দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ভীমবৰ দেউৰী আৰু অসমৰ জাতি সমস্যাত এভুমুকি ( ড° পৰমানন্দ মজুমদাৰ )

ভীমবৰ দেউৰী আৰু অসমৰ জাতি সমস্যাত এভুমুকি ( ড° পৰমানন্দ মজুমদাৰ )

(১)
ভীমবৰ দেউৰীক অসমৰ আজি প্ৰজন্মই নেজানে৷ তেওঁ ঢুকোৱা অৰ্ধশতিকা পাৰ হৈ গ’ল৷ ১৯০৩ চনৰ পৰা ১৯৪৭ চনলৈ মাথোঁ ৪৪ টা বসন্তৰ নাতিদীৰ্ঘ তেওঁৰ জীৱন কালত তেওঁ লোৱা ভূমিকাই অসমীয়া জাতিৰ কলিজাক স্পৰ্শ কৰি গৈছিল৷ কিন্তু অসমীয়া মধ্যবিত্তৰ প্ৰভাৱশীল অংশই তেওঁক কোনোদিনে স্বীকৃতি দিব নেজানিলে৷ তেওঁৰ মৃত্যুৰ পিছত অৰ্ধশতিকা ধৰি অসমত ভালেমান জাতীয়তাবাদী আন্দোলন হৈ গ’ল, কিন্তু জাতিটোৰ অস্তিত্বসূচক (!) আন্দোলনসমূহত আমি ভীমবৰ দেউৰীৰ দৰে ব্যক্তিত্বক তুলি ধৰা নেদেখিলোঁ৷ যি সময়ত অম্বিকাগিৰি ৰায়চৌধুৰীৰ দৰে লোকৰ সক্ৰিয় আৰু সতেজ ভূমিকাৰ বিষয়ে আজিৰ অসমীয়া জাতীয়তাবাদৰ প্ৰবক্তাসকলে আকাশ-বতাহ কঁপাই তুলিছে, সেই একে সময়তে এজন প্ৰখৰ সমাজ চেতনাসম্পন্ন ব্যক্তি ভীমবৰ দেউৰীক স্মৰণ কৰিব নোৱাৰাটো যে জাতি সম্পৰ্কে থকা সংকীৰ্ণ ধ্যান-ধাৰণাৰে অভিব্যক্তি সেইকথা আজিৰ অসমৰ পটভূমিয়ে পৰীক্ষাগাৰত প্ৰমাণ কৰাৰ নিচিনাকৈয়ে সকলোকে দেখুৱাই দিছে৷ আজি ভাবি আচৰিত লাগে, ভীমবৰ দেউৰীৰ দৰে ব্যক্তিকো এটা সময়ত সাম্প্ৰদায়িক আখ্যা দিবলৈ অসমীয়া মধ্যবিত্তৰ এচামে কুণ্ঠাবোধ কৰা নাছিল৷
কি কৰিছিল ভীমবৰে ? তেওঁ জীৱনৰ আদিকালতে উপলব্ধি কৰিলেঃ ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অসমখন পিছপৰা, অসমৰ ভিতৰৰে আকৌ পিছ পৰা হ’ল জনজাতিসকল৷ এই উপলব্ধি হৈছিল তেওঁৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰাই – সেয়া আনে জাপি দিয়া নাছিল৷ দুটা দৃষ্টান্তই সেই কথা প্ৰতিপন্ন কৰেঃ
[ক] ভীমবৰ দেউৰী আছিল অতি মেধাবী ছাত্ৰ৷ উজনি অসমৰ শিৱসাগৰ জিলাৰ পানীদিহিং মৌজাৰ দৰে এটা পিছপৰা অঞ্চলৰ পৰা তেওঁ পাঁচটা বিষয়ত ‘লেটাৰ’ লৈ প্ৰথম বিভাগত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সময়ত সমগ্ৰ অঞ্চলটোৰ বৰ্ণহিন্দুসকলৰ মাজতো এজনো মেট্ৰিকুলেট নাছিল৷ কটন কলেজলৈ পঢ়িবলৈ আহি তেওঁ নিজ চকুৰে দেখিলেহি জনজাতি ছাত্ৰসকল কিমান অস্পৃশ্য৷ সেই সময়ত কটন কলেজত জনজাতীয়সকলৰ বাবে আছুতীয়াকৈ দ্বিতীয় ছাত্ৰবাসটো ৰখা হৈছিল৷ বাকী বৰ্ণহিন্দু ছাত্ৰৰ কাৰণে প্ৰথম ছাত্ৰবাসটো ৰখা হৈছিল৷ এনে বৈষম্যমূলক ব্যৱস্থাৰ বিৰুদ্ধে সকলো জনগোষ্ঠীৰে ছাত্ৰসকলে আন্দোলনত অৱতীৰ্ণ হ’ব লগা হ’ল৷ বিজয় চন্দ্ৰ ভাগৱতীৰ দৰে সেই সময়ৰ ছাত্ৰয়ো এনে ব্যৱস্থাৰ বিৰুদ্ধে থিয় হৈছিল।
ভীমবৰৰ কটন কলেজৰ সহপাঠী ৰবীন্দ্ৰ কছাৰীয়ে সেই কথা স্মৰণ কৰি লিখিছেঃ ‘উঠি অহা ডেকাসকলে ‘দ্বিতীয় মেছ’ মানে ‘২ নং মেছ’ নহয়, অৰ্থাৎ ‘প্ৰথম মেছত যাৰ স্থান নাই তেওঁ দ্বিতীয় মেছত থাকিব লাগে’ – আন কথাত ‘অস্পৃশ্য মেছ’ বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷ অৰ্থাৎ, কছৰী, মিৰি, লালু, দেউৰী, ৰাভা আদি কোনো ভৈয়ামৰ ট্ৰাইবেল ছাত্ৰৰ বাবে বৰ্ণহিন্দু বা ‘স্পৃশ্য’সকলৰ মেছত স্থান নাছিল’৷
কটন কলেজত পঢ়া সময়তে (১৯২৫-১৯২৯) ১৯২৮ চনত অসমলৈ চাইমন কমিচন আহিছিল৷ চাইমন কমিচনৰ ওচৰত অসমৰ জনজাতি আৰু অনগ্ৰসৰ সম্প্ৰদায়ৰ তৰফৰ পৰা স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল৷ স্মাৰকপত্ৰত জনজাতিসকল শৈক্ষিক, আৰ্থিক আদি সকলো দিশতে কিদৰে অৱহেলিত আৰু বঞ্চিত হৈ আছে তাক তুলি ধৰা হৈছিল৷ কটন কলেজত অধ্যয়নৰত এজন প্ৰখৰ বুদ্ধিসম্পন্ন জনজাতীয় ছাত্ৰ ভীমবৰ দেউৰীয়ে এই ঘটনা লক্ষ্য নকৰাকৈ নিশ্চয় থকা নাছিল৷ তদুপৰি চাইমন কমিচনত সাক্ষ্য দিয়া মহীচন্দ্ৰ মিৰি এই সময়তে (সাক্ষ্য দিয়াৰ আগেয়ে) অম্বিকাগিৰীৰ ‘চেতনা’ৰ পাতত লিখা এখন ছিঠিত লিখিছিল যে অসমৰ দাঁতি কাষৰীয়া অঞ্চলত অনেক জাতি আছে৷ এই জাতিসমূহৰ বেলেগ বেলেগ ভাষাও আছে৷ ভাষাসমূহ এতিয়াও দোৱান হিচাপেই আছে৷ এই অঞ্চলৰ পৰা যিবোৰ ল’ৰা-ছোৱালী স্কুল-কলেজলৈ আহিছে, তেওঁলোকে নিজৰ দেৱান এৰি আনৰ লগত মিহলি হ’ব নোখোজে৷ এই সময়তে ১৯৩০ চনত ‘আৱাহন’ৰ পাতত বিষ্ণু ৰাভাই লিখা ‘বৃহত্তৰ অসমৰ কল্পনা’ নামৰ এখন ৰচনাত এইবুলি সকীয়াই দিছিল যে অসমৰ অত্যাচাৰিত আৰু অৱনত জাতিসমূহক আন আন উন্নত জাতিৰ লগত একে আসনতে ঠাই দিবলৈ যদি অসমৰ ৰাজনীতিক আৰু সমাজনীতিকসকলে চেষ্টা নকৰে, তেন্তে অসমত ভৱিষ্যতে গৃহ কন্দলৰ সূচনা হ’ব।
(খ) কটন কলেজৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰীলৈ ভীমবৰে কলিকতাৰ পৰা আইনৰ ডিগ্ৰী লয়৷ তাৰ পৰা উভতি আহি তেওঁ অসম অসামৰিক সেৱা (Assam Civil Service) পৰীক্ষা দি কৃতকাৰ্যতা লাভ কৰে আৰু অতিৰিক্ত সহায়ক আয়ুক্ত (Extra Assistant Commissioner) পদত নিযুক্তিৰ বাবে নিৰ্বাচিত হয়৷ সেই নিযুক্তিৰ বাবে নিৰ্বাচিত হয়৷ সেই সময়ত অসম চৰকাৰৰ চাকৰিসমূহ সম্প্ৰদায়সমূহৰ জনসংখ্যাৰ ভিত্তিতহে ভাগ কৰি নিযুক্তি দিয়া হৈছিল৷ কিন্তু দেউৰী জনগোষ্ঠী তেতিয়ালৈকে চৰকাৰী চাকৰিৰ যোগ্য সম্প্ৰদায় হিচাপে তালিকাভুক্ত হোৱা নাছিল৷ আনকি ১৯৩১ চনত আগৰ লোকপিয়লবোৰত দেউৰীসকলৰ পৃথককৈ পিয়ল হোৱা নাছিল৷ তদুপৰি চাইমন কমিচনটো দেউৰী জনগোষ্ঠীৰ হৈ কোনো স্মাৰকপত্ৰ প্ৰদান কৰা হোৱা নাছিল৷ সেয়েহে প্ৰতিযোগিতাত নিৰ্বাচিত হোৱা স্বত্বেও ভীমবৰৰ দৰে তীক্ষ্ণ মেধাবী ছাত্ৰ ই, এ, চি, পদত নিযুক্তিৰ পৰা বঞ্ছিত হ’ব লগা হ’ল৷ এই ঘটনাৰ পৰিপ্ৰেক্ষিততে তেওঁ চাকৰি কৰাৰ সিদ্ধান্তকে ত্যাগ কৰি স্বাধীনভাৱে ওকালতি কৰিবলৈ ল’লে৷
এই দুয়োটাঘটনাই ভীমবৰৰ পৰৱৰ্তী জীৱনকালত বিশেষভাৱে ক্ৰিয় কৰিছিল বুলি আমাৰ ধাৰণা৷ তদুপৰি এই সময়ছোৱাতে তেওঁ নিশ্চয় অসমীয়া মধ্যবিত্তৰ জনজাতিসকলৰ প্ৰতি থকা উদাসীন দৃষ্টিভংগীকো লক্ষ্য নকৰাকৈ থকা নাছিল৷ কাৰণ অসমীয়া মধ্যশ্ৰেণীৰ ভালেমান খ্যাতিমান প্ৰতিনিধিয়ে এই সময়ছোৱাতে জনজাতিসকলক অসমীয়া ভাষা-সংস্কৃতিত লীন হ’বলৈও আহ্বান দিছিল৷ তেওঁলোকে এই ধাৰণা দিবলৈ প্ৰয়াস কৰিছিল যে জনজাতিসকলে সুকীয়া বৈশিষ্ট্য জীয়াই ৰখাটো অসমীয়া জাতিৰ পক্ষে মংগলজনক নহ’ব৷ দুটি উদাহৰণ আমি ইয়াতে উল্লেখ কৰিব বিচাৰিছোঃ
চাইমন কমিচন অহাৰ তিনিবছৰ আগেয়ে ১৯২৫ চনত কমলাকান্ত ভট্টাচাৰ্য আৰু মহাদেৱ শৰ্মাৰ সম্পাদনাত প্ৰকাশ পোৱা পষেকীয়া আলোচনী ‘আসাম হিতৈষী’ৰ এটি সম্পদকীয় মন্তব্য আছিল এনেকুৱাঃ
‘আসামৰ ফালৰ সৰহভাগ কছাৰীয়ে কেতিয়াবাই দোৱান পাহৰিলে, অসমীয়া ভাষাইহে তেখেতসকলৰ ভাষা, এনেস্থলত গোৱালপাৰাৰ বৰো দোৱান তেখেতসকলৰ মাতৃভাষা নহয় হেতুকে জাতীয় ভাষা হ’ব নোৱাৰে৷ আগেয়ে বৰো দোৱানক ভাষা কৰা কোনো কথাই নাছিল, সৰল চিত্তৰ কছাৰীসকলক খ্ৰীষ্টান কৰিবৰ অভিপ্ৰায়ে পাদুৰী চাহাবসকলে, গাৰো, খাছীয়া দোৱানক ৰোমান আখৰেৰে বেলেগ ভাষা কৰি পেলোৱাৰ দৰে কছাৰী দোৱানকো ভাষা কৰা দ্বাৰাই অসমীয়া জাতিৰ জাতীয়তা পতা সম্পৰ্কে কি যে অনিষ্ট সাধন কৰিছে ভাবিলেই দুখ লাগে৷ বৰ্তমান শিক্ষিত কছাৰী যুৱকসকলে যেন কথাটি ভাবি চায়৷’

আনটো দৃষ্টান্ত ল’ব বিচাৰিছোঁ – অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণৰ পৰা৷ ১৯২৪ চনত সাহিত্য সভাৰ আসনৰ পৰা আনন্দচন্দ্ৰ আগৰৱালাই কৈছিলঃ
‘এখন দেশৰ সকলো মানুহ এক ভাষা-ভাষী নহ’লে জাতীয়তা গঠন কৰা টান৷ আমাৰ দেশত সমতলত থকা মিৰি, মিকিৰ আৰু নগাই অসমীয়া ভাষা লৈছে৷ গতিকে পৰ্বতীয়া জাতি আৰু চাহ বাগিচাৰ বনুৱা আৰু আন দেশৰ পৰা আহি ইয়াত নিগাজীকৈ থকা লোকসকলৰ মাজত অসমীয়া ভাষা আৰু সাহিত্যৰ ধৰ্ম আৰু জ্ঞান বিলাব লাগে৷’
এনে পটভূমিতে ভীমবৰ দেউৰীৰ চেতনাত জনজাতিসকলৰ স্বাধিকাৰ সংগ্ৰাম জাগ্ৰত কৰিছিল৷ তেওঁ অনুভব কৰিলে যে দেউৰীকে ধৰি সোণোৱাল কছাৰী, মটক, মিছিং, বড়ো, তিৱা, ৰাভা আদি অনগ্ৰসৰ জনগোষ্ঠীসমূহ ঐক্যবদ্ধ হৈহে নিজৰ উন্নতি আনিব পাৰিব৷ তেওঁৰ উদ্যোগত ১৯৩৩ চনত নগাঁৱৰ ৰহাত অসমৰ জনগোষ্ঠীসমূহৰ প্ৰতিনিধিত্বমূলক অধিৱেশন অনুষ্ঠিত হয় আৰু অধিৱেশনৰ স্থলতে Assam Backward Plains Leagueৰ জন্ম হয়৷ ইয়াৰ সভাপতিৰ পদত অধিষ্ঠিত হয় চাইমন কমিচনত কছাৰীসকলৰ হৈ সাক্ষ্য দিয়া প্ৰতিনিধি যাদৱ চন্দ্ৰ খাখলাৰি আৰু ভীমবৰ দেউৰী হয় সম্পাদক৷ ইতিহাসৰ পাতত লীগ গঠনৰ পটভূমিকো এনেদৰে বৰ্ণিত হৈছে (ৰমেশ কলিতাৰ ভাষাত)ঃ
‘জনজাতীয় লোকৰ ওপৰত এফালে হিন্দু বৰ্ণবাদীসকলৰ আৰ্থ-সামাজিক শোষণ নিপীড়ন আৰু আনফালে পূৰ্ববংগীয় মুছলিম পমুৱাৰ অসম আগমন আৰু সেইসকল লোকক জনজাতি অধ্যুষিত এলেকাৰ সমীপৱৰ্তী অঞ্চলত পুনৰ্বাসনৰ ব্যৱস্থাই জনজাতীয় লোকসকলকো সাম্প্ৰদায়িক ৰাজনৈতিক সংগঠন গঢ়ি তুলিবলৈ পৰোক্ষভাৱে উৎসাহিত কৰিছিল৷’
লীগৰ দায়িত্ব বহন কৰি ভীমবৰে অসমৰ জনগোষ্ঠীসমূহৰ অনগ্ৰসৰ অৱস্থাৰ কথা চৰকাৰৰ ওচৰত উত্থাপন কৰিবলৈ ধৰিলে আৰু নানা ঠাইত সংগঠনৰ কামতো উঠি পৰি লাগিল৷ লীগৰ দাবীৰ প্ৰতি সঁহাৰি দিয় চৰকাৰে ১৯৩৫ চনত অসমৰ বিধান সভাৰ মুঠ ১০৮ খন আসনৰ ৪ খন জনজাতিৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰে৷ লীগৰ প্ৰচেষ্টাতে দেউৰীৰ দৰে জনগোষ্ঠীও অনগ্ৰসৰ ভৈয়াম জনজাতি তালিকাত অন্তৰ্ভুক্ত কৰা হয়৷ ১৯৩৯ চনত সাধাৰণ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে সংৰক্ষিত আসনৰ জৰিয়তে ‘ট্ৰাইবেল লীগ’ৰ ৰূপনাথ ব্ৰহ্ম, ৰবিচন্দ্ৰ কছাৰী, কাৰ্কচন্দ্ৰ দলে আৰু ধীৰ সিং দেউৰী জয়ী হৈ বিধানসভাৰ সদস্য হ’বলৈ সক্ষম হ’ল৷ ১৯৩৯ চনত ‘ট্ৰাইবেল লীগ’ৰ বিধানসভাৰ সদস্য কেইগৰাকীৰ অনুৰোধ আৰু প্ৰাদেশিক কংগ্ৰেছ দলৰ সন্মতিত অসমৰ ৰাজ্যপালে ভীমবৰ দেউৰীক উচ্চ পৰিষদ অৰ্থাৎ বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত কৰে৷
উচ্চপৰিষদৰ সদস্যৰূপে ভীমবৰে দক্ষতাৰে বিধানসভাৰ মজিয়াত জনজাতিসকলৰ অনগ্ৰসৰতাৰ কথা তুলি ধৰাৰ উপৰি সামগ্ৰিকভাৱে অসমৰ সমস্যাৰাজিও তুলি ধৰিছিল৷ ইয়াৰ ভিতৰতে তেওঁৰ এটা উল্লেখযোগ্য ভাষণ আছিল – প্ৰব্ৰজন সম্পৰ্কে৷ তেওঁ দেখিছিল চুবুৰীয়া পূৰ্ববংগৰ পৰা যিদৰে অবাধ গতিত অসমলৈ প্ৰব্ৰজন হ’বলৈ ধৰিছে সিয়ে ভৱিষ্যতে অসমলৈ সংকট কঢ়িয়াই আনিব৷ তেওঁ এনে প্ৰব্ৰজনৰ বাবে চাদুল্লা মন্ত্ৰীসভাই উৎসাহিত কৰা বুলি অভিযোগ তুলি ১৯৪০ চনৰ বাজেটৰ বিতৰ্কত এনেদৰে কৈছিলঃ
আনটো দৃষ্টান্ত ল’ব বিচাৰিছোঁ – অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণৰ পৰা৷ ১৯২৪ চনত সাহিত্য সভাৰ আসনৰ পৰা আনন্দচন্দ্ৰ আগৰৱালাই কৈছিলঃ
‘এখন দেশৰ সকলো মানুহ এক ভাষা-ভাষী নহ’লে জাতীয়তা গঠন কৰা টান৷ আমাৰ দেশত সমতলত থকা মিৰি, মিকিৰ আৰু নগাই অসমীয়া ভাষা লৈছে৷ গতিকে পৰ্বতীয়া জাতি আৰু চাহ বাগিচাৰ বনুৱা আৰু আন দেশৰ পৰা আহি ইয়াত নিগাজীকৈ থকা লোকসকলৰ মাজত অসমীয়া ভাষা আৰু সাহিত্যৰ ধৰ্ম আৰু জ্ঞান বিলাব লাগে৷’
(২)
এনে পটভূমিতে ভীমবৰ দেউৰীৰ চেতনাত জনজাতিসকলৰ স্বাধিকাৰ সংগ্ৰাম জাগ্ৰত কৰিছিল৷ তেওঁ অনুভব কৰিলে যে দেউৰীকে ধৰি সোণোৱাল কছাৰী, মটক, মিছিং, বড়ো, তিৱা, ৰাভা আদি অনগ্ৰসৰ জনগোষ্ঠীসমূহ ঐক্যবদ্ধ হৈহে নিজৰ উন্নতি আনিব পাৰিব৷ তেওঁৰ উদ্যোগত ১৯৩৩ চনত নগাঁৱৰ ৰহাত অসমৰ জনগোষ্ঠীসমূহৰ প্ৰতিনিধিত্বমূলক অধিৱেশন অনুষ্ঠিত হয় আৰু অধিৱেশনৰ স্থলতে Assam Backward Plains Leagueৰ জন্ম হয়৷ ইয়াৰ সভাপতিৰ পদত অধিষ্ঠিত হয় চাইমন কমিচনত কছাৰীসকলৰ হৈ সাক্ষ্য দিয়া প্ৰতিনিধি যাদৱ চন্দ্ৰ খাখলাৰি আৰু ভীমবৰ দেউৰী হয় সম্পাদক৷ ইতিহাসৰ পাতত লীগ গঠনৰ পটভূমিকো এনেদৰে বৰ্ণিত হৈছে (ৰমেশ কলিতাৰ ভাষাত)ঃ
‘জনজাতীয় লোকৰ ওপৰত এফালে হিন্দু বৰ্ণবাদীসকলৰ আৰ্থ-সামাজিক শোষণ নিপীড়ন আৰু আনফালে পূৰ্ববংগীয় মুছলিম পমুৱাৰ অসম আগমন আৰু সেইসকল লোকক জনজাতি অধ্যুষিত এলেকাৰ সমীপৱৰ্তী অঞ্চলত পুনৰ্বাসনৰ ব্যৱস্থাই জনজাতীয় লোকসকলকো সাম্প্ৰদায়িক ৰাজনৈতিক সংগঠন গঢ়ি তুলিবলৈ পৰোক্ষভাৱে উৎসাহিত কৰিছিল৷’
লীগৰ দায়িত্ব বহন কৰি ভীমবৰে অসমৰ জনগোষ্ঠীসমূহৰ অনগ্ৰসৰ অৱস্থাৰ কথা চৰকাৰৰ ওচৰত উত্থাপন কৰিবলৈ ধৰিলে আৰু নানা ঠাইত সংগঠনৰ কামতো উঠি পৰি লাগিল৷ লীগৰ দাবীৰ প্ৰতি সঁহাৰি দিয় চৰকাৰে ১৯৩৫ চনত অসমৰ বিধান সভাৰ মুঠ ১০৮ খন আসনৰ ৪ খন জনজাতিৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰে৷ লীগৰ প্ৰচেষ্টাতে দেউৰীৰ দৰে জনগোষ্ঠীও অনগ্ৰসৰ ভৈয়াম জনজাতি তালিকাত অন্তৰ্ভুক্ত কৰা হয়৷ ১৯৩৯ চনত সাধাৰণ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে সংৰক্ষিত আসনৰ জৰিয়তে ‘ট্ৰাইবেল লীগ’ৰ ৰূপনাথ ব্ৰহ্ম, ৰবিচন্দ্ৰ কছাৰী, কাৰ্কচন্দ্ৰ দলে আৰু ধীৰ সিং দেউৰী জয়ী হৈ বিধানসভাৰ সদস্য হ’বলৈ সক্ষম হ’ল৷ ১৯৩৯ চনত ‘ট্ৰাইবেল লীগ’ৰ বিধানসভাৰ সদস্য কেইগৰাকীৰ অনুৰোধ আৰু প্ৰাদেশিক কংগ্ৰেছ দলৰ সন্মতিত অসমৰ ৰাজ্যপালে ভীমবৰ দেউৰীক উচ্চ পৰিষদ অৰ্থাৎ বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত কৰে৷
উচ্চপৰিষদৰ সদস্যৰূপে ভীমবৰে দক্ষতাৰে বিধানসভাৰ মজিয়াত জনজাতিসকলৰ অনগ্ৰসৰতাৰ কথা তুলি ধৰাৰ উপৰি সামগ্ৰিকভাৱে অসমৰ সমস্যাৰাজিও তুলি ধৰিছিল৷ ইয়াৰ ভিতৰতে তেওঁৰ এটা উল্লেখযোগ্য ভাষণ আছিল – প্ৰব্ৰজন সম্পৰ্কে৷ তেওঁ দেখিছিল চুবুৰীয়া পূৰ্ববংগৰ পৰা যিদৰে অবাধ গতিত অসমলৈ প্ৰব্ৰজন হ’বলৈ ধৰিছে সিয়ে ভৱিষ্যতে অসমলৈ সংকট কঢ়িয়াই আনিব৷ তেওঁ এনে প্ৰব্ৰজনৰ বাবে চাদুল্লা মন্ত্ৰীসভাই উৎসাহিত কৰা বুলি অভিযোগ তুলি ১৯৪০ চনৰ বাজেটৰ বিতৰ্কত এনেদৰে কৈছিলঃ ‘…He (চাদুল্লা) wants to satisfy indigenous people requiring protection and at the same time provide room for setling landless immigrant population. The difficulty is that there is no end to the number of landless immigrant population. Such landless immigrants are being given lands in the vast areas of different district of Assam Valley. Their number, instead of dwingling, has been gradually increasing. There could have been such provision of land and the difficulty would have been already settled had the government taken steps to restrict or rather stop immigration from other provinces. I do not see how the Hon’ble Finance Minister can satisfy immigrants of such an increasing flow? I also ask how the Government of Assam is bound to provide land to the landless people of other provinces? Assam is not a charitable institution where all poor landless peoples of other provinces should be treated and given lands. Any Government in Assam must first see to the welfare of the peoples inhabiting it and should not invite people from other provinces giving them advantages which are really harmful to the peoples inhabiting it.’
জনজাতিসকলক কৰা বঞ্চনা, অৱহেলা আদি নানা দিশ ভীমবৰে যুক্তিনিষ্ঠতাৰে উচ্চ সদনৰ মজিয়াত উত্থাপন কৰিছিল৷ সেইবোৰৰ ভিতৰত শিক্ষা, অৰ্থনৈতিক অৱস্থাৰ পৰা আৰম্ভ কৰি জনজাতি ছাত্ৰক কলেজৰ সাধাৰণ ছাত্ৰবাসত থকা-খোৱাৰ বাধা নিষেধলৈকে নানা প্ৰসংগৰে সদনত চৰকাৰক ব্যতিব্যস্ত কৰি তুলিছিল৷১৯৩৫ চনৰ এক্ট অনুসাৰে জনজাতীয়সকলে বিধানসভাত প্ৰতিনিধিত্বৰ সুযোগ পোৱা বাবে তেওঁ সন্তোষ ব্যক্ত কৰি ১৯৪০ চনৰ বাজেট বিতৰ্কত মন্তব্য কৰিছিলঃ ‘It has given us great advantages and inspired our people wih hope and created an unmistakable feeling they can also march along in co-operation with other advanced communities.’ .’ কিন্তু জনসংখ্যা অনুপাতে অসম বিধানসভা আৰু উচ্চ পৰিষদত জনজাতিসকলৰ সঠিক প্ৰতিনিধিত্ব যে হোৱা নাই সেই কথা সকীয়াই দি তেওঁ কৈছিলঃ
‘The tribal peoples are the oldest inhabitants of the province. They have their own heritage. They are the people who can really claim Assam to be their own. Most unfortunately to us and to the eternal shame to the section of the people in whose hand, directly or indirectly, the Government of Assam had fallen for the last hundred years, the case of the tribal peoples, particularly of the plain, had been utterly neglected, They have now become the poorest and the most backward people of the province.
We now eagerly look forward that justice will be done to us and truibal peoples, case will be fairly and justly treated in the next revision of the Government of India Act, including the federal part of in..
উচ্চ পৰিষদৰ সদস্যৰূপে ভীমবৰ দেউৰীয়ে জনজাতীয়সকলক বহিৰাগত হেঁচাৰ পৰা ৰক্ষা কৰিবলৈ প্ৰৱৰ্তন কৰা ব্যৱস্থা লাইন প্ৰথা সমগ্ৰ অসমতে কাৰ্যকৰী কৰিবলৈ সচেষ্ট হৈছিল৷ উল্লেখযোগ্য যে মৌলানা হামিদ খান ভাসানীয়ে পমুৱা মুছলিম জনসাধাৰণৰ মাজত নিজৰ জাতীয়তাবাদী মুছলমান ভাবমূৰ্তি গঢ়ি তোলাৰ উদ্দেশ্যে লাইন প্ৰথা ৰদ কৰাৰ কাৰণে এই সময়তে ব্যাপক গণভিত্তি প্ৰস্তুত কৰিছিল৷ ১৯৪১ চনৰ বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি এই সম্পৰ্কে ভীমবৰে কৈছিল যে লাইন প্ৰথাৰ ওপৰতেই অসমীয়া জাতি আৰু ট্ৰাইবেল ৰাইজৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিছে৷ কিন্তু ভীমবৰৰ ধাৰণা ধূলিসাৎ হ’বলৈ বেছি দিন নালাগিল৷ লাইন প্ৰথাই ট্ৰাইবেলসকলক পমুৱাসকলৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে৷ ১৯৪১ চনত Government Land Devolopment Scheme অনুসৰি পতিত মাটি মাটিহীন ট্ৰাইবেল আৰু অসমীয়াসকলক দিবলৈ যি পৰিকল্পনা কৰা হৈছিল তাৰো বিপৰীত ফলহে দেখা গ’ল৷ কাৰণ, জনজাতিসকলে চৰকাৰক বিঘাই প্ৰতি ৫ টকা প্ৰিমিয়াম দি মাটি ল’বলৈ সক্ষম নহ’ল৷ লাইন প্ৰথা উঠি যোৱাৰ লগে লগে জনজাতীয় প্ৰজাসকলৰ দুখ-দুৰ্গতিৰ সীমা নাইকিয়া হ’ল৷ ইয়াৰ পিছত জনজাতীয় ৰাইজক ৰক্ষণাবেক্ষণ দিবলৈ ভীমবৰে দূৰদৰ্শিতাৰে উদ্ভাৱন কৰিলে ট্ৰাইবেল বেল্ট আৰু ব্লকৰ অাঁচনি৷ ভীমবৰে ৩৩টা বেল্ট আৰু ব্লকৰ অাঁচনি সদনত তুলি ধৰে৷ বিষ্ণুৰাম মেধিৰ দৰে প্ৰভাৱশীল নেতাৰ প্ৰতিবাদ সত্ত্বেও, ঘাইকৈ গোপীনাথ বৰদলৈৰ সমৰ্থনত এই বিল সদনত গৃহীত হৈছিল৷ ভীমবৰে বিশ্বাস কৰিছিল কেৱল এই বেল্ট আৰু ব্লকহে অসমৰ পিছপৰা জাতিসমূহৰ ৰক্ষাকবচ হ’ব৷
জনজাতি আৰু পিছপৰা সম্প্ৰদায়ৰ সমঅধিকাৰ সাব্যস্ত কৰিবলৈ গৈ এই সম্প্ৰদায় সম্পৰ্কে ভুল ব্যাখ্যা বিশ্লেষণ কৰিবলৈ যোৱা লোকসকলক তেওঁ মুকলিকৈ সমালোচনা কৰিবলৈ দ্বিধা কৰা নাছিল৷ মটকসকলৰ এখন সভাত তেওঁ এই বিষয়ে উল্লেখ কৰি কৈছিলঃ ‘অসম ট্ৰাইবেল লীগৰ নেতাসকলৰ ট্ৰাইবেল জাতিবিলাকৰ লোকসকলক ট্ৰাইবেল জাতীয় লোক বুলি পৰিচয় দিবলৈ দিয়া নিৰ্দেশৰ বিৰুদ্ধে ট্ৰাইবেল জাতীয় লোকসকলৰ মাজত তেওঁলোকক জাতিত হিন্দু আৰু ধৰ্মত হিন্দু বুলি লিখিবলৈ কোৱা প্ৰচাৰ কাৰ্যৰ পৰা এইটো বঢ়িয়াকৈ বুজা যায় যে বৰ্ণহিন্দুৰ সৰহভাগ লোকেই পিচপৰি থকা জাতিবিলাকক ৰজাঘৰত সুকীয়া সুবিধা দিয়াৰ বিৰুদ্ধবাদী৷ ট্ৰাইবেল জাতীয় লোকসকলৰ সংখ্যা বৃদ্ধি হোৱাকৈ লৈ বাতৰি- কাকতবিলাকত যিবোৰ অযুক্তিকৰ আলোচনা চলিছে তাৰ পৰাও এই সত্যৰেই প্ৰতিপন্ন হয়৷ বৰ্ণহিন্দুৰ নেতাসকলে ধৰ্মত হিন্দু বুলি লিখা আৰু তপছিলভুক্ত হিন্দুৰ ভিতৰত নপৰা সকলো হিন্দুকে বৰ্ণহিন্দুৰ ভিতৰত পেলাই বজাৰত সুকীয়া সুবিধা নোপোৱা কৰিবলৈ চেষ্টা কৰিব বুলি তেওঁলোকৰ বৰ্তমান প্ৰচাৰ-কাৰ্যবিলাকৰ পৰা বুজিব পাৰি৷ …. ধৰ্মৰ নামত শিক্ষা আৰু আৰ্থিক ব্যৱস্থাত পিছপৰা জাতিবিলাকৰ লোকসকলক তেওঁলোকৰ আৱশ্যকীয় ৰাজনৈতিক স্বত্ব আৰু আন আন ৰজাঘৰীয়া সুবিধাবিলাকৰ পৰা বঞ্চিত কৰিবৰ চেষ্টা কৰিব পাৰে৷’
Community বা সম্প্ৰদায়ৰ ভুল ব্যাখ্যা কৰা বাবে ভীমবৰে কংগ্ৰেছীলোককো সমালোচনা কৰিছিল৷ কাৰণ ট্ৰাইবেল বুলি এটা সম্প্ৰদায় নাই বুলি তেওঁলোকে ‘তৰ্কৰ মহাজাল’ ৰচনা কৰিছিল৷ আকৌ হিন্দু মহাসভাৰ ‘জাতিত হিন্দু আৰু ধৰ্মত হিন্দু’ লিখিবলৈ কৰা প্ৰচাৰৰ উদ্দেশ্য যে জনজাতিসকলক সুকীয়া সুবিধাৰ পৰা বঞ্চিত কৰা সেই কথাও তেওঁ উল্লেখ কৰিছিল৷ হিন্দু মহাসভাই জাকে জাকে হিন্দু শৰণাৰ্থীক আনি অসম ভৰাই দিয়াৰ যি প্ৰস্তাৱ লৈছিল, তেনে হিন্দুসকলকো প্ৰতিক্ৰিয়াশীল বুলি তেওঁ মন্তব্য কৰিছিল৷ অৰ্থাৎ প্ৰব্ৰজনৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী সাম্প্ৰদায়িক নাছিল৷ আনহাতে উচ্চ সম্প্ৰদায়ৰ পক্ষপাতিত্বমূলক ভূমিকাকো যুক্তিনিষ্ঠাভাৱে জুকিয়াই চাইছিল৷ কাৰণ, জনজাতিসকলক নিয়োগৰ ক্ষেত্ৰত সংৰক্ষণৰ সুবিধা দিয়াৰ এটা বৃহৎ অংশ পক্ষপাতী নাছিল আৰু এই ক্ষেত্ৰত তেওঁলোকে অহৰ্তাৰ ভিত্তিতহে নিয়োগ হ’ব লাগে বুলি কৈছিল৷ ভীমবৰে এনে দৃষ্টিভঙ্গীক সমালোচনা কৰি কৈছিল যে এইসকল বৰ্ণহিন্দুই পিছে নিজৰ বেলিকা অহৰ্তাৰ ঠাইত বিচাৰিছিল সংৰক্ষণৰ ব্যৱস্থা৷ সুৰমা উপত্যকাৰ তুলনামূলকভাৱে অধিক উন্নত বৰ্ণহিন্দুসকলৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বৰ্ণহিন্দুৰ কাৰণে নিয়োগৰ ক্ষেত্ৰত সংৰক্ষণ বিচাৰিছিল আৰু পাইছিলো৷ ভীমবৰৰ ভাষাতঃ ‘There is a tendency among the advance communities also for a certain percentage for their people, The Assam Valley Hindus want that a certain percentage of services should be reserved for them; they do not like to compete with the Surma Vally Hindus.’
এনে দৃষ্টিভংগীৰ বাবে বৰ্ণহিন্দুৰ মাজত ‘Communal tendency’ আছে বুলি তেওঁ মুকলিকৈ কৈছিল৷ যিসকলে জনজাতিসকলৰ অহৰ্তাৰ প্ৰশ্ন তুলিছিল তেইসকলৰ প্ৰতি যুক্তিৰ বন্দুক টোঁৱাই তেওঁ কৈছিলঃ পিছপৰা সম্প্ৰদায়, জনজাতিসকলক প্ৰশিক্ষণৰ দ্বাৰা অহৰ্তাসম্পন্ন কৰা যুগুত৷ চাদুল্লাৰ আমোলত মুছলমানসকলে শিক্ষাৰ ক্ষেত্ৰত কিছু অগ্ৰাধিকাৰ পোৱাৰ কথা সদনত উল্লেখ কৰি ভীমবৰে তেনেদৰে জনজাতিসকলকো সুযোগ দিবলৈ চাদুল্লা চাহাবক আহ্বান জনাইছিল৷ আকৌ বৰ্ণহিন্দুসকলে এশটা বছৰে এনে সুযোগ পাই আহিছে বুলি তেওঁ উল্লেখ কৰি কৈছিলঃ ‘The advanced communities during the last one hundred years enjoyed in this particular field also privileges far in excess of what they are entitiled to. They should now make certain sacrifice for our good and advancement.’
বৰ্ণহিন্দুৰ নেতিবাচক ভূমিকা সম্পৰ্কে ভীমবৰৰ মনত যি সংশয়ে দেখা দিছিল সি যে অমূলক নাছিল তাক ইতিহাসে প্ৰমাণ কৰিছে৷

(৩)
অসমৰ জনজাতিসকলৰ অনগ্ৰসৰতাৰ কথা ভীমবৰে কেৱল এক ৰাজনৈতিক দৃষ্টিকোণেৰে চোৱা নাছিল অথবা ই তেওঁৰ ৰাজনৈতিক জীৱনৰ উত্থানৰ আহিলাস্বৰূপ আছিল বুলি ক’লে তেওঁৰ প্ৰতি ভীষণ অন্যায় কৰা হ’ব৷ জনজাতিসকলৰ আৰ্থ-সামাজিক তথা মনস্তাত্বিক আদি বিভিন্ন দিশেই তেওঁ আন্তৰিকতাৰে তুলি ধৰিবলৈ যত্ন কৰিছিল৷ তেওঁৰ চিন্তা-চেতনাত এক সমাজ-সংস্কাৰকৰ ভূমিকাও আমি দেখিবলৈ পাওঁ৷ ভীমবৰে নিজেও বড়ো সম্প্ৰদায়ৰ ছোৱালী বিবাহ কৰিছিল (ৰূপনাথ ব্ৰহ্মৰ কন্যা কমলা দেৱীক)৷ সেই সময়ত বিভিন্ন ট্ৰাইবেল জাতিৰ মাজত আন্তঃবিবাহ হোৱা নাছিল৷ সকলো ট্ৰাইবেলৰ মাজত ঐক্য আৰু নিবিড় সম্বন্ধ গঢ়াৰ এয়া যেন আছিল এক বাস্তৱিক পদক্ষেপ৷
জনজাতিসকলৰ অনগ্ৰসৰতাৰ মূলতেই তেওঁ চিনাক্ত কৰিছিল অশিক্ষা৷ তেওঁ উপলব্ধি কৰিছিল যে জনজাতিসকলৰ মাজত শিক্ষাৰ বহল প্ৰচাৰ অবিহনে তেওঁলোকৰ দুৰৱস্থাৰ অৱসান কৰিব পৰা নাযাব৷ এই ক্ষেত্ৰত তেওঁ প্ৰাথমিক শিক্ষা সকলোৰে বাবে বাধ্যকামূলক কৰিবলৈ আহ্বান জনাইছিল৷ কামৰূপ জিলাৰ ট্ৰাইবেল সন্মিলনৰ প্ৰথম অধিৱেশনৰ (১৯৩৮) সভাপতিৰ আসনৰ পৰা এই বিষয়ে বিশদ আলোচনা কৰি তেওঁ কৈছিলঃ
‘প্ৰাইমেৰী শিক্ষা বাধ্যতামূলক কৰিব পাৰিলে দেশৰ আৰু বিশেষকৈ আমাৰ পিছপৰা সম্প্ৰদায়বিলাকৰ কল্যাণ হ’ব৷ আমি ট্ৰাইবেল, অনুন্নত হিন্দু, বনুৱা সম্প্ৰদায় আদি শিক্ষাত পিছপৰি থকা লোকসকলে আমাৰ মাজত বহল শিক্ষা প্ৰচাৰৰ কাৰণে একযোগে দাবী কৰিলে আৰু আন্দোলন কৰি থাকিলে যিকোনো গবৰ্ণমেে°টই নহওক প্ৰাইমেৰী শিক্ষা বাধ্যতামূলক কৰিবলৈ বাধ্য হ’ব৷’
শিক্ষাৰ সম্প্ৰসাৰণৰ অৰ্থে প্ৰয়োজনীয় হ’লে দুপইচাকৈ খাজনা ধায্য কৰিবও লাগে বুলি ট্ৰাইবেল লীগৰ কোকৰাঝাৰ অধিৱেশনে সিদ্ধান্ত লৈছিল৷ এই কথা সদৰি কৰি তেওঁ সমজুৱাক কৈছিল যে চেকেণ্ডাৰী আৰু উচ্চ শিক্ষা, মেডিকেল, এগ্ৰিকালচাৰ, ইঞ্জিনিয়াৰিং আদি ব্যৱসায়মূলক শিক্ষাতো পিছপৰা জনগোষ্ঠীসমূহৰ বাবে সুকীয়া ব্যৱস্থা কৰিব লাগে৷ তেওঁ এই কথাও সকীয়াই দি কৈছিল যে কেৱল লোকসংখ্যা অনুপাতে এই বিলাকত বৃত্তি আদি দিলেই নহ’ব৷ সকলো দিশতে যাতে পিছপৰা অৱস্থাটো অাঁতৰাই উন্নত জাতিসমূহৰ শাৰী পূৰাব পাৰে তাৰো দিহা কৰিব লাগিব৷ সদনৰ মজিয়াতো তেওঁ কৈছিল জনজাতিসকলৰ শিক্ষাৰ শিতানত ধন বিনিয়োগৰ ক্ষেত্ৰত জনসংখ্যাৰ শতাংশই মাপকাঠি হ’ব নালাগে৷ প্ৰয়োজনহে হ’ব লাগে, তাৰ ভিত্তিঃ
‘A sufficiently large sum should every year be earmarked for our education, In caldulating this sum, not percentage of population, but should necessity should be the basis’.
জনজাতিসকলৰ আৰ্থিক দুৰৱস্থাৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ কৈছিল, পিছপৰা সম্প্ৰদায়ৰ লোকসকলৰ প্ৰধান জীৱিকা নিৰ্বাহৰ অৱলম্বন হৈছে কৃষি৷ কিন্তু ইয়াৰ উন্নতিৰ কাৰণে চৰকাৰ আৰু শিক্ষিত সম্প্ৰদায়ৰ পক্ষৰ পৰা একোৱেই কৰা হোৱা নাই৷ খেতিৰ উৎপন্ন বস্তু বজাৰত বিক্ৰীৰ উপযোগী কৰা শিল্প আৰু বজাৰত বিক্ৰীৰ যি ব্যৱসায়– সি আছে আনৰ হাতত৷ ভীমবৰে কৈছে, এনে হ’বলৈ পাইছে এহাতে খেতিয়কসকলৰ সংঘবদ্ধতা নথকাৰ কাৰণে, আনহাতে চৰকাৰেও কৃষকসকলৰ ব্যৱসায়ৰ প্ৰতি দৃষ্টি নিদিয়াৰ কাৰণে৷ ইয়াৰ কাৰণেই কৃষকৰ পৰিশ্ৰমৰ ফল ভোগ কৰিব পাৰিছে বিদেশী কলৰ গৰাকীসকলে আৰু ব্যৱসায়ীসকলে৷ এইবাবে তেওঁ জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ চাকৰি-বাকৰি আৰু ব্যৱসায়ত মনোযোগ দিবলৈও আহ্বান জনাইছিল৷
যেতিয়া তেওঁ কংগ্ৰেছত যোগ দি গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত যোগ দিছিল, তেতিয়াও তেওঁ মন্ত্ৰীত্বৰ আসনৰ পৰা একে কথাকে কৈছিলঃ ‘তথাকথিত শিক্ষিত সমাজৰ পাহৰণিত পৰি থকা দেশৰ আৰু সমাজৰ প্ৰকৃত শক্তি খেতিয়ক আৰু বনুৱা ৰাইজৰ সৰ্বাঙ্গীন উন্নতি আৰু জাগৰণৰ আচল ভেটি বান্ধিবৰ দিন আহি হাতত পৰিছেহি৷ আমি যদি কৰ্তব্য জানো আৰু পালন কৰো, আমি ভেটি বান্ধিবই লাগিব৷’
জনজাতিসকলৰ অনগ্ৰসৰতাৰ আন এক কাৰণ উদঘাটন কৰি ভীমবৰ দেউৰীয়ে আমি ইতিপূৰ্বে উল্লেখ কৰা অভিভাষণত কৈছিল যে অবাধিত বা ধাৰা নিছিগাকৈ মদ বা লাওপানী খোৱাৰ প্ৰথা জনজাতিসকলৰ পিছপৰা অৱস্থাৰ এটা প্ৰধান কাৰণ৷ তেওঁ যুক্তি দিছেঃ ‘মদে মানসিক অৱসতা বা জড়তা বঢ়ায়৷ ই মানুহৰ চিন্তাশক্তি শিথিল কৰি শেষত নষ্ট কৰি পেলায়৷ আমি দুৰ্ঘোৰ শাৰিৰীক পৰিশ্ৰম কৰিব পাৰোঁ, ৰ’দ-বৰষুণ সহিব পাৰো, কিন্তু মগজ খটোৱা কাম কৰিবলৈ বৰ টান পাওঁ আৰু এলাহ লাগে৷ জীৱনৰ সৰহভাগ সময় মদৰ জালত পৰি থাকি আমি আমাক ভগৱানে দিয়া মনোবৃত্তি আৰু মানসিক শক্তি হীন-বল আৰু ধ্বংস হ’বলৈ দিছোঁ৷ এই পাপৰ প্ৰতিফল স্বৰূপে আজি আমি বিংশ শতিকাৰ সভ্যতাৰ দিনতো পিছপৰা, নিৰক্ষৰ আৰু হীনবল৷’
ত্ৰিশৰ দশকত জনজাতিসকলৰে এখন সভাত মদৰ ক্ষতিকাৰক দিশবোৰৰ বিষয়ে ক’ব পৰাটো কম কথা নাছিল৷ এনে দৃষ্টিভঙ্গীৰে ১৯৪১ চনত আমি পূৰ্বে উল্লেখ কৰা মটক জাতিৰ সভাখনতো ভীমবৰে কৈছিল যে অনগ্ৰসৰ জনজাতিৰ লোকসকলেও চাফ-চিকুণ থাকিবলৈ শিকিব লাগিব৷ গাঁৱত আলি-পদুলি আদি উন্নত আৰু ভাল পানী খোৱাৰ বন্দবস্ত কৰিব লাগিব৷ গাঁবৰ মানুহবিলাকে মিছা কুসংস্কাৰ আঁতৰাব লাগিব৷ কানি নিৰ্মূলকৰণৰ অৰ্থে আন্দোলনত অৱতীৰ্ণ হ’ব লাগিব।তেওঁৰ দৃঢ় ধাৰণা আছিল এয়েঃ মদ, লাওপানী, কানিৰ দৰে বৰবিহ সমজৰ পৰা নোহোৱা নহ’লে অনগ্ৰসৰতা কেতিয়াও অন্ত নপৰিব।
(৪)
অনগ্ৰসৰ জনজাতিসকলৰ কল্যাণেই আছিল ভীমবৰ দেউৰীৰ জীৱনৰ ব্ৰত৷ কিন্তু তাৰ অৰ্থ এয়া নাছিল যে বৃহৎ অসমীয়া জাতিৰ তেওঁ পৃষ্ঠপোষক নাছিল৷ অসম আৰু অসমীয়া জাতিৰ সামূহিক স্বাৰ্থ তেওঁৰ চেতনাত সদায় প্ৰবাহমান হৈ আছিল৷ সেইবাবে তেওঁ সামূহিক স্বাৰ্থৰ সপক্ষে থিয় দি ‘ট্ৰাইবেল লীগ’ৰ দাবীও সময়ত এৰি দিবলৈ কুন্ঠাবোধ কৰা নাছিল৷ সদায়েই তেওঁ তাক খামুচি ধৰি ৰখাৰ পক্ষপাতিও নাছিল৷ অনগ্ৰসৰ জনগোষ্ঠীসমূহৰ চেতনাক উদ্বেলিত কৰিবলৈ তেওঁ যি প্ৰচাৰ চলাইছিল, সেইবোৰ সভা-সমিতিত তেওঁ এনে কথা কেতিয়াও কোৱা নাছিল অসমীয়া জাতিৰ আন অংশবোৰতকৈ তেওঁলোক পৃথক৷ কামৰূপ জিলাৰ ট্ৰাইবেল সন্মিলনৰ অধিৱেশনত তেওঁ এই কথা স্পষ্টকৈ কৈছিলঃ ‘আমি আমাৰ দুখ-দুৰৱস্থাৰ কথা কওঁতে আৰু আমাৰ দাবীবিলাক দাঙি ধৰোঁতে আমি এইটো পাহৰিব নালাগে যে আমি আসমীয়া জাতিৰ এটা অঙ্গ৷ অসমীয়া জাতৰ উন্নতি আৰু অৱস্থা ভাল হ’লে আমাৰ অৱস্থাও লগে লগে ভাল হ’বলৈ বাধ্য৷ আমাৰ উদ্দেশ্য হ’ব লাগিব আমাৰ অসমীয়া জাতীয়তাক বলীয়ান কৰি তোলা৷’
অধিৱেশনত তেওঁ অসমীয়া জাতিৰ শত্ৰু আঙুলিয়াই দি কৈছিল যে অসমৰ প্ৰদান শিল্প চাহ বেপাৰো ভাৰতৰ অন্য প্ৰদেশলৈ গৈছে আৰু ইউৰোপলৈও প্ৰতি মিনিটতে যাব লাগিছে৷ তেওঁ ক্ষোভেৰ কৈছিলঃ ‘প্ৰকৃতিৰ ৰম্যভূমি আৰু সোণৰূপৰ আকৰেৰে ভৰা এই নিৰুপমা অসম মাতৃৰ বুকুত থাকিও আমি অসমীয়া দুখীয়া,জুৰুলা আৰু আনৰ মুখলৈ চোৱা৷’ তেওঁ কৈছিল, অসমীয়া অৰ্থ উপাৰ্জনৰ পথবিলাক নিজৰ হাতত নাই৷ গতিকে তাক অসমীয়া নিজৰ হাতলৈ আনিব লাগিব৷ কিন্তু তাকে কৰিবলৈ যাওঁতে এক অসাম্প্ৰদায়িক দৃষ্টিভংগীৰে আগবাঢ়িবলৈ তেওঁ আহ্বান জনাইছিল৷ কৈছিলঃ হিন্দু -মুছলমান খ্ৰীষ্টীয়ান আদি ভেদভাব থাকিব নালাগিব৷ তেওঁ এই সন্দেহো কৰিছিল যে আন প্ৰদেশীয় আৰু ভাৰতীয় বাণিজ্য গোষ্ঠীয়ে অসমৰ বাণিজ্য হস্তগত কৰি ৰাখিবলৈ হিন্দু-মুছলমান আদি ভেদভাবৰ সৃষ্টি কৰিব পাৰে৷ মন্ত্ৰীত্ব বহন কৰাৰ পিছত ভীমবৰে এজন বন্ধুলৈ লিখিছিল, তেওঁৰ জীৱনৰ উদ্দেশ্য ইংৰাজী পঢ়ি চাকৰি কৰাই নাছিল৷ নিজৰ জাতিৰ, ওপজা ঠাইৰ গাঁবলীয়া খেয়িক সম্প্ৰদায় আৰু জননী অসমৰ উন্নতি সাধনা কৰাহে তেওঁৰ লক্ষ্য৷
অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ আগভাগতে (১৯৪৪ চনৰ পূৰ্বৱতী কালত) ভীমবৰে আজীৱন সভ্য হৈছিল৷ উচ্চ শিক্ষাৰ পৰা বঞ্চিত অসমৰ এখন বিশ্ববিদ্যালয় স্থাপনৰ প্ৰয়োজনৰ কথাই ভীমবৰৰ হিয়াকো খুন্দিয়াইছিলহি৷ উচ্চ সদনৰ ভাষণত তেওঁ এই বিষয়েও গুৰুত্ব সহকাৰে উল্লেখ কৰিছিল৷ ১৯৩৯ চনত দিয়া বাজেটৰ বিতৰ্কৰ ভাষণত তেওঁ অসমত বিশ্ববিদ্যালয়ৰ স্থাপনৰ বাবে পুঁজিৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শও দিছিল৷ গতিকে গুৱাহাটী বিশ্ববিদ্যালয় জন্ম প্ৰক্ৰিয়াত তেৱোঁ আমাৰ সকলোৰে এজন স্মৰণীয় সৈনিক৷
অসমক পাকিস্থানৰ লগত সাঙুৰিবলৈ চৰকাৰে যি পৰিকল্পনা কৰিছিল, সেই ক্ষেত্ৰতো ভীমবৰ দেউৰীৰ তেজস্বী ভূমিকা আছিল সাহসী আৰু স্পষ্টবাদী৷ সাধাৰণতে ভীমবৰ সেই ভূমিকা উচ্চাৰিত হোৱা শুনা নাযায়৷১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীতে গোপীনাথ বৰদলৈ মন্ত্ৰীসভা গঠিত হয়৷ এই সময়তে কেবিনেট মিছন ভাৰতলৈ আহে আৰু ভাৰতক ক, খ আৰু গ (A,B,C,Group) তিনিটা গ্ৰুণত বিভক্ত কৰাৰ প্ৰস্তাৱ কৰি অসমৰ পূৰ্ববংগৰ মুছলমান অধ্যুষিত অঞ্চলৰ স’তে সাঙুৰি ‘গ’ সমষ্টিৰ অন্তভূৰ্ক্ত কৰিবলৈ বিচাৰে৷ এনে ব্যৱস্থাৰ প্ৰস্তাৱত অসমৰ লোকসকল জাঙুৰ খাই উঠে৷ মুছলিম লীগ আছিল এনে গ্ৰুপিং প্ৰস্তাৱৰ সমৰ্থক৷ ভীমবৰ দেউৰী আৰু ট্ৰাইবেল লীগৰ নেতাসকলে এই ব্যৱস্থাৰ যোগেদি অসমক পাকিস্তানক অন্তৰ্ভুক্ত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে থিয় হ’ল৷ ভীমৰব এনে সংকটময় অৱস্থাত সমগ্ৰ অসমৰ স্বাধীনতা, অখণ্ডতা, তথা অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত অনগ্ৰসৰ জাতিসমূহৰ দাবীকো পৰিহাৰ কৰাৰ বাবে প্ৰস্তুত বুলি বিবৃতি দিয়ে৷ ইতিমধ্যে ৰাইজৰ বল পাই অসম প্ৰাদেশিক কংগ্ৰেছেও গ্ৰুপিঙৰ বিৰুদ্ধে থিয় হয়৷ ভীমবৰে গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমৰ স্বাৰ্থ ৰক্ষা পৰিব বুলি আস্থা প্ৰকাশ কৰে আৰু ট্ৰাইবেল লীগৰ দাবী পালনৰ ক্ষেত্ৰতো তেওঁৰ পৰা কিছু নিশ্চিতি লাভ কৰে৷ ট্ৰাইবেল লীগৰ এটা মূল দাবী আছিল ‘সুকীয়া নিবাৰ্চন’৷ কিন্তু ভীমবৰে দেখিলে সুকীয়া নিবাৰ্চনৰ দাবীত লাগি থাকিলে গ্ৰুপিং বিৰোধী আন্দোলন দুৰ্বল হ’ব, সেয়ে তেওঁ কংগ্ৰেছে দিয়া বিকল্প ‘যুটীয়া নিবাৰ্চন’ৰ ব্যৱস্থা– য’ত সংৰক্ষণৰ ব্যৱস্থা থাকিব, মানি ল ‘বলৈ তেওঁ লীগ ‘ৰ সদস্যসকল বুজাব ধৰিলে৷ ‘লীগ’ৰ সদস্যসকলৰ বিৰোধিতা গুচাবলৈ শেষত ভীমবৰ সফল হৈছিল৷ সেই ‘যুটীয়া নিবাৰ্চন’ৰ পদ্ধতি আজিকোপতি চলি আছে৷ পিছে ভীমবৰে এইটো বিচৰা নাছিল যে এই বিশেষ ব্যৱস্থা স্থায়ী হ’ব লাগিব৷ মাথোঁ কেইবছৰমানৰ বাবেহে সেয়া প্ৰয়োজন বুলি তেওঁ ভাবিছিল৷
স্মৰণীয় যে এই সময়ত ভীমবৰে ‘অসমীয়া’ কাকতত সুকীয়া নিবাৰ্চনৰ দাবী পৰিহাৰ কৰি গ্ৰুপিং ব্যৱস্থাৰ বিৰুদ্ধে থিয় হ’বলৈ জনজাতীয় ৰাইজক আহ্বান জনাই এটি বিবৃতিও প্ৰকাশ কৰিছিল৷ ডাঃ ভূবনেশ্বৰ বৰুৱাৰ দৰে লোকে ভীমবৰৰ এনে ঐতিহাসিক ভূমিকাক প্ৰশংসা কৰি লিখা চিঠি এখন আমি ইয়াতে উল্লেখ কৰিব খোজোঃ
মৰমৰ ভীমবৰ
৩-১-৪৭
গুৱাহাটী
তোমাৰ অসমীয়াত ৩ তাং বিবৃতি পঢ়ি বৰ ৰং পালো৷ অসমৰ জীৱন-মৰণ সমস্যাক অনুভৱ কৰি Tribal সম্প্ৰদায়ক এইদৰে আচল বাট দেখুৱাই দিয়াত নিজৰ দায়িত্ব আৰু দেশ সেৱকৰ আচল পৰিচয় দিছা৷
আসাম সমষ্টি গঠনত সোমালে অসমীয়াৰ কি দুৰৱস্থা হ’ব ভাৰতৰ আন আন প্ৰদেশৰ মানুহে অনুভৱ কৰিব পৰা নাই৷ যদিও কিছুমানে কৰিছে তথাপি নিজ বৃহত্তৰ স্বাৰ্থৰ বাবে আসামক বলি দিবলৈ আগবাঢ়িছে৷
এতিয়া আমি সকলো অসমীয়াই Tribal league, কি আহোম league সকলোৱে একে লগ হৈ এই জীৱন-মৰণ সমস্যাত যুঁজিব লাগিব আৰু তোমাৰ ভাষাত এইদৰে গাঁৱে-ভূঞে চিয়ঁৰি ফুৰিব লাগিব ‘‘সুকীয়া নিবাৰ্চন লাভৰ বিনিময়ত ট্ৰাইবেল সকলে নিজৰ মাতৃভূমি মুছলিম লীগৰ ওচৰত বিক্ৰি নকৰে৷” তোমাৰ এই ধুনীয়া কথাষাৰি আসামৰ নতুন বুৰঞ্জীত সোণালী আখৰেৰ লেখা থাকিব৷

তোমাৰ
শ্ৰী ভুবনেশ্বৰ বৰুৱা

ভীমবৰ বা ট্ৰাইবেল লীগৰ এটা দুখ থাকি গ’ল৷ সেয়া- Constituent Assembly কুলধৰ চলিহা, ৰোহিনী চৌধুৰী, অমিয় কুমাৰ দাস, চাদুল্লা আদিৰ স’তে জনজাতীয় প্ৰতিনিধি হিচাপে লীগে ভীমবৰক যোৱাটো বিচাৰিছিল৷ ভীমবৰে নিজেও ইচ্ছা কৰিছিল৷ কাৰণ, তেওঁ ভাবিছিল জনজাতিসকলৰ সমস্যা সম্পৰ্কে দুটা দশক লাগি থকাৰ তেওঁ তালৈ গৈ আচল তথ্য দিব পাৰিব।ভীমবৰ আৰু লীগৰ স্বপ্ন আছিল Constituent Assembly অসমক Special Stutus দিয়াৰ কাৰণে দাবী তুলিব যাতে থলুৱা মানুহখিনিয়ে ভূমিস্বস্ত নেহেৰুৱায়৷ (এনে দাবীৰ যে এক ভিত্তি আছিল সি আজি প্ৰতিপন্ন হৈছে৷ বৰ্তমান অসমৰ জাতীয়তাবাদৰ প্ৰবক্তাসকলৰ মুখতো সেই দাবী উচ্চাৰিত হৈছে৷) কিন্তু কংগ্ৰেছ লীগ আৰু ভীমবৰৰ ভাবনাক মুষিমুৰ কৰি প্ৰতিনিধি পঠাবলৈ সিদ্ধান্ত কৰিলে ধৰণীধৰ বসুমতাৰীক৷ এই সিদ্ধান্তত ‘লীগ’ অতি ক্ষুণ্ণ হৈছিল৷ কাৰণ ধৰণীধৰ বসুমতাৰী কোনোদিনে ‘লীগ’ৰ সদস্য নাছিল৷ তেওঁ আছিল আজীৱন কংগ্ৰেছী ৷ ভীমবৰ দেউৰী তেতিয়াও কংগ্ৰেছৰ সদস্য হোৱা নাছিল৷ এনেদৰে জনজাতিসকলৰ স্বাৰ্থৰ অনুকুলে বক্তব্য দাঙি ধৰাৰ সুযোগৰ পৰা ‘লীগ’ অথবা ভীমবৰ দেউৰী বঞ্চিত হ’ল৷
(৫)
ইমানখিনি পঢ়াৰ পিচত পাঠকৰ মনত স্বাবাৱিকতে প্ৰশ্ন উদয় হ’ব– স্বাধীনতা আন্দোলনত ভীমবৰ দেউৰীৰ ভূমিকা কি আছিল ? স্বাধীনতা আন্দোলনত ভীমবৰে সক্ৰিয় অংশগ্ৰহণ কৰা নাছিল আৰু বিৰোধিতাও কৰা নাছিল৷ স্বাধীনতাৰ প্ৰশ্নত অসমৰ জনজাতিসকলৰ মাজত কিছু সন্দেহ অথবা দ্বিধাগ্ৰস্ততাও দেখা গৈছিল৷ তেওঁলোকৰ মনত ধাৰণা হৈছিল যে স্বাধীনতা হয়তো সকলোৰে বাবে সমভাৱে নাহিব, অৰ্থাৎ স্বাধীনতাৰ স্বাদ সকলোৱে সমান বাৱে নাপাব৷ ভীমবৰে উচ্চ সদনৰ ভাষণত কৈছিলঃ ‘If Swaraj is to come, it must come to each and every section of the populace. It is for this reason and for the reason and for the reason that we may not miss to utilise the advantages so conferred by the constitution, we are definitely for working out the constitution.’

এই সন্দৰ্ভত ট্ৰাইবেল লীগৰ স্পষ্ট নীতিও আছিলঃ “…এই নীতি হৈছে চলি থকা গৱৰ্ণমেন্টে আমাৰ শিক্ষা আৰু আৰ্থিক অৱস্থাৰ উন্নতিৰ কাৰণে কাম কৰিলে আৰু আমাৰ সমূহ স্বাৰ্থৰ বিৰুদ্ধে নগ’লে সেই গৱৰ্ণমেন্টক সমৰ্থন কৰা৷ অতি দূৰৰ এটা আদৰ্শ আগত লৈ চলিত গৱৰ্ণমেন্ট বিৰুদ্ধে আন্দোলন কৰি আমাৰ পিচপৰা অৱস্থা দূৰ কৰিবৰ কাৰণে চলিত গৱৰ্ণমেন্টে কৰিব খোজা কাম বা দিয়া সুবিধাবিলাক হেৰুৱাই গৈ চিৰকাল পিছপৰা হৈ থাকিবৰ আমাৰ ইচ্ছা নহয়৷”

ভীমবৰ দেউৰী আৰু ট্ৰাইবেল লীগৰ কৰ্মীসকলে এই কথাও লক্ষ্য কৰিছিল যে স্বাধীনতা আন্দোলনৰ বহু নেতাই জনজাতি সৰ্ম্পকত ভাল ধাৰণা পোষণ কৰা নাছিল, বৰং জনজাতিসকলৰ পূঞ্জীভূত ক্ষোভ আৰু তেওঁলোকৰ অনগ্ৰসৰতাৰ প্ৰশ্নত বিৰূপ মন্তব্যহে কৰিছিল।এনে পটভূমিয়ে জনজাতিসকলৰ বৃহৎ অংশক স্বাধীনতা সন্দৰ্ভত সন্দিহান কৰি তুলিছিল৷

পিছে ভীমবৰ দেউৰী আৰু ট্ৰাইবেল লীগৰ কৰ্মকতাসকল স্বাধীনতা আন্দোলনৰ পৰা সম্পূৰ্ণ আঁতৰত আছিল বুলিও ক’ব নোৱাৰি৷ সাংগঠনিকভাৱে নহ’লেও লীগৰ কিছু কৰ্মীয়ে ব্যক্তিগতভাৱে স্বীধীনতা আন্দোলনত যোগদান কৰিছিল৷ ভীমবৰৰ লগত স্বাধীনতা আন্দোলনৰ বহুকেইজন সেনানীৰ ঘনিষ্ঠ যোগাযোগ আছিল বহু কংগ্ৰেছ কৰ্মী আত্মগোপনৰ সময়ছোৱাত ভীমবৰৰ ঘৰত কটাইছিল৷ সেইসকলৰ ভিতৰত বিশিষ্ট স্বাধীনতা যুঁজাৰু শংকৰ বৰুৱা অন্যতম৷ শংকৰ বৰুৱাই সঘনে ভীমবৰৰ আতিথ্য গ্ৰহণ কৰিছিল৷ আন সকলৰ ভিতৰত আছিলঃ বিনয় ভূষণ চক্ৰৱৰ্তী, নীলমণি বৰঠাকুৰ, ডাঃ ভুবনেশ্বৰ বৰুৱা আদি৷ গোপীনাত বৰদলৈ আছিল ভীমবৰৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু৷

ভীমবৰ দেউৰীক বৰদলৈয়ে বুজি পাইছিল আৰু শ্ৰদ্ধাৰ আসনত বহুৱাইছিল৷ তেওঁৰ আমন্ত্ৰণত ভীমবৰে কংগ্ৰেছত যোগ দিবলৈ আৰু মন্ত্ৰীত্বৰ পদ ল’বলৈ ৰাজী হৈছিল৷ বৰদলৈ ডাঙৰীয়াই ভীমবৰৰ মৃতুত এনেদৰে স্মৰণ কৰিছিলঃ ‘‘জীৱিত অলস্থাত তেওঁক বহু সহকৰ্মী আৰু অনুসৰণকাৰীসকলে আৰু ঠিক তেনেকৈয়ে আন দলৰ তেওঁৰ প্ৰতদ্বন্দ্বী বহুলোকে তেওঁক পূৰ্ণমাত্ৰাই সাম্প্ৰদায়িক বা ‘চেকচনেল’ নেতা বুলি প্ৰতিপন্ন কৰিছিল বা এতিয়াও কৰি আছে কিন্তু দেউৰীক মই যিদৰে জানিচিলো তাৰ পৰা মই ইয়াকে ডাঠি ক’ব পাৰোঁ যে তেওঁ ট্ৰাইবেলসকলৰ নেতৃত্ব কৰিলেও জাতিসকলক উন্নতি পথলৈ নিবলৈ চেষ্টা কৰাটো যদি আমি দোষৰ কথা বুলি ভাবোঁ৷তেন্তে অন্ধক বাট দেখুৱাবলৈ চেষ্টা কৰাটোকো আমি দোষণীয় বুলি ক’ব লাগিব৷ বহুতে ক’ব পাৰে যে যেতিয়া অন্ধই অন্ধক বাট দেখুৱাবলৈ যায়, উভয়ে খালত পৰে৷ ইয়াৰ উত্তৰত মই ইয়াকে কওঁ যে ভীমবৰৰ নেতৃত্বত এধানো অন্ধৰ ভাব নাছিল৷”

স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ নকৰিলেও অথবা স্বাদীনতা সম্পৰ্কে দ্বিধাগ্ৰস্ততা প্ৰকাশ কৰিলেও ভীমবৰ ব্ৰিটিছৰ আন্দোলনৰ তেৱোঁ আছিল এজন তেজস্বী প্ৰবক্তা৷ অসমক পাকিস্তানৰ অন্তভূৰ্ক্ত কৰিবলৈ ব্ৰিটিছে কৰা ষড়ন্ত্ৰৰ ক্ষেত্ৰত তেওঁ লোৱা ভূমিকাৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ৷ মহাত্মা গান্ধী যেতিয়া ডিব্ৰুগড়লৈ আহিছিল, তেতিয়া ভীমবৰ ডিব্ৰুগড়ত ওকালতি কৰি আছিল৷ এজন সুদক্ষ উকীল হিচাপে তেওঁ তেতিয়া জনজাত ৷ গান্ধীৰ সম্বৰ্ধনা সভাৰ লগত তেৱোঁ জড়িত হৈ পৰিছিল৷ গান্ধীক প্ৰদান কৰা সম্বৰ্ধনা পত্ৰখন ভীমবৰেই লিখিছিল৷ কিয়নো সেই সময়ত তেওঁৰ দৰে ইংৰাজী জনা লোক অঞ্চলটোত বৰ তাকৰ আছিল৷ সেই গান্ধীৰ নেতৃত্বত যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে, সেই মুহূৰ্তত ভীমবৰ ধাৰণা হৈচিলঃ এই স্বাধীনতা আচল স্বাধীনতা নহয়৷

গান্ধী আৰু আম্বেদকাৰৰ জনজাতি সৰ্ম্পকে থকা ধাৰণাৰ ভীমবৰ আৰু ট্ৰাইবেল লীগ আছিল চোকা সমালোচক ৷ গান্ধীয়ে বৰ্ণহিন্দু আৰু শূদ্ৰৰ বাহিৰে বাকী সকলক হৰিজন হিন্দু বুলি চিহ্নিত কৰিছিল৷ এনেদৰে জনজাতিসকলক হৰিজনসকলৰ লগত সাঙুৰি সকলোতকৈ নিম্ন মৰ্যাদা দিব খোজাৰ ভীমবৰ আছিল বিৰোধী৷ ট্ৰাইবেল লীগে এই বিষয়ে স্পষ্ট মত প্ৰকাশ্যে কৰিছিলঃ
‘…… এই হৰিজন মন্দিৰ প্ৰৱেশ বিল আনি ট্ৰাইবেল জাতীয় লোকসকলৰ ‘হৰিজন হিন্দু’ নামে অভিহিত কৰি হিন্দু সমাজৰ অতি নিম্নস্তৰত ঠাই দি চিৰকালৰ কাৰণে হেয় প্ৰতিপন্ন কৰিবৰ যি চেষ্টা কৰিছে তাক দেখিও আমি তবধ মানিছোঁ৷ দেখিছো আমাৰ উন্নতিৰ পথ নহয়৷ শিক্ষিত সম্প্ৰদায়ৰ অনেকৰ ভাব আমাৰ প্ৰতি সৰল নহয়৷’

আম্বেকাৰৰ দৃষ্টিভঙ্গী সম্পৰ্কে ভীমবৰ তথা ট্ৰাইবেল লীগৰ দৃষ্টিভঙ্গীৰ মৌলিক পাৰ্থক্য প্ৰণিধানযোগ্য ৷ আম্বেদকাৰৰ ধৰণা আছিল ট্ৰাইবেলবিলাক যিহেতু অশিক্ষিত হৈ আছে গতিকে তেওঁলোকক শাসনৰ অংশীদাৰ কৰা উচিত নহয়৷ ‘Times of India’ ত চল্লিছৰ দশকত আম্বেদকাৰে যেতিয়া এনেদৰে বিবৃতি প্ৰকাশ কৰিছিল অসমৰ ভীমবৰ দেুৰীৰ নেতৃত্বত ট্ৰাইবেল লীগে পুস্তিকাৰ জৰিয়তে তাৰ ঘোৰা প্ৰতিবাদ কৰিছিল৷ তেওঁলোকে যুক্তি আৰু তথ্যৰে প্ৰতিপন্ন কৰিবলৈ যত্ন কৰিছিল যে অসমৰ ট্ৰাইবেলসকল আম্বেদকাৰে কোৱাৰ দৰে অশিক্ষিত হৈ থকা নাই৷ বহু লোক শিক্ষিত ওলাইছে।লীগৰ পুস্তিকাত তাৰ তালিকা প্ৰকাশ কৰি আম্বেদকাৰৰ বিবৃতিৰ আন্তঃসাৰশূন্যতা প্ৰতিপন্ন কৰা হৈছিল৷ পিচপৰা জাতিৰ প্ৰতিভূ আম্বেদকাৰৰ জনজাতি সন্দৰ্ভত এনে ভ্ৰান্ত ধাৰমাৰ বাবেই হয়তো ট্ৰাইবেল লীগৰ বুৰজ্ঞীত আম্বেদকাৰক মৰ্যাদাৰ আসনত বহুৱা হোৱা নাই৷

ভীমবৰ দেউৰী আজি ইতিহাস হ’ল৷ আজি অসমত জনজাতীয় আন্দোলনসমূহে যি মোৰ লৈছে, সমগ্ৰ অসমেই যিদৰে সমস্যাৰ বা-মাৰলীত পৰিছে– এই সময়ক ভীমবৰ দেউৰীৰ জীৱন আৰু কৰ্মত ভুমুকি মাৰিলে তেওঁৰ মৌলিক চিন্তাৰ বহু দিশ উজ্জ্বল হৈ আমাৰ চকুত ধৰা দিয়ে৷ ত্ৰিশ -চল্লিছৰ দশকৰ আৰ্থ-সামাজিক তথা ৰাজনৈতিক পটভূমিত তেওঁৰ ভূমিকাৰ ঐতিহাসিকতা অস্বীকাৰ কৰাৰ ক্ষমতা আজি আৰু আমাৰ নাই৷ যিসকলে তেওঁৰ দৃষ্টিভঙ্গীক সাম্প্ৰদায়িক আখ্যা দিব বিচাৰিছিল, সেইসকলৰ দৃষ্টিভংগী যে অসাম্প্ৰদায়িক নাছিল, তাক ইতিহাসেই প্ৰমাণ কৰিলে৷ আৰু যিসকলে তেওঁক কেৱল ট্ৰাইবেল নেতাহে বুলি ইতিহাসত অভিহিত কৰিব বিচাৰিছে, তেওঁলোকৰ দৃষ্টিভংগীও যে অপ্ৰাসংগিক নহয় সেইকথাও ভীমবৰৰ দৃষ্টিভংগীয়ে প্ৰতিপন্ন কৰিলে৷ জাতিগত প্ৰশ্নত ভীমবৰৰ দৃষ্টিকোণ শ্ৰেণীগত নাছিল সেয়াও নহয়৷ কৃষকসকলৰ সৰ্বাংগীণ মংগল অবিহনে অসমীয়া জাতিৰ সম্ভৱ বুলি তেওঁ ভাবিব পৰা নাছিল৷ তেওঁৰ চিন্তাৰাশিত মাৰ্ক্সীয় চিন্তাৰো স্পৰ্শ পৰিছিল বুলি আমাৰ ধাৰণা হয়৷ তেওঁৰ পুত্ৰই আমাক জনোৱা মতে তেওঁ মাৰ্ক্সীয় গ্ৰন্থাৱলী কিছু অধ্যয়ন কৰিছিল৷ এনে দৃষ্টিভংগীৰ পোহৰতে হয়তো জাতিগত নিপীড়নৰ প্ৰশ্নটোৰ সমাধান তেওঁ বিচাৰিছিল৷ ব্ৰিটিছ সাম্ৰাজ্যৰ কূটকৌশল আৰু শাসন-শোষণৰ স্বৰূপ তেওঁ ভালদৰেই উপলব্ধি কৰিছিল৷ তেওঁলোকৰ নীতিৰ বাবেই যে বৰ্ণহিন্দু আৰু জনজাতিসকলৰ মাজৰ ব্যৱধান দ্ৰুত হৈছিল তাক তেওঁ ছাত্ৰকালতে হৃদয়ংগম কৰিছিল৷ এইবাবেই পিছৰ কালত তেওঁ ৰাইজক ক’ব পাৰিছিল যে অসমখন আচলতে অসমীয়াৰ দেশ বুলিব নোৱাৰি৷ কাৰণ, অসমৰ চাহ আৰু তেলৰ দৰে শিল্পৰ ওপৰত অসমীয়াৰ কোনো এক্তিয়াৰ নাই, সেইবোৰ ইউৰোপীয়সকলৰ হাতত আৰু তাৰ সকলো মুনাফা তেওঁলোকেই লৈ গৈ আছে৷

ভীমবৰ আছিল প্ৰখৰ বুদ্ধিৰ বাকপটু এজন সমাজনেতা৷ কিন্তু সেয়াই তেওঁৰ ব্যক্তিত্বৰ মূলধন নাছিল৷ তেওঁ আছিল এজন যুক্তিবাদী চেতনাৰ প্ৰতিভূ-ইতিহাস নিষ্ঠতাৰ প্ৰতীক৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে