চ’ৰাঘৰ / ডেকা চাং / কাহিনীৰ কথকতা ( প্ৰতীক্ষা বৰা )

কাহিনীৰ কথকতা ( প্ৰতীক্ষা বৰা )

চহৰলৈ শীত আহিছে বুলি অনুভৱ কৰাৰ পাছৰ পৰাই সন্ধিয়া পৰত বাহিৰলৈ ওলাই যোৱাটো এটা অভ‍্যাসত পৰিণত হ’ল। কাম বন বিশেষ নাথাকেই, পৰীক্ষাৰ আগদিনা ভাটৌ পঢ়ন দি পিছদিনা পৰীক্ষা বহীত বমি কৰা মানুহ মই। ভালো নাপাওঁ নিয়মমাফিক পঢ়া-শুনা। নিজ ইচ্ছাৰ বিৰুদ্ধে কোনো শক্তিয়ে মোক জোৰ কৰি কামত খটুৱাব নোৱাৰে বুলি চিনাকি মানুহ দুজনমানৰ সন্মুখত যথেষ্ট গৰ্বেৰেই কওঁ। সেই যে সন্ধিয়া উলাই গ’লো, প্ৰিয় ‘মছালা চায়’ কাপত চুমুক মৰাৰ চলেৰেই অলপ নিজৰ সৈতে সময় কটোৱাৰ লগতে মানুহবোৰ চাই থাকি ভাল লাগে। আটাইতকৈ ভাল লাগে চাই প্ৰেমিক যুগলবোৰ। ইহঁতলৈ আকৌ একেৰাহে চাই থাকিব নোৱাৰি, কথাটো বেয়া হয়। আঁৰ চকুৰে চাওঁ বুলিলেও এটা বিশেষ বুদ্ধি কৰি চাব লাগে, ধৰা পৰি গ’লেই লাজত মৰি যাওঁ হেন অৱস্থা হয়৷ ধৰা পৰি যোৱাৰ পিছৰ সময়ত প্ৰেমিক যুগলেও আপোনাক কেন্দ্ৰবিন্দু কৰি নিজস্ব আও ভাও বোৰ চলাই থাকিব। ধৰা হওক আপুনি নাৰী। প্ৰেমিকাই প্ৰেমিকৰ গাত হেলান অলপ বেছিকৈয়ে দিব, চকুৰ চাৱনি অলপ বেছিকৈয়ে চঞ্চল হ’ব, আঁৰ চকুৰে আপোনালৈও চাই থাকিব। আপুনি বা মন কৰিছে নাই, মন যদি কৰিয়ে আছে — এয়া চাওক আমাৰ প্ৰেম! কথাটো গম পোৱাৰ লগে লগে প্ৰেমিকৰো অলপ অলপ লাজ লাগিব, লাজ আৰু গৰ্বৰ মধুৰ সংমিশ্ৰণ এটায়ে কিছু পৰৰ পাছত যেতিয়া চেনী হৈ ধৰা দিয়ে, আচল মজাটো তেতিয়াহে অনুভৱ কৰিব পৰা যায়‌। চেনী হৈ ধৰা দিয়া মানে, কথাটো অলপ পাক লগা, প্ৰেমিকাৰ হাতত হাত থৈ প্ৰেমিকে মধুৰ জীৱন আৰু অধিক মধুময় কৰাৰ মানসেৰে মিঠা কথাৰ পেৰাটো আনন্দমনেৰে খুলি দেখুৱাব, আঁৰ চকুৰে ঘনাই আপোনালৈও চাই থাকিব। এইবাৰ বিপাঙত পৰিলে আপুনি, বৰ অসহজ লাগে এইখিনি সময়। মোৰো সেয়াই হয়। মধুৰ প্ৰেম কাহিনী এটাৰ সামান‍্যতম অংশৰ সোৱাদ লম বুলি ভাবিছিলোহে, দাগ অকণমান পৰিলেই, কথাবোৰ খেলিমেলি হৈ গ’ল দেখোন। বেয়া লাগে মনটো। এনেকুৱাতেই যদি প্ৰেমিক আৰু আপোনাৰ চকুৱে চকুৱে পৰিল, প্ৰেমিকাই কথাটো গম পোৱাৰ আগতেই আপুনি তাৰপৰা উঠি অহাই ভাল।

‘পাৰফেক্ট লাভ ষ্টৰী’ এটা বিচাৰিবলৈ গ’লেই মোৰ এনে হয়। আজিকালি বিচাৰি পোৱাৰ আশাবোৰ বাদ দিলো৷ সেইকাৰণেই এনেবোৰ ক্ষেত্ৰত অলপ সাৱধানেৰে চলো। প্ৰেমিক যুগলক তিলমাত্ৰও গম নিদিয়াকৈ তেওঁলোকৰ আও ভাও বোৰ চাওঁ, ভাল লাগে। নিজৰেই এসময়ৰ কথাবোৰ মনত পেলাওঁ, কিছুমান মুহূৰ্ত হঠাতে মিলি যায়, কিছুমান মিলাবলৈ গৈ খেপিয়াই ফুৰো, কিছুমান নিমিলেই, নিমিলাখিনিক মই নিৰ্বিকাৰচিত্তে গ্ৰহণ কৰো।

এনেকুৱা কৰি থাকোতেই সৌ সিদিনা নোহোৱা নোপজা ঘটনা এটা ঘটি গ’ল। এই যে সন্ধিয়াৰ সময়চোৱাৰ কথা কলো, কুঁৱলি পৰিলে অলপ বেছিয়েই বিষন্ন হৈ পৰে নেকি, মোৰ  তেনেকুৱা লাগে। এইচোৱা সময়তেই যৌৱনবোৰ উন্মাদ হয় হেনো। হয় ছাগৈ, মনত আছে নহয়, অমুকীৰো হৈছিল এসময়ত। আজিকালি উদাসীন ভকতনী, বাহিৰা বতাহে স্পৰ্শ কৰিব খুজিলেও নিজেই আঁতৰি দিওঁ। মগজুটোৱে দূৰতেই ৰেড এলাৰ্ট মাৰি দিয়ে, হৃদয়ৰ খবৰ বৰ এটা নাৰাখো। আগেয়ে এনেকুৱা নাছিল কথাবোৰ, নতুন নতুন ভোমোৰা পৰিবলৈ আহিলেই ময়ো এসময়ত লহপহকৈ পাহ মেলি দেখুৱাইছিলো, ভিতৰি ভিতৰি হাঁহিছিলো, গাল-নাকবোৰ ৰঙা পৰিছিল আৰু বহুত কিবা কিবি শিহৰণ, পিৰপিৰনি। এটা ঘটনাই মোক সলাই পেলালে, সেই কথা পিছতকৈ কম কেতিয়াবা মন গ’লে।

মানুহহাল আহে, সন্ধ‍্যাবেলা প্ৰায় চাৰে পাঁচটামানত পাৰ্কৰ বেন্সখনত বহি খুব আপোনভোলা হৈ কথা পাতে। নৱবিবাহিত যেনো নালাগে, পতি-পত্নী দুয়ো ত্ৰিশোৰ্দ্ধৰেই হব। মানুহজনৰ পিঠিত বেকপেক এটা সদায় থাকে, হয়তো অফিচৰ পৰা বাহিৰে বাহিৰে পত্নীক লৈ পাৰ্কত ফুৰিবলৈ আহে। মানুহগৰাকীৰ চাল চলনো বেছ গম্ভীৰ যেনেই লাগে। শাৰীখন বৰ আটিলকৈ পিন্ধিব জানে, মুখত অনবৰতে লাগি থাকে এটি মিঠা হাঁহি। দুয়ো পাৰ্কত হাতত ধৰা ধৰিকৈ খোজ কাঢ়ে, হাঁহি হাঁহি কথা পাতে। অলপ সময় বেন্সত বহি সুখ দুখৰ, মৰমৰ কথাবোৰ পাতে। মোৰ বৰ ভাল লাগে চাই থাকি, প্ৰত‍্যেকদিনাই তেওঁলোকক চাবলৈকে পাৰ্কত গৈ বহাৰ নিচিনা হ’ল। আধাপঢ়া কিতাপ এখন নহলেবা ইয়াৰফ’ন ডাল লগত লৈ বহি দিওঁ প্ৰায় পাঁচ বজাত৷ তেওঁলোকো আহে, সুখী দম্পত্তীক চাওঁতে চাওঁতে মোৰ মুখতো হাঁহি বিৰিঙে, জীয়াই থকাটো সহজ যেন লাগে, ভাৱগধুৰ হৈ কেতিয়াবা চকুও সজল হয়। কেতিয়াও তেওঁলোকক মাত এষাৰ দিয়াৰ প্ৰয়োজনবোধ কৰা নাই, জানিবও খোজা নাই ক’ত থাকে তেওঁলোক, কি কৰে, বিয়া হোৱা কিমানদিন হ’ল ইত‍্যাদি ইত‍্যাদি। চকুৱে চকুৱে পৰাত মৃদু হাঁহিৰে সম্ভাষণ জনোৱাৰ বাহিৰে কোনো লেন দেন নাই তেওঁলোকৰ মোৰ লগত অথবা তেওঁলোকৰ মোৰ লগত। সেই যে পাৰফেক্ট লাভ ষ্টৰী টো বিচাৰি থকাৰ কথা কৈছিলো, নিজৰ অজ্ঞাতেই অদৃষ্টজনক কওঁ আছে যদি এওঁলোকৰ মাজতেই জীয়াই ৰাখা সেই ‘পাৰফেক্ট লাভ ষ্টৰী’।

এনেকৈ দুসপ্তাহমান পাৰ হৈ গ’ল। তেওঁলোক আহে, ময়ো আহো। তেওঁলোকে সুন্দৰ সময় এখিনি পাৰ কৰে, মই উপভোগ কৰো। এদিন বুধবাৰৰ সন্ধিয়া এটাত মই হাতত লিটল ৱ’মেন কিতাপখন লৈ পাৰ্কৰ সেই নিৰ্দিষ্ট চুকটোত বহিলোগৈ। সেই চুকটোৰ পৰা মানুহ চাবলৈ ভাল, আপোনমনে নিজ জগতখনত বিচৰণ কৰি ফুৰিবলৈও ভাল। হঠাতে দেখো বেকপেক নোলোৱাকৈ মানঙহজন পাৰ্কৰ দিশে আহি আছে। লগত মানুহগৰাকী নাই। আজি মানুহজনক আনদিনাতকৈ ভাগৰুৱা দেখা গৈছে, সমান‍্য দুপিয়াইছে। লোহাৰ সৰু গেটখন খুলি মানুহজন মোৰ আগতেই ৰ’লহি। মই অপলক নেত্ৰে যে তেওঁলৈকে চাই আছো গম নাপাওঁ কথাটো, কিন্তু চকুহাল যেন অনিচ্ছাসত্তেও ৰৈ গ’ল তেওঁৰ মুখমণ্ডলতেই। নোৱাৰিলো আঁতৰাই আনিব। মোৰ ফালে আগুৱাই আহিল তেওঁ, মিঠা হাঁহি এটা মাৰি মোক উদ্দেশ‍্যি ক’লে..

‘আহিলা?’

‘এয়া, বহিছোহি। আপোনাৰ ভাল।’

‘চলি আছে, তুমি আজিও আমাক চাম বুলি আহিছিলা ন? নিৰাশ কৰিলো তোমাক।’

‘নাই নাই..নহয় মানে মই এনেও আহো ইয়ালৈকে। ভাল লাগে।’

‘এৰা, ভাল লাগে ঠাইকণ। ব‍্যস্ত চহৰৰ পৰা আঁতৰত মুকলি বতাহ খাবলৈ পাওঁ, সেইবাবে আমাৰো প্ৰিয় ঠাই এইটুকুৰা।’

‘হয়। আজি আপুনি অকলে?’

উৎসুকতা লুকুৱাব নোৱাৰি মই সুধিয়েই দিলো।

‘উমম, তেখেতে ভৰিত দুখ পালে, বেডৰেষ্টত আছে। কালি আমাৰ এক্সিডেণ্ট এটা হ’ল। মোৰো এই অৱস্থা।”

বুলি তেওঁ মোৰ আগলৈ সোঁভৰিটো আগবঢ়াই দিলে। ক্ৰেপ বেণ্ডেজ মাৰি থোৱা আছে। ভৰিৰ সৰু গাঁথিটো ফুলি থকাৰ উমান বাহিৰৰ পৰাই পোৱা গৈছে।

‘বহো নে ইয়াতে?’

‘বহক।’

‘আজি নাহিলোহেঁতেন। তুমি আহিবা বুলিয়ে আহিলো।’

‘মই আহিম বুলি? আপোনি মোক চিনি পায় জানো?’

‘নাই, নাপাওঁ। কিন্তু তোমাক দেখো, ইয়াতে বহি আমালৈ চাই থাকা, চাই চাই হাঁহি থাকা, ভাল লাগে ন আমাক চাই।’

‘উমম। আপোনালোকক সুখী দম্পত্তি যেন লাগে, perfect couple, সেইবাবেই চাই ভাল পাওঁ মই, আন একো নাই। তেখেতৰ আঘাত গভীৰ নেকি?’ সলাজভাৱে মই উত্তৰ দিলো।

‘অলপ বেছিয়েই, লিগামেণ্ট ছিগিছে। এমাহ বেডৰেষ্ট।’

কিছুপৰ নীৰৱতা।

‘তোমাৰ নাম?’

‘ৰাধা।’

‘বাহঃ, কৃষ্ণৰ ৰাধা! চকুৰে দেখা সকলোৱেই সঁচা নহয় জানা ৰাধা। চকুৱেও বৰ ঠগে কেতিয়াবা।’

‘হয় বাৰু কথাটো।’

‘তুমি যি দেখিছা সেয়া সঁচা নহবও পাৰে। আমাকেই এতিয়া, তুমি যে ভাবি ললা আমি সুখী দম্পত্তি বুলি, প্ৰত‍্যেকদিনাই মাথো এঘণ্টা সময় তুমি আমাক এই পাৰ্কত দেখিছা, ড়িতৰুৱা কথাবোৰ তুমি নাজানা। নজনাটোৱেই স্বাভাৱিক, কোনেও নাজানে যেতিয়ালৈকে জানিবলৈ দিয়া নহয়।’

‘এৰা, পিছে সুখ দুখ প্ৰায় প্ৰত‍্যেকটো সম্পৰ্কতেই থাকে। থাকিবও লাগে।’

‘সুখ দুখৰ কথা মই কোৱা নাই, সেইবোৰ থাকিবয়ে আৰু আমি হেলাৰঙে পাৰো কৰিম সেইবোৰ। প্ৰীতিয়েও মোক বহুত ভাল পায়, মোক ছাপৰ্ট কৰে। তুমি দেখিছায়ে, কেনেদৰে তাই মোৰ হাতখনো এৰি নিদিয়ে।’

‘হুম, তেখেতক যথেষ্ট মৰমীয়াল মহিলা যেন লাগে।’

‘ভালেই, কিন্তু এনে লাগে তাই যেন নিষ্ঠাসহকাৰে মাথো তাইৰ দায়িত্বহে পালন কৰি আছে। কৰিব লাগে যিটো কৰিছে, মোক যিখিনি দিব লাগে দিছে। তাই অসুখী নহলেও এইবিলাক কথাতেই মই অসুখী হৈ পৰো।’

‘বুজা নাই।’

‘এইটো লোৱা মোৰ নম্বৰ, কথা পাতিম। মন গ’লে কলো কৰিম। কামোৰ নাখাবা, কিছুমান কথা নোকোৱাকৈ মোৰ শান্তি নহব মনত। তুমি শুনিবানে ৰাধা?’

‘উমম শুনিম।’

তেওঁ দুপিয়াই দুপিয়াই যোৱাৰ দিশে মই চাই থাকিলো। উখই পাঁচ ফুট ছয় ইন্সিমানৰ মানুহজনৰ গাত এক বিশেষ আকৰ্ষণ আছে। দুপিয়াই যাওঁতে তেওঁ নিশ্চিতভাৱে কষ্ট পাইছে, সঁচাকৈয়ে তেওঁ মোৰ বাবেই আহিলেনে ইমান কষ্টখন কৰি? কিয় জানো এপলকৰ বাবে বিশ্বাস কৰিবৰ মন গ’ল তেওঁক। কৰিম জানো ফোনটো? কৰিবৰো মন গৈছে দেখোন, এক বিশেষ চাপ মোৰ মনত বহুৱাই থৈ গ’ল তেওঁ। মনৰ মাজত অজস্ৰ উগুল থুগুল লৈ বহুদেৰি বেন্সখনতেই বহি থাকিলো। সেইদিনা অন্তৰত মাৰ নোযোৱা উত্তেজনা। কিবা এটা হৈছে মোৰ। কিয় ইমান উৎসুক হৈ পৰিছো মানুহজনৰ প্ৰতি? তেওঁৰ চকুত এনে কি সন্মোহনী যে মনত পেলালেই মোৰ সমগ্ৰ দেহত সাত সাগৰ তেৰ নদঘৰ সমস্ত ঢৌৱে খেলা কৰি যায়। জোৰ কৰিও আঁতৰাই পঠিয়াব পৰা নাই সেই দুপিয়াই খোজ কঢ়া অৱয়ৱ, সেই মুখ আৰু সেই কাতৰ চকুহালৰ নিমন্ত্ৰণ। ভাবিয়ে থাকিলো উৰেটো সন্ধিয়া, ভাতকেইটা নাকে মুখে গুজি আকৌ সেই একেবোৰ কথাকেই ভাবি আছো। এবাৰ মন কৰিলো তেওঁ হুৱাটছএপত অনলাইন আছে।

‘ৰাধা।’

এক মিনিটৰ পিছতেই নীলা টিক চিহ্ণণ দুটা জিলিকি উঠিল।

‘অহ্ মই ভাবিছিলো তুমি ছাগৈ মোক সন্দেহ হে কৰিলা। মেছেজ এটাও যে দিলা।’

‘শুৱা নাই?’

‘নাই, টোপনি এতিয়াই ধৰাৰ নিয়মেই নাই।’

‘ময়ো নাই শুৱা, ভাহিলো আপোনাকেই মেছেজ এটা কৰো। অথনি বৰ উৎসুক হৈ থাকি গ’লো। কি নো কৈ গ’ল বুজিয়ে নাপালো।’

‘উমম, কিছুমান কথা মই নিজেই বুজি নাপাওঁ। মোৰ জীৱনত একো নাই জানা। বৰ অকলশৰীয়া প্ৰাণী মই, কেতিয়াবা এনেকুৱা লাগে কিয় যে কঢ়িয়াই লৈ ফুৰো এই শৰীৰটো..’

‘ইমান মৰমীয়াল পত্নী থকাৰ স্বত্বেও আপুনি নিজকে অকলশৰীয়া বুলি কৈছে। কি বিচাৰি ফুৰেনো?’

‘মোৰ পত্নীয়ে মোক ভাল নাপায় ৰাধা, তেওঁ কেৱল পত্নীৰ দায়িত্ব পালন কৰিছে। তাৰ বিনিময়ত মই তেওঁক এক মৰ্য‍দা আৰু নিৰাপত্তা দি আহিছো। মোক অসন্তোষীয়া বুলি নকবা প্লিজ, মই যিখিনি জানো সেইখিনি হে কৈছো। মোক চুক্তিবিহীন আৰু নিস্বাৰ্থ মৰমৰ প্ৰয়োজন, ভাগৰি পৰিছো নিয়ম মানি মানি। সম্বন্ধৰ উৰ্দ্ধত মই মৰম বিচাৰো, মইতো পুতলা নহয়, তেজ মঙহেৰে গঢ়া মানুহ।’

‘তেজ মঙহেৰে গঢ়া মানুহ কাৰণেইতো আপুনি বিচাৰিলেও সম্বন্ধৰ উৰ্দ্ধত প্ৰেম বিচাৰিব নোৱাৰে। মানুহ হিচাপে আমি কিছুমান সম্বন্ধ ৰক্ষা কৰি চলিবই লাগিব।’

‘মই জানো তোমাৰ বুজিবলৈ অসুবিধা হব, তথাপি কিয় জানো তোমাক কলো। তোমাক মোৰ ভাল লাগি গৈছিল, বৰ আপোন যেন এক অনুভৱ।’

‘বুজিবলৈ অসুবিধা হোৱা নাই, কিন্তু এতিয়াটো আপুনি উপায়হীন। জীৱনৰ পৰা আপুনি ইমানখিনি দাবী কৰিব নোৱাৰে। বহুতেতো আপুনি পোৱাখিনিও নাপায়।’

দীঘল হুমুনিয়াহ এটা কাঢ়ি তেওঁ ক’লে; ‘জানো।’

মাজে মাজে আমি ফোনত কথা পাতিছিলো, প্ৰায়েই কল তেখেতেই কৰিছিল। মোক বিভিন্ন অভিজ্ঞতাৰ কথা কৈ শুনাইছিল, গান গাই শুনাইছিল। তেওঁৰ কণ্ঠ বৰ সুৱলা, শুনিলে শুনি থাকিব মন যায়। প্ৰায়ে মোক বাউল, লালন আদিবোৰ গাই শুনাইছিল। কেতিয়াবা তেওঁৰ একান্তই গোপন বাসনাবিলাক লুক ঢাক নোহোৱাকৈ কৈ শুনাইছিল। প্ৰথমে মোৰ লাজ লাগিছিল যদিও দুদিনমান পিছতেই ময়ো অভ‍্যস্ত হৈ পৰিছিলো। তেওঁক বাধা দিব পৰা নাছিলো মই, উৎসুকটো আছিলোৱেই মানুহজনৰ প্ৰতি, লগতে আছিল এক তীব্ৰ সন্মোহনী। এই সন্মোহন দিনে দিনে তীব্ৰতৰ হৈ গৈ আছিল। যিমানে বেছি তেওঁক জানিব লৈছিলো সিমানেই বেছি তেওঁক আৰু বেছিকৈ জনাৰ হাবিয়াস বাঢ়ি গৈ আছিল। মানুহজন বেয়া নহয়, সন্দেহজনক যেন নালাগে। আমি পাৰ্কতেই লগো কৰিছিলো। তেওঁ মোৰ কাষত বহিছিল, মোলৈ কেতিয়াবা নিজ হাতে বনোৱা গমৰ লাডু লৈ আনিছিল। অনেক কথা কৈছিল, তেওঁৰ শৈশৱৰ পৰা আদি কৰি বৰ্তমানলৈকে ঘটি যোৱা সৰু বৰ অনেক ঘটনা। কৈছিল তেওঁৰ ঘৰখনৰ কথা, পত্নীৰ সৈতে প্ৰথম চিনাকি হোৱাৰ কথা। আমোদজনক, দুখজনক অনেক ঘটনা, কেতিয়াবা আমি মৌন হৈ পাৰ্কত খেলি থকা ল’ৰা ছোৱালিবিলাকলৈ চাই ৰৈছিলো। আন নহলে কেতিয়াবা আমাক মৌপিয়া চৰাই এটাই প্ৰায়ে দেখা দিছিল, আমি একেলগে তাকেই চাই ৰওঁ। মোৰ মনত পৰে তেওঁৰ পত্নীলৈ, অনেক মৰমীয়াল, সম্ভ্ৰান্ত বঙালী পৰিয়ালৰ জী। উচ্চশিক্ষিতা, ৰূপে গুণে তমস্কাৰ। তেখেতলৈ মোৰ বেয়া লাগে, অনুশোচনাও হয়, তেখেতক যেন আমি সবে মিলি ফাঁকি দি আছো, এনে লাগে। এই বেয়া লগা, অনুশোচনাবিলাকৰ আঁৰত কৰবাত ঈৰ্ষা অলপো নথকা নহয়। এই ঈৰ্ষা ভাৱটো জগাই লোৱাৰ মোৰ কোনো অধিকাৰ নাছিল আচলতে। মোৰ কাষত সদায় বহাহি মানুহজন তেওঁৰ পত্নীক লৈ সুখী। দিনে ৰাতিয়ে পত্নীৰ শ্ৰুস্ৰষা কৰিছে, পত্নীয়েও সেই অনুপাতে তেওঁৰ পত্নীধৰ্ম পালন কৰিছে। নিয়মমতে মই সুখীহে হব লাগে তেওঁলোকৰ বাবে। তেনেহ’লে এই ঈৰ্ষা কিয়?

কথাবোৰ ভাবি পাৰ নাপাওঁ। ভাবিবলৈ এৰিও দিব নোৱাৰো দেখোন, অনবৰতে খুন্দিয়াই থাকেহি মনৰ মাজত। এনেদৰেই এদিন তেওঁ মোৰ হাতখন মুঠি মাৰি ধৰিছিল, আমি বহুত সময় তেনেকৈয়ে আছিলো। তেওঁ কৈছিল, ‘এৰি নিদিবা হাতখন, প্লিজ। মোৰ খালি হৈ থকা জেগাকণ পুৰ কৰা।’ মই জানো কিয় দুৰ্বল হৈ পৰিছিলো। কি আৱেগত কৰিছিলো আত্মসমৰ্পণ, আজি পৰ্য‍্যন্ত নাজানিলো। জানি শুনি পৰপুৰুষৰ ওচৰত আশ্ৰয় বিচৰাটো মোৰ নীতিৰ বাহিৰৰ কথা। তাতেই মই তেওঁৰ পত্নীক চিনি পাওঁ, অত‍্যন্ত শ্ৰদ্ধা কৰিছিলো তেওঁলোকৰ সম্পৰ্কক। মুগ্ধ হৈ চাই ৰৈছিলো। সঘনাই ভুগিছিলো অনুশোচনাত, নিজ চৰিত্ৰৰ ওপৰতে সন্দেহ হৈছিল। বাৰে পতি এনে লাগিছিল যেন এতিয়াই গৈ প্ৰীতি নামৰ মানুহগৰাকীৰ ওচৰত আঁঠু লৈ কান্দি কান্দি সকলো কথা কৈ দিম, আৰু আজীৱন তেওঁলোকৰ জীৱনৰ পৰা দূৰত থকাৰ কথা দিম। কিন্তু নোৱাৰিলো। মানুহজন মোৰ পৰা আঁতৰি যাব বুলি ভয় এটাই বুকুত বাঁহ বান্ধিছিল। সেই ভয়েই মোক দুৰ্বল কৰি পেলালে। কি আছিল সেই মানুহজনৰ মাজত যে মোক টানি লৈ গ’ল, চম্ভালিবও নোৱাৰিলো নিজক।

‘কৰবাত যাওঁ বলা।’

‘ক’ত?’

‘ওচৰতেই কৰবাত, এৰাতি থকাকৈ যাম।’

‘আপোনাৰ শ্ৰীমতীক এই অৱস্থাত এৰি থৈ যোৱাটো উচিতনে?’

‘উচিত অনুচিত পিছত ভাবিম। মাথোঁ এটা ৰাতি দিয়া মোক, এনেকৈ জানো জীয়াই থাকিব পাৰি?’

‘যাম দিয়ক। আপোনাক না কব নোৱাৰো মই।’

‘এওঁক কাম কৰা বাইজনীয়ে চাই আছে। দিগদাৰ নহয়, হৈছেই আগতকৈ ভাল।’

গুচি গ’লো। তেওঁ মোক হিয়া উজাৰি মৰম কৰিছিল। সেই মৰমত মই তিলমাত্ৰও কৃত্তিমতা দেখা পোৱা নাছিলো। আমাৰ মাজত সকলোখিনি হৈ যোৱাৰ পিছতো মই তেওঁৰ ভালপোৱাত নিৰাপত্তা আৰু সন্মান প্ৰদৰ্শনৰ বাহিৰে আন একোৱে দেখা নাপালো। উৰে ৰাতি তেওঁ মোক বুকুৰ উম দি শুৱাই ৰাখিলে। তেওঁ বিচৰাখিনিও মই নিদিয়াকৈ নাথাকিলো। শব্দৰ সিপাৰে, সম্পৰ্ক বহীৰ্ভূত, নামবিহীন, প্ৰতিশ্ৰুতিবিহীন, সুখী আছিলো আমি সেই ৰাতি। পূৰ্ণিমাৰ জোনাক নিশা আমি একেলগে উপভোগ কৰিছিলো। কথা পাতিছিলো, গান গাইছিলো, হাঁহি হাঁহি বাগৰি পৰিছিলো। পৰিচিত হৈ পৰিছিল তেওঁৰ শৰীৰৰ সুগন্ধি। হেঁপাহেৰে উজাই লৈছিলো, আজিও ভুল নহয়। তেওঁ মোক কৈছিল, ‘ভুল নুবুজিবি পাগলী, এইবোৰ মাথোঁ মৰম। যি আজি বছৰ বছৰ ধৰি মাথোঁ তোৰ বাবে সাঁচি থৈছিলো। তই মোক সম্পূৰ্ণ কৰিলি আই, মই আৰু লজ্জিত নহওঁ নিজৰ ওচৰতে। তোকো বিপদত নেপেলাওঁ, ভৰসা কৰ। তোৰ সন্মান এতিয়াও অটুট আছে।’সেই ৰাতি তেওঁ আৰু বহুত কথা কৈছিল, শিকাইছিল। সিবিলাক কথা মই আজিও সাদৰেৰে অনুকৰণ কৰি আহিছো। জীৱনত সেইবিলাক কথা প্ৰয়োগ কৰি মই যথেষ্ট সুফলপ্ৰাপ্তও হৈছো যেন বোধ হয়।

সেই ৰাতিটোৰ পিছত তেওঁ হঠাত হোৱাৰ দৰে সলনি হৈ গৈছিল। ক্ৰমাৎ যেন বাঢ়ি আহিল দূৰত্ব। নাই কোনো মেছেজ, নাই আন কোনো খবৰ। ফোন কৰিলো এবাৰ, তেখেত অফিচৰ পৰা বাহিৰে বাহিৰে পত্নীক লৈ চেক আপলৈ গৈছে। মোক পুনৰ ক’লে ভালকৈ থাকিবলৈ। মই এইটো সময়ত দিগদাৰ নিদিয়াই ভাল হব বুলি ফোনটো ৰাখি থলো। তাৰ পিছৰ সময়খিনি মাথো অপেক্ষা। পাৰ্কত গৈ বহি থাকো তেখেত আহিব বুলি, নাহে। ফোন কৰিবলৈও ভাল নালাগে, মই যে ভিতৰি ভিতৰি বিচলিত হৈ পৰিছো সেই কথাটো তেওঁক জানিবলৈ দিব নোৱাৰি। ফোন কৰি থাকিলেই কথাটো গম পায় যাব। সংকোচ ভাৱ এটাও কব নোৱাৰাকৈয়ে গঢ় লৈ উঠিল। অথচ সেই ৰাতি আমি কিমান সহজ হৈ পৰিছিলো ইজনে সিজনৰ ওচৰত। আমাৰ সম্পৰ্কটো লুটিয়াই বগৰাই জুকিয়াই চাওঁ। হয়, ইয়াত কোনো প্ৰতিশ্ৰুতি নাছিল, তেখেতে কেৱল মোৰ পৰা নিস্বাৰ্থ মৰম বিচাৰিছিল, বিনিময়ত ময়ো একো আকাংক্ষা নকৰাকৈয়ে হিয়াৰ সমস্ত মৰম ৰাতিটোতেই উজাৰি দিছিলো। মই জানো জনা নাছিলো যে কেৱল এটা ৰাতিহে তেওঁ মোৰপৰা বিচাৰিছিল? তেন্তে কিয় হৈছো মই বিচলিত, কিয় বিষাইছে বুকুখন? ক্ষন্তেকীয়া সুখৰ কাৰণে বিক্ৰী কৰি দিলো নেকি নিজকে সেই ৰাতি। নালাগে দেখোন, সস্তীয়া নাছিল সেই সম্পৰ্ক। কি বিচাৰিছিলো মই মানুহজনৰপৰা, মানুহজনেইবা মোক কি দিম বুলি কৈছিল। নাই, কতো কেৰুণ নাই, কেউফালে কথাবোৰ ঠিকেই আছে। তথাপি, কৰবাত নিজৰ প্ৰতি পুতৌ উপজিল। মন বহাব নোৱাৰা হ’লো কাম বনবিলাকত। ফ’নটো বাজিলেই তেওঁ নেকি চাওঁ। বহুত কষ্টেৰে নিজকে ব‍্যস্ত ৰাখিব খোজো। তেখৈতৰো দেখা দেখি নাই।

এনেকৈয়ে গ’ল বেছ কিছু দিন। কিছুমান সময় পাহৰি পেলাবলৈ সক্ষম হৈছিলো যদিও মাজে মাজে কথাকেইটাই খুদুৱাই থাকে। এদিন আকৌ ময়েই ফোন কৰিছিলো। তেওঁ অফিচত অভাৰটাইম কৰিছে, খুওব ব‍্যস্ত। পত্নী আগতকৈ সুস্থ যদিও বেডৰেষ্টতেই আছে। মই আৰু একো নুসুধিলো। এদিন ম’বাইলৰ স্ক্ৰীণত তেওঁৰ নামটো ভাঁহি আছিল। একদম অনাকাংক্ষিতভাৱে তেওঁৰ কলটো অহাত বুকুখন ঢিপিংকৈ গ’ল।

‘কাহিনী এটাৰ কথা ভাবিছানে?’

‘কাহিনী?’

‘তোমাক জানো মই কাহিনী এটাৰ উপহাৰ দিয়া নাই?’

‘বুজা নাই।’

‘জানো তোমাৰ কষ্ট হৈছে। তোমালোক ছোৱালী মানুহবোৰ ইমান আৱেগিক কিয়? তুমি মোক সেই বিশেষ ৰাতিটো উপহাৰ দিলা। ইমানতেই সন্তুষ্ট থকা ভকত নহয় মই। মোক আমাৰ এই কাহিনীটো তোমাৰ হাতৰ গল্প হিচাপে লাগে। জানো তুমি লিখা মেলা কৰা, তোমাৰ দুটামান ব্লগ পঢ়িছো, তামাম, মানে সাংঘাতিক, ফাৰ্ষ্ট ক্লাছ।’

‘কি ফাল্টু কাম কৰিছে?’

‘নাই কৰা ফাল্টু কাম। তোমাক মই এতিয়াও কোৱাৰ দৰেই ভালপাওঁ। তোমাৰ স্থান বিশেষ, সেই স্থান আন কোনেও অধিকাৰ কৰিব নোৱাৰে। জানাই দেখোন, মই এজন বিবাহিত পুৰুষ। মই মোৰ পত্নীক ভালপাওঁ, তেওঁৰ প্ৰতি মোৰ বিশেষ কিছুমান কৰ্তব‍্য আছে। বৰ বেয়া কৰিছিলো তেওঁৰ সৈতে। এতিয়া সেই ঋণ ময়েইতো পৰিশোধ কৰিব লাগিব না। তেওঁ মোৰ পত্নী হয় আফ্টাৰ অল‌। তোমাৰ পৰা মই একো লুকুওৱা নাছিলো, এতিয়াও লুকুওৱা নাই। মাথোঁ এটা কথাৰ বাহিৰে।’

‘বেয়া কৰিছিলে মানে, আপুনি এতিয়াহে অনুতপ্ত হৈছে নেকি?’

‘তোমাৰ লগত যিখিনি সময় পাৰ কৰিলো, সেই সময়খিনিৰ বাবে মই জীৱনত অনুতপ্ত নহওঁ। মোৰ একান্তই প্ৰয়োজনীয় আছিল সেইখিনি। মনে প্ৰাণে তোমাক বিচাৰিছিলো। চুক্তিবিহীন প্ৰেম। কিমান কি যে নকৰিলো তাৰ বাবে। কিমান মিলাব লগীয়া নহৈছিল।’

‘অৰ্থাৎ…..সেই এক্সিডেণ্টটোও….’

‘উমম, জানি শুনিয়েই কৰি দিছিলো। নহলে কোনো সুবিধাই নাপালো হয় তোমাৰ লগত কথা পাতিবলৈ।’

‘হব, ৰাখক ফোন। আজিৰ পৰা আৰু ফোন নকৰিব।’

বহুদিন বিৰতি ললো, আখৰ এটাও টাইপ মাৰিবলৈ শক্তি নোহোৱা হৈ গৈছিল।বহুত ভাবিলো, কাক দুষিম? দুষি দুষি তো জীৱন নিৰ্বাহ কৰিব নোৱাৰি। সদায় কলমটোলৈকে উলটি আহো। জীৱনে এতিয়ালৈকে যিমানকেইটা বিপৰ্য‍্যয় উপহাৰ দিছে তাতোকৈও দহগুণ বেছি ঔষধৰ কাম কৰিছে কলমটোৱে, শব্দবোৰে, থুপ খাই থাকি আখৰ হৈ উলাই অহা আৱেগ অনুভূতিবোৰে। টাইপ মাৰি যে গৈছো, কষ্টবোৰ ক্ৰমান্নয়ে কমি গৈছে দেখোন। লিখোতে লিখোতে কাহিনীটো বেছ দীঘল হৈ গ’ল। হওক তেওঁ, উভটি আহিছো, এতিয়া আগৰ দৰে জীয়াই থাকিম। তেখেত ধুনীয়া স্মৃতি হৈ থাকি যাব, অলপমানো মোক কষ্ট নিদিয়াকে। আৰু সেই যে পূৰ্ণিমাৰ জোনাক নিশাটো, সেইটোও মই কেনভাছত আঁকি পেলাম অতি সোনকালে। দুখক ৰূপান্তৰিত কৰিব পৰাৰ আমোঘ অস্ত্ৰ যে মোৰ হাততেই…ভাল লাগে ভাবিলে।

আৰু সেই যে মই বিচাৰি থকা পাৰফেক্ট লাভ ষ্টৰীৰ কথাটো। বিচাৰিবলৈ বাদ দিলো, পৃথিৱীৰ কোনো বস্তুৱেই পাৰফেক্ট নহয়। সৰু সৰু কথাবিলাকতেই অন্তৰ্নিহিত থাকে ভালপোৱা, ভিন্ন জনৰ মাজত এই ভালপোৱাৰেই ভিন্ন ৰূপ। কিয় নো লাগে পাৰফেক্ট হব, ভালপোৱাখিনি ক’ৰবাত জীয়াই থাকিলেই হ’ল।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে