দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / বিকল্প সংবাদ মাধ্যম লাগে কিয়? ( মৃদুল কুমাৰ সন্দিকৈ )

বিকল্প সংবাদ মাধ্যম লাগে কিয়? ( মৃদুল কুমাৰ সন্দিকৈ )

সকলোতে সন্ধান কৰা হয় বিকল্প। তথাকথিত ব্যৱস্থা, ব্যক্তি বা মাধ্যমৰ ওপৰত আস্থা হেৰুৱালে বিকল্পৰ সন্ধান কৰাটো নিয়ম। শেহতীয়াকৈ অসমতো বিকল্পৰ সন্ধান আৰম্ভ হৈছে বিভিন্ন ক্ষেত্ৰত। ৰাজনীতি, সমাজ, সাহিত্য, সংবাদ মাধ্যম- সকলোতে বিকল্পৰ সন্ধান চলিছে। এই ক্ষেত্ৰত এক প্লেটফৰ্ম ৰূপে ধৰা দিছে ছ’চিয়েল মিডিয়াই। Social Media is not about the exploitation of technology but service to community হৈ পৰিছে। ইয়াৰ সু আৰু কু ব্যৱহাৰ- দুয়োটাই থাকিলেও অতিশেহতীয়াকৈ ব্যৱস্থাগত আৰু সুসংগঠিত সংবাদ মাধ্যমৰ বিৰুদ্ধে থিয় দিবলৈ বিকল্প সংবাদ মাধ্যমৰ আত্মপ্ৰকাশ ডাঙৰ কথা। যিটো প্ৰয়োজন আছিল বুলি ক’ব পাৰি। Social Media is a ultimate equalizer. It gives a voice and plateform to any one willing to engage. তথাকথিত সংবাদ মাধ্যম ৰক্ষণশীল, সংবাদ তথা বা-বাতৰিত থকা পক্ষপাতিত্ব আৰু এক নিৰ্দিষ্ট শ্ৰেণীৰ দ্বাৰাই পৰিচালিত হোৱাৰ অভিযোগ আজিৰ নহয়। বাতৰি চেনেল বা কাকতে যি দেখুৱাব বা লিখিব সেয়াই কেৱল বাতৰি বুলি ভবাটো ভুল। এনেবোৰ চিন্তা-চৰ্চাৰ বিৰুদ্ধে বিকল্প সংবাদ মাধ্যম হ’ব বৃহত্ প্ৰত্যাহ্বান। আজি নহ’লেও এদিন অসমত এই মাধ্যমবোৰে সঠিক অৰ্থত জনসচেতনতা আৰু জনজাগৰণ সৃষ্টিৰে সংবাদ মাধ্যমৰ ন্যায় আৰু নিষ্ঠাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আনুষ্ঠানিকভাবে অসমত সংবাদ মাধ্যমৰ বিকল্প ৰূপত NewsNext আৰু Voice.Com নামৰ দুটা বিকল্প সংবাদ মাধ্যমে আত্মপ্ৰকাশ কৰাটো আশাৰ লক্ষণ। পাঠক, দৰ্শক আৰু এই মাধ্যমৰ সৈতে জড়িত লোকসকলৰ মাজত প্ৰত্যক্ষ আৰু সমান অংশগ্ৰহণেৰে ইয়াক সঠিক পথত আগুৱাই যোৱাত সহায় কৰিব। এই মাধ্যম হ’ব অতি দ্ৰুত আৰু ইয়াত প্ৰতিজন লোকেই সমানে অংশীদাৰ হোৱাৰ বাবে সঠিক সত্য যিকোনো প্ৰকাৰে পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা থাকিব।
সাধাৰণতে দেখা পোৱা যায়, বাতৰি চেনেলবোৰে যিবোৰ কথা বাতৰিৰ দৰে সম্প্ৰচাৰ কৰে সেইবোৰতকৈ গুৰুত্বপূৰ্ণ বহু বাতৰিয়ে বাতৰিৰ ৰূপত স্থান লাভ নকৰে। অথচ সমাজ আৰু দহৰ বাবে এই বাতৰিবোৰৰ প্ৰয়োজন অধিক। দৰ্শক তথা পাঠকৰ ৰুচি সলনি কৰিবলৈ সংবাদ মাধ্যমত যি প্ৰতিযোগিতা হয়, সেই প্ৰতিযোগিতাৰ বিপৰীতে এই মাধ্যমে সঠিক দিক নিৰ্ণয়েৰে সঠিক বাতৰি তথা খবৰ পাঠকৰ মাজলৈ কম সময়ৰ ভিতৰতে লৈ যাব পাৰিব। সেয়েহে এই বিকল্প সংবাদ মাধ্যমৰ উত্তৰণ তথা আত্মপ্ৰকাশ আমাৰ বাবে এক আশাব্যঞ্জক খবৰ। কিয়নো এতিয়া বাতৰিৰ মাজত, বাতৰিৰ ভিৰত হেৰাই যায় ‘খবৰ’ হ’বলগা বহু খবৰ …

কুকুৰে মানুহ কামুৰিলে এতিয়া খবৰ নহয়। কিন্তু মানুহে কুকুৰ কামুৰিলে একাংশ সংবাদ মাধ্যমৰ বাবে হয় ডাঙৰ খবৰ। বাতৰি চেনেলবোৰে টি আৰ পিৰ দৌৰত অৱতীৰ্ণ হোৱাৰ লগে লগে এনে কিছু বাতৰিয়ে স্থান লাভ কৰিছে, যিবোৰ বাতৰি হোৱাটো কোনো কাৰণতে মানি ল’ব নোৱাৰি। অথচ এইবোৰ বাতৰি, বাতৰি চেনেলবোৰৰ বাবে টি আৰ পি থকা ভাল বাতৰি! সেয়েহে সংবাদ মাধ্যমৰ এনে ভূমিকাই সচেতন লোকসকলক বিভিন্ন সময়ত ব্যথিত কৰে। লক্ষণীয় কথাটো হ’ল- বাতৰি এটাৰ প্ৰকৃত উদ্দেশ্যৰ পৰা আঁতৰি আহি কোনো নিৰ্দিষ্ট পক্ষই যুক্তি তথা মতবাদ সেই বাতৰিৰ মাজত প্ৰকাশ কৰাৰ প্ৰৱণতা অতি অধিক হৈ পৰিছে। যাৰ বাবে NEWSবোৰ এতিয়া NEWS হৈ থকাৰ সলনি VIEWSলৈ পৰিণত হৈছে। আচল আৰ্থত বাতৰি এটাত থাকিব লাগে কেইটামান প্ৰশ্নৰ উত্তৰ। সেইকেইটা হ’ল- কি, কোনে, কেতিয়া, ক’ত আৰু কিয়? ইয়াত কাৰোবাৰ যুক্তি তথা বাতৰিটোৰ সপক্ষে-বিপক্ষে মত দাঙি ধৰাৰ প্ৰয়োজন নাই। বিশ্বৰ সংবাদ জগতৰ এক প্ৰতিষ্ঠিত সংস্থা BBC। BBCৰ বাতৰিসমূহত আজিও সেই পৰম্পৰা অব্যাহত আছে। বাতৰিক লৈ তেওঁলোকে আলোচনা কৰে। কিন্তু সেয়া বাতৰিৰ মাজত নহয়। বাতৰিত কেৱল তেওঁলোকে বাতৰিহে দিয়ে। বাতৰিৰ মাজত যাতে এনে দৃষ্টিভংগীয়ে দৰ্শকক বিপথে পৰিচালিত নকৰে, তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখে। এনে কাহিনীও শুনিবলৈ পোৱা যায় যে, এনে প্ৰতিষ্ঠিত সংবাদ মাধ্যমে বাতৰি নথকাৰ বাবে বাতৰিৰ বুলেটিনো বাতিল কৰি দিছিল। তাৰ সলনি দৰ্শকক সম্বোধি জনাইছিল যে বাতৰি বুলেটিনৰ বাবে তেওঁলোকে বাতৰি বুলি ভবা বিশেষ বাতৰি নথকাৰ বাবে বাতৰিৰ সলনি এক সংগীতানুষ্ঠান আগবঢ়াইছে দৰ্শকৰ বাবে। এই সততা এতিয়া অসমৰ বা ভাৰতৰ প্ৰেক্ষাপটত দেখিবলৈ পোৱা নাযায়। নিঃসন্দেহে সংবাদ মাধ্যম থাকিব লাগে জনতাৰ পক্ষত। জনতাৰ সুখ-দুখ-সমস্যা তথা মনৰ কথাৰ প্ৰতিফলন ঘটিব লাগে সংবাদ মাধ্যমত। সেই প্ৰৱণতা সংবাদ মাধ্যমে কেতিয়াবাই হেৰুৱাই পেলাইছে। কোনো এক পক্ষক সহায় কৰিবলৈ বাতৰিসমূহ এনেদৰে পৰিৱেশন আৰু প্ৰকাশ কৰা হয় যে সকলো বাতৰিৰ অন্তৰালত থাকে আন এক কাহিনী। জনসাধাৰণক প্ৰভাৱান্বিত কৰি এক কৃত্ৰিম জনমত গঠনেৰে বহুসময়ত প্ৰকৃত সত্যক ঢাকি ৰাখিবলৈ চেষ্টা কৰা হয়। এই প্ৰচেষ্টাবোৰৰ বাবেই ব্যতিব্যস্ত হৈ উঠা মানুহৰ বাবে শেষ সম্বল হৈ থিয় দিছে বিকল্প গণমাধ্যমসমূহ। য’ত প্ৰতিজন লোকৰে নিজৰ ভাৱ-প্ৰতিক্ৰিয়া প্ৰকাশৰ বাবে সুবিধা থাকে। তাৰ সুযোগ গ্ৰহণ কৰাৰ বাবেই বিকল্প গণমাধ্যমসমূহ অধিক জনপ্ৰিয় হৈ পৰিছে। আনুষ্ঠানিকভাবে এই গণমাধ্যমসমূহ কোনো নিৰ্দিষ্ট লোকৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয়। লগতে এই মাধ্যমসমূহৰ আন এক সুবিধা হ’ল সত্যক ঢাকি ৰাখিবলৈ আন সংগঠিত সংবাদ মাধ্যমে কৰাৰ দৰে ইয়াত পক্ষপাতৰ স্থান নাই। যিকোনো প্ৰকাৰে এই বিকল্প গণমাধ্যমসমূহৰ জৰিয়তে সত্যক ৰাইজৰ মাজলৈ লৈ যাব পাৰি। কাশ্মীৰত এজন বি এছ এফৰ জোৱানে কৰ্তব্যৰ সময়ত বিভাগীয়ভাবে যোগান ধৰা খাদ্যৰ নমুনা তুলি ধৰি ছ’চিয়েল মিডিয়াত এক ভিডিঅ’ সম্প্ৰচাৰ কৰিছিল। যি ভিডিঅ’ৱে কঁপাই তুলিছিল দেশ। আনকি সেই ভিডিঅ’ ৰাজহুৱা হোৱাৰ পাছত সংগঠিত সংবাদ মাধ্যমসমূহেও ইয়াক লৈ বাতৰি সম্প্ৰচাৰ কৰিবলৈ বাধ্য হৈছিল। খোদ গৃহমন্ত্ৰীয়ে সমগ্ৰ খাদ্য কেলেংকাৰীৰ নিৰ্দেশ দিছিল। এয়াই হ’ল বিকল্প গণমাধ্যমৰ শক্তি। সঠিকভাবে ইয়াক ব্যৱহাৰ কৰিব পাৰিলে এদিন ই মূল সংবাদ মাধ্যমৰ বিকল্প ৰূপে থিয় দিব। ইয়াৰ বাবে অৱশ্যে লাগিব এই মাধ্যমৰ সৈতে জড়িত লোকসকলৰ সততা আৰু ৰাইজৰ সচেতনতা।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে