দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ভীমবৰ দেউৰী : চমু জীৱন পঞ্জী ( ইন্দিবৰ দেউৰী )

ভীমবৰ দেউৰী : চমু জীৱন পঞ্জী ( ইন্দিবৰ দেউৰী )

১৯০৩ চন: জন্ম মে মাহৰ ১৬ তাৰিখে । পিতৃ গদৰা ওৰফে গদৰাম দেউৰী আৰু মাতৃ বাজং ওৰফে বাজতি দেউৰী । দেউৰী জনগোষ্ঠীৰ বৰগঞা খেলৰ পুৰণি শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰৰ পূজাৰী বৰদেউৰী বংশৰ । পিতৃ আছিল মজলীয়া অৱস্থাৰ কৃষক আৰু মাহৰা সত্ৰৰ গোঁসাইত শৰণ লোৱা ভকত । তেওঁ নিজৰ দেউতাকৰে সৈতে সপৰিয়ালে শদিয়াৰ কাষৰ বজাল গাঁৱৰ পৰা ১৮৮৫ চন মানত আহি শিৱসাগৰ জিলাৰ পানীদিহিং মৌজাৰ বৰগঞা দেউৰী গাঁৱত থিতাপি লয়হি । আৰু তাতেই ভীমবৰৰ জন্ম হয় (সেই গাঁৱ বৰ্তমান ব্ৰহ্মপুত্ৰৰ তলত)।শৈশৱতে মৃত্যু হোৱা জ্যেষ্ঠতম সন্তান দুটা বাদ দিলে ভীমবৰেই বাচি থকা সন্তান সকলৰ মাজত জ্যেষ্ঠ আছিল । আৰু তেওঁৰ চাৰিজন ভায়েক হিমেশ্বৰ , হলধৰ , টংকেশ্বৰ , আৰু উপেন্দ্ৰ আৰু তিনিজনী ভনীয়েক নয়ন, কৰদৈ আৰু ভদ্ৰাৱতী আছিল । ১৯২৫ চনত গদৰামৰ এই পৰিয়ালটোৱে বৰগঞা দেউৰী গাঁৱৰ পৰা উঠি আহি তাৰ তিনিমাইল দক্ষিণে থকা কোঁচ আৰু সোনোৱাল কচাৰী গাঁৱৰে পৰিৱেষ্টিত খনাজান দেউৰী গাঁৱত নিগাজীকৈ থাকিবলৈ লয় ।
১৯১৩ চনঃ স্থানীয় ৫৭ নং বৰগাঁও প্ৰাথমিক বিদ্যালয়ত ১৯০৮ চনত শিক্ষা আৰম্ভ কৰি ভীমবৰে ১৯০৩ চনত প্ৰাথমিক বিদ্যালয়ৰ শেষান্তTitle:None,Content:পৰীক্ষাত শিৱসাগৰ মহকুমাৰ ভিতৰতে প্ৰথম হৈ পাচ কৰি শিৱসাগৰ চৰকাৰী এম্ ভি স্কুল অৰ্থাৎ ছাত্ৰ বৃত্তি বিদ্যালয়ত নাম ভৰ্ত্তি কৰে । তাৰ পৰা যথা সময়ত অৰ্থাৎ ১৯১৮ চনত বিশেষ বৰেণ্যতা (special distinction) সহ পাচ কৰি মাহে চাৰিটকীয়া বৃত্তি অৰ্জন কৰিবলৈ সক্ষম হয় । ১৯১৮ চনৰ পৰা ১৯২৫ চনলৈ তেওঁ শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত বিদ্যা আহৰণ কৰে ।
১৯২৫ চন ঃ এই বছৰত পাঁচটা বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ তেওঁ ১৫ টকাৰ মাহেকীয়া বৃত্তি লাভ কৰি গুৱাহাটীৰ কটনত ১৯২৫ চনৰ ১৪ জুলাইত নাম ভৰ্ত্তি কৰে ।
১৯২৭ চনঃ তেওঁ ১৯২৭ চনত আই এ পৰীক্ষাত প্ৰথম বিভাগত পাচ কৰি দৰ্শন শাস্ত্ৰত সন্মান (honours) লৈ কটন কলেজত বি এ পঢ়িবলৈ লয় । কটনত তেওঁ মনিটৰ আছিল আৰু অধ্যাপক সকলৰ অতি প্ৰিয়পাত্ৰ আছিল। সহপাঠী (পৰৱৰ্তী কালৰ জনজাতীয় নেতা ) ৰবিচন্দ্ৰ কছাৰী , ধীৰ সিং দেউৰী আদিৰ লগত অনগ্ৰসৰ জনজাতি বিলাকৰ বিষয়ে প্ৰায়ে আলোচনা কৰিছিল । কটন কলেজৰ ছাত্ৰাবাসৰ অশৰণীয়া ছাত্ৰগোষ্ঠীৰ ছাত্ৰ সকলক বৰ্ণ হিন্দু ছাত্ৰ সকলে খোৱা মেলা কৰা প্ৰথম মেছত ঠাই নিদি দ্বিতীয় মেছত হে খোৱা মেলা কৰিবলৈ দিছিল । এনে বৈষম্য মূলক ব্যৱস্থাৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰিছিল । উল্লেখযোগ্য যে পৰৱৰ্তী কালত বিজয় চন্দ্ৰ ভাগৱতী আদিয়েও এই ব্যৱস্থাৰ বিৰুদ্ধে আন্দোলন কৰিছিল ।
১৯২৯ চনঃ ভীমবৰে দৰ্শন শাস্ত্ৰত দ্বিতীয় শ্ৰেণীৰ প্ৰথম হৈ সন্মান সহ বি এ উপাধি লাভ কৰে । তেওঁ দেউৰী জনগোষ্ঠীৰ মাজত তথা সমগ্র পানীদিহিং মৌজাৰ ব্ৰাহ্মণকে আদি কৰি সকলো জনগোষ্ঠীৰ মাজত প্ৰথম স্নাতক। স্নাতক হোৱাৰ পাছত তেওঁ কলিকতাৰ ল’ কলেজত আইন ( বি এল) সেই বছৰতে পঢ়িবলৈ লয় । লগতে তেওঁ প্ৰেছিডেন্সি কলেজত এম কমো পঢ়িবলৈ লয়। উল্লেখযোগ্য যে তেওঁ চাৰ মহম্মদ চাদুল্লাৰ উপদেশত আইন পঢ়িছিল যদিও পাছত পাৰিলে ছাটাৰ্দ একাউন্টেন্সি কৰাৰ মানসেৰে এম কমো লগতে পঢ়াৰ সিদ্ধান্ত লৈছিল । কলিকতাত তেওঁ হাৰ্ডিঞ্জ হোটেল তথা ৩৩ নং কলেজ স্ট্ৰীটত আছিল ।
১৯৩১ চনঃ তেওঁ আইন পৰীক্ষাত উত্তীৰ্ণ হৈ বি এল হয় । কিন্তু কলিকতাত তেওঁৰ উচ্চ শিক্ষা আহৰণতেই পৰিয়ালৰ প্ৰায় সকলো ৰাহি উপাৰ্জন খৰচ কৰি ভাতৃ টংকেশ্বৰ দেউৰীৰ শিক্ষাত ব্যাঘাত জন্মাৰ উপক্ৰম দেখি এম কমৰ পৰীক্ষা নিদিয়াকৈয়ে চাকৰি কৰাৰ মানসেৰে অসমলৈ ঘূৰি আহে। এই সন্দৰ্ভত ইতিমধ্যে এটা Myth ৰ সৃষ্টি কৰা হৈছে যে তেওঁ ১৯৩১ চনত চলি থকা অসহযোগ আন্দোলনত সহাৰি দিহে এম এ অথবা এম কম পৰীক্ষা বৰ্জন কৰে। প্ৰকৃততে তেওঁ ১৯৩১ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত বি এল পৰীক্ষা দি চাকৰিৰ মানসেৰে অসমলৈ আহে। উল্লেখযোগ্য যে ১৯৩১ চনৰেই ৫ মাৰ্চৰ গান্ধী-আৰউইন চুক্তিৰ পৰিপেক্ষিতত সেই লানি অসহযোগ আন্দোলনৰ ওৰ পৰিছিল ।
১৯৩২ চনঃ চাকৰি কৰাৰ মানসেৰে অসম অসামৰিক সেৱা (Assam civil service ) পৰীক্ষা দি কৃতকাৰ্যতা লাভ কৰি তেওঁ অতিৰিক্ত সহায়ক আয়ুক্ত ( Extra assistant commissioner) পদত নিযুক্তিৰ বাবে নিৰ্বাচিত হয় । সেই কৃতকাৰ্যতা লাভ কৰিবলৈ তেওঁ কেইবামাহ ধৰি উপযুক্ত প্ৰস্তুতি চলাইছিল । সেই সময়ত অসম চৰকাৰৰ চাকৰি সমূহত সম্প্ৰদায় সমূহ তথা অনগ্ৰসৰ জনগোষ্ঠী ( Backward Tribes) চৰকাৰী তালিকাভূক্ত হোৱা নাছিল । ১৯৩১ চনৰ লোক পিয়লৰ আগৰ লোক পিয়লবোৰত দেউৰী সকলৰ পৃথকভাৱে পিয়ল হোৱা নাছিল । আৰু ১৯২৯ চনত চাইমন কমিছনৰ আগতেও এই জনগোষ্ঠীৰ হৈ কোনেও সাক্ষ্য তথা স্মাৰক পত্ৰ দিয়া নাছিল। ফলত তেওঁলোক সেই তালিকা বৰ্হিভূত হৈয়ে ৰৈছিল আৰু ই,এ, চি পদৰ কথা বাদেই আনকি সাধাৰণ পিয়ন চাপ্ৰাচী আদি পদত নিযুক্তিৰ পৰাও তেওঁলোক বঞ্চিত হৈ ৰৈছিল। সেয়ে, প্ৰতিযোগিতামূলক পৰীক্ষাৰ মাধ্যমেৰে নিযুক্তিৰ বাবে নিৰ্বাচিত হোৱা স্বতেও ই,এ,চি পদত নিযুক্তিৰপৰা বঞ্চিত হৈ ভীমবৰে চৰকাৰী চাকৰি নকৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হয়, আৰু ১৯৩২ চনতেই ডিব্ৰুগড়ৰ আদালতত ওকালতি আৰম্ভ কৰে। তেওঁ প্ৰথমতে ডিব্ৰুগড়ৰ প্ৰতিষ্ঠিত উকিল ৰায়বাহাদুৰ সদানন্দ দুৱৰাৰ লগত ‘জুনিয়ৰ’ হিচাপে কাম আৰম্ভ কৰি ১৯৩৩ চনৰপৰা স্বাধীনভাৱে ওকালতি কৰিবলৈ ধৰে। শীঘ্ৰেই তেওঁ দক্ষ উকিল হিচাপে প্ৰতিষ্ঠা লাভ কৰে আৰু আন সাধাৰণ মক্কেলৰ লগতে ডিব্ৰুগড় জিলাৰ বহুতো ধনী মাৰোৱাৰী চাহবাগানৰ দেশী-বিদেশী মালিক সকলো তেওঁৰ মক্কেল হ’বলৈ ধৰে। তেওঁ চাৰ্টাড একাউণ্টেন্সি ব্যক্তিগতভাৱে অধ্যয়ন কৰাৰ ফলত ব্যৱসায়ী মক্কেল সমূহৰ পক্ষে ওকালতি কৰাত সুবিধা হৈছিল। এই বছৰৰপৰাই তেওঁ অধিকৰূপে গাঁৱৰ কৃষক অনগ্ৰসৰ জনগোষ্ঠীসমূহৰ বিভিন্ন সভা-সমিতি অনুষ্ঠান আদিৰ লগত জড়িত হৈ পৰিব ধৰে।
১৯৩৩ চনঃ বিক্ষিপ্ত হৈ থকা দেউৰীৰ দৰে ক্ষুদ্ৰ জনগোষ্ঠী এটাত জন্ম লাভকৰা ভীমবৰ দেউৰীয়ে হাড়ে-হিমজুৱে উপলব্ধি কৰিছিল যে দেউৰী, সোনোৱাল কছাৰী, মটক, মিছিং,বড়ো তিৱা, ৰাভা আদি অনগ্ৰসৰ জনগোষ্ঠীসমূহে ঐক্যবদ্ধ হৈহে নিজৰ উন্নতি আনিব পাৰিব। প্ৰধানকৈ ভীমবৰ দেউৰীৰ দৰে নেতাৰ উদ্যোগ আৰু প্ৰচেষ্টাত ১৯৩৩ চনৰ ১৭ এপ্ৰিলত নগাঁও জিলাৰ ৰহাত অসমৰ ভৈয়ামৰ অনগ্ৰসৰ সকলো জনগোষ্ঠীসমূহৰ ১ম অধিৱেশন বয়োবৃদ্ধ কছাৰী নেতা যাদৱ চন্দ্ৰ খাখলাৰীৰ সভাপতিত্বত বহে আৰু তাতে Assam Backward Plains Tribal League পিচলৈ চমুকৈ Tribal League হিচাপে খ্যাত জন্ম হয়। যাদৱচন্দ্ৰ খাখলাৰী ইয়াৰ সভাপতি আৰু ভীমবৰ দেউৰী সাধাৰণ সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়। বাস্তৱিকতে ভীমবৰ দেউৰীৰ নাতিদীৰ্ঘ অথচ কৰ্মময় ৰাজনৈতিক জীৱন আৰম্ভ হয় তেতিয়াৰ পৰাই। আনৰ কথা বাদেই, এই অনগ্ৰসৰ জনগোষ্ঠীসমূহৰেই বহুতো নেতাই __ ‘ট্ৰাইবেল লীগ’ৰ স্থায়িত্ব আৰু কাৰ্যকাৰিতাৰ ওপৰত ঘোৰ সন্দেহ প্ৰকাশ কৰিছিল। কিন্তু প্ৰধানকৈ ভীমবৰ দেউৰীৰ দৰে নেতাসকলৰ প্ৰচেষ্টাত ই অচিৰেই সফল গতিশীল আৰু কাৰ্যকৰী অনুস্থানত পৰিণত হৈ অসমৰ জনগণৰ আস্থা আৰু সহযোগিতা লাভ কৰিবলৈ সক্ষম হয়। ট্ৰাইবেল লীগ’ৰ ১ম অধিবেশন আৰু ১৯৩৮ চনৰ ২য় অধিৱেশনৰ অন্তৰ্বৰ্তী কালত তাৰ সকলোবোৰ কাৰ্য ভীমবৰ দেউৰীয়ে প্ৰায় অকলশৰে সাধাৰণ সম্পাদক হিচাপে কৰিবলগীয়াত পৰিছিল। ‘ট্ৰাইবেল লীগ’ৰ হৈ তেওঁ অনগ্ৰসৰ জনগোষ্ঠীসমূহৰ আৰ্থ সামাজিক আৰু শৈক্ষিক উন্নয়নৰ বাবে বিভিন্ন সংগত দাবীবোৰ যুক্তি আৰু তথ্য সহ অসম চৰকাৰৰ ওচৰত উত্থাপন কৰিব ধৰিলে। অসমৰ অতি ভিতৰুৱা গাঁও অঞ্চলত আৰু আহোম চুতীয়া মটক মিচিং সোনোৱাল কছাৰী আদি বিভিন্ন জনগোষ্ঠীৰ ৰাজহুৱা সভা-সমিতিত তেওঁ বিশিষ্ট বক্তা অথবা সভাপতি হিচাপে ভাগ লৈ কৃষক, শ্ৰমিক, অনগ্ৰসৰ জনগোষ্ঠীসমূহ আদি ৰাইজৰ মাজত পৰিচিত হ’বলৈ ধৰিলে।
১৯৩৫ চনঃ ‘ট্ৰাইবেল লীগ’ৰ অহৰহ দাবীৰ বাবে ‘ভাৰত চৰকাৰ আইন ১৯৩৫ (Government of India Act, 1935) অনুসৰি অনগ্ৰসৰ ভৈয়ামৰ জনজাতিসকলৰ (Backward Plains Tribes) বাবে অসম বিধান সভাৰ (Assam Legislative Assembly) মুঠ ১০৮ খন আসনৰ মাজত ৪খন আসন সংৰক্ষণ কৰা হ’ল। ‘ট্ৰাইবেল লীগ’ৰ প্ৰচেষ্টাত তেতিয়ালৈ তালিকা বৰ্হিভূত দেউৰী জনগোষ্ঠীৰ দৰে ক্ষুদ্ৰ জনগোষ্ঠীসমূহকো অনগ্ৰসৰ ভৈয়ামৰ জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰা হয়। ‘ভাৰত চৰকাৰ আইন, ১৯৩৫খন ১৯৩৭ চনৰ এপ্ৰিলৰ ১ তাৰিখৰ পৰা প্ৰচলন কৰা হয়। ১৯৩৫ চনত ডিব্ৰুগড় উকিল সন্থা (Dibrugarh Bar Association) স্থাপন কৰাত ভীমবৰ দেউৰীয়ে সক্ৰিয় অংশ গ্ৰহণ কৰে আৰু ইয়াৰ সংবিধান খনৰ খচৰাও তেওঁ প্ৰস্তুত কৰি দিয়ে, ইয়াৰ এজন সম্পাদক হিচাপে।
১৮৩৮ চনঃ ভীমবৰ দেউৰীক ১৯৩৮ চনৰ ফেব্ৰুৱাৰী মাহত ডিব্ৰুগড় স্থানীয় মণ্ডলীৰ( Local Board) এজন মনোনীত সদস্য হিচাপে ৰাজ্যপালে নিযুক্তি দিয়ে। সেই সময়তে তেওঁ ডিব্ৰুগড় বেৰী হোৱাইট মেডিকেল স্কুলৰ গভৰ্নিং বডিৰো সদস্য হয়। ইতিমধ্যে ১৯৩৭ চনৰ ফেব্ৰুৱাৰী মাহৰ সাধাৰণ নিৰ্বাচনত ভৈয়ামৰ জনজাতিসমূহৰ বাবে সংৰক্ষিত ৪ খন আসনত ‘ট্ৰাইবেল লীগ’ৰ ৰূপনাথ ব্ৰহ্ম, ৰবিচন্দ্ৰ কছাৰী, কাৰ্কচন্দ্ৰ দলে মিৰি আৰু ধীৰসিং দেউৰী জয়ী হৈ বিধান সভাৰ সদস্য(M.L.A ) হয়, আৰু ভীমবৰ দেউৰীৰ উদ্যোগত তেওঁলোকৰ লগত যোগ দিয়ে মিকিৰ পাহাৰৰ (এতিয়াও কাৰ্বি আংলং) পৰা নিৰ্বাচিত সদস্য খৰছিং টেৰাং। ট্ৰাইবেল লীগ’ৰ গতিশীল নেতৃত্বত এই পাঁচজন সদস্যই শীঘ্ৰেই অসম বিধান সভাৰ এটা শক্তিশালী ৰাজনৈতিক গোটত পৰিণত হয়। আনপিনে, মুছলীম পাৰ্টিৰ নেতা চাৰ মহম্মদ ছাদুল্লাৰ নেতৃত্বত ১৯৩৭ চনত গঠন হোৱা সংযুক্ত( Coalituon) মন্ত্ৰীসভাই সমৰ্থন হেৰুৱাই অনিশ্চয়তাৰ মাজত আছিল। ট্ৰাইবেল লীগে এই মন্ত্ৰীসভাক জনজাতি তথা স্থানীয় লোকসকলৰ স্বাৰ্থৰ পৰিপন্থী নীতিৰে পমুৱা মুছলমান সকলক দলে দলে অসমত সংস্থাপন দিয়াৰ বাবে কঠোৰ সমালোচনা কৰিছিল আৰু লাইন প্ৰথা( Line system) ভঙ্গ কৰাৰ দোষত জগৰীয়া কৰিছিল। এনে পৰিস্থিতিত ১৯৩৮ চনৰ ২৬ জুনত ট্ৰাইবেল লীগৰ ২য় অধিবেশন কোকৰাঝাৰত বয়োবৃদ্ধ জনজাতীয় নেতা তথা চাহখেতিয়ক ডম্বৰুধৰ শইকীয়াৰ সভাপতিত্বতত বহে। ভীমবৰ দেউৰী এই অধিবেশনত সৰ্বসন্মতিক্ৰমে ইয়াৰ সাধাৰণ সম্পাদক হিচাপে পুনৰ নিৰ্বাচিত হয়। অসমৰ অনিশ্চিত ৰাজনৈতিক পৰিবেশত ট্ৰাইবেল লীগৰ অৱস্থিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰিব ধৰে আৰু সেয়ে তেতিয়াৰ প্ৰধানমন্ত্ৰী তথা মুছলিম পাৰ্টিৰ নেতা চাৰ মহম্মদ ছাদ্দুলা, কংগ্ৰেছ সংসদীয় দলৰ নেতা গোপীনাথ বৰদলৈ আৰু প্ৰগেছিভ নেচনেলিষ্ট পাৰ্টিৰ নেতা ৰেভাৰে জেমচ জয় মোহন নিকলচ ৰয় তিনিয়ো গুৰুত্ব বুজি ট্ৰাইবেল লীগৰ সেই দ্বিতীয় অধিৱেশনত উপস্থিত থাকে । ইতিমধ্যেই মুছলিম লীগৰ ১৯৩৭চনৰ অধিৱেশনত উপস্থিত থাকি চাৰ চাদুল্লাই মুছলিম লীগত যোগ দিছে আৰু তেওঁৰ নেতৃত্বাধীন প্ৰথম সংযুক্ত মন্ত্ৰীসভাই ১৯৩৮ চনৰ ফেব্ৰুৱাৰী মাহত পদত্যাগ কৰি আকৌ দ্বিতীয় সংযুক্ত মন্ত্ৰীসভা গঠন কৰে যদিও সেই বছৰৰে চেপ্তেম্বৰ মাহত পুনৰ মন্ত্ৰীসভা ভংগ কৰিবলৈ বাধ্য হয় । ইপিনে ভীমবৰ দেউৰীয়ে ট্ৰাইবেল লীগৰ হৈ অসম প্ৰাদেশীক কংগ্ৰেছ দলৰ সভাপতি বিষ্ণুৰাম মেধি সাধাৰণ সম্পাদক সিদ্ধিনাথ শৰ্মা আৰু সংসদীয় দলৰ নেতা গোপীনাথ বৰদলৈৰ লগত ট্ৰাইবেল সংঘৰ দ্বিতীয় অধিৱেশনৰ প্ৰস্তাৱ সমূহৰ কাৰ্য্যকৰণ সম্পৰ্কে আৰু কংগ্ৰেছ সংযুক্ত মন্ত্ৰী সভা গঠন সন্দৰ্ভত পৰ্য্যায়ক্ৰমে অহা জাতীয় কংগ্ৰেছ দলৰ সৰ্বভাৰতীয় নেতা মৌলানা আবুল কালাম আজাদ আৰু সভাপতি সুভাষ চন্দ্ৰ বসুৰ সান্নিধ্য ভীমবৰ দেউৰীয়ে লাভ কৰিছিল । বিশেষকৈ সুভাষ বসুৱে ভীমবৰৰ ৰাজনৈতিক বিচক্ষণতা আৰু সামাজিক দায়বদ্ধতাত মোহিত হৈছিল । কংগ্ৰেছ দলৰ লগত আলোচনাৰ ফলস্বৰূপে ১৯৩৮ চনৰ ১০ চেপ্তেম্বৰত কংগ্ৰেছ দল আৰু ট্ৰাইবেল লীগৰ মাজত এখন দহ দফীয়া চুক্তি হয় আৰু তাৰেই ৯ নং দফা মতে ট্ৰাইবেল লীগৰ পৰা এজন মন্ত্ৰী কংগ্ৰেছ সংযুক্ত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা থাকিল । ফলত , ট্ৰাইবেল লীগৰ এম এল এ ৰূপনাথ ব্ৰহ্ম ক বন আৰু পঞ্জীয়ক বিভাগৰ মন্ত্ৰী হিচাবে লৈ গোপীনাথ বৰদলৈৰ নেতৃত্বত কংগ্ৰেছ সংযুক্ত মন্ত্ৰীসভা ( coalition ministry ) ১৯৩৮ চনৰ ১৯ ছেপ্তেম্বৰত গঠন হয় । উল্লেখযোগ্য যে বহুতে ভুলক্ৰমে উনুকিয়াৰ দৰে ভীমবৰ দেউৰী সেই মন্ত্ৰীসভাৰ সদস্য নাছিল । তেতিয়াৰ পৰাই কংগ্ৰেছ সংসদীয় দলৰ নেতা গোপীনাথ বৰদলৈৰ সৈতে তেওঁৰ সম্পৰ্ক গাঢ় হৈ উঠে । ট্ৰাইবেল লীগৰ অধিনত স্থাপিত হোৱা প্ৰথম জিলা ভিত্তিক শাখা কামৰূপ জিলা ট্ৰাইবেল লীগৰ প্ৰথম অধিৱেশন ভীমবৰ দেউৰীৰ সভাপতিত্বত ১৯৩৮ চনৰ ডিচেম্বৰ মাহত বৰমাত বহে আৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈৰ উপৰিও প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিষ্ণুৰাম মেধিও তাত উপস্থিত আছিল । ভীমবৰ দেউৰীয়ে এই অধিৱেশনত দিয়া অতি তাৎপৰ্যপূৰ্ণ অভিভাষণত সেই সময়ৰ ট্ৰাইবেল লীগৰ নীতি আৰু কাৰ্যকলাপ স্পষ্ট ভাৱে প্ৰকাশ পাইছে । আৰু লগতে তেওঁ অসমৰ কৃষকৰ উন্নতিৰ কাৰণে এক আঁচনিও ডাঙি ধৰিছে ।
১৯৩৯ চনঃ নগাঁও জিলাৰ ধৰমতুলত ভীমবৰ দেউৰীৰ সভাপতিত্বত ১৯৩৯ চনৰ ২১ ফেব্ৰুৱাৰীত বহা সদৌ লালুং সন্মীলনিৰ অষ্টম অধিৱেশনৰ পাছদিনা অৰ্থাৎ ২২ ফেব্ৰুৱাৰীত
ট্ৰাইবেল লীগৰ তৃতীয় অধিৱেশন একে ৰভাস্থলীতে হেৰম্বনাথ বৰাৰ সভাপতিত্বত বহে । তাত ভীমবৰ দেউৰী সৰ্বসন্মতি মৰ্মে সাধাৰণ সম্পাদক হিচাপে থাকি যায় । এই বছৰৰে মাৰ্চ মাহত ট্ৰাইবেল লীগৰ এম এল এ সকলৰ অনুৰোধত আৰু প্ৰদেশ কংগ্ৰেছ দলৰ সৰ্বসন্মতি ক্ৰমে অসমৰ ৰাজ্যপাল ভীমবৰ দেউৰীক উচ্চ পৰিষদ অৰ্থাৎ অসম বিধান পৰিষদৰ সদস্য (member of legisletive council) পদত মনোনিত কৰে । এই উচ্চ পৰিষদৰ বাইশ সদস্যৰ চাৰি জন আছিল মনোনিত সদস্য । কোনো কোনোৱে লিখাৰ দৰে ভীমবৰ দেউৰী কোনোকালে এম এল এ ( member of legislative assembly ) হোৱা নাছিল । উচ্চ পৰিষদৰ সদস্য হোৱাৰ দুদিনমানৰ ভিতৰতে সেই পৰিষদত তেওঁ বক্তব্য ৰাখিছিল চৰকাৰী চাকৰিত সংৰক্ষণ ভিত্তিত নিযুক্তি দিয়াৰ দৰে সেই সময়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্নত । তেওঁ উচ্চ পৰিষদৰ সদস্য হোৱাৰ পাছত বিভিন্ন জনগোষ্ঠীৰ আৰু কৰ্মচাৰী সন্থাৰ সভা সমিতিত অধিকৰূপে অংশগ্ৰহণ কৰিব লগীয়াত পৰে আৰু ট্ৰাইবেল লীগৰ সফল নেতৃত্ব দেখি বিভিন্ন জনগোষ্ঠীয়ে পৰামৰ্শ বিচাৰি বেছিকৈ তেওঁৰ ওচৰ চাপিব ধৰিলে । ইপিনে কংগ্ৰেছ সংযুক্ত মন্ত্ৰীসভাৰ এবছৰ হওঁতে নৌহওঁতেই দ্বিতীয় বিশ্বযুদ্ধৰ দামামা বাজি উঠিল আৰু বৃটিছ চৰকাৰ এই যুদ্ধত জড়িত হৈ পৰিল বৃটিছ চৰকাৰে কংগ্ৰেছ দল তথা ভাৰতীয় জনতাৰ মতামত নোলোৱাকৈ ভাৰতবৰ্ষকো মহাযুদ্ধত জড়িত কৰোৱাত প্ৰতিবাদ স্বৰূপে প্ৰদেশৰ মন্ত্ৰীসভাবোৰক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে । অসমতো কংগ্ৰেছ দলে সংযুক্ত মন্ত্ৰসভা ত্যাগ কৰাত ১৯৩৯ চনৰ ১৭ নৱেম্বৰত সেই মন্ত্ৰী সভা ভংগ হয় তেতিয়া পৰ্যাপ্ত সমৰ্থনৰ অভাৱত ৰেভাৰেণ্ড নিকলচ ৰয়ে বিকল্প মন্ত্ৰী সভা গঠন কৰিবলৈ অসমৰ্থ হোৱাত চাৰ ছাদুল্লাৰ নেতৃত্বত পুনৰ সংযুক্ত মন্ত্ৰী সভা গঠন হয় । এই পৰিস্থিতিত ট্ৰাইবেল লীগৰ কাৰ্যকৰী সমিতিৰ জৰুৰী অধিৱেশন এখন ১৯ আৰু ২০ নৱেম্বৰত ধৰমতুলত বহে আৰু বৃটিছ চৰকাৰৰ যুদ্ধ প্ৰচেষ্টাত সহযোগ কৰি জনগোষ্ঠী সমূহৰ বাবে যিমান পাৰে সুবিধা আদায় কৰাৰ সিদ্ধান্ত লোৱা হয় । কাৰণ এই যুদ্ধ প্ৰচেষ্টাত কংগ্ৰেছ অথবা ট্ৰাইবেল লীগে সহযোগ কৰা বা নকৰাটোৱে বাস্তৱ অৱস্থাৰ কোনো হীন – দেঢ়ি নঘটাব বুলি তেওঁলোকৰ বিশ্বাস হ’ল । ছাদুল্লাৰ সংযুক্ত মন্ত্ৰী সভাই ভৈয়ামৰ জনজাতিৰ উন্নয়নৰ কাৰণে কাম কৰিলে সেই মন্ত্ৰী সভাক সহযোগ কৰাৰ সিদ্ধান্ত লোৱা হল । শীঘ্ৰেই ৰূপনাথ ব্ৰহ্মই এই মন্ত্ৰী সভাত বন বিভাগৰ মন্ত্ৰী হিচাপে যোগদান কৰে ।
১৯৪০ চনঃ ৰবিচন্দ্ৰ কছাৰী , কৰ্ক চন্দ্ৰ দলে মিৰি আদিৰ বিভিন্ন জনগোষ্ঠীৰ নেতৃবৃন্দই আন্তঃবিবাহৰ জৰিয়তে অনগ্ৰসৰ জনগোষ্ঠী সমূহৰ মাজত সংহতি সুদৃঢ় কৰাৰ উদ্দেশ্যেৰে কোকৰাঝাৰৰ বড়ো কছাৰী নেতা ৰূপনাথ ব্ৰহ্মৰ কন্যা কমলাৱতী ব্ৰহ্মৰ লগত উজনি অসমৰ দেউৰী জনগোষ্ঠীৰ ভীমবৰ দেউৰীৰ বিবাহৰ প্ৰস্তাৱ ১৯৩৯ চনতেই আগবঢ়াই । ফলস্বৰূপে কমলাৱতী ব্ৰহ্মৰ লগত ভীমবৰ দেউৰীৰ বিবাহ ১৯৪০ চনত ব্ৰহ্ম ধৰ্ম মতে কোকৰাঝাৰ বাশঁবাৰী গাঁৱত সম্পন্ন হয় । এই বিবাহৰ দুদিনমানৰ ভিতৰতে ভীমবৰ দেউৰীয়ে বিধান পৰিষদৰ বাজেট অধিৱেশনত অংশ গ্ৰহণ কৰিবলৈ শ্বিলংলৈ যায় আৰু তাত এটি তাৎপৰ্যপূৰ্ণ ভাষণ দিয়ে । দলে দলে আনি পমুৱা মুছলমান সকলৰ সংস্থাপন দিয়াৰ পৰা উদ্ভৱ হোৱা সমস্যা , লাইন প্ৰথা, শিক্ষা প্ৰসাৰ , কানি নিবাৰণ, দুখীয়া ৰায়তৰ ওপৰত কৰ জাপি দিয়া আদি জ্বলন্ত সমস্যাৰ আলোচনা আৰু ছাদুল্লাৰ মন্ত্ৰীসভাৰ নীতি আৰু কাৰ্য্যৰ তীব্ৰ সমালোচনা কৰা হয় এই ভাষণত । ১৯৩৮ চনত কংগ্ৰেছ দলৰ লগত কৰাৰ দৰে ছাদুল্লাৰ অসম যুক্ত দলৰ (Assam United Party ) লগতো ১৯৪০ চনৰ ১৬ মাৰ্চত এখন ১০ দফীয়া চুক্তি ট্ৰাইবেল লীগে কৰে । এই চুক্তিৰ ১০ নং দফা অনুসৰি ৰূপনাথ ব্ৰহ্ম মন্ত্ৰী সভাৰ সদস্য হোৱাৰ উপৰিও ট্ৰাইবেল লীগৰ ধীৰসিং দেউৰীক সংসদীয় সচিবৰ পদ দিয়া হয় ।ট্ৰাইবেল লীগৰ ঘোষিত নীতি আছিল ক্ষমতাধীন চৰকাৰে ভৈয়ামৰ জনজাতি বোৰৰ শিক্ষা আৰু আৰ্থিক অৱস্থাৰ উন্নতিৰ বাবে কাম কৰিলে আৰু তেওঁলোকৰ সমূহ স্বাৰ্থৰ বিৰুদ্ধে নগলে সেই গৱৰ্ণমেন্টক সমৰ্থন কৰা । ইতিমধ্যে ট্ৰাইবেল লীগে ১৯৪১ চনৰ লোকপিয়লৰ বাবে প্ৰস্তুতি চলাইছিল যাতে জনজাতি তথা অনগ্ৰসৰ জনগোষ্ঠী সমূহৰ সঠিক জনসংখ্যা প্ৰকট হয় আৰু প্ৰকৃত জনসংখ্যা অনুপাতে চৰকাৰৰ পৰা সা- সুবিধা লাভ কৰিব পাৰে । এই উদ্দেশ্যেই ১৯৩৯ চনত কংগ্ৰেছ দলৰ লগত আৰু ১৯৪০ চনত ছাদুল্লা দলৰ লগত হোৱা চুক্তিত কোৱা হৈছিল যে হিন্দু অথবা খৃষ্টান ধৰ্ম নিৰ্বিশেষে সকলো জনজাতিৰ লোকেই নিজকে জনজাতিৰ লোক বুলি লোক পিয়লত দিব আৰু ১৯৪১ চনৰ লোকপিয়লত এই নীতিকেই গ্ৰহণ কৰা হব । এই কথা লৈ সেই সময়ত অসংখ্য বাদানুবাদ চলিছিল । হিন্দু সকলে ভয় কৰিছিল যে ইয়াৰ ফলত হিন্দুৰ জনসংখ্যা তুলনামূলকভাৱে কমি যাব আৰু মুছলিম লীগৰ অসমক পাকিস্তানৰ লগত চামিল কৰাৰ ষড়যন্ত্ৰ সফল হব ।
১৯৪১ চনঃ বিস্তৰ বাদানুবাদ আৰু বৰ্ণহিন্দু কাকতৰ অপপ্ৰচাৰ স্বত্বেও ভীমবৰ দেউৰী আদি ট্ৰাইবেল লীগৰ নেতৃত্বই নিজৰ নীতি অনুসৰি ১৯৪১ চনৰ লোকপিয়লত বহুখিনি সাফল্য লাভ কৰিবলৈ সক্ষম হয় । ইপিনে ১৯৪১ চনৰ জুন মাহত চোভিয়েট ৰাষ্ট্ৰক হিটলাৰে আক্ৰমণ কৰাৰ ফলত আগতে দ্বিতীয় মহাযুদ্ধক সাম্ৰাজ্যবাদী আখ্যা দিয়া ভাৰতৰ কমিউনিষ্ট সকলে এই মহাযুদ্ধক গণ যুদ্ধ ঘোষণা কৰি বৃটিছৰ যুদ্ধ প্ৰচেষ্টাত সহযোগ কৰিবলৈ ধৰিলে । সেই সময়ৰ পৰাই ভীমবৰ দেউৰীয়ে বিষ্ণু বৰা আদি কিছু কমিউনিষ্ট নেতাৰ সংস্পৰ্শলৈ বেছিকৈ আহিব ধৰে । আৰু তেওঁ মাৰ্ক্সবাদ অধ্যয়ন কৰিবলৈ ধৰে। ভাৰত সম্পৰ্কে লেখা কাৰ্ল মাৰ্ক্সৰ লেখাসমূহ তেওঁ খৰচি মাৰি পঢ়ে। ইতিমধ্যে ১৯৪১চনৰ মে মাহত বঙাইগাঁওত যাদৱচন্দ্ৰ খাখলাৰীৰ সভাপতিত্বত ট্ৰাইবেল লীগৰ চতুৰ্থ অধিৱেশন বহে । এই সময়ত শশুৰ জোঁৱাই ব্ৰহ্ম দেউৰীৰ ( ট্ৰাইবেল লীগৰ ৰূপনাথ ব্ৰহ্ম মন্ত্ৰী আৰু তেওঁৰ জোঁৱাই ভীমবৰ দেউৰী সাধাৰণ সম্পাদক তথা প্ৰভাৱশালী ( MLC) নেতৃত্বত ছাদুল্লাৰ মন্ত্ৰী সভাত ট্ৰাইবেল লীগ থকাটো নেতৃত্বৰ একাংশই (বিশেষকৈ ডেকাচামে ) ভালপোৱা নাছিল । আৰু সেয়ে এই চতুৰ্থ অধিৱেশনত ভীমবৰ দেউৰীৰ ঠাইত সতীশচন্দ্ৰ বসুমতাৰীক সম্পাদক পাতিবলৈ প্ৰচেষ্টা চলাইছিল । কিন্তু সমগ্ৰ অনগ্ৰসৰ জনগোষ্ঠী সমূহৰ বৃহত্তৰ স্বাৰ্থত দূৰদৰ্শী নেতৃত্বৰ হস্তক্ষেপত ভীমবৰ দেউৰীকে পুনৰ সাধাৰণ সম্পাদকৰ দায়িত্বত ৰখা হয় । অসমৰ অনিশ্চিত ৰাজনৈতিক পৰিবেশত ছাদুল্লা মন্ত্ৰীসভাৰ ১৯৪১ চনৰ ২৫ ডিচেম্বৰত পতন হয় আৰু ৰাজ্যপালৰ শাসন অসমত চলিবলৈ ধৰে । এই চনৰে নৱেম্বৰ মাহত মটক লীগৰ ২য় অধিৱেশনত ভীমবৰ দেউৰীয়ে সভাপতি হিচাপে অসমৰ সামাজিক ইতিহাস আৰু সমসাময়িক ৰাজনৈতিক অৱস্থাৰ ওপৰত এটি অতি তাৎপৰ্যপূৰ্ণ ভাষণ দিয়ে ।
১৯৪২ চনঃ ভীমবৰে বৃটিছৰ যুদ্ধ প্ৰচেষ্টাত ব্যক্তিগত ভাৱে সহযোগ কৰা নাছিল । ট্ৰাইবেল লীগৰ পৰা ৰূপনাথ ব্ৰহ্ম মহাযুদ্ধ সমিতিৰ ( war committee ) সদস্য আছিল । মহাযুদ্ধ আৰু স্বাধীনতা আন্দোলনৰ পৰিবেশত কিছু আহৰি পাই তেওঁ সেই সময়ৰ অসমৰ তথা ভাৰতৰ পৰিস্থিতি গভীৰভাৱে বিশ্লেষণ কৰিবলৈ ধৰিলে । অনগ্ৰসৰ জনগোষ্ঠী তথা সমগ্ৰ থলুৱা লোকৰ মূল সমস্যা মাটি বন্দোৱস্তি বিষয়ে আৰু অসমৰ জনসংখ্যাৰ বিভিন্ন দিশৰ বিষয়ে বিস্তৃত নথি পত্ৰ , প্ৰতিবেদন , গেজেটিয়াৰ , গ্ৰন্থ , আদি তেওঁ গভীৰ ভাৱে অধ্যয়ন কৰিবলৈ লয় ।মাৰ্ক্সবাদ অধ্যয়ন আৰু কমিউনিষ্ট সকলৰ সংস্পৰ্শই নিশ্চয় তেওঁক এই মৌলিক সমস্যাবোৰ বস্তুনিষ্ঠ ভাৱে বিশ্লেষণ কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল । এই সময়ৰ পৰা বহুমূত্ৰ ৰোগৰ বাবে ভীমবৰৰ স্বাস্থ্যও লাহে লাহে ভাগিবলৈ আৰম্ভ কৰে । ভাৰত ত্যাগ আন্দোলনত কংগ্ৰেছ দলৰ নেতাসকল জেললৈ যোৱাৰ পাছত তেওঁ ট্ৰাইবেল লীগৰ কাৰ্য ঢিলাই দি অধ্যয়নত মনোনিৱেশ কৰিবলৈ ধৰিলে । এই বছৰতে বৃটিছ মহাযুদ্ধ মন্ত্ৰী মণ্ডলীয়ে (war cabinet) প্ৰেৰণ কৰা ক্ৰীপচ মিছনৰ ( Cripps mission ) প্ৰস্তাৱ সমূহ অধ্যয়ন কৰি ভীমবৰ দেউৰীয়ে এই মিচন কৃতকাৰ্য নহব বুলি নিশ্চিত হৈ ট্ৰাইবেল লীগৰ পৰা কোনোধৰণৰ স্মাৰক পত্ৰ নিদিবলৈ ঠিৰ কৰিলে । ৰাজ্যপালৰ শাসনৰ অন্তত চাৰ মহম্মদ ছাদুল্লাই ১৯৪২ চনৰ ২৫ আগষ্ট মুছলীম লীগ সংযুক্ত মন্ত্ৰীসভা অকংগ্ৰেছী দলবোৰৰ সহযোগত গঠন কৰে । ট্ৰাইবেল লীগে নিজৰ নীতি অনুসৰি অনগ্ৰসৰ জনগোষ্ঠী সমূহৰ বাবে সুবিধা সমূহ আদায় কৰিবলৈ এই মন্ত্ৰীসভাত যোগ দিলে যদিও চাৰ মহম্মদ ছাদুল্লাৰ পমুৱা সংস্থাপন , থলুৱা লোকৰ স্বাৰ্থৰ পৰিপন্থী মাটি উন্নয়ন যোজনা আদি নীতিৰ কঠোৰ সমালোচনা কৰিবলৈ নেৰিলে ।
১৯৪৩ চনঃ মহাযুদ্ধৰ আপাতকালিন পৰিস্থিতিত ভীমবৰে পৰিয়ালক দেউতাকৰ লগত খনাজান গাঁৱত ৰাখি নিজে ডিব্ৰুগড় আৰু শ্বিলংত প্ৰধানকৈ অধ্যয়নত ব্যস্ত থাকে । তেওঁ বিধান পৰিষদৰ অধিৱেশনত উক্ত পৰিষদৰ নিৰ্বাচনত অসমীয়া প্ৰাৰ্থিক বঞ্চিত কৰা, কৃষকক ধান আৰু সৰিয়হৰ উচিত মূল্যৰ পৰা বঞ্চনা , প্ৰাথমিক শিক্ষা প্ৰসাৰণ, দূৰৱস্থাপন্ন কৃষকক কৰ ৰেহাই , ভূমি পত্তন ব্যৱস্থা ইত্যাদি গুৰুত্বপূর্ণ প্ৰশ্নত ছাদুল্লা চৰকাৰক কঠোৰ সমালোচনা কৰে । অধিক শস্য উৎপাদন ( grow more food) অভিযানৰ নামত চৰকাৰে অধিক পমুৱা মুছলমানক সংস্থাপন দি থলুৱা লোকৰ উন্নয়ন আৰু নিৰাপত্তা ব্যাহত কৰাৰ বাবে তেওঁ কৈছিল যে অধিক শস্য উৎপাদনতকৈ অধিক বস্ত্ৰ উৎপাদন (grow more cloth) অভিযানেহে অসমৰ ৰাইজৰ উপকাৰ সাধিব ।
১৯৪৪ চনঃ এই বছৰো ভীমবৰ দেউৰীয়ে প্ৰধানকৈ অধ্যয়ন আৰু বিধান পৰিষদৰ কামত ব্যস্ত থাকে আৰু কোনো কোনো ভিতৰুৱা গাঁৱত কানি নিবাৰণ অভিযান চলায়।যুদ্ধৰ নামত চৰকাৰে শিক্ষাৰ প্ৰতি অৱহেলা কৰা আৰু বিশেষকৈ অসমত বিশ্ববিদ্যালয়ৰ স্থাপনৰ বাবে উত্থাপিত ‘বিশ্ববিদ্যালয় বিল’খন স্থগিত কৰাক তেওঁ বিধান পৰিষদৰ মজিয়াত সমালোচনা কৰে।ছাদুল্লা চৰকাৰে চলোৱা ‘অধিক-শস্য-উৎপাদন’ অভিযানে কি দৰে থলুৱা কৃষক আৰু বিশেষকৈ জনজাতি কৃষকৰ বাবে দুৰ্দিন আনিছে তাৰ তথ্যপূৰ্ণ আৰু যুক্তিপূৰ্ণ নিৰ্দশন দাঙি ধৰি, তেওঁলোকৰ অস্তিত্ব এনেদৰে বিপন্ন কৰাৰ বাবে সেই চৰকাৰক তেওঁ কঠোৰ সমালোচনা কৰে।
১৯৪৫ চনঃ ছাদুল্লা মন্ত্ৰীসভাৰ থলুৱালোকৰ স্বাৰ্থৰ পৰিপন্থী নীতিৰ বাবে ট্ৰাইবেল লীগ’ৰ এই মন্ত্ৰীসভাৰ ওপৰত আস্থা নোহোৱা হ’ল ৷ ভীমবৰ দেউৰীয়ে অধ্যয়ন-বিশ্লেষণ আৰু বাস্তবিক অভিজ্ঞতাৰ আধাৰত উপলদ্ধি কৰিলে যে অনগ্ৰসৰ জনগোষ্ঠীসমূহৰ উন্নয়নৰ প্ৰশ্নটো যিহেতু সমগ্ৰ অসমবাসীৰ উন্নয়নৰ প্ৰশ্নৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সেয়ে কোনো বহিপ্ৰভাৱ নথকা আৰু অসমবাসীৰ প্ৰকৃত স্বাৰ্থ ৰক্ষা কৰা চৰকাৰেহে সমগ্ৰ অসমবাসীৰ উন্নয়ন আনিবলৈ সক্ষম হ’ব ৷বড়ো, কছাৰী, মিচিং, সনোৱাল আহোম,চুটীয়া, মতক, দেউৰী, কাৰ্বি,ৰাভা,তিৱা,গাৰো, নগা মিজো,খামতি,চিংফৌ, কোচ-ৰাজবংশী, মণিপুৰী, কৈৱৰ্ত্ত, নাথ, খাচি-হীৰা-হাৰি চাহ জনগোষ্ঠীসমূহ আদি সমগ্ৰ অসমবাসীৰ ঐক্যবদ্ধ ৰাজনৈতিক দল এটাইহে এনে উন্নয়ন আনিব পাৰিব বুলি তেওঁ বিশ্বাস কৰিব ধৰিলে ৷এই উদ্দেশেৰে তেওঁ পদ্মেশ্বৰ গগৈ, মেকডোনাল্ড কঈেঁৰ আদি আন সমভাবাপন্ন লোকসকলৰ সৈতে সকলোবোৰ জনগোষ্ঠীৰ প্ৰতিনিধিৰ এখন অধিৱেশন আহ্বান কৰে ৷ এই অধিৱেশন ১৯৪৫ চনৰ ২১, ২২ আৰু ২৩ নৱেম্বৰত শ্বিলঙত বহে আৰু তাতে ‘আচাম ট্ৰাইবচ্ এণ্ড্ ৰেচেচ্ ফেডাৰেশ্যন’ৰ (Assam Tribes Sud Reces Federetion) জন্ম হয় ৷ এই অধিৱেশনত ভাৰতৰ পৰা পৃথক কৰি এক সাৰ্বভৌম স্বাধীন অসম দেশ সৃষ্টি কৰা প্ৰস্তাৱ লোৱা হৈছিল ৷ভীমবৰ দেউৰীক এনে কাৰ্যক কংগ্ৰেছ দল,বৰ্ণ-হিন্দু আদিয়ে ভাল পোৱা নাছিল ৷ পৰৱৰ্তী কালত ৰাজনৈতিক পৰিস্থিতিত পৰ্যাপ্ত সমৰ্থনৰ অভাৱত এনে প্ৰচেষ্টাৰ লগতে সেই ফেডাৰেচনৰ স্বাভাৱিক মৃত্যু হ’ল ৷ ইতিমধ্যেই ২৩ মাৰ্চত ছাদুল্লা মন্ত্ৰীসভাই পদত্যাগ কৰিবলৈ বাধ্য হয় ৷ কংগ্ৰেছ দলৰ লগত বুজাপৰা হোৱাৰ পিচত ছাদুল্লাই পুণৰ এক সংযুক্ত মন্ত্ৰীসভা কিছু মুছলিম সদস্যক বাদ সেই তাৰিখৰ পৰাই গঠন কৰে ৷ এই বছৰৰে এপ্ৰিল মাহত ‘ট্ৰাইবেল লীগ’ৰ পঞ্চম অধিৱেশন হৰিশিঙাত (দৰং জিলা) বহে আৰু ভীমবৰ দেউৰীৰ পুণৰ সাধাৰণ সম্পাদক ৰূপে থাকি যায় ৷ পাকিস্তান সৃষ্টিৰ দাবীত পৰিপেক্ষিতত সেই সময়ৰ পৰিস্থিতি অধ্যয়ন কৰি ভীমবৰ দেউৰীয়ে মত দিয়ে যে ভাৰতক দ্বিখণ্ডিত কৰাৰ পৰা বচাবলৈ ভাৰতে কমনৱেলথ( commonwealth ) ত থাকি ডমিনিয়ন স্টেটাচ( Dominion Status) )গ্ৰহণ কৰা উচিত । এই বছৰতে তেওঁৰ উচ্চ পৰিষদৰ সদস্য পদৰ মনোনয়ন শেষ হোৱাত ৰাজ্যপালে পুনৰ তেওঁক সদস্য ( M.L.C.) হিচাপে দ্বিতীয় বাৰৰ বাবে মনোনয়ন দিয়ে ।
১৯৪৬ চনঃ ১৯৪৫ চনৰ ডিচেম্বৰ আৰু ১৯৪৬ চনৰ জানুৱাৰী মাহত হোৱা সাধাৰণ নিৰ্বাচনত ভৈয়ামৰ জনজাতি নেতাসকলে কংগ্ৰেছ দলক সমৰ্থন আৰু সেই দলত যোগদান কৰা নকৰাৰ প্ৰশ্ন উত্থাপন হয় ট্ৰাইবেল লীগত । স্বাধীনতা আন্দোলনৰ যোগেদি অধিক জনপ্ৰিয় হৈ অহা কংগ্ৰেছ দলে এই নিৰ্বাচনত সৰ্বশক্তি প্ৰয়োগ কৰিলে । আৰু ট্ৰাইবেল লীগৰ বিৰুদ্ধে অপপ্ৰচাৰো চলালে । ট্ৰাইবেল লীগৰ বহু সদস্য কংগ্ৰেছ দলত যোগদান কৰিবলৈ ধৰে আৰু নিৰ্বাচনৰ কাৰণে তেওঁলোকৰ মনোনিত সদস্য ধীৰসিং দেউৰী আৰু খৰসিং টেৰাঙে নিৰ্বাচনৰ আগমুহূৰ্তত কংগ্ৰেছত যোগ দি ট্ৰাইবেল লীগক শলঠেকত পেলাই । ফলত এই নিৰ্বাচনত ট্ৰাইবেল লীগৰ মাথোন ৰূপনাথ ব্ৰহ্ম আৰু কৰ্কচন্দ্ৰ মিৰিহে জয়ী হয় । মাথোন দুজন সদস্যৰে ট্ৰাইবেল লীগৰ বিধানসভাত নিশকতীয়া হৈ পৰিল । আনহাতে ভৈয়ামৰ জনজাতি সমূহৰ মাজৰ পৰা পাঁচজন প্ৰাৰ্থীয়ে কংগ্ৰেছ দলৰ সদস্য হিচাপে নিৰ্বাচনত জয়ী হয়েই । । এনে পৰিস্থিতিত গণ পৰিষদলৈ ( Constituent Assembly ) সদস্য মনোনিত কৰিব লগা হোৱাত ট্ৰাইবেল লীগে নিজে একো কৰিব নোৱাৰি কংগ্ৰেছ দলক ভীমবৰ দেউৰীক মনোনয়ন দিবলৈ দাবী জনালে । ট্ৰাইবেল লীগৰ সকলোৱে দৃঢ় বিশ্বাস কৰিছিল যে ভীমবৰ দেউৰীয়েহে অসমৰ জনগাঁঠনিৰ সঠিক বিশ্লেষণ কৰি ভৈয়ামৰ সমূহ অনগ্ৰসৰ জনগোষ্ঠীৰ দৃষ্টিভংগী আৰু স্থিতি কাৰ্যকৰী ভাৱে গণ পৰিষদত ডাঙি ধৰিব পাৰিব । প্ৰধানকৈ অনগ্ৰসৰ জনগোষ্ঠী সমূহৰে গঠিত অসমক অনগ্ৰসৰ জনজাতি অঞ্চল হিচাপে চিহ্নিত কৰি বিশেষ ব্যৱস্থাৰে সা – সুবিধা প্ৰদান কৰা উদ্দেশ্য আছিল তেওঁলোকৰ । কিন্তু তেওঁলোকৰ দাবী আওকান কৰি কংগ্ৰেছ দলে জনজাতীয় কংগ্ৰেছী নেতা (তথা এম এল এ) ধৰণীধৰ বসুমতাৰীকহে গণ পৰিষদলৈ মনোনিত কৰে । কংগ্ৰেছৰ এই কাৰ্য্যই জনজাতি সকলৰ মাজত যথেষ্ট তিক্ততাৰ সৃষ্টি কৰে । কাৰণ কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী ধৰণীধৰ বসুমতাৰী য়ে ভৈয়ামৰ স্বাৰ্থৰ বিপৰীতে বৰ্ণ হিন্দুৰ স্বাৰ্থানুকুল প্ৰাদেশীক কংগ্ৰেছ দলৰ মতামতহে গণ পৰিষদত ডাঙি ধৰিব বুলি তেওঁলোকে সঠিক ৰূপেই ভাৱিছিল । কংগ্ৰেছৰ এই সিদ্ধান্তৰ ফলত স্বাধীন ভাৰতৰ সংবিধানত অসমৰ ভৈয়ামৰ জনজাতি সকল পঞ্চম আৰু ষষ্ঠ অনুসূচিৰ ( fifth and sixth schedule ) ৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে । ১৯৪১ চনৰ ১১ ফেব্ৰুৱাৰীত গঠিত হোৱা গোপীনাথ বৰদলৈৰ কংগ্ৰেছ মন্ত্ৰীসভাত ভৈয়ামৰ জনজাতীয় কংগ্ৰেছী এম এল এৰ এজনকো মন্ত্ৰীৰ পদ নিদিলে । তাৰ পিছত ২৩ মাৰ্চত কেবিনেট মিচন ( cabinet mission ) ভাৰতলৈ আহে । আৰু অসমক মুছলমান প্ৰধান অবিভক্ত বঙ্গদেশৰ লগত সাঙুৰি ‘ গ’ সমষ্টি ( group C) অন্তৰ্গত কৰি সমষ্টি গঠনৰ প্ৰস্তাৱ দিয়ে , যাৰ ফলত এই ‘গ’ সমষ্টিৰ মুছলমান সদস্যৰ সংখ্যাধিক্যতাৰে দুয়োখন প্ৰদেশৰ আইন- নীতি ৰচনা কৰা হ’লহেঁতেন । অসমৰ থলুৱা লোকসকলে জাতি – বৰ্ণ – ধৰ্ম নিৰ্বিশেষে এই ব্যৱস্থাৰ ঘোৰ প্ৰতিবাদ কৰিব ধৰিলে।ভীমবৰ দেউৰী তথা ‘ট্ৰাইবেল লীগ’ৰ সকলো নেতাই এই ব্যৱস্থাৰ যোগেদি অসমক পৰৱৰ্তীকালৰ পাকিস্থানৰ অন্তৰ্গতকৰণৰ ষড়যন্ত্ৰ দেখা পাই তীব্ৰ প্ৰতিবাদ কৰিলে।এই সময়তে ভীমবৰে বিবৃতি দি দৃঢ়তাৰে কয় যে অসমী মাতৃৰ স্বাধীনতা, অখণ্ডতা তথা অস্তিত্ব ৰক্ষা কৰিবলৈ প্ৰয়োজন হ’লে অসমৰ জনগোষ্ঠীসমূহৰ দাবীবোৰো জলাঞ্জলী দিবলৈ তেওঁলোক প্ৰস্তুত।এনে মনোভাৱৰ বাবে ডঃ ভূৱনেশ্বৰ বৰুৱাকে আদি কৰি অসমৰ নেতাসকলে তেওঁক শলাগ লয়।কিছু ‘ট্ৰাইবেল লীগ’ নেতাৰ সমালোচনাৰ সত্বেও ভীমবৰে অসমৰ অস্তিত্ব তথা সমগ্ৰ অসমবাসীৰ বৃহত্তৰ স্বাৰ্থত ‘ট্ৰাইবেল লীগ’ৰ সুকীয়া নিৰ্বাচনৰ(Separate electorate) দাবীৰ ঠাইত যুটীয়া নিৰ্বাচন(Joint electorate) মানি লোৱাৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰিবলৈ ধৰিলে।অসম তথা ভাৰতবৰ্ষৰ সেই সময়ৰ বাস্তৱ পৰিস্থিতি বিশ্লেষণ কৰি তেওঁ দেখিলে যে সুকীয়া নিৰ্বাচনে দুৰ্যোগপূৰ্ণ পৰিস্থতিত অসমবাসীৰ মাজত অনৈক্য অনাৰ উপক্ৰম আনিছে আৰু সেয়ে কংগ্ৰেছ দলে সমৰ্থন কৰা জনজাতিসকলৰ বাবে সংৰক্ষণ ব্যৱস্থা থকা যুটীয়া নিৰ্বাচন ‘ট্ৰাইবেল লীগে’ মানি লোৱা উচিত।পিচলৈ ‘ট্ৰাইবেল লীগে’ ভীমবৰৰ যুক্তি মানি লৈছিল আৰু তেওঁলোকৰ কিছু দাবী কংগ্ৰেছে মানি ল’লে সুকীয়া নিৰ্বাচনৰ দাবী উঠাই লোৱাৰ সিদ্ধান্ত লৈছিল।মতাদৰ্শ ফালৰ পিনৰ পৰা ভীমবৰে লাহে লাহে প্ৰাদেশিক কংগ্ৰেছৰ ওচৰ চাপিব ধৰে।ব্যক্তিগত ভাবে ভীমবৰ দেউৰীৰ ১৯৩৭ চনৰ পৰা গোপীনাথ বৰদলৈ লগত অন্তৰংগ সম্বন্ধ স্থাপন হয় আৰু ১৯৪৬ চনত সেই সম্বন্ধ অধিক মজবুট হয়।’ট্ৰাইবেল লীগ’ৰ দাবী কিছুমান মানিলে কংগ্ৰেছ দলক পূৰ্ণ সমৰ্থন দিয়া পক্ষপাতি আছিল ভীমবৰ দেউৰী কাৰণ সেই সময়ৰ দুৰ্যোগপূৰ্ণ পৰিস্থিতিত প্ৰাদেশিক কংগ্ৰেছৰ দলেই গোপীনাথ বৰদলৈৰ নেতৃত্বত সমগ্ৰ অসমবাসীৰ স্বাৰ্থত আৰু অসমৰ অখনণ্ডতা ৰক্ষা কৰিবলৈ সক্ষম বুলি তেওঁ দৃঢ় বিশ্বাস কৰিছিল।কংগ্ৰেছ দলেও ভীমবৰ দেউৰীক সেই দলত যোগদান কৰি মন্ত্ৰীসভাৰ সদস্য হ’বলৈ কথা বতৰা চলাবলৈ আৰম্ভ কৰে কাৰণ তেওঁৰ দৰে বিচক্ষণ আৰু দূৰদৰ্শী নেতা মন্ত্ৰীসভাত সেই দুৰ্যোগপূৰ্ণ পৰিস্থিতিত থকাটো প্ৰয়োজনী আছিল।ইতিমধ্যে কামৰূপ জিলাৰ বকোত বহা ‘ট্ৰাইবেল লীগ’ৰ ষষ্ঠ অধিবেশনত ভীমবৰ দেউৰীয়ে চিঠিৰে (নিজে অনুপস্থিত থাকি) সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি বিচাৰে তেওঁৰ ঠাইত সতীশচন্দ্ৰ বসুমতাৰীয়ে সাধাৰণ সম্পাদক হয়।দীৰ্ঘ ১৩ বছৰ একেলেঠাৰীয়ে সাধাৰণ সম্পাদক হৈ থকাৰ পিছত এই অধিবেশনতেই ভীমবৰ দেউৰীক তেওঁৰ অনুপস্থিতিতে ‘ট্ৰাইবেল লীগ’ৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।মঃ তৈয়াবুল্লা আদি কংগ্ৰেছ নেতাৰ উদ্যোগত ভীমবৰ দেউৰীয়ে ৰূপনাথ বহ্মৰ সৈতে কংগ্ৰেছ দলত যোগদান কৰে।প্ৰধানকৈ সমষ্টি গঠন আৰু অসমৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্নত সমগ্ৰ অসমবাসীক প্ৰাদেশিক কংগ্ৰেছ দলে সফল নেতৃত্ব দিব বুলি আস্থা ৰাখিয়েই তেওঁলোকে কংগ্ৰেছত যোগদান কৰিছে বুলি দুয়ো বিবৃতি এটা দিয়ে।পিছত চৰ্দাৰ পেটেলৰ উপদেশ ক্ৰমে ১৯৪৬ চনৰ চেপ্তেম্বৰ মাহত ভীমবৰ দেউৰীক বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰী হিচাপে কংগ্ৰেছৰ মন্ত্ৰীসভাৰ সদস্য কৰা হয়।মন্ত্ৰী হৈয়ে বনজ সম্পদৰ অসমৰ সমূহীয়া স্বাৰ্থত সঠিক ব্যৱহাৰৰ আৰু শ্ৰমিক কল্যাণ তথা শ্ৰমিক আইন সংশোধনৰ আঁচনি কৰাত তেওঁ দিনে ৰাতিয়ে ব্যস্ত হৈ পৰিল।ডিচেম্বৰ মাহত তেওঁ দিল্লীত প্ৰাদেশিক শ্ৰম মন্ত্ৰীসকলৰ অধিবেশনত অংশগ্ৰহণ কৰিবলৈ যায়।
১৯৪৭ চনঃ মন্ত্ৰীসকলৰ অধিবেশনৰ পিছতেই জানুৱাৰী মাহত তেওঁ ভাইচৰয় ল’ৰ্ড ওৱাভেলক লগ ধৰি সমষ্টি গঠন, পাকিস্থানত অসমক চামিল কৰা, সুকীয়া-যুটীয়া নিৰ্বাচন আদি বিষয়ত ‘ট্ৰাইবেল লীগ’ৰ সুস্পষ্ট মতামত জানিবলৈ দিয়ে।অসমক যে কোনোপধ্যেই পাকিস্থানৰ লগত চামিল কৰিবলৈ দিয়া নহ’ব সেইটো তেওঁ স্পষ্ট কৰি দিয়ে।দিল্লীৰ পৰা ঘূৰি আহিয়েই তেওঁ ১৯ জানুৱাৰীত বৰপেটা ৰ’ডত বহা ‘ট্ৰাইবেল লীগ’ৰ কাৰ্যকৰী সমিতিত পুনৰ যুটীয়া নিৰ্বাচনৰ সপক্ষে মতামত দাঙি ধৰে।তাৰপিছত তেওঁ মন্ত্ৰী হিচাপে বহু ঠাই ঘূৰিব লগীয়া হয় আৰু তেওঁৰ স্বাস্থ্যৰ ক্ৰমে অৱনতি হ’ব ধৰে।পৰিশেষত তেওঁ বহুমুত্ৰজনিত যক্ষ্মাৰোগত ভোগে আৰু মাৰ্চ মাহৰ শেষত শয্যাশায়ী হয়।শ্বিলঙৰ ৰীড চেষ্ট হস্পিতালত এপ্ৰিলৰ মাহৰ পৰা তেওঁৰ চিকিৎসা কৰোৱা হয়।চিকিৎসাত বেছি দিন লাগিব আৰু অযথা চৰকাৰী ধন খৰচ হ’ব বুলি তেওঁ মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰে আৰু ৰাজ্যপালে এই পদত্যাগ ১২ এপ্ৰিলৰ পৰা গ্ৰহণ কৰে।জুলাই মাহত তেওঁক তেতিয়াৰ মাদ্ৰাজ প্ৰদেশৰ চিত্তোৰ জিলাৰ মদিনাপল্লি চহৰৰ(বৰ্তমান অন্ধ্ৰ প্ৰদেশত) আৰোগ্যভৱন চিনাটৰিয়ামলৈ চিকিৎসাৰ বাবে নিজৰ খৰচতে স্থানাস্তৰ কৰা হয়।তাত তেওঁ ৩০ নৱেম্বৰত ৪৪ বছৰৰ বয়সত শেষ নিশ্বাস পেলায়।মৃত্যু সময়ত তেওঁ স্ত্ৰী আৰু চাৰিটা শিশু সন্তান এৰি যায়।

এটা মন্তব্য

  1. ভাল লেখা ৷ এনে তথ্য সমৃদ্ধ লেখাই নৱ প্ৰজন্মৰ উপকৃত কৰিব ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে