দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / বিকল্প গণমাধ্যমৰ সময় আহিছে ( মনোৰম গগৈ )

বিকল্প গণমাধ্যমৰ সময় আহিছে ( মনোৰম গগৈ )

গণতান্ত্ৰিক শাসন ব্যৱস্থাত গণ-মাধ্যম কিম্বা সংবাদ মাধ্যমৰ অতি গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা ইতিপূৰ্বে বহুলভাৱে চৰ্চিত হৈ আহিছে। সঠিকভাৱেই সংবাদ-মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি আখ্যা দিয়া হয়। ভাৰতীয় ৰাজনীতিত, বিশেষকৈ ক্ষমতাৰ হস্তান্তৰৰ পিছৰ ৰাজনৈতিক ইতিহাস আমি দেখি আহিছোঁ – যেতিয়াই বিধানপালিকা আৰু কাৰ্যপালিকাই উভত-গোৰে নাচিবলৈ আৰম্ভ কৰে, তেতিয়াই সংবাদ-মাধ্যমে এই দুটা স্তম্ভত নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে সোঁৱৰাই দিবলৈ কুন্ঠাবোধ নকৰে। সংবাদ মাধ্যমৰ এনে সতৰ্ক প্ৰহৰী ভূমিকাক দেশৰ সৰ্বসাধাৰণ ৰাইজে মুকলিকৈ সমৰ্থন কৰাৰ বিপৰীতে ক্ষমতাত অন্ধ এচাম ৰাজনৈতিক নেতাই আপোচহীন সংবাদ পত্ৰ বা সাংবাদিকৰ কন্ঠৰোধ কৰিবলৈও অপচেষ্টা চলাই আহিছে। শেহতীয়াকৈ ক্ষমতা আৰু ধনবলৰ জোৰত কিছুসংখ্যক ৰাজনীতিকে বাতৰি কাকত আৰু নিউজ চেনেল বোৰৰ ওপৰত কৰ্তৃত্ব সাব্যস্ত কৰি সংবাদ মাধ্যমৰ চৰিত্ৰ নষ্ট কৰিবলৈ উঠি-পৰি লাগিছে। ইয়াৰ অনিবাৰ্য পৰিণতিত এনে কাকত বা নিউজচেনেলবোৰৰ বিশ্বাসযোগ্যতা দ্ৰুতগতিত হ্ৰাস পাইছে। সাংবাদিকৰ চৰিত্ৰৰ প্ৰতিও উঠিছে সন্দেহৰ আঙুলি।‌ একাংশ সাংবাদিকে জ্ঞাতসাৰেই বা প্ৰলোভনত পৰি সাংবাদিকতাৰ নৈতিকতাৰ পৰা আঁতৰি আহিছে। আন এচামে বিকল্পৰ অভাৱত ইচ্ছা নথকা সত্ত্বেও নীতি – আদৰ্শ বিসৰ্জন দি সাংবাদিকতা চলাই গৈছে।

সংবাদ মাধ্যম বা সাংবাদিকে বিশ্বাসযোগ্যতা হেৰুৱালে সমাজৰ বাবে ভয়ংকৰ বিপদ নামি আহিব পাৰে। সুস্থ আৰু সত্যনিষ্ঠ সংবাদ-মাধ্যম অবিহনে গণতন্ত্ৰ কেতিয়াও তিষ্ঠি থাকিব নোৱাৰে। সেইবাবেই গণমাধ্যমৰ চৰিত্ৰৰ ওপৰতে গণতন্ত্ৰৰ সফলতাও সম্পূৰ্ণভাৱে নিৰ্ভৰশীল। কিন্তু, দুৰ্ভাগ্যজনক ভাবে ভাৰতীয় সংবাদ জগতৰ পৱিত্ৰতাত শেহতীয়া ভাৱে কালিমা লাগিছে। বিশেষকৈ ক্ষমতাবান ৰাজনৈতিক নেতা আৰু কৰ্প’ৰেটৰ বহতীয়া হৈ পৰা বুলি ভাৰতীয় সংবাদ – মাধ্যমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে। এই অভিযোগৰ ভিত্তি আছে। কিছুসংখ্যক ক্ষমতাশালী ৰাজনৈতিক নেতা আৰু কৰপ’ৰেট হাউছ প্ৰত্যক্ষভাৱেই বাতৰি কাকত বা নিউজ চেনেলৰ মালিক হৈছে। আন কিছুমানে আঁৰ – কাপোৰৰ ভিতৰৰ পৰাই পৰোক্ষভাৱে কাকত বা চেনেল পৰিচালনা কৰিছে। ফলত সংবাদ – মাধ্যমৰ চৰিত্ৰ সলনি হৈছে। ৰাজনৈতিক বা ব্যৱসায়িক স্বাৰ্থজড়িত বাতৰি বা বিশ্লেষণেহে আগস্থান পাইছে। সত্য আবিস্কাৰৰ পৰিবৰ্তে অসত্য বা অৰ্ধসত্যকেই বাতৰি বুলি চলাই দিয়া হৈছে। শুদ্ধ তথ্যৰ পৰিবৰ্তে তথ্যৰ বিকৃতকৰণ চলিছে। খাটি খোৱা জনগণৰ মৌলিক সমস্যাবোৰ আজিৰ বেছিসংখ্যক কাকত – চেনেলতে গুৰুত্বসহকাৰে ঠাই দিয়া নহয়। এই প্ৰেক্ষাপটতেই আজি সমগ্ৰ দেশতে ‘বিকল্প গণ- মাধ্যম’ বা ‘বিকল্প সংবাদ-মাধ্যম’ৰ ধাৰণাটোৱে প্ৰাণ পাই উঠিছে।

বিকল্প সংবাদ মাধ্যম হ’ল প্ৰচলিত সংবাদ – মাধ্যমবোৰক প্ৰত্যাহ্বান জনাই সূচনা কৰা নতুন ধাৰাৰ গণ-মাধ্যম। সততা, মূল্যবোধ, নীতিনিষ্ঠতা আৰু দায়বদ্ধতা আধাৰ হিচাপে লৈয়ে এই নতুন ধাৰাৰ সাংবাদিকতা গঢ় লৈ উঠে। আচলতে নৈতিকতাহীন প্ৰচলিত সংবাদ-মাধ্যমে বিৰুদ্ধে ই এক জেহাদ। প্ৰচলিত সংবাদ-মাধ্যমৰ মূল উদ্দেশ্য ব্যৱসায় আৰু ৰাজনীতি। ইয়াৰ বিপৰীতে বিকল্প সংবাদ-মাধ্যমৰ মূল উদ্দেশ্য হ’ল সমাজখনক ইতিবাচক দিশেৰে আগুৱাই নিয়া। ব্যৱসায়ৰ লক্ষ্য নিশ্চয়কৈ থাকিব, কিন্তু একমাত্ৰ ব্যৱসায় বাবেই বিকল্প সংবাদ-মাধ্যমৰ জন্ম নলয়। জনগণক প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰা, বিজ্ঞানসন্মত মানসিকতাৰ অধিকাৰী কৰা, মানৱীয় প্ৰমূল্য আৰু গণতান্ত্ৰিক চেতনাৰ প্ৰতি আগ্ৰহী কৰি তোলা, জনজীৱনক সুস্থ জীৱন বোধেৰে উজ্জীৱিত কৰা – এনেধৰণৰ উদ্দেশ্য সন্মুখত ৰাখিয়ে বিকল্প সংবাদ-মাধ্যমৰ জন্ম হয়।

অসমত ইতিমধ্যে বিকল্প সংবাদ-মাধ্যমৰ পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈছে। প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ সম্পাদনাত প্ৰকাশ পোৱা ‘বুধবাৰ'(১৯৮৯) আৰু “আগান” (১৯৯৪)ত সামগ্ৰিকভাৱে বিকল্প সংবাদ-মাধ্যমৰ চৰিত্ৰই ফুটি উঠিছিল। ড0 হীৰেন গোহাঁইৰ মূখ্য সম্পাদনাত প্ৰকাশ পোৱা ‘নতুন পদাতিক’ – ও বিকল্প সংবাদ-মাধ্যমৰ নিদৰ্শন।‌ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰকাশ পোৱা ক্ষুদ্ৰ আলোচনীৰ ৰূপত এনে মাধ্যমৰ চৰ্চা চলি আহিছে। তদুপৰি, তথ্য-প্ৰযুক্তিৰ বিকাশৰ লগে লগে ইন্টাৰনেট, ছ’চিয়েল মেডিয়াক প্ৰভাৱশালী ৰূপত ব্যৱহাৰ কৰি ‘বিকল্প – মেডিয়া’ ধাৰণাটো জনপ্ৰিয় কৰাৰ সুযোগ আহিছে। আনন্দৰ কথা অসমৰ সচেতন নতুন প্ৰজন্মই ছ’চিয়েল মেডিয়া আৰু বিকল্প সংবাদ – মাধ্যমৰ গুৰুত্ব উপলব্ধি কৰিবলৈ লৈছে।
অসৎ – দুৰ্নীতিপৰায়ণ ৰাজনৈতিক নেতা আৰু ব্যৱসায়িক স্বাৰ্থলোভী কৰপ’ৰেট গোষ্ঠীৰ নিয়ন্ত্ৰণত থকা তথাকথিত মূলসুঁতিৰ সংবাদ – মাধ্যমক প্ৰত্যাহ্বান জনাবলৈ সমাজৰ চৰিত্ৰবান, মূল্যবোধত বিশ্বাসী নাগৰিক – সমাজৰ পৃষ্ঠপোষকতাত বিকল্প সংবাদ – মাধ্যম গঢ়ি উঠিব লাগিব। সাংবাদিকতাৰ প্ৰতি আগ্ৰহ থকা চৰিত্ৰবান যুৱক – যুৱতী হ’ব লাগিব এনে কাকত, আলোচনী, চেনেলৰ সাংবাদিক, লেখক।

আমাৰ ধাৰণা, অসমত এতিয়া বিকল্প গণমাধ্যমক শক্তিশালী ৰূপ দিয়াৰ সময় আহিছে।

এটা মন্তব্য

  1. আজিৰ তাৰিখৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত লেখা আপোনাৰ লিখনি পঢ়ি অতিকৈ আনন্দিত হৈছো।বিষয়টোৰ ওপৰত ভৱিষ্যতে আৰু অধিক পঢ়িবলৈ পাম বুলি আশা ৰাখিছো।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে