দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / নাৰীমুক্তি আন্দোলন আৰু নাৰীৰ পৰাধীনতা-এক ঐতিহাসিক বিশ্লেষণৰ প্ৰয়াস ( ৰূপজ্যোতি কোঁৱৰ )

নাৰীমুক্তি আন্দোলন আৰু নাৰীৰ পৰাধীনতা-এক ঐতিহাসিক বিশ্লেষণৰ প্ৰয়াস ( ৰূপজ্যোতি কোঁৱৰ )

“Too many women
In too many countries
Speak the same language
Of silence”
অনুসূয়া সেনগুপ্ত
সময় যিমানেই আগুৱাই গৈছে, ওপৰৰ কবিতাফাকিৰ অৰ্থ সমগ্ৰ নাৰী জাতিৰ বাবে সিমানেই কৰুণ বাস্তৱ হৈ উঠিছে । সম্প্ৰতি সমগ্ৰ বিশ্বতে লিংগ বৈষম্য সমস্যাটোৱে জটিল ৰূপ ধাৰণ কৰিছে। লিংগ বৈষম্য সমস্যা সমাধান কৰি নাৰী অধিকাৰ সম্প্ৰসাৰণৰ বাবে আমাৰ দেশ তথা সমাজত নানাধৰণৰ আইন প্ৰণয়ন কৰা হৈছে যদিও এইবিলাকৰ সুষম প্ৰয়োগ নোহোৱাত সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে। সভ্যতা-সংস্কৃতিৰ এই চূড়ান্ত বিকাশৰ দিনতো কিন্তু নাৰীৰ অৱস্থান প্ৰায় একেই আছে। বৰঞ্ছ সময়ে সময়ে ইয়াৰ অধিক অৱনতি ঘটাহে দেখা গৈছে। আচলতে ওপৰৰ ৰঙীণ আৱৰণ আঁতৰাই চালেই আমি এই কথা বুজিব পাৰিম যে আমাৰ সমাজত নাৰী প্ৰকৃততে সামাজিক , অৰ্থ্নৈতিক, ৰাজনৈতিক আৰু মনস্তাত্বিক শোষণৰ দ্বাৰা পিষ্ট। অৱশ্যে সুখৰ কথা যে ইয়াৰ সমান্তৰালভাৱে নাৰীমুক্তি তথা নাৰী অধিকাৰ আন্দোলনেও সমগ্ৰ বিশ্বতে গভীৰ গুৰুত্ব লাভ কৰিছে।

নাৰী অধিকাৰ বা নাৰীমুক্তি আন্দোলনৰ মূল তাৎপৰ্য হৈছে নাৰী সমাজে পুৰুষৰ সামাজিক, ৰাজনৈতিক , অৰ্থ্নৈতিক ইত্যাদি সকলো শোষণৰ পৰা মুক্ত হৈ পুৰুষৰ সৈতে সম অধিকাৰ আৰু সম মৰ্যাদাৰ অধিকাৰী হোৱা। নাৰীমুক্তি আন্দোলনৰ গণতান্ত্ৰিক ধাৰাটোৰ আৰম্ভ হ্য় ফৰাচী বিপ্লৱৰ সময়ৰ পৰা। ১৭৯২ চনত ইংৰাজ লেখিকা মেৰি ৱালষ্টন ক্ৰাফটে (Mary Wollstonecraft) A vindication of the rights of women )নামৰ গ্ৰন্থখনতে প্ৰথম মহিলা অধিকাৰৰ কথা বলিষ্ঠ্ভাৱে তুলি ধৰে । অৱশ্যে মেৰিয়ে ইয়াৰ অলপ দিনৰ আগতে লণ্ডনত এখন বালিকা বিদ্যালয় খুলিছিল। কিন্তু তেতিয়াৰ প্ৰতিকূল সামাজিক ব্যৱস্থাৰ সৈতে যুঁজ দিব নোৱাৰি ই অকালতে বন্ধ হৈ গৈছিল।অলিমপ দা গজ (Olympe de Gouges) নামৰ এজন লেখকে মেৰি ৱালষ্টন ক্ৰাফটৰ নামৰ গ্ৰন্থখন লিখাৰ ঠিক এবছৰ আগতে Declaration Of the Rights Of Women নামৰ গ্ৰন্থখনত মহিলাৰ অধিকাৰৰ কথা দাঙি ধৰিছিল।

আমেৰিকাত নাৰী অধিকাৰ আন্দোলনৰ সূত্ৰপাত হয় তাৰ দাসত্ব প্ৰথাৰ বিৰোধী আন্দোলনক কেন্দ্ৰ কৰিয়েই।সেই সময়ত কৃষ্ণাংগসকলৰ সামাজিক অৱস্থান আছিল প্ৰায় জীৱজন্তুৰ সমপৰ্যায়ৰ। নাৰীৰ অৱস্থানো সামগ্ৰিকভাৱে কৃষ্ণাংগ ক্ৰীতদাস সকলতকৈ কোনো গুণে উন্নত নাছিল। কৃংগ কৃতদাসসকলৰ দৰে মহিলা সকলেও শ্বেতাংগ পুৰুষসকলৰ দ্বাৰা নিৰ্যাতিত, শোষিত – বঞ্ছিত , ধৰ্ষিত মানসিক আৰু শাৰীৰিক ভাৱে অৱনমিত হৈছিল। এইটো ইতিহাসৰ এক উল্লেখযোগ্য ঘটনা যে সেই সময়ৰ দাসত্ব প্ৰথা বিৰোধী আন্দোলনত শ্বেতাংগ মহিলাসকল্লে অস্পৃশ্য তথা সামাজিকভাৱে বৰ্জনীয় কৃংষ্ণাংগ কৃতদাসসকলৰ সৈতে একগোট হৈ প্ৰতিবাদ কৰিছিল।সেই সময়ৰ আমেৰিকাইত দাস প্ৰথা বিৰোধী আন্দোলনৰ সমান্তৰালভাৱে চলি থকা নাৰী অধিকাৰ আন্দোলনৰ প্ৰধান প্ৰধান নেতাসকল আছিল লুক্ৰেশ্বিয়া মট, এলিজাবেথ কেডি ষ্টেন্টন, লুছি ষ্টন, ছুছান বি এন্থনী আদি।

আমেৰিকাৰ সমৃদ্ধ চহৰ নিউয়ৰ্কৰ সম্ভ্ৰান্ত পৰিয়ালৰ এক আইনবিদৰ সন্তান এলিজাবেথ কেডি ষ্টেনটন আৰু আমেৰিকাৰে অন্য এগৰাকী অগ্ৰণী মহিলা তথা দাস প্ৰথাবিৰোধী আন্দোলনৰ অন্যতম মহিলা তথা দাস প্ৰথাবিৰোধী আন্দোলনৰ অন্যতম নেত্ৰী লুক্ৰেশ্বিয়া মটৰ যৌথ প্ৰচেষ্টাত ১৮৪৮ চনৰ ১৯ আৰু ২০ জুলাইত ছেনেকা ফলছত প্ৰথমখন Women’s Rights Convention অনুষ্ঠিত হয়।এই convention কেই লুক্ৰেশ্বিয়া মট আৰু এলিজাবেথ কেডি ষ্টেনটন দুয়ো মিলি Seneca Falls- Declaration of sentiments নামৰ এখন ইস্তাহাৰ প্ৰকাশ কৰে। এই ইস্তাহাৰত মহিলাৰ সমঅধিকাৰৰ কথা বলিষ্ঠভাৱে উত্থাপন কৰা হৈছিল। ইয়াত তেওঁলোকে মহিলাৰ সম্পতিৰ অধিকাৰ, বিবাহ বিচ্ছেদৰ অধিকাৰ, কৰ্মক্ষেত্ৰত পুৰুষৰ সৈতে সম অধিকাৰ প্ৰদানৰ দাৱীৰ লগতে মহিলাৰ ভোটাধিকাৰ প্ৰস্তাৱটো দাঙি ধৰিছিল। এই সন্মিলনৰ পিচৰে পৰা আমেৰিকাৰ লগতে অনান্য দেশত নাৰী অধিকাৰ আন্দোলনে এক নতুন মাত্ৰা লাভ কৰে। সেইবাবে আমেৰিকাত অনুষ্ঠিত এই প্ৰথমখন Women’s Rights Convention কথা নাৰী অধিকাৰ আন্দোলন বা সংগ্ৰামৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব।

ওঠৰ শতিকাৰ শেষৰ ফালে আৰমম্ভণি ঘটা নাৰী অধিকাৰ আন্দোলনে উনৈশ আৰু কুৰি শতিকাত এক বিশেষ মাত্ৰা লাভ কৰিছিল। ভাৰতবৰ্ষত প্ৰথম ১৯২৯ চনত তিনিটা বিশেষ চৰ্ত সাপেক্ষে মহিলাক ভোটাধিকাৰ প্ৰদান কৰা হয়। উক্ত চৰ্তকেইটা আছিল শিক্ষিত , বিবাহিত আৰু সম্পতিৰ অধিকাৰ হ’ব লাগিব। এইখিনিতে এই কথা উল্লেখ কৰা প্ৰয়োজনীয় যে কেনেকুৱা এক ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক প্ৰেক্ষাপটত আমেৰিকা, ইংলেণ্ড ইত্যাদি ইউৰোপীয় দেশবোৰত নাৰী অধিকাৰ আৰু বিকাশ ঘটিছিল , সেই সময়ত কিন্তু আমাৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপট সম্পূৰ্ণ বেলেগ আছিল। তেতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ আকাশ বতাহ , মাটি – পানী স্বাধীনতা আন্দোলনৰ উত্তাল বতাহে মুখৰিত কৰি আছিল। সেয়েহে আমাৰ ভাৰতবৰ্ষৰ মহিলাসকলে আন ইউৰোপীয় মহিলাসকলৰ দৰে নানাধৰণৰ শোষণ – বঞ্ছনাৰ দ্বাৰা বলি হোৱাৰ লগতে আৰু অতিৰিক্তভাৱে শোষণৰ দ্বাৰা পিষ্ট হৈছিল। মহিলাসকলে পুৰুষসকলৰ সৈতে সম অধিকাৰৰ দাবীৰ লগতে অনান্য অধিকাৰৰ প্ৰসংগ উত্থাপনৰ বাবে সেই সময়ৰ আমাৰ দেশত অনুকূল পৰিৱেশেই নাছিল। তথাপিও ইয়াৰ মাজতে মহিলাসকলে ভাৰতীয় স্বাধীনতা আন্দোলনত যোগদান কৰিবলৈ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সুযোগ পাইছিল।কিয়নো ইংৰাজ শাসনক ওফৰাই দেশক ঔপনিবেশিক শোষণৰ পৰা মুক্ত কৰিবলৈ সেই সময়ত নাৰী পুৰুষ একগোট হৈ স্ংগ্ৰাম কৰাৰ প্ৰয়োজন হৈ পৰিছিল। লিংগ বৈষম্য চাপৰ পৰা মুক্ত হোৱাতকৈ সেই সময়ত ঔপনিবেশিক শোষণৰ পৰা দেশক মুক্ত কৰাটো বেছি প্ৰাসংগিক হৈ উঠিছিল।

অৱশ্যে এই কথাও সত্য যে বিদেশী শাসকৰ সন্মুখত মহিলাসকলে পুৰুষৰ সৈতে সম অধিকাৰ বিচাৰি আন্দোলন কৰাটো মিছা আস্ফালন বা অৰণ্যৰোদনৰ বাহিৰে যে আন একো লাভ ন’হলহেতেন এই কথা সত্য। বিদেশী শাসনৰ পৰা মুক্ত হৈ দেশে স্বাধীনতা লাভ কৰাৰ লগে লগে মহিলাসকলে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ দেশীয় শাসকৰ পৰা লাভ কৰিব বুলি হয়তো মনে মনে ভাৱি আছিল। হয়তো বিদেশী শাসকতকৈ নিজৰ স্বাধীন দেশৰ কাণ্ডাৰীসকলে মহিলাসকলৰ প্ৰতি তুলনামূলক ভাৱে বেছি উদাৰ হ’ব বুলি ভাৱিছিল। কিন্তু স্বাধীনতাৰ ৬০ বছৰৰ পিচতো মহিলাসকলে নিজৰ বহুতো মৌলিক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্ছিত হৈয়ে ৰ’ল। অৱশ্যে ইয়াৰ মাজতো এচাম সচেতন তথা প্ৰগতিশীল লোকে মহিলাসকলক শিক্ষা-দীক্ষাৰ পোহৰেৰে পোহৰাই তুলিবলৈ চেষ্টা নকৰাকৈ থকা নাছিল। তেওঁলোকৰ ভিতৰত অন্যতম আছিল ৰাজা ৰামমোহন ৰায়,ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ , দয়ানন্দ সৰস্বতী, ইত্যাদি। ভাৰতবৰ্ষত নাৰী শিক্ষাৰ অধিকাৰ সম্প্ৰধাৰণৰ বাবে তেওঁলোকে আগবঢ়োৱা কোনেও অস্বীকাৰ কৰিব নোৱাৰে।

মহিলাসকলে প্ৰথম কেতিয়াৰপৰা আৰু কেনেকৈ তেওঁলোকৰ নিজৰ স্বাধীনতা পুৰুষৰ পৰাধীন হ’ল তাৰ এক সুদীৰ্ঘ ইতিহাস আছে। এংগেলছে তেওঁৰ প্ৰসিদ্ধ The Origin Of the family, private property and the State নামৰ গ্ৰন্থত কৈছে যে মানৱ ইতিহাস মূলত তিনিটা যুগত বিভক্ত বন্য, বৰ্বৰ আৰু সভ্য। ইয়াৰ বন্য বা আদিম অৱস্থাত আৰু কিছু পৰিমাণে বৰ্বৰ অৱস্থাতো নাৰী আৰু পুৰুষৰ সমানে অধিকাৰ আছিল। অৰ্থাৎ নাৰী-পুৰুষৰ সন্দৰ্ভত সেই সময়ত আজিৰ দৰে ইমান বিভেদ বা পাৰ্থক্য নাছিল।কিন্তু সময়ৰ লগে লগে আমাৰ সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন আৰম্ভ হ’ল। এক অৰ্থত সমাজৰ ক্ৰমবিকাশৰ লগে লগে নাৰী নিৰ্যাতিত তথা পুৰুষৰ দাসীত পৰিণত হ’ল। জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহে সমাজ পাতি থাকিবলৈ ল’লে আৰু ইয়াৰ সমান্তৰালভাৱে খাদ্য আহৰণ পদ্ধতি আৰু প্ৰক্ৰিয়া আৰম্ভ হ’ল। সমাজ বিজ্ঞানীসকলৰ মতে এই খাদ্য আহৰণ প্ৰক্ৰিয়াত তথা কৃষিকাৰ্যত পুৰুষৰ সৈতে নাৰীয়েও সমানে অংশ লৈছিল। সময়ৰ লগে লগে এই খাদ্য আহৰণ প্ৰক্ৰিয়া আৰু পদ্ধতিলৈ সাংঘাটিক পৰিৱৰ্তন আহিল। উন্নত নাঙল আৰু অনান্য সা-সজুলিঁ ব্যৱহাৰ তথা এই উৎপাদনী আহিলাবিলাকৰ য’ত পুৰুষৰ অধীনলৈ গুচি যোৱাৰ লগে লগে আৰম্ভ হ’ল নাৰীৰ বিপৰ্যয় তথা পৰাধীনতাৰ আগৰ যুগৰ।ইয়াৰ সমান্তৰালভাৱে নাৰী হ’ল পুৰুষৰ পদানত, পণ্য তথা সন্তান সৃষ্টিৰ যন্ত্ৰত। নাৰী পুৰুষৰ যৌন সম্পৰ্কৰ ক্ষেত্ৰটো বৃহৎ পৰিৱৰ্তন আৰম্ভ হ’ল। এই নতুন যৌন সম্পৰ্কৰ নাম হ’ল – একক বিবাহ। এই একক বিবাহৰ মুখ্য উদ্দেশ্য আছিল সম্পতিৰ নিখুঁত বা বিশুদ্ধ উত্তৰাধিকাৰীৰ জন্ম দিয়া। এংগেলছৰ মতে , এই একক বিবাহেই নাৰী-পুৰুষৰ যৌন সম্পৰ্কত কোৰোণ আৰম্ভ কৰিলে। কাৰণ সম্পতিৰ বিশুদ্ধ উত্তৰাধিকাৰী জন্ম দিবলৈ নাৰীৰ বাবেহে একক বিবাহৰ প্ৰয়োজন হয় কিন্তু ইয়াৰ বাবে পুৰুষজন কোনো প্ৰকাৰে দায়ৱদ্ধ নাছিল। পুৰুষে প্ৰকাশ্যে বা গোপনে বহু নাৰীৰ লগতে সম্পৰ্ক স্থাপন কৰিব পাৰিছিল। কাৰণ পুৰুষজন আছিল উৎপাদনৰ আহিলাবিলাকৰ লগতে সমগ্ৰ উৎপাদনী ব্যৱস্থাটোৰ মূৰব্বী। নাৰী উৎপাদনী ব্যৱস্থাটোৰ পৰা বিচ্যুত হৈ পুৰুষৰ দাসীত পৰিণত হ’ল। এইদৰে নাৰীৰ জন্মগত অধিকাৰ খৰ্ব কৰি পুৰুষে তেওঁলোকক চাৰিবেৰৰ মাজত অসহায়ভাৱে বন্দী কৰি ৰখাৰ প্ৰক্ৰিয়া অৰম্ভ কৰিছিল। উল্লেখযোগ্য যে এইদৰেই সমাজত শ্ৰেণী বৈষ্যমৰো সূত্ৰপাত ঘটিছিল। সমাজৰ প্ৰভাৱশালী মুষ্টিমেয় অংশৰ হাতত উৎপাদনৰ আহিলা আৰু সম্পতিৰ সৰহ অংশ কেন্দ্ৰীভূত হোৱাত সমাজত দুই শ্ৰেণী লোকৰ সৃষ্টি হৈছিল- মালিক আৰু শ্ৰেণীক, শোষক আৰু শোষিত। সমাজৰ আৰম্ভণিৰ পৰা সাম্প্ৰতিক সময়লৈকে সকলো যুদ্ধ ,বিদ্ৰোহ, বিপ্লৱৰ মূল নেপথ্য আছিল এই দুই শ্ৰেণীৰ মাজৰ সংঘৰ্ষ , দ্বন্দ আৰু বৈপৰীত্যৰ ফলশ্ৰুতি। এই মালিক আৰু শ্ৰমিক, শোষক আৰু শোষিত দু শ্ৰেণীৰ অন্তৰ্ভূক্ত নাৰীসকলৰ অৱস্থান কিন্তু একেই আছিল। ঘৰৰ চাৰি-বেৰৰ মাজত অসহায়ভাৱে বন্দী। এই অৱস্থা পূঁজিবাদৰ আৰম্ভণীৰ আগলৈকে অৰ্থাৎ সামন্তীয় ব্যৱস্থাৰ অৱসান নোহোৱালৈকে প্ৰায় কঠোৰভাৱে বৰ্তি আছিল।

বহুতো নেতিবাচক দিশ তথা উপাদান থকা স্বত্বেও পুঁজিবাদ ইতিহাসৰ এক উল্লেখযোগ্য তথা যুগান্তকাৰী ঘটনা। কাৰণ মানুহৰ মনত প্ৰতিযোগিতাৰ মনোভাৱ ইমান তীব্ৰভাৱে ইয়াৰ আগৰ কোনো সময়তে জাগি উঠা নাছিল। প্ৰাক পুজিঁবাদী ব্যৱস্থাৰ যুগ তথা সামন্তীয় যুগ, প্ৰাক সামন্তীয় যুগৰ সময়ত মানুহৰ সভ্যতাৰ সামগ্ৰিক বিকাশৰ গতি আছিল মন্থৰ আৰু নিজীৰ্ৱ কিন্তু পুজিঁবাদী ব্যৱস্থা বা যুগৰ আৰম্ভণীৰ লগে লগে মানুহৰ মনত এক সৰ্বনাশী প্ৰতিযোগীতাৰ জন্ম হ’ল।ফলত মানৱ সভ্যতাৰ বিকাশৰ গতি হৈ উঠিল সাময়িকভাৱে দূৰন্ত। ইয়াৰ কাৰণটো যদিও মানৱতাৰ পৰিপন্থী, কিন্তু ইয়াৰ ফলশ্ৰুতি আছিল সমগ্ৰ মানৱজাতিৰ বাবে প্ৰয়োজনীয় তথা প্ৰাসংগিক।

পুজিঁবাদী ব্যৱস্থাত মানুহৰ মনত যি সৰ্বনাশী প্ৰতিযোগী মনোভাৱৰ অহৰহ ক্ৰিয়া আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে বিজ্ঞান প্ৰযুক্তি তথা সভ্যতাৰ দুৰন্ত বিকাশে মানুহৰ দৈনন্দিন জীৱন –যাত্ৰাৰ ভাৱিব নোৱাৰা ধৰণে পৰিৱৰ্ত্ন সাধিলে।মানুহৰ কল্যানৰ বাবে ই যেনেদৰে প্ৰয়োজনীয় বা প্ৰাসংগিক। কিন্তু দূৰ্ভাগ্যৰ কথা, মানৱ জাতিৰ সামগ্ৰিক কল্যাণৰ বাবে পুজিঁবাদী ব্যৱস্থাৰ প্ৰভাৱ ভাৱিব নোৱাৰা ধৰণে নেতিবাচকহে। নাৰীৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ আৰু বেছি নেতিবাচক।
সামন্ত্ৰীয় ব্যৱস্থাৰ পতন ঘটি পুজিঁবাদৰ উত্থানৰ লগে লগে উদ্যোগ বিপ্লৱৰ পথ মুকলি হ’ল। ইয়াৰ লগে লগে বৃহৎ বৃহৎ উদ্যোগ প্ৰতিষ্ঠা হবলৈ আৰম্ভ কৰে আৰু এই বৃহৎ বৃহৎ উদ্যোগবোৰৰ কাম সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে বৃহৎ সংখ্যক শ্ৰমিকৰ প্ৰয়োজন হোৱাত পুৰুষৰ লগতে এই উদ্যোগবোৰত মহিলা শ্ৰমিকৰো অন্তৰ্ভুক্তকৰণ আৰম্ভ হ’ল। ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা নাৰীৰ মুক্তিৰ পথ উন্মুক্ত হোৱাত এই পুজিবাদী ব্যৱস্থাত সংঘটিত হোৱা উদ্যোগ বিপ্লৱৰ অৱদান উল্লেখনীয় ঘটনা হ’লেও কিন্তু এই ব্যৱস্থাত নাৰীয়ে পুৰুষৰ সৈতে সম অধিকাৰ, সম মৰ্যাদা তথা প্ৰাপ্যৰ পৰা বঞ্ছিত হৈয়ে ৰ’ল।নাৰীক অদশ্য শ্ৰমিক বুলি গণ্য কৰি কম মজূৰি আৰু অনান্য সা সুবিধাৰ পৰা বঞ্ছিত কৰি ৰখা হ’ল। তদুপৰি নাৰীয়ে প্ৰাক সামন্তীয় যুগৰ পৰা পালন কৰি অহা গৃহস্থালী শ্ৰমৰ বৃহৎ বোজাৰ বিনাচৰ্তে আৰু বিনা মজুৰিৰে মূৰ পাতি ল’ব লগীয়া হ’ল।

নাৰীমুক্তি বা নাৰী অধিকাৰ সম্পৰ্কীয় বিষয়টোৰ লগত আৰু অনান্য বহু আনুষংগিকগ্বিষয় বা প্ৰসংগ জড়িত হৈ থাকিলেও মূলত সমসাময়িক অৰ্থনৈতিক ব্যৱস্থা বা গাথনিটোৰ পৰা পৃথক কৰি ইয়াক নিৰপেক্ষ আৰু বিজ্ঞানসন্মত ভাৱে বিশ্লেষণ কৰা অসম্ভৱ। ওপৰৰ আলোচনাৰ পৰা এই কথা ষ্পষ্ট হয় যে নাৰীৰ অধিকাৰ খৰ্ব হোৱাৰ মূলতে আছিল অৰ্থনৈতিক পৰাধীনতা বা উৎপাদন প্ৰক্ৰিয়া বা ব্যৱস্থাৰ পৰা বিচুৎ হোৱাটোৱেই।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে