দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / জানুৱাৰি সংখ্যাৰ সম্পাদকীয়

জানুৱাৰি সংখ্যাৰ সম্পাদকীয়

এক ঐতিহাসিক সংগ্ৰাম আৰু বহু যুঁজাৰুৰ তেজৰ বলিদানৰ পাছত ১৯৪৭ চনৰ স্বাধীনতা আন্দোলনে ভাৰতবাসীলৈ যি স্বাধীনতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল, সেই স্বাধীনতা জাতি,বৰ্ণ,ধৰ্ম, লিংগ নিৰ্ৱিশেষে সকলোৰে বাবে সমভাৱৰ আছিলনে ? ব্ৰিটিছ শক্তিৰ পৰাক্ৰম ওফৰাই ভাৰতবাসীয়ে নিজকে এটা স্বাধীন জাতি বুলি পৰিচয় দিলে সচাঁ, কিন্তু তাৰ পাছতো সামাজিক অৱস্থানৰ কোনো সাল সলনি নোহোৱাকৈ সমাজৰ দ্বাৰা অৱদমিত কৰি ৰাখিব বিচৰা হ’ল আন এক শক্তিক। ‘নাৰী শক্তি’ক। তেন্তে স্বাধীনতা আন্দোলনৰ পূৰ্বে ঊনৈশ শতিকাত আৰু স্বাধীনতা আন্দোলনৰ গাত ভেজা দি বিংশ শতিকাত মূৰ দাঙি উঠা সমাজ সংস্কাৰ আন্দোলন সমূহ মিছা আছিল নেকি? য’ত নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধ সমূহ মষিমূৰ কৰিবলৈ সমাজ সেৱক সকল বদ্ধ-পৰিকৰ হৈছিল? আহকচোন ইতিহাসলৈ কিছু উভতি চাওঁ।

১৮১৭ চনত ইংৰাজ লেখক জেমচ মিলৰ ‘The History Of British India’ নামৰ গ্ৰন্থখন প্ৰকাশ পায়৷ তেওঁ গ্ৰন্থখনত কৈছিল যে এখন দেশৰ নাৰী হৈছে সেই দেশ খনৰ উন্নয়ণ নিৰ্ধাৰণৰ মাপকাঠি অৰ্থাৎ এখন দেশ কিমান উন্নত সেইটো সেই দেশখনত বসবাস কৰা নাৰীসকলৰ অৱস্থান চাই নিৰ্নয় কৰিব পাৰি। মিলৰ গ্ৰন্থখনত উল্লেখ থকা এই কথা কেইশাৰীয়ে ভাৰতবাসী আৰু ইংৰাজ বাহিনী দুয়ো পক্ষক তেওঁলোকৰ লক্ষ্যৰ দিশে ধাৱিত হোৱাত পৃথক ধৰণেৰে প্ৰভাৱিত কৰিলেও , তেওঁলোকৰ এই লক্ষ্যত উপনীত হ’বৰ বাবে প্ৰয়োজন হোৱা ঢাল একে হৈ পৰিল। ইংৰাজ সকলে বাৰুকৈয়ে জানিছিল যে ভাৰতবৰ্ষ হৈছে এনে এখন দেশ; য’ত অন্ধবিশ্বাস, কু-সংস্কাৰ, পৰম্পৰা ,ৰক্ষণশীল মানসিকতাই দকৈ শিপাই আছে। গতিকে সেই সময়ত ভাৰবৰ্ষত প্ৰচলন হৈ থকা নাৰীজনিত অপৰাধসমূহ যেনে- সতীদাহ প্ৰথা, বাল্যবিবাহ, যৌতুক প্ৰথা আদি নিবাৰণ কৰাৰ কাৰ্যসূচী হাতত লৈ ইংৰাজসকলে ভাৰতীয়সকলক প্ৰতিপন্ন কৰিব বিচাৰিছিল যে ভাৰতীয়সকল অসভ্য, বৰ্বৰ, অশিক্ষিত জাতিৰ বাহিৰে আন একো নহয়। গতিকে যি জাতীয়ে নিজৰ নাৰীক সুৰক্ষা দিব নোৱাৰে তেওঁলোকৰ হাতত দেশ সুৰক্ষিত নে? সেই জাতিয়ে স্বাধীনতা পাবৰ যোগ্য নে ? এয়া আছিল ইংৰাজ সকলৰ যুক্তি। ইয়াৰ বিপৰীত কাৰ্যপন্থা হাতত ল’বলৈ তৎপৰ হৈ উঠিছিল ভাৰতীয় জাতি। ভাৰতীয়সকলে অনুমান কৰিব পাৰিছিল যে ইংৰাজসকলে সমাজ স্ংস্কাৰৰ নামত তেওঁলোকৰ সুবিধা ল’ব বিচাৰিছে। গতিকে তেওঁলোকৰ নিজৰ মাজতে প্ৰচলন হৈ থকা নাৰীজনীত অপৰাধসমূহ, কু-সংস্কাৰসমূহ মষিমূৰ কৰাৰ মাজেৰে ভাৰতীয়সকলে নিজকে এটা উন্নত, সভ্য, শিক্ষিত জাতি হিচাপে ইংৰাজৰ দৃষ্টিত প্ৰতিষ্ঠা কৰিবলৈ হাতে-কামে লাগিছিল, যাতে ইংৰাজৰ দৰে এটা আধুনিক, পৰাক্ৰমী, উন্নত জাতিক উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হয়৷ ইংৰাজ আৰু ভাৰতীয় এই দুই পক্ষৰ নাৰীক কেন্দ্ৰ কৰি হোৱা সমাজ সংস্কাৰৰ আঁৰত যদিও এক ৰাজনৈতিক স্বাৰ্থ জড়িত হৈ আছিল৷ ইয়াৰ সুফল এয়ে আছিল যে সেই সময়ত প্ৰ্চলিত বহু নাৰীজনিত অপৰাধৰ গতি হ্ৰাস হোৱাৰ উপৰি স্বাধীনতা সংগ্ৰামৰ আন্দোলনসমূহে কেৱল ঘৰৰ পৰিধিৰ মাজতে আৱদ্ধ নাৰীক ৰাজহুৱা স্থানলৈ লৈ অনাত সহায় কৰিছিল।

১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰিলে। স্বাধীনতাৰ সোৱাদে ভাৰতবাসীক আহ্লাদিত কৰি তোলাৰ মাজতে ভাৰতবৰ্ষৰ সংবিধান প্ৰণয়ন হ’ল; য’ত জাতি, ধৰ্ম,লিংগ , বৰ্ণ নিৰ্বিশেষে সমতাৰ এখন ভাৰতবৰ্ষ গঢ়ি তোলাৰ স্বপ্ন দেখুওৱা হ’ল। নাৰীৰ বাবে শিক্ষা, ৰাজনীতি , অৰ্থনীতি আদি সকলো ক্ষেত্ৰতে সমতা লাভৰ লক্ষ্যৰে সুকীয়া আঁচনিৰো প্ৰতিশ্ৰুতি দিয়া গ’ল।কিন্তু স্বাধীনতাৰ মাথোঁ কেইটামান দশকৰ পাছতে এই সকলো প্ৰতিশ্ৰুতি মিথ্যাত পৰিণত হ’ল। ১৯৭৪ চনত ‘Committee On The Status Of Women in India (CSWI) ৰ উদ্যোগত নাৰীৰ বিষয়ে প্ৰথমবাৰৰ বাবে ‘Towards Equality’ নামৰ প্ৰতিবেদন খন পোহৰলৈ অনা হয়, যি স্পষ্টকৈ এই তথ্য দাঙি ধৰে যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ ২৫ বছৰ পাছতো অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আদি সকলো ক্ষেত্ৰতে নাৰীৰ অৱস্থানৰ কোনো উন্নতি হোৱাটো নায়েই, বৰং অৱনতিৰ দিশেহে ধাৱিত হৈছে।

‘Towards Equality’ প্ৰতিবেদনখনৰ তথ্যই ভাৰতৰ সচেতন মহলক বাৰুকৈয়ে জোঁকাৰি গৈছিল। কাৰণ এই প্ৰতিবেদনখনতেই স্বাধীন ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা লিংগ অনুপাত, অৰ্থনৈতিক দিশত নাৰীৰ অনগ্ৰসৰতাকে ধৰি পোন প্ৰ্থমবাৰৰ বাবে নাৰীক এক বৃহৎ পৰিধিৰ মাজত সোমোৱাই সকলো তথ্য দাখিল কৰা হৈছিল। যি সময়ত মহিলা নেতৃসকলে স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ অৱদানক লৈ গৌৰাৱান্বিত হৈ পৰিছিল,সেই একেই সময়তে যৌন নিৰ্যাতন, যৌতুকৰ বাবে মৃত্যু আদিৰ বৰ্ধিত সংখ্যাই আন এখন পৃথক ছৱি ডাঙি ধৰিছিল। ইয়াৰ উপৰি ১৯ শ শতিকাৰ সমাজ সংস্কাৰ আন্দোলনৰ সময়ত মহিলাসকলক হয় উন্নয়নৰ লক্ষ্য হিচাপে নতুবা সামাজিক কুসংস্কাৰ বিলাকৰ বলি হিচাপে দৃষ্টিপাত ক’ৰা হৈছিল। কিন্তু কেতিয়াও দেশৰ উন্নয়নত অংশকাৰী হিচাপে দৃষ্টি নিক্ষেপ কৰা হোৱা নাছিল। এই সকলোবোৰ দিশ সাঙুৰি ১৯৭৪ চনত প্ৰকাশ পোৱা এই প্ৰতিৱেদন খনকেই ভাৰতত ‘নাৰী অধ্যয়ন’ বিষয়টোৰ বাটকটীয়া বুলি অভিহিত কৰিব পাৰি।

‘নাৰী অধ্যয়ন’ বুলি ক’লে প্ৰথমে ই এক শৈক্ষিক বিষয়। কিন্তু যিদৰে অৰ্থনীতি বিজ্ঞান বুলি ক’লে কেৱল বেংক ব্যৱস্থা বা মুদ্ৰা নহয়, ৰাজনীতি বিজ্ঞান বুলিলে কেৱল মন্ত্ৰিত্ব বা নিৰ্বাচনেই ন’হয়, ঠিক একেদৰেই কেৱল নাৰীৰ বিষয়ে হোৱা আলোচনাই ‘নাৰী অধ্যয়ন’ নহয়। ইয়াৰ পৰিধি বহল।কিন্তু ৰাজনীতি বিজ্ঞান, বুৰঞ্জী আদি ইতিমধ্যে প্ৰতিষ্ঠিত বিষয়সমূহৰ লগত ‘নাৰী অধ্যয়ন’ৰ এক পাৰ্থক্য আছে। ‘নাৰী অধ্যয়ন’ৰ জৰিয়তে ইতিমধ্যে প্ৰতিষ্ঠিত পৰম্পৰাগত বিষয়সমূহ নাৰীবাদৰ পৰিপ্ৰেক্ষিতত সূক্ষ্মভাৱে নিৰীক্ষণ কৰি বিশ্লেষণ কৰা হয়। এই বিষয়সমূহে প্ৰদান কৰা জ্ঞান বা চিন্তাক ‘নাৰী অধ্যয়ন’-এ নাৰীবাদৰ পৰিপ্ৰেক্ষিতত , সন্মিলিতভাৱে, সম্পূৰ্ণ কৰি তুলিবলৈ চেষ্টা কৰে। নাৰীবাদী তত্ত্বসমূহ ‘নাৰী অধ্যয়ন’ত সৰ্বব্যাপিত্ব। নাৰীবাদী তত্বসমূহৰ তিনিটা স্তৰ (First wave, second wave, third wave) ৰ ভিত্তিতেই এতিয়ালৈকে আলোচনা হৈ অহা বিভিন্ন আনুষ্ঠানিক বা অনানুষ্ঠানিক শিক্ষাসমূহে প্ৰদান কৰা শিক্ষাক (existing knowledge) নাৰী অধ্যয়নে নাৰীবাদৰ পৰিপ্ৰেক্ষিতত পুংখানুপুংখুভাৱে নিৰীক্ষণ কৰি সমালোচনা কৰে। এই সমালোচনাৰ প্ৰয়োজন এই কাৰণেই হয় কাৰণ এতিয়ালৈকে বিভিন্ন বিষয়সমূহৰ জৰিয়তে প্ৰদান কৰা জ্ঞান বা চিন্তাসমূহ এনেধৰণেৰে গঠন কৰা হৈছে যে এইবিলাকত লিংগ বৈষম্য দৃষ্টিগোচৰ হয়। অতীতৰে পৰা চিন্তা বা জ্ঞানসমূহ প্ৰধানত পুৰুষসকলে গঠন কৰিছিল আৰু শিক্ষা ব্যৱস্থাতো তেওঁলোকৰে আধিপত্য আছিল। সেইবাবে জ্ঞান বা চিন্তাসমূহ গঠনৰ শীৰ্ষত ‘androcentric’ (জ্ঞানৰ কেন্দ্ৰবিন্দুত পুৰুষ) প্ৰকৃতি জড়িত হৈ থাকে । সেইকাৰণে আমি আনুষ্ঠানিক ( বিদ্যালয়, শৈক্ষিক অনুষ্ঠান) বা অনানুষ্ঠিক ( পৰিয়াল,সমাজ, পৰ্যবেক্ষণ) ক্ষেত্ৰসমূহৰ জড়িয়তে যি জ্ঞান আহৰণ কৰো প্ৰধানত পুৰুষকেন্দ্ৰীক হয় আৰু পুৰুষৰ পৰিপ্ৰেক্ষিততহে এই চিন্তাসমূহক গুৰুত্ব দিয়া হয়। ‘নাৰী অধ্যয়ন’ বিষয়টোৱে নাৰী আৰু পুৰুষৰ মাজত বৈষম্য সৃষ্টিত অৰিহণা যোগোৱা অতি সূক্ষ্ম কাৰকসমূহকো আলোচনাৰ মাজলৈ লৈ আনে আৰু এইবিলাকৰ সমাধানৰ পথ নিৰ্ণয়ত এক সবল ভূমিকা গ্ৰহণ কৰে।এনেকৈ বহুতো শব্দ যেনে পিতৃ প্ৰধান (patriarchy), ৰাজহুৱা/ব্যক্তিগত (public/private) লিংগ ভিত্তিক বৈষম্য (gender based discrimination), সেৱা অৰ্থনীতি (Care economy), সামাজিকীকৰণ প্ৰক্ৰিয়া (Socialization process)আদি পূৰ্বে পোহৰলৈ নহা শব্দ আলোচনাৰ মাজলৈ অহাৰ উপৰিও এই শব্দ বিলাকত নিহিত থকা চিন্তাৰ দ্বাৰা সমাজত পৰা বিৰোপ প্ৰভাৱৰ বিষয়ে সমাজলৈ সচেতনতা আনিবলৈ ‘নাৰী অধ্যয়ন’ বিষয়টোৱে অহোপুৰুষাৰ্থ কৰে।

‘Towards Equality’ প্ৰতিবেদনখন পোহৰলৈ অহাৰ পাছতেই ৮০’ৰ মাজভাগত ‘নাৰী অধ্যয়ন’ বিষয়টো বিশ্ববিদ্যালয় অনুদান আয়োগ (University Grant Commission)-ৰ উদ্যোগত সমগ্ৰ ভাৰতত প্ৰসাৰ ঘটোৱা হৈছিল আৰু ইয়াৰ পৰিপ্ৰেক্ষিততেই ভাৰতৰ বিভিন্ন ৰাজ্যসমূহত ‘নাৰী অধ্যয়ন গৱেষণা কেন্দ্ৰ (Women’s Studies research center) সমূহ গঢ়ি উঠিছিল। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ত পোন প্ৰথম বাৰৰ বাবে বিষয়টো স্থাপনত গুৰুত্ব দিয়া হয় আৰু ১৯৮৯ চনৰ ১৭ মাৰ্চত বিষয়টো গুৱাহাটী বিশ্ববিদ্যালয়ত ‘নাৰী অধ্যয়ন গৱেষণা কেন্দ্ৰ’(Women’s Studies research center ) হিচাপে প্ৰতিষ্ঠা কৰা হয়। ২০০৯ চনত বিষয়টো এম ফিল আৰু ২০১০ চনত পি এইচ ডি ৰ বিষয় হিচাপে আৰম্ভ কৰা হৈছিল। ২০১২ চনত স্নাতকোত্তৰ শ্ৰেণীৰ বিষয় হিচাপে ‘নাৰী অধ্যয়ন’ক গুৱাহাটী বিশ্ববিদ্যালয়ত পৰিচয় ঘটোৱা হয়। বৰ্তমান বিভাগটোৱে ‘Gender Studies’ ৰ এটা চাৰ্টিফিকেট কৰ্চো আৰম্ভ কৰি স্নাতক স্তৰত পদাৰ্পণৰ প্ৰয়াস কৰিছে।

প্ৰশ্ন হয়, ‘নাৰী অধ্যয়ন’ বিষয়টো প্ৰাসংগিকনে? ইয়াৰ প্ৰয়োজনীয়তা আছেনে? প্ৰকৃততে প্ৰশ্ন আহিব লাগিছিল কিম্বা লজ্জিত হোৱাৰ প্ৰয়োজনীয়তা আছিল যে এই বিষয়টো উত্থাপন হ’ব লগীয়াকৈ আমি আমাৰ সমাজ ব্যৱস্থাত আসোঁৱাহ থকাৰ সুবিধা ৰাখিলো কিয়? এইখন অসমতে ফুলকুমলীয়া বৰ্ণালী দেৱীক ধৰ্ষণ কৰি হত্যা কৰা হয়। এইখন ভাৰততে ২৪ বছৰীয়া জ্যোতি সিঙক কেৱল ধৰ্ষণতে ক্ষান্ত নাথাকি পেটৰ পৰা টানি চিঙি উলিয়াই অনা হয় অন্ত্ৰপ্ৰদাহ। নাৰী প্ৰকৃততে ক’ত সুৰক্ষিত? আত্মীয় স্বজনৰ মাজত ? নে বন্ধু বৰ্গৰ মাজত? পৰিচিতসকলৰ মাজত ? নে অপৰিচিতসকলৰ মাজত? সন্তান জন্ম দিবলৈ অসমৰ্থ যদি নাৰী, তেন্তে সেই নাৰীৰ জীৱন সমাজৰ দৃষ্টিত বৃথা। মাহেকীয়া হোৱাৰ বাবে অস্পৃশ্য, বিধৱা হোৱাৰ বাবে সমাজৰ শুভ কামৰ পৰা বৰ্জনীয়। কত সহস্ৰ নীতি, নিয়ম, বাধা-নিষেধেৰে পৰিৱেষ্টিত নাৰী। সমাজ ব্যৱস্থাৰ ওপৰত কিমান ক্ষোভিত হ’লে, কিমান তিক্ত অভিজ্ঞতাই মন ভাৰাক্ৰান্ত কৰি তুলিলে বাংলাদেশৰ প্ৰখ্যাত লেখক তচলিমা নাচৰিণে লিখিবলৈ বাধ্য হয়, “তেনেহ’লে এইয়াই সত্য নেকি যে নমৰিলে নাৰীৰ মুক্তি নাই?”

নাৰী শোষণৰ আঁৰত প্ৰকৃততে পূজিবাদী ব্যৱস্থাৰ কু-প্ৰভাৱেই থাকক বা আৰ্যসকলৰ আগমনৰ পাছাতেই কঠোৰ হৈ উঠা পৰম্পৰাবোৰেই দোষী হওক, প্ৰকৃত কথা এয়েই যে একবিংশ শতিকাত ভৰি দিও মানুহৰ মানসিকতাত শিপাই থকা লিংগ ভিত্তিক বৈষম্যৰ বীজ মষিমূৰ কৰিবলৈ,পুলি পোখালিয়ে উভালি আনিবলৈ সমাজ সমৰ্থ হৈ উঠিব পৰা নাই। যেতিয়ালৈকে চৰকাৰী আচনীসমূহত সুকীয়াকৈ নাৰীৰ বাবে কাৰ্যপন্থা হাতত লোৱাৰ প্ৰয়োজনীয়তা থাকিব, যেতিয়ালৈকে নাৰীৰ অধিকাৰৰ বাবে যুঁজ দিবলৈ বেচৰকাৰী সংস্থাবোৰ গঢ় লৈ থাকিব, তেতিয়ালৈকে আমি ক’ব নোৱাৰিম যে আমি প্ৰকৃততেই এখন উন্নত, আধুনীক, প্ৰগতিশীল পৃথিৱীৰ বাসিন্দা। সেইবাবেই মানুহৰ মনত গভীৰ ভাৱে শিপাই থকা লিংগ বিদ্বেষী মনোবৃত্তিৰ প্ৰসাৰত যাতে ভৱিষ্যতে আৰু সাৰ পানী পৰি বিস্তাৰিত ৰূপ ল’ব নোৱাৰে তাৰ বাবেই সাম্প্ৰতিক সময়ত ‘নাৰী অধ্যয়ন’ বিষয়টো অতি প্ৰাসংগিক হৈ উঠিছে।

এই সংখ্যাৰ সম্পৰ্কে

৮০’ৰ মাজভাগতে অসমলৈ ‘নাৰী অধ্যয়ন’ বিষয়টোৰ আগমন ঘটিছিল। ২০০৯ ত গৱেষণাৰ বিষয় হিচাপে আৰু ২০১২ চনত স্নাতকোত্তৰ শ্ৰেণীৰ বিষয় হিচাপে শৈক্ষিক পাঠ্যক্ৰম আৰম্ভ হ’লেও ‘নাৰী অধ্যয়ন’ বিষয়টো সম্পৰ্কে এতিয়াও অসমীয়া সমাজত ভাৰ্লেখিনি অজ্ঞতা পৰিলক্ষিত হয়। বিষয়টোৰ সম্পৰ্কে সঠিক তথ্যৰ অভাৱ বা অসমত বিষয়টোৰ সম্পৰ্কে ভাৰতৰ আন ৰাজ্যবিলাকতকৈ থকা তুলনামূলক সচেতনতাৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি জানুৱাৰি সংখ্যাৰ ‘বৌদ্ধিক বিচাৰ’ৰ অতিথি সম্পাদকৰ দায়িত্ব অৰ্পণ কৰাৰ পাছতেই টুনুজ্যোতি (গগৈ) দা আৰু প্ৰাণজ্যোতি (নাথ) বাইদেউৰ উদ্যোগত এই সংখ্যাটো ‘নাৰী অধ্যয়ন’ বিশেষ সংখ্যা ৰূপে সজাই তোলাৰ প্ৰয়াস কৰিছিলো। ‘নাৰী অধ্যয়ন’ বিষয়টো সম্পৰ্কে এতিয়াও অসমীয়া ভাষাত লিখিত সমলৰ সীমাৱদ্ধতা আদিয়ে পৰিকল্পনা অনুসৰি অতিথি চ’ৰা সজাই তোলাত ব্যাঘাত জন্মালে যদিও বিষয়টো সম্পৰ্কে বিভিন্নজনৰ মনত খু-দুৱনি থকা কিছু প্ৰশ্নৰ উত্তৰৰ আভাস দিয়াৰ প্ৰয়াসেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘নাৰী অধ্যয়ন’ বিভাগৰ মূৰব্বী অধ্যাপক ড: পলী ভক্লিনৰ লগত যোগাযোগ কৰাত তেখেতে উৎসাহ আৰু আগ্ৰহেৰে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিল। ড: ভকলিনৰ লগতে গু: বিশ্ববিদ্যালয়ৰ ‘নাৰী অধ্যয়ন’ বিভাগৰ বৈজ্ঞানিক প্ৰাধিকাৰী লখিমী দেৱী বাইদেৱে বিষয়টোৰ সম্পৰ্কত এটা লিখা দিয়াৰ উপৰি আলোচনীখনৰ প্ৰস্তুতিৰ কাম কৰি থকাৰ মাজৰ সময়চোৱাত আমাক যোগাই থকা উৎসাহৰ বাবে দুয়োগৰাকী ব্যক্তিলৈ আমাৰ সশ্ৰদ্ধ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।

টুনুজ্যোতি দালৈ ধন্যবাদ, নতুন বছৰটোত এক নতুন বিষয় অসমৰ বৌদ্ধিক সমাজত পৰিচয় কৰি দিবলৈ তেওঁ মোক প্ৰেৰণা যোগালে। প্ৰাণজ্যোতি (নাথ) বাইদেউ, ছৱি (গগৈ) বাইদেউ ,মলিন (মজুমদাৰ)দা, প্ৰাঞ্জল দা, হেমাংগ, প্ৰতীক্ষাৰ লগতে যিসকল লেখকে ব্যস্ততাৰ মাজতো সময় উলিয়াই আমাৰ অনুৰোধত এই সংখ্যাটো বিভিন্ন চিন্তাশীল আৰু মননশীল লেখাৰে সমৃদ্ধ কৰিলে তেওঁলোক সকলোলৈকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো। মোৰ শুভাকাংক্ষীসকলৰ লগতে দিগন্ত (চহৰীয়া) দালৈ ধন্যবাদ যাচিলোঁ, যি মই আলোচনীখনৰ কামবোৰ সুচাৰুৰূপে পৰিচালনা কৰিব পৰা নাই বুলি অনুভৱ কৰি কামবোৰ মোৰ বাবে সহজসাধ্য কৰি তুলিবলৈ মোক উৎসাহ আৰু প্ৰেৰণা যোগাইছিল।
ধন্যবাদ আৰু কৃতজ্ঞতা থাকিল সুন্দৰ অংকন শৈলীৰে এই সংখ্যাটো সজাই তোলা নাং চন্দ্ৰামিকা বৰা, প্ৰাচী আৰু গ্ৰীষ্মা শৰ্মাৰ লগতে আলোচনীখনৰ কাৰিকৰী দিশত জড়িত থকা সকলো ব্যক্তিলৈ, যিসকলৰ সহায়-সহযোগ অৱিহনে আলোচনীখনৰ এই সংখ্যাটো সম্পূৰ্ণ নহ’লহেঁতেন।
সদৌটিলৈ নৱবৰ্ষৰ শুভ-ইচ্ছাৰে….

গীতালী বৰপাত্ৰগোহাঁই

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে