চ’ৰাঘৰ / ডেকা চাং / ব্ৰাহ্মণ সংবাদ, নাৰী অধ্যয়ন আৰু ইয়াৰ গুৰুত্ব ( দিতিমণি গোস্বামী )

ব্ৰাহ্মণ সংবাদ, নাৰী অধ্যয়ন আৰু ইয়াৰ গুৰুত্ব ( দিতিমণি গোস্বামী )

‘ব্ৰাহ্মণ’ বুলিলে সাধাৰণতে পূজা-পাতল কৰা মানুহৰ শ্ৰেণীকে বুজায়। এক কথাত ক’বলৈ গ’লে পুৰোহিত শ্ৰেণী। ইতিহাসৰ বিভিন্ন স্তৰত ব্ৰাহ্মণ বা বিপ্ৰ সম্পৰ্কে আখ্যান শুনিবলৈ বা পঢ়িবলৈ পোৱা যায়৷ কিন্তু, জাতিত উচ্চ বংশ বুলি পৰিচিত এগৰাকী ব্ৰাহ্মণ নাৰীৰ স্থান সমাজত কেনেকুৱা? ‘লাও যিমানে ডাঙৰ নহওক কিয়, সদায় পাতৰ তল’ বোলা কথাষাৰ ব্ৰাহ্মণ সমাজৰ নাৰীৰ ক্ষেত্ৰতো খাটে৷ বিশেষকৈ ব্ৰাহ্মণৰ বিধৱা নাৰীৰ ক্ষেত্ৰত৷ ব্ৰাক্ষ্ণণ সমাজত স্বামীৰ মৃত্যুৰ পাছত এগৰাকী নাৰীৰ জীৱললৈ যি পৰিৱৰ্তন আহে, সেয়া কল্পনাৰো অগোচৰ। ‘নাযাবি’, ‘নাপায়’, ‘নাখাবি’, ‘নুচুবি’ আদি অন্ধবিশ্বাসেৰে নাৰীৰ জীৱনটোক দুৰ্বিসহ কৰি তোলে।কিন্তু পত্নীহাৰা ব্ৰাহ্মণ পুৰুষ এজনে তেনে বাধা-নিষেধৰ সন্মুখীন হ’ব লগা নহয়। এগৰাকী বিধবা ব্ৰাহ্মণ নাৰী বহু সময়ত পৰিয়ালৰ লোকৰ বাবেও বোজা হৈ পৰে। পূজাৰীৰ ঘৰৰ বিধৱা হ’লেতো কথাই সুকীয়া। শুধ বগা সাজেৰে একো গৰাকী জীৱন্ত মৃত নাৰী মূৰ্তি– য’ত প্ৰাণ থাকে সচাঁ, কিন্তু জীয়াই থকাৰ বাসনা নাথাকে।

সাধাৰণতে ব্ৰাহ্মণৰ বিধৱা নাৰী এগৰাকীয়ে বগা সাজ পৰিধান কৰি একমাত্ৰ ‘ঈশ্বৰ’ৰ আৰাধনা কৰিয়েই দিন পাৰ কৰিবলগীয়া হয়। ‘ঈশ্বৰ’ৰ অংশ শালগ্ৰাম গোসাঁইক স্বামী থকা নাৰীয়ে স্নান কৰোৱাৰ ক্ষেত্ৰত নিষেধ। সেয়া একমাত্ৰ ব্ৰাক্ষ্ণণ অথবা বিধৱা ব্ৰাহ্মণ পত্নীৰহে কৰ্তব্য। অথচ, শালগ্ৰাম গোসাঁই সকলোৰে পূজ্য। তেনেক্ষেত্ৰত নাৰীৰ বাবেহে এই নিয়ম কোনে বান্ধি দিলে? বৰ্তমান সময়ত বিধৱা বিবাহৰ প্ৰচলন হ’লেও  এই বিবাহক এতিয়াও বহুতে ভাল দৃষ্টিৰে নাচায়। আমিষ ব্যঞ্জন গ্ৰহণ কৰাৰ ফলত যৌনগ্ৰন্থীসমূহ সক্ৰিয় হৈ উঠে বাবে বিধৱা নাৰীৰ যৌনতা দমন কৰি ৰাখিবৰ বাবে তেওঁলোকক আমিষ খাদ্য খাবলৈ দিয়া নহয়৷ বৰ্তমানেও শিক্ষিত সমাজত দেখা যায় বিধৱা নাৰীৰ খোৱা-বোৱাত অনেক বাধা আছে।

ব্ৰাহ্মণ পৰিয়ালৰ ছোৱালী হিচাপে এনেবোৰ দৃশ্য দেখি আহিছোঁ। আইতাই ফুলকুমলীয়া বয়সতে দেহত বগা সাজ পৰিধান কৰিবলগীয়া হৈছিল। প্ৰচলিত পৰম্পৰাৰ গ্ৰাসৰ পৰা আমাৰ ঘৰখনো সাৰি যাব পৰা নছিলে। জীৱনৰ বহু ৰঙৰ পৰা বঞ্চিত আইতাই জীৱনৰ অন্তিম কালছোৱাত মাছ খোৱাৰ ইচ্ছাহে ব্যক্ত কৰিছিল। আনকি বেঙেনা জাতীয় খাদ্যবস্তু খাবলৈ দিলে মাছ নেকি বুলি সুধিছিল। সেই সময়খিনিত কেনেকুৱা অনুভৱ হৈছিল , হিয়াৰ মাজত কোনখিনিত তীব্ৰ বিষ হৈছিল– বুজাব নোৱাৰি। যিটো কথাই আজিও বুকুত শেলে বিন্ধাদি বিন্ধে।
এই নীতি-নিয়মবোৰ সংশোধন হোৱাটো খুবেই জৰুৰী।
‘নাৰী অধ্যয়ন’ আৰু ইয়াৰ গুৰুত্ব:
বহুতৰ মাজত কেতিয়াবা প্ৰশ্ন উদয় হয় ‘নাৰী অধ্যয়ন’ বিষয়টোনো কি? ইয়াত অকল ‘নাৰীবাদ’ৰ শিক্ষা দি পুৰুষৰ সত্বাক উলাই কৰা হয় নেকি? দৰাচলতে নহয়। ‘নাৰী অধ্যয়ন‘ নামৰ বিষয়টোৱে মাথোঁ এই কথা শিকাই যে নাৰীয়ে নিজৰ অস্তিত্ব ভালদৰে উপলব্ধি কৰা উচিত।গাৰ্হস্থ্য হিংসা, যৌন হিংসাৰ উচিত প্ৰত্যুত্তৰ দি সমাজখনক সৎ পথে পৰিচালিত কৰাটো নিতান্তই আৱশ্যক। এইক্ষেত্ৰত বৰ্তমান সময়ত এটা শুভ লক্ষণ পৰিলক্ষিত হৈছে। বহুসংখ্যক পুৰুষ এই বিষয়টোৰ প্ৰতি আগ্ৰহী হৈ এই বিষয়ত অধ্যয়ন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাও পৰিলিক্ষিত হৈছে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে