দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ফেইচবুকঃ গণমাধ্যমৰ দাপোণ (ডঃ ছবি গগৈ)

ফেইচবুকঃ গণমাধ্যমৰ দাপোণ (ডঃ ছবি গগৈ)

ফেইচবুক এখন উকা কাগজ মাথোঁ । তাত আপুনি মই কি আঁকিম কি লিখিম নিজৰ নিজৰ কথা । কিন্তু এইটোও সঁচা যে এই উকা যেন লগা কাগজ খনক আমি চুই দিয়াৰ লগে লগেই ই আমাৰ সম্মুখত থকা চকচকীয়া কাঁচৰ আইনা এখন হৈ পৰে আৰু হাজাৰ লুকুৱাব খুজিও তাত নিজক লুকুৱাব নোৱাৰোঁ । প্ৰতি মুহূৰ্ততে এই আইনাই আমাক বিশ্বৰ সম্মুখত প্ৰতিবিম্বিত কৰি আছে । এই দ্বিতীয় পৰ্যায়টোকহে গুৰুত্ব দিব লাগিছিল যদিও সৰহ সংখ্যকে খেয়ালেই কৰা নাই। চ’চিয়েল মিডিয়া কি আৰু কেনেকৈ ব্যৱহাৰ কৰা হয় কিয় কৰা হয় এইবোৰ কথা কাহানিবা আলোচনা নোহোৱাকৈয়ে সঁজুলিবোৰ হাতত পৰিল ! সেয়ে ইয়াক খায় নে পিন্ধে বহুতে বুজি নাপায় । যি মন যায় তাকে কৰি আছে ।
আচলতে কথাটো কেনেকুৱা হ’ব লাগিছিল ?

গণ মাধ্যম কি ? গণ মাধ্যমৰ ব্যৱস্থা আমাৰ পূৰ্বতে আছিল নে নাই ? তাক কেনেদৰে কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল ? তাৰ ফলপ্ৰসুতা কি আছিল ? এইধৰণৰ কথাবোৰ প্ৰাথমিক পৰ্যায়ৰপৰাই সামান্য হ’লেও শিক্ষাৰ অন্তৰ্গত হ’ব লাগে বুলি অনুভৱ কৰোঁ । তেতিয়া এই বিষয়টো কি আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে অলপ হ’লেও জানিব । কিন্তু গণমাধ্যমৰ পাঠ যোৱা তিনি চাৰি বছৰ মান আগতেহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডিগ্ৰী পৰ্যায়ত আধুনিক ভাৰতীয় ভাষা বিষয়ত এটা ইউনিট হিচাবে সোমাইছে । বাকী বিশ্ববিদ্যালয়ৰ বিষয়ে অৱশ্যে এই মুহূৰ্তত আমাৰ হাতত তথ্য নাই । পাঠ বোৰতো গণমাধ্যম বুলি গুৰুত্ব দিয়া হৈছে বাতৰি কাকত আৰু টিভি ক ! ছপা মাধ্যম বাতৰি কাকত আৰু বৈদ্যুতিন মাধ্যম টেলিভিচন …. এই দুটাক মাইলৰ খুঁটি কৰি থলে বহু কথাই আন্ধাৰত থাকি যায় । আনহাতে গণমাধ্যমৰ ইতিহাস আলোচনাত মৌখিক পদ্ধতিৰ পৰা কটকী ব্যৱস্থালৈকে সামান্য উল্লেখহে আছে । প্ৰাচীন পৰম্পৰাগত গণ মাধ্যমৰ ব্যৱস্থাবোৰৰ বিষয়ে গৱেষণামূলক আলোকপাত হ’বলৈ বাকী আছে । সমাজ পৰিচালনা আৰু সমাজ গঠনত গণমাধ্যমৰ এক শক্তিশালী ভূমিকা থকাৰ পাছতো এই বিষয়টো শৈক্ষিক আৰু সামাজিক ক্ষেত্রত অৱহেলিত হৈ আছে বুলিয়েই বোধ হয় । গণমাধ্যম কেৱল উপাৰ্জনৰ পথ মাথোঁ নহয় । Mass communication এটা বিদ্যায়তনিক বিষয় কেৱল নহয় । ইয়াৰ লগত মানৱ আৰু সমাজৰ উত্তৰণৰ প্ৰসংগ জড়িত আছে । এই গুৰুত্বতকৈ এই ক’ৰ্চটোত চাৰ্টিফিকেট এখন লৈ নিযুক্ত হোৱাৰ প্ৰৱণতাই গোটেই বিষয়টোক সংকীৰ্ণ কৰি পেলাইছে । গণমাধ্যমৰ গুৰুত্ব আৰু চৰিত্ৰ আমি কিমানে জানোঁ ? অথচ এতিয়া আমাৰ হাতে হাতে সঁজুলিবোৰ তুলি দিয়া হৈছে । সকলোৱে জধেমধে ব্যৱহাৰ কৰাৰ বাটো মুকলি কৰি দিয়া হৈছে । ফলত বিকৃতি ঘটাটো স্বাভাৱিক হৈ পৰিছে । কিন্তু সমাজ বিজ্ঞানত এই বিকৃতি এটা ভয়ংকৰ উপসৰ্গ ।
এইখিনিতে এটা কথা স্পষ্ট কৰি থওঁ যে ওপৰৰ কথাখিনি বিশ্ববিদ্যালয় পৰ্যায়ৰ পৰা আঁতৰি তাৰ তলৰ পৰ্যায়ৰ বাবেহে ক’ব খুজিছোঁ । বিশ্ববিদ্যালয়ৰ এই বিভাগ আৰু পাঠ্যক্ৰমৰ মাজতো এটা সীমা অনুভৱ কৰোঁ অৱশ্যে । অৱশ্যে গৱেষণাই কিমান খিনিলৈকে প্ৰাচীন শিপা খুঁচৰিছে নাজানোঁ । বিশেষকৈ নব্য মাধ্যমক গুৰুত্ব দি থকা যেন লাগে । ইতিহাসক আওকাণ কৰি কোনো গৱেষণা সম্পূৰ্ণ নহয় বুলি আমাৰ বোধ হয় । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত গণমাধ্যমৰ কাকত আছে । নব্য মাধ্যমত ব্যৱহৃত ভাষা, গণ মাধ্যমত অসমীয়া সংস্কৃতি আদি ক্ষেত্ৰসমূহৰ গৱেষণাও হৈছে । গণ মাধ্যমৰ এটা স্বতন্ত্ৰ কেন্দ্ৰও বিশ্ববিদ্যালয়খনত প্ৰতিষ্ঠা কৰা হৈছে ।

এই প্ৰসংগত আমি অনুভৱ কৰা কথা দুটামান কওঁ । আমি ভাবোঁ গণমাধ্যমত সংস্কৃতি বুলি অধ্যয়ন হোৱাতকৈ সংস্কৃতিত গণমাধ্যম হিচাবেহে হ’ব লাগে । তুলনী বিয়া, বৰ সবাহ, ভাওনা, ওজাপালি আদিয়ে কিন্তু এটা সময়ত গণমাধ্যমৰ দায়িত্ব পালন কৰি আছিল । গছত ধোন্দ কাটি তাত ৰাইজৰ বাবে জাননী লিখি সোমোৱাই থোৱা হৈছিল । গাঁৱৰ মাজত থকা আলিৰ দাঁতিৰ ডাঙৰ গা গছ বোৰত আঠা দি জাননী লগোৱা হৈছিল । গছতলৰ বিহুতো খবৰৰ সৰবৰাহ ঘটিছিল । পানী অনা নৈৰ ঘাটটোও এটা খবৰ বিয়পোৱা স্থান আছিল । কাৰোবাৰ ঘৰৰ হাঁউৰিও লক্ষ্য আছিল । এই কথাবোৰ কিন্তু গণমাধ্যমৰ দৃষ্টিৰে চোৱা হোৱা নাই । চালে ইয়াৰ উদ্দেশ্য আৰু চৰিত্ৰ বুজাত সহজ হ’ব । শংকৰদেৱৰ সমগ্ৰ সংস্কৃতিত গণমাধ্যমৰ উদ্দেশ্য নিহিত আছে । এনেকৈ চালে এখন নতুন ক্ষেত্ৰ উন্মোচন হ’ব । খগেন মহন্তই গোৱা কেশৱ মহন্তৰ গানটোৱে এক উদাহৰণ দি থৈছে “পাৰৰ পাখিত গাঁথি দিলোঁ ফুলাম চিঠি খনি , জনাওঁ বুলি জগত খনক বিহুৰ ওলগনি ” । এয়া পৰম্পৰাগত গণমাধ্যমৰ নমূনা নিশ্চয় । এটা প্ৰাচীন পদ্ধতি গীতৰ মাজেৰে এতিয়াও জীয়াই আছে ।
গণমাধ্যম এটা ব্যৱস্থা , যাৰ সহায়ত সমাজ আৰু ব্যক্তিৰ প্ৰকাশ আৰু প্ৰচাৰ চলে নিৰপেক্ষ আৰু সামগ্ৰিকভাৱে “বিকাশ, বিস্তাৰ আৰু উত্তৰণ”ৰ উদ্দেশ্য লৈ । ভালকৈ মন কৰিলে এই উদ্দেশ্য সঠিক ৰূপত সাধিত হৈছেনে সন্দেহ হয় ! প্ৰকাশ আৰু প্ৰচাৰ ঠিকেই হৈছে , কিন্তু উদ্দেশ্য যেন ক’ৰবাত উজুটি খাইছে । সমাজত সৃষ্টি হোৱা ছিদ্ৰ বোৰে তাকেই প্ৰতিপন্ন কৰি আছে ।
ফেইচবুক বৰ্তমান অতি সহজলভ্য আৰু সহজসাধ্য গণমাধ্যম আহিলা । কিন্তু কিমানে গণমাধ্যমৰ গুৰুত্ব আৰু উদ্দেশ্য আগত লৈ ইয়াক ব্যৱহাৰ কৰিছে বিচাৰিলে সংখ্যাটো চকুতলগাকৈ কম হ’ব। বহু সময়ত এনে লাগে ফেইচবুক যেন ভয় ভীতি নোহোৱাকৈ কাজিয়া কৰা আৰু গালি পৰাৰ এখন মুকলি মঞ্চহে! একাংশই ফেইচবুকক টাইমপাছ আৰু ফ্লাৰ্ট গেইম হিচাবে ব্যৱহাৰ কৰিছে । কিন্তু এচাম সচেতন লোক আছে (যদিও সংখ্যাত কম) , তেওঁলোকে ফেইচবুকক যোগাত্মক আৰু দায়বদ্ধৰূপত ব্যৱহাৰ কৰি আহিছে । সেই সকলৰ সচেতনতাৰ বাবেই প্ৰথম অৱস্থাত ফেইচবুকৰ মজিয়াত সঘনাই ভুমুকি মৰা অৰুচিশীল আৰু বিকৃত মানসিকতাৰ দৃশ্য আৰু ব্যক্তিবোৰ কমি আহিছে আৰু ৰুচিশীলভাৱে ফেইচবুক ব্যৱহাৰৰ প্ৰৱণতাও বাঢ়ি আহিছে । ই নিতান্তই আশাব্যঞ্জক । গঠনমূলক আৰু সুচিন্তিতৰূপত ব্যৱহাৰ কৰিলে সকলো বস্তুৰে এটা ইতিবাচক ফলাফল আছে । ভুল প্ৰয়োগৰ বাবে নিমখে আমাৰ খাদ্যক অখাদ্যলৈ পৰিণত কৰাৰ দৰেই কথা । নিদিলেও খাব নোৱৰা সেৰেকা আৰু বেছিকৈ দিলেও খাব নোৱৰা চোকা । সকলো বিষয়তে এই সূত্ৰ প্ৰযোজ্য ।
ফেইচবুকত মানসিকতাহে প্ৰকাশ পায় । আমি লিখা শব্দ, বাক্য, আমি প’ষ্ট কৰা ফটোৰ দৃশ্য বোৰেও আমাৰ মানসিকতাহে ব্যক্ত কৰে । আমাৰ মানসিকতাই যদি আন দহজন ব্যক্তিৰ লগতে সমাজৰ উত্তৰণত কিবা সহায় কৰিব পাৰে সেই উদ্দেশ্য লৈ আমি ইয়াক ব্যৱহাৰ কৰিলে ই এটা ভাল আৰু শক্তিশালী গণমাধ্যম হৈ উঠাৰ পূৰ্ণ সম্ভাৱনা আছে ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে