দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ফেব্ৰুৱাৰি সংখ্যাৰ অতিথি সম্পাদকৰ কলম

ফেব্ৰুৱাৰি সংখ্যাৰ অতিথি সম্পাদকৰ কলম

সাম্প্ৰতিক সময়ত সংবাদ মাধ‍্যমৰ স্বচ্ছতা আৰু নৈতিকতাৰ ওপৰত সন্দেহ আৰু প্ৰশ্ন বাঢ়ি অহাৰ লগে লগে বিকল্প গণ মাধ‍্যমৰ বিষয়টো প্ৰাসংগিক হৈ আহিছে। সংবাদ মাধ‍্যম বুলিলেই সাধাৰণতে মনলৈ অহা ছপা মাধ‍্যম আৰু ইলেক্ট্ৰনিক মাধ‍্যম– দুয়োটাৰে ওপৰত থকা ৰাজনৈতিক হস্তক্ষেপ আৰু বৃহৎ পুঁজিবাদী শক্তিৰ চাপৰ ফলত এই দুয়োটা শক্তিশালী মাধ‍্যম পূৰ্বৰ দৰে বৃহত্তৰ সমাজৰ আস্থাভাজন হৈ থাকিব পৰা নাই। এনে পৰিস্থিতিত ৰাইজে নিশ্চিতভাৱে বিকল্প এক মাধ‍্যমৰ সন্ধান কৰে, আৰু তেনে সন্ধানৰ উত্তৰ হিচাপেই গণমাধ‍্যমৰ কিছুমান নতুন ক্ষেত্ৰ বা দিশ আমাৰ মাজত চৰ্চিত হৈ উঠিছে।
তথ‍্য প্ৰযুক্তিৰ প্ৰগতিয়ে অনা ইণ্টাৰনেট সেৱাৰ সুবিধাই চচিয়েল মিডিয়াৰ জগতখনক জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তুলিছে। চচিয়েল মিডিয়াৰ মাজেৰে তথ‍্যৰ আদান প্ৰদান, পোনপটীয়াকৈ খবৰ সম্প্ৰচাৰ যেনেদৰে দ্ৰুতগতিত সম্ভৱ হৈ উঠিছে , তেনেদৰে জনমত গঠনৰ ক্ষেত্ৰটো ই দেখুৱাইছে অভূতপূৰ্ব সফলতা। সামাজিক সংযোজন ক্ষেত্ৰ সমূহে আনি দিয়া মুকলি আলোচনা আৰু বিতৰ্কৰ পৰিৱেশো বিষয় একোটাক বিভিন্ন দৃষ্টিকোণেৰে পৰীক্ষা কৰাৰ যি সুযোগ দিছে, সি মূলসুঁতিৰ সংবাদ মাধ‍্যমৰ একপক্ষীয় বাতৰি পৰিৱেশনৰ ধাৰাক নিশ্চিতভাৱে প্ৰত‍্যাহ্বান জনাব পাৰিছে।
ৰাইজৰ মাজলৈ বাৰ্তা একোটা লৈ যোৱাত বা ৰাইজৰ মতামত সমূহ শক্তিশালীভাৱে তুলি ধৰি চচিয়েল মিডিয়া হৈ উঠিছে এক বিকল্প গণ মাধ‍্যম– যি প্ৰান্তীয় সমাজ জীৱনৰ লগত প্ৰত‍্যক্ষভাৱেও সম্পৰ্কিত হৈ থাকিব পাৰিছে। কলেজ-বিশ্ববিদ‍্যালয়ৰ নিৰ্বাচনবোৰৰ পৰা সংসদীয় নিৰ্বাচনলৈকে সেইবাবেই বিশেষ একোটা আদৰ্শৰ প্ৰচাৰ বা প্ৰসাৰৰ লগতে ‘নেতা’ বা ‘প্ৰতিনিধি’ একোজনক জনপ্ৰিয় কৰি তুলিবৰ বাবেই এই নব‍্য মাধ‍্যমৰ সহায় লোৱা শেহতীয়াভাৱে বেছিকৈ দেখিবলৈ পোৱা যায়।
মূলসুঁতিৰ সংবাদ মাধ‍্যমে যেতিয়া সঁচা অৰ্থত সমাজৰ প্ৰকৃত জনগণৰ কাষ চাপিবগৈ নোৱাৰে তেতিয়া বিকল্প বাট হিচাপে, সমাজৰ উপকণ্ঠৰ খবৰ লৈ প্ৰকাশ পোৱা বাতৰি কাকত, বিশেষ একোটা আদৰ্শ বা লক্ষ‍্য লৈ প্ৰকাশ হোৱা ই আলোচনী, লিটল মেগাজিন আদিও বিকল্প গণমাধ‍্যমৰ ধাৰাটোত শক্তিশালী সংযোজন।
একেদৰে বাটৰ নাট, বিভিন্ন বক্তব‍্যমূলক ছুটি ছবি, তথ‍্যচিত্ৰ, ৰাজপথত হোৱা চিত্ৰকলাৰ প্ৰদৰ্শনী আদিয়েও গণসংযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিভিন্ন আৰ্থ সামাজিক ইছ‍্যু সমূহত জনমত গঠন কৰা, ৰাইজৰ মাজত সজাগতা অনা আৰু মূলসুঁতিৰ সংবাদ মাধ‍্যমে ঢুকি নোপোৱা প্ৰান্তীয় অঞ্চল একোটাক তুলি ধৰাত এই বিকল্প মাধ‍্যমে সফলতা দেখুৱাইছে বুলি ক’ব পাৰি।
‘বৌদ্ধিক বিচাৰ’ ই আলোচনীৰ এই সংখ‍্যাটো ‘বিকল্প গণ মাধ‍্যম’ ক মূল বিষয় হিচাপে লৈ প্ৰকাশ কৰাৰ দিহা কৰা হৈছে। অসমৰ প্ৰেক্ষাপটত বিকল্প গণমাধ‍্যমৰ গুৰুত্ব আৰু সম্ভাৱনীয়তা কেনেকুৱা – সেই দৃষ্টিভংগী আগত ৰাখিয়েই এই সংখ‍্যাটি প্ৰস্তুত কৰিবলৈ যত্ন কৰা হৈছে। অৱশ‍্যে বিকল্প গণ মাধ‍্যমৰ আটাইকেইটা দিশতে আলোকপাত কৰা সম্ভৱ হৈ উঠাগৈ নাই যদিও – চচিয়েল মেডিয়া, সমুদায় তথ‍্যচিত্ৰ, বাটৰ কেনভাছ আদিক কেনেকৈ বিকল্প গণ মাধ‍্যম হিচাপে আগবঢ়াই নিব পাৰি, সেই বিষয়ে চিন্তা চৰ্চাৰ বাট কাটিব পৰা কেইবাটাও লেখাৰে এই সংখ‍্যা যুগুত কৰা হৈছে। পৰৱৰ্তী সময়ত এই বিষয়ক লৈ আৰু পদ্ধতিগত কাম কৰাৰ প্ৰয়োজন আছে বুলি আমি বিশ্বাস কৰোঁ।
প্ৰগতিশীল ই আলোচনী ‘বৌদ্ধিক বিচাৰ’ ৰ এই সংখ‍্যাৰ অতিথি সম্পাদকৰ দায়িত্ব আমাক দিয়াৰ বাবে আলোচনীখনৰ মুখ‍্য সম্পাদক টুনুজ‍্যোতি গগৈ দেৱক ধন‍্যবাদ জনাইছোঁ। লগতে বিভিন্ন ধৰণৰ পৰামৰ্শ আৰু সহযোগিতাৰে আমাক সাহস দিয়া প্ৰাণজ‍্যোতি নাথ বা, ইউনিক’ডত সহায় কৰা হেমাংগ বৰা, প্ৰতীক্ষা প্ৰিয়ম , সংগীতা বৰাকে ধৰি ‘বৌদ্ধিক বিচাৰ’ পৰিয়ালৰ সকলোকে আমাৰ কৃতজ্ঞতা যাচিছো।

ধন‍্যবাদেৰে

পঞ্চানন হাজৰিকা

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে