দাবী জনাইছিল ৷ ১৯২০ চনৰ দশকটোত চাহ-শ্ৰমিকসকলৰ আন্দোলনসমূহৰ মূল বিষয় হৈ উঠে – মজুৰি বৃদ্ধি আৰু বয়-বস্ত্তৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা ৷

১৯২০-২২ চনৰ সময়চোৱাত অসমত চাহ-বাগিছাসমূহত শ্ৰমিক-আন্দোলনবোৰে তীব্ৰতৰ ৰূপ লয় আৰু প্ৰথমবাৰৰ কাৰণে পূৰ্বৱৰ্ত্তী সকলোবোৰ সংঘাত-আন্দোলনক সংখ্যাগত দিশৰপৰা ই চেৰ পেলায় ৷ ৰাণাপ্ৰতাপ বেহেলে লিখিছে যে – ‘১৯২০-২২ চনৰ ঘটনাসমূহ অৰ্থনৈতিক সমস্যাসমূহৰ ওপৰত অধিক জোৰ দিয়া এক বৃহৎ প্ৰতিৰোধ-সংগ্ৰাম গঢ়ি তোলাৰ বাবে এক পদক্ষেপ হিচাপে বিবেচনা কৰিব পাৰি ৷’ এই সময়চোৱাতে বিভিন্ন অৰ্থনৈতিক-সামাজিক অধিকাৰসমূহ সাব্যস্ত কৰিবলৈ চাহ-শ্ৰমিকসকলে প্ৰবল ৰূপত আন্দোলন গঢ়ি তোলে ৷ এনে শ্ৰমিক-আন্দোলনসমূহৰ তীব্ৰতা ইমানেই বৃদ্ধি পাইছিল যে, ব্ৰিটিছ চৰকাৰে এই ঘটনাসমূহক বিশেষভাৱে গুৰুত্ত্বসহকাৰে লৈ এই বিষয়ে অনুসন্ধান কৰিবলৈ এখন ‘Enquiry Committee’ গঠন কৰি দিবলগীয়া অৱস্থা পাইছিলগৈ ৷ এই ‘Enquiry Committee’-ৰ মতে, ১৯০০-১৯২০ চনৰ মাজৰ সময়চোৱাত চৰকাৰী প্ৰতিবেদনসমূহত ‘সংঘৰ্ষ-দাঙ্গা’, ‘ভাবুকি দিয়া’, ‘বে-আইনী সমাবেশ’,‘হিংসাত্মক ঘটনা’ আদি শব্দৰ ব্যৱহাৰ দিনকদিনে বৃদ্ধি পাইছিল আৰু ১৯২০ৰ দশকটোৰ প্ৰথমৰপিনে চাহ-শ্ৰমিকসকলৰ আন্দোলনসমূহ সকলোতকৈ তীব্ৰতৰ হৈ উঠিছিল ৷ ৰাণাপ্ৰতাপ বেহেলে চিত্তাকৰ্ষকভাৱে মন্তব্য কৰিছে যে, ‘১৯২০ৰ দশকত এনে শ্ৰমিক প্ৰতিবাদ-আন্দোলনসমূহ বুজাবলৈ ব্ৰিটিছ প্ৰশাসনে ‘ধৰ্মঘট’-শীৰ্ষক পৰিভাষাটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰাটোৱেই এইসমূহৰ প্ৰধান লক্ষণ হৈ উঠিছিল ৷’

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে