চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / এখন নাৰীবিহীন সমাজৰ কথা ( নন্দিতা খাখলাৰী )

এখন নাৰীবিহীন সমাজৰ কথা ( নন্দিতা খাখলাৰী )

এগৰাকী মাতৃৰ প্ৰসৱ বেদনাৰ কাতৰ চিঞৰ। বাহিৰত ৰৈ আছে উদ্বিগ্ন স্বামী। সেই উদ্বিগ্নতাৰ ওৰ পেলাই কিছুসময় পিছত যেতিয়া এটি কণ্যা সন্তানৰ জন্ম হয়, গাঁওৰ প্ৰচলিত প্ৰথা অনুসৰি আপোন পিতৃয়ে তাইক গাখীৰত ডুবাই হত্যা কৰি পেলায়। প্ৰাৰ্থনা কৰে, যাতে অহাবছৰ এটি পুত্ৰ সন্তান জন্মে। ২০০৩ চনত মুক্তিপ্ৰাপ্ত আৰু শ্ৰী মণিষ ঝাৰ দ্বাৰা পৰিচালিত ”Matrubhoomi : A Nation Without Women” নামৰ কথাছবি খনৰ প্ৰথমটো দৃশ্য এয়া। ২০০৬ চনত যেতিয়া দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ দৌলতৰাম মহাবিদ্যালয়ত পঢ়ি আছিলো, তেতিয়া মহাবিদ্যালয়ৰ এক অনুস্থানত এই কথাছবিখন প্ৰদৰ্শন কৰা হৈছিল। বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সন্মান লাভ কৰা এই কথাছবিখনত দেখুওৱা হৈছিল দৰ্শকৰ অন্তৰআত্মাক শিহৰিত কৰি যোৱা, পুৰুষ অধ্যূষিত এখন বিকলাংগ সমাজৰ বৰ্বৰতা আৰু নৈতিক স্খলনৰ কথা।

ভবিষ্যতদৰ্শী এই কথাছবিখনৰ কাহিনীভাগ আৰম্ভ হয় ২০৫০ চনৰ বিহা্ৰৰ কোনো এক গাঁৱৰ কথাৰে, যিখন গাঁও বহু বছৰৰ পৰা নাৰীবিহীন, কিয়নো পুৰুষ প্ৰধান সমাজত অনাকাংক্ষিত বোজাস্বৰূপ জ্ঞান কৰা কণ্যা সন্তানবোৰক ভ্ৰুণ অবস্থাতেই বা জন্মৰ লগে লগেই হত্যা কৰি পেলোৱা হয়। এক চিৰ প্ৰচলিত সামাজিক প্ৰথা। গাঁওখনত জীবিত আছে যদি সেয়া কেৱল অপূৰ্ণ যৌন বাসনাত কামাৰ্ত পুৰুষ, যিসকলে নিজৰ যৌন ক্ষুধা, হতাশা, উন্মত্ততা প্ৰকাশ কৰে নীলাছবি, সমকামিতা, পশুকামিতা আৰু হিংশ্ৰতাৰে। কিন্তু তেনে এক অবস্থাতে সন্ধান পোৱা যায় ‘কাল্কি’ নামৰ এগৰাকী ছোৱালীৰ (সাংকেতিক অৰ্থত কাল্কি নামটোৰে বুজোৱা হৈছে বিষ্ণুৰ সেই অবতাৰৰ কথা, যিয়ে কলিযুগৰ অৱসান ঘটাব), যাক পিতৃয়ে সকলোৰে সংগোপনে জীয়াই ৰাখিছিল। কিন্তু বহু পৰিমানৰ যৌতুক প্ৰদান কৰি ৰামচৰণ নামৰ ব্যক্তি এজনে তাইক বিবাহ কৰাই আনে নিজৰ পাঁচ পুত্ৰৰ সৈতে। ঘটনাক্ৰমে কাল্কি প্ৰতিদিনে চিকাৰ হয় যৌন নিৰ্যাতনৰ আৰু ধৰ্ষণৰ, কেৱল সেই পাঁচ পুত্ৰৰ পৰাই নহয়, তেওঁলোকৰ পিতৃৰ পৰাও। সেই নিৰ্যাতিত জীবনৰ পৰা মুক্তি পাবলৈ যেতিয়া তাই ঘৰৰ তথাকথিত নিম্ন সম্প্ৰদায়ৰ কামকৰা লৰা এজনৰ সহায়ত পলাই যোৱাৰ চেষ্টা কৰে, সমগ্ৰ গাঁওখনতে জাতিদ্ৰোহ (caste riot) সৃষ্টি হৈ পৰে। শাস্তিস্বৰূপে কাল্কিক গোহালীত গৰুৰ সৈতে বান্ধি ৰখা হয় আৰু প্ৰতিদিন-প্ৰতিনিশা গাঁৱৰ পুৰুষে তাইক ধৰ্ষণ আৰু নিৰ্যাতন চলায়। কিন্তু কিছুদিন পিছত যেতিয়া গম পোৱা যায় যে, কাল্কি সেই অবস্থাতেই গৰ্ভৱতী হৈছে, তেতিয়া পুনৰ সমগ্ৰ গাঁৱৰ পুৰুষৰ মাজত বিদ্ৰোহ আৰম্ভ হয়, সেই সন্তানৰ পিতৃত্ব অধিকাৰৰ দাবীত। অৱশেষত কথাছবিখনৰ সমাপ্তি ঘটে কাল্কিৰ গৰ্ভত এটি কণ্যা সন্তানৰ জন্মৰে, এক আশাৰ সঞ্চাৰেৰে।

দৰ্শকৰ হৃদয়ক মৰ্মাহত আৰু বাকৰুদ্ধ কৰি তুলিব পৰা এই বলিষ্ঠ কথাছবিখনে উথ্থাপিত কৰা বিষয় বস্তুটো আছিল ভাৰতীয় সমাজত প্ৰচলিত কণ্যা ভ্ৰূণহত্যা আৰু কণ্যা সন্তান হত্যাৰ দৰে কুপ্ৰথা। পুৰুষ প্ৰধান আমাৰ সমাজত নাৰীৰ ওপৰত চলা অত্যাচাৰ আৰু নিৰ্যাতনৰ কথা। আজিও ভাৰতৰ অধিকভাগ অঞ্চলতেই পুত্ৰ সন্তানক কণ্যা সন্তানতকৈ অধিক প্ৰাধান্য দিয়া হয়। এয়া যে কেৱল গাঁও বা অশিক্ষিত মানুহৰ ক্ষেত্ৰতেই প্ৰযোজ্য সেয়া নহয়, চহৰ বা শিক্ষিত পৰিয়ালবোৰো সেই একেই মানসিকতাত আক্ৰান্ত। কাঠফুলাৰ দৰে বিয়পি থকা ভ্ৰুণ নিৰ্ধাৰন কৰা ক্লিনিক সমূহেই তাৰ প্ৰমাণ। ফলস্বৰূপে, আজিও ভাৰতত লিংগ ব্যবধান ১০০০ পুৰুষৰ বিপৰীতে মাত্ৰ ৯৪০ গৰাকী নাৰী। তাৰোপৰি, হাৰিয়াণা (৮৭৭), পঞ্জাব (৮৯৩) জম্মু-কাশ্মীৰ (৮৮৩), দিল্লী(৮৬৬) আদি ৰাজ্যত লিংগ ব্যবধান অতি লজ্জাজনকভাবে বেছি। (সংগ্ৰহ: ভাৰত লোকপিয়ল,২০১১)

কণ্যা ভ্ৰুণহত্যা ভাৰতীয় সমাজৰ এক শতিকা পুৰণি ব্যাধি। বিভিন্ন ধৰ্মীয় বিশ্বাস-অন্ধবিশ্বাস, পৰম্পৰা, সামাজিক আৰু অৰ্থনৈতিক প্ৰথা আদিৰ মেৰপেচত বান্ধ খাই থকা ই এক জটিল সমস্যা। হিন্দুধৰ্মৰ এক অবিচ্ছেদ্য অংগস্বৰূপ ‘মনুস্মৃতি’ত কোৱা হৈছে যে যদি এগৰাকী ব্যক্তিৰ চিতাগ্নি কৰিবলৈ পুত্ৰসন্তান নাথাকে, তেন্তে তেওঁৰ আত্মাই কাহানিও মুক্তিলাভ নকৰে। (Women and Society in India, Desai. Neera and Krishnaraj. Maitreyi, 1990) তাৰোপৰি ভাৰতৰ প্ৰায়ভাগ অঞ্চলত শ শ বছৰজুৰি খামোচ মাৰি ধৰি থকা যৌতুক প্ৰথা হৈছে কণ্যা ভ্ৰুণহত্যা আৰু কণ্যা সন্তানক বোজাস্বৰূপ জ্ঞান কৰাৰ এক প্ৰধান কাৰন। আনহাতে সেই একেটা কাৰণতে পুত্ৰ সন্তানক এক আশীৰ্বাদ বা সম্পদ হিচাপে জ্ঞান কৰা হয়।

যদিও বৰ্তমান ভাৰতত কণ্যা ভ্ৰুণহত্যাৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰা হৈছে, তথাপি তাৰ পৰিচালনা সম্পূৰ্ণৰূপে সফল হব পৰা নাই। ১৯৭১ চনত প্ৰথমবাৰৰ বাবে ভাৰতত ভ্ৰূণহত্যাৰ লগত জড়িত এখন আইন প্ৰণয়ন কৰা হয়। ইয়াৰ দ্বাৰা কিছুমান বিশেষ কাৰণত বা পৰিস্থিতিতহে ভ্ৰূণহত্যা আইনগত ভাবে স্বীকাৰ্য্য বুলি ঘোষণা কৰা হয়, যেনে- মাতৃৰ জীবনৰ প্ৰতি ভাবুকি বা ধৰ্ষন ইত্যাদি। কিন্তু অতি সোনকালে উন্নত প্ৰযুক্তিবিদ্যাৰ প্ৰভাবত যেতিয়া চহৰ অঞ্চলবোৰত ভ্ৰুণ নিৰ্ধাৰন আৰু কন্যা ভ্ৰুণহত্যা ব্যাপক ৰূপত বাঢ়িবলৈ ধৰে, তেতিয়া ভাৰত চৰকাৰে ১৯৯৪ চনত পুনৰ ‘Pre-Natal Diagnostic Techniques Act’ নামৰ আইনখন প্ৰণয়ন কৰে। এই আইনখন ২০০৩ চনত পুনৰ সংশোধন কৰি ”Pre-Conception and Pre-Natal Diagnostic Techniques (Prohibition of Sex-Selection, PCPNDT) Act” হিচাপে প্ৰণয়ন কৰা হয়। এই আইনৰ অধীনত বেআইনী ভ্ৰুণ নিৰ্ধাৰনৰ বিৰুদ্ধে তিনি বছৰ কাৰাদণ্ডৰ আৰু ১০,০০০ টকা পৰ্য্যন্ত জৰিমনা হব পাৰে। তৎস্বত্তেও, এই আইনৰ কাৰ্যকাৰিতা বহু নিৰাশাজনক। বিভিন্ন ধৰনৰ কাৰণ যেনে- সাধাৰন মানুহৰ অজ্ঞতা, অশিক্ষা, চৰকাৰী বিভাগ সমূহৰ অক্ষমতা আৰু দুৰ্নীতি আদিৰ বাবে কণ্যা ভ্ৰুণহত্যাৰ দৰে অপৰাধ আজিও আমাৰ সমাজত ব্যাপক হাৰত চলি আছে।

যিসময়ত ভাৰতৰ অৰ্থনীতি বিশ্বৰ ভিতৰতে এক অন্যতম অগ্ৰণী অৰ্থনীতিৰূপে পৰিচিত হৈছে, ভাৰতক ভৱিষ্যতৰ ‘চুপাৰ পাৱাৰ’ হিচাপে আখ্যা দিয়া হৈছে, যিসময়ত শিক্ষিতৰ হাৰ বৃদ্ধি হৈ ৭৮.০৮ হৈছে, আনকি মহিলা শিক্ষিতৰ হাৰো ৬৫.৪৬ শতাংশলৈ বৃদ্ধি পাইছে, সেই একে সময়তে অতি দূৰ্ভাগ্যজনকভাবে ব ভাৰতত ০-৬ বছৰ বয়সৰ শিশুৰ লিংগ ব্যবধান বাঢ়ি ২০১১ চনৰ লোকপিয়ল অনুসৰি ১০০০-৯১৮ হৈছে। ১৯৯১ চনত এই সংখ্যা আছিল ৯৪৫ আৰু ২০০১ চনত আছিল ৯২৭। দ্ৰুতহাৰত নিম্নগামী হোৱা মহিলা শিশুৰ হাৰৰ পৰিপ্ৰেক্ষিতত ২০১৫ চনৰ জানুৱাৰী মাহৰ পৰা ভাৰত চৰকাৰে ‘বেটী বাচাও, বেটী পঢ়াও’ শীৰ্ষক এক অভিযান ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা লিংগ ব্যবধানত আটাইতকৈ গুৰুতৰভাবে আক্ৰান্ত এশ খন জিলা বাছনি কৰি এই অভিযান আৰম্ভ কৰিছে। তাৎপৰ্য্যপূৰ্ণ যে, ইয়াৰ ভিতৰত অসমৰ কামৰূপ মেট্ৰপলিটান অঞ্চলো অন্তৰ্ভূক্ত হৈ আছে। UNICEF India ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমান ভাৰতত ভ্ৰুণহত্যাৰ লগত জড়িত ১০০০ কৌটি টকীয়া এক ব্যবসায় গঢ় লৈ উঠিছে। ফলস্বৰূপে আমাৰ সমাজত বৃদ্ধি পাইছে নাৰী অপহৰণ, বাল্য-বিবাহ, কইনা ক্ৰয়-বিক্ৰী (Bride selling and buying) আদিৰ দৰে বিভিন্ন গুৰুতৰ যৌন অপৰাধৰ। এই অবস্থাৰ এক জলন্ত উদাহৰণ হৈছে হাৰিয়াণা ৰাজ্য, য’ত মহিলাৰ জনসংখ্যা অতি কম হোৱা বাবে (১০০০-৮৭৭) দেশৰ বিভিন্ন ৰাজ্যৰ পৰা, বিশেষকৈ অসম,পশ্চিমবংগ আৰু ঝাৰখণ্ড আদিৰ পৰা নাৰী অপহৰণ কৰি তেঁওলোকক বিবাহৰ নামত কিনা-বেচা কৰা হয়। ইয়াৰ লগে লগে সৃষ্টি হৈছে নাৰী অপহৰণত লিপ্ত এক সাংগঠনিক দূস্কৃতিকাৰী চক্ৰৰো।

ভাৰতবৰ্ষত নাৰীক দেৱীৰ আসন প্ৰদান কৰি পূজা কৰা হয়। অথচ সেই একেই সমাজতে বাস্তবিক জীবনত প্ৰতি স্তৰে স্তৰে নাৰীক পদদলিত কৰা হয়। নাৰী সৃষ্টিৰ কাৰক। যি পুৰুষক নাৰীয়ে পৃথিবীৰ পোহৰ দেখুৱায়, সেই পুৰুষতান্ত্ৰিক সমাজেই প্ৰতিটো খোজত ভাবুকি প্ৰদান কৰে নাৰীৰ অস্তিত্বক বিলীন কৰি পেলোৱাৰ। ভাৰতৰ সৰ্বপ্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুয়ে কৈ গৈছিল, ”এখন দেশৰ অবস্থা, সেই দেশৰ নাৰীৰ অবস্থাৰেই বুজিব পাৰি” (You can tell the condition of a nation by looking at the status of its women)। অথচ স্বাধীনতাৰ ছটা দশকৰ পিছতো সামাজিক, অৰ্থনৈতিক আদি সকলো দিশতেই ভাৰতীয় নাৰী দুখজনকভাবে পিছপৰা। উল্লেখযোগ্য যে, পুৰুষপ্ৰধান আমাৰ সমাজত নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে জন্মৰ পুৰ্বৰে পৰাই যিখন যুদ্ধত নাৰীয়ে অবতীৰ্ন হব লগীয়া হয়, সেইখন যুদ্ধ নাৰীয়ে পৃথিৱীৰ পোহৰ দেখাৰ পিছতো নিৰন্তৰ ভাবে যুজিব লগীয়া হয়। সাধাৰনতে ভাৰতীয় সমাজত কণ্যা সন্তানৰ প্ৰতি থকা মানসিক হেয়জ্ঞানৰ ফলস্বৰূপে আপোন ঘৰখনৰ পৰা আৰম্ভ হোৱা পুষ্টিহীনতা, অশিক্ষা আদিকে ধৰি ৰক্ষণশীল সমাজে জাপি দিয়া সংকীৰ্ণ নিয়ম-নীতিৰ বাধ্যবাধকতাৰ ফলত সৃষ্টি হোৱা আত্মনীৰ্ভৰহীনতা, আত্মবিশ্বাসহীনতা ইত্যাদিৰ লগতে চাৰিদুৱাৰৰ ভিতৰে-বাহিৰে নাৰী সুৰক্ষাৰ অভাৱৰ ফলত সৃষ্টি হোৱা বিভিন্ন ধৰণৰ অপৰাধ যেনে, ধৰ্ষণ, হত্যা, যৌন-উৎপীড়ন, গৃহ-নিৰ্যাতন, নাৰী-সৰবৰাহ, এচিড-আক্ৰমণ আদিয়ে আজিৰ এই একবিংশ শতিকাতো আমাৰ সমাজত নাৰীৰ প্ৰকৃত স্বাধীনতা আৰু সামাজিক মৰ্যাদাৰ ওপৰত এক গুৰুতৰ প্ৰশ্ন উথ্থাপন কৰে। ব্যাপক হাৰত চলি থকা কণ্যা ভ্ৰুণহত্যা আৰু ক্ৰমান্বয়ে বাঢ়ি অহা লিংগ ব্যবধানেই তাৰ উপযুক্ত প্ৰমাণ। অবিৰাম গতিত চলি থকা নাৰী বিৰোধী এই কুপ্ৰথাই যে কেবল ভাৰতীয় সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰকে (Article 21- Protection of life and personal liberty) খণ্ডন কৰিছে সেয়া নহয়, সামানুপাতিকভাবে এই কাৰ্য্যই আমাৰ সমাজৰ আদৰ্শ আৰু মানবীয় প্ৰমূল্যবোধকো ধ্বংস কৰিছে।

শ্রী মণিষ ঝাৰ কথাছবিখনে হয়তো হাৰিয়ানাৰ দৰে ৰাজ্য এখনকেই প্ৰতিফলিত কৰে। যদিহে সময় থাকোতেই আমাৰ মানসিকতাৰ সলনি নহয়, দেশৰ উন্নয়নৰ লগতে নাৰীৰ উন্নয়নো সমান্তৰালভাবে নহয়, আৰু যদিহে নাৰী আৰু পুৰুষক সমাজৰ চালিকা শক্তিৰ দুটি সম উপাদান হিচাপে গণ্য কৰা নহয়, তেন্তে অদূৰ ভৱিষ্যতে ‘মাতৃভূমি’ কথাছবিখনত দেখুওৱা সেই বৰ্বৰ নাৰীবিহীন সমাজখন সত্যৰূপে পৰিগণিত হোৱাৰ সম্ভাবনা হয়তো নুই কৰিব নোৱাৰি।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে