দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / বাটৰ কেনভাছ : বিকল্প গণসংযোগৰ প্ৰচেষ্টা ( নীলাভ সৌৰভ )

বাটৰ কেনভাছ : বিকল্প গণসংযোগৰ প্ৰচেষ্টা ( নীলাভ সৌৰভ )

‘বাটৰ কেনভাছ , অসম’ ৰ আৰম্ভ হয় বাটতেই আঁৰি দিয়া এখন কেনভাছত সমুহীয়াভাৱে ছবি অঁকা এটা মুহূৰ্তৰ পৰা । নগাঁও জিলাৰ ৰহাৰ দীঘলিআটি নামে ঠাইত ২০০২ চনতে আৰম্ভ কৰা এই ‘বাটৰ কেনভাছ , অসম’ ক ৰহাৰেই ‘দধিচী’ নামৰ এটা অনুষ্ঠানৰ তৎপৰতাই ২০০৩ চনত পুনৰ উজ্জীৱিত কৰে । অবিভক্ত নগাঁও জিলাৰ বহুকেইগৰাকী শিল্পীক লগত লৈ বাটৰ কাষতে ছবি আঁকি চিত্ৰশিল্পক মানুহৰ মাজলৈ লৈ যোৱাৰ এই যাত্ৰা আৰম্ভ কৰা হয় । ছবিৰ মাজেৰে বৃহত্তৰ সমাজখনৰ লগত সংযোগ স্হাপনৰ যত্নও ইয়াৰ মাজেৰে কৰা হয় । অসমৰ বিভিন্ন জিলালৈ প্ৰসাৰিত হৈ এই অনু্ষ্ঠানে আজিৰ পৰ্যায় পাইছেগৈ । ব্ৰহ্মপুত্ৰ উপত্যকাৰ আটাইবোৰ জিলাৰ চিত্ৰশিল্পীক বৰ্তমানলৈকে জড়িত কৰাৰ যি প্ৰয়াস , সেয়া অব্যাহত আছে । প্ৰতিমাহতে অসমৰ বিভিন্ন জিলা , গাঁও , চহৰ , নগৰলৈ গৈ বাটৰ কাষত ছবি অঁকাৰ এক পৰম্পৰা অবিৰতভাৱে চলি আহিছে । ইয়াৰ মাজেৰে শিল্পৰ যোগেদি মানুহৰ লগৰ সংযোগ স্থাপন কৰিব বিচৰা হৈছে আৰু সমাজলৈ কিছুমান প্ৰাসংগিক বাৰ্তাও দিব বিচৰা হৈছে ।

অসমত বহুত চিত্ৰশিল্পী আছে , যি নিখুঁতভাৱে ছবি আঁকিব পাৰে৷ পিছে মাধ্যম নাজানে বা সামগ্ৰীসমুহ কিনিবলৈ ধন নাই। বহু অসুখীয়া শিল্পী আছে , যি কোনো সাহায্য পোৱা নাই । ‘বাটৰ কেনভাছ’ এ এনে শিল্পীসকলৰ বাবে এটা ন্যাস গঠন কৰিছে । অসমৰ চিত্ৰশিল্পৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে আৰম্ভ হোৱা এই ন্যাস আৰু অনুষ্ঠানটোৱে গাঁও- চহৰ-নগৰৰ এহেজাৰ শিল্পীক একত্ৰিত কৰি সম্প্ৰতি তেঁওলোকৰ বিকাশৰ হকে কাম কৰি আছে । অসমৰ লোকসংস্কৃতিক বিশ্ব দৰবাৰত প্ৰদৰ্শন কৰাৰ পৰিকল্পনাও ‘বাটৰ কেনভাছ’-এ কৰিছে ।

‘বাটৰ কেনভাছ , অসম’ এ ইতিমধ্যে ড্ৰাগচৰ বিৰুদ্ধে সজাগতা , কন্যা সন্তানৰ সুৰক্ষাৰ সপক্ষে সজাগতা , এশিঙীয়া গড়ঁ আৰু কাজিৰঙাৰ সুৰক্ষা আদি বিষয়ত সজাগতামূলক চিত্ৰশিল্পৰে নিজৰ সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়াৰ লগতে গণমুখী শিল্পৰ ধাৰাটোৰ প্ৰতিও আগ্ৰহ দেখুৱাইছে । চিত্ৰশিল্পও যে একধৰণৰ মানুহৰ সংযোগ আৰু বাৰ্তা প্ৰেৰণৰ মাধ্যম হ’ব পাৰে – ‘বাটৰ কেনভাছ’ৰ এই ধৰণৰ পদক্ষেপে তাৰেই ইংগিত দিয়ে।
অসমৰ পুৰোধা ব্যক্তিসকলৰ প্ৰতিকৃতি অংকন কৰি , নৱপ্ৰজন্মক সেইসকল পুৰোধা ব্যক্তিৰ সৈতে পৰিচয় কৰি দিয়াৰ যত্ন এই অনুষ্ঠানটোৱে কৰিছে । নৱপ্ৰজন্মৰ শিল্পীসকলক জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধ কৰি তোলাৰ বাবে এনে ধৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে যি সমাজলৈ শুভবোধৰ বাৰ্তা পঠিয়াইছে বুুলি ‘বাটৰ কেনভাছ’ আশাবাদী ।

ননী বৰপূজাৰী , চম্পক বৰবৰা , মনোজ ৰয় , শান্তি ৰাজখোৱা , উৎপল তালুকদাৰ , প্ৰদীপ নাথ আদিৰ দৰে অভিজ্ঞ শিল্পীৰ লগতে নৱপ্ৰজন্মৰ শিল্পীসকলকো সৃষ্টিশীল শিল্পৰ মাজেৰে অনুভৱ আৰু অভিজ্ঞতাৰ আদান – প্ৰদান কৰিবলৈ ‘বাটৰ কেনভাছ’ এ এখন মঞ্চ প্ৰস্তুত কৰি দিয়াৰ মানস কৰিছে । একেদৰে চিত্ৰশিল্পৰ মাজেৰে অসমৰ পৰ্যটন উদ্যোগটোক সমৃদ্ধ কৰিবলৈও ‘বাটৰ কেনভাছ’এ গ্ৰহণ কৰিছে নতুন পদক্ষেপ । তদুপলক্ষে , আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰিবলৈ হাতত লোৱা RHINO FESTIVAL ৰ প্ৰসংগ উনুকিয়াব পাৰি । এইক্ষেত্ৰত সকলো চিত্ৰশিল্পী আৰু ৰাইজৰ সহযোগ ‘বাটৰ কেনভাছ , অসম’ ৰ কাম্য । সকলোৰে অংশগ্ৰহণ আৰু সহযোগিতাৰ মাজেৰে ‘বাটৰ কেনভাছ’ ৰ এই সৃষ্টিশীল যাত্ৰা আগুৱাই যাব পাৰিব ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে