দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / শাৰীৰিক অৱয়ব আৰু সুস্থতা (চিত্ৰাংকিতা গায়ন )

শাৰীৰিক অৱয়ব আৰু সুস্থতা (চিত্ৰাংকিতা গায়ন )

সুস্থ সবল শৰীৰ এটা সকলোৱে বিচাৰে। এটা সুস্থ শৰীৰেহে এটা সুস্থ মনৰ জন্ম দিয়ে। এই ধাৰণাত আমি সকলোৱে বিশ্বাস কৰো। কিন্তু সুস্থ শব্দটোৰ অৰ্থ উপলব্ধি কৰিবলৈ যাওঁতে আমি কৰবাত একঘেয়ামী হৈ ৰওঁ। কিয়নো শাৰীৰিক সুস্থতাৰ উমান বাহ্যিকভাবে সদায় পোৱা নাযায়। কোনো কোনো ক্ষেত্ৰত দেখা যায় যে একোজন হৃষ্ট পুষ্ট মানুহওঁ ৰোগাক্ৰান্ত হব পাৰে। ইয়াৰ বিপৰীতে শাৰীৰিক ভাৱে সৌষ্ঠৱহীন লোক এজনো নিৰোগী হ’ব পাৰে। শাৰীৰিক গঠন নিৰীক্ষণ কৰি কোনো লোকৰ সুস্থতা অসুস্থতা বিচাৰ কৰাতো অতি নিন্দনীয়। আমাৰ সমাজৰ বহুতো ছোৱালী বোৱাৰী এনে নিন্দাৰ সন্মুখীন হয়। কোনোবা হয়তো বেছি ক্ষীণ বাবে, কোনোবা হয়তো বেছি শকত বাবে, কোনোবা আকৌ লয়লাস পূৰ্ণ নাৰীসুলভ গঠনৰ অধিকাৰী নোহোৱা বাবে। অতি সহজভাৱেই এনে ধৰণৰ নিন্দা ঘৰুৱা পৰিবেশতেই আৰম্ভ হয় যাৰ বাবে ই কিমান ঘৃণনীয় তাৰ উপলব্ধি কৰা নাযায়। শৰীৰক বংশবৃদ্ধিৰ আহিলাৰূপে ব্যৱহাৰ কৰি অহা হৈছে। নাৰীৰ শাৰীৰিক গঠনৰ লগত প্ৰসৱৰ উপযোগীতাক প্ৰায়ে তুলনা কৰা হয়। Estrogen Hormone ৰ পৰিমাণ সাধাৰণতে এগৰাকী নাৰীৰ শাৰীৰিক গঠন চায়েই আমাৰ সমাজে নিৰ্ণয় কৰে। মুঠৰ ওপৰত উচ্চ বক্ষস্থল, লাহী ককাল হ’লেহে এজনী ছোৱালী সুন্দৰ অথবা বিবাহ উপযোগী বুলি গণ্য কৰা হয়। কোনোবা যদি এনে নাৰীসুলভ শৰীৰ অধিকাৰী হয়ো তেওঁৰ সমস্যা সিমানতে শেষ নহয়। এনে ক্ষেত্ৰত আন এক প্ৰধান চিন্তা হৈ পৰে ওজন বৃদ্ধি। মানুহৰ আন সকলো জীৱৰ দৰে বৃদ্ধি আৰু বিকাশ হয়। কিন্তু এগৰাকী নাৰীৰ ক্ষেত্ৰত আশা কৰা যায় যে তেওঁ সদায় একে হৈ থাকিব। মুঠৰ ওপৰত শৰীৰৰ যিকোনো অংশৰ অতিৰিক্ত বৃদ্ধি এগৰাকী নাৰীৰ ক্ষেত্ৰত নিন্দাৰ বিষয় হৈ পৰে।

অতি প্ৰাসংগিক ভাবে সচৰাচৰ দেখাপোৱা আন এটি সমস্যা হ’ল – নাৰীৰ শাৰীৰিক গঠনৰ ওপৰত নিৰ্ভৰ কৰি তেওঁৰ চৰিত্ৰ বিচাৰ কৰাটো। এজন পুৰুষৰ শাৰীৰিক অৱয়ব বৃদ্ধি আৰু স্খলনৰ লগত এইবোৰ কথা জড়িত হৈ নাথাকে। ইয়াৰ বিপৰীতে এগৰাকী নাৰী শকত হ’লে প্ৰায়ে এনেধৰণৰ বিচাৰ কৰা হয় যে তেওঁ একাধিক পুৰুষৰ লগত শাৰীৰিক সম্পৰ্কত লিপ্ত হৈছে। এইটো সচাঁ যে সকলো মানুহে এই ধৰণৰ কথা নকয় বা চিন্তা নকৰে, কিন্তু যিসকলে কৰে অতি সহজভাৱে আৰু নিৰ্ভীকভাবে কৰে। তেওঁলোক এই সম্পৰ্কেও জ্ঞাত নহয় যে শাৰীৰিক ওজন বৃদ্ধি অথবা হ্ৰাস পোৱাৰ ক্ষেত্ৰত অন্যান্য বহুতো কাৰণ জড়িত হৈ থাকে। যেনে Hyperthyroid or Hypothyroid, Depression, PCOD (PolyCystic Ovarian Disease) ইত্যাদি ৰোগ।

আমি সকলোৱে জানো যে, নাৰী – পুৰুষ সকলোৰে জীৱনৰ উদ্দেশ্য হ’ল সামাজিক উন্নতি সাধন কৰা, প্ৰাকৃতিক পৰিবেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰা, বিজ্ঞানসন্মত চিন্তাত বিশ্বাস কৰি আমাৰ পৃথিৱীখনৰ সৰ্বাংগীন উন্নতি কৰা। এইবোৰ কাৰ্য্য কৰিবলৈ যাওঁতে এগৰাকী নাৰীৰ এটা লয়লাসপূৰ্ণ শৰীৰৰ প্ৰয়োজন কেতিয়াওঁ নহয়।
এনে সমস্যা সমুহ অধ্যয়ন কৰি বৃস্তিত সমাধান পাবলৈ হলে “Women Studies” বিষয়টোৰ অধ্যয়ন অতি প্ৰয়োজনীয়। এনে অধ্যয়ন কেৱল বিশ্ববিদ্যালয় পৰ্য্যায়তেই সীমিত নাৰাখি মহাবিদ্যালয় আৰু বিদ্যালয় পৰ্যায়তো অন্তৰ্ভুক্ত কৰিব লাগে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে