দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / অন্য এক গুজৰাট মডেল ( মনস্বিনী মহন্ত )

অন্য এক গুজৰাট মডেল ( মনস্বিনী মহন্ত )

প্ৰধানমন্ত্ৰী মোদীৰ দেশ (ঠাই) গুজৰাটৰ ব্যৱসায় কেন্দ্ৰিক জীৱন যাপনৰ আৰ্হিৰ ফল-প্ৰতিফলৰ বিষয়ে সঘনাই আলোচনা-বিতৰ্কই সঘনাই বিদ্বৎ অথবা ছদ্মবেশী বিদ্বৎমহলৰ মেজত, কলমত অথবা কম্পিউটাৰৰ স্ক্ৰীণত আলোড়ন কৰি থকাৰ প্ৰেক্ষাপটত গুজৰাট তথা গুজৰাটীসকলৰ ভালেমান অন্যান্য সদগুণ অথবা সদপ্ৰচেষ্টা আমাৰ মূল্যাংকনৰ পৰিসীমাৰ বাহিৰতে ৰৈ গৈছে। উদাহৰণস্বৰূপে আঙুলিয়াব পাৰি গুজৰাটীসকলৰ মাতৃভাষাপ্ৰীতি তথা জাত্যাভিমানৰ প্ৰসংগটোলৈ। ৰাজ্য হিচাবে গুজৰাটৰ সৃষ্টি অসমতকৈ পিছত, কিন্তু জাতিৰ সংজ্ঞাক লৈ তেওঁলোকে কোনোদিন আমাৰ দৰে ঘুৰ্মুটিয়াই ফুৰিব লগীয়া হোৱা নাই। জাতি আৰু ভাষাৰ প্ৰতি তেওঁলোকৰ প্ৰেম, ১৮২২ চনত, ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ব’ম্বে প্ৰেচিডেন্সীৰ অংগ হৈ থকা সময়ৰ পৰা একেৰাহে প্ৰকাশিত আৰু প্ৰচলিত এছিয়াৰ আটাইতকৈ পুৰণি দৈনিক বাতৰি কাকত, ‘ব’ম্বে সমাচাৰ’ৰ (এতিয়াৰ ‘মুম্বাই সমাচাৰ’) গৌৰৱোজ্জ্বল ইতিহাসৰ মাধ্যমত যেনেদৰে পৰিস্ফুট হয়, ঠিক একেদৰেই পৰিস্ফুট হয় মাতৃভাষাকে ভাষিক মাধ্যম হিচাপে লৈ সমকালীন গুজৰাটৰ ভিতৰুৱা অঞ্চলসমূহত সৰু সৰু সামূহিক গোটসমূহে আৰম্ভ কৰা বিকল্প গণ মাধ্যমৰ প্ৰচেষ্টাসমূহত। সমূদায় অনাতাঁৰ (Community Radio) আৰু সমূদায় তথ্যচিত্ৰ (Community Documentary) এই দুয়োবিধ প্লেটফৰ্মৰে ব্যৱহাৰ হোৱা এই বিকল্প গণ মাধ্যমৰ প্ৰচেষ্টাসমূহে ৰাজধানী আহমেদাবাদতে নহয় ভাৱনগৰ, ৰাজকোটকে আদি কৰি অন্যান্য ক্ষেত্ৰীয় কেন্দ্ৰসমূহৰ লগতে ডাং, কচ্ছ ইত্যাদি আদিবাসী এলেকাসমূহতো বিপুল জনপ্ৰিয়তা আহৰণ কৰিবলৈ সক্ষম হৈছে। এক নিৰপেক্ষ আৰু সম্পাদকহীন আত্মপ্ৰকাশৰ মাধ্যম স্বৰূপে কাম কৰি এই বিকল্প মাধ্যমসমূহে সামাজিকভাৱে অনগ্ৰসৰ গোটসমূহৰ উন্নয়নৰ কাৰণে এক জনজাগৰণৰে সৃষ্টি কৰিছে।

কচ্ছ তথা ডাং অঞ্চলৰ আদিবাসী এলেকাসমূহত মূলসূঁতিৰ ব্যৱসায়িক গণ মাধ্যমসমূহৰ প্ৰসাৰ আৰু প্ৰভাৱ দুয়োটাই বিশেষ উল্লেখ্য নহয় বা কোনোবাটোহঁত প্ৰতিষ্ঠানে এই অঞ্চলসমূহৰ জীৱনযাত্ৰাক এদিনীয়াকৈ চহৰীয়া দাপোনত দেখুৱাবলৈ গ’লেও তেওঁলোকৰ অভিজাত ধৰা-বন্ধা গতৰ পৰিবেশনে এই অঞ্চলসমূহৰ একক বৈশিষ্ট্যপূৰ্ণ আৰু সূক্ষ্ম জাতি, শ্ৰেণী তথা আনুসংগিক সামাজিক চেতনা সমৃদ্ধ শৈলীক মুঠেও পৰিস্ফুট কৰিবলৈ সক্ষম নহয়। আক্ষৰিক অৰ্থতে এই প্ৰতিবিম্ব হয় এক দাপোণৰ প্ৰতিবিম্ব অৰ্থাৎ ওলোটা প্ৰতিবিম্ব। তেনে এক প্শ্চাতপটত ভাৰত চৰকাৰে অব্যৱসায়িক সামাজিক সংগঠনসমূহলৈ সমূদায় অনাতাঁৰ কেন্দ্ৰ খোলাৰ নিমিত্তে অনাতাঁৰ আবৃতি(radio frequency)ৰ আবণ্টনৰ ব্যৱস্থা কৰাৰ পিছৰপৰা কচ্ছ অথবা ডাং অঞ্চলৰ আদিবাসী
সম্প্ৰদায়সমূহৰ কাৰণে এই সমূদায় অনাতাঁৰ কেন্দ্ৰসমূহ এক বিকল্প গণমাধ্যমৰ মঞ্চ হিচাপে থিয় দঙা দি উঠা পৰিলক্ষিত হৈছে। মন কৰিবলগীয়া কথাটি হৈছে এই কেন্দ্ৰসমূহৰ অধিকাংশই পৰিচালিত হৈছে মহিলাৰদ্বাৰা। কৌশলগত দিশত সদায় পিছপৰা
বুলি ধৰি লোৱা এই মহিলাসকলৰ কাৰণে এই নব্যলব্ধ মঞ্চই এক দুতৰপীয়া সশক্তিকৰণৰ চেতনাৰে কাম কৰা দেখিবলৈ পোৱা গৈছে। অমুকৰ পত্নী অথবা তমুকৰ মাক নামৰ সংসাৰৰ গণ্ডীৰ ভিতৰত সীমাবদ্ধ তেওঁলোকৰ পৰিচয়(দৰাচলতে পৰিচয়হীনতা)ক এগৰাকী অনাতাঁৰ কৰ্মী হিচাপে নব্য ৰূপেৰে বৰ্ণিল কৰি তোলাৰ লগতে এক অন্য স্তৰত অনগ্ৰসৰ আৰু পৰিচয়হীন তেওঁলোকৰ সমাজখনকো বিশ্বদৰবাৰত পৰিচিতি দিয়াৰ ক্ষেত্ৰত এই মঞ্চসমূহে অনবদ্য ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত আটাইতকৈ সফল উদাৰণটি হৈছে কচ্ছৰ কচ্ছ মহিলা বিকাশ সংগঠন (KMVS)। ৰাষ্ট্ৰসংঘ তথা ৰাষ্ট্ৰসংঘ মহিলা (UN Women)ৰ দৰে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো সঘনাই চৰ্চিত হোৱা এই সংগঠনৰ কাম কৰাৰ ধৰণে তদনুৰূপ অন্য গোটসমূহৰ কাৰণেও এক ‘কৰ্ম আৰ্হি’ (working model) হিচাপে কাম কৰিছে।

২০১৪চনত ভাৰতবৰ্ষত উন্নয়নৰ বাবে গণসংযোগ(Communication for Development)ৰ ক্ষেত্ৰখনত কাম কৰা অনুষ্ঠান সমূহৰ ভিতৰত এক অগ্ৰণী অনুষ্ঠান ‘দৃষ্টি’ৰ হৈ, ভাৱনগৰ জিলাৰ শীহৰ আৰু উমৰালা তালুকাৰ অন্তৰ্গত সৰ, ভাৰিণ্ডি ইত্যাদি কিছুসংখ্যক গাঁৱত সমূদায় গণ মাধ্যমৰ প্ৰশিক্ষণ দিবলৈ যাবলৈ সুযোগ পাইছিলোঁ। দৃষ্টিয়ে ভাৰতবৰ্ষত সমূদায় তথ্যচিত্ৰ নিৰ্মাণ আৰু সমূদায় মাধ্যম হিচাপে ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰখনত KMVS, Area Networking and Development Initiatives
(ANANDI), কৰ্ণাটকৰ IT for Change ইত্যাদি বিভিন্ন স্বেচ্ছাসেৱী গোটসমূহ ৰ লগত একগোট হৈ কিছুমান দূৰদৰ্শী পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহৰ ভিতৰত গণমাধ্যমৰ ব্যৱহাৰৰ বাবে কৌশলগত প্ৰশিক্ষণ প্ৰদান, তথ্যচিত্ৰ নিৰ্মাণৰ
প্ৰশিক্ষণ, অনাতাঁৰ ব্যৱস্থা পৰিচালনাৰ প্ৰশিক্ষণ ইত্যাদিবোৰ উল্লমেখযোগ্য।

পূৰ্বতে ব্যক্ত কৰা KMVSৰ সমূদায় অনাতাঁৰ ব্যৱস্থাৰ প্ৰকল্পটোৰ সফল পৰিচালনাতো এওঁলোকৰ প্ৰভূত অৱদান আছে। ANANDIৰ ডাং অঞ্চলত চলি থকা সমূদায় অনাতাঁৰ ব্যৱস্থা আৰু সমূদায় তথ্যচিত্ৰ নিৰ্মাণৰ প্ৰকল্পসমূহতো দৃষ্টিৰ কৌশলগত
প্ৰশিক্ষণ আৰু অন্যান্য কাৰিকৰী সহযোগে এক বিশেষ ভূমিকা পালন কৰিছে। মই কাম কৰিবলৈ লোৱা প্ৰকল্পটোও ANANDIৰ সমূদায় উন্নয়নৰ বাবে বিকল্প গণমাধ্যম আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ এক প্ৰকস্পই আছিল। প্ৰশিক্ষক হিচাপে গৈছিলোঁ যদিও শীহৰৰ সেই অনগ্ৰসৰ গাওঁকেইখনৰ অশিক্ষিত, অৰ্ধশিক্ষিত মহিলাসকলৰ পৰা মইহে প্ৰশিক্ষিত হৈ আহিলোঁ। উন্নয়নৰ বাবে বিকল্প গম মাধ্যমৰ ব্যৱহাৰ সম্পৰ্কত মোৰ পুথিগত জ্ঞানৰ বাস্তৱ স্তৰত বিস্তাৰৰ বাবে শীহৰৰ দিনবোৰ আছিল মোৰ বাবে প্ৰকৃত প্ৰশিক্ষণ থলী। ইতিমধ্যে ‘আঙুলিৰ টিপত অধিকাৰ’ৰ (হক মাৰো উংগৰী পৰ) ধাৰণাক বাস্তৱায়িত কৰিবলৈ ANANDI আৰু KMVSৰ নিচিনা সংগঠনসমূহে কৰা কামসমূহ বাস্তৱ কৰ্ম ক্ষেত্ৰত চালি-জাৰি চাওঁতে মোৰ চকুত পৰা প্ৰথম সফল উদাহৰণটো আছিল, এটা সাধাৰণ ম’বাইল বাৰ্তাৰ মাধ্যমত সামাজিকভাৱে পৰিত্যক্ত ব্যক্তি বা ব্যক্তিগোটসমূহৰ মূলসূঁতিত অন্তৰ্ভূক্তিকৰণ। এই ঘটনাটো পোনতে আছিল সৰ গাঁৱৰ এগৰাকী দলিত মহিলাৰ ব্যক্তিগত শ্ৰেণী উত্থান(?)ৰ পৰিঘটনা, যি পিছলৈ এক সামূহিক শ্ৰেণী অন্তৰ্ভূক্তিকৰণৰ পৰিঘটনালৈ পৰ্যবসিত হৈছিল। ANANDIৰ সামূহিক বাৰ্তা প্ৰেৰণৰ প্ৰকল্পৰ মাধ্যমত শীহৰ অঞ্চলৰ বিভিন্ন গাওঁসমূহৰ মহিলাসকললৈ গ্ৰাম সভাৰ বাৰ্তা প্ৰেৰণ কৰা হয়। (মন কৰিবলগীয়া কথাটো হ’ল যে এই একক বাৰ্তা প্ৰসাৰৰ (Single message dissemination)ৰ কৰ্ম সম্পাদন কৰা মহিলাসকলো আনুষ্ঠানিক শিক্ষাৰ মানকলৈ আনিলে অতি শিক্ষিতাগৰাকীও দশম শ্ৰেণীৰ দেওনা গৰকা মাত্ৰ।) এনে এক বাৰ্তাৰ মাধ্যমত সৰ গাঁৱৰ সৰিতা বেনে নিজৰ গাঁৱত হ’বলগীয়া গ্ৰামসভাৰ বিষয়ে জানিব পাৰে। এই কথা নক’লেও হ’ব গাঁও পঞ্চায়তৰ সকলো মতদাতাৰ উপস্থিতিত হ‘বলগীয়া গ্ৰামসভালৈ সৰিতা বেনৰ দৰে দুতৰপীয়া ‘নিম্ন জাত’ৰ (জাতিগতভাৱে অস্পৃশ্য, তাতে আকৌ মহলা!!)জীৱসমূহক নিমন্ত্ৰণ কৰা হোৱা নাছিল। এয়া আছিল গুজৰাটৰ সমাজব্যৱস্থাত এক নিতান্তই সাধাৰণ পৰিঘটনা। কিন্তু সৰিতা বেনো বেলেগ ধাতুৰে গঢ়া মানুহ আছিল, সেয়েহে তেওঁ অকলে এটা অসাধাৰণ কাম কৰিবলৈ আগবাঢ়ি গ’ল।

চৰপঞ্চ আৰু দুজনমান মুখিয়ালৰ (নক’লেও হ’ব কেওজনেই আছিল উচ্চ জাতৰ আৰু পুৰুষ) উপস্থিতিত হোৱা সেই গ্ৰামসভাত সৰিতাবেনৰ উপস্থিতিয়ে সৃষ্টি কৰা অসন্তুলনৰ কেমেৰাৰ মাধ্যমত হোৱা প্ৰতিফলনৰ প্ৰচাৰ আৰু প্ৰসাৰে, শীহৰ অঞ্চলৰ অন্যান্য
বহুতো গাঁৱৰ গ্ৰামসভাত, আৰু বহুতো সৰিতাবেনৰ প্ৰবেশৰ বাট কাটি দি এক বৃহৎ স্তৰৰ সন্তুলনৰ সৃ্ষ্টি কৰিলে। সৰিতাবেন আৰু ANANDIৰ ম’বাইল ৰেক’ৰ্ডিং বা তদনুৰূপ অন্যান্য সমূদায় ৰেক’ৰ্ডিংসমূহক চলচিত্ৰ বুলিব পৰা যায় নে নাই এই সম্পৰ্কত বৌদ্ধিকমহলত এক বিতৰ্ক সঘনাই উত্থাপিত হোৱা দেখা যায়। যদি এইধৰণৰ ৰেক’ৰ্ডিং, নিতান্তই ৰেক’ৰ্ডিং মাত্ৰ, তেন্তে লুমিয়াৰ ভ্ৰাত্ৰৃদ্বয়ৰ প্ৰথম চলচৈত্ৰিক পৰীক্ষণ সমূহকো চলচিত্ৰ বুলিব পৰা নেযায়। অৱশ্যে সৰ্বাংগসুন্দৰ সম্পাদনাৰ উদাহৰণ দাঙি নধৰিলেও ANANDIৰ পৰৱৰ্তী অথবা তদনুৰূপ অন্যান্য গোটসমূহৰ সমকালীন দৃশ্য-শ্ৰাব্য প্ৰলেখন(Video Documentation) সমূহত সম্পাদনাৰ যথেষ্ট নিদৰ্শন পোৱা যায়। আৰু সেয়েহে তথ্যচিত্ৰৰ প্ৰাথমিক আৰু প্ৰাৰম্ভিক উত্পত্তিগত ধাৰণা অনুযায়ী এই ৰেক’ৰ্ডিংসমূহক এই লেখনিত তথ্যচিত্ৰৰ সংজ্ঞাৰ পৰিসীমাৰ ভিতৰতে ৰখা হৈছে আৰু তথ্যচিত্ৰ বুলিয়েই উল্লেখ কৰা হৈছে। সৰ্বোপৰি এইসমূহ পূৰ্ণাংগ তথ্যচিত্ৰ হওক বা নহওক এইসমূহে মূলসূঁতিৰ গণমাধ্যমৰ চহৰকেন্দ্ৰিকতাৰ বিপৰীতে এনে এক বিকল্পৰ কাম কৰিছে, য’ত পৰিবেশক সমাজখনৰ অভিন্ন অংগ হোৱা সূত্ৰে সেই সমাজৰ নাড়ীৰ গতিকো ভালদৰে বুজি পায় আৰু তদনুৰূপ সমস্যা তথা সমাধানৰ পৰিকল্পনাসমূহৰ সুস্থ প্ৰতিলেখন কৰিব পাৰে। ২০১৪চনত শীহৰ জিলাত অনুষ্ঠিত হোৱা আৰু ৪লাখৰো অধিক সমুদায় গণ মাধ্যমৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰা এক সভাত ভাগ লৈ UN Womenৰ কাৰ্যকৰী নিৰ্দেশক ফুমজিলে মাম্ব’-নাচুকা (Phumzile Mlambo-Ngcuka)এ কোৱা কথা এষাৰ এইক্ষেত্ৰত মন কৰিবলগীয়া, “এই কৌশলসমূহ কেৱল গণ মাধ্যমৰ কৌশল নহয়, এইবোৰ হৈছে আত্মপ্ৰকাশৰ মাধ্যম। যেতিয়া এগৰাকী তথাকথিত অশিক্ষিত মহিলাই সীমিত সুবিধাৰ মাজত, মই, পৃথিৱীত পাব পৰা সকলোবোৰ সুবিধা পোৱাৰ পিছতো বুজি নোপোৱা ধাৰণা কিছুমানৰ ইমান সুন্দৰ বাস্তৱ প্ৰয়োগ কৰি দেখুৱায়, মই ভাবো ই এক আত্মসন্মানৰ আহিলা হিচাপেও কাম কৰে, যি আত্মসন্মানে আপোনাক এই গণমাধ্যম বা কৌশলসমূহৰ ব্যৱহাৰৰ যোগেদি নিজৰ অধিকাৰসমূহৰ বাবে যুঁজিবলৈ শিকায়। আৰু আপোনালোক তাত সফলো হৈছে। মই ভাবো গান্ধীৰ দেশৰ মানুহ হিচাপে এই আত্মসন্মান আৰু সচেতনতাই আপোনালোকক গান্ধীজীৰ সেই এক শ্ৰেণীবিহীন সমাজ গঠনৰ সপোন ৰূপায়নত সহায়তা কৰিব।”

যেতিয়া মই মোৰ গুজৰাটৰ অভিজ্ঞতাখিনি বা শ্ৰীমতী ফুমজিলেই কোৱা বিকল্প গণ মাধ্যমৰ সম্পৰ্কে বিশ্লেষণ কৰোঁ, তেতিয়া এটা কথা প্ৰায়েই মনত খুন্দিয়াই যে KMVS, ANANDI বা কৰ্ণাটকৰ I T for Changeৰ আৰ্হিটো মোৰ ঠাইখনৰ কাৰণেও ব্যৱহাৰযোগ্য নে? গুজৰাটৰ সৰিতা বেনৰ প্ৰতিবাদক সাৰথি কৰি ANANDIএ আৰম্ভ কৰা বিকল্প গণ মাধ্যমৰ ধাৰণাটোৱে অথবা KMVSৰ সমুদায় অনাতাঁৰ ব্যৱস্থাৰ প্ৰকল্পটোৱে আঁচলতে কি কৰিছে? দুয়োটা সংগঠনে তথা তেওঁলোকৰ লাভাৰ্থীসকলে এই মঞ্চসমূহৰ সততে অৱদমিত হৈ থকা তেওঁলোকৰ কণ্ঠক You Tubeৰ দৰে মাধ্যমৰ সহযোগত বিশ্ব দৰবাৰৈ লৈ যাবলৈ সক্ষম হৈছে। আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত তেওঁলোক সেইখন সমাজৰ অংগ হিচাপে স্বীকৃত হ’বলৈ সক্ষম হৈছে, যিখন সমাজে তেওঁলোকক ইয়াৰ পূৰ্বে সেই স্বীকৃতি দিবলৈ অস্বীকাৰ কৰিছিল। মন কৰিবলাগিব এই স্বীকৃতিৰ প্ৰক্ৰিয়াটো কিন্তু সাংবিধানিক, (সৰৰ সৰিতা বেনৰ গ্ৰাম সভাৰ উদাহৰণটোলৈ মনত পেলাওঁক) আৰু সেয়েহে এই সাংবিধানিক অন্তৰ্ভূক্তিৰ প্ৰক্ৰিয়াটোৱে তেওঁলোকক অন্যান্য সেই সকলো সাংবিধানিক অধিকাৰৰ প্ৰতিও সচেতন কৰি তুলিছে যিসমূহৰ বিষয়ে তেওঁলোকে ইয়াৰ পূৰ্বে অৱগত নাছিল। অধিকাৰসমূহৰ বিষয়ে অৱগত হোৱাৰ লগতে সেইসমূহৰ সুবিধা আদায় কৰাৰ কাৰণে পৰিবেশ সৃষ্টিতো এই বিকল্প গণ মাধ্যমসমূহে মঞ্চৰ কাম কৰিছে। এই সকলোবোৰৰ উপৰিও এই মঞ্চসমূহে এনে কিছুমান আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ সৈতে ইয়াৰ কৰ্মীসকলৰ সংযোগ স্থাপন কৰিছে য’ত প্ৰযুক্তিগত মাধ্যমসমূহে এক অনুঘটকৰ কাম কৰি শেষত এক আন্ত-ৰাষ্ট্ৰীয় জ্ঞান জালিকাৰ সৃষ্টি কৰিছে।

যদি অসমৰ প্ৰেক্ষাপটত এই আৰ্হিটোৰ ব্যৱহাৰযোগ্যতা সম্পৰ্কে আলোচনা কৰা যায়, তেন্তে মোৰ বিশ্লেষণত ই তদনুৰূপ ধৰণেই কাম কৰিব। কেন্দ্ৰৰ পৰা দূৰলৈ গৈ থকাৰ লগে লগে জাতিসমূহ আৰু সন্নিবিষ্ট ব্যক্তিবিশেষৰ কণ্ঠ অৱদমনৰ সূত্ৰ অনুযায়ী সততে এই অভিযোগ উত্থাপন হোৱা দেখা যায় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনজাতিসমূহৰ কণ্ঠ তথা দাবী দেশৰ ৰাজধানী দিল্লী গৈ নেপায়গৈ। দেশখনৰ মূলসূঁতিৰ গণমাধ্যমতো এই অঞ্চলসমূহৰ সমস্যা তথা সমাধানসমূহৰ প্ৰতিনিধিত্বৰ শতাংশিক হাৰ খুবেই দুঃখলগা হোৱাৰ লগতে হোৱাখিনিও ৰূঢ়প্ৰতিফলনৰ(Stereotypical )পৰিবেশনৰ দোষেৰে দুষ্ট। আনকি সৰ্বভাৰতীয় মঞ্চসমূহক আৰ্হি হিচাপে লৈ যিসমূহ থলুৱা প্ৰতিকৃতি এইক্ষেত্ৰত সৃষ্টি হৈছে সেইসমূহেও সহজসাধ্য বাণিজ্যিক বাটেৰে বাট বুলি চহৰকেন্দ্ৰিক গিমিক ভৰপূৰ জকমকীয়া খবৰৰ পৰিবেশনতে নিজকে সীমাবদ্ধ ৰাখিছে। এনে এক প্ৰেক্ষাপটত মোৰ বোধেৰে বিভিন্ন জাতিগত বৈচিত্ৰ্যৰ বিশিষ্টতাৰে ভৰপূৰ অসম তথা উত্তৰ-পূবৰ সমাজব্যৱস্থাত আত্মপ্ৰকাশৰ মাধ্যম হিচাপে সমুদায় তথ্যচিত্ৰ বা সমুদায় অনাতাঁৰ ব্যৱস্থাৰ এই গুজৰাটী আৰ্হিটোৱে এক বিকল্প গণমাধ্যমৰ কাম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে