দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / অসমৰ ত্ৰাণকৰ্তাৰ ৰূপত জননেতা ভীমবৰ দেউৰী ( ডাঃ অনিল ভৰালী )

অসমৰ ত্ৰাণকৰ্তাৰ ৰূপত জননেতা ভীমবৰ দেউৰী ( ডাঃ অনিল ভৰালী )

ভীমবৰ দেউৰীৰ ঐতিহাসিক ভূমিকাৰ সৰ্ম্পকে ক’বলৈ যাওঁতে পাঠকৰ ওচৰত নিবেদন কৰো, তেওঁলোকে যাতে ন’বেল বঁটা বিজয়ী এমেৰিকাৰ অৰ্থনীতিবিদ জচেফ ষ্টীগলিট্জে অলপতে “How Inequality is killing the Americans Dream…..what we can do about it.” প্ৰৱন্ধটি বিবেচনালৈ আনে৷ এই প্ৰৱন্ধটিত লিখকে আমেৰিকাত অৰ্থনৈতিক বৈষ্যমতাৰ সম্পৰ্কত কি কৰা যায় এই সম্পৰ্কে এক প্ৰশ্ন উত্থাপন কৰি লিখিছে– ‘যিখন দেশে উচিত বিচাৰৰ বিশ্বাস নকৰে- সেইখন দেশত সততে ধনীসকলে তেওঁলাকৰ উপাৰ্জনৰ অতি কম শতাংশহে কৰ হিচাপে দিব লাগে আৰু সাধাৰণ নাগৰিকে তুলনামূলকভাবে উপাজৰ্নৰ অধিক শতাংশ কৰ দিওতে ব্যয় কৰিব লাগে৷ ই এখন দেশ য’ত শিশুসকলে প্ৰতিদিনে পতাকাৰ তলত সকলোৰে বাবে ন্যায় প্ৰতিশ্ৰুতিত প্ৰতিজ্ঞাবদ্ধ হয়৷ কিন্তু য’ত ন্যায় কেৱল সেইসকলৰ বাবেহে যি ইয়াক কিনাৰ সমাৰ্থ আছে৷ যিসকলে এই বিষয়ে বিন্দু মাত্ৰ চিন্তা কৰিবলৈ অপৰাগ তেওঁলোকৰ বাবে এয়া মাত্ৰৰ “ঈৰ্ষাৰ ৰাজনীতি” (Political Envy)। যিসকলে এই কথা আলোচনা কৰে তেওঁলোকক শ্ৰেণী সংঘাতে আন্দোলিত কৰা বুলি কোৱা হয়৷ আমি যিদৰে বৈষ্যমতাৰ পৰিণতিক অনুধাৱন কৰো তাৰ পৰা বুজিব পাৰিছোঁ ই ‘ঈৰ্ষা’ সম্পৰ্কীয় নহয়৷
ভীমবৰ দেউৰীৰৰ ভূমিকা আৰু পিছপৰা জনজাতিসকলৰ উন্নতি, ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ সংগ্ৰাম উচ্চ বৰ্ণসকলৰ স্বাৰ্থৰ বিৰুদ্ধে নাছিল৷ তৎসত্বেও ভীমবৰ দেউৰীয়েও জনজাতিসকলৰ স্বাধিকাৰ সাব্যস্তকৰণ উন্নতিৰ আহ্বান অঢ্যৱন্ত প্ৰভাৱশালী একাংশ অসমীয়াৰ ঈৰ্ষাজনীত আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল৷ সেইসময়ৰ ‘অসমীয়া’ কাকতৰ স্বাধীনতা সংখ্যাত সাংবাদিক হৰেন বৰুৱাদেৱে লিখা ‘অসমৰ ভৱিষ্যত’ শাৰ্ষক প্ৰৱন্ধত ট্ৰাইবেল লীগৰ নেতাসকলক কটাক্ষ কৰি লিখা ব্যাকাংশ আছিল এনেধৰণৰ –” ট্ৰাইবেলসকলৰ ভিতৰত এদল অবুজন স্বাৰ্থপৰ লোকে ভুকুতে কল পকাবৰ আকাংক্ষাত কংগ্ৰেছ বিৰোধীতা কৰি ব্ৰিটিছ গৰ্ভণমেন্ট আৰু মুছলিম লীগক সহযোগিতা কৰিছিল৷’ স্বাৰ্গীয় হৰেন বৰুৱাদেৱ কংগ্ৰেছৰ প্ৰচাৰ সচিব আৰু এজন জ্যেষ্ঠ সাংবাদিক আছিল৷”
আনহাতে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ভীমবৰ দেউৰীৰৰ সম্পৰ্কত মন্তব্য আছিল এনেধৰণৰ –”মোৰ মনেৰে স্বৰ্গীয় ভীমবৰ দেউৰী আচলতে অসমৰ এজন জননেতা আছিল৷ জীৱিত অৱস্থাত তেওঁৰ বহু সহকৰ্মী আৰু অনুসসৰণকাৰী সকলে ঠিক তেনেকৈয়ে আন দলৰ বহু কৰ্মী আৰু অনুসৰণকাৰীসকলে প্ৰতিদ্বন্দী প্ৰতিপন্ন কৰিছিল বা এতিয়াও কৰি আছে৷ কিন্তু দেউৰীক মই যিধৰণে জানিছিলো তাৰ পৰা মই ইয়াকে দাঠি ক’ব পাৰো যে তেওঁ ট্ৰাইবেলসকলৰ নেতৃত্ব প্ৰাদন কৰিলেও তেওঁ এজন সমস্ত অসমৰে নেতা আছিল৷” ‘নায়ক ‘ ভীমবৰ দেউৰী সংখ্যা, ১৯৪৮ চন৷
লোকপিয়লৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে আমি সেই সময়ৰ আন্তৰ্জাতিক তথা স্থানীয় ৰাজনৈতিক তথা সামাজিক পৰিস্থিতিৰ সম্পৰ্কে চমুকৈ আলোচনা কৰিব বিচাৰিছো৷
অনুন্নত আৰু পিচপৰা জনগোষ্ঠীৰ সমূহৰ ৰক্ষণাবেক্ষণৰ উদ্দেশ্যে ১৯ শতিকাৰ শেষ আৰু কুৰি শতিকাৰ আগৰ দশকত ঔপনিবেশিক বৃটিছ চৰকাৰৰ শাসকসকলে “উত্তৰ-পূৰ্বাঞ্চলত” “ইনাৰ লাইন প্ৰথা” প্ৰৱৰ্তন কৰিছিল৷ ইনাৰ লাইন পাৰ্মিটক ইৰ্ষ্টান ফ্ৰন্টিয়াৰ ৰেগুলেচন হিচাবে ১৮৭৩ চনৰ আৰম্ভণিতে ইয়াক ঘোষণা কৰা হৈছিল৷ তেতিয়াৰ বেঙ্গল প্ৰভিন্সৰ আটাইতকৈ উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা “ট্ৰাইবেল আদিবাসী”সকলৰ ওপৰত অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত বাঢ়ি অহা শোষণ আৰু লেথাৰি নিচিগাকৈ তেওঁলোকে স্বাধীনভাৱে বসতি কৰা অঞ্চল সমূহত বৃদ্ধি হোৱা আক্ৰমণৰ হেতুকে ইয়াৰ উপযোগিকৈ ১৯৩৫ চনত ভাৰত চৰকাৰৰ অধীনত এই আইন প্ৰনয়ন কৰা হয়৷ পৰৱৰ্তীকালত এই আইনানুসাৰে এই অঞ্চলৰ অনা খিলঞ্জীয়া লোকে প্ৰৱেশ কৰিলে উচ্চ আদালতৰ নিৰ্দ্দেশ অনুসৰি পত্ৰ লব লাগিব৷ ১৯১৮ চনত মন্টেগো চেমচৰ্ফডৰ ৰিপ’ৰ্টৰ ভিত্তিত কেইটামান পিছপৰা অঞ্চল চিনাক্ত কৰা হৈছিল য’ত তাৰ অধিবাসীসকলৰ পশ্চাৎপদতাৰ কাৰণে ৰাজনৈতিক সংস্কাৰ কৰা সম্ভৱ নহৈছিল৷ এই জনগোষ্ঠী সমূহ আছিল আদিম আৰু কোৱা হৈছিল৷ “There was no material on which to found political Institution” গাৰো পাহাৰ, খাচী, জয়ন্তীয়া মিকিৰ, উত্তৰ কাছাৰ, নগা পাহাৰ, লোচাই পাহাৰ, শদিয়া বালিপাৰা আৰু লক্ষীমপুৰৰ সীমান্ত অঞ্চল সমূহ পৰিছিল৷ চাইমন কমিচনে ১৯৩০ চনত এই অঞ্চলসমূহ পৰিভ্ৰমণ কৰি মতামত দিছিল ‘The stage of development reached by the inhabitant of these areas prevent the possibility of applying to them, methods of representation adopted elsewhere. They do not ask for self determination but for security for land, tenure, freedom in per snit of the traditional methods of livelihood and the reasonable exercise of their ancestral costumes.’
ভাবানুবাদ–এই অঞ্চলৰ বাসিন্দাসকলৰ বিকাশৰ স্তৰ বা পৰ্যায় তেওঁলোকৰ বাবে প্ৰয়োজনীয় প্ৰতিনিধিত্ব আন অঞ্চলত প্ৰয়োগ হোৱা প্ৰতিনিধিত্ব একে পৰ্য্যায়ত গণ্য কৰাৰ পৰা বাৰণ কৰিছে৷ উল্লেখযোগ্য যে এই অঞ্চলসমূহক (Territories) সংবিধানৰ ষষ্ঠ অনুসূচীত ট্ৰাইবেল অঞ্চল বুলি (Tribal Areas) ঘোষণা কৰা হৈছে৷
(Sixth Scheduled to the Constitution of India by Justice V. Hansaria)
১৯১৮ চনত প্ৰথম মহা সমৰৰ সময়ত আমেৰিকাৰ প্ৰেছিডেণ্ট উ’ড্ৰউইলচনে প্ৰথম “আত্মনিয়ন্ত্ৰণৰ অধিকাৰ”ৰ বিষয়টো আমেকিকান কংগ্ৰেছত তেওঁৰ বক্তৃতাত দুবাৰ উল্লেখ কৰিছিল৷ প্ৰথম মহাসমৰৰ অন্তত ঔপনিবেশমুক্ত ইউৰোপৰ দেশসমূহত উ’ড্ৰউইলচনক বিপুলভাবে আদৰণি জনোৱা হৈছিল৷ আমেৰিকাৰ ৰাজনৈতিক পণ্ডিত লিপ্পনৰ মতে ১৯৪৪ তনহে উ’ড্ৰউইলচনে প্ৰকৃততে উপলব্ধি কৰিছিল–যে এয়া এক “অনা আমেৰিকান” ধাৰণা কেৱল পৰাধীন ঔপনিবেশিক ৰাষ্ট্ৰৰ ক্ষেত্ৰতহে প্ৰয়োজ্য।
এনে এক সময়তে অসমতো নতুনকৈ শিক্ষিত ট্ৰাইবেল যুৱক সকলো নিজ নিজ জনগোষ্ঠীক অশিক্ষিত অন্ধাকাৰৰ পৰা মুক্ত কৰাই নহয় ইমান দিনে খালিহৈ থকা বৃহৎ খিলঞ্জীয়া জনগোষ্ঠীৰ বাবে ৰাজনৈতিক স্থান (Political Space) পূৰণ কৰাৰ উদ্দেশ্য উদগ্ৰীব হৈ পৰিল আৰু সংগবদ্ধভাবে এই অধিকাৰৰ বাবে শান্তিপূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে সংগ্ৰাম কৰিবলৈ সচেষ্ট হৈ উঠিল৷ চাইমন কমিচনে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে৷ কুইন ভিক্তোৰীয়াৰ দিনত ঔপনীবেশিক ৰাষ্ট্ৰসমূহত শিক্ষা তথা ৰাজনৈতিক শিক্ষা প্ৰসাৰৰ উদ্দেশ্যে গ্ৰহণ কৰা “Civilising Mission” উদাৰবাদী নীতিৰ ফলশ্ৰুতি বুলি গণ্য কৰিব পাৰি৷
অসমৰ জনজাতি সকলে চাইমন কমিচনে আগবঢ়োৱা এই ঔপনিবেশিক আইনী সুবিধা লোৱা নৱশিক্ষিত জনজাতি শিক্ষিত শ্ৰেণীয়ে একত্ৰিত হোৱাৰ প্ৰয়োজন অনুভৱ কৰিলে৷
সমাজ বিজ্ঞানী ইন্দিবৰ দেউৰীয়ে “জনগোষ্ঠীয় সমস্যা অতীত আৰু ভবিষ্যত” শীৰ্ষক গ্ৰন্থত লিখিছে–”ক’বলৈ গ’লে ১৯২৯ চনৰ পৰা আন দাবীৰ লগতে ৰাজনৈতিক দাবীও বড়ো আৰু আন অনুন্নত জনগোষ্ঠীসমূহে কৰিবলৈ আৰম্ভ কৰে৷….এই উপলব্ধিৰ ফল স্বৰূপেই ১৯৩৩ চনত ‘ট্ৰাইবেল লীগ’ সৃষ্টি হৈছিল৷ অনুন্নত জনজাতি আৰু জনগোষ্ঠী সমূহৰ প্ৰথম আৰু সফল উমৈহতীয়া সংগঠনটোৰ প্ৰথম অধিবেশনত (ৰহা ১৯৩৩) দুটা প্ৰস্তাৱতেই যথাক্ৰমে দাবী কৰা হৈছিল৷ অনুন্নত জনজাতি জনগোষ্ঠীসমূহক পৃথক পৃথক ভাবে নধৰি এটা উমৈহতীয়া গোট হিচাবে ধৰি প্ৰস্তাৱিত বিধানসভাত জনসংখ্যানুপাতে বিধান সভাত আসন সংৰক্ষিত কৰিবলৈ দাবী জনায়৷
নতুন শাসন ব্যৱস্থা (Govt. of India Act.) ‘ট্ৰাইবেল লীগ’ৰ প্ৰচেষ্টাত অসম বিধান সভাত জনসংখ্যাৰ ভিত্তিত ৪ খন সংৰক্ষিত আসন পায় আৰু ১৯৩৯ চনৰ পৰা অসম বিধান পৰিষদত (উচ্চ সদনত) এজন মনোনীত সদস্য পাবলৈ ধৰে৷ ভীমবৰ দেউৰীৱেই হ’ল প্ৰথমজন মনোনীত সদস্য৷ ১৯৪৭ চনলৈকে তেখেতে এই পদত বাহাল আছিল৷” ‘বৃটিছ ঐতিহাসিক আঙ্গচ মেদ্দিচনে (Angus Maddison) উল্লেখ কৰি গৈছে যে ঔপনিবেশিক বৃটিছ শাসকসকলে ব্ৰাহ্মণসকলক দ্বিতীয় জাতি হিচাপে তেওঁলোকৰ প্ৰশাসনত গণ্য কৰিছিল৷ চাইমন কমিচনৰ আগলৈকে এই নীতিয়েই বাহাল আছিল৷ যাৰ ফলত চাৰ চাদুল্লাই চিভিল চাৰ্ভিচ উত্তীৰ্ণ হয়ো চৰকাৰী চাকৰি নাপায় পিছত আইন পঢ়ি ৰাজনীতিত যোগদান কৰিছিল৷ তেখেতে চিভিল চাৰ্ভিচত উত্তীৰ্ণ হৈয়ো (EAC) চাকৰিৰ পৰা বঞ্চিত হোৱা ভীমবৰ দেউৰীকো কলিকতাত গৈ আইন পঢ়িবলৈ নিজে ৩০০ টকা ধাৰ দি দিছিল৷ সেই টকাৰে ভীমবৰ দেউৰীয়ে কলিকতাত গৈ আইন স্নাতক শিক্ষা সম্পূৰ্ণ কৰিছিল৷ উল্লেখ্যযোগ্য যে সেই সময়লৈকে জনজাতি সমাজত এখন দৰ্খাস্ত লিখিবলৈ হয় এজন মুছলমান শিক্ষিত বা বঙালী শিক্ষিত লোকৰ সহায় লব লগা হৈছিল কিয়নো অসমীয়া শিক্ষিত শ্ৰেণীয়ে মুঠেইকে জনজাতি সকলক এইক্ষেত্ৰত সহায় কৰা নাছিল৷ অৱশ্যে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত একাংশ ব্ৰাহ্মণ শিক্ষকে কিন্তু আগভাগ লৈছিল৷ তেনে শিক্ষকৰেই ছাত্ৰৰ আছিল ভীমবৰ দেউৰীৰ৷
‘জনগোষ্ঠীসমূহে নতুন সাংবিধানিক ব্যৱস্থাত নতুন এক শক্তিশালী এক চাপসৃষ্টি গোট (Pressure Group) হিচাবে কাম কৰাৰ উদ্দেশ্যে এক গোট হোৱাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰে।তাৰ আগলৈকে এই জনগোষ্ঠীসমূহে গাইগোটীয়া ভাবে নিজৰ নিজৰ দাবীবোৰ চৰকাৰৰ ওচৰত উত্থাপন কৰি ফলপোৱা নাছিল৷ সেয়ে ১৯১৯ চনত প্ৰবৰ্ত্তিত শাসন ব্যৱস্থাত তেওঁলোকে কোনো সুবিধাই পোৱা নাছিল৷ এই পটভূমিত তেওঁলোকে ১৯৩৩ চনত এপ্ৰিল মাহত অকণো সময় নষ্ট নকৰি সকলো অনগ্ৰসৰ জনগোষ্ঠীসমূহৰ সমূহীয়া অনুস্থান “আসাম প্লেইনচ ট্ৰাইবেল লীগ” গঠন কৰে ৷ ৰহাত অনুষ্ঠিত প্ৰথম অধিবেশনত তেওঁলোকৰ প্ৰধান দাবীটোৱেই আছিল যে প্ৰস্তাৱিত শাসন ব্যৱস্থাত ভৈয়ামৰ এই সকলো অনগ্ৰসৰ জনগোষ্ঠীসমূহক পৃথক পৃথক নকৰি এটা উমৈহতীয়া গোট হিচাবে গণ্য কৰি তেওঁলোকৰ বাবে অতি কমেও ৭ খন আসন অসম বিধান সভাত সংৰক্ষিত কৰিব লাগে৷ অৱশ্যে এই দাবীৰ বিপৰীতে ৭ খনৰ ঠাইত ৪ খন আসনৰহে সংৰক্ষণৰ ব্যৱস্থা চৰকাৰে কৰে৷ (ইন্দিবৰ দেউৰী, জনগোষ্ঠীয় সমস্যা অতীত বৰ্তমান ভৱিষ্যত)।
১৯৩৩ চনত গঠন হোৱা ট্ৰাইবেল লীগে ১৯৩৫ চনত প্ৰৱৰ্ত্তন হোৱা আইনৰ ক্ষেত্ৰক সাংগঠনিক দক্ষতাৰে সময়তকৈ আগতীয়াকৈ নিজকে ৰাজনৈতিক ভাৱে প্ৰস্তুত কৰা কাৰ্যই সেই সময়ৰ নেতাসকল যে দক্ষ ও ঐতিহাসিক দূৰদৃষ্টি সম্পন্ন নেতৃত্বৰ অধিকাৰী আছিল তাকেই প্ৰমাণ কৰিছে৷
১৯৩৩ চনত এপ্ৰিল মাহত প্ৰথম ট্ৰাইবেল লীগৰ অধিবেশন নগাঁৱৰ ৰহাত বয়োবদ্ধ নেতা শ্ৰীযুত যাদৱ চন্দ্ৰ খাখলাৰীৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল।এই সভাতেই ভীমবৰ দেউৰীক জেনেৰেল চেক্ৰেটাৰী নিৰ্বাচিত কৰা হয়৷ চাইমন কমিছনত সাক্ষ্য দিবলৈ গৈছিল তেতিয়াৰ মন্ত্ৰী ৰূপনাথ ব্ৰহ্ম, কালিচৰণ ব্ৰহ্ম, গোলাপ চৌধুৰী (মৌজাদাৰ), নগাঁৱৰ শ্ৰীপাতৰ, শিৱসাগৰৰ মহিচন্দ্ৰ মিৰি আৰু লক্ষীমপুৰ জিলাৰ যাদব খাখলাৰী আদি৷
লোকপিয়লৰ বিষয়টো আছিল অসমৰ ৰাজনীতিৰ আটাইতকৈ এক গুৰুত্বপূৰ্ণ বিষয়৷ সাম্প্ৰদায়িক ৰাজনীতি আৰু নিৰ্বাচন ভিত্তিক ৰাজনীতিয়ে এই বিষয়ত অধিক গুৰুত্ব প্ৰদান কৰিছিল৷ সেইসময়ৰ বিভিন্ন সম্প্ৰদায়ে নিজক উচ্চ বৰ্ণলৈ উন্নতি কৰাৰ এক প্ৰৱণতা গা কৰি উঠিছিল আৰু ঔপনিৱেশীক চৰকাৰে উচ্চ বৰ্ণৰ কাৰণে চৰকাৰী চাকৰিক এক উদগনীমূলক হিচাপে প্ৰাধান্য দিছিল৷ সেইবাবে হয়তো চাৰ ছাব্দুলা আৰু দেউৰীয়ে চিভিল চাৰ্ভিছত উত্তীৰ্ণ হৈয়ো চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হৈছিল আৰু ভীমবৰ দেউৰীক চাৰ ছাদ্দুলাই কলিকতাত আইন পঢ়িবৰ কাৰেণ টকা ধাৰে দি এক সহযোগিতা আৰু সহমৰ্মিতাৰ নিৰ্দশন দাঙি ধৰিছিল।
১৯৩৯ চনলৈকে ভীমবৰ এজন ডাঙৰ নেতা আৰু সমাজসেৱক হৈ উঠিছিল৷ এতিয়া তেখেত আচাম লেজিচলেটিভ কাউঞ্চিলৰ সভা, ডিব্ৰুগড় লোকেল ব’ৰ্ডৰ মেয়াৰ, বেৰি হোৱাইট মেডিকেল স্কুলৰ গৰ্ভনিং ব’ডিৰ সদস্য আৰু আসাম ট্ৰাইবেল লীগৰ চেক্ৰেটাৰী৷’ ‘নায়ক’৷
১৯৩৮ চনৰ ৭ চেপ্তেম্বৰৰ দিনা কংগ্ৰেছৰ প্ৰেচিডেন্ট সুভাষ বসু আৰু অল ইণ্ডিয়া ওৰ্কিং কমিটিৰ সদস্য আবুল কালামে ঘোষণা কৰে যে নতুন মন্ত্ৰীসভাত ৫ জন হিন্দু ৩ জন মুছলিম মুঠ আঠ জনেৰে মন্ত্ৰীসভা গঠন কৰিব৷ হিন্দুৰ পিনৰ পৰা গোপীনাথ বৰদলৈ প্ৰধানমন্ত্ৰী হয়৷
যুৱ কংগ্ৰেছৰ সভাপতি সুভাষ চন্দ্ৰ বসুৱে অসমত কংগ্ৰেছে মন্ত্ৰী সভা নোহোৱাটো সহ্য কৰিব নোৱাৰিলে৷ অথচ অসমৰ মুঠ ১০৮ জন এচেম্লিৰ সদস্যৰ ভিতৰত ১/৩ অংশও কংগ্ৰেছ দলত ভুক্ত নাছিল যদিও এখন কংগ্ৰেছে যুক্ত মন্ত্ৰীসভা পাতিবলৈ মনস্হ কৰিলে৷ সেই উদ্দেশ্য অসমৰ কংগ্ৰেছে ট্ৰাইবেল নেতাসকলক কংগ্ৰেছত যোগদান কৰিবলৈ অনুৰোধ কৰে৷ ভীমবৰে তেতিয়া বৰ্তমানৰ সদস্য ধীৰ সিং দেউৰীলৈ চিঠি লিখে৷ যিহেতু কংগ্ৰেছ মন্ত্ৰীসভা গঠন কৰিব খুজিলে ছান্দুল্লা মন্ত্ৰী সভাৰ পৰা আঁতৰি থকা যদি উচিত হয় তেন্তে অনতিপলমে আগন্তুক ট্ৰাইবেল লীগৰ কনফাৰেন্সত সিদ্ধান্ত গ্ৰহণ কৰা যুক্তিসংগত হ’ব।তাৰ পাছতেই কোকৰাঝাৰত বহা লীগত প্ৰস্তাৱ গ্ৰহণ কৰিবলগীয়া হয়৷ “নায়ক”ৰ সম্পাদক তথা তেতিয়াৰ ট্ৰাইবেল লীগৰ যুৱ নেতা যোগেন্দ্ৰ নাথ হাজৰিকাই লিখিছে কোকৰাঝাৰত ৰবহা ট্ৰাইবেল লীগৰ আন্দোলনলৈ আহি আমি গম পাও যে “১৬ জুন ১৯৩৮ চনত অসমৰ সকলো নেতা গোটখোৱাই আলোচনাত বহিছে৷ তেতিয়া প্ৰাধনমন্ত্ৰী গোপীনাথ বৰদৈল, ৰেভাৰেণ্ড নিকলাচ ৰয়ৰ উপস্থিত আছিল৷ মুটামুটিভাবে লীগত এইকেইটা প্ৰস্তাৱ লয় ট্ৰাইবেল ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বাবে কৰ বঢ়োৱা লোকেল ব’ৰ্ডত ট্ৰাইবেলৰ বাবে ৰিৰ্জাভ আসন ৰখা ইত্যাদি ইত্যাদি৷ কংগ্ৰেছে ৰিৰ্জাভ আসন দিবলৈ মান্তি হয়৷
তাৰ পাছৰ পৰাই ভীমবৰে লীগৰ প্ৰস্তাৱবোৰ কংগ্ৰেছ কমিটিত দাখিল কৰে আৰু গৰ্ভণমেন্টকো জনায় ৷ ফলত ১০/০৯/১৯৩৮ চনত ট্ৰাইবেল লীগ আৰু অসম কংগ্ৰেছৰ মাজত চুক্তি হয়৷ ইয়াৰ ভিতৰত এইকেইটাই প্ৰধান আছিল – কংগ্ৰেছ ক্ৰীডত Cাইবেল লীগৰ সদস্যসকলে চহী নকৰিব, সুকীয়া নিৰ্বাচন প্ৰথা চলি থাকিব৷ লোকেল ব’ডত ৰিজাৰ্ভ আসন দিব লাগিব৷ ধৰ্ম নিৰ্বিশেষে সকলোবিলাকে ট্ৰাইবেলৰ গণনা ‘ট্ৰাইবেল’ বুলি কৰিব আৰু মন্ত্ৰীসভাত এজন ট্ৰাইবেলৰ মন্ত্ৰী ল’ব৷ ফলত অক্টোবৰৰ ১৯৩৮ চনত অসমতো কংগ্ৰেছ কোৱালিশ্যন(যুক্ত) মন্ত্ৰীসভা গঠন হয়৷ সুভাষ বসুৰ যত্নত ব্ৰহ্ম ডাঙৰীয়াক (স্বৰ্গীয় ৰূপনাথ ব্ৰহ্ম) বন বিভাগৰ মন্ত্ৰী পদত বহুৱায়৷ ১৯৩৯ চনত চাৰ শ্বাদ্দুল্লা মন্ত্ৰীসভাৰ লগতো অনুৰূপ চুক্তি হৈছিল৷
১৯৩৯ চনত ধৰমতুলত তৃতীয় আসাম ট্ৰাইবেল লীগৰ সন্মিলন আৰু সদৌ লালুং সম্প্ৰদায়ৰ ৮ম অদিবেশনৰ সভাপতিত্ব কৰাৰ দুদিনমানৰ পাচতেই আসাম গভৰ্নৰে ভীমবৰ দেউৰীক অসমৰ উচ্চ সদনলৈ সভ্য হিচাবে মনোনীত কৰে৷ বৰ মহুৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী বংশীধৰ দেৱ গোস্বামীয়ে এইদৰে আশীৰ্বাদ জনায় –’তুমি উচ্চ পৰিষদলৈ মনোনীত মেম্বৰ হোৱা শুনি সুখী হৈছো. আশীৰ্বাদ কৰিছো তুমি দেশৰ কল্যাণৰ কাম কৰি অচিৰে তোমাৰ জাতিৰ আৰু হিন্দু মাত্ৰৰে মুখ উজ্বল কৰিবা৷’
অসহযোগ আন্দোলন সময়ছোৱাত গোটেই ভাৰতবৰ্ষতে কংগ্ৰেছ মন্ত্ৰী সবাই পদত্যাগ সিদ্ধান্ত লৈছিল, যাৰ ফলত অসম কংগ্ৰেছ কোৱালিচন মন্ত্ৰী সভাই কিছুদিন পলমকৈ পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷
১৯৩৯ চনত কংগ্ৰেছ মন্ত্ৰী সভাই পদত্যাগ কৰাৰ সময়তে গোপীবৰদলৈ দেৱে ভীমবৰ দেউৰীলৈ লিখিছিল–”I fell the Saddest when they brought the question of separate electorate in local bodies in a resolution in the North Kamrup Tribal Conference although I feel any reservation may be allowed subject to joint electorate.”
গোপীনাথ বৰদলৈৰ চিঠি পোৱাৰ পাচতেই ভীমবৰে এইদৰে উত্তৰ দিছিল–”I have gone through your letter and appreciate what you have said. But now I am in confused state of mind without at all knowing what course would be best for us. Things have come too hurriedly in a way not desired by me.It only shows how we are incapable of patience and sacrifice.”
“১৯৩৪ চনত ডিচেম্বৰ মাহত কামৰূপ জিলাৰ ট্ৰাইবেল লীগৰ অধিবেশনত ভীমবৰ দেউৰীয়ে সভাপতিত্ব কৰে৷ সভাত মাননীয় প্ৰধান মন্ত্ৰী বৰদলৈ, শ্ৰী বিষ্ণুৰাম মেধি, শ্ৰীযুত কমেশ্বৰ দাস আদি উপস্থিত থাকি আগৰ চুক্তি মতে ট্ৰাইবেল জাতিৰ উন্নতিমুলক কাৰ্য কৰিবলৈ পুনৰ অভিমত দিয়ে৷”” ‘নায়ক’ ভীমবৰ দেউৰী সংখ্যা, ১৯৪৮ চন৷
“১৯৪১ চনত ‘চেঞ্চাচ’ ‘(গণনা’) হ’ব৷ তেতিয়া ভীমবৰে ট্ৰাইবেল লীগৰ কাৰ্য নিবাৰ্হক সমিতি পাতি ১৬/৩/৪০ তাৰিখে ছাদুল্লা মন্ত্ৰী সভাৰ লগত হোৱা (৭) নং চুক্তিমতে আৰু ১০/৯/৩৮ তাৰিখে বৰদলৈ মন্ত্ৰীসভাৰ লগত হোৱাৰ চুক্তিৰ (৪) নং দফা মতে ট্ৰাইবেল জাতিবিলাকে ধৰ্ম নিৰ্বিশেষে মানুহ পিয়লত ট্ৰাইবেল বুলি লিখিবলৈ নিৰ্দ্দেশ কৰিলে৷” ‘নায়ক ‘ ভীমবৰ দেউৰী সংখ্যা, ১৯৪৮ চন৷
“এই মানুহ গণনাত ‘ট্ৰাইবেল জাতিবিলাকৰ যি বিলাক লোকে হিন্দু বা খৃষ্টান ধৰ্ম গ্ৰহণ কৰিছে তেওঁলোকে যদি নিজকে ট্ৰাইবেল জাতি বুলি চিনাকী দিয়ে তেওঁলোকক ট্ৰাইবেল সংজ্ঞাৰ ভুক্ত কৰা হ’ব৷ আৰু গভৰ্নমেন্ট সকলো আইন সঙ্গত উপায়েৰে অহা চেঞ্চাছত যাতে তেওঁলোকৰ সংখ্যা হ্ৰাস নাপায়, তাৰ বাবে সাহাৰ্য্য কৰিব৷”
“চেঞ্চাচ সমন্ধে আমাৰ এই নীতি কংগ্ৰেছযুক্ত মন্ত্ৰীসভা, আমাৰ প্ৰাদেশিক কংগ্ৰেছ কমিটি আৰু বৰ্তমান শ্বাদুল্লা মন্ত্ৰীসভাৰ সমৰ্থিত নীতিৰ বাহিৰে আন কোনো নীতিৰ যোগেদি আমাৰ নাৰ্য্য স্বাৰ্থবিলাক ৰক্ষা কৰিব নোৱাৰো৷” এয়া ট্ৰাইবেল লীগৰ ‘চেঞ্চাচ ‘ সম্পৰ্কে গ্ৰহণ কৰা স্থিতি৷
ভীমবৰে প্ৰাণপনে চেষ্টা কৰিলে যাতে ট্ৰাইবেলৰ প্ৰকৃত সংখ্যা ওলাই পৰে৷ ডিব্ৰুগড়ত শ্ৰী ডম্বৰু শইকীয়াত, মিঠাৰাম বড়া, যাদব খাখলাৰী দণ্ডীধৰ ফাটোৱালী আদি নেতাসকলৰ দ্বাৰা এনেদৰে জনসমাজত এই নীতি প্ৰচাৰ, যে তিনিশ চাৰিশ বছৰ ধৰি বৈষ্ণৱ হোৱা সোনোৱাল কছাৰী ভকতসকলেও ট্ৰাইবেল সংজ্ঞাৰ ভিতৰত সোমাবলৈ অকণো অৱহেলা নকৰিলে৷ প্ৰত্যেকেই নিজৰ ধৰ্মৰ নাম ‘হিন্দু ‘ বা ‘বৈষ্ণৱ’ আৰু জাতিৰ ঘৰত ‘কাছৰী বা অন্যান্য ট্ৰাইবেল’ নাম বুলি লিখি নিজৰ নিজৰ প্ৰকৃত সংখ্যা দি, ট্ৰাইবেল ৰাইজৰ জনসংখ্যা বঢ়াই শিক্ষা, চাকৰি আৰু অন্যান্য বিষয়ত অনেক সুবিধাৰে উন্নতি কৰিবলৈ সুযোগ পালে৷
এই অনুযায়ী ১৯১১ চনত ১২,৩৯,২৮০ জন ট্ৰাইবেলৰ ঠাইত ১৯৪১ চনত ২৮,২৪,১৩৩ হলগৈ৷ ১৯১১ চনত অসমৰ জনসংখ্যা আছিল ৭০ লাখ ৬০ হেজাৰ মাত্ৰ৷ ১৯১১ চনৰ পৰা ১৯৪১ চনত হয়গৈ ১০৯লাখ ৩০ হেজাৰ৷ ১৯৩১ চনত মুঠ জনসংখ্যা প্ৰায় ৮০ লাখ হয়৷ ১৯৩১ চনত ৮৬ লাখৰ ওপৰ হয়৷ ১৯১১ চনৰ পৰা ১৯৪১ চনলৈকে অসমৰ মুঠ জনসংখ্যা যিদৰে বৃদ্ধি পাইছিল, তাতকৈ ট্ৰাইবেলৰ জনসংখ্যা বেছি পৰিমাণে বৃদ্ধি হোৱাটো বৰ্ণহিন্দু সকলে সহ্য কৰিব নোৱাৰিলে৷
কংগ্ৰেছে দৰ্মহা দি প্ৰত্যেক জিলাতে দুই চাৰিজনকৈ মুখীয়াল মানুহ ৰাখি ট্ৰাইবেল লীগৰ এই কাৰ্যত প্ৰতিবন্ধকতা কৰিবলৈ ধৰিলে৷ হিন্দু মহাসভাই সকলো প্ৰকাৰে হোজা কছাৰী আদি ট্ৰাইবেলক নানা ৰকমৰ ভুৱা দি প্ৰলোভন দেখুৱাই ট্ৰাইবেলৰ জনসংখ্যা কমাবলৈ লাগি গ’ল।কোনো কোনো ট্ৰাইবেল গাঁৱত মানুহ পিয়লেই নকৰিলে৷
যি কংগ্ৰেছে নীতি গ্ৰহণ কৰি প্ৰথমে ট্ৰাইবেল লিখিবলৈ ৰাইজৰ সন্মতি দিছিল সেই কংগ্ৰেছেই ট্ৰাইবেলৰ জনসংখ্যা প্ৰকৃতভাৱে বঢ়াত সহ্য কৰিব নোৱাৰিলে৷ ভীমবৰৰ ওপৰত সকলো পিনৰ পৰাই আক্ৰমণ চলিল৷ ভীমৰৰ আৰু অন্যান্য নেতাসকলক ‘দেশদ্ৰোহী, জাতিদ্ৰোহী’ আদি ব্যাখ্যাৰে বাতৰি কাকতবোৰে আৰু বৰ্ণহিন্দু নেতাসকলে সভায়ে সমিতিয়ে গালি পাৰিবলৈ ধৰিলে৷ ট্ৰাইবেল পঞ্চম বাহিনীয়ে ভীমবৰক ‘হিন্দু’ক ‘অহিন্দু’ কৰিছে বুলি আক্ৰমণ কৰিবলৈ ধৰিলে৷ তথাপি ভীমবৰ কৃতকাৰ্য হ’ল৷ বাগিচাৰ ট্ৰাইবেল পাহাৰৰ ট্ৰাইবেল সকলো একত্ৰিত হবলৈ সুবিধা পালে৷ মানুহ পিয়লত ভীমবৰৰ কূটনীতিয়ে কংগ্ৰেছ আৰু মুছলীম লীগক পৰাজয় কৰিলে৷
‘নায়ক’ৰ সম্পাদক যোগেন হাজৰিকাদেৱে অভিমতত লিখিছে -“সকলোবোৰ বাদ দিলেও অন্যান্য ট্ৰাইবেল নেতাসকলৰ সৈতে ভীমবৰৰ এটা কাম কৃতকাৰ্য্তা স্বীকাৰ কৰিবই লাগিব। সি হৈছে ১৯৪১ চনৰ মানুহপিয়ল আৰু তাৰ সত্যৰ ভেটিৰ ওপৰত ট্ৰাইবেলৰ ভৱিষ্যত গঢ়নৰ পথ সুগম কৰাটো৷ ট্ৰাইবেল জাতিৰ ভৱিষৎ বংশধৰসকল ভীমবৰৰ চিৰঋণী হৈ থাকিব৷”
ভীমবৰে কেতিয়াও ভাবিৱ পৰা নাছিল যে এদিন এনে মানুহ গনণাৰ সুবিধা লৈ মুছলিম লীগে অসমক পাকিস্থানৰ ভিতৰুৱা কৰিবলৈ চেষ্টা কৰিব৷
১৯৪৩ চনত ‘প্ৰেছিডেন্ট ৰুজভেল্টৰ প্ৰতিনিধি চাৰ উইলিয়াম ফিলিপচৰ ওচৰত শ্ৰীযুত যোগেন্দ্ৰনাথ হাজৰিকা,মোহিনী মোহন ব্ৰহ্ম, ধৰণীধৰ বসুমতাৰী, ৰত্নেশ্বৰ খেৰকাটাৰী আদি যুৱ নেতা সকলে ১৯৪১ চনৰ মানুহ গণনাৰ তথ্যৰ ওপৰত ভিত্তি কৰি লিখা স্মাৰক পত্ৰ দি মুছলিম লীগৰ অসমৰ ‘পাকিস্থান’ৰ ভিতৰুৱা কৰা প্ৰচেষ্টাৰ প্ৰতিবাদ কৰিছিল৷
লোকপিয়লৰ ৰাজনৈতিক কুটনীতিৰ সম্পৰ্কত নায়কৰ সম্পাদক প্ৰাক্তন অসম মুখ্যমন্ত্ৰী তথা সাংসদ যোগেন্দ্ৰ নাথ হাজৰিকাই ভীমবৰ দেউৰীৰ মৃত্যুৰ সময়ত উল্লেখ কৰিছিল-“‘সকলোবোৰ বাদ দিলেও অন্যান্য ট্ৰাইবেল নেতাসকলৰ সৈতে ভীমবৰৰ এটা কামৰ কৃতকাৰ্যতা স্বীকাৰ কৰিবই লাগিব, সি হৈছে ১৯৪১ চনৰ মানুহ পিয়ল আৰু তাৰ সভ্যৰ ভেটি ওপৰত ট্ৰাইবেলৰ ভৱিষ্যত গঢ়নৰ পথ সুগম কৰাটো৷ ট্ৰাইবেল জাতিৰ ভৱিষ্যতৰ বংশধৰসকল ভীমবৰৰ চিৰ ঋণী হৈ থাকিব।” এই চেঞ্চাচৰ সময়ত বৰ্ণবাদী অসমীয়া সমাজ বিশেষকৈ হিন্দু মহাসভাৰ লগত জড়িত আৰু তেওঁলোকৰ সহযোগী হিচাপে কংগ্ৰেছৰ কৰ্ণধাৰ পূজনীয় শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰে মিৰিসকলক ট্ৰাইবেল নহয় হিন্দু বুলি লিখাবলৈহে প্ৰস্তাৱ দাখিল কৰিছে৷
শ্বাদুল্লা মন্ত্ৰী সভাক ট্ৰাইবেল লীগে সহযোগিতা কৰাৰ বাবে বাতৰি কাকত বিলাকে ভীমবৰক ‘পাকিস্থান’ সমৰ্থন কৰিছে বুলি আক্ৰমণ কৰে৷ ভীমবৰে নীৰলে সহ্য কৰি শেষত কাৰ্যৰ দ্বাৰা পৰিচয় দিয়ে৷’ ‘নায়কৰ’ ভীমবৰ দেউৰী সংখ্যা, ২৯৪৮ চন৷
১৯৪৪ চনৰ চেপ্তেম্বৰ মাহত ৰাজাগোপালাচাৰী সূত্ৰলৈ মহাত্মা গান্ধীয়ে জিন্না চাহাবৰ লগত ৰাজনৈতিক অচলাৱস্থা দূৰ কৰিবলৈ আলোচনা কৰে৷ এই সূত্ৰত অসমক পাকিস্থানৰৰ হাতত দিয়াৰ কথা আছিল৷ গতিকে অসমৰ ট্ৰাইবেলে এই সূত্ৰৰ বিৰোধিতা কৰে৷ ৰাজাজীৰ সূত্ৰ অগ্ৰাহ্য কৰিলে৷
১৯৪৪ চনৰ ডিচেম্বৰত মাটি সম্পৰ্কীয় পমুৱা সমস্যা সমাধান কৰিবলৈ সকলোবিলাক দলৰ এখন কনফাৰেঞ্চ শ্বাদুল্লা মন্ত্ৰীসভাই আহ্বান কৰে৷ কংগ্ৰেছ দলৰ পৰা শ্ৰীযুত গোপীনাথ বৰদলৈ স্বতন্ত্ৰদলৰ পৰা শ্ৰীযুত ৰোহিনী কুমাৰ চৌধুৰী ট্ৰাইবেল ছাত্ৰ এদলে বৰদলৈ, চৌধুৰী, দেউৰী, কছাৰী নেতাসকলৰ ওচৰত সকলোৱে মিলি অসমীয়া ৰাইজৰ স্বাৰ্থৰ বাবে কাম কৰিবলৈ অনুৰোধ কৰে৷ এই সভাত গৃহীত প্ৰস্তাৱক যোগ বিয়োগ কৰি চোৱাত প্ৰমাণ পোৱা গ’ল যে পমুৱা সকলৰ বেছি সুবিধা হ’ল৷ ফলত পুনৰ শ্বাদুল্লা মন্ত্ৰী সভাৰ ওপৰত অনাস্থা আহিল’৷
১৯৪৪ চনত দ্বিতীয় মহা সমৰৰ প্ৰকোপ বাঢ়ে. আমেৰিকান,বৃটিছ সৈন্য সামন্তৰে ডিব্ৰুগড় অঞ্চল ভৰি পৰে৷ জাপানীৰ বোমাৰ শব্দ, আকাশী ৰথৰ ঘোৰঘোৰণিৰে ডিব্ৰুগড় নিবাসীসকলৰ মাজত নিৰাশাৰা সৃষ্টি কৰে৷ বস্তুৰ দাম দুগুণ বাঢ়ে৷ কংগ্ৰেছেৰ আদেশমতে বহুতে নীৰৱে থাকিল প্ৰথম অৱস্থাত বিশেষকৈ অসমত৷ কিন্তু যেতিয়া দেখিলে যে সকলোবোৰ কাম মাদ্ৰাজী, পাঞ্জাবী, বাঙ্গালী,বিহাৰীয়ে হাত কৰি অজস্ৰ ধন সম্পত্তি কৰিছে তেতিয়া আৰু শিক্ষিত কংগ্ৰেছী পন্থী লোকেও হাত সাৱতি বহি থাকিব নোৱাৰিলে৷ কমিউনিষ্ট সকলে এই যুদ্ধক গণযুদ্ধ বুলি ঘোষণা কৰিলে৷ যুদ্ধ প্ৰচেষ্টাত সহায় কৰিব খোজা ট্ৰাইবেল নেতাসকল লাহে লাহে কমিউনিষ্ট দলৰ বন্ধু হৈ পৰিল৷ ভীমবৰ লাহে লাহে কমিউনিষ্টসকলৰ প্ৰতি সহানুভুতিশীল হৈ পৰিছিল৷ ভীমবৰ কিন্তু কমিউনিষ্ট দলৰ সদস্য হোৱা নাছিল৷ কমিউনিষ্টৰ সকলোবোৰ কাৰ্যপন্থা সমৰ্থন কৰা নাছিল৷ এই বিলাক কাৰ্যকলাপ কংগ্ৰেছ সকলে মনোযোগ দি চাই আছিল আৰু ভীমবৰক কেনেকৈ কংগ্ৰেছৰ এজন কৰ্মী , সেৱক কৰি ল’ব পাৰে তাকে নেতাসকলে চেষ্টা কৰিলে ৷ ইয়ো এটা প্ৰধান কাৰণ যিটোৰ বাবে কংগ্ৰেছ ভীমবৰক ১৯৪৬ চনত মন্ত্ৰী পদ যাচিছিল৷’
১৮৪৬ চনৰ মাজভাগৰ পৰা ভীমবৰৰ নীতিৰ কিছু পৰিবৰ্তন হয়–তেখেতে ভাবিছিল ‘অসমৰ কছাৰী, মিৰি, আহোম, চুতীয়া, ৰাভা, লালুং, মৰাণ, মটক, দেউৰী, মিকিৰ, নগা লুচাই, খামটি, চিংফৌ, কোঁচ ৰাজবংশী এই সকলোবোৰ জাতি প্ৰকৃত অসমীয়া৷ তেওঁলোকৰ দৰে প্ৰকৃত পিচপৰা তপশীলযুক্ত জাতিৰ কৈৱৰ্ত্ত, নাথ, যোগী, হীৰা, হাৰী আদিৰ সৈতে আৰু বিহাৰ, উৰিষ্যা ,মধ্য প্ৰদেশৰ পৰা ট্ৰাইবেলসকলৰ সৈতে একত্ৰ হৈ ৰাজনৈতিক দল গঠন কৰিব নোৱাৰিলে অসম চিৰদিন মাৰোৱাৰী আৰু স্বাৰ্থপৰ দলভুক্ত নেতা সকলে ৰাজপাট খাই থাকিব৷
১৯৪৫ চনৰ মাৰ্চ মাহৰ ২১/২২/২৩ তাৰিখে ‘আমাম ট্ৰাইবেল এণ্ড ৰেচেছ ফেডাৰেচন’ৰ সভা এখন শ্বিলঙৰ খাচী নেচনেল দৰবাৰত অনুষ্ঠিত হয়, আহ্বায়ক আছিল ভীমবৰ দেউৰী৷ এই অনুষ্ঠানৰ চতুৰ্থ প্ৰস্তাৱত ভবিষ্যতে অসমক ভাৰতৰ পৰা পৃথক কৰি এখন সাৰ্বভৌম ৰাষ্ট্ৰ তৈয়াৰ কৰাৰ প্ৰস্তাব গ্ৰহণ কৰিছিল৷ অসমৰ সমভূমিৰ ট্ৰাইবেল সকলোৱে এনে দাবীৰ প্ৰতি সমৰ্থন আগবঢ়োৱা নাছিল৷ লগে লগে ভীমবৰেও এই দাবী আওকাণ কৰিলে৷ বিশেষকৈ অন্যান্য অসমীয়াসকলে এই ক্ষেত্ৰত ভীমবৰক বেয়া পাবলৈ ধৰিলে৷ এইক্ষেত্ৰত ভীমবৰ সফল নহ’ল কিন্তু ‘ট্ৰাইবেল এণ্ড ৰেচেচ ফেডাৰেচন’ বহাৰ লগে লগে শ্বাদুল্লা মন্ত্ৰী সভাই পদত্যাগ কৰিব লগীয়া হল৷
১৯৪৫ চনৰ নিৰ্বাচনত ট্ৰাইবেল লীগে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ উদ্দেশ্য যুৱ নেতা শ্ৰীযোগেন্দ্ৰনাথ হাজৰিকাৰ অনুৰোধত ডাঙৰীত ‘ট্ৰাইবেল লীগ’ ৰ সমিতি বহুৱা হল৷ নবেম্বৰ মাহৰ ১১ আৰু ১২ তাৰিখে ডাঙৰীত শ্ৰীৰূপনাথ ব্ৰহ্ম ডাঙৰীয়া সভাপতিত্ব ট্ৰাইবেল লীগৰ সমিতিৰ সভালৈ ভীমবৰে কংগ্ৰেছ, আহোম সভা, কমিউনিষ্ট, মটক লীগ, কুলী সভা আদি সলোবোৰ অনুষ্ঠানৰে প্ৰতিনিধি আমন্ত্ৰণ কৰিছিল৷ শ্ৰীযুত সুৰেন্দ্ৰনাথ বুঢ়াগোঁহাই ডাঙৰীয়াই উপস্থিত থাকি নিজ নিজ দলৰ নীতি ব্যাখ্যা কৰে৷’
শ্বাদুল্লা মন্ত্ৰী সভাত আছিল শ্ৰীযুত বুঢ়াগোঁহাই, এজন আগৰনুৱা নেতা৷ তেখেতৰ সহানুভূতিত (স্বায়ত্ত শাসন মন্ত্ৰী হিচাবে) ভৈয়াম ট্ৰাইবেলে ১২ খন আসাম ভেলিৰ লোকেলব’ৰ্ডত মুঠতে ৩৬ খন আসন পায়৷
ভীমবৰ, ব্ৰহ্মই বুঢ়াগোঁহাইৰ সৈতে মিলি ইমানখিনি আসন ৰিজাৰ্ভ ৰখাত বৰ্ণহিন্দু নেতাসকলে গভৰ্ণমেন্টক আক্ৰমণ কৰিবলৈ ধৰিলে৷
কিন্তু শ্বাব্দুল্লা চাহাবে ভাবিলে যে নতুন নিৰ্বাচন নহয় মানে কোনো উপায়ে মন্ত্ৰীৰ গাদীত থাকিব পাৰিলে বহুখিনি ৰাজনৈতিক সুবিধা ল’ব পৰা যায়৷ সেই ভাবি তেখেত কংগ্ৰেছৰ অনুমতি সাপেক্ষে পুনৰ মন্ত্ৰীসভা গঠন কৰে৷ সেই সময়ত ধীৰসিং দেউৰী ডাঙৰীয়া মন্ত্ৰী হোৱাৰ কথা আছিল৷ কিন্তু পুনৰ ব্ৰহ্ম ডাঙৰীয়াই মন্ত্ৰী পদত থাকিব লগীয়া হয়৷ কংগ্ৰেছৰ অনুমতিমতে কাম হাততলৈ গভৰ্ণমেন্ট চলাব বুলি প্ৰতিশ্ৰুতি দিয়াত আৰু কেইজনমান মন্ত্ৰীক কেবিনেটৰ পৰা এৰি দিবলৈ মান্তি হোৱাত শ্বাদুল্লা চাহাবে কংগ্ৰেছৰ পৰা সমৰ্থন পায়৷ এই মন্ত্ৰী ভঙাপতা সুবিধামতে আহোম নেতা সুৰেন্দ্ৰ নাথ বুঢ়াগোঁহাই ডাঙৰীয়াকো মন্ত্ৰী সভাত লবলৈ ইচ্ছা প্ৰকাশ কৰে৷
ডিব্ৰুগড় জিলাৰ ডাঙৰীৰ ট্ৰাইবেল লীগত আলোচনা কৰি আৰু কংগ্ৰেছ নেতা বৰদলৈ, আহোম নেতা বুঢ়াগোহাঁই, কমিউনিষ্ট নেতা বিষ্ণুৰাম বড়াৰ বক্তব্য আৰু অন্যান্য ট্ৰাইবেল নেতা আৰু ট্ৰাইবেল লীগৰ সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰে-
“মুছলীম লীগৰ সৈতে পূব পাকিস্থান সমৰ্থন কৰা কোনো দলৰ লগতেই ট্ৰাইবেল লীগে সহযোগিতা নকৰিব ৷” যিহেতু নিৰ্বাচনৰ আগতে আন কোনো দলৰ অন্তভূৰ্ক্ত হলে বা লগত সংমিশ্ৰণ হ’লে ট্ৰাইবেল জাতিসমূহ সুকীয়া দাবী সেইদৰে সবল আৰু স্পষ্টভাবে দাঙি ধৰিব পৰা নহ’ব৷ ট্ৰাইবেল লীগৰ এই ঘোষণা পত্ৰৰ ওপৰত প্ৰেছ, কংগ্ৰেছ আৰু বৰ্ণহিন্দু নেতাসকলে পুনৰ আক্ৰমণ চলালে৷
ভীমবৰে পুনৰ ২৬/১২/৪৫ তাৰিখত ট্ৰাইবেল লীগৰ নিৰ্বাচনী ঘোষণাপত্ৰ সম্বন্ধে কংগ্ৰেছৰ মিছা প্ৰচাৰৰ প্ৰতিবাদৰ শীৰ্ষক গোহাৰিত প্ৰতিবাদ কৰি লিখিলে–‘কংগ্ৰেছৰ গোহাৰি পত্ৰ বিলাকত নিৰ্বাচনৰ আচল কথাটো লুকুৱাই ৰাখিবৰ বাবে কিছু অৱাস্তব কথা কোৱা হৈছে৷ কংগ্ৰেছে আমাক প্ৰথম মন্ত্ৰী আৰু প্ৰথম এম এল চি দিছো বুলি দেখুৱাইছে৷ আমি সেইটো অস্বীকাৰ নকৰো আৰু সেই বাবে কৃতজ্ঞও আছো৷ কিন্তু এইটোও কব খুজো যে আমাৰ এম এল এ সকলে সহায় নকৰাহেঁতেন শ্ৰীযুত গোপীনাথ বৰদলৈ ডাঙৰীয়াও প্ৰধান মন্ত্ৰী হব নোৱাৰিলেহেঁতেন আৰু কংগ্ৰেছৰ যুক্ত মন্ত্ৰীসভাত (১৯৩৮চনত) হ’ব নোৱাৰিলেহেঁতেন৷’ সেই নিৰ্বাচনত ট্ৰাইবেল লীগৰ বহুকেইজন প্ৰাৰ্থীৰ ভিতৰত কেইবাজনেও কংগ্ৰেছ দলত যোগদান কৰিলে৷ ৰবিচন্দ্ৰ কছাৰী, ধৰনীধৰ বসুমতাৰীৰ হাতত পৰাস্ত হ’ল৷ ভৈয়াম ট্ৰাইবেল নিৰ্বাচিত প্ৰাৰ্থী পাঁচজন কংগ্ৰেছত যোগদান কৰিলে৷ বাকী থাকিলে কেবল শ্ৰী ব্ৰহ্ম ডাঙৰীয়া আৰু শ্ৰীকাৰ্কচন্দ্ৰ দলে৷ গণপৰিষদৰ নিৰ্বাচনত ট্ৰাইবেল লীগৰ অৱস্থা শোচনীয় হ’ল৷ সেইদৰে ৩৪ জন মুছলমান সভ্যৰ ভিতৰত ৩২জন মুছলীম লীগৰ পৰা নিৰ্বাচিত হয় আৰু কংগ্ৰেছ প্ৰাৰ্থী হিচাবে দুজনকৈ মুছলমান সদস্য এচেম্বিলিলৈ যায়৷ ট্ৰাইবেল লীগৰ দুজন মাত্ৰ সদস্যই একো কৰিব নোৱাৰাত ইণ্ডিয়ান খৃষ্টীয়ান সদস্য প্ৰফেছৰ পি. এম চাৰোৱান বনুৱা বিলাকৰ সদস্য মিঃ বিনোদ চাৰোৱানৰ সৈতে একগোট হয়৷ মিঃ মুদি মাৰাক আৰু মিঃ মুনীন মাৰাক লৈ মুঠতে ছয়জন সদস্যকলৈ বিশেষ নেতৃত্ব নাছিল যদিও স্বয়ং ব্ৰহ্ম ডাঙৰীয়া এই দলটোৰ নেতা আছিল৷
১৯৪৬ চনৰ ৭ ফেব্ৰুৱাৰীত কংগ্ৰেছ প্ৰেচিডেন্ট মৌলনা আজাদ অসমলৈ আহে আৰু ১১ ফেব্ৰুৱাৰিত মন্ত্ৰী সভা গঠন কৰে, কিন্তু মন্ত্ৰী সভাত এজনো ট্ৰাইবেল প্ৰতিনিধি নল’লে৷ কংগ্ৰেছ প্ৰেচিডেণ্টে প্ৰেছৰ যোগেদি উত্তৰ দিয়ে যে ভৈয়ামৰ ট্ৰঢ়ইবেলসকলৰ “উপযুক্ত” মানুহ নোহোৱাত মন্ত্ৰী লোৱা নহ’ল৷ কিন্তু ট্ৰাইবেল লীগে যুক্তিসংগত দাবীত আহিলে কংগ্ৰেছে মন্ত্ৰী পদ দিবলৈ ৰাজি হোৱাৰ ইংগিত দিলে৷
ইয়াৰ পিচতেই বৃটিছ কেবিনেট মিছনে আহি
১৬ মেইত ঘোষণা কৰে যে, ভাৰবৰ্ষক দুভাগ কৰিব নোৱাৰি গতিকে তিনিটা সমষ্টি গঠন কৰি অখণ্ড ভাৰত ব্ৰিটিছ কমনৱেলথৰ ভিতৰুৱা হৈ থাকিব আৰু কেন্দ্ৰত দেশৰক্ষা, বৈদেশিক, বেপাৰ আৰু কমিউনিকেচন এই তিনিটা মাত্ৰ বিষয় ৰাখি সমষ্টিবিলাকত আটাইবোৰ ক্ষমতা আৰোপ কৰিব৷
(ক) সমষ্টিত আটাইবোৰ হিন্দু গৰিষ্ঠ প্ৰদেশ ভৰোৱা হয়৷
(খ) সমষ্টিত পাঞ্জাৱ উঃ পূঃ সীমান্ত আৰু বেলুচিস্থান৷
(গ) বংগ আৰু অসমক সাঙুৰি দিয়া হ’ল৷
যিকি নহওক সমষ্টি গঠনত ট্ৰাইবেলতকৈ সমগ্ৰ অসমৰ বেছি হানি হ’ব ভাবি ভীমবৰে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল৷
কেবিনেট মিচনৰ সময়ত ভীমবৰৰ প্ৰতিনিধিত্বৰ ক্ষমতাক অৱহেলা কৰিলে ৷ ভীমবৰ দেউৰীয়ে বৰদৈলৰ চিঠিত ব্যক্তিগত মতামত দাঙি ধৰি লিখে-
(ক) অসমীয়া মানুহৰ মাজত ঐক্যতা থাকিবই লাগিব৷ যদি সুকীয়া নিৰ্বাচন পৰিত্যাগ কৰিবলগা হয় তেন্তে আমি সুকীয়া নিৰ্বাচন বৰ্জন কৰিব৷
(খ) যুটীয়া নিৰ্বাচন গ্ৰহণ কৰাত যি অসুবিধা হ’ব তাক মাত লগাবৰ বাবে গভৰ্ণমেণ্টৰ চাকৰি জনসংখ্যাৰ ভিত্তিত দিব লাগে৷
(গ) মাটিহীন ট্ৰাইবেলক মাটি যিকোনো উপায়েৰে মাটি দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ এইবিলাকৰ ক্ষেত্ৰত আপোনাৰ সৈতে আমি চুক্তি কৰিবলৈ ইচ্ছা কৰিছিলোঁ৷ এইখিনি মই ট্ৰাইবেল লীগৰ চেক্ৰেটাৰী হিচাবে আপোনলৈ লিখা নাই ব্যক্তিগত হিচাবেহে লিখিছো৷
সেই সময়ত ১৯৪৬ চনৰ মাৰ্চৰ ১ তাৰিখে চৰ্দাৰ বল্লভ ভাই পেটেলে গোপীনাথ বৰদলৈ তেখেতৰ মন্ত্ৰীসভাত এজনো ট্ৰাইবেল সদস্য নথকাত লিখা কথাখিনি ‘‘Political History of Assam by Dr. H.K. Borpujari Page-311-313ত “উল্লেখ কৰিছে – ‘‘Page-311-313ত- “-Sardar Patel was unhappy and wrote to Gopinath Bordoloi- it would not be correct to keep the Tribal Population unrepresented in a province where they constitute substantial population, Patel wrote to Bordoloi- 1st March, 1946 .”
১৯৪৬ চনৰ ৬ জুলাইত শ্বিলঙত এখন সৰ্বদলীয় ট্ৰাইবেল নেতাসকলৰ এখন কনফাৰেন্স শ্ৰী যোগেন হাজৰিকাদেৱে আহ্বান কৰিছিল৷ শ্ৰীযুৱ ব্ৰহ্ম আৰু ভীমবৰ প্ৰথম দিনা অনুপস্থিত৷ শ্ৰীযুত কাৰ্ক দলে বিশেষ অনুৰোধ পত্ৰ পঠোৱাৰ স্বত্ত্বেও সভাত উপস্থিত থাকিব নোৱাৰিলে।

কংগ্ৰেছ ট্ৰাইবেল এম এল এ শ্ৰীযুত ধৰণী বসুমতাৰী ডাঙৰীয়াৰ সভাপতিত্বত ৬ জুলাই তাৰিখে আলোচনা আৰম্ভ হয়৷ সভাত তিনিটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল – গণ পৰিষদলৈ এজন ট্ৰাইবেল সদস্য, মন্ত্ৰীসভাত এজন প্ৰতিনিধি আৰু পাৰ্লিয়ামেণ্টাৰী চেক্ৰেটাৰী ল’বলৈ কংগ্ৰেছলৈ অনুৰোধ কৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৷ ৭ জুলাইত ভীমবৰে চৰ্ত দিলে যদিহে এজন উপযুক্ত (Competent) ট্ৰাইবেল নেতাক কংগ্ৰেছে গণ পৰিষদলৈ পঠাবলৈ মনোনীত কৰে তেন্তে অন্যান্য দাবীবোৰৰ সৈতে ট্ৰাইবেল লীগেও যুটীয়া নিৰ্বাচন প্ৰথা গ্ৰহণ কৰাৰ সম্পৰ্কে বিবেচনা কৰিব৷

৮ জুলাই পুৱা শ্ৰী সিদ্ধিনাথ শৰ্মা এম এল এ (কংগ্ৰেছ জেনেৰেল চেক্ৰেটাৰী), মৌলনা তৈয়বুল্লা (কংগ্ৰেছ প্ৰেচিডে°ট), শ্ৰীযুত বিজয় ভাগৱতী এম. এল. এ আৰু মাননীয় স্পীকাৰ শ্ৰীযুত দেবেশ্বৰ শৰ্মাদেৱ আদিয়ে ভীমবৰক মন্ত্ৰীপদ যাচিলে৷ কিন্তু ভীমবৰক গণ পৰিষদলৈ পঠাবলৈ সকলোবিলাক নেতাৰ ইচ্ছা আছিল৷
৮ জুলাই, গধূলি মাননীয় প্ৰধানমন্ত্ৰী বৰদলৈ ডাঙৰীয়াৰ ঘৰত পুনৰ ট্ৰাইবেল নেতাসকলে মিলি দাবী জনায় যে ভীমবৰক গণ পৰিষদলৈ পঠাব লাগে৷ ৰাতি ১০ বজাত কংগ্ৰেছ ওৱাৰ্কিং কমিটি বহে আৰু ভীমবৰৰ সলনি শ্ৰীযুত ধৰনীধৰ বসুমতাৰীক গণ পৰিষদলৈ পঠাবলৈ কংগ্ৰেছে মনোনীত কৰে৷ এই কাৰ্যত ট্ৰাইবেল নেতাসকল ভীষণভাৱে ক্ষুব্ধ আৰু লজ্জিত হয়৷
এক আগষ্ট দিনা কোকৰাঝাৰৰ পৰা ভীমবৰে কিয় কংগ্ৰেছত যোগদান কৰিছে তাৰ ব্যাখ্যা কৰি তেখেতে লিখিছিল – ‘‘অসম প্ৰাদেশিক কংগ্ৰেছে এই বিষয়ত (সমষ্টি গঠন বা পাকিস্তান বিষয়ত) অসমবাসীৰ নেতৃত্ব কৰিব বুলিয়েই আমি কংগ্ৰেছত যোগদান কৰিছোঁ৷”
১৯৪৬ চনৰ ১৬ মেইত বৃটিছ গভৰ্ণমেণ্টৰ ঘোষণা ১৬ সমষ্টি গঠনত পাকিস্থান দাবী মানি নোলোৱাত মুছলীম লীগে ডাইৰেক একচন দিন পালন কৰি কলিকতাত হিন্দু মুছলমানৰ মাজত মৰামৰি (Rioting) আৰম্ভ কৰি দিলে৷ ২ ছেপ্টেম্বৰ তাৰিখে বৰলাটে অন্তৰ্বত্তী চৰকাৰ স্থাপন কৰে৷ কংগ্ৰেছে তাত যোগদান দিলে আৰু মুছলীম লীগে প্ৰতিবাদ কৰি ‘‘ব্লেকফ্লেগ” উৰুৱায়৷ কংগ্ৰেছে সেই মাহতে মন্ত্ৰীপদ গ্ৰহণ কৰিবলৈ ভীমবৰক নিমন্ত্ৰণ কৰে৷ ভীমবৰে নিমন্ত্ৰণ ৰক্ষা কৰি “বন আৰু শ্ৰম” বিভাগ হাতত লয়৷

গ্ৰোপিঙৰ সময়ত অসমক ‘‘গ” শাখাত ৰখা হৈছিল আৰু পাকিস্তানৰ সৈতে যুক্ত হোৱাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছিল৷ যেতিয়া জিন্না চাহাবে অসমৰ ওপৰত তেওঁৰ দাবী উত্থাপন কৰিলে তেতিয়া কংগ্ৰেছৰ কেন্দ্ৰীয় ৱৰ্কিং কমিটিতো অসমৰ সপক্ষে সংখ্যাগৰিষ্ঠতা সমৰ্থন যোগাৰ কৰিব নোৱাৰি গোপীনাথ বৰদলৈদেৱ হতাশ হৈ মহাত্মা গান্ধীৰ সমৰ্থন বিচাৰিলে৷ সেই সময়ত মহাত্মা গান্ধীৰো কেন্দ্ৰী নেতৃত্বৰ ওচৰত প্ৰাসংগিকতাৰ হ্ৰাস পাবলৈ ধৰিছিল৷

প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈদেৱ যেতিয়া ব্যৰ্থ হৈছিল তাৰ পৰৱৰ্তী কালত সেই মৰ্মে তেতিয়া অসমৰ শ্ৰম তথা বনমন্ত্ৰী ভীমবৰ দেউৰীৰ নেতৃত্বত ট্ৰাইবেল লীগৰ সিদ্ধান্ত আৰু পৰামৰ্শ অনুসৰি মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, জিন্না চাহাব আৰু গভৰ্ণজেনৰেল ল’ৰ্ড ৱাভেলৰ ওচৰত ট্ৰাইবেলসকলৰ দাবী আৰু মতামত অৱগত কৰিবলৈ ট্ৰাইবেলৰ এক প্ৰতিনিধি দল আহিছিল (ভীমবৰ দেউৰীৰ চেক্ৰেটাৰী ডম্বৰুধৰ দেউৰী প্ৰৱন্ধ ‘‘মন্ত্ৰী ভীমবৰ দেউৰীয়ে কিদৰে পাকিস্তানৰ অন্তৰ্ভুক্তিৰ পৰা বচালে” আৰু তেখেতৰ ভাতৃ টংকেশ্বৰ দেউৰীয়ে ট্ৰাইবেল ৱৰ্কিং কমিটীৰ মেম্বাৰ হিচাবে লিখা ‘‘স্বৰ্গীয় ভীমবৰ দেউৰীৰ বিষয়ে তিনিটা কথা” শীৰ্ষক প্ৰৱন্ধ উল্লেখযোগ্য)।

ডম্বৰুধৰ দেউৰীয়ে তেখেতৰ প্ৰৱন্ধত – ‘‘গণ পৰিষদঃ ল’ৰ্ড ওৱেভেলৰ ওপৰত ভীমবৰৰ আপত্তিঃ” শীৰ্ষক পেৰাগ্ৰাফত লিখিছে – ১৯৪৭ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈদেৱৰ নেতৃত্বত ভীমবৰকে ধৰি প্ৰধানমন্ত্ৰী, উপ-প্ৰধানমন্ত্ৰী, এম. এল. এ. আৰু এম. এল. চি. মুঠ ১৬ জন সদস্যই দিল্লীৰ গণ পৰিষদলৈ যোগদান কৰিবলৈ যায়৷ এসপ্তাহমানৰ মূৰত অসম গণ পৰিষদৰ দিন ধাৰ্য হ’ল৷ গণ পৰিষদত ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল ল’ৰ্ড ৱেভেলে সোধে অসমৰ প্ৰধান মন্ত্ৰী কোন কোন কি নাম·ঙ ? বৰদলৈ – ‘মইয়ে অসমৰ প্ৰধান মন্ত্ৰী আৰু মোৰ নাম গোপীনাথ বৰদলৈ৷’ গভৰ্ণৰ জেনেৰেল বৰদলৈৰ নামটো লিখি লয় আৰু সোধে, ‘অসমত বুত মূল্যবান কাঠ আছে বুলি শুনিছো৷ আপুনি ভাৰতৰ গভৰ্ণৰ জেনেৰেলক কাঠ দিব পাৰিবনে ?’ বৰদলৈয়ে কয়, অসমত যিবোৰ বস্তুৰ অভাৱ হয়, সেইবোৰ ভাৰত চৰকাৰে দিবলৈ যদি ৰাজি হয়, তেন্তে মই অসমৰ পৰা কাঠ দিব পাৰিম৷’ গভৰ্ণৰ জেনেৰেলে কথাবিলাক লিখি থয় আৰু পঢ়ি শুনায়৷ ‘অসমৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈয়ে ভাৰত গভৰ্ণমেণ্টক কাঠ দিবলৈ স্বীকাৰ কৰিছে৷ ইয়াত কাৰোবাৰ আপত্তি আছে যদি কৰিব পাৰে৷ তেতিয়া কিছু সদস্যই আপত্তি কৰিবলৈ ইটোৱে সিটোক তলে তলে খোচা খুচি কৰে, এইদৰে কৰি থাকোঁতে এক মিনিট সময় পাৰ হৈ যায়৷ গভৰ্ণৰ জেনেৰেলে আকৌ কয়, -‘ আৰু দুই মিনিট সময় দিয়া হৈছে, আপত্তি কৰিব পাৰে।’ অসমৰ মন্ত্ৰী, উপমন্ত্ৰী, এম.এল.চি. আৰু এম.এল.এ. কোনোৱে থিয় হৈ গভৰ্ণৰ জেনেৰেলৰ আগত একো আপত্তি কৰিবলৈ সাহস নকৰিলে।ভীমবৰৰ এয়া প্ৰথম গণপৰিষদত যোগদান।

ভীমবৰ দেউৰীয়ে দুই মিনিট সময় দিয়াত কয়- ‘মোৰ আপত্তি আছে।’ গভৰ্ণৰ জেনেৰেল কলমটো মুখত লৈ অলপ পৰ ভাবি ক’লে- ‘তোমাৰ কি আপত্তি আছদ ক’ব পাৰা।’ ভীমবৰ- ‘দ্বিতীয় মহাযুদ্ধত অসম দেশত বহুতি মুল্যৱান কাঠ কাটি ফৰেষ্ট ৰিজাৰ্ভবিলাক শেষ কৰি দিলে।’ আৰু ক’বলৈ সুবিধা নিদি গভৰ্ণৰ জেনেৰেলে শীঘ্ৰে উত্তৰ দিলে- ‘কেলেই অকল অসম দেশৰ কাঠেৰে যুদ্ধ হোৱা নাছিল নহয়।দাৰ্জিলিঙ, চিমলা, সিংহলী, ব্ৰহ্মদেশ আৰু অসম এই আটাইকেইখন দেশৰ পৰা কাঠ আনিছিল।ভীমবৰে ক’লে ‘অন্য দেশৰ কাঠৰ মূল্য আঠ টকা আৰু আমাৰ দেশৰ কাঠৰ কেবিৰ মূল্য পাঁচ টকা।প্ৰত্যেক কেবিত অসমে তিনি টকা মূল্য কম পাই।যদি সেই লোকচানী টকা ভাৰতৰ গভৰ্ণৰ জেনেৰেলে দিবলৈ বাধ্য হয় তেন্তে কাঠ দিয়া হ’ব।নহ’লে এজোপা গছ নেলাগে এটা কুণ্ডাও দিয়া নহ’ব।তাৰ উপৰিও গৱৰ্ণমেণ্টে বেলেগে ঠিকা দি টেলিগ্ৰাফ তাঁৰ খুটা আৰু মিলিটাৰী কেম্পৰ খুটাৰ কাৰণে অসমৰ বহুতো ৰিজাৰ্ভৰ সৰু সৰু মূল্যৱান গছ পুলি কাটি শেষ কৰিলে।আজিলৈ যদিহে গছ পুলিবোৰ জীয়াই থাকিলেহেঁতেন অসমৰ যথেষ্ঠ টকাৰ উপাৰ্জন হ’লহেঁতেন।

অলপ সময় ভাবি-চিন্তি গৱৰ্ণৰ জেনেৰেলে ক’লে- ‘যিবিলাক দেশৰ পৰা সৈন্য আহি ভাৰতত যুদ্ধ কৰিছিল সেই দেশবিলাক হ’ল আমেৰিকা, আফ্ৰিকা, চীন আৰু বৃটিছ।কোনে কিমান কাঠ নিলে সেই টকা মই এতিয়া ক’ৰ পৰা আনি দিম ?’ ভীমবৰে ক’লে – ‘সেই সৈন্যবিলাক বৃটিছ চৰকাৰে ভাৰতত যুদ্ধ কৰিবলৈ আনিছিল।সেইকাৰণে আপুনি বৃটিছ পাৰ্লিয়ামেণ্ট সভালৈ লিখক।’ গৱৰ্ণ জেনেৰেলে আকৌ ক’লে -‘কোনে কিমান কাঠ নিলে আৰু কিমান নষ্ট হ’ল আৰু ক’ত কি হ’ল মই সেই বিষয়েও নেজানো।’ ভীমবৰে ক’লে -‘যুদ্ধ মুঠ কিমান কাঠ দিয়া হ’ল তাৰ হিচাপ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত আছে।’ গৱৰ্ণত জেনেৰেলে আকৌ ক’লে -‘কেলেই তোমাৰ প্ৰধানমন্ত্ৰীয়ে কাঠ দিম বুলি স্বীকাত কৰিছে নহয়।’ ভীমবৰে পুনৰ ক’লে- ‘এইটো প্ৰধামন্ত্ৰীৰ বিভাগ নহয়।’ গৱৰ্ণৰ জেনেৰেলে ক’লে -‘তুমি অসমৰ কি হোৱা ?’ ভীমবৰে ক’লে -‘বৰ্তমান মই অসমৰ বন বিভাগৰ মন্ত্ৰী।’ ভাৰতৰ গৱৰ্ণৰ জেনেৰেলে আৰু প্ৰশ্ন নকৰিলে।ফলত ভীমবৰৰ আপত্তিৰ কাৰণতে কাঠ দিয়া প্ৰস্তাৱ গৃহীত নহ’ল।

কুৰি মিনিট সময় যুক্তি তৰ্ক, আপত্তি কৰা দেখি গণ পৰিষদত যোগদান কতিবলৈ অহা ভাৰতৰ অন্যান্য দেশৰ নেতাবিলাকে উঠি উঠি ভীমবৰক চাবলৈ ধৰিলে আৰু কয় যে আজিলৈকে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰ আগত এনেকৈ তৰ্ক কৰাৰ সাহস আগতে দেখা আৰু শুনাও নাই।বৃটিছ গৱৰ্ণক মানুহে ভয় কৰে।কাৰণ বেলি উঠাৰ পৰা মাৰ যোৱালৈকে বৃটিছৰ ৰাজ্য।

গণ পৰিষদৰ পৰা ঘূৰি আহি ততাতৈয়াকৈ গুৱাহাটীৰ ছাৰ্কিট হাউচত ভীমবৰে বন বিভাগৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ সৈতে কাঠৰ বিষয়ে আলোচনা কৰি কাঠৰ মুঠ হিচাপ আৰু লোকচানী টকাৰ তিনিখন বিল প্ৰস্তুত কৰি বৃটিছ চৰকাৰলৈ আবেদন কৰে৷ বৃটিছ চৰকাৰে অসমক লোকচানী টকাৰ ক্ষতিপূৰণ চাৰি কোটি দিয়ে৷ সেই সময়ত থাউকতে ইমান টকা পোৱা এই চাৰি কোটিয়েই প্ৰথম৷ ১৯৪৭ চনৰ ফেব্ৰুৱাৰী মাহত জিন্না চাহাবে অসমক পূব পাকিস্তানৰ মানচিত্ৰৰ লগত সাঙুৰি দিলে৷ এই সন্ধিক্ষণত অসমক নেতৃত্ব দিয়াৰ প্ৰধান কৰ্তব্য আহি পৰিল অসম প্ৰদেশিক কংগ্ৰেছৰ৷ তেতিয়া অসমৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ, কংগ্ৰেছ কমিটীৰ সভাপতি বিষ্ণুৰাম মেধি আৰু কোনো এজন কংগ্ৰেছ নেতাই জাতীয় কংগ্ৰেছৰ হৈ মুছলীম লীগৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিলে৷ উল্লেখযোগ্য যে সেই সময়ত ধৰণীধৰ বসুমতাৰীৰ নেতৃত্বত একাংশ বড়ো কংগ্ৰেছী নেতা আৰু কংগ্ৰেছৰ অন্য জনজাতি নেতাসকলে ভীমবৰ দেউৰীকো ট্ৰাইবেল লীগৰ সম্পাদকৰ পদৰ পৰা অাঁতৰাবলৈ ষড়যন্ত্ৰত নামিছিল৷ সেইদৰে প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈকো কংগ্ৰেছৰ এটা চক্ৰই পুষ্পলতা দাসক কেবিনেট মিছনলৈ নিৰ্বাচিত কৰি গোপীনাথ বৰদলৈক পৰাজিত কৰিছিল৷ দূৰদৰ্শী নেতা প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈয়ে এই পৰিস্থিতি মুকাবিলা কৰিবলৈ আগতীয়াকৈ ভীমবৰ দেউৰীক মন্ত্ৰী পদ যাচি কংগ্ৰেছৰ দলত যোগদান কৰিবলৈ আহ্বান কৰিছিল৷ আৰু ঠিক ভাৰত বিভাজনৰ ঘোষণাৰ মুহূৰ্তে পাহাৰীয় জনজাতি নেতা ৰেভাৰেণ্ড নিকলাচ ৰয়েও কংগ্ৰেছত যোগদান কৰে৷

আচৰিত কথা চৰকাৰী নথিপত্ৰ তথা তথাগঠিত কংগ্ৰেছৰ ইতিহাসত মন্ত্ৰী ভীমবৰ দেউৰীৰ এই ভূমিকাৰ উল্লেখ পোৱা নাযায়৷ আনকি কংগ্ৰেছৰ মুখপাত্ৰ আৰু প্ৰচাৰ সচিব শ্ৰীহৰেন্দ্ৰ নাথ বৰুৱাৰ সম্পাদিত ‘‘গোপীনাথ বৰদলৈ” গ্ৰন্থখনটো ইয়াৰ উল্লেখ নাই৷ আটাইতকৈ চকুত লগা ‘‘অসম বিশ্ববিদ্যালয়”, শিলচৰৰ ইতিহাস বিভাগৰ গৱেষক শ্ৰীমতী সূৰ্যশিখা পাঠকৰ দ্বাৰা প্ৰস্তুত কৰা গৱেষণা পত্ৰ ‘‘History of Assam Plains Tribal League” ৰ গৱেষণা পত্ৰত ‘‘Tribal League” ৰ প্ৰতিষ্ঠাপক সম্পাদক তথা মনোনীত একমাত্ৰ উচ্চ সদনৰ সদস্য ভীমবৰ দেউৰীৰ নাম উল্লেখ নাই৷ একেই কাৰণত ভীমবৰ দেউৰীয়ে জিন্নাক সাক্ষাৎ কৰাৰ সময়ত তেখেতৰ উক্তিক বেলেগ ধৰণে উল্লেখ কৰিলেও সকলো ঘটনাক্ৰম কিন্তু ‘‘নায়ক”ৰ ভীমবৰ দেউৰী সংখ্যাত ভীমবৰৰ এই অৱদানবোৰ প্ৰমাণ্য দলিল হিচাপে উল্লেখ আছে৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক তথা বুদ্ধিজীৱি লিখক শ্ৰী ননীগোপাল মহন্তই ‘‘আমাৰ অসম”ৰ ০৯/০৮/২০১২ তাৰিখৰ কাকতত লিখিছে – ‘‘ভীমবৰ দেউৰী নোহোৱা হ’লে অসম ইমান দিনে পাকিস্তানৰ লগত যাব লাগিলহেতেন৷” ইতিহাসত এনে ঘটনা বিৰল নহয়৷

ট্ৰাইবেল লীগৰ নেতাসকলে সেই সময়ত আমেৰিকা প্ৰেচিডেণ্ট ৰুছভেল্টৰ প্ৰতিনিধিৰ ওচৰত প্ৰদান কৰা স্মাৰকপত্ৰৰো চৰকাৰী নথিপত্ৰত কোনো উল্লেখ নাই৷ ঠিক সেইদৰে আমেৰিকাৰ গৃহ বিভাগতো প্ৰেছিডেণ্ট ৰুছভেল্টে ভাৰতৰ স্বাধীনতাৰ সম্পৰ্কত গ্ৰহণ কৰা চৰকাৰী সিদ্ধান্তৰ নথি ৰুছভেল্টৰ মৃত্যুৰ লগে লগে অন্তৰ্ধান হোৱা বুলি অভিযোগ উঠিছিল৷

১৯৪৬ অসম কংগ্ৰেছে কেন্দ্ৰী ৱৰ্কিং কমিটিলৈ সদস্য নিৰ্বাচন কৰোতে গোপীনাথ বৰদলৈ প্ৰতিদ্বন্দ্বিতা কৰিছল পুষ্পলতা দাসে আৰু গোপীনাথ বৰদলৈ দেৱ বিৰাট ভোটৰ ব্যৱধানত পৰাজিত হৈছিল৷ অসমৰ ইতিহাসৰ এই উল্লেখযোগ্য ঘটনা সাংসদ পুষ্পলতা দাসৰ বাহিৰে কংগ্ৰেছৰ আন সকলো নেতা-কৰ্মীয়ে এই ঘটনাক অতি সযত্নে জনমানসৰ পৰা আঁতৰাই ৰাখিছে৷ অসম কংগ্ৰেছৰ প্ৰেচিডেণ্ট মৌলানা তৈয়বুল্লা ছাহাবে তেখেতৰ ‘‘কাৰাগাৰৰ চিঠি”ত উল্লেখ কৰিছ – ‘‘ল’ৰ্ড মাউণ্টবেটেনে সমস্যাৰ সমাধানাৰ্থে কেবিনেটত ভাৰত বিভাজনৰ (Partition of India Plan) পৰিকল্পনাৰ সূচনা কৰিলে৷ কংগ্ৰেছ মহলত জনাজাত যে ‘‘ল’ৰ্ড মাণ্টটবেটেনৰ এই ভাৰত বিভাজনৰ প্ৰস্তাৱ পোনপ্ৰথমে সমৰ্থন কৰা ব্যক্তিজন হ’ল চৰ্দাৰ বল্লভভাই পেটেল৷ জিন্নাৰ পাকিস্তান দাবী আছিল তেতিয়াও এটা ৰাজনৈতিক চাল মাথোঁন৷ কংগ্ৰেছ-লীগ অস্থায়ী চৰকাৰৰ (Interim Government) ভিতৰুৱা মনোমালিন্য আৰু প্ৰভেদ আছিল পেটেলৰ এনে ভাৱৰ গুৰিত৷ (কাৰাগাৰৰ চিঠি, পৃঃ ৩৯৩) জিন্না চাহাবৰ অভিপ্ৰায় সম্পৰ্কত তেখেতৰ মতামত কিমান গ্ৰহণযোগ্য পাঠকে নিশ্চয় বিচাৰ কৰিব৷

কেবিনেট মিছন কালতে বৃটেইনৰ কমিনিউষ্ট পাৰ্টিৰ নেতা ৰজনী পাম দত্তক ভাৰতলৈ আহিবলৈ অনুমতি প্ৰদান কৰা হৈছিল।তেখেতৰ কিতাপ “India To-day” প্ৰকাশিত (১৯৪৬ চন ৪, ৮ আৰু ৯ এপ্ৰিল) (Record of Discussion of Rajani Palm Dutta with M.K. Gandhi, Sardar Patel and Jawaharlal Nehru) সাংবাদিক, প্ৰৱন্ধকাৰ অসিত সিংহই তেখেতৰ প্ৰৱন্ধত ৰজনী পাম দত্তৰ দৃষ্টিত ভাৰতৰ ৰাজনীতি আৰু ৰাজনীতিকৰ এক চিত্ৰ ডাঙি ধৰিছে য’ত লিয়াকৎ আলিৰ বাজেটৰ কথাও উল্লেখ আছে।”The cracks between various factions of the Indian bourgeoisie with last Budget before 1947. The Liaquat Ali Budget based on the Congress manifesto, proposed that industry and business pay income tax on illicit war profit and suggested the establishment of a commission to ferret out and recover unpaid taxes on the black money, which struck at the very roots big Gujarati Marwari Capital. The Budget provoked big Indian bourgeoisie led by Birla to exert enormous pressure on the Congress Party and Nehru successfully bring them to heel before transfer of power.”

পণ্ডিত নেহৰুৰ আহ্বানত Interim Congress League Government ৰ সমাধিত হ’ল, মুছলীম লীগে দাবি কৰিলে “পাকিস্তান”ৰ৷ সমগ্ৰ পাঞ্জাৱ, সমগ্ৰ বঙ্গদেশ আৰু অসম হ’ব পাকিস্তানৰ অন্তভূৰ্ক্ত৷ আৰু এই উদ্দেশ্যেতে জিন্না ওলাল ভাৰত ভ্ৰমণলৈ৷ অসম পালেগৈ তাতে ঘোষণা কৰিলে ‘পাকিস্তান ডুঙ্গা, আসাম কো লুঙ্গা পাকিস্তান মে’ (কাৰাগাৰৰ চিঠি, তৈয়বুল্লা) তেন্তে জিন্না চাহাবৰ আসাম গ্ৰাসৰ পিপাসা কেনেকৈ নিৰ্বাপিত হ’ল ?

‘নায়ক’ত ভীমবৰ দেউৰীৰ মৃত্যুৰ সংখ্যাত প্ৰকাশ পোৱা ডিব্ৰুগড় জৰ্জ হাই স্কুলৰ শিক্ষক বলোৰাম দুৱৰাৰ শোকবাণীত কোৱা হৈছে– “সমষ্টি গঠনত ভীমবৰে যি সাহস দেখুৱালে তাক উল্লেখ কৰি কয়–”He paid high tribute for the valuable and bold stand taken by Sit Deori at the critical period of Assam emerged from the “grouping problem.”

‘নায়ক’ত এই কথা উল্লেখ আছে, জিন্নাক সাক্ষাৎ কৰোতে ১৯৪১ চনৰ গণনাৰ ভিত্তিতে ভীমবৰে সজোৰে দাবী কৰি অসম কিয় ভাৰতৰ ভিতৰত থাকিব তাৰ যুক্তি দৰ্শাই কৈছিল–”ব্ৰিটিছ অহা আগৰে পৰাই অসমদেশ ভাৰতৰ অংগ নাছিল৷ এতিয়া পূৰ্ব বংগৰ জমিদাৰী প্ৰথাৰ দ্বাৰা নিষ্পেষিত কৃষকসকলক মাটি দিয়াৰ অজুহাতত অসম পাকিস্তানৰ অন্তভূৰ্ক্ত হ’ব নোৱাৰে৷ অসম কোনো হিন্দু বা মুছলমানৰ নহয়৷ ই ট্ৰাইবেল বা অসমৰ খিলঞ্জীয়া আদিবাসীসকলৰহে৷ গতিকে অসম পূৰ্ব পাকিস্তানৰ অৰ্থাৎ গ্ৰুপ-চিৰ অন্তভূৰ্ক্ত হ’বলৈ প্ৰস্তুত নহয়৷ অসম ভাৰতবৰ্ষৰ অংগহৈ থাকিবলৈহে প্ৰস্তুত (নায়ক)৷” টংকেশ্বৰ দেউৰীয়ে তেখেতৰ প্ৰবন্ধত লিখিছে –”ভীমবৰ দেউৰীক নেতা পাতি ট্ৰঅইবেল লীগৰ নেতাসকলে ল’ৰ্ড ৱাভেল আৰু নেহৰু-জিন্নাক লগ কৰিবলৈ এটা সজাতি দল পঠাইছিল৷ তেওঁলোকে জিন্নাক লগ কৰোতে জিন্নাৰ সৈতে চাৰ শ্বাদুল্লাও উপস্থিত থকাৰ কথা উল্লেখ কৰিছে৷

তেতিয়া ভীমবৰ দেউৰীয়ে ক’লে যে– অসমৰ ট্ৰঢ়ইবেলসকলে বৰ্তমানৰ হিন্দুস্তানৰ লগত থকাৰ কথা সিদ্ধান্ত কৰিছে৷ তেতিয়া জিন্না চাহাবে তেতিয়া সেই সাক্ষাৎতত উপস্থিত থকা চাৰ শ্বাদ্দুল্লাক ‘আপুনি কি কয়’ বুলি সুধিলত তেখেতে উত্তৰ দিলে– বৰ্তমান অসমত ট্ৰাইবেলসকলেই সংখ্যাগৰিষ্ঠ গতিকে তেওঁলোকে যি পথে যায় আমিও সেই পথেৰেই যাম৷ এই উত্তৰ শুনি জিন্না চাহাবে শ্বাদ্দুল্লা চাহাবক কুট কথা শুনালে৷ ভীমবৰ দেউৰীয়ে জিন্নাক উভতি ধৰি ক’লে–‘শ্বাদ্দুল্লা চাহাব আমাৰ অসমীয়া মানুহ৷ আপুনি কিয় তেনেকৈ কৈছে ?’ জিন্না চাহাবে ক্ষুন্ন হৈ তেওঁলোকক বিদায় দিলে৷” ডম্বৰুধৰ দেউৰীয়ে লিখিছে–” ১৯৪১ৰ চনত হোৱা ট্ৰাইবেল মানুহ পিয়ল ট্ৰাইবেল বেল্ট ব্লক তৈয়াৰ কৰি ৰখাৰ বাবেই ভীমবৰক সত্যৰ ভেটিত উক্ত যুক্তি দৰ্শাই কৃতকাৰ্যতা লাভ কৰি অসম মাতৃক ৰক্ষা কৰিলে৷” ভীমবৰৰ উদ্ধৃতি তেখেতে লিখিছে–”মুছলমান ৰজা আৰু মোগল সম্ৰাটসকলে সোতৰ বাৰ অসম আক্ৰমণ কৰিও অসম দেশ অধিকাৰ কৰিব নোৱাৰিলে৷ এতিয়া আপুনি কলমৰ আগত কেনেকৈ ল’ব৷ অসমখন কোনো  হিন্দু বা মুছলমানৰ নহয়৷ ই ট্ৰাইবেলসকলৰহে৷ গতিকে ই পূব পাকিস্তানৰ অন্তভূৰ্ক্ত হ’ব নোৱাৰে৷ এই যুক্তিবিলাকৰ ভিতৰত বিষেষকৈ শেষৰ যুক্তিটোৰ ভিত্তিত জিন্না চাহাবে অসমক পাকিস্তানত অন্তভূৰ্ক্ত নকৰিবলৈ ভীমবৰ দেউৰীক কথা দিলে৷” নোৱাখালিত ভীমবৰ দেউৰী আৰু তেওঁৰ সজাতি দলে প্ৰথমে মহাত্মা গান্ধীক লগ ধৰি আৰ্শীবাদ ল’লে৷ তাৰ পিছত প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ আৰু নেহৰুকো লগ ধৰাৰ কথা তেখেতে উল্লেখ কৰিছে৷ জিন্না চাহাব লগ ধৰাৰ পিছত তেওঁলোকে গভৰ্ণৰ জেনেৰেল ল’ৰ্ড ৱাভেলৰ ঘৰলৈ গ’ল আৰু তেখেতৰ আগত তেখেতসকলৰ বক্তব্য ৰাখিলে৷ তেতিয়া গভৰ্ণৰ জেনেৰেল চাহাবে তেওঁলোকৰ সিদ্ধান্তৰ কথা বৃটিছ প্ৰধানমন্ত্ৰীক জনাব বুলি কৈ বিদায় দিলে৷ দিল্লীৰ পৰা ঘূৰি আহি ট্ৰাইবেল লীগৰ সভাপতিয়ে তেখেতসকলৰ প্ৰতিবেদন তেওঁলোকৰ কাৰ্যকৰী সভাত দাঙি ধৰিলে৷ পৰৱৰ্তী কালত দেখা গ’ল জিন্নাৰ কথাৰ মতে অসমক পাকিস্তানৰ অন্তভূৰ্ক্তি দাবী পুনৰ উত্থাপন বন্ধ হৈ গ’ল৷ সেয়েহে ১৯৪১ চনৰ গণনা ভিত্তি কৰি ট্ৰাইবেল লীগে লোকপিয়লৰ পৰিসংখ্যকভিত্তিত অসম এক জনজাতি অধ্যুষিত ৰাজ্য হিচাপে প্ৰতিপন্ন কৰা ফলতেই এয়া সম্ভৱ হৈছিল৷ ইয়াৰ প্ৰথম কৃতিত্ব ট্ৰাইবেল লীগৰ নেতা হিচাপে ভীমপৰ দেউৰীৰ লগতে এই গণনাত সক্ৰিয় সহযোগিতা আৰু সমৰ্থন আগবঢ়োৱাৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু চাৰ ছাদ্দুল্লা দুয়ো এই সফলতাৰ অংশীদাৰ৷ মতবিৰোধ সত্ত্বেও অসমৰ জাতীয় স্বাৰ্থ আৰু সহমৰ্মিতাৰ এক বিৰল উদাহৰণ৷ যাৰ ফলতেই অসমত দেশ বিভাজনৰ সময়ত ভাতৃঘাতী ৰক্তপাতৰ পৰাও সামগ্ৰীকভাৱে অসম ৰক্ষা পৰিল৷

ভীমবৰ দেউৰী আৰু ছাৰা শ্বাদ্দুল্লা ইতিহাস ৰচকসকলৰ দ্বাৰা “Political of Envy”ৰ চিকাৰ হ’ল নেকি তাৰ পৰ্যালোচনাৰ তাগিদাতে প্ৰৱন্ধটি যুগুত কৰা হৈছে৷

পাদটীকাঃ
১৷ মাননীয় প্ৰাক্তন সাংসদ পুষ্পলতা বাইদেউৱে ভীমবৰ দেউৰীৰ জন্ম শতবাৰ্ষিকীৰ উদযাপন দ্বাৰাৰ প্ৰকাশিত স্মৰণিকাত প্ৰকাশিত প্ৰৱন্ধ ‘জননেতা ভীমবৰ শীৰ্ষক প্ৰৱন্ধত লিখিছে– স্বৰ্গীয় ডাঃ ভূবেনেশ্বৰ বৰুৱাই তেওঁৰ দিনলিপিত লিখা কথাখিনিৰ ভাবাৰ্থটো আছিল এনেধৰণৰ – “ভীমবৰ¯ ‘তিনিদিনীয়া অসমীয়াত’ তোমাৰ লিখাটো পঢ়িলো তুমি অসমৰ ঘোৰ দুৰ্দিনত যি ভূমিকা গ্ৰহণ কৰিলা ই অসমৰ বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিখা থাকিব।’ ডাঃ ভীবেনেশ্বৰ বৰুৱাই কৰা তিনিদিনীয়া অসমীয়াত প্ৰকাশ হোৱা ভীমবৰ দেউৰীৰ সেই প্ৰবন্ধটো এতিয়াও আমি বিচাৰি উলিয়াব পৰা নাই৷ কোনো সদাশয় পাঠকে এই প্ৰবন্ধটি উদ্ধাৰ কৰি অসমবাসীক কৃতাৰ্থ কৰে যেন৷

২। Text of memorial presented to Mr. William Philips Personal representative of President Roosevelt, USA Bhawalpur House, Office Residence, New Delhi sent on 25th January, 1943. “We hsve raise the voice of Tribal people of Assam…. who confront and Indian Nationality as a whole. According to census 1941 the population of Tribal of Assam to whom the ruling martial Kuchareess (Bodo, Lalung, Rabha, Dimas, Hazong etc.) the Miries, Deories, Mikirs, Khamties, Phatkia etc. of plains….
To this, Mr, Richard Hepper, Major FA personal Assistant to Mr. William Philips, acknowledging its receipt said, interalia on 30th January, “The Memorandum attached thereto has been read with interest and Mr. Phillips appreciates your courtesy in waiting to him” Singatures–J.N. Hazariks, M. Brahma, R. Kherkataria & D. Basumatary.

৩৷ ১৯৫৬ চনৰ “Sunday Evining Post’Pos”ৰ পিয়েৰচন স্তম্ভত প্ৰকাশিত “Confession of an SOB (British Intelligence)ৰ স্বীকাৰোক্তিত কোৱা হৈছিল যে– আমেৰিকাৰ পূৰ্বৰ Ex-Secretary of state, Summer Wells য়ে প্ৰেচিডেণ্ট ৰুছভেল্টৰ মৃত্যুৰ পিছতে পদত্যাগ কৰাৰ কিছুদিনৰ পিছতে অভিযোগ কৰিছিল যে, আমেৰিকাৰ প্ৰশাসনে এছিয়াৰ জাতীয়তাবাদী আন্দোলনক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ নথি বিশেষকৈ, আমেৰিকাৰ প্ৰশাসনে ভাৰতৰ স্বাধীনতাত অনুমোদন জনোৱা নথিখন অন্তৰ্ধান হৈছে৷ বৃটিছ চৰকাৰৰ পদাধিকাৰীয়ে অপ্ৰকাশিত গোপনীয় তথ্য “Unclassified Documents” প্ৰকাশ কৰাৰ কাৰণে তীব্ৰ বিৰোধীতা কৰিছিল৷ এই কথা বৃটিছৰ এজন চোৰাংচোৱা বিভাগৰ পদাখিকাৰীৰ স্বীকাৰোক্তিত প্ৰকাশ হৈছিল৷

৪৷ অসমৰ প্ৰসিদ্ধ ৰাজনীতিবিদ ৰোহিণী চৌধুৰীদেৱে শ্বাদ্দুল্লা চৰকাৰ আৰু কংগ্ৰেছৰ গোপীনাথ বৰদলৈ চৰকাৰ এই দুয়োখন চৰকাৰতেই গুৰুত্বপূৰ্ণ মন্ত্ৰিত্বৰ পদত অধিস্থিত আছিল৷ কেবিনেট মিচনৰ বিতৰ্কৰ সময়ত জনজাতিসকলক স্বায়ত্ব শাসন দিয়াৰ বিপক্ষে শক্তিশালী ভূমিকা গ্ৰহণ কৰি কৈছিল–’স্বায়ত্ব শাসন পালে জনজাতিসকলে চীন বা বাৰ্মাৰ সৈতে চামিল হৈ যাব বুলি সাৱধান বাণী শুনাইছিল আৰু বৃটিছ প্ৰধানমন্ত্ৰী উইনচটন চাৰ্চিলৰ ইৰাকৰ স্বাধীনতা প্ৰেমী কাৰ্ডিচ, পাকিস্তানৰ স্বোৱাত উপত্যকাৰ জনজাতিসকলক গেছ দি হত্যা কৰাৰ মত পোষকতা কৰি আগবঢ়োৱা যুক্তিক অসমৰ ক্ষেত্ৰত জনজাতিসকলক স্বায়ত্ব শাসন দিয়াৰ ক্ষেত্ৰত একেই উক্তি উল্লেখ কৰিছিল৷ “If you allow then to rule us or run the administration it will be a negation of Justice or administration will something like anarchy.”

৫৷ ড° অমলেণ্ডু গুহৰ “Planter Raj to Swaraj”গ্ৰন্থখনত ১৯৪১ চনৰ চেঞ্চাচৰ ভূমিকাৰ সম্পৰ্কত কোনো স্পষ্ট পৰ্যবেক্ষণ বা অৱলোকণত গুৰুত্ব দিয়া হোৱা নাই যদিও কংগ্ৰেছ আৰু ট্ৰাইবেল লীগৰ চুক্তিৰ সম্পৰ্কে উল্লেখ আছে৷ অৱশ্যে এই চুক্তিত লোকপিয়ল আছিল এক গুৰুত্বপূৰ্ণ দফা৷ অৱশ্যে বংগ আৰু অসমৰ মুছলমান জনসংখ্যা ১৯৪১ চনৰ লোকপিয়লৰ মতে ৫১ শতাংশ এই কথা উল্লেখ আছে৷

৬৷ ‘নায়ক’ৰ ভীমবৰ দেউৰীৰ সংখ্যাটো সম্পাদক যোগেন হাজৰিকাদেৱে জিন্না, ভীমবৰ দেউৰী আৰু ছাৰ শ্বদ্দুল্লা চাহাবৰ ভূমিকা সম্পৰ্কত পোনপটীয়াভাৱে একো উল্লেখ নকৰাটো আটাইতকৈ চকুত লগা বিষয়, ইয়াৰ কাৰণ এয়ে নেকি যে আলোচনীখন প্ৰকাশ কৰাৰ সময়ত তেখেত এজন কংগ্ৰেছৰ পাৰ্লিয়ামেণ্টাৰি চেক্ৰেটাৰী আছিল আৰু কংগ্ৰেছৰ শীৰ্ষ মহল অথবা গৃহমন্ত্ৰণালয় কিবা গোপন নিৰ্দেশ আছিল নেকি ই এক গৱেষণাৰ বিষয়।উল্লেখযোগ্য যে গোপীনাথ বৰদলৈ দেৱে ভীমবৰ দেউৰীৰ সম্পৰ্কত লিখা প্ৰৱন্ধও একে সংখ্যাটেই প্ৰকাশিত হৈছিল৷

৭৷ “এজন মুখিয়াল অসম সদস্য আছিল তাতে, মোৰ অপেক্ষাত৷ ডাক্তৰ পট্টাভি সীতাৰামায়ায়ো ইয়াত আছিল উপস্থিত, বাৰাণ্ডাতে, সদস্য বন্ধুজনে অস্থিৰ হৈ মোক দেখিয়েই সুধিলে- ‘নেহৰুৰে কি আপোচ কথা হ’ল হে ? … কংগ্ৰেছৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে অসম মৰি যাব, গম পাইছানে নাই ?’ ডাঃ পাট্টাভিয়ে মুখৰ কথা কাঢ়ি ঘপকৰে ক’লে ‘To go against the Congress resolution and there is no half way house between Assam and Pakistan” (কংগ্ৰেছৰ প্ৰস্তাৱৰ বিপক্ষে যোৱা মানে অসম আৰু পাকিস্তানৰ মাজত স্থল আৰু নাই) নাইডুৱেও আমাক তাকেই কৈছিল৷ আমাক জিন্নাই ডিঙিত ৰচি লগাই টানি নিব পাকিস্তানলৈ-সমস্যা !’ ‘কাৰাগাৰৰ চিঠি’ চৈয়দ তৈয়বুল্লা (পৃঃ৫০০-৫০১) কংগ্ৰেছ সভাপতি তৈয়বুল্লা চাহাবক তুমি বুলি সম্বোধন কৰা, নেহৰু প্ৰতি ক্ষোভ উজাৰি কৰা উক্তি আৰু অসমৰ অনিশ্চিত ভৱিষ্যতক লৈ গভীৰভাৱে উদ্বিগ্ন এই ‘মুখিয়াল অসম সদস্য’ জাননো কোন ? যিগৰাকী মুখিয়াল অসম সদস্য জনাৰ নাম তৈয়বুল্লা চাহাবে অজান কাৰণত উল্লেখ নকৰিলেই !!! ই এক বিচাৰ্য বিষয়৷

৮৷ কাইফি আজম মঃ আলি জিন্না, ল’ৰ্ড ৱাভেলক সাক্ষাৎ কৰাৰ পাছত অসমৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ দেৱৰ সৈতে ভীমবৰ দেউৰীয়ে একেলগে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক দেখা কৰিছিল আৰু সেই সাক্ষাতৰ সময়ত ভীমবৰ দেউৰীয়ে কাশ্মীৰৰ সমস্যাও অসমৰ ষষ্ঠ অনুসূচীৰ আৰ্হিতেই সমাধানৰ পৰামৰ্শ আগবঢ়াইছিল। অসমলৈ ঘূৰি আহি শিৱসাগৰৰ ব’ৰ্ডিং ফিল্ডত অনুষ্ঠিত বিৰাট জনসভাত জিন্নাৰ আৰু ল’ৰ্ড ৱাভেলৰ সৈতে হোৱা সাক্ষাতৰ বিৱৰণ দাঙি ধৰিছিল।এই কথা মই প্ৰয়াত ৰামেশ্বৰ ভৰালীৰ পৰা জানিব পাৰিছিলো।মোৰ বৰেদেউতা প্ৰয়াত ফণিধৰ দেউৰী শিৱসাগৰ লোকেল ব’ৰ্ডৰ কংগ্ৰেছ দলৰ এজন নিৰ্বাচিত প্ৰতিনিধি আছিল আৰু ট্ৰাইবেল লীগ ষ্টেয়েৰিং কমিটিৰ এজন বিশিষ্ট সদস্য আছিল৷

৯৷ ১৯৭৬ চনত বাবু জগৎ জীৱন ৰামে নিৰ্বাচনৰ সময়ত ডিব্ৰুগড়লৈ আহোতে ডিব্ৰুগড়ৰ চৌকিডিঙি পথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত এই ডিব্ৰুগড়ৰে এজন যুৱক বুলি ভীমবৰ দেউৰীৰ নাম লৈ অসমক পাকিস্তানৰ পৰা ৰক্ষা কৰাৰ কথা উল্লেখ কৰিছিল৷ সেই সভাৰ উদ্যোক্তা শ্ৰীৰবি দাস অনুসূচীত জাতিৰ সাংগঠনিক কৰ্মী এতিয়াও ডিব্ৰুগড়ৰ নিবাসী৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে