দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ভীমবৰ দেউৰীৰ অভিভাষণৰ নিৰ্বাচিত অংশ

ভীমবৰ দেউৰীৰ অভিভাষণৰ নিৰ্বাচিত অংশ

(১৯৪১ চনৰ ৮ নৱেম্বৰ তাৰিখে মটক লীগৰ চাবুৱা সন্মিলনৰ সভাপতি অভিভাষণৰ নিৰ্বাচিত অংশ)

মানুহৰ পিয়ল ভৱিষ্যৎ শাসন তন্ত্ৰঃ
আপোনালোকক ১৯৪১ চনৰ মানুহ পিয়লত সুকীয়া সম্প্ৰদায় বা জাতি হিচাবে দেখুওৱালেই যে আপোনালোকে ৰজাঘৰত সুকীয়া সুবিধাবিলাকৰ গৰাকী হ’ব পাৰিব এনে কোনো কথা নাই৷ আহোমবিলাকক এতিয়া ১৯৪১ চনৰ মানুহ পিয়লত সুকীয়াকৈ দেখুওৱা হৈছ বুলিয়েই তেওঁলোকে ৰজাঘৰত সুকীয়া সুবিধা পায় – এনে কথাত কোনেও ক’ব নোৱাৰে৷ মানুহ পিয়লত সুকীয়াকৈ দেখুৱায়ো আপোনালোকক আহোম সকলক গভৰ্ণমেণ্টে তেনে কোনো সুবিধা দিলেও তেওঁলোকৰ পাচত আন মন্ত্ৰীসভা গঠিত হৈ সেইবিলাক সুবিধা উঠাই দিব পাৰে৷ আনহাতে মন্ত্ৰীবিলাকে সুবিধা উঠাই দিব পাৰে৷ আনহাতে মন্ত্ৰীবিলাকে আপোনালোকক এতিয়া কিছু সুবিধা দি থাকিলেও অহা নতুন শাসন তন্ত্ৰ ৰচনাৰ সময়ত আপোনালোকক এটা সুকীয়া সংখ্যালঘিষ্ঠ সম্প্ৰদায় বুলি ধৰিব নোৱৰাৰ কাৰণে নতুন শাসন তন্ত্ৰত এটা সুকীয়া সংখ্যালঘিষ্ঠ সম্প্ৰদায় হিচাবে পৰিগণিত নহ’ব পাৰে৷ এতিয়া আহোমবিলাকে সুকীয়া সংখ্যালঘিষ্ঠ সম্প্ৰদায় হিচাবে পৰিগণিত হ’বৰ কিমান সম্ভাৱনা আছে আৰু যিসকলে নিজক এটা সুকীয়া সম্প্ৰদায় হিচাবে পৰিগণিত হ’ব পাৰিব নে নোৱাৰে৷ আহোম আৰু মটকবিলাকে সুকীয়া সুকীয়াভাৱে চেষ্টা কৰাতকৈ একযোগ হৈ চেষ্টা কৰিলে বেছি কৃতকাৰ্য হোৱাৰ আশা থাকিলে দুয়োদল একেযোগে চেষ্টা কৰাই বেছি ভাল হ’ব৷

অহা শাসন তন্ত্ৰ ৰচনাত কি মূল নীতিৰ ওপৰত ভাগ-বটৰাবিলাক হ’ব মোৰ নিচিনা অনভিজ্ঞ, জ্ঞান নথকা মানুহে কেনেকৈ ভৱিষ্যতবাণী কৰোঁ৷ ১৯৩৫ চনৰ ভাৰত শাসন তন্ত্ৰ আইনত মানি লোৱা সংখ্যালঘিষ্ঠ সম্প্ৰদায়বিলাককহে কেৱল সংখ্যালঘিষ্ঠ সম্প্ৰদায় বুলি ধৰিবনে সংখ্যালঘিষ্ঠ সম্প্ৰদায়ৰ সংখ্যা বঢ়াবনে কমাব মই কেনেকৈ আপোনালোকক কওঁ৷ মই বিষয়টো কেৱল উত্থাপনহে কৰিলোঁ৷ আপোনালোকে মাননীয় প্ৰধান মন্ত্ৰী মহোদয়ৰ পৰা নিশ্চয় অলপ বহলকৈ জানিব পাৰিব৷

এটা কথা মই আপোনালোকক ক’ব খোজো৷ আপোনালোকে সকলোৱে একযোগ হৈ আৰু একমত দি কিছুমান যুক্তিযুক্ত দাবী কৰিলে তাৰ এটা সুফল নিশ্চয় ফলিব৷ একমত আৰু একযোগ কৰিব পাৰিলেও অনেক কাম হ’ব৷ আহোমবিলাকেও ঠিক একেদৰেই কাম কৰিব লাগিব৷ একমত হ’ব নোৱাৰিলে কোনেও কৃতকাৰ্য হ’ব নোৱাৰিব৷ আপোনালোকে আহোমবিলাকৰ লগত যোগদান কৰিব খুজিলে তাৰ আগতে আপোনালোকে ভালকৈ বিচাৰ কৰি চাব লাগিব তেওঁলোক একমত হ’ব পাৰিছেনে নাই৷ মই এইদৰে কৈ এইটো বুজাব খোজা নাই যে আপোনালোকৰ বা আহোমবিলাকৰ এজন লোকেও ফালৰি কাটিব নোৱাৰিব৷ কিছুমান মানুহ আছে তেওঁলোকৰ ফালৰি কটায়েই ব্যক্তিগত লাভ আছে৷ মই তেওঁলোকৰ কথা বাদ দিহে কৈছোঁ৷

আপোনালোকেই বা আহোমবিলাকেই পুৰণা অসমৰ শাসক জাতি হিচাবে সুকীয়া সংখ্যালঘিষ্ঠ সম্প্ৰদায় হিচাবে অহা শাসন তন্ত্ৰত ঠাই পোৱাত যথেষ্ট দিগদাৰিও আছে৷ নতুন শাসন তন্ত্ৰ ৰচনাত গোটেই ভাৰতবৰ্ষৰ কথা একেলগে আলোচনা হ’ব আৰু অসমৰ কাৰণে এটা সুকীয়া বা বিশেষ নীতি বা Principle নহ’ব৷ গতিক আপোনালোকক বা আহোম সম্প্ৰদায়ক একেলগে এটা সুকীয়া সংখ্যালঘিষ্ঠ বুলি ধৰিব লগা হ’লে একে মূলনীতিকে ধৰি ভাৰতৰ আন আন প্ৰদেশৰ অনেক সম্প্ৰদায় বা জাতিকো তেনেদৰে ধৰিব লগা হ’ব পাৰে৷

এনে অৱস্থা বৰ্ণহিন্দু সকলে স্বভাৱতে উঠিপৰি আপত্তি কৰিব৷ তেনে আপত্তি খণ্ডন কৰিবলৈও হয়তো আপোনালোকৰ বা আহোমবিলাকৰ পক্ষৰ সেই শাসন তন্ত্ৰ ৰচনা আৰু বিচাৰৰ ভাৰপ্ৰাপ্ত সমিতি বা সন্মিলনত কোনো প্ৰতিনিধিয়েই নেথাকিব৷ অৱশ্যে পুৰণা শাসক জাতি হিচাপে বিশেষ সা-সুবিধা পোৱা জাতি যে নাই এনেও নহয়৷ ১৯৩৫ চনৰ ভাৰত শাসন আইনত বোম্বাই প্ৰদেশৰ মহাৰাষ্ট্ৰবিলাকে (মাৰাঠা) বোম্বাই ব্যৱস্থাপক সভাত কেইটামান যুটীয়া নিৰ্বাচনত আচুতীয়াকৈ থোৱা আসন পাইছে৷ এতিয়া বৰ্তমান মন্ত্ৰীসভাৰ আগত আৰু ভৱিষ্যতে নতুন ভাৰত শাসন ৰচনাৰ সময়ত ৰচনা আৰু বিচাৰৰ ভাৰপ্ৰাপ্ত সমিতি বা সন্মিলনত আপোনালোকৰ দাবীবিলাক কেনেকৈ দাঙি ধৰিব আৰু সেইবিলাকৰ নিমিত্তে যুঁজিব এই কথাও আপোনালোকে ভাবি চাব লাগিব৷ সন্মিলনত প্ৰস্তাৱ গ্ৰহণ কৰি আৰু গভৰ্ণমেণ্টৰ ঘৰলৈ সেই প্ৰস্তাৱ পঠাই শুই থাকিলে নহ’ব৷
অসম ট্ৰাইবেল লীগৰ নেতাসকলৰ ট্ৰাইবেল জাতিবিলাকৰ লোকসকলক ট্ৰাইবল জাতীয় লোক বুলি পৰিচয় দিবলৈ দিয়া নিৰ্দেশৰ বিৰুদ্ধে ট্ৰাইবেল জাতীয় লোকসকলৰ মাজত তেওঁলোকক জাতিত হিন্দু আৰু ধৰ্মত হিন্দু বুলি লিখিবলৈ কোৱা প্ৰচাৰ কাৰ্যৰ পৰা এইটো বঢ়িয়াকৈ বুজা যায় যে বৰ্ণহিন্দুৰ সৰহভাগ লোকেই পিছপৰি থকা জাতিবিলাকক ৰজাঘৰত সুকীয়া সুবিধা দিয়াৰ বিৰুদ্ধবাদী৷ ট্ৰাইবেল জাতীয় লোকসকলৰ সংখ্যা বৃদ্ধি হোৱাকে লৈ বাতৰিকাকতবিলাকত যিবোৰ অযুক্তিকৰ আলোচনা চলিছে তাৰ পৰাও এই সত্যৰেই প্ৰতিপন্ন হয়৷ বৰ্ণহিন্দু নেতাসকলে ধৰ্মত হিন্দু বুলি লিখা আৰু তপছিলভুক্ত হিন্দুৰ ভিতৰত নপৰা সকলো হিন্দুকে বৰ্ণ-হিন্দুৰ ভিতৰত পেলাই বজাৰত সুকীয়া সুবিধা নোপোৱা কৰিবলৈ চেষ্টা কৰিব বুলি তেওঁলোকৰ বৰ্তমান প্ৰচাৰ কাৰ্যবিলাকৰ পৰা বুজিব পাৰি৷ ইয়াৰ পৰা বুজা যায় যে নতুন শাসনতন্ত্ৰ ৰচনাৰ সময়ত তেওঁলোকে ট্ৰাইবেল জাতীয় লোকসকলৰ দাবী বিলাকো নাকচ কৰিবলৈ চেষ্টা কৰিব৷ ধৰ্মৰ নাম শিক্ষা আৰু আৰ্থিক ব্যৱস্থাত পিছপৰা জাতিবিলাকৰ লোকসকলক তেওঁলোকৰ আৱশ্যকীয় ৰাজনৈতিক স্বত্ব আৰু আন আন ৰজাঘৰীয়া সুবিধাবিলাকৰ পৰা বঞ্চিত কৰিবৰ চেষ্টা চলিব পাৰে৷ ক্ষমতাশাী হিন্দু নেতাসকলৰ মনতুষ্টিৰ নিমিত্তে নতুন ভাৰত শাসন আইনৰ ৰচনাৰ ভাৰপ্ৰাপ্ত সমিতি বা সন্মিলনে আমাৰ দৰে নিশকতীয়া আৰু পিছপৰা জাতিবিলাকৰ নাৰ্য দাবী বা স্বত্ববিলাকৰ প্ৰতি আওকণীয়া হ’ব পাৰে৷

মই এইবিলাক কথাৰ অৱতাৰণা কৰি আপোনালোকক নিৰাশ কৰিব খোজা নাই৷ আনহাতে আপোনালোকক নিৰাশ কৰিব খোজা নাই৷ আনহাতে আপোনালোকক মিছা আশা দিব নোখোজো৷ আপোনালোকক অৱস্থাৰ গুৰুত্ব ভালকৈ বুজি সেইমতে উপায় চিন্তি ধৈৰ্যসহকাৰে কাম কৰিব বুলিহে এইবিলাক কথা ক’বলগীয়া হৈছে৷ আমাৰ আদিমবাসী আৰু পুৰণা, শিক্ষা আৰু আৰ্থিক অৱস্থাত পিছপৰি থকা জাতিবিলাকৰ মাজত তেওঁবিলাকক যাতে অহা শাসনতন্ত্ৰ ৰচনাৰ সময়ত পাহৰা নহয় তাৰ বাবে প্ৰৱল জনমত গঠন কৰিব লাগিব৷ এই বিষয়ত আপোনালোক, আহোম আৰু ট্ৰাইবেল জাতীয় সকলোকে একেযোগে চেষ্টা চলাব লাগিব৷ ইয়াকে নকৰি বাতৰিকাকতবিলাকৰ ধাপ্পা বাজীত মোহ গ’লে আমাৰ ভৱিষ্যৎ অন্ধকাৰময় হ’ব৷

বৰ্তমান মন্ত্ৰীসভা প্ৰতিক্ৰিয়াশীল নে ?
বৰ্তমান মন্ত্ৰীসভাক অনেক সমালোচনাকে প্ৰতিক্ৰিয়াশীল বুলি সমালোচনা কৰিছে৷ প্ৰতিক্ৰিয়াশীল শব্দৰ আভিধানত থকা অৰ্থ আমি বুজিব পাৰোঁ, কিন্তু সমালোচকসকলে কি অৰ্থত ব্যৱহাৰ কৰিছে আমি বুজিবলৈ টান পাইছোঁ৷ বৰ্তমান মন্ত্ৰীসভাক ঘাইকৈ তিনিটা কথাত প্ৰতিক্ৰিয়াশীল বুলি কোৱা হৈছে৷ (১) ১৯৪১ চনৰ মানুহ-পিয়লত তেওঁলোকৰ নীতি, (২) লেণ্ড ডেভেলাপমেণ্ট স্কীম আৰু (৩) তেওঁলোকৰ আসাম বিশ্ববিদ্যালয় বিল৷

বৰ্তমান মন্ত্ৰীসভাই ১৯৪১ চনৰ মানুহ পিয়লতো, সাম্প্ৰদায়িক ভিত্তিত লোকসংখ্যা দেখুৱাবলৈ নিৰ্দেশ দিছিল৷ ১৯৩১ চনৰ মানুহ পিয়লতো বেলেগ বেলেগ সম্প্ৰদায় লোকসংখ্যা প্ৰত্যেক জাতিৰ নামো বেলেগ বেলেগ দেখুওৱা হৈছিল৷ এইবাৰ তেওঁলোকৰ সকলোকে তেওঁলোকৰ আবেদনমতেই একেলগে ‘‘ট্ৰাইবেল” নামে বেলেগ ভাগত দেখুওৱা হৈছে৷ ১৯৩১ চনৰ আৰু আগৰ মানুহ পিয়লত আহোমবিলাকক সুকা সম্প্ৰদায় বা Tribe হিচাবে দেখুওৱা হৈছিল৷ এই কাৰণে আহোমবিলাকক আৰু আপোনালোককো ১৯৪১ চনৰ মানুহ পিয়লত সুকীয়া সম্প্ৰদায় হিচাবে দেখুৱালে বা দেখুৱাবলৈ নিৰ্দেশ দিলে বৰ্তমান মন্ত্ৰীসভা কেনেকৈ প্ৰতিক্ৰিয়াশীল হয় আমি বুজিব নোৱাৰোঁ৷

ধৰ্ম নিৰ্বিশেষে ট্ৰাইবেল জাতীয় লোকসকলক ট্ৰাইবেল সংজ্ঞাভুক্ত কৰা যুগুত বুলি স্বীকাৰ কৰি কংগ্ৰেছ এচেমব্লী দলৰ নেতা শ্ৰীযুত গোপীনাথ বৰদলৈ আৰু আসাম প্ৰাদেশিক কংগ্ৰেছৰ সভাপতি শ্ৰীযুৱত বিষ্ণুৰাম মেধিয়ে আমাক চুক্তিপত্ৰ লিখি দিছিল৷ বৰ্তমান মন্ত্ৰীসভাই কেৱল তেওঁলোকৰ নিৰ্দেশৰ অনুসৰণহে কৰিছে৷ শাসন সংক্ৰান্ত বিষয়ত ট্ৰাইবেলৰ গোটেই সংখ্যাৰ ভাগ ট্ৰাইবেলসকলকেই দিব লাগিব আৰু তেওঁলোকৰ সংখ্যাত যোগ দিয়া কংগ্ৰেছ দলৰ লগত আমাৰ হোৱা চুক্তিমতেই অন্যায় হ’ব৷ এনে স্থলত ট্ৰাইবেল জাতীয়লোকসকলৰ কিমান হিন্দু, খ্ৰীষ্টীয়ান বা বৌদ্ধ ধৰ্মালম্বী হৈছে সেইবিলাকৰ সংখ্যা বেলেগ উলিওৱা গভৰ্ণমেণ্টৰ কিবা আৱশ্যকতা আছে বুলি আমি নাভাবো৷ সেই কাম ধৰ্মপ্ৰচাৰসকলে নিজে কৰা উচিত৷ শাসন সংক্ৰান্ত বিষয় ফালৰ পৰা তেনে সংখ্যাৰ কোনো মূল্য নাই৷

কিছুমান সমালোচকে Cummunity বা সম্প্ৰদায় শব্দৰ মূল উদঘাটন কৰি কেৱল ভিত্তিতহে সম্প্ৰদায় নাই আৰু হ’ব পাৰে আৰু ট্ৰাইবেল নামে এটা সম্প্ৰদায় নাই আৰু হ’ব নোৱাৰে বুলি তৰ্কৰ মায়াজাল ৰচনা কৰা দেখি আমি পৰম আপ্যায়িত হৈছোঁ৷ এই মায়াজাল ৰচনা কৰোঁতাসকলৰ ভিতৰত প্ৰাদেশিক কংগ্ৰেছৰ সম্পাদক মহাশয়ো আছে৷ মই শুধিব খোজোঁ তেখেতে এই তৰ্কজাল শ্ৰীযুত বৰদলৈ আৰু মেধি ডাঙৰীয়াই আমাক চুক্তিপত্ৰ লিখা দিওঁতে কিয় উদঘাটন নকৰিলে ? তেখেতে বুজা নাই যে তেখেতে তেনে তৰ্কজাল ৰচনা কৰি তেখেতসকলৰ নেতাসকলে নিজ হাতে লিখি দিয়া চুক্তিৰ মূল্য কমাইছে আৰু পৰোক্ষভাবে তেখেত সকলে নিজৰ কথা ৰাখিব নোখোজাৰ পৰিচয় দিছে৷ মুঠৰ ওপৰত এই তৰ্কজাল আৰু হিন্দু সভাৰ ‘জাতিৰ হিন্দু আৰু ধৰ্মত হিন্দু’ লিখিবলৈ কৰা প্ৰচাৰৰ মূল উদ্দেশ্য একেই–ধৰ্মৰ নামত পিছপৰা ট্ৰাইবেল জাতীয় লোকসকলৰ সুকীয়া সুবিধা আদি ধংস কৰি দিব খোজে৷ ইয়াতকৈ অন্যায় আৰু অযুগুত কাম কি হ’ব পাৰে ?

লাইন প্ৰথা আৰু আমাৰ খালি মাটি নিয়মানুৱতত বন্দবস্তিমতে ভগাই দিয়া সন্বন্ধে কংগ্ৰেছযুক্ত মন্ত্ৰীমণ্ডলীৰ ১৯৩৯ চনৰ ১৪ নৱেম্বৰ এটা প্ৰস্তাৱ আছে তাৰ বৰ্তমান যুক্তদল মন্ত্ৰীসভাৰো সেই সন্বন্ধে এটা প্ৰস্তাৱ আছে৷ এই দুয়োটা প্ৰস্তাৱতেই ১৯৩৮চনৰ পহিলা জানুৱাৰীৰ আগত অহা বিদেশী পমুৱাসকলক মাটি দিয়া নহয়৷ দুয়োটা প্ৰস্তাৱতে ট্ৰাইইবেল জাতীয় আৰু তেওঁলোকৰ দৰে পিছপৰি থকাসকলৰ কাৰণে লাইনপ্ৰথা বাহাল ৰখা হৈছে৷ দুয়োটা প্ৰস্তাৱতে পিছপৰাসকলক বাদ দি বাকী অসমীয়া হিন্দু আৰু মুছলমানৰ কাৰণে লাইনপ্ৰথা ৰখা হোৱা নাই৷ এনেস্থলত আগৰ কংগ্ৰেছযুক্ত মন্ত্ৰীসভা ভাল আৰু বৰ্তমান মন্ত্ৰীসভা প্ৰতিক্ৰিয়াশীল কেনেকৈ হয় আমি বুজিব নোৱাৰোঁ৷ অৱশ্যে গভৰ্ণমেন্টৰ লেণ্ডডেভলেপমেন্টৰ স্কীম অফিচাৰে সেই ৰিপোৰ্ট গভৰ্ণমেন্টৰ ওচৰত দাখিল কৰিছে সেই ৰিপোৰ্ট গভৰ্ণমেন্টৰ লাইনপ্ৰথা প্ৰস্তাৱত থকা নিৰ্দেশমতে হোৱা নাই আৰু সেই ৰিপোৰ্ট গভৰ্ণমেণ্ট অগ্ৰাহ্য কৰিব লাগিব৷

হিন্দু মহা-সভাৰ পক্ষৰ পৰা ভাৰতৰ আন প্ৰদেশত প্ৰচাৰ কৰি জাকে জাকে বিদেশী হিন্দু মানুহ আনি অসমৰ খালি মাটিবিলাক ভৰাই দিয়া হওঁক বুলি প্ৰস্তাৱ কৰা হৈছে৷ ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকে ১৯৩৮ চনৰ পহিলা জানুৱাৰী পাছত অহা পমুৱাসকলৰ মাটি নিদিবৰ যি আইন কৰা হৈছে সেই আইনক উঠাই দিব৷ অসমীয়া হিন্দু-মুছলমান আৰু ট্ৰাইবেল জাতীয়লোকৰ নিমিতে ইয়াতকৈ ভয়াবহ আন একো প্ৰস্তাৱেই হ’ব নোৱাৰে৷ প্ৰকৃতপক্ষে এনেদৰে প্ৰস্তাৱ কৰা হিন্দুসকলেহে প্ৰতিক্ৰিয়াশীল৷

অসম বিশ্ববিদ্যালয় বিলখন এতিয়া সিলেক্ট কমিটি আগত দিয়া হৈছে৷ সিলেক্ট কমিটিৰ ৰিপোৰ্ট প্ৰকাশিত নোহোৱালৈকে আমি বিলখন উঠাই লোৱা নোলোৱা বিষয়ে একো নোকোৱাই ভাল বুলি ভাবোঁ৷ অসম এচেমব্লীৰ অসমীয়া মেম্বাৰসকল বিলখন আলোচনাৰ সময়ত এচেমব্লীত উপস্থিত থাকিলে অনেক দোষো আঁতৰাব পৰা হ’ব বুলি আমাৰ বিশ্বাস৷ বিলখন সমালোচনা কৰোঁতে আমি আমাৰ অসমৰ বৰ্তমান পাৰিপাৰ্শ্বিক অৱস্থালৈ পাহৰিলেও নচলিব৷ মুঠৰ ওপৰত আমি বৰ্তমান মন্ত্ৰীসভা প্ৰতিক্ৰিয়াশীল বুলি ক’ব:নোৱাৰোঁ আৰু আপোনালোকে এই মন্ত্ৰীসভাক সমূহ অসমীয়াৰ স্বাৰ্থৰ পক্ষৰ পৰাও সমৰ্থন নকৰিবৰ কোনো কাৰণ নাই৷

(টোকাঃ- ১৯৪১ চনৰ মটক লীগৰ অধিবেশনত ভীমবৰ দেউৰীয়ে প্ৰদান কৰা এই অভিভাষণটো যোৱা শতিকাৰ নব্বৈ দশকলৈকে আৱিস্কাৰ হোৱাই নাছিল। ডা° অনিল ভৰালীয়ে মটক সন্মিলনৰ পৰা উদ্ধাৰ কৰি তেতিয়াৰ ড° অনিল ৰায় চৌধুৰী সম্পাদিত ‘নতুন পৃথিৱী’ নামৰ প্ৰগতিশীল আলোচনীখত প্ৰকাশ কৰিছিল। পৰিতাপৰ কথা যে বৰ্তমান এই আলোচনীৰ বাবে আমি অভিভাষণৰ সম্পূৰ্ণ পাঠটো যোগাৰ কৰিব নোৱাৰিলো।যথেষ্ট বিচাৰ-খোচাৰ কৰিও আমি তাৰ পূৰ্ণপাঠ সংগ্ৰহ নোৱৰাতো আমাৰেই অসমৰ্থতা।
ইয়াৰ পূৰ্ণপাঠ সংগ্ৰহ কৰিবলৈ ড° হীৰেন গোহাঁই চাৰ, ইন্দিবৰ দেউৰী চাৰ, ড° পৰমানন্দ মজুমদাৰ চাৰ আৰু ডা° অনিল ভৰালী চাৰ এই আটাইকেইজনে মোক বিভিন্ন উৎসৰ সন্ধান দিয়াৰ লগতে ব্যক্তিগত সংগ্ৰহত থকা আলোচনীৰ টোপোলাবোৰো চলাথ কৰিছিল।আমাৰ শেষ ভৰসা স্থল চি পি আই(এম) কাৰ্যালয়টো খবৰ কৰি যোগাৰ কৰিব নোৱাৰিলো।ড° মজুমদাৰ চাৰে আমাক জানিবলৈ দিয়ে যে উক্ত অভিভাষণটো “নতুন পৃথিৱী”ৰ দুটা সংখ্যাত প্ৰকাশ হৈছিল।এই টোকাটোৰ দ্বাৰা আমি আহ্বান জনাওঁ যে যদি কোনো ব্যক্তিৰ হাতত অভিভাষণটো প্ৰকাশ পোৱা “নতুন পৃথিৱী”ৰ সংখ্যা দুটা মজুত আছে তেনে কৃপা কৰি আমাৰ লগত যোগাযোগ কৰে যেন।
অতিথি চ’ৰাৰ সম্পাদক)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে