দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / জননেতা ভীমবৰ দেউৰীৰ দূৰদৃষ্টি ( উদয়াদিত্য ভৰালী )

জননেতা ভীমবৰ দেউৰীৰ দূৰদৃষ্টি ( উদয়াদিত্য ভৰালী )

মানুহ মাথোন “সামাজিক জীৱ”ই নহয়, লগতে ‘‘ৰাজনৈতিক জীৱ”ও৷ সমাজ নোহোৱাকৈ মানুহ যেনেকৈ চলিব নোৱাৰে, তেনেকৈয়ে ৰাজনীতিহীন সমাজো থাকিব নোৱাৰে৷ সমাজৰ চৰিত্ৰ গণকল্যাণমুখী নহ’লে সেই সমাজৰ সাধাৰণ ৰাইজৰ জীৱন সমৃদ্ধিময়, শান্তিময়, প্ৰগতিময় হোৱটো সম্ভৱ নহয় আৰু সমাজৰ চৰিত্ৰক গণকল্যাণমুখী কৰিব পাৰে গণকল্যাণকামী ৰাজনীতিয়েহে৷ সেয়ে ৰাজনীতি অবিহনে চলিব নোৱাৰা সমাজত ৰাজনীতিত আগভাগ লোৱা ব্যক্তি থকাটো নিশ্চিত যদিও ৰাজনীতিত জড়িত হোৱা ব্যক্তি মাত্ৰেই ৰাজনৈতিক নেতাতো নহয়েই, আনকি প্ৰকৃতাৰ্থৰ ৰাজনীতিবিদো নহয়৷ প্ৰকৃতাৰ্থৰ ৰাজনীতিবিদ হ’বলৈ তেওঁ গণকল্যাণকামী ৰাজনৈতিক আদৰ্শ গ্ৰহণ কৰিবই লাগিব আৰু ৰাজনৈতিক নেতা হ’বলৈ হ’লে গণকল্যাণকামী আদৰ্শৰ প্ৰতি অতি নিষ্ঠাবান হোৱাৰ লগতে তেওঁ দূৰদৃষ্টি সম্পন্নও হ’ব লাগিব৷ তেনে আদৰ্শবান আৰু দূৰদৃষ্টি সম্পন্ন ৰাজনৈতিক নেতাৰ চিন্তা তথা কৰ্মৰাজি যেতিয়া যুগজয়ী ৰূপেৰে গণমুখী হয়, তেতিয়া তেওঁ হৈ পৰে ইতিহাসত স্থায়ীভাৱে গুৰুত্বপূৰ্ণ স্থান লাভ কৰা ‘‘জননেতা”৷

আধুনিক যুগৰ অসমৰ ইতিহাসত যি এমুঠি ‘‘জননেতা”ৰ সৃষ্টি হৈছে, তেওঁলোকৰ মাজৰ এগৰাকী হ’ল জননেতা ভীমবৰ দেউৰী৷ ১৯০৩ চনৰ ১৬ মে’ত জন্মগ্ৰহণ কৰি ১৯৪৭ চনৰ ৩০ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰা দেউৰীদেৱে বয়স পাইছিল মাথোঁ ৪৪ বছৰ৷ ১৯৩৩ চনৰ পৰা সক্ৰিয় ৰাজনীতিত যোগদান কৰা এই নেতাগৰাকীয়ে মাথোন ১৪ বছৰহে এই ভূমিকা লোৱাৰ সুবিধা পাইছিল৷ কিন্তু তেনেই চমু কালছোৱাতেই তেওঁ এনে ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় তুলনামূলকভাৱে কম বয়সতেই দিছিল যে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে দেউৰীদেৱক ‘‘জননেতা” আখ্যা দিছিল৷ অথচ দেউৰীদেৱ বৰদলৈদেৱৰ দলীয় সতীৰ্থ নাছিল৷ ভীমবৰ দেউৰী আছিল অসমৰ খিলঞ্জীয়া জনজাতীয় জনগোষ্ঠীসমূহৰ মাজত আধুনিক সচেতনতাৰ প্ৰগতিশীল পোহৰ বিলোৱা বাটকটীয়া অগ্ৰণী নেতা তথা সেই জনগোষ্ঠীসমূহৰ প্ৰথমখন শক্তিশালী ৰাজনৈতিক ঐক্যমঞ্চ ‘‘ট্ৰাইবেল লীগ”ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক৷

তদানীন্তন অসমত তেনেই পিছপৰা অৱস্থাত থকা জনজাতীয় জনগোষ্ঠীবোৰৰ উন্নয়নৰ বাবে তেওঁলোকৰ মাজত আধুনিক জনজাগৰণ অনাৰ প্ৰচেষ্টাত বাটকটীয়াৰ ভূমিকা লোৱা দেউৰীদেৱে এই দিশত নিজ দৃষ্টিভংগী ব্যক্ত কৰি কৈ গৈছেঃ ‘‘আমি আমাৰ দুখ-দুৰাৱস্থাৰ কথা কওঁতে আৰু আমাৰ দাবীবিলাক দাঙি ধৰোঁতে আমি এইটো পাহৰিব নালাগে যে আমি অসমীয়া জাতিৰ এটা অংগ৷ সমূহ অসমীয়া জাতিৰ উন্নতি আৰু অৱস্থা ভাল হ’লে আমাৰ অৱস্থাও লগে লগে ভাল হ’বলৈ বাধ্য৷ আমাৰ উদ্দেশ্য হ’ব লাগিব অসমীয়া জাতীয়তাক বলীয়ান কৰা৷” (কামৰূপ জিলা ট্ৰাইবেল অধিবেশন, ১৯৩৮)।ইয়াতকৈ সুস্থ তথা বলিষ্ঠ অসমীয়া জাতীয়তাবাদী মত আৰু একো হ’ব নোৱাৰে৷ তেওঁৰ নেতৃত্বতেই ১৯৪৬ চনত অসমৰ জনজাতীয় জনগোষ্ঠীসমূহে ‘‘গ্ৰুপিঙ”ৰ অাঁচনিৰ বিৰোধিতা অসমৰ কংগ্ৰেছ নেতৃত্বৰ কান্ধত কান্ধ মিলাই কৰিছিল আৰু অসম পাকিস্তানত অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা পৰিছিল৷ অসমবাসীৰ ভৱিষ্যতৰ প্ৰগতি যে থলুৱা সাধাৰণ ৰাইজৰ অৰ্থনৈতিক আৰু শৈক্ষিক উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ ভৱিষ্যৎ যে অসমৰ জনজাতীয় জনগোষ্ঠী আৰু অজনজাতীয় অংশৰ অসমীয়াৰ মাজত থকা ভাতৃত্ববোধৰ ওপৰত নিৰ্ভৰ কৰিছে, সেই সকীয়নি দেউৰীদেৱে কুৰি শতিকাৰ ত্ৰিশ আৰু চল্লিশৰ দশকতেই দি গৈছিল৷ তালৈ কাণ নিদিয়াৰ বাবে কেনে অমংগলৰ চেপাত অসমৰ খিলঞ্জীয়া ৰাইজ পৰিল সেইটো আজি চকুৰ আগতেই ওলাই আছে৷

দেউৰীদেৱ কেনে দূৰদৃষ্টি সম্পন্ন ৰাজনৈতিক নেতা আছিল, সেয়া বেছি দূৰলৈ নগৈ বৰ্তমানে বৈধ অসমবাসী তথা বৃহত্তৰ অসমীয়া জাতীয় জীৱনক ভীষণ সমস্যাত পেলোৱা বিদেশীৰ অনুপ্ৰৱেশৰ সমস্যা আৰু সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে বাংলাদেশৰ হিন্দু নাগৰিকক দেশলৈ খুচি মতে অহাৰ বাট খুলি দিয়াৰ ব্যৱস্থা কৰিব খুজি অসমৰ খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব বিপদাপন্ন কৰিব খোজাৰ পৰিস্থিতিত তেওঁৰ কিছু মন্তব্যলৈ চকু দিলেই ওলাই পৰে৷ অসমলৈ কুৰি শতিকাৰ আগভাগৰ পৰা ঘটা অবিৰত প্ৰব্ৰজনে খিলঞ্জীয়াৰ বাবে কেনে বিপদৰ সৃষ্টি কৰিছে সেই বিষয়ে অসম বিধান সভাত ১৯৪০ চনতেই তেওঁ কৈছিলঃ ‘… how the government of Assam is bound to provide land to the….people of other provinces? Assam is not a charity institution where all poor landless people of other provinces should treated and given land. Any government in Assam must first see to the welfare of the people inhabiting it and should not invite people from other provinces giving them advantages, which are really harmful to the people inhabiting it.”

বাংলাদেশৰ পৰা ধৰ্ম দোহাই দি বিদেশী আনি অসমৰ খিলঞ্জীয়াসকলক ৰক্ষা কৰাৰ অদ্ভূত মত স্বাৰ্থস্বেষীমহলে বৰ্তমান অসমত দিছে৷ তেওঁলোকে বাৰু দেউৰীদেৱৰ উল্লিখিত সকীয়নিলৈ চকু দিবনে ? হিন্দুত্বৰ ঐক্যৰ দোহাই দি এনে জাতিদ্ৰোহী মত দিয়া আমাৰ আজিৰ স্বাৰ্থপৰ ৰাজনীতিবিদক সজ্জন সমাজে দেউৰীদেৱৰ সেই মন্তব্যলৈ আঙুলিয়াই দিয়া উচিত— ‘…The Assam Valley Hindus….do not like to compete with the Surma Valley Hindus.”(অসম বিধান সভা ১৯৪০)

দেউৰীদেৱৰ এই উক্তিবোৰে তেওঁৰ ৰাজনৈতিক গণমুখিতা তথা দূৰদৰ্শিতাৰ গভীৰতালৈকে আঙুলিয়ায়৷ সেই বাবেই তেওঁৰ অকাল মৃত্যুত গোপীনাথ বৰদলৈদেৱে কৈছিলঃ”মোৰ মনেৰে ভীমবৰ দেউৰী আচলতে অসমৰে এজন জননেতা আছিল৷ জীৱিত অৱস্থাতে তেওঁৰ বহু সহকৰ্মী আৰু অনুসৰণকাৰীসকলে, আৰু ঠিক তেনেকৈয়ে আনদলৰ তেওঁৰ প্ৰতিদ্বন্দ্বী বহুলোকে তেওঁক পুৰা মাত্ৰাই সাম্প্ৰদায়িক বা ‘চেকচনেল’ নেতা বুলি প্ৰতিপন্ন কৰিছিল বা এতিয়াও কৰি আছে৷ কিন্তু দেউৰীক মই যিদৰে জানিছিলো, তাৰ পৰা মই ডাঠি ক’ব পাৰোঁ যে তেওঁ ট্ৰাইবেলসকলৰ নেতৃত্ব কৰিলেও তেওঁ এজন সমস্ত অসমৰ নেতা আছিল৷” (গোপীনাথ বৰদলৈ, ১৯৪৭)।এই মত আছিল এগৰাকী জননেতাই আন এগৰাকী জননেতা সম্পৰ্কে কৰা বস্তুনিষ্ঠ মূল্যায়ন৷ ইতিহাসে এই মূল্যায়ন গুৰুত্ব প্ৰমাণ কৰিলে৷ আজি দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ ৰাজত্ব চলি থকা কালত ভীমবৰ দেউৰীৰ দৰে জননেতাৰ প্ৰয়োজন হাজাৰ গুণ বাঢ়িছে৷ এই যুগজয়ী জননেতা গৰাকীৰ মৃত্যু দিৱসত তেওঁ স্মৃতিলৈ যাচিছো শ্ৰদ্ধাজ্ঞলি৷

[ লেখক ‘ জননেতা ভীমবৰ দেউৰী জন্ম শতবৰ্ষ (২০০২-০৩) উদযাপন সমিতি, অসম’ৰ কাৰ্যকৰী সভাপতি আছিল]

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে