দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / নতুন মিডিয়া, নতুন সন্ত্ৰাস (মানস প্ৰতিম দত্ত )

নতুন মিডিয়া, নতুন সন্ত্ৰাস (মানস প্ৰতিম দত্ত )

চহৰৰ কোনোবাটো কোনত, কোনোবা দুজন বন্ধুৰ মাজত ধেমালিৰ চলত হতাহতি হ’ল৷ অন্য এজন বন্ধুৱে সেয়া মোবাইলত ভিডিঅ’ কৰিলে আৰু ছচিয়েল মিডিয়াত এৰি দিলে৷ ধৰা হওক, হতাহতি কৰা বন্ধু দুজন দুই ভিন্ন ধৰ্মৰ সাজত আছিল৷ লক্ষ লক্ষজনে প্ৰতিপল ব্যৱহাৰ কৰা বাৰ্তাৰ অথাই সাগৰ ছচিয়েল মিডিয়া৷ তাত ভিডিঅ’টো উপলব্ধ হোৱাৰ লগে লগে লক্ষ লক্ষজনে প্ৰতক্ষ্য কৰিলে৷ ইয়াৰ পাছত কি হ’ব পাৰে৷ কথাটো তেনেই সাধাৰণ৷ বন্ধুৰ মাজত হতাহতি হ’ব পাৰে৷ কিন্তু ধৰ্মীয় সাজ কেইযোৰেই জ্বলাই দিব পাৰে গোষ্ঠীসংৰ্ঘষৰ শিখা৷ জ্বলি যাব পাৰে গাওঁ, নগৰ, চহৰ আনকি দেশ৷ ইয়াৰ বাবে বছৰ নালাগে মাত্ৰ কেইটামান মিনিটৰ প্ৰয়োজন৷

কথাষাৰ অধিক সৰলীকৰণ কৰিবলৈ গণসংযোগ বিদ্যাৰ সূত্ৰ এটা বুজাৰ চেষ্টা কৰিব লাগিব৷ সেই সূত্ৰ অনুসৰি এটা সংযোগ অৰ্থাৎ কমিউনিকেশ্যন তেতিয়াহে সফল হয়, যেতিয়া দৰ্শক বা শ্ৰোতাই ইয়াক সঠিকভাৱে গ্ৰহণ কৰিব পাৰে৷ বাৰ্তা প্ৰেৰক আৰু দৰ্শক-শ্ৰোতাৰ মাজত ইয়াত থাকে এটা চেনেল আৰু ৰখীয়া৷ এই ৰখীয়া কোন? সহজ অৰ্থত কব গ’লে কাকত-চেনেলত থকা উপ-সম্পাদক তথা সম্পাদকসকল৷ কোনটো বাতৰি বা কোনখন ফটো বা ভিডিঅ’ পাঠক-দৰ্শক-শ্ৰোতাই পাব সেয়া নিৰ্ধাৰণ কৰে এই ৰখীয়াসকলে৷ কিন্তু বৰ্তমানৰ ছচিয়েল মিডিয়াত এই ৰখীয়াসকল স্থান নাথাকে৷ কিছু কিছু ক্ষেত্ৰত দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে ৰখীয়াক যিকোনো আপত্তিজনক বাৰ্তাৰ বিষয়ে সম্ভেদ দিবহে পাৰি৷ এনেদৰেই ছচিয়েল মিডিয়া হৈ পৰিছে সম্পূৰ্ণ মুক্ত আৰু শক্তিশালী মাধ্যম৷ ইয়াত প্ৰতিজন নাগৰিকেই একোগৰাকী সাংবাদিক বা সংবাদ দাতা৷ নিজৰ খেয়াল খুছি মতেই ইয়াত সকলোৱে যিকোনো বাৰ্তা বিলাই দিব পাৰে৷ এয়াই হৈছে বৰ্তমান সময়ৰ বৃহৎ প্ৰত্যাহ্বান৷

বৰ্তমানৰ বহু বিপ্লৱ বা জনজাগৰণৰ আঁৰৰ মুল উদ্যোক্তা এই ছচিয়েল মাধ্যম৷ টিউনিচিয়া তাৰ এটা উদাহৰণ৷ শেহতীয়াকৈ কাশ্মীৰ উপত্যকাত হোৱা জনজাগৰণৰো আঁৰত আছে এই মিডিয়াৰ প্ৰভাৱ৷ মুলত্: ফেছবুক আৰু ৱাটছএপ৷ এই দুই ছচিয়েল মাধ্যমেই বৰ্তমান ভাৰতত অধিক প্ৰচলিত ছচিয়েল মিডিয়া৷ এই ক্ষেত্ৰত পিছ পৰি থকা নাই অসমো৷ এই ক্ষেত্ৰত বিশেষ উদগনি দিছে টেলিকম সেৱা আগবঢ়োৱা কোম্পেনীসমুহে৷ অতি হাস্যকৰ বিষয়, যিখন দেশত আধাতকৈও অধিক মানুহক দৰিদ্ৰতাই জুৰুলা কৰিছে, নুন্যতম জীৱন ধাৰণৰ মানৰ পৰাও যিসকল বঞ্চিত, সেইখন দেশত ভাততকৈও কম মুল্যত শেহতীয়াকৈ উপলব্ধ হৈছে দ্ৰুতবেগী ইণ্টাৰনেট সেৱা৷ কোৱা বাহুল্য মুল্য হ্ৰাসে প্ৰয়োজনীয়তাৰ পৰা নিছাত পৰিণত কৰিছে ছচিয়েল মিডিয়াৰ ব্যৱহাৰ৷ শেহতীয়াকৈ ‘জীৱন’ আলোচনীয়ে কৰা অধ্যয়নে প্ৰমান কৰিছে গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰীয়ে দিনে সাত ঘণ্টাতকৈও অধিক সময় ছচিয়েল মিডিয়াৰ ব্যৱহাৰ কৰে৷

অত্যন্ত গুৰুত্বপূৰ্ণ দিশটো হ’ল ছচিয়েল মিডিয়াৰ গ্ৰহনযোগ্যতা৷ প্ৰথম ছপা মাধ্যম ইয়াতকৈ জনপ্ৰিয় দৃশ্য-শ্ৰাব্য মাধ্যম আৰু এই সকলোৰেই উৰ্ধত জনপ্ৰিয় বৰ্তমানৰ ছচিয়েল মিডিয়া৷ মানুহৰ মন মগজুক অধিক সময় ধৰি আকৰ্ষিত কৰি ৰখাত ১০০ শতাংশই সফল এই মাধ্যম৷ প্ৰতিটো সংবাদ মাধ্যম, ব্যৱসায়ী সংস্থা, চিনেমা নিৰ্মান সংস্থা আনকি ৰাজনৈতিক দল পৰ্যন্তই শৰণাগত হৈছে এই নব্য মাধ্যমৰ৷ আজিৰ পৰা দহবছৰ আগেয়ে অসম্ভৱ যেন লগা বহু কথাই সম্ভৱ হৈছে এই মাধ্যমত৷ বিগত বহু কেইটা নিৰ্বাচনত নিৰ্ণায়ক ভুমিকা গ্ৰহন কৰিছে ছচিয়েল মিডিয়াই৷ নিৰ্বাচনৰ পিছতো নিজে কৰা প্ৰতিটো কামৰ প্ৰতিটো দিনৰ হিচাপ ৰাইজৰ আগত দাখিল কৰা সম্ভৱ হৈ উঠিল জনপ্ৰতিনিধিৰ বাবে৷ আনকি একোজন জনপ্ৰতিনিধিৰ জনপ্ৰিয়তা এতিয়া ভোটৰ দ্বাৰা নিৰ্ণয় কৰা নহয়৷ সেয়া নিৰ্ণয় হয় তেওঁক ফেচবুক আৰু টুইটাৰত অনুসৰণ কৰা লোকৰ সংখ্যাৰ দ্বাৰা৷ এই একেই কথা প্ৰযোজ্য হৈছে চিনেমা একোখনৰ ক্ষেত্ৰতো৷

এনে নহয় যে নতুন গণ মাধ্যমে সমাজখনত ঋণাত্মক প্ৰভাৱেই পেলাইছে৷ বহু যোগাত্মক কামো ইয়াৰ দ্বাৰা সম্ভৱ হৈ পৰিছে৷ আনকি চিনেমা নিৰ্মানৰ বাবে ৰাইজৰ পৰা ধন গোটোৱা পৰ্যন্ত এই মাধ্যমৰ দ্বৰা সম্ভৱ হৈছে৷ কিন্তু ইয়াৰ বিপৰিতে ঋণাত্মক দিশটোও সমানে শক্তিশালী হৈ পৰিছে৷ বহুজাতিকৰ ৰমৰমীয়া বজাৰখনৰ জাকজমকতাই জকাইচুকীয়া গাও পৰ্যন্ত পোখা মেলিছে এই মাধ্যমৰ জৰিয়তে৷ ইয়াৰ পৰা সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক গাঠনিৰ পৰিৱৰ্তন অতি চকুত লগাকৈ সলনি হ’ব ধৰিছে৷ ইয়াৰ লগতে আছে বহু ভুৱা খবৰে জন উন্মাদনা সৃষ্টি কৰাৰ নতুন সন্ত্ৰাস৷ এয়া আজিৰ সময়ৰ প্ৰত্যাহ্বান৷ যি অপ্ৰতিৰোধ্য৷ প্ৰতিকাৰৰ উপায় এটাই, যাক কোৱা হয় মিডিয়া লিটাৰেছী, সেয়াও সম্ভৱ হ’ব একমাত্ৰ এই নতুন মাধ্যমেৰেই৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে