দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / ধাৰাবাহিক / ইতিহাস / বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত অসমত সংঘটিত চাহ-শ্ৰমিক আন্দোলনসমূহ (ডঃ কমল কুমাৰ তাঁতী)

বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত অসমত সংঘটিত চাহ-শ্ৰমিক আন্দোলনসমূহ (ডঃ কমল কুমাৰ তাঁতী)

(১)
ঐতিহাসিক তথ্য-পাতিসমূহ আৰু তদানীন্তন ব্ৰিটিছ চৰকাৰৰ বিভিন্ন চৰকাৰী নথি-পত্ৰৰ জৰিয়তে এই কথা স্পষ্টভাৱে প্ৰমাণিত হৈছে যে, বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত, অৰ্থাৎ ১৯০০ চনৰপৰা ১৯৩০ চনৰ মাজৰ সময়চোৱাত, ঔপনিৱেশিক অসমৰ চাহ-বাগিছাসমূহত আদিবাসী চাহ-শ্ৰমিকসকলৰ নেতৃত্ত্বত এলানি শ্ৰমিক আন্দোলন সংঘটিত হৈছিল ৷ তদুপৰি, কিছু তথ্য-পাতিয়ে এই কথাও উনুকিয়াই দিয়ে যে – বৃহত্তৰ অসমীয়া জাতি-গঠন প্ৰক্ৰিয়াত এই শ্ৰমিক আন্দোলনসমূহে এক গুৰুত্ত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে৷ পিছে দূৰ্ভাগ্যবশত: বিভিন্ন কাৰণত ঔপনিৱেশিক অসম আৰু বৃহত্তৰ অসমীয়া জাতিৰ ‘জাতীয় ইতিহাস’ত এই আন্দোলনসমূহে কোনোকালেই যথাযোগ্য গুৰুত্ত্ব পোৱা নাই ৷ সেইবাবেই ঔপনিৱেশিক অসমৰ ইতিহাসৰ কিছু গুৰুত্ত্বপূৰ্ণ কথা এই লেখাটোৰ জৰিয়তে আলোকপাত কৰিব বিচৰা হৈছে ৷

১৯০৬ চনত প্ৰকাশিত হোৱা ‘The Romantic East: Burma, Assam and Kashmir’-শীৰ্ষক গ্ৰন্থখনৰ ১১১ নং পৃষ্ঠাত ইউৰোপীয় ভ্ৰমণকাৰী তথা লেখক ৱাল্টাৰ ডেল মাৰে ঔপনিৱেশিক অসম, আদিবাসী মূলৰ চাহ-শ্ৰমিকসকল আৰু (পণ্য-সামগ্ৰী হিচাপে) চাহ-পাতৰ মাজত থকা একমাত্ৰ সম্পৰ্কটো সঠিকভাৱেই একেটা বাক্যতে উদঙাই দেখুৱাইছিল – “The romance of Assam is a romance of commerce, the history of a savage country brought under civilised rule through the cultivation, by alien labour, of a single product” ৷ বিশিষ্ট ইতিহাসবিদ ড0 বোধিসত্ত্ব কৰে ৱাল্টাৰ ডেল মাৰৰ এই উক্তিটোৰ কথা উল্লেখ কৰি “Energizing Tea, Enervating Opium: Culture of Commodities in Colonial Assam”-শীৰ্ষক তেওঁৰ বিখ্যাত গৱেষণা-পত্ৰখনত সঠিকভাৱেই মন্তব্য কৰিছে এইবুলি – “the truth of a territory can be expressed as the fact of a commodity” ৷

প্ৰকৃতপক্ষে ঔপনিৱেশিক-সাম্ৰাজ্যবাদী ব্ৰিটিছ ব্যৱসায়িক শক্তিসমূহৰ সৈতে অসমৰ চাহপাত-কেন্দ্ৰিক ব্যৱসায়িক সম্পৰ্ক স্থাপন হয় ১৮৩৯ চনৰ ১০ জানুৱাৰীৰ দিনা – কিয়নো সেইদিনাই পোনপ্ৰথমবাৰৰ বাবে লণ্ডনত ‘Assam Tea’ অৰ্থাৎ অসমৰ চাহ-পাতৰ নিলাম কৰা হয় ৷ উল্লেখযোগ্য যে, কৃষিভিত্তিক এই জঁটিল ব্যৱসায়িক সম্পৰ্কসমূহৰ পাতনি মেলে স্কটলেণ্ডৰ ব্যৱসায়ী ৰবাৰ্ট ব্ৰুছে ৷ ১৮২৩ চনত ভাৰতৱৰ্ষলৈ অহা ৰবাৰ্ট ব্ৰুছৰ মূল উদ্দেশ্য আছিল – অসমৰ এটা খিলঞ্জীয়া জনজাতি চিংফৌসকলৰ মূল ব্যক্তি বিচা গামক সাক্ষাৎ কৰাৰ লগতে চিংফৌসকলে খেতি কৰা চাহ-পাতৰ কেইবাটাও প্ৰজাতিৰ বিষয়ে জ্ঞান আহৰণ কৰি, পৰ্যায়ক্ৰমে সেইবোৰৰ খেতি-বাতি আৰম্ভ কৰা ৷ ১৮২৪ চনত হঠাতে ৰবাৰ্ট ব্ৰুছৰ মৃত্যু হয় ৷ মৃত্যুৰ আগে আগে তেওঁ নিজ ভাতৃ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছক চিংফৌসকলৰপৰা চাহপাত সম্পৰ্কে তেওঁ অৰ্জন কৰা জ্ঞানখিনি বিশদভাৱে অৱগত কৰি থৈ যায় আৰু এইবুলিও কৈ থৈ যায় যে – কেৱলমাত্ৰ অসমতেই এনে প্ৰজাতিৰ চাহপাতৰ ব্যৱসায়িক খেতি সম্ভৱপৰ ৷ ইয়াৰ প্ৰায় এটা দশকৰ পিছতহে ব্ৰিটিছ চৰকাৰে চীনদেশৰ সলনি অসমত চাহ-খেতি ব্যৱসায়িকভাৱে আৰম্ভ কৰাৰ বাবে চিন্তা-চৰ্চা কেন্দ্ৰীভূত কৰিবলৈ সিদ্ধান্ত লয় ৷

১৮৩৪ চনৰ আৰম্ভণিতে ব্ৰিটিছ চৰকাৰে এখন ‘চাহ সমিতি’ (Tea Committee) গঠন কৰি দিয়ে ৷ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ব্যৱসায়িকভাৱে চাহ-খেতি আৰম্ভ কৰাৰ বাবে কোনটো অঞ্চলক নতুন উদ্যোগক্ষেত্ৰ হিচাপে বাচি লৈ ইয়াৰ সকলো শক্তি কেন্দ্ৰীভূত কৰিব, সেই বিষয়ে এই সমিতিৰ জৰিয়তে এক চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ চেষ্টা কৰা হৈছিল ৷ ব্ৰিটিছ সামৰিক বাহিনীৰ সৈতে আলোচনা-বিলোচনা কৰাৰ পিছত ‘চাহ সমিতি’য়ে সিদ্ধান্ত গ্ৰহণ কৰে যে – ব্যৱসায়িকভাৱে চাহ-খেতি কৰাৰ বাবে অসমেই হৈছে সবাতোকৈ উপযুক্ত অঞ্চল ৷ চাহ সমিতিৰ ছুপাৰিশমতেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ উদ্যোগত ১৮৩৯ চনত ‘আসাম কোম্পানী’ৰ গঠন কৰা হয় আৰু অসমত ব্যৱসায়িকভাৱে চাহ-খেতিৰ পাতনি মেলা হয় ৷

স্থানান্তৰত মই ইতিমধ্যেই মত প্ৰকাশ কৰিছোঁ যে সামন্ততন্ত্ৰ-ৰাজতন্ত্ৰৰ বিনাশ ঘটাই অসমত প্ৰকৃত অৰ্থৰ ঔপনিৱেশিকতা আৰু সাম্ৰাজ্যবাদৰ সূচনা কৰা হয় – অসমত নতুনকৈ গঢ় লৈ উঠা চাহ-বাগিছাবোৰত কাম কৰোৱাবলৈ তদানীন্তন ভাৰতৱৰ্ষৰ বিভিন্ন প্ৰদেশৰ পৰা আদিবাসী লোকসকলৰ ‘বলপূৰ্বক প্ৰব্ৰজন’ৰ (Forced Migration) জৰিয়তে ৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সূচনা হয় ‘শ্ৰমিক আৰু শ্ৰম’ৰ ‘বলপূৰ্বক স্থানান্তৰিতকৰণ’ৰ (Forced Displacement of Labour and Labourer) জৰিয়তে ৷

ব্ৰিটিছ সাম্ৰাজ্যবাদী চৰকাৰ আৰু বিদেশী ঔপনিৱেশিক পূঁজিপতি মহলে ভাৰতৱৰ্ষৰ বিভিন্ন আদিবাসী-অধ্যুষিত অঞ্চলসমূহৰপৰা ‘আড়কাঠিয়া চালান’ আৰু ‘চৰ্দাৰী ব্যৱস্থা’ৰ জৰিয়তে মূলত: আদিবাসী লোকসকলক অসমৰ চাহ বাগিছাসমূহত কাম কৰোৱাবলৈ ‘বলপূৰ্বক প্ৰব্ৰজন’ কৰোৱাইছিল ৷ ঐতিহাসিক তথ্য-পাতিসমূহে এই কথা প্ৰমাণিত কৰিছে যে এই প্ৰব্ৰজন আৰম্ভ হৈছিল ১৮৫৮-৫৯ চনত ৷
১৮৬৩ চনত ব্ৰিটিছ চৰকাৰে প্ৰথমখন ‘শ্ৰমিক আইন’ ব্ৰিটিছ সংসদত গৃহীত কৰে, যাৰ জৰিয়তে বলপূৰ্বক প্ৰব্ৰজনৰ এই প্ৰক্ৰিয়াটো সুচল কৰি তোলা হয় ৷ এই আইনযোগে ভাৰতৱৰ্ষৰ বিভিন্ন প্ৰদেশৰপৰা শ্ৰমিক আমদানি কৰাৰ বাবে ‘আড়কাঠী’-সকলক (লাইচেন্সপ্ৰাপ্ত নিয়োগকৰ্ত্তা) প্ৰয়োজনীয় অনুমতি প্ৰদান কৰা হয় ৷ পুনৰ ১৮৭০ চনত এই আইনখনৰ সংশোধনী ঘটাই শ্ৰমিক আমদানিৰ প্ৰক্ৰিয়াটো আৰু অধিক সুচল কৰি তুলিবলৈ ‘চৰ্দাৰী ব্যৱস্থা’কো প্ৰয়োজনীয় অনুমতি দিয়া হয় ৷

১৮৬৭-৬৮ চনৰ বংগৰ প্ৰশাসনীয় প্ৰতিবেদনৰ মতে, সেই সময়ত অসমৰ চাহ-বাগিছাসমূহত ২২,৮০০ জন আমদানিকৃত শ্ৰমিক আৰু ১১,৬৩৩ জন স্থানীয় শ্ৰমিক কৰ্মৰত আছিল ৷ ১৮৮০ চনৰ পৰৱৰ্ত্তী সময়চোৱাত ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ উদ্যোগত শ্ৰমিক আমদানিৰ জৰিয়তে হোৱা এই ‘বলপূৰ্বক প্ৰব্ৰজন’ প্ৰবলৰূপে বৃদ্ধি পায় ৷ ইয়াৰ পৰিণামস্বৰূপে, ১৯০১ চনৰ Census of India-ৰ ৰিপ’ৰ্টমতে, মুঠ প্ৰব্ৰজিত, মূলত: আদিবাসী মূলৰ চাহ শ্ৰমিকৰ সংখ্যা হৈছিলগৈ ৬৪৫,০০০ জন ৷
ভাৰতৰ বিশিষ্ট সমাজ-বিজ্ঞানী ৰাণাপ্ৰতাপ বেহেলে তেওঁৰ কেইবাখনো বিখ্যাত গৱেষণা-পত্ৰত এই ‘বলপূৰ্বক প্ৰব্ৰজন’ৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছে ৷ ‘Coolies, Recruiters and Planters: Migration of Indian Labour to the Southeast Asian and Assam Plantations during Colonial Rule’-শীৰ্ষক এখন বিখ্যাত গৱেষণাপত্ৰত তেওঁ উল্লেখ কৰামতে, ১৮৭৩-১৯৩২ চনৰ ‘Assam Labour Reports’ আৰু ১৯৩৪-১৯৪৭ চনৰ ‘Reports on Emigrant Labour’ অনুসৰি, ১৮৭৩-১৯৪৭ চনৰ সময়চোৱাত অসমলৈ বলপূৰ্বকভাৱে আমদানিকৃত আদিবাসী শ্ৰমিকৰ সৰ্বমুঠ সংখ্যা হৈছিলগৈ ৩২,৭২,৮০০ জন (প্ৰায় ৩৩ লাখ)৷ অৰ্থাৎ ভাৰতৱৰ্ষই স্বাধীনতা লাভ কৰাৰ মূহুৰ্ত্তত অসমৰ চাহ-বাগিছাসমূহত প্ৰায় ৩৩ লাখ আদিবাসী-চাহ শ্ৰমিক কৰ্মৰত আছিল৷

উল্লেখ্য যে এই চৰকাৰী পৰিসংখ্যাবোৰত কেৱল চৰকাৰীভাৱে আমদানিকৃত শ্ৰমিকৰ এক সাধাৰণ পৰিসংখ্যাহে উল্লেখ কৰা হৈছিল ৷ বেচৰকাৰীভাৱেও, সেই সময়চোৱাত বহু আদিবাসী লোক স্ৱতন্তৰীয়াভাৱে আৰু নিজৰ পৰিয়াল-পৰিজনৰ (যিসকলে পূৰ্বতেই অসমলৈ আমদানিকৃত) সংশ্ৰৱত থাকি কাম কৰিবলৈ অথবা অন্য কাৰণত অসমলৈ গুছি আহে ৷ গতিকে ১৯৪৭ চনত, অসমলৈ বলপূৰ্বকভাৱেই হওক অথবা নিজ ইচ্ছাতেই হওক, অসমলৈ প্ৰব্ৰজন কৰা আদিবাসী লোকৰ মুঠ সংখ্যা ৪০-৪৫ লাখৰ কম নিশ্চয় নাছিল ৷
ভাৰতৱৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছতেই অসমলৈ আদিবাসী চাহ-শ্ৰমিকৰ এনে প্ৰব্ৰজন একেবাৰেই কমি যায় আৰু ১৯৫০-ৰ দশকৰ শেষভাগলৈ আদিবাসী শ্ৰমিকৰ বলপূৰ্বক আমদানি সম্পূৰ্ণৰূপে বন্ধ হৈ যায় ৷ উল্লেখযোগ্য যে, এইসকল আদিবাসী লোক পিছলৈ আৰু কেতিয়াও নিজৰ মূল ঠাইলৈ ঘূৰি নগ’ল ৷ অসমকেই নিজৰ ‘একমাত্ৰ বাসভূমি’ অথবা ‘দেছ’(দেশ) বুলি সাৱটি লৈ, অসমীয়া ভাষাকে নিজৰ মূখৰ মাত বুলি ধৰি লৈ এইসকল লোকে পৰৱৰ্ত্তী সময়চোৱাত অসমৰ বৃহত্তৰ জাতি-গঠন প্ৰক্ৰিয়াত এক অভূতপূৰ্ব অৱদান আগবঢ়ালে৷

সম্ভৱত: এই কথাটো বহু আগতীয়াকৈ নিজস্ব দূৰদৃষ্টিৰে অনুধাৱন কৰিব পাৰিছিল কাৰণেই চাগৈ, উনবিংশ শতিকাৰ দ্বিতীয়টো ভাগত সেই সময়ত নতুনকৈ গঢ় লোৱা অসমীয়া মধ্যবিত্তসকলৰ একাংশই আদিবাসী শ্ৰমিকসকলৰ এই বলপূৰ্বক প্ৰব্ৰজনৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল ৷ আনন্দৰাম ঢেকীয়াল ফুকন, গুণাভিৰাম বৰুৱা আদিকে ধৰি বহুকেইজন বিশিষ্ট অসমীয়া লোকে এই সম্পৰ্কে সহমত প্ৰকাশ কৰাৰ লগতে এই কথাটোত পতিয়ন গৈছিল যে, এনেবোৰ প্ৰব্ৰজন অবিহনে অসমৰ অৰ্থনৈতিক প্ৰগতি সম্ভৱপৰ নহ’ব আৰু সেয়ে তেওঁলোকে ব্ৰিটিছ চৰকাৰক অনুৰোধ জনাইছিল – যাতে অসমলৈ এনে প্ৰব্ৰজন অব্যাহত ৰখা হয় ৷

কিন্ত্ত ইয়াৰ বিপৰীতে গৈ তদানীন্তন চিফ কমিছনাৰ হেনৰী হপকিন্সনে মত প্ৰকাশ কৰিছিল যে, অসমলৈ আদিবাসী চাহ-শ্ৰমিকসকলৰ প্ৰব্ৰজনক উৎসাহিত কৰি থকাটো উচিত নহ’ব – কিয়নো দিনে দিনে বৃদ্ধি পাই গৈ থকা জনসংখ্যাৰ বাবে প্ৰয়োজনীয় যথেষ্ট পৰিমাণৰ খাদ্যশস্য অসমত উৎপাদিত নহয় অথবা সেই বৃহৎ পৰিমাণৰ খাদ্যশস্য উৎপাদন কৰিব পৰাকৈ অসমৰ তদানীন্তন জনসমষ্টি সক্ষম নহয় ৷ সেয়েহে আদিবাসীসকলৰ পৰিৱৰ্ত্তে, অসমৰ পতিত মাটিসমূহত বিভিন্ন ধৰণৰ খাদ্যশস্যৰ খেতি-বাতি কৰিবলৈ কোনো পৰম্পৰাগত কৃষক সম্প্ৰদায়কহে অসমলৈ প্ৰব্ৰজন কৰোৱাব লাগে ৷ এনেবোৰ কাৰণতেই প্ৰকৃততে ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ উদ্যোগত অসমলৈ পূৰ্ববংগীয় কৃষক সমাজ, বিশেষকৈ মৈমনসিঙীয়া মুছলমান কৃষক ৰাইজৰ প্ৰব্ৰজনে পাতনি মেলিছিল ৷ (আগলৈ)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে