দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ভীমবৰ দেউৰী আৰু অসমৰ জনগোষ্ঠীগত আন্দোলনঃ পটভূমিত আলোকপাত ( ড° হীৰেন গোহাঁই)

ভীমবৰ দেউৰী আৰু অসমৰ জনগোষ্ঠীগত আন্দোলনঃ পটভূমিত আলোকপাত ( ড° হীৰেন গোহাঁই)

নানা কাৰণত অসমত ব্ৰিটিছ শাসনৰ সময়ৰে পৰা জনগোষ্ঠীগত আন্দোলন হৈ আছে৷ সম্প্ৰতি যদিও সেইবিলাক আন্দোলনৰ বিষয়ে আগতকৈ বিস্তাৰিত আৰু সমৃদ্ধ আলোচনা হৈছে, তথাপি দুই-এক ব্যতিক্ৰম বাদ দিলে সেই আলোচনা সমূহত বৃটিছ যুগতকৈ গভীৰতৰ ধ্যান ধাৰণাৰ আবিৰ্ভাৱ আৰু প্ৰভাৱ দেখা নাযায়৷ এনে এক মনোভাৱ উক্ত আলোচনাবোৰত সক্ৰিয় যেন সেইবোৰ আমাৰ সমাজ তথা চেতনাৰ প্ৰান্তীয় দিশৰ কিছুমান ঘটনা৷ অথচ আমাৰ সমাজ সংস্কৃতিৰে কেতবোৰ মৌলিকদ্বন্দ্ব প্ৰকাশ ঘটিছে তেনে প্ৰতিবাদ আন্দোলন আৰু বিদ্ৰোহৰ জৰিয়তে৷ নাগাসকলৰ বিদ্ৰোহক আমি তৰ্কৰ খাতিৰত এনে প্ৰান্তীয় ঘটনা বুলি ধৰিব পাৰোঁ, কাৰণ নাগাসকলৰ মতে তেওঁলোকে কোনোদিনেই ভাৰতীয় মানুহৰ অধিপত্য আৰু অধীনতা স্বীকাৰ কৰা নাছিল৷ কিন্তু কাৰ্বি মিছিং, বড়ো আদি উপজাতিৰ (Nationality) আন্দোলন অনস্বীকাৰ্যভাৱে আমাৰ বাবেই এক কেন্দ্ৰীয় ঘটনা ৷ সেইবোৰৰ সাৰ্থক সমাধানে অসম আৰু অসমীয়াৰ তথা ভাৰতীয় সংজ্ঞা আৰু আত্মবোধো বদলাই দিব পাৰে৷ কাৰণ একে ভূখণ্ডতে চুবুৰীয়া হিচাবে এইবোৰ জনগোষ্ঠীয়ে জীৱন নিৰ্বাহ কৰি আছে যুগ যুগ ধৰি৷
অবিস্মৰণীয় কালৰে পৰা অসম বিভিন্ন জনগোষ্ঠী তথা উপজাতিৰ বাসভূমি৷ প্ৰাক-ব্ৰিটিছ যুগত বিভিন্ন জনগোষ্ঠীৰ মানুহৰ এক বৃহৎ সমাজৰ অন্তভূক্ত কৰিছিল৷ ৰাজদণ্ডৰ উপৰিও হিন্দু ধৰ্মৰ আৰু সংস্কৃতিৰ প্ৰভাৱে এই প্ৰক্ৰিয়াত সহায় কৰিছিল৷ কিন্তু বিভিন্ন জনগোষ্ঠীৰ সুকীয়া অস্তিত্বও লুপ্ত হোৱা নাছিল৷ একোটা জনগোষ্ঠীৰ বিভিন্ন অংশ এই বৃহত্তৰ সমাজৰ অংগীভূত হোৱাৰ বিভিন্ন পৰ্যায়ত আছিল-কোনো ভাগ সম্পুৰ্ণ আত্মীকৃত, কোনো ভাগ বা সম্পূৰ্ণ অনাত্মীয় আনকি প্ৰক্ৰিয়াটোৰ বিৰোধী৷ কোঁচ ৰাজত্বৰ পৰাক্ৰম যেতিয়া তেতিয়াও গোহাঁই কমল আলিৰ উত্তৰে ‘শিৱ পূজা’ অ-হিন্দু জনগোষ্ঠীয় ৰীতিত আৰু দক্ষিণে হিন্দু পূজাবিধি মতে হ’ব বুলি নৰনাৰায়ণে নিয়ম বান্ধি দিবলৈ বাধ্য হেছিল৷ মোৱামৰীয়া বিদ্ৰোহৰ এক প্ৰধান দিশ আছিল আহোম কেন্দ্ৰীভূত শাসনৰ বিৰুদ্ধে বিভিন্ন জনগোষ্ঠীৰ বিদ্ৰোহ৷
ব্ৰিটিছ যুগতো এই বিভিন্ন জনগোষ্ঠীৰ অস্তিত্ব তথা সহাৱস্থান আছিল তৎকালীন অসমৰ অন্যতম বৈশিষ্ট্য৷ কিন্তু এই যুগত এহাতে ব্ৰিটিছ শাসন, উপনিবেশিক পুঁজিবাদ, উন্নত সংযোগ ব্যৱস্থা আদিয়ে জনগোষ্ঠীবোৰক পৰস্পৰৰ ওচৰ চপাই আনিছিল, আনহাতে তেনে প্ৰক্ৰিয়াত অধিক দক্ষতাৰে সহযোগিতা কৰা বৰ্ণহিন্দু অসমীয়াসকলৰ প্ৰতিপত্তি স্থাপিত হৈছিল৷
সমগ্ৰ উপনেবিশক প্ৰক্ৰিয়াৰ নানা লুন্ঠন, উৎপীড়ন, শোষণৰ আটাইতকৈ অসহায় বলি হৈছিল জনজাতীয় জনগোষ্ঠীৰ আৰু নিম্নবৰ্ণৰ মানুহখিনি৷ আৰু সেই শোষণ -লুন্ঠনৰ সহযোগী বৰ্ণহিন্দু অসমীয়া, বঙালী বা মাৰোৱৰী স্বাভাৱিকতে উক্ত জনগোষ্ঠীয় লোকসকলৰ চেতনাত শক্ৰৰূপে অথবা অনাত্মীয়ৰূপে চিহ্নত হৈছিল৷ হয়তো তাৰ ভিতৰতে পূৰ্বৰ ঐতিহাসিক সম্পৰ্কৰ বাবে অসমীয়া মানুহখিনিৰ প্ৰতি জনজাতীয়সকলৰ সন্দেহ আৰু বিৰাগ কিছু কম আছিল৷

আৰু এটা কথা মনত ৰখা দৰকাৰ৷ ব্ৰিটিছ যুগতহে আজিৰ অসমীয়া বুলি পৰিচিত মানুহখিনিৰ মাজত ঐক্য আৰু অনাত্মীয়তাবোধ প্ৰবল হৈছিল জাতীয়তাবাদী মতাদৰ্শৰ প্ৰভাৱত৷ আৰু সেই প্ৰক্ৰিয়াৰ ফলতে অসমীয়া তথাকথিত জাতীয় সংস্কৃতি [ঘাইকৈ ধৰ্ম] গ্ৰহণ নকৰা জনগোষ্ঠীবোৰৰ লগত অসমীয়া মানুহৰ ব্যৱধান বৃদ্ধি পাইছিল৷ অসমীয়া জাতীয়তাবাদে অসমীয়া মানুহক তুলনামুলক ভাৱে উপনিবেশিক যুগৰ যৎকিঞ্চিত সা-সুবিধা অধিক মাত্ৰাত ভোগ কৰাৰ সুযোগ দিছিল৷ অৱশ্যে এই জাতীয়তাবাদো অপেক্ষাকৃত উন্নত বা আৰ্থিক ভাৱে অগ্ৰসৰ বঙালী, মৰোৱাৰী আদিৰ বিৰুেদ্ধ এক আত্মৰক্ষামূলক ভাবাদৰ্শ আছিল৷ আগ্ৰামী ভূমিকা লোৱাৰ অৱকাশ তাৰ বাবে পোনতে তাকৰ আছিল৷
কিন্তু এই সামাজিক পৰিস্থিতিৰ পটভূমিত বিৰাজ কৰিছিল উপনিবেশিক ব্যৱস্থাৰ নিদাৰুণ আৰু প্ৰচণ্ড শোষণ৷ ব্ৰিটিছ আইন-কানুনৰ আৱৰণে কিছু পৰিমাণে তাৰ অন্যায় বা নিষ্ঠুৰতাত ঢাকোন দিছিল৷ বিশেষকৈ অনগ্ৰসৰ গোষ্ঠীবোৰে সাম্ৰাজ্যবাদী শোষণ আৰু অত্যাচাৰৰ প্ৰকৃত স্বৰূপ দেখা নাছিল৷ তাৰ ফলত জনজাতীয় গোষ্ঠী কিছু পৰিমানে ভ্ৰান্ত চেতনাৰ চিকাৰ হৈছিল৷ আনহাতে তথাকথিত ঔপনিবেশিক আমোলৰ সুবিধাভোগী অগ্ৰসৰ গোষ্ঠীবোৰে সাম্ৰাজ্যবাদৰ পত্যক্ষ শোষণ-দমন উপলব্ধি কৰিলেও অনগ্ৰসৰ গোষ্ঠীবোৰৰ সমস্যা বা মনোকষ্ট বুজাত ব্যৰ্থ হৈছিল৷

হিন্দু ধৰ্ম তথা সমাজব্যৱস্থাৰ এক দূৰ্ভাগ্যজনক অথচ স্বকীয় বৈশিষ্ট্য হৈছে বৰ্ণবৈষম্য৷ আদিতে অ-হিন্দু মূলৰ পৰা উদ্ভূত আৰু জনজাতীয় জনগোষ্ঠীৰ লগত নিজৰ সাদৃশ্য অনুভৱ কৰা আহোম কোঁচ মেছ আদি ৰাজবংশৰ অধীনত হিন্দু বৰ্ণবৈষম্য কিছু পৰিমাণে প্ৰকাশিত হৈ আছিল৷ কিন্তু ব্ৰিটিছ শাসনত তেনেবোৰ শাসক-গোষ্ঠীৰ অৱনতি ঘটিল আৰু স্থানীয় সমাজত বৰ্ণহিন্দু অসমীয়াৰ প্ৰতিপত্তি ঘটিল৷ ৰণনৈপুণ্য আৰু ৰাজনৈতিক প্ৰশাসনতকৈ হিচাপ-পত্ৰ ৰখা, নথিপত্ৰৰ খচৰা কৰা আদি কাৰ্যকলাপত দক্ষতা উপনিবেশিক প্ৰশাসনৰ সদস্য হ’বলৈ স্থানীয় মানুহৰ বাবে অধিক গুৰুত্বপূৰ্ণ অৰ্হতা হৈ পৰিল৷ ফলত বৰ্ণহিন্দু চামে ইংৰাজী শিক্ষাৰ জোৰত ওপনিবেশিক প্ৰশাসনৰ তলৰ মহলাৰ পদবোৰ, যেনে-মৌজাদাৰ, চিৰস্তাদাৰ, নাজিৰ, মাটি হাকিম, প্ৰভূতি-প্ৰায় একচেতিয়াভাৱে দখল কৰিলে৷ চাকৰিৰ প্ৰতিযোগিতাত সামাজিক বৈষম্যত ব্যৱহৃত হ’ল৷ বৰ্ণহিন্দুৰ অৱজ্ঞা-অৱহেলাই নিম্নবৰ্ণৰ আৰু জনজাতীয় মানুহখিনিৰ আত্মবিশ্বাস আৰু উদ্যম ভালেখিনি হ্ৰাস কৰিলে৷ এনে ৰীতি-নীতিগত অবদমন ভীমবৰ দেউৰীৰ জীৱনৰ দুটা গুৰুত্বমূৰ্ণ ঘটনাত প্ৰভাৱ পেলাইছিল৷ প্ৰথমটো হৈছে-কটন ছাত্ৰাবাসত আহাৰগ্ৰহণৰ সময়ত পোৱা বাধা-নিষেধ (যিটোৱে জনজাতীয় ছাত্ৰক বিক্ষুব্ধ কৰিছিল) আৰু দ্বিতীয়টো হৈছে ই-এ-চিপৰীক্ষাত প্ৰথম হোৱা সত্বেও ‘সম্ভান্ত পৰিয়ালৰ নহয়’ বুলি কনকলাল বৰুৱাৰ অভিমতৰ ফলত ব্ৰিটিছ ঔপনিবেশিক ব্যৱস্থাৰ নিয়ম অনুযায়ী তেওঁৰ প্ৰাৰ্থীত্ব নামঞ্জুৰ হোৱা ঘটনা৷

সৰ্বসাধাৰণ জনজাতীয় ৰাইজৰ বাবে প্ৰধান বিপদ আহিছিল ঔপনিবেশিক ভূমি বন্দোৱস্তিৰ পৰা৷১৮৯৬ চনৰ Assam Land Revenue Manual ঘাইকৈ স্থায়ী কৃষিত জড়িত ‘উন্নত’ চাম কৃষকৰ দাবী আৰু অধিকাৰ লৈ ব্যস্ত৷ কিন্তু অস্থায়ী তথা ঠাই সলাই কৰা ঝুম আদি খেতিত জড়িত জনজাতীয় খেতিয়কৰ দাবী বিবেচিত হোৱা নাই৷ ব্ৰিটিছ চৰকাৰৰ বাবে খাজনা দিব পৰা মানুহখিনিহে প্ৰজা৷ মাটিৰ খাজনা নিদিয়া মানুহখিনি যেন হিচাবৰ বাহিৰত৷ সেয়ে চৰকাৰৰ সিদ্ধান্ত মতে নিয়মিতভাৱে ঠাই সলাই সলাই খেতি কাৰ বহু অঞ্চলৰ মাটি ‘পতিত মাটি’ বুলি নাম মাত্ৰ মূল্যত চাহবাগানক দিয়া হ’ল৷ আনহাতে যেতিয়া তেনে মাটি কোনো জমিদাৰ বা দীঘলীয়া পট্টা থকা মাটিগিৰীৰ দখললৈ গ’ল, তেওঁলোকেও জনজাতীয় খেতিয়ক শোষণ কৰাৰ সুযোগ পালে৷ ১৮৯৬ চনৰ Assam Land Revenue Manual ৰ সমালোচনাত্মক অধ্যয়নৰ পৰা তেনে ধাৰণাই জন্মে৷ আমাৰ সেই বিশ্লেষণ স্থানান্তৰত প্ৰকাশিত হ’ব৷

পূৰ্বে জনজাতীয় জনগোষ্ঠীৰ কিছুসংখ্যক লোকে একোটা বিস্তীৰ্ণ অঞ্চলত নিজস্ব জীৱন-যাত্ৰা, সংস্কৃতি আৰু ধৰ্ম লৈ আচুতীয়াকৈ জীৱন-নিৰ্বাহ কৰি আছিল৷ ঔপনিবেশিক অৰ্থনীতি প্ৰশাসন আৰু সংযোগ ব্যৱস্থাই সেই বিছন্নি আৰু নিৰুদ্বেগ জীৱন অসম্ভৱ কৰি তুলিলে৷ ঔপনিবেশিক ব্যৱস্থা আছিল কেইবাখলপীয়া শোষণৰ পিৰামিড্।ওপৰ খলপাত যদি সাম্ৰাজ্যবাদী পুঁজি আৰু চৰকাৰ মাজৰ খলপাত ভাৰতীয় বৃহৎ ব্যৱসায়ী আৰু জমিদাৰ আৰু তলৰ খলপাত গাঁয়ে-ভূঞে সিঁচৰিত হৈ থকা সুদখোৰ মহাজন, ক্ষুদ্ৰ ব্যৱসায়ী, ক্ষুদ্ৰ জমিদাৰ ভোঁটাদাৰ, মৌজাদাৰ, তহছিলদাৰ আৰু মণ্ডল কাননগো-গাঁওবুঢ়া আদি ক্ষুদ্ৰ আমোলা৷ সেয়ে নিৰীহ, নিৰ্বিৰোধ জনজাতীয় জনগোষ্ঠীবিলাক শোষণ-লুন্ঠনৰ পাকচক্ৰত দ্ৰুতগতিত সোমাই পৰিল৷ যিবিলাকে অতীষ্ঠ হৈ সংগ্ৰাম কৰিলে, ঔপনিবেশিক প্ৰশাসনক প্ৰত্যাহ্বান জনালে, তেওঁলোকৰ বীৰত্বপূৰ্ণ বিদ্ৰোহক উন্নত অস্ত্ৰশস্ত্ৰৰ সহায়ত ঔপনিবেশিক চৰকাৰে কঠোৰ হস্তে, নিষ্ঠুৰভাৱে দমন কৰিলে৷ তাহানিৰ অসম প্ৰদেশত (আজি যাক উত্তৰ পূব বুলি কোৱা হয়) ১৮৩৯-৪০ চনত মটক জনগোষ্ঠীয়ে, ১৯২৯ চনত তৰিৎ সিঙৰ নেতৃত্বত খাছি গোষ্ঠীপ্ৰধানসকলে, ১৮৩৫ চনত অকাসকলে ১৮৪১-৪২ আৰু ১৮৪৯ চনত আংগামি নগাসকলে বিদ্ৰোহ কৰে৷ অসমতো ‘ফুলগুৰিৰ ধেৱা’ত জনজাতীয় কৃষকৰ যোগদান আছিল বিশেষ উল্লেখযোগ্য৷ এইবোৰ বিদ্ৰোহ দমন কৰি ব্ৰিটিছৰ দখলত থকা ভূখণ্ড চকুত পৰাকৈ বহলাই পেলোৱা হ’ল৷

মধ্যযুগত হিন্দু ধৰ্ম আৰু সংস্কৃতিৰ প্ৰসাৰে এইবোৰ জনগোষ্ঠীৰ একাংশৰ মাজত একাধাৰে উন্নত কৃষি আৰু হিন্দুভাবাপন্ন সংস্কৃতি বিয়পাই দিছিল৷ তাৰ ফলত তেওঁলোকৰ স্বাধীনতাপ্ৰিয়, পৃথক, আত্মাভিমানী মনোবৃত্তিৰ পৰিৱৰ্তন ঘটিছিল৷ কিন্তু প্ৰক্ৰিয়াটো আছিল বিলম্বিত আৰু শ্ল’গতিৰ ৷ ঔপনিবেশিক প্ৰশাসনে উগ্ৰ স্বাধীনতাপ্ৰিয় জাতিবিলাকক ‘সভ্যতা’ৰ শিক্ষা দিবলৈ খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰকসকলক ব্যৱহাৰ কৰিলে৷ বৰ্তমান উগ্ৰহিন্দুত্ববাদে খ্ৰীষ্ট ধৰ্মাৱলম্বীসকলক বিপদত পেলোৱা হেতুকে যদিও এই কথা কোৱাত কিছু অনুবিধা সৃষ্টি কৰে, তথাপি উনবিংশ শতাব্দীত খ্ৰীষ্টিয় ধৰ্মপ্ৰচাৰক সকলে জনজাতীয় জনগোষ্ঠীৰ প্ৰতি আগবঢ়োৱা আশাশুধীয়া সেৱাক একেবাৰে নিঃস্বাৰ্থ বুলি ক’ব নোৱাৰি৷ অন্ততঃ তাৰ লগতে ঔপনিবেশিক প্ৰশাসনৰ লক্ষ্যৰ বিৰোধ হোৱা নাছিল৷ কিন্তু সেই ধৰ্মপ্ৰচাৰত অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবোৰও বৰ উৎসাহেৰে সঁহাৰি দিয়া নাছিল৷ ফলত অগ্ৰৱৰ্ভী, উন্নত বৰ্ণহিন্দুসকলে প্ৰতিপত্তি কৰা ঔপনিবেশিক ভাৰতীয় সমাজত জনজাতীয় জনগোষ্ঠীবিলাক দুটা বিপদৰ সন্মুখীন হৈছিল-অৰ্থনৈতিক শোষণ তথা দৰিদ্ৰ আৰু সামাজিক নিষ্পেষণ তথা বৈষম্য৷

গোৱালপাৰাৰ জমিদাৰী একেলাবোৰত উনবিংশ শতাব্দীৰ শেষ চোৱাৰ পৰাই এচাম বড়ো মুখিয়াল মানুহে পৰম্পৰাগত কৃষি আৰু কৃষিভিত্তিক সংস্কৃতিৰ গণ্ডীৰ বাহিৰৰ কাঠৰ মহল আৰু কাৰবাৰ আদিৰ জৰিয়তে স্বচ্ছলতা অৰ্জন কৰে৷ (এওঁলোকে আমাৰ অসমীয়া ভোলানাথ বৰুৱা আদি ব্যৱসায়ীৰ দৰেই ঔপনিবেশিক অৰ্থনীতিৰে সহযোগী তথা নুমলিয়া অংশীদাৰ আছিল৷) বৰ্ণহিন্দু জাতিবোৰৰ বৈষম্য আৰু অৱহেলাৰ হাত সাৰি ক্ষীপ্ৰগতিত আত্মাভিমান আত্মমৰ্যদা পুনৰুদ্ধাৰ কৰিবলৈ এওঁলোকৰ এজনে (গুৰুদেৱ কালিচৰণ ব্ৰহ্ম) ব্ৰহ্মধৰ্ম প্ৰচলন কৰিছিল৷ আচাৰৰ পিনৰ পৰা মদ আৰু গাহৰি বৰ্জন কৰি আৰু আৰু বৈদিক আৰ্হিৰ যজ্ঞ অনুষ্ঠান কৰি তেওঁলোকে যেনেকৈ ধৰ্মীয় আচাৰত বৰ্ণহিন্দু সমকক্ষ্য হ’ব খুজিছিল, তেনেকৈ গোষ্ঠীগত ধৰ্মতকৈ উন্নত ধ্যাণ-ধাৰণাৰ লগতো পৰিচিত হৈছিল৷ কিন্তু প্ৰতি পত্তিশালী পৰম্পৰাগত হিন্দু আচাৰ অনুষ্ঠানৰ বাহিৰত থাকি এইবোৰ কাম কৰা বাবে তেওঁলোকৰ এই নতুন ধৰ্ম আৰু সংস্কৃতিয়ে বৰ্ণহিন্দুৰ চামৰ পৰা বিশেষ আনুষ্ঠানিক স্বীকৃতি পোৱা নাছিল৷

আচলতে আধ্যাত্মিক প্ৰয়োজন পূৰণ কৰাৰ লগতে এই ধৰ্মই এক সামাজিক মতাদৰ্শৰূপেও কাম কৰিছিল৷ সেই মতাদৰ্শই গোষ্ঠীটোৰ হীনমন্যতা আৰু হতাশা জয় কৰি উন্নতিৰ আশা আৰু প্ৰেৰণা সঞ্চাৰ কৰিছিল৷
উজনি অসমত সত্ৰ আৰু সত্ৰীয়া গোসাঁইৰ শৰণাপন্ন হোৱাৰ বাহিৰে যোৱা শতিকাৰ ত্ৰিশৰ দশকলৈ সামাজিক গতিশীলতাৰ কোনো পথ জনজাতীয়ৰ বাবে খোলা নাছিল৷ প্ৰক্ৰিয়াটো আছিল অতিশয় লেহেম৷ আনহাতে বৰ্দ্ধিত যোগাযোগৰ ফলত এপিনে শোষণজনিত দৰিদ্ৰতা আনপিনে সামাজিক অৱমাননাৰ বিভীষিকা জনজাতীয়ৰ বাবে অধিক নিকটৱৰ্ত্তী বাস্তৱ হৈ পৰিছিল৷ এনে এক দুৰ্যোগৰ মুহুৰ্ততে ভীমবৰ দেউৰীৰ জন্ম হয়৷

কোষেশ্বৰ বৰুৱাৰ জীৱননীগ্ৰন্থ জননেতা ভীমবৰ দেউৰীত দিয়া তথ্য অনুযায়ী ভীমবৰৰ পিতৃ গদাৰামে পৈত্ৰিক বৰগঞা দেউৰী গাঁৱৰ পৰা ৰজাবাৰীলৈ উঠি আহে৷ এই নতুন ঠাইত দেউৰী মানুহ আছিল মাত্ৰ ৪/৫ ঘৰ৷ বৰুৱাৰ ধাৰণা ল’ৰা-ছোৱালীৰ পঢ়াৰ সুবিধাৰ বাবেই তেওঁ পৈত্ৰিক ভেঁটি এৰি নতুন ঠাইলৈ উঠি আহে (পৃঃ৮)৷ তাৰ লগতে এনেদৰেও ভাৱিব পাৰি যে শংকৰী ধৰ্মত দীক্ষা লোৱা গদাৰামে পৰম্পৰাগত আচাৰ-নীতিত অভ্যস্ত পৈত্ৰিক গাঁৱত মনেৰে মিলা মানুহ বেছি লগ পোৱা নাছিল৷ অৰ্থাৎ সত্ৰত শৰণ লোৱাৰ ফল হৈছিল নিজ সমাজৰ অধিকাংশ লোকৰ লগত মানসিক বিচ্ছেদ ৷ ব্ৰহ্ম ধৰ্মত দীক্ষা ল’লেও বোধহয় দেউৰীৰ পিতৃ-মাতৃৰ একেই অৱস্থা হ’লহেঁতেন৷

এনে উভয়-সংকটত নিজে ব্ৰহ্ম ধৰ্মৰ পৰিয়ালত বিয়া-বাৰু কৰায়ো ভীমবৰ দেউৰীয়ে ব্যাপকভাৱে ধৰ্মান্তৰ পৰামৰ্শ স্বজাতীয় আৰু অন্যানৰ জনজাতীয়ৰ আগত দাঙি ধৰিব পৰা নাছিল৷ অৰ্থনৈতিক আৰু শিক্ষাগত অৱস্থাৰ উন্নয়নেই আছিল তেওঁৰ প্ৰধান কাৰ্যকৰী পৰামৰ্শ৷ জনজাতীয় সমাজত শিক্ষাৰ বিস্তাৰ , জনজাতীয় সকলৰ বাবে চাকৰি সংৰক্ষণ, মদ নিবাৰণ আদিৰ জৰীয়তেই জনজাতীয়সকলক সবল কৰিবলৈ তেওঁ আগবাঢ়িছিল৷ কিন্তু আত্মপৰিচয়ৰ প্ৰশ্নত ‘অসমীয়া’ বুলি চিনাকি দিয়াত তেওঁ আপত্তি নাছিল৷

কৃষিৰ ক্ষেত্ৰত তেওঁৰ সংশয় আছিল এয়ে যে জনজাতীয় খেতিয়কে কৃষিজাত সামগ্ৰীৰ বেপাৰ নিয়ন্ত্ৰণ নকৰে, সেইখন বজাৰ আনে নিয়ন্ত্ৰণ কৰে।তেনেকৈ কৃষিজাত শস্যক (যেনে-সৰিয়) শিল্পদ্ৰব্যত শস্যত (যেনে-মিঠাতে) পৰিণত কৰা শিল্পও আনৰ হাতত৷ সেয়ে কৃষিৰ জৰিয়তে জনজাতীয়সকলৰ অৰ্থনৈতিক উন্নয়ন তেওঁ অসম্ভৱ বুলি ভাবিছিল৷ কামৰূপ জিলাৰ ট্ৰাইবেল সন্মিলনৰ প্ৰথম অধিবেশনত (২৩ নবেম্বৰ ১৯৩৮,বৰমা) তেওঁ স্পষ্ট মত প্ৰকাশ কৰি বৈছিল ‘‘ পিছপৰা সম্প্ৰদায়ৰ লোকসলৰ প্ৰধান জীৱিকা নিৰ্বাহৰ অৱলম্বন হৈছে খেতি৷ এই খেতিয়েই হৈছে আমাৰ সকলোতকৈ পিছপৰা (Depressed) ব্যৱসায়৷ ইয়াৰ উন্নতিৰ কাৰণে চৰকাৰ বা শিক্ষিত সম্প্ৰদায়ৰ পক্ষৰপৰা একোৱেই কৰা হোৱা নাই৷ ফলত, এই ব্যৱসায়ৰ অৱস্থা এনে বেয়া যে ইয়াৰ দ্বাৰা আমাৰ অৱস্থা ভাল কৰাটো একেবাৰে অসম্ভৱেই বুলি ক’ব পাৰি৷” আকৌ কৈছে- “খেতিয়কসকলক বাণিজ্য শিল্পী আৰু বেপাৰীবিলাকৰ গ্ৰাহকৰ পৰা ৰক্ষা কৰি তেওঁলোকৰ পিছপৰা আৰু ক্ষতিত চলি থকা কৃষি ব্যৱসায়ৰ অৱস্থাৰ উন্নত হোৱাটো এতিয়াও সুদূৰপৰাহত হৈ আছে।”

ভীমবৰ দেউৰীয়ে সমবায় আন্দোলনৰ চিন্তা কিয় নকৰিলে সেইটো ভাৱিবলগীয়া ৷ ঠিক তেনেকৈ উপান্ত জনজাতীয় কৃষকৰ ভূমিহীনতা আৰু স্থায়ী উন্নত কৃষিত তেওঁলোকৰ অনগ্ৰসৰতাৰ কাৰণ ভীমবৰ দেউৰীয়ে স্পষ্টকৈ বিশ্লেষণ কৰা নাই৷ অৰ্থাৎ গণতান্ত্ৰিক মধ্যবিত্তৰ দৃষ্টিৰেই তেওঁ জনজাতীয় সমস্যাৰ অৱলোকন কৰিছে আৰু এই ক্ষেত্ৰত পূবৱৰ্তী বৰ্ণহিন্দু অসমীয়াসকলে গ্ৰহণ কৰা পথেই অনুসৰণ কৰিছে৷ সদৌ ভাৰত কৃষক সভা তথা সাম্যবাদী কৃষক আন্দোলনৰ লগত তেখেতৰ যোগাযোগ বোধহয় নাছিল৷ অৱশ্যে ৰাজনীতিৰ ক্ষেত্ৰত সাম্যবাদী সকলৰ লগত তেওঁ কিছু ঘনিষ্ঠতা হৈছিল বুলি জনা যায়৷ (কোষেশ্বৰ বৰুৱা, উল্লেখিত গ্ৰন্থ, পৃষ্ঠা ৩৩)।
কিন্তু কৃষিজীৱী জনজাতীয়সকলৰ উন্নতি আছিল তেওঁৰ অহৰহ ধ্যান৷ উপান্ত খেতিয়কৰ ভূমি সমস্যা তেওঁ আওকাণ কৰা নাছিল৷ কেৱল কৃষিৰ উন্নতিৰ জৰিয়তে কৃষকৰ উন্নতি অসম্ভৱ বুলি ভাবি কৃষিৰ চাৰিসীমাৰ বাহিৰলৈ তেওঁলোকক আনিবলৈ তেওঁ মনস্থ কৰিছিল৷ সেয়ে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ ওপৰতে তেওঁ সৰ্বাধিক গুৰুত্ব দিছিল৷ বিশেষকৈ কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ পৰা মুক্তিৰ বাবে প্ৰাথমিক শিক্ষা অপৰিহাৰ্য বুলি তেওঁ বিশ্বাস কৰিছিল৷ কামৰূপ জিলাৰ ট্ৰাইবেল সন্মিলনৰ প্ৰথম অধিবেশনৰ দৰে সদৌ অসম মটক সন্মিলনত দিয়া ভাষণতো তেওঁ কৈছিল-‘‘ অসমৰ আদিমবাসী ট্ৰাইবেল জাতীয়লোকসলৰ দৰেই আপোনালোকেও শিক্ষাৰ প্ৰতি আওকণীয়া হৈ থকা কাৰণেই সকলো বিষয়তে আপোনালোক পিছপৰা হৈ ৰ’ল৷” ধাৰণা হয় ভীমবৰ দেউৰীৰ দৰে জননেতাৰ হেঁচাতে কংগ্ৰেছে সংবিধানত বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰিছিল৷ আনহাতে দৰিদ্ৰ জনজাতীয় পৰিয়ালৰ ছাত্ৰই বিনামূলীয়া শিক্ষা লাভ কৰিব নোৱাৰাৰ ফলত বহু মেধাৱী আৰু অধ্যয়নশীল ছাত্ৰও শিক্ষাৰ পৰা বঞ্চিত হৈ থকাৰ কথা উল্লেখ কৰিছে৷
চাকৰিৰ ক্ষেত্ৰতো সংৰক্ষণ বা বিশেষ সুবিধা জনজাতীয় আন্দোলনৰ দাবী হোৱা উচিত বুলি তেওঁ ভাৱিছিল৷ তাৰ সমৰ্থনত তেওঁ এইদৰে যুক্তি দিছে ‘‘গৱৰ্ণমেন্টৰ বিভিন্ন বিভাগ বা ডিপাৰ্টমেন্টৰ চাকৰিৰ ভাগো আপোনালোকক লাগে৷ এই বিলাকত আপোনালোকক অনুগ্ৰহমূলক আগ-সুবিধা নিদিলে আপোনালোকে ভাগ পোৱা অসম্ভৱ হ’ব৷… যিসকলে আমাক চাকৰিত আগ-সুবিধা কাৰণে তিৰস্কাৰ কৰে তেওঁলোকৰ ভাই-বন্ধু আৰু সাম্বন্ধীয় মানুহবিলাকে আৰু অনেক ক্ষেত্ৰত নিজেও চাকৰিৰ কাৰণে হাবাথুৰি খোৱা দেখিলে আপোনালেকে আচৰিত মানিব৷ আপোনালোকৰ আৰু আমাৰ আৰ্থিক অৱস্থা ইমান শোচনীয় যে আমাৰ শিক্ষিত ডেকাসকলে দুই-চাৰিটা চাকৰি পালেও আমাৰ মানুহৰ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷ শিক্ষাৰ কাৰণে তেওঁলোকৰ চকু গজিব৷”(সদৌ অসম মটক সন্মিলনীত দিয়া ভাষণ, ১৯৪১ চন)৷

চমুকৈ ক’বলৈ হ’লে ঔপনিবেশিক অৰ্থনীতিৰ সামগ্ৰিক চৰিত্ৰৰ বিশ্লেষণ অথবা তাৰ আমুল সংস্কাৰৰ কথা ভীমবৰ দেউৰীয়ে কোৱা নাই৷ ঔপনিবেশিক পৰিবেশত এখন পিছপৰা প্ৰদেশৰ বৌদ্ধিক বাতাবৰণত তাৰ সঁচাৰ কাঠি তেওঁৰ হাতত নপৰাই স্বাভাৱিক৷ ডেকা কালতে বামপন্থী চিন্তাৰ সংস্পৰ্শলৈ অহা হ’লে তেওঁ সঠিক বাট বিচাৰি পালেহেঁতেন৷ কিন্তু বামপন্থী চিন্তাই ত্ৰিশৰ দশকৰ শেষৰ পিনেহে (অৰ্থাৎ ১৯৩৫-৩৬ চন মানৰ পৰা) অসমত ভূমুকি মাৰিছিল৷ ইতিমধ্যে প্ৰচলিত মধ্যবিত্ত ৰাজনীতিৰ ভাৱধাৰাত ভীমবৰ দেউৰী নিমগ্ন হৈ পৰিছিল ৷ প্ৰচলিত মধ্যবিত্ত উন্নতিৰ ধাণাৰ পৰিণাম অসমত কি হৈছে কাকো বুজাই ক’ব নালাগে৷

শিক্ষা আৰু চাকৰিত ‘অনুগ্ৰমুলক আগ-সুবিধা’ (যাক আজিকালি Affirmative action বোলা হয়) এনেয়ে লাভ কৰিব নোৱাৰি ৷ বিশেষকৈ কৃপণ ঔপনিবেশিক প্ৰশাসনত বৰ্ণহিন্দুসকলে কিছু পৰিমাণে সা-সুবিধাৰ পৰা বঞ্চিত হোৱা বাবে তাৰ ওপৰত তেওঁলোকে শেনচকু ৰাখিছিল৷ ‘আগ-সুবিধা’ৰ ফলত সেইবোৰ তাকৰীয়া সুযোগ-সুবিধাও হেৰায় বুলি বৰ্ণহিন্দু উদ্বিগ্ন হৈছিল৷ সেয়ে সংৰক্ষৰণৰ সংঘবদ্ধ আন্দোলনৰ জৰিয়তেহে জনজাতীয় নেতাসকলে তেনে সা-সুবিধা কিঞ্চিৎ অৰ্জন কৰিব পাৰিছিল৷ ৰাজনৈকি ক্ষমতাৰ অংশ অধিকাৰৰ দ্বাৰাহে জনজাতীয় নেতাসকলে তেওঁলোকৰ নিজা জনগোষ্ঠীবোৰৰ বাবে যৎকিঞ্চিৎ এনে সা-সুবিধা আদায় কৰোটো নিশ্চিত হৈছিল৷ সেয়ে মন্ত্ৰীসভা বিধানসভা আৰু লোকেল বোৰ্ড আদিত আসন সংৰক্ষণ কৰাটো জনজাতীয় স্বাধিকাৰ আৰু উন্নতিৰ আন্দোলনৰ প্ৰধান লক্ষ্য হৈ পৰিছিল৷ এই ক্ষেত্ৰত ভীমবৰ দেউৰীৰ বিচক্ষণতা আৰু দূৰদৰ্শিতা বিশেষ লক্ষণীয়৷ ১৯৩৫ চনত ভাৰতৰ শাসন সংস্কাৰত এনেকৈয়ে সংৰক্ষিত জনজাতীয় আসনৰ সুত্ৰটো গৃহীত হৈছিল৷

এই ক্ষেত্ৰত তেওঁ জনজাতীয় সতীৰ্থসকলক দিয়া নেতৃত্বৰ কেইটামান ফলাফল বিশেষভাৱে উল্লখযোগ্য৷ বৰ্ণহিন্দুৰ তীব্ৰ প্ৰতিবাদ আৰু ধিক্কাৰ সত্বেও লোকপিয়লত সকলো ট্ৰাইবেলক ট্ৰাইবেল বুলি আত্মপৰিচয় দিবলৈ উৎসাহিত কৰি তেওঁ অসমত ট্ৰাইবেলৰ জনসংখ্যা ১৯১১চনৰ ১২,৩৯,২৮০ জনৰ পৰা ১৯৪১ চনৰ ২৮,২৪,১৩৩ জনলৈ বৃদ্ধি কৰিবলৈ সক্ষম হয়৷ (পূৰ্বে এওঁলোকৰ বুজন অংশই নিজকে হিন্দু বুলিহে পৰিচয় দিছিল)৷ (কোষেশ্বৰ বৰুৱা, উল্লিখিত গ্ৰন্থ, পৃঃ১৮-২৮) এই সংখ্যাবৃদ্ধিৰ ফলতে অসমৰ বিধান সভাত ট্ৰাইবেলৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধিও সজোৰে দাবী কৰিব পৰা অৱস্থা এটা আহিল৷
আৰু এটা বিচক্ষণ সিদ্ধান্ত আছিল কংগ্ৰেছৰ লগত মিত্ৰতাৰ সময়ত জনজাতীয় সদস্যসকলে বিধান সভাত (অথবা ব্যৱস্থাপক সভাত) কংগ্ৰেছৰ লগত সম্পুৰ্ণ সহযোগিতা কৰি বিধানসভাৰ নিজৰ দলীয় পৰিচয় অটুট ৰখা (ঐ)৷ এনে ধৰণৰ দুতৰপীয়া সম্পৰ্কৰ জৰিয়তে কংগ্ৰেছ মন্ত্ৰীসভা তথা নেতৃত্বক জনজাতীয়ৰ পক্ষে হিতকৰ কেতবোৰ ব্যৱস্থা হ’বলৈ বাধ্য কৰিব পৰা গৈছিল৷ তাৰে অন্যতম আছিল ট্ৰাইবেল ‘বেল্ট আৰু ব্লক’ গঠন (উল্লিখিত গ্ৰন্থ, পৃষ্ঠ-৩২)৷ যদিও কৃষিৰ উন্নতিত এই ব্যৱস্থাই সহায় কৰা নাছিল, তথাপি জনজাতীয় কৃষক আংশিক আৰু সাময়িকভাৱে প্ৰবলতৰ গোষ্ঠীৰ নিষ্পেষণৰ পৰা সি কিছু সুৰক্ষা দিব পাৰিছিল৷

চল্লিশৰ দশকটো আৰম্ভ হোৱাৰ পূৰ্বে অসমৰ বৰ্ণহিন্দু জনগণৰ নেতা আৰু এপিনে উত্তাল মুশ্লিম বৰ্ণহিন্দু জনগণৰ নেতা আৰু এপিনে উত্তাল মুশ্লিম সাম্প্ৰদায়িক দাবীত আৰু আনপিনে উদীয়মান জনজাতীয় আৰু অনুসূচিতসকলৰ দাবী মাজত বিশেষ উদ্বিগ্ন হৈ পৰিছিল৷ সেয়ে উগ্ৰ হিন্দু মনোভাৱৰ প্ৰসাৰ আৰু প্ৰচাৰ ঘটিছিল বৰ্ণহিন্দু সমাজত ৷ (অসমীয়া-বঙালীৰ বিবাদৰ কথা নকলোৱেই), (উল্লিখিত গ্ৰন্থ, পৃঃ৩৪-৩৫) এনে জটিল পৰিস্থিতিত ট্ৰাইবেলসকলৰ স্বাৰ্থৰক্ষাৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাৰ ধাৰাবাহিকতা আছিল অপৰিহাৰ্য৷ সেয়ে বৰ্ণহিন্দুৰ তীব্ৰ আক্ৰমণ আৰু গৰিহণা আওকাণ কৰি ভীমবৰ দেউৰীয়ে ছাৰ ছাদুল্লাৰ মন্ত্ৰী সভাত ট্ৰাইবেলৰ বাবে আসন সংৰক্ষণ কৰাইছিল৷ কিন্তু তেওঁ যেতিয়া দেখিলে যে ছাৰ ছাদুল্লাৰ লগত থাকিলে অসম পূৰ্ব পাকিস্তানৰ অন্তভূৰ্ক্ত হোৱাটো খাটাং হৈ পৰে তেতিয়া সকলো থলুৱা জনগোষ্ঠীৰ স্বাৰ্থতে তেওঁ কংগ্ৰেছত যোগ দিলে৷

ইয়াকে লৈ তৎকালীন অসমৰ এজন শক্তিশালী জনগোষ্ঠীয় নেতা সুৰেণ বুঢ়াগোহাঁই লগত তেওঁৰ মতভেদ হৈছিল৷ বুঢ়াগোহাঁয়ে সেই সন্ধিক্ষণত বৰ্ণহিন্দুৰ প্ৰতি বিতুষ্ট হৈ আসন সংৰক্ষণৰ ওপৰত ইমান গুৰুত্ব দিছিল যে সুকীয়া নিৰ্বাচকমণ্ডলী (Separate Electorate) তেওঁৰ বাবে প্ৰধান লক্ষ্য হৈ পৰিছিল৷ ভীমৰৰ দেউৰীয়ে উপলব্ধি কৰিলে যে তাৰ ব্যৱস্থাপক সভাত মুশ্লিম লীগৰ সংখ্যা গৰিষ্ঠতা প্ৰতিষ্ঠিত হ’ব পাৰে৷ তেওঁ তেতিয়া জনজাতীয় ৰাইজৰ সুৰক্ষামুলক কেতবোৰ চৰ্ত সন্নিৱিষ্টি কৰি কংগ্ৰেছৰ লগত চুক্তি কৰিলে আৰু অৱশেষত কংগ্ৰেছত যোগ দিলে৷ তাৰ ফলত অসম পূৰ্বপকিস্তানত অন্তভূৰ্ক্ত হোৱাৰ পৰা সাৰিল আৰু কংগ্ৰেছেও জনজাতীয়ৰ কেতবোৰ দাবী যথাৰ্থ বুলি মানি ল’লে৷

মধ্যবত্তি ৰাজনৈতিক বাতাৱৰণত এইবোৰ চমকপ্ৰদ সাফল্য বুলি ক’ব লাগিব৷ পৰৱৰ্ত্তী কালতো জনজাতিৰ মংগল আৰু উন্নতিৰ বাবে এইবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বিবেচিত হৈছে৷ কিন্তু জনজাতীয় সমস্যাৰ সমাধানত সেইবোৰ ব্যৱস্থা সম্পুৰ্ণ সফল নহ’ল৷ কাৰণ আন্তৰিকতাৰে সেইবোৰ ব্যৱস্থা কাৰ্যকৰী কৰাত বৰ্ণহিন্দু অসমীয়া, অসমীয়া মাধ্যবিত্ত উপযোগী নহ’ল৷ ত্ৰিশৰ দশকৰ দ্বিতীয়াৰ্ধৰ পৰা গণতান্ত্ৰিক আৰু সমাজবাদী ভাবাদৰ্শই অসমীয়া বৰ্ণহিন্দুক কিছু প্ৰভাৱিত কৰিলেও জাত-পাত আৰু শ্ৰেণীগত বৈষম্য দূৰ কৰিবলৈ তেওঁলোকৰ পৰা তেনে আচৰণ আশা কৰি ভীমবৰ দেউৰীয়ে জনজাতীয় সংগ্ৰাম কিছু শিথিল কৰিলে৷

আচলতে ভীমবৰ দেউৰীয়ে উপলব্ধি কৰিছিল যে বিছন্নতাবাদতকৈ বহুল ভিত্তিৰ গণতান্ত্ৰিক জাতীয়তাইহে ঔপনিবেশিক যুগৰ বিকাৰগ্ৰস্ত অসমীয়া সমাজখনক সুস্থ বিকাশৰ পথেদি আগুৱাই নিব পাৰিব৷ সেয়ে ১৯৩৮ চনত কামৰূপ জিলাৰ ট্ৰাইবেল সন্মিলনৰ প্ৰথম অধিবেশনত তেওঁ জনজাতীয়কলক সঁকিয়াই দিছিল-‘‘আমাৰ দুখ-দুৰৱস্থাৰ কথা কওঁতে আৰু আমাৰ দাবীবিলাক দাঙি ধৰোঁতে আমি এইটো পাহৰিব নেলাগে যে আমি অসমীয়া জাতিৰ এটা অঙ্গ৷ সমূহ অসমীয়া জাতিৰ উন্নতি আৰু অৱস্থা ভাল হ’লে আমাৰ অৱস্থাও লগে লগে ভাল হ’বলৈ বাধ্য৷ আমাৰ উদ্দেশ্য হ’ব লাগিব আমাৰ অসমীয়া জাতীয়তাক বলীয়ান কৰা৷” (গোপীনাথ বৰদলৈয়ে ভীমবৰ দেউৰীৰ মনোভাৱৰ সঠিক মুল্যায়ন কৰি তেওঁক এজন অসমীয়া ‘জননেতা’ৰ সন্মান দিছিল।)

কিন্তু ঔপনিবেশিক Divide and rule নীতিৰ বিৰুদ্ধে ই সময়োচিত আৰু সাৰ্থক সঁকীয়নি হ’লেও তাৰ ৰূপায়ণত বিধি-পথালি দিলে বৰ্ণহিন্দু মনোভাৱে৷ তেওঁলোকে প্ৰকৃত জাতীয় ঐক্যৰ আঁৰত বৰ্ণগত স্বাৰ্থৰহে সেৱা কৰি গ’ল৷ তাৰ ফলত বৰদলৈ আৰু দেউৰীৰ গণতান্ত্ৰিক চিন্তা-ভাৱনাৰ উত্তৰাধিকাৰী কংগ্ৰেছৰ প্ৰভাৱশালী মহলত নাথাকিল৷ অৱশেষত ষাঠিৰ দশকৰ পৰা পুনৰ স্বাধিকাৰৰ বাবে জনজাতীয় আৰু পিছপৰা ৰাইজৰ সংগ্ৰামৰ পথত নামিবলগীয়া হৈছিল৷ গোষ্ঠীবাদ আৰু বিচ্ছিন্নতাবাদে অসমৰ জাতীয় সংকট তীব্ৰ কৰি তুলিলে৷ আজিৰ গোষ্ঠীবিবাদে অসমৰ থলুৱা জনগোষ্ঠীসমূহৰ ঐতিহাসিক উত্তৰাধিকাৰ সংকটাপন্ন কৰি তুলিছে৷ সেয়ে জননেতা ভীমবৰ দেউৰীৰ অৱদানৰ অধিক বস্তুনিষ্ঠ, বিস্তাৰিত আলোচনাৰ প্ৰয়োজন আছে৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে