দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ধৰ্ষণৰ সংখ্যা বাঢ়িছে কিয় ? ( অৰুণজ্যোতি দাস)

ধৰ্ষণৰ সংখ্যা বাঢ়িছে কিয় ? ( অৰুণজ্যোতি দাস)

২০১৫ বৰ্ষৰ ২৩ মাৰ্চ তাৰিখে বিধানসভাৰ বাজেট অধি‌ৱেশনত বিধায়িকা গুল আখটাৰা বেগমৰ এটা প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা পূৰ্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ হৈ তেতিয়াৰ বনমন্ত্ৰী ৰকিবুল হুছেইনে সদনত যো‌ৱা দহবছৰত ৰাজ্যখনত হো‌ৱা নাৰী নিৰ্যাতনৰ ঘটনাসমূহৰ এক খতিয়ান দাঙি ধৰিছিল। উক্ত তথ্যমতে, ইং ২০০৫ বৰ্ষৰ পৰা ২০১৪ লৈকে বিগত দহ বছৰত অসমত নিৰ্যাতিত হো‌ৱা মহিলাৰ সংখ্যা হৈছে ৬৮,৩২৯। ইয়াৰ ভিতৰত ধৰ্ষণৰ বলি হো‌ৱা মহিলাৰ সংখ্যা হৈছে ১৫,৯৩১ গৰাকী আৰু ধৰ্ষণৰ বলি হৈ মৃত্যুবৰণ কৰা নাৰীৰ সংখ্যা হৈছে ৭৮ গৰাকী ।

দিনক দিনে, বছৰে বছৰে অসমত ধৰ্ষণৰ বলি হো‌ৱা মহিলাৰ সংখ্যা অতি ভয়ংকৰভা‌ৱে বাঢ়িবলৈ ধৰিছে। ই এটা অতি উদ্বিগ্নতাৰ বিষয়; কিয়নো আমাৰ বোধেৰে, স্বদেশত জন্ম হৈ সততা আৰু নিষ্ঠাৰ বলত জী‌ৱনত যিমানেই সফলতা অৰ্জন নকৰো কিয়, সেই গৌৰ‌ৱ দৰ্পচূৰ্ণ হৈ সদায়ে আমি লজ্জানত হৈ থাকিব লাগিব যদিহে আমি আমাৰ জন্মদাত্ৰী জননীক সুৰক্ষা দিবলৈ অপাৰগ হওঁ । আৰু দেশৰ আজিৰ পৰিস্থিতি হৈছে তেনে এক বিপন্ন সময় ।

সমাজৰ উন্নয়ন আৰু প্ৰগতিৰ মাপকাঠি হ’ল সভ্যতা (Civilization)। এই সভ্যতা বুলিলে আমি ডাঙৰ ডাঙৰ অট্টালিকা,কল-কাৰখানা,প্ৰযুক্তি, অৱzসৰ-বিনোদন – এইবোৰক নুবুজো। বৰঞ্চ আমি বুজা উচিত কিদৰে মানুহৰ অন্তৰাত্মাৰ ব্যাপ্তি আৰু মান‌ৱীয়তাৰ প্ৰসাৰে জাতি এটাক একত্ৰিত কৰি সু্স্থ চিন্তাৰে উচিত কামকাজেৰে এক সৰ্বতোপ্ৰকাৰে সুষম আৰু সমতুল সামাজিক বাতাবৰণ গঢ়ি তুলিব পাৰি-সেই ধাৰণাটোকহে । এটা সভ্য জাতি হ’ব পাৰে এখন দেশৰ বাবে এক মূল্য‌ৱান সম্পদ। আৰু সেইদৰে এটা অসভ্য জাতি দেশ এখনৰ প্ৰগতিৰ বাবে অভিশাপস্বৰূপ হ’ব পাৰে। যিবোৰ সামাজিক ব্যাধিয়ে এটা জাতিক অনুন্নত আৰু অসভ্য বুলি পৰিগণিত কৰাব পাৰে, তাৰে ভিতৰত গুৰুতৰ এটি হৈছে ধৰ্ষণ ।

পৃথি‌ৱীৰ সকলো সমাজ-বিজ্ঞানী আৰু মনোস্তত্ববিদে একে আষাৰে ক’ব- নিৰক্ষৰতা হৈছে ধৰ্ষণৰ এটি প্ৰধান কাৰক। ইয়াৰ অৰ্থ এইটো নহয় যে শিক্ষিত বা পঢ়া-শুনা কৰা মানুহৰ মাজত ধৰ্ষণকাৰী নাথাকে। কিন্তু বিজ্ঞসকলে পাইছে যে শিক্ষা হৈছে এনে এটা শক্তি যি মানুহৰ স্বাভিমানক জাগৃত কৰি এজন ব্যক্তিক সমাজমুখী হো‌ৱা আৰু শুভ চিন্তাৰে জাতিষ্কাৰ হো‌ৱাত সহায় কৰে। এইখন দেশে শিক্ষাৰ নামত স্মাৰ্ট ক্লাছৰুম, অনলাইন পাঠ্যক্ৰম, মুক্ত বিদ্যালয়, দূৰসংযোগী শিক্ষক, ই-বুক,ই-লাইব্ৰেৰী সকলো গঢ়ি তুলিছে সঁচা; কিন্তু শিক্ষাৰ এই প্ৰসাৰতাই ফুটপাথ,গলি বা বস্তি আৰু চৰ-চাপৰিত বাস কৰা কোটি কোটি ভাৰতীয়ক আজিও চুবগৈ পৰা নাই । আৰু সমাজৰ অৱ্হেলিত এই শিশুসকলক শিক্ষাৰ পোহৰ দিব পৰাকৈ যদিও চৰকাৰ আৰু বহুকেইটা ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় স্বেচ্ছাসে‌ৱী সংগঠনে কাগজে-কলমে কাম-কাজ কৰি আছে, বাস্ত‌ৱ অৰ্থত সেয়া এপাচি শাকত এটা জলকীয়াৰ সমান বুলি ক’লেও অত্যুক্তি কৰা নহ’ব । অশিক্ষিত এটি শিশু আজিৰ এই আধুনিক জী‌ৱন-যাত্ৰাৰ অংশীদাৰ হৈ ডাঙৰ-দীঘল হ’লেও তাৰ জ্ঞানশূন্যতাই তাক আদিম মান‌ৱৰ শাৰীতে ৰাখিব । আৰু এনে আদিমতাৰ অজুহাততে তেনে এজন যু‌ৱকে ধৰ্ষণৰ দৰে অপৰাধ সংঘটিত কৰি পেলো‌ৱাটো একো অস্বাভা‌ৱিক কথা হ’ব নো‌ৱাৰে।

প্ৰতিজন মানুহৰে অৱচেতন মনত সুপ্ত হৈ থকা অপৰাধপ্ৰ‌ৱণতাক জগাই দি যিকোনো দুষ্কাৰ্যৰ প্ৰতি উচতনি দিবৰ বাবে অনুঘটক হিচাপে কাম কৰে মাদক-দ্ৰব্য বা নিচাযুক্ত দ্ৰ‌ৱ্য সে‌ৱনে। এনে দ্ৰ‌ৱ্যই শৰীৰৰ স্নায়ুতন্ত্ৰত বিশেষ চাপৰ সৃষ্টি কৰি মানুহজনক বেপৰুৱা কৰি তোলে, যাৰ ফলতে কিজানি জেউৰা-খুটিহেন লোক এজনেও গাত হাতীৰ সমান বল থকা বুলি অনুভ‌ৱ কৰে । আৰু ‘জোৰ যাৰ মুলুক তাৰ’ কথাষাৰি দোহাৰি এইবোৰ মানুহে সমুখত থকা যিকোনো লোককে নিজতকৈ কম শক্তিবান বুলি ভা‌ৱি সকলো প্ৰকাৰৰ বাহুবল প্ৰদৰ্শন কৰিবলৈ উদ্যত হয় । আমি ব্যক্তিগতভা‌ৱে এনে মদপী লোকো দেখা পাইছো যি নিজৰ পৰিয়ালৰ মানুহৰ সমুখতে হিতাহিত জ্ঞান হেৰু‌ৱাই অভদ্ৰ আৰু অশিষ্ট আচৰণ কৰিবলৈ ধৰে। এনে মানুহক যদি মুক্তভা‌ৱে চলাফুৰা কৰিবলৈ এৰি দিয়া হয়,তেন্তে তেওঁ মদৰ নিচাতে কি কি যে নকৰিব তাৰ কোনো ঠিকনা নাই। গতিকে যি দেশত চৰকাৰে দেশী-বিদেশী সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি ঘৰৰ সমুখতে মদ নামৰ সমাজ ধ্বংসকাৰী এই উপাদানবিধ পাব পৰাৰ ব্য‌ৱস্থা কৰিছে, সেই দেশত বলাৎকাৰীৰ সংখ্যা নবঢ়াৰ কোনো যুক্তিয়েই নাই। ৰাইজে নিজে ওলাই আহি মদৰ ঘাটি উচ্ছেদ নকৰিলে বা ৰাগিয়াল-দ্ৰব্যৰ অপকাৰিতাৰ বিষয়ত জনসচেতনতা বৃদ্ধি নকৰিলে চৰকাৰে সেই কামটো কৰিব বুলি ভ‌ৱাটো ভুল হ’ব – কাৰণ ৰাজহ সংগ্ৰহৰ নাম দি নিজৰ পকেট গৰম কৰা কাৰবাৰটো বন্ধ কৰিবলৈ কোনো প্ৰশাসনেই কাহানিও ইমান বুৰ্বক নহ’ব কিজানি !

বিপৰীত লিংগৰ প্ৰতি থকা যৌন ক্ষুধা প্ৰতিটো প্ৰাণীৰেই এক প্ৰকৃতিপ্ৰদত্ত স্বাভা‌ৱিক প্ৰবৃত্তি। কিন্তু যেতিয়াৰপৰাই মানুহে সমাজ পাতি বসবাস কৰিবলৈ ল’লে, তেতিয়াৰপৰাই অনিয়ন্ত্ৰিত আৰু বিশৃংখল যৌনতাক নিয়ন্ত্ৰিত আৰু শৃংখলাবদ্ধ কৰি মানুহে অইন ইতৰ প্ৰাণীৰপৰা পৃথক হৈ বেছ বুদ্ধিমান আৰু উন্নত বুলি প্ৰমাণ কৰিবলৈ সক্ষম হ’ল । এই শৃংখলাবদ্ধতাৰ বাবেই মানুহে ‘বিবাহ’ নামৰ পৰম্পৰাটো আৰু সংগমৰ কিছুমান সামাজিক ৰীতি-নীতিৰ সূচনা কৰিলে যিবোৰে আজিও মানুহক ‘মানুহ’ হিচাপে স্বীকৃতি দিয়াত সহায়ক হৈ আহিছে । ইয়াৰ উপৰিও যিটো মান‌ৱীয় গুণে সমাজত এটি সুস্থ বাতাবৰণ গঢ় দিয়াত আটাইতকৈ বেছি অৰিহণা দি আহিছে সি হৈছে –‘নৈতিকতা’। কিন্তু দুৰ্ভাগ্যৰ বিষয়, এই বিংশ শতিকাটোতে আমাৰ সমাজখনত নৈতিকতাৰ অৱইক্ষয় ইমানেই ঘটিছে যে নীতি-শিক্ষাৰ কথা মাত্ৰ এষাৰো যদি আপুনি কয়, তেন্তে নিজৰ সন্তানেই আজি আপোনাক ‘আউট-দেটেড’ বুলি উপহাস কৰিব। শিশুক নৈতিকতাৰ পাঠ দিয়াৰ সলনি আজিকালি আমি সিঁহতক দিবলৈ লৈছো কম্পিউটাৰ যন্ত্ৰৰ শিক্ষা ।

এনে নৈতিকতাবিহীন সমাজত আজিৰ ডেকাই এগৰাকী কিশোৰী,গাভৰু বা নাৰীক একে তেজ-মঙহেৰে গঠিত সমপৰ্যায়ৰ মানুহ হিচাপে মৰ্যাদা দিয়াতকৈ গণ্য কৰে ভোগৰ সামগ্ৰী আৰু যৌন ক্ষুধা নি‌ৱাৰণৰ আহিলা হিচাপেহে । আচৰিত হ’বলগীয়া কথা, এনে সংকীৰ্ণ মনৰ মানুহৰ সংখ্যা এই পৃথি‌ৱীত যে তেনেই কম, তেনে নহয় । বৰঞ্চ এনে মানুহৰ সংখ্যা দিনক দিনে বাঢ়িছেহে। অসমত বহিৰাগত প্ৰব্ৰজনকাৰীয়ে এই ক্ষেত্ৰত কিছু প্ৰভা‌ৱ পেলাইছে। যিসকল মানুহে কে‌ৱল দিনটোৰ খো‌ৱাৰ যা-যোগাৰৰ বাবেহে কাম কৰে, সেইসকল লোকৰ মনত অনবৰত ক্ৰিয়া কৰি থকা অন্য এটা ‘ধান্দা’ হৈছে তেওঁলোকৰ যৌন ক্ষুধা। তাতে আকৌ অনুঘটক হিচাপে যোগ দিয়ে মদ, ভাং, ড্ৰাগছ বা অন্য নিচাজাতীয় দ্ৰব্যই। সহজতে অধিক উপাৰ্জন কৰিব পৰা নাৰী-দেহৰ ব্য‌ৱসায়তো বহুতে হাত উজান দিয়ে। গতিকে এইসকল লোকৰ বাবে ধৰ্ষণৰ দৰে জঘন্য অপৰাধ এটা সংঘটিত কৰাটো বাওঁ হাতৰ খেলাৰ দৰে হৈ পৰে। কাগজে-পত্ৰই,ৰেডিঅ’ই-টিভিত প্ৰকাশ হো‌ৱা বলাৎকাৰৰ ঘটনাসমূহ অধ্যয়ন কৰি এইটো কথা ক’ব পাৰি যে এনে বহু প্ৰব্ৰজনকাৰী নিকৃষ্ট মানসিকতাৰ অশিক্ষিত মানুহৰ সংগদোষত পৰি বৰ্তমানে অসমৰ বহু থলু‌ৱা লোকো ধৰ্ষণৰ দৰে অপৰাধত লিপ্ত হৈ পৰিছে । আমি অতি শীঘ্ৰে এনে অপৰাধকাৰীৰ সংখ্যা কমো‌ৱাত গুৰুত্ব নিদিলে অসমীয়া জীয়ৰী-বো‌ৱাৰীৰ বাবে ঘৰৰপৰা বাহিৰলৈ ওলাবকেই নো‌ৱাৰা এটা সময়ো আহি পৰিব পাৰে বুলি আশংকা কৰিব পাৰি।

‘টাইটানিক’ নামৰ অস্কাৰ বঁটা বিজয়ী আৰু বিশ্বজুৰি সমাদৃত চলচ্চিত্ৰখন কিছুবছৰ আগতে ভাৰতৰ ছ‌ৱিগৃহসমূহতো খুব সফলভা‌ৱে প্ৰদৰ্শিত হৈছিল। সেই ছ‌ৱিখনত মহাসাগৰৰ মাজত এখন জাহাজত চিনাকী হৈ প্ৰেমত পৰা এহাল যু‌ৱক-যু‌ৱতীৰ অতুলনীয় অমৰ প্ৰেম-কাহিনীক দাঙি ধৰা হৈছে। ছ‌বিখনৰ কোনোবা এটা মুহুৰ্তত নায়কে নায়িকাৰ উলংগ শৰীৰ চাই চাই অনুৰূপ প্ৰতিকৃতি এখন অংকন কৰা দেখু‌ৱায় । ৯০% ভাৰতীয় দৰ্শকে চিত্ৰগৃহ ভিৰ কৰাৰ উদ্দেশ্য হেনো ছ‌বিখন উপভোগ কৰা নাছিল, আছিল কে‌ৱল মোহময়ী নায়িকাৰ উন্মুক্ত দেহ প্ৰদৰ্শিত হো‌ৱা সেই বিশেষ ক্ষণকেইটাৰ সো‌ৱাদ লো‌ৱাহে । প্ৰেমৰ বাবে জী‌ৱন দান কৰাৰ দৰে মহৎ অৰ্থক অনুধা‌ৱন কৰিব পৰাৰ সলনি ভাৰতীয় দৰ্শকৰ মানসিকতা কিমান লঘু আৰু গভীৰতাবিহীন হ’ব পাৰে এই ঘটনাই তাৰ স্পষ্ট প্ৰমাণ। অৱশ্যে ভাৰতীয় মানুহৰ মানসিকতা গঢ় দিয়াত ইয়াৰ প্ৰচলিত ধৰ্মীয় পৰম্পৰা আৰু গণ-সংযোগ মাধ্যমসমূহৰ ভূমিকাৰ ওপৰতো বহুখিনি প্ৰশ্নবোধকৰ প্ৰয়োজনীয়তা আছে ।

বিদেশত চিত্ৰকলাৰ অংশ হিচাপে জীি‌ৱন্ত নাৰীদেহক ‘মডেল’ হিচাপে লৈ ছ‌ৱি অংকন কৰাৰ উদাহৰণ পো‌ৱা যায়। এইবোৰত কোনো মোহময়ী যু‌ৱতীয়ে বন্ধ কোঠাৰ ভিতৰত মাত্ৰ এজন পুৰুষৰ আগত দুই-তিনি ঘন্টা সময়ৰ বাবে সম্পূৰ্ণ নাঙঠ হৈ থাকিলেও কোনো ধৰ্ষণৰ ঘটনা হো‌ৱা শুনা নাযায়। ইয়াৰ কাৰণ হৈছে বুজাপৰা,নাৰী-পুৰুষৰ বন্ধুত্ব আৰু মানসিকতাৰ উত্তৰণ। কিন্তু আমাৰ দেশত তেনে এক পৰিস্থিতি আমি কল্পনা কৰিব পাৰো নে? নাৰী-পুৰুষৰ সৌহাৰ্দ্যপূৰ্ণ বন্ধুত্বক যৌনতা বাদ দি এক অনন্য সম্বন্ধৰে পৰিচয় দিব পৰাকৈ আৰু চিনাকীয়েই হওক বা অচিনাকীয়েই হওক, যিকোনো নাৰীকে সন্মান আৰু সমমৰ্যাদাৰে স্থান দিবলৈ আমাৰ ভাৰতীয় মানসিকতাই আৰু বহু দূৰ আগু‌ৱাবলৈ বাকী আছে ।

নৈতিক অৱেক্ষয়ৰ এই দুৰ্যোগক ত্বৰান্বিত কৰিবলৈ ভাৰতবৰ্ষত উপাদানৰ অভা‌ৱ হো‌ৱা নাই। দেশৰ ধনী-দুখীয়া সকলো শ্ৰেণীৰ লোককে সামৰি লো‌ৱা বৃহৎ চলচ্চিত্ৰ উদ্যোগটো‌ৱে এইক্ষেত্ৰত যি আগভাগ লৈ সমাজ-সংস্কাৰমুখী ধাৰণাসমূহ চিনেমাৰ মাধ্যমেৰে ৰাইজক অৱগত কৰিব পাৰিব লাগিছিল, তাৰ সম্পূৰ্ণ ওলোটাটোহে বৰ্তমানে বাস্ত‌ৱত দেখা পো‌ৱা গৈছে। যিসময়ত হলীউদৰ ছ‌বিত ‘হিৰো’ হিচাপে প্ৰদৰ্শন কৰি শাৰিৰীক শক্তিৰে নাৰীও কোনোগুণেই কম নহয় বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা দেখা গৈছে; সেইসময়ত ভাৰতীয় চিনেমাত নাৰীক কে‌ৱল লাঞ্চিতা-বঞ্চিতা আৰু সহিষ্ণুতাৰ প্ৰতীক হিচাপেই দেখু‌ৱাই অহা হৈছে । তদুপৰি, আগৰ তুলনাত আজিকালি হিন্দী ছ‌বিয়েই হওক বা স্থানীয় ভাষাৰ ছ‌বিয়েই হওক যৌনতাক আগভাগ দি মছলা জাতীয় নৃত্য-গীতেৰে কাহিনীত বক্ৰতা নানিলে ছ‌ৱিবোৰ যেন অসম্পূৰ্ণ হৈ ৰ’ব, তেনে অনুভ‌ৱ কৰা হৈছে পৰিচালকে । ফলস্বৰূপে চলচ্চিত্ৰ নিৰ্মাতাসকলে নায়িকাক স্বল্পবস্ত্ৰৰে অংগ প্ৰদৰ্শন কৰাই দৰ্শকৰ মনত যৌন উত্তেজনাৰ ভা‌ৱ সঞ্চাৰ কৰাত উঠিপৰি লাগিছে । কে‌ৱল যৌনতাক বিষয় হিচাপে লৈও মাজে সময়ে চিনেমা নিৰ্মাণৰো ধূম উঠা দেখা যায় । চানী লিয়নীক নিজৰ ধন অৰ্জনৰ ব্য‌ৱসায়ত ব্য‌ৱহাৰ কৰা মানেই মুক্ত যৌনতাক স্বীকৃতি দি সমাজৰ এচাম মানুহক যৌনতাৰ প্ৰতি প্ৰৰোচিত কৰা নহয় নে?

পূঁজিপতি আৰু বহুজাতিক কোম্পানীৰ ব্য‌ৱসায়িক লাভালাভৰ বাবেই দূৰৰ ছ‌বিগৃহৰ পৰা যৌনতাক আনি ঘৰৰ ভিতৰৰ দূৰদৰ্শনৰ পৰ্দাত উপস্থাপনৰ ব্য‌ৱস্থাও কৰা হৈছে। তেৰাসকলৰ কুবুদ্ধিৰ প্ৰকোপত আমাৰ নিজা অসমীয়া নিউজ-চেনেলেও আপোনাক পৰিয়ালৰ সকলোৰে লগত একেলগে বহি কিবা এটা চাব নো‌ৱাৰা অৱৰস্থাৰ সৃষ্টি কৰিছেহি । দেহ-মন খলকনি লগো‌ৱা হাজাৰটা বিজ্ঞাপনৰ জৰিয়তে নাৰীক কে‌ৱল উপভোগ্য সামগ্ৰী হিচাপে উদঙাই দিয়া হৈছে। মটৰ-চাইকেল অথবা শ্বেভিং-ক্ৰীমৰ বিজ্ঞাপনতো এগৰাকী যু‌ৱতীয়ে আপোনাৰ মন পিছলাব নো‌ৱাৰালৈকে যেন সেই সামগ্ৰীবিধৰ কোনো কালে বিক্ৰি নহ’ব, তেনে এটা ধাৰণাৰ সৃষ্টি কৰা হৈছে । ডাঙৰ ডাঙৰ হোৰ্ডিং-বেনাৰত আঁৰি দিয়া হৈছে পণ্য সামগ্ৰী হিচাপে নাৰীৰ উদং শৰীৰ । এনে এটা পৰি‌ৱেশত পুৰুষৰ মনত নাৰীক উপভোগ কৰা বা আক্ৰমণ কৰাৰ দৰে নেতিবাচক চিন্তা-ভা‌ৱনাই অনবৰত ঠাই পো‌ৱাটো স্বাভা‌ৱিক কথা হৈ পৰা নাই নে ?

প্ৰযুক্তিৰ প্ৰসাৰতাই আমাক যিমানে উপকাৰ কৰিছে, প্ৰায় সমানেই বা ততোধিকভা‌ৱে অপকাৰোযে আমাক সাধিছে সেই কথা নিশ্চিত । ঘৰে ঘৰে কম্পিউটাৰ,লেপটপ আৰু হাতে হাতে মোবাইল-ফোন হো‌ৱাৰ ফলত অসমৰ গা‌ৱেঁ-ভূঁয়ে ব্লু-ফিল্মৰ অবাধ প্ৰচলন যে হ’বলৈ ধৰিছে, সেই কথা এতিয়া আৰু গুপুত হৈ থকা নাই। মনোবিজ্ঞানীৰ মতে এনে যৌনগন্ধী চলচ্চিত্ৰ বা আলোকচিত্ৰই এজন কিশোৰ বা পুৰুষক শাৰিৰীকভা‌ৱে দুৰ্বলী কৰাৰ লগতে ব্যক্তিত্বৰো হানিসাধন কৰে । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটি হৈছে, ধৰ্ষণৰ ঘটনা বাঢ়িবলৈ লো‌ৱাৰ ই এটা মুখ্য কাৰণ। এই দিশত আমাৰ অভিভা‌ৱকসকলে নিজৰ ল’ৰা-ছো‌ৱালীৰ কৰ্ম-কাণ্ডৰ প্ৰতি সজাগ দৃষ্টি ৰখাটো বৰ্তমানে জৰুৰী হৈ পৰিছে।

আমাৰ বোধৰে, নাৰী আৰু পুৰুষৰ মিলন হৈছে এক বিৰল সুখানুভূতি আৰু জন্মৰ ৰহস্যজড়িত এক পৰিঘটনা । প্ৰতিজন মানুহেই এই কথাটো অনুধা‌ৱন কৰাটো প্ৰয়োজন যে, তেওঁৰ জী‌ৱনলৈ মিলনৰ এনে মুহূৰ্ত যথাসময়ত আহিবই। ইয়াৰ বাবে ব্যাকুল হৈ কোনো অসামাজিক কাৰ্যত নিজকে নিয়োগ কৰাৰ কোনো প্ৰয়োজন নাই। মিলনৰ সময়তো, পুৰুষ-মহিলা দুয়োগৰাকীৰে ইচ্ছা-অনিচ্ছাৰ বুজাপৰা থকাটোৰ অত্যন্ত দৰকাৰ। অনিচ্ছাকৃত মিলনেই হৈছে ধৰ্ষণ। স্বামীয়েও স্ত্ৰীক ধৰ্ষণ কৰিছে বুলি ক’ব পাৰি, যদিহে এই মিলন স্ত্ৰীগৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে হয় বা অপ্ৰাকৃতিক যৌন সম্ভোগ হয়। ক’ব পাৰি, যৌন সম্ভোগক পাৰস্পৰিক বুজাপৰাৰ যোগেদি বহু উচ্চ স্তৰীয় এক অনুভূতিলৈ ৰূপান্তৰিত কৰিব পাৰি, যি অনুভূতিৰদ্বাৰা হয়তো পুৰুষ আৰু মহিলা দুয়োগৰাকীয়ে মানসিকভা‌ৱে পূৰ্ণতা প্ৰাপ্তি কৰি ইজন সিজনৰ বাবে অফুৰন্ত প্ৰেৰণাৰ উৎস হ’ব পাৰে।

পৃথি‌ৱীত শাৰীৰিক শক্তিৰ প্ৰদৰ্শন আৰু তাৰ প্ৰয়োগেৰে দুৰ্বলীসকলক শোষণ-নিপীড়ন কৰাৰ পৰম্পৰা যুগ-যুগান্তৰৰপৰা চলি আহিছে। তাৰ প্ৰভা‌ৱতেই নে কি নাজানো, প্ৰকৃতিয়ে দান দিয়া শক্তিৰ প্ৰদৰ্শন কৰিবলৈ যেন পুৰুষসকল অনবৰত উদ্যত হৈ থাকে। গতিকে যিমানেই শিক্ষা-দীক্ষাৰে শিক্ষিত নহওক কিয়, যিমানেই উচ্চপদস্থ চৰকাৰী-বেচৰকাৰী চাকৰি নকৰক কিয়, আমাৰ বহু পুৰুষৰ হাততে কৰ্মক্ষেত্ৰত নাৰীয়ে নানাধৰণৰ নিৰ্যাতন সহ্য কৰি থাকিবলগীয় হয়। বন কৰা ছো‌ৱালীজনীয়েই হওক বা কোম্পেনীৰ ‘বছ’ৰ চেক্ৰেটাৰীগৰাকীয়েই হওঁক, ভাবুকি নাইবা চাকৰিৰ টোপ দি অসহায় মহিলাক বা কিশোৰীক যৌন-নিৰ্যাতন চলো‌ৱাত আমাৰ বহুত পুৰুষ সিদ্ধহস্ত। এনে ধৰণৰ নিৰ্যাতন আমাৰ দেশৰ প্ৰায় প্ৰতিগৰাকী ছো‌ৱালীয়েই জী‌ৱনত এবাৰ নহয় এবাৰৰ বাবে সমুখীন হ’বলগীয়া হয়েই । আৰু এই নিৰ্যাতন সমূহেই এটা মূহুৰ্তত ধৰ্ষণলৈ ৰূপান্তৰিত হো‌ৱাৰ সম্ভা‌ৱনা বহুত বেছি। গতিকে নাৰী-জাতিয়ে নিজকে ‘লাও সদায় পাতৰ তল’ বুলি ভা‌ৱি থকাতকৈ কুংফু-কাৰাটেৰ দৰে প্ৰতিৰক্ষাৰ কৌশলসমূহ শিকি এনে নিৰ্যাতনৰ বিপক্ষে মাত মতাৰ সময় বৰ্তমানে আহি পৰিছে । ভাৰতীয় আইনী ব্য‌ৱস্থায়ো বহুতো সুৰক্ষা এইক্ষেত্ৰত প্ৰদান কৰিছে যিবোৰৰ বিষয়ে স‌ৱিশেষ নজনাৰ ফলতে আমাৰ বহু শিক্ষিত মহিলায়ো সুবিধাবোৰ গ্ৰহণ কৰি দোষীক শাস্তি দিব পৰাকৈ লাভান্বিত হ’ব পৰা নাই ।

আমাৰ দেশত ৰাতি দহবজাৰ পাছত এগৰাকী নাৰীক ঘৰৰ বাহিৰত পো‌ৱা মানে তেওঁক অপৰাধী হিচাপে ব্যাখ্যা কৰা হয় । কিন্তু একে সময়তে ল’ৰা বা পুৰুষৰ বাবে এই নীতি প্ৰযোজ্য নহয় । সমাজৰ এনে নিয়ম-কানুনে আমাক কি শিকাইছে ? আমি আমাৰ ছো‌ৱালীজনীক শিকাবলগীয়া হৈছো যে ল’ৰাৰপৰা বা মতা মানুহৰপৰা সদায় বাছি থাকিবি। কিন্তু কাহানিবা আমি আমাৰ ল’ৰাটোক শিকাইছো নে যে ছো‌ৱালীক বা মহিলা মানুহক সন্মান কৰিবি বুলি ? আমি সদায় ছো‌ৱালীজনীক প্ৰশ্নটো সোধো যে ‘ক’ত যা‌ৱি বা কি কৰিবি?’ কিন্তু ল’ৰাটোক আমি একেটা প্ৰশ্ন কৰিব নো‌ৱাৰো কিয় ? ছো‌ৱালীৰ প্ৰতি ল’ৰাৰ যি ধাৰণা বা মানসিকতা,সেয়া গঢ় লয় সি দেখিবলৈ পো‌ৱা সদায় উঠা-বহা কৰি থকা সমাজখনৰপৰাই । গতিকে আমি যদি আমাৰ সমাজখনক সলনি কৰিব নো‌ৱাৰো বুলি ভা‌ৱোঁ, তেন্তে আমি ভ‌ৱা উচিত যে আমাৰ ল’ৰাটোকতো আমি সলনি কৰিব পাৰোঁ ! কণ্যা সন্তানক হীনদৃষ্টিৰে চো‌ৱাৰ মানসিকতাক দলিয়াই দি আমি যদি নিজৰ ছো‌ৱালীজনীকো আঁকো‌ৱালি লৈ ব্যক্তিত্ববান এগৰাগী সুযোগ্যা নাৰী হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰো, তেন্তে তেনে এগৰাকী নাৰীয়ে ভ‌ৱিষ্যতৰ হাজাৰটা ৰত্নাকৰক বাল্মিকী সাজিবলৈ সমৰ্থবান হ’ব ।

এটা মন্তব্য

  1. Apunar kotha bor xuni mor bohut vl lagise ..

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে