চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / গুঃ বিশ্ববিদ্যালয়ৰ ‘নাৰী অধ্যয়ন’ বিভাগৰ মূৰব্বী অধ্যাপক ড: পলী ভক্ লিনৰ সৈতে কথা-বাৰ্তা

গুঃ বিশ্ববিদ্যালয়ৰ ‘নাৰী অধ্যয়ন’ বিভাগৰ মূৰব্বী অধ্যাপক ড: পলী ভক্ লিনৰ সৈতে কথা-বাৰ্তা

গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণী আৰু গৱেষণাৰ বিষয় হিচাপে ‘নাৰী অধ্যয়ন’ বিভাগটো স্থাপনৰ আঁৰৰ কাহিনী আপোনাৰ পৰা জানিব বিচাৰিছো। বিভাগটো স্থাপনৰ আঁৰত কি কি কাৰক নিহিত হৈ আছিল ? কেতিয়া আৰু কেনেকৈ এনেধৰণৰ বিভাগ এটা স্থাপনৰ চিন্তা আৰম্ভ হৈছিল? বিভাগটোৰ প্ৰতিষ্ঠাত কোন কোন ব্যক্তি জড়িত হৈ আছিল?

উত্তৰ: ‘নাৰী অধ্যয়ন’ বিভাগটো উচ্চ শিক্ষাৰ বিষয় হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠাৰ বুৰঞ্জী বৰ বেছি পুৰণি নহয়। প্ৰথমে ২০০৯ চনত বিষয়টো এম ফিল আৰু ২০১০ চনত পি এইচ ডি ৰ বিষয় হিচাপে আৰম্ভ কৰা হৈছিল। ২০১২ চনত স্নাতকোত্তৰ শ্ৰেণীৰ বিষয় হিচাপে ‘নাৰী অধ্যয়ন’ক গুৱাহাটী বিশ্ববিদ্যালয়ত পৰিচয় ঘটোৱা হয়। বৰ্তমান বিভাগটোৱে ‘Gender Studies’ ৰ এটা চাৰ্টিফিকেট কৰ্চো আৰম্ভ কৰিছে, য’ত এগৰাকী গৃহিণয়েও আবেদন কৰাৰ সুবিধা আছে। মাথোঁ তেওঁ যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী হোৱাটো বাঞ্ছনীয়।

যি কি নহওক, উচ্চ শিক্ষাৰ বিষয় হিচাপে ‘নাৰী অধ্যয়ন’ নতুন যদিও, ‘নাৰী অধ্যয়ন’-এ গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবেশ কৰাৰ বুৰঞ্জী নতুন নহয়। ১৯৮৯ চনৰ ১৭ মাৰ্চত বিষয়টো গুৱাহাটী বিশ্ববিদ্যালয়ত স্থাপন কৰা হয়। সেইসময়ত ইয়াক ‘নাৰী অধ্যয়ন গৱেষণা কেন্দ্ৰ’(Women’s Studies research center ) হিচাপে জনা গৈছিল। ইয়াৰ প্ৰতিষ্ঠাপক আছিল ৰেণু দেৱী। সেই সময়ত মই ‘নাৰী অধ্যয়ন’ৰ বুৰঞ্জীৰ নথি প্ৰস্তুত কৰা চেষ্টাত বৰ্তি আছিলো, তেতিয়া মোক কোৱা হৈছিল যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেইসময়ৰ উপাচাৰ্যই বিশ্ববিদ্যালয় অনুদান আয়োগক(University Grant Commission) বিশ্ববিদ্যালয়খনত ‘নাৰী অধ্যয়ন গৱেষণা কেন্দ্ৰ’ ( Women’s studies research center)প্ৰতিষ্ঠাৰ বাবে জনোৱা অনুমোদন গৃহিত হৈছে।এইখিনি ৮০’ ৰ মাজ সময়ৰ কথা। বহু বছৰলৈকে ‘নাৰী অধ্যয়ন গৱেষণা কেন্দ্ৰ’ হিচাপেই বিভিন্ন কাম-কাজ কৰি থকা হৈছিল। ২০১৪ চনত নাৰী অধ্যয়ন গৱেষণা কেন্দ্ৰ’ক ‘নাৰী অধ্যয়ন’ বিভাগটোৰ লগত সংলগ্ন কৰা হয় আৰু বৰ্তমান ইয়াক ‘নাৰী অধ্যয়ন বিভাগ’ (Department Of Women’s Studies) বুলি জনা হয়। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়তেই প্ৰথম এই বিষয়টো ঠন ধৰি উঠে। বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰি অহা ছাত্ৰ-ছাত্ৰীয়েও বিষয়টোত শিক্ষাগ্ৰহণ কৰি আছে। ৮০ ৰ মাজৰ সময়ছোৱাত সমগ্ৰ দেশতে বিশ্ববিদ্যালয় অনুদান আয়োগৰ উদ্যোগত বিষয়টো স্থাপনত গুৰুত্ব আৰোপ কৰা হৈছিল। বৰ্তমানেও আমি বহুতো দিশত অৰ্থনৈতিকভাৱে বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰ দ্বাৰা সাহায্য পাই আহিছো।

শৈক্ষিক বিষয় হিচাপে ইতিমধ্যে ‘সমাজ শাস্ত্ৰ’ বুলি এটা বিষয় আছে, য’ত তাত্ত্বিক আৰু বৈজ্ঞানিক ভাৱে পুৰুষ-নাৰী বা লিংগ (gender) বিষয়টোকো অন্তৰ্ভুক্ত কৰি সমাজ এখনৰ অন্তৰ্গত সকলোবোৰ বিষয় চালি-জাৰি চোৱা হয়। তাৰপিছতো সুকীয়াকৈ ‘নাৰী অধ্যয়ন’ বিষয়টোৰ প্ৰয়োজনীয়তা কি বুলি ভাৱে?

উত্তৰ: প্ৰকৃত কথা সেইটোৱেই।.’সমাজ শাস্ত্ৰ’ই সমাজৰ বিভিন্ন দিশত আলোকপাত কৰে আৰু ‘gender’ ‘সমাজ শাস্ত্ৰ’ৰ অন্তৰ্গত আৰু অলোচিত এটা বিষয়। এই বিষয়টো আন আন বিষয়সমূহ যেনে বুৰঞ্জী, ইংৰাজী, ৰাজনীতি বিজ্ঞান আদিৰো অন্তৰ্গত য’ত ‘gender’ ৰ ওপৰত আলোচনা ক’ৰা হয়। ইয়াক ‘integration approach ‘ বুলি কোৱা হয়। যদিও যথাৰ্থ ভাৱে এনে বিষয়সমূহত ‘gender’  বিষয়ে আলোচনা কৰা হয়, কিন্তু ‘gender’ ক ইয়াত কেন্দ্ৰীয় বিষয় হিচাপে গুৰুত্ব দিয়া নহয়। কিন্তু নাৰীবাদী গৱেষকসকলে আৰম্ভণিৰে পৰা বিষয়টোৰ স্বকীয় পৰিচয়ৰ প্ৰতিষ্ঠাৰ হকে অহোপুৰোষাৰ্থ কৰি আহিছে। ইয়াত বিভিন্ন কাৰণ নিহিত হৈ আছে। যেতিয়া ‘নাৰী অধ্যয়ন’ বিভাগ বুলি ইয়াৰ এটা স্ব-পৰিচয় থাকিব, তেতিয়া ইয়াত নাৰীৰ পৰিপ্ৰেক্ষিতত বিষয়সমূহত আলোকপাত কৰা হয় আৰু নাৰীজনিত আলোচনাসমূহৰ কাৰণে নিৰ্দিষ্ট ঠাই দিয়া হয়। এনে দিশসমূহ আলোচনা কৰিবৰ বাবে ই এখন সুকীয়া মঞ্চ হোৱাৰ উপৰিও ই বিষয়টো আৰু ইয়াৰ লগত জড়িত ধাৰণাসমূহ পোহৰলৈ অহাত আৰু বিকাশ হোৱাত সহায় কৰে।

‘নাৰী অধ্যয়ন’-এ কেনেধৰণৰ বিষয়বোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে?

উত্তৰ: সাধাৰণতে ‘নাৰী অধ্যয়ন’ বুলিলে প্ৰথমে এই ধাৰণাই মনলৈ আহে যে নাৰীৰ বিষয়ে কৰা যিকোনো আলোচনাই ‘নাৰী অধ্যয়ন’। কিন্তু এই ধাৰণাটো সঠিক নহয়। ‘নাৰী অধ্যয়ন’-এ ‘existing knowledge’ অৰ্থাৎ এতিয়ালৈকে আলোচনা হোৱা আৰু জনমানসত খোপনি পুতি লোৱা জ্ঞান বা চিন্তাসমূহৰ সূক্ষ্ম নিৰীক্ষণেৰে সমালোচনা কৰে আৰু ভূল দিশসমূহ আঙুলিয়াই দেখুৱায়। এতিয়ালৈকে বিভিন্ন বিষয়সমূহৰ জৰিয়তে প্ৰদান কৰা জ্ঞান বা চিন্তাসমূহ এনেধৰণেৰে গঠন কৰা হৈছে যে এইবিলাকত লিংগ বৈষম্য দৃষ্টিগোচৰ হয়। এই লিংগ বৈষম্য এই কাৰণেই নিহিত হৈ থাকে কাৰণ জ্ঞান বা চিন্তাসমূহ গঠনৰ শীৰ্ষত ‘ androcentric’ (জ্ঞানৰ কেন্দ্ৰবিন্দুত পুৰুষ) প্ৰকৃতি জড়িত হৈ থাকে আৰু এতিয়ালৈকে এনেধৰণেৰেই গঠন হৈ আহিছে। আমি যদি অতীতলৈ ঘূৰি চাওঁ, তেন্তে দেখা পাম যে চিন্তা বা জ্ঞানসমূহ প্ৰধানত পুৰুষসকলে গঠন কৰিছিল আৰু শিক্ষা ব্যৱস্থাতো তেওঁলোকৰে আধিপত্য আছিল। সেইকাৰণে আমি আনুষ্ঠানিক (বিদ্যালয়, শৈক্ষিক অনুষ্ঠান) বা অনানুষ্ঠিক ( পৰিয়াল,সমাজ, পৰ্যবেক্ষণ) ক্ষেত্ৰসমূহৰ জড়িয়তে যি জ্ঞান আহৰণ কৰো, সেয়া প্ৰধানতঃ পুৰুষকেন্দ্ৰিক হয় আৰু পুৰুষৰ পৰিপ্ৰেক্ষিততহে এই চিন্তাসমূহক গুৰুত্ব দিয়া হয়। সেইকাৰণে ‘নাৰী অধ্যয়ন’-এ এটা শৈক্ষিক বিষয় হিচাপে নাৰীৰ পৰিপ্ৰেক্ষিতত, সন্মিলিত ভাৱে জ্ঞান বা চিন্তা ব্যৱস্থাটো সম্পূৰ্ণ হৈ উঠাত বৰঙণি আগবঢ়াবলৈ চেষ্টা কৰে। এনেদৰেই ‘gender’, ‘patriarchy’, ‘gender division of labour’ আদি বিভিন্ন ধাৰণাৰ কথা ক্ৰমান্বয়ে পোহৰলৈ আহিবলৈ লৈছে। ‘নাৰী অধ্যয়ন’ৰ প্ৰধান লক্ষ্য হৈছে এখন প্ৰগতিশীল সমাজ গঠন, য’ত পুৰুষ-নাৰী উভয়ে সম ভাৱেৰে বাস কৰিব পাৰে।

‘নাৰী অধ্যয়ন’ আৰু আন পৰম্পৰাগত বিষয়সমূহ যেনে ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, বুৰঞ্জী আদিৰ মাজত কিবা পাৰ্থক্য আছে নেকি ?

উত্তৰঃ হয়, ‘নাৰী অধ্যয়ন’ আৰু আন বিষয়সমূহৰ মাজত পাৰ্থক্য আছে। ‘নাৰী অধ্যয়নত’ অৰ্থনীতি বিজ্ঞান, ৰাজনীতি বিজ্ঞান, বুৰঞ্জী, নৃতত্ত্ব বিজ্ঞান ইত্যাদি ইতিমধ্যে প্ৰতিষ্ঠিত পৰম্পৰাগত বিষয়সমূহ নাৰীবাদৰ পৰিপ্ৰেক্ষিতত সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হয়। এই বিষয়সমূহে প্ৰদান কৰা জ্ঞান বা চিন্তাক ‘নাৰী অধ্যয়ন’-এ নাৰীবাদৰ পৰিপ্ৰেক্ষিতত , সন্মিলিতভাৱে, সম্পূৰ্ণ কৰি তুলিবলৈ চেষ্টা কৰে। উদাহৰণস্বৰূপে ‘নাৰী অধ্যয়ন’ত যেতিয়া ভুগোল বিষয়টো আলোচনা কৰা হয়, তেতিয়া ইয়াক ‘gender geography’ বা ‘feminist geography’ হিচাপে নাৰীবাদৰ পৰিপ্ৰেক্ষিতত আলোচনা কৰা হয়। বাকী বিষয়সমূহৰ লগতো একে নিয়মেই প্ৰযোজ্য।

‘নাৰী অধ্যয়ন’ যিহেতু এটা নতুন বিষয়, গতিকে এই বিভাগটোৰ মুৰব্বী হিচাপে বিষয়টো সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত আপুনি কিবা বাধা বা প্ৰত্যাহ্বানৰ সম্মুখীন হৈছিল নেকি?

উত্তৰ: একেষাৰেই হয় বুলি ক’ব পাৰি,কাৰণ সৰ্বসাধাৰণৰ মাজত তেনেকৈ এই বিষয়টোৰ প্ৰতি কোনো ধাৰণা নাছিল আৰু বহুতৰে কিছু ভুল ধাৰণাও আছিল। এইটো একেবাৰে নতুন বিষয় আছিল আৰু আমি ইতিমধ্যে প্ৰতিষ্ঠিত পূৰণি বিষয়সমূহ যেনে ইংৰাজী, অৰ্থনীতি বিজ্ঞান, ৰাজনীতি বিজ্ঞান আদিৰ লগত সমানে বিষয়টো আগুৱাই নিব লগীয়া হৈছিল। ইয়াৰ উপৰি, ‘নাৰী অধ্যয়ন’ বিষয়টোত নিহিত থকা ‘নাৰী’ শব্দটো শুদ্ধ ৰূপত গ্ৰহণ কৰা হোৱা নাছিল আৰু এনেধৰণেৰে ভৱা হৈছিল যে বিষয়টো কেৱল নাৰীৰ লগতহে প্ৰযোজ্য। এই সকলো বাধা আৰু প্ৰত্যাহবান অতিক্ৰম কৰিবলৈ আমি (বিভাগটোৰ লগত জড়িত সকলোৱে) বহুতো সংগ্ৰাম কৰিব লগীয়া হৈছিল , বহুতো অতিৰিক্ত পৰিশ্ৰম কৰিব লগীয়া হৈছিল যাতে বিষয়টো পোহৰলৈ আহে আৰু সৰ্বসাধাৰণে শুদ্ধ ৰূপত বুজি পায়। লাহে লাহে বৰ্তমান পৰিৱৰ্তন হৈ আহিছে। পূৰ্বৰ তুলনাত এতিয়া বিষয়টো সম্পৰ্কে থকা ভ্ৰান্ত ধাৰণা বহু পৰিমাণে হ্ৰাস পাইছে আৰু বিষয়টো মানুহে ক্ৰমান্বয়ে অনুধাৱন কৰিবলৈ লৈছে। আমাৰ বিভাগটোৰ গৱেষকসকল তথা তোমাৰ দৰে শিক্ষাৰ্থীসকলে তেওঁলোকৰ কাম আৰু গৱেষণাৰ জৰিয়তে বিষয়টো মানুহৰ ওচৰলৈ লৈ যোৱাত যথেষ্ট সহায় কৰিছে। কিন্তু এই বাধা আৰু প্ৰত্যাহ্বানৰ উপৰি আমি বহুতো সহযোগিতাও পাইছিলো। আমি বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা শিক্ষাদান, গৱেষণা আৰু বিভিন্ন কাম কাজৰ বাবে আৰ্থিক সাহায্য লাভ কৰিছিলো। ISCCR য়ে গৱেষণা আদি কামৰ বাবে আৰ্থিক সাহায্য আগবঢ়ায় আহিছে। একে সময়তে দেশৰ বিভিন্ন নাৰী অধ্যয়ন বিভাগ/কেন্দ্ৰসমূহ নানান সংস্থা, সংগঠন, কমন নেটৱৰ্ক আদিৰ জৰিয়তে পৰস্পৰৰ লগত শক্তিশালী ভাৱে একত্ৰিত হৈ আছে। এইবিলাক সকলোৱে আমাক সহযোগিতা আগবঢ়াইছে আৰু আমাক একগোট কৰি ৰাখিছে। এতিয়াও আমি বহুতো বাধা-বিঘিনি অতিক্ৰম কৰিবলৈ আছে আৰু বহু দূৰ বাট আগুৱাই যাবলৈ আছে।

‘নাৰী অধ্যয়ন’ বিষয়টো অধ্যয়নৰ দুৱাৰ কেৱল নাৰীৰ বাবেহে মুকলি নেকি?

উত্তৰ: বিষয়টোৰ নামটোৱে জনমানসত বহু ভুল ধাৰণাৰ সৃষ্টি কৰে ।‘নাৰী অধ্যয়ন’ বিষয়টো পুৰুষ,নাৰী, তৃতীয় লিংগ নিৰ্ৱিশেষে সকলোৰে বাবে অধ্যয়নৰ দুৱাৰ মুকলি। তদুপৰি যিহেতু বিষয়টোত বেলেগ বেলেগ বিষয় সমূহৰ আন্ত:সম্পৰ্ক আছে আৰু বিভিন্ন বিষয়ৰ সংমিশ্ৰণ (interdisciplinary আৰু multidisciplinary); সেইবাবে কলা, বিজ্ঞান, বাণিজ্য প্ৰমুখ্যে যিকোনো শাখাৰ শিক্ষাৰ্থীয়ে বিষয়টোত শিক্ষাগ্ৰহণ কৰিব পাৰে।

বিষয়টো বিদ্যালয়, মহাবিদ্যালয় পৰ্যায়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় ‘নাৰী অধ্যয়ন’ বিভাগে কিবা পদক্ষেপ ল’ব নে?

উত্তৰ:‘নাৰী অধ্যয়ন’ বিষয়টোৰ প্ৰসাৰত এক ব্যতিক্ৰম ধাৰা আছে। ই ওপৰৰ শাখাৰ পৰা ক্ৰমান্বয়ে তলৰ শাখালৈ বিস্তাৰিত হৈছে। ই শিক্ষাৰ্থী এজনক সূক্ষ্ম আৰু বিশ্লেষণাত্মক চিন্তাধাৰা প্ৰদান কৰিব বিচাৰে কাৰণ ‘নাৰী অধ্যয়ন’ত বিষয় এটাত সূক্ষ্ম আৰু সমালোচনাত্মক দৃষ্টিপাত কৰাটো অতি গুৰুত্বপূৰ্ণ। বিষয়টো প্ৰথমে গৱেষণাৰ বিষয় হিচাপে পি এইচ ডি, এম ফিলৰ পৰা আৰম্ভ হৈ স্নাতকোত্তৰ শাখাত প্ৰবেশ কৰিছে আৰু এনেকৈয়ে স্নাতক শ্ৰেণীত পৰিচয় ঘটোৱা হ’ব। এতিয়া আমাৰ বিভাগে স্নাতকোত্তৰ শ্ৰেণীত প্ৰবেশ কৰিছে আৰু আমি আমি বৰ্তমান ‘Gender Studies’ চাৰ্টিফিকেট কৰ্চৰ জৰিয়তে স্নাতক স্তৰত পদাৰ্পনৰ ক্ষুদ্ৰ প্ৰয়াস কৰিছো৷ আমাক কিছুমান মহাবিদ্যালয়ে ‘Gender Studies’ কৰ্চটো চিনাকি কৰি দিবলৈ আগ্ৰহী বুলি জনাইছে। সেইবাবেই আমি এনেধৰণৰ এক প্ৰচেষ্টা হাতত লৈছো।

‘নাৰী অধ্যয়ন’ৰ অন্তৰ্ভুক্ত বিষয়সমূহৰ লগত সংগতি থকা লিখিত সমল অসমীয়া ভাষাত বেছি উপলব্ধ নহয়। যদিও ইংৰাজী ভাষাত যথেষ্ট পৰিমাণে এনে সমল পোৱা যায়। এই বিষয়ে আপুনি কি ক’ব বিচাৰিব?

উত্তৰ: হয়, সেইটো সচাঁ। সেইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়, এই ক্ষেত্ৰত আমি এতিয়াও বহুতো কাম কৰিবলগীয়া হৈ আছে।কিছুমান বিশ্ববিদ্যালয়ৰ ‘নাৰী অধ্যয়ন কেন্দ্ৰ’ সমূহে ইতিমধ্যে এইতো দিশত কাম কাজ আৰম্ভ কৰিছে। আমাৰ বিভাগটো এইটো ক্ষেত্ৰত কিছু পিছ পৰি আছে। আমি অনুভৱ কৰিছো যে এই সম্পৰ্কে আমি বহুতো কাম-কাজ কৰা উচিত।.আমাৰ শিক্ষাৰ্থী আৰু গৱেষকসকলে নিশ্চয় ইয়াক গৱেষণাৰ আঁচনি হিচাপে কাৰ্য্যপন্থা হাতত ল’ব।

আমৰ সমাজত সৰ্বসাধাৰণৰ মাজত এটা ধাৰণা প্ৰায়েই শুনা যায় যে ‘নাৰীবাদ’-এ পুৰুষসকলক নাৰীৰ শত্ৰু হিচাপে গ্ৰহণ কৰিবলৈ শিক্ষা প্ৰদান কৰে। যিহেতু ‘নাৰীবাদ’ আৰু ‘নাৰী অধ্যয়ন’ৰ মাজত এটা নিকট সম্পৰ্ক আছে, গতিকে এই সম্পৰ্কে আপোনাৰ মতামত কি?

উত্তৰ : এইটো একেবাৰে এটা ভুল ধাৰণা। হয়তো বহুতৰে এই বিষয়ত সঠিক বুজা-বুজিৰ অভাৱ। নাৰীবাদ মানে পুৰুষক ঘৃণা বা শত্ৰুৰ দৃষ্টিৰে চোৱা নহয়। ই হৈছে নাৰীক অৱদমিত কৰি ৰাখিব বিচৰা বিভিন্ন সমাজশৈলীৰ সূক্ষ্ম বিশ্লেষণাত্মক সমালোচনা। ই সমাজৰ দ্বাৰা গঠিত এনেধৰণৰ সমাজ শৈলীৰ বিপক্ষে, যি নাৰীক এক সীমাৰ মাজত আৰু পুৰুষক কেন্দ্ৰবিন্দু হিচাপে গণ্য কৰি আহিছে। ই সমাজৰ দ্বাৰা গঠিত নাৰীৰ ওপৰত পুৰুষৰ দমন নীতিৰ বিপক্ষে। নাৰীবাদ হ’ল এনে এখন সমাজৰ প্ৰতিষ্ঠাৰ কাৰণে , য’ত নাৰী আৰু পুৰুষে সম ভাৱেৰে বাস কৰিব পাৰে।

নাৰীবাদ আৰু ‘নাৰী অধ্যয়ন’ৰ মাজত এটা নিকট সম্বন্ধ আছে।. ‘নাৰী অধ্যয়ন’-এ প্ৰদান কৰা শিক্ষাত নাৰীবাদী তত্ত্বসমূহৰ বিষয়ে আলোচনা কৰা হয়। নাৰীবাদী তত্বসমূহ ‘নাৰী অধ্যয়ন’ত সৰ্বব্যাপিত্ব। এই তত্বসমূহৰ জৰিয়তে ই এতিয়ালৈকে বিভিন্ন বিষয়সমূহে প্ৰদান কৰা জনমানসত খোপনি পুতি লোৱা জ্ঞান বা চিন্তাসমূহক প্ৰত্যাহ্বান জনায় আৰু সমাজত নাৰী-পুৰুষৰ মাজত থকা অসমতাক বিশ্লেষণ কৰিবলৈ চেষ্টা কৰে।

‘নাৰীবাদ’ শব্দটো আপুনি কিদৰে বৰ্ণনা কৰিব আৰু আপোনাৰ দৃষ্টিত ‘নাৰীবাদ’-এ কেনেধৰণৰ দৃষ্টিভংগী গ্ৰহণ কৰা উচিত?

উত্তৰ: মই মোৰ নিজস্ব ধৰণেৰে ‘নাৰীবাদী’ শব্দটো বৰ্ণনা কৰিব বিচাৰো। মোৰ কাৰণে সেইসকলেই নাৰীবাদী যাৰ নাৰীৰ প্ৰতি ভাল ভাৱ আছে, যি তেওঁলোকৰ নিজস্ব ধৰণেৰে সেইসকল নাৰীৰ সপক্ষে কন্ঠ জাগ্ৰত কৰে, যি সমতা আৰু অধিকাৰৰ পৰা বঞ্ছিত হোৱাৰ লগতে বৈষম্যৰ বলি হৈ আহিছে। মই নিজকে নাৰীবাদী বুলি গৰ্ব অনুভৱ কৰো আৰু গৰ্বৰে ইয়াক প্ৰকাশ কৰো।.মই ভাৱো যে পুৰুষ– নাৰী উভয়েই নাৰীবাদী হ’ব পাৰে। আনকি ব্যক্তিগতভাৱে মোৰ পতিক মোতকৈ বেছি শক্তিশালী নাৰীবাদী বুলি মই অনুভৱ কৰো।

আপুনি ভাৱেনে যে পুৰুষ আৰু মহিলাৰ মাজত শাৰীৰিক পাৰ্থক্যৰ বাহিৰেও আৰু আন কিবা পাৰ্থক্য আছে?

উত্তৰ: .হয়, নাৰী আৰু পুৰুষৰ মাজত কিছুমান শাৰীৰিক পাৰ্থক্য আছে, যাৰ পৰিৱৰ্তন ঘটোৱাটো সম্ভৱ নহয়। সেয়া নাৰী-পুৰুষৰ প্ৰাকৃতিক আৰু জৈৱিক প্ৰক্ৰিয়া। উদাহৰণস্বৰূপে নাৰীয়ে গৰ্ভত সন্তান ধাৰণ কৰিব পাৰে, কিন্তু পুৰুষে নোৱাৰে। পুৰুষৰ মুখমণ্ডলত দাড়ি থকাৰ বিপৰীতে নাৰীৰ নাথাকে। এই বিলাক প্ৰাকৃতিক প্ৰক্ৰিয়াৰ সলনি কৰিব নোৱাৰি। কিন্তু পুৰুষ আৰু নাৰীক সামাজিকভাৱেও পৃথক বুলি গণ্য কৰা হয় আৰু এই ধাৰণাবোৰ সমাজত দৃঢ় বিশ্বাসেৰে শক্তিশালী ৰূপত চলি আহিছে।উদাহৰণস্বৰূপে পুৰুষ মানসিকভাৱে নাৰীতকৈ শক্তিশালী, নাৰী আৱেগিক আৰু সংবেদনশীল, পুৰুষক নাৰীতকৈ বেছি আহাৰৰ প্ৰয়োজন। এনেধৰণৰ বিশ্বাসবোৰ সমাজে গঠন কৰে আৰু কৃত্ৰিম, কিন্তু সমাজত এইবিলাক বহুত গভীৰ ভাৱে শিপাই আছে আৰু সমাজে ইয়াক সত্য বুলি মানি আহিছে। লিংগৰ ভিত্তিত সমাজে গঠন কৰা এনেধৰণৰ বিশ্বাসতে প্ৰকৃত সমস্যা নিহিত হৈ আছে কাৰণ এইবিলাকে নাৰী আৰু পুৰুষৰ মাজত গভীৰ পাৰ্থক্য আৰু বৈষম্যৰ সৃষ্টি কৰে।

এজন পুৰুষে নিজক ‘নাৰীবাদী’ হিচাপে পৰিচয় দিব পাৰে। আপুনি এই ধাৰণাৰ সমৰ্থক নে?

উত্তৰ: মই ইতিমধ্যে এই প্ৰশ্নটোৰ উত্তৰ উল্লেখ কৰিছো। মোৰ মতে সকলোৱেই নাৰীবাদী হ’ব পাৰে।. মোৰ পি এইচ ডিৰ তত্ত্ৱাবধায়ক NEHU (North eastern hill university)ৰ অধ্যাপক এ চি মহাপাত্ৰ, যি এজন পুৰুষ, মোৰ নাৰীবাদী ধ্যান-ধাৰণা গঢ় লৈ উঠাত তেওঁৰ বহু অৰিহণ আছে। মই নাজানো তেখেতে নিজকে নাৰীবাদী ৰূপে গ্ৰহণ কৰে নে নকৰে, কিন্তু তেওঁ এক শক্তিশালী নাৰীবাদী নিদৰ্শন তুলি ধৰে বুলি মই ভাৱো। তদুপৰি আমাৰ বিভাগতে এনে বহু পুৰুষ শিক্ষাৰ্থী আৰু গৱেষক লক্ষ্য কৰিছো, যাৰ এক শক্তিশালী নাৰীবাদী দৃষ্টিভংগী আছে আৰু সেয়া তেওঁলোকৰ যুক্তি, লিখনি তথা গৱেষণা কাৰ্যত প্ৰতিফলিত হয়।

‘নাৰীবাদৰ সমৰ্থক হিচাপে পুৰুষ’ আৰু ‘নাৰীবাদৰ সমৰ্থক হিচাপে নাৰী’, এই দুয়ো পক্ষৰ নাৰীবাদৰ প্ৰতি থকা দৃষ্টিভংগীত আপোনাৰ কিবা পাৰ্থক্য দৃষ্টিগোচৰ হয় নেকি?

উত্তৰ: মই এনেধৰণৰ একো পাৰ্থক্য দেখিবলৈ পোৱা নাই। এনেকুৱা বহু পুৰুষ আৰু নাৰী আছে, যি মুকলিকৈয়ে নাৰীবাদৰ সমৰ্থন কৰে বা এনেকুৱা বহু পুৰুষ-নাৰী আছে যি নাৰীবাদৰ বিৰোধিতা কৰে। এইটো ব্যক্তি সাপেক্ষে নিৰ্ভৰশীল। আনকি এনেকুৱা বহু পুৰুষ থকাৰ দৰেই; এনেকুৱা বহু নাৰীও আছে যি নাৰীবাদৰ প্ৰকৃত অৰ্থ অনুধাৱন কৰিব নোৱাৰে। সেইকাৰণে কোনো এজনে নাৰীবাদ সমৰ্থন কৰিব নে বিৰোধিতা কৰিব এইটো ব্যক্তিজনৰ বুজাৰ ধৰণৰ ওপৰতো নিৰ্ভৰ কৰে। একে সময়তে,মই অনুভৱ কৰো যে ব্যক্তি এজনৰ নাৰীবাদৰ প্ৰতি সমৰ্থন তেওঁৰ বিপৰীত লিংগৰ সৈতে হোৱা ব্যক্তিগত অভিজ্ঞতাৰ ওপৰতো নিৰ্ভৰ কৰে। যদিহে এজন পুৰুষৰ কোনো নাৰীৰ সৈতে তিক্ত অভিজ্ঞতা জড়িত হৈ থাকে, তেন্তে সাধাৰণতে তেওঁ নাৰীবাদৰ সমৰ্থন নকৰে। কিন্তু যদিহে তেওঁলোকে তেওঁলোকৰ প্ৰিয় কোনো নাৰী( মাতৃ, আইতা, ভগ্নী, পুত্ৰী) বৈষম্যমূলক আচৰণৰ বলি হোৱা দেখা পায়, তেন্তে তেওঁলোক সাধাৰণতে নাৰীবাদৰ (Pro- feminist)সপক্ষে হয়।

আপুনি ভাৱেনে যে এনে কিছু নাৰীজনিত বৈষম্যও আছে, য’ত পুৰুষসকল শোষণৰ বলি হয়?

উত্তৰ: এনেকুৱা উদাহৰণ আছে য’ত পুৰুষো বৈষম্যৰ বলি হয়। বিশেষকৈ এনেধৰণৰ সমস্যা সংঘটিত বেছিকৈ তেতিয়া হয় যেতিয়া কিছুমান নাৰীয়ে আইনৰ সুবিধাবোৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে।. নাৰীৰ বাবে বহুতো আইন আছে আৰু সংবিধানে নাৰীৰ বাবে ‘Positive Discrimanation’ ৰ ব্যৱস্থাও আগবঢ়াইছে। যি কি নহওক আইনৰ বেছিভাগ নীতি এনেধৰণে নিৰ্মাণ কৰা হয় যাতে ইয়াৰ অপপ্ৰয়োগ কৰা সকলৰ বিপক্ষে কাৰ্যপন্থা গ্ৰহণ কৰিব পৰা যায়। এইখিনিতে মই এইটো কথাও উল্লেখ কৰিব বিচাৰো যে যদিও কিছু পুৰুষ বৈষম্যৰ বলি হয়, কিন্তু পুৰুষসকল বহু উন্নত অৱস্থানত আছে আৰু যিকোনো পৰিস্থিতিৰ পৰা মুকলি হৈ আহিব পৰাকৈ বহুতো দিশত সবল ৰূপত আছে।পুৰুষসকলে সমাজত থকা তেওঁলোকৰ শক্তিশালী অৱস্থানৰ বাবে যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰাকৈ সবল হৈ আছে।

‘নাৰী অধ্যয়ন’ বিষয়টোৰ পৰা সমাজ এখন কেনে ধৰণেৰে উপকৃত হ’ব বা সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেধৰণৰ হ’ব?

উত্তৰ: ‘নাৰী অধ্যয়ন’ ৰ জৰিয়তে কিছুমান নতুন শিক্ষা প্ৰদান কৰা হয় আৰু ইয়াক সমাজলৈ পৰিৱৰ্তন তথা সমতা কঢ়িয়াই অনাৰ এক উদ্যোগ বুলি অভিহিত কৰিব পাৰি।উদাহৰণস্বৰূপে আমাৰ শৰীৰৰ আধা অংশ যদি পেৰেলাইচিছত আক্ৰান্ত হয়, তেন্তে আমি আমাৰ শৰীৰটোক স্বাস্থ্যৱান বুলি কওঁনে? নিশ্চয় নকওঁ। ঠিক একেদৰেই যদি পৃথিৱীৰ আধা অংশ বা জনসংখ্যাৰ অৰ্ধাংশ (লিংগ অনুপাতৰ ভিত্তিত) স্বাস্থ্যহীনতাত ভোগে অৰ্থাৎ অনূন্নত হৈ ৰয়, তেন্তে আমি সমাজখনক কিদৰে প্ৰগতিশীল আৰু উন্নত বুলি ক’ব পাৰিম?সমাজ এখন সঠিক ৰূপত উন্নতিৰ পথলৈ আগুৱাবলৈ হ’লে পুৰুষ আৰু নাৰীৰ মাজত কোনো পাৰ্থক্য থাকিব নালাগিব। তেওঁলোক যি হয়, সেই ধৰণেৰেই তেওঁলোকে সম্পূৰ্ণ স্বাধীনতা পোৱা উচিত আৰু ‘নাৰী অধ্যয়ন’ হৈছে এনে এটা বিষয় যি লিংগ ভিত্তিক বৈষম্য মষিমূৰ কৰাৰ পথ পোহৰলৈ লৈ আনে।

সাক্ষাৎকাৰঃ গীতালী বৰপাত্ৰ গোহাঁই

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে