চ’ৰাঘৰ / শিল্প / চলচ্চিত্ৰ / চলচ্চিত্ৰ যেতিয়া জীৱনবোধৰ দিশ হয় ( অনিতা ডেকা বৰা )

চলচ্চিত্ৰ যেতিয়া জীৱনবোধৰ দিশ হয় ( অনিতা ডেকা বৰা )

বিশ্ব চলচ্চিত্ৰত এক যুগজয়ী সৃষ্টি হ’ল দ্য বাইচাইকেল থীফ। ব্যক্তিৰ জীৱনৰ প্ৰতিটো খোজত ভগ্ন অৰ্থনৈতিক অৱস্থা আৰু ধৈৰ্যৰ এক অপূৰ্ণ সংমিশ্ৰণ। এক কথাত ক’ব গ’লে Cinematic Treatment of Actuality-ক সম্পূৰ্ণ বাস্তৱ সন্মত ভাবে প্ৰতিফলিত হোৱা সফল ছবি।
যুদ্ধোত্তৰ সময়ৰ পিছত ইটালীৰ নিবনুৱা সমস্যাই বিভিন্ন পৰিয়ালক গ্ৰাস কৰি তুলিলে। ৰোমৰ নিয়োগ ক্ষেত্ৰ সমূহতে দীঘল দীঘল নিবনুৱাৰ শাৰী। বহুদিন ধৰি চাকৰিৰ সন্ধানত থকা নিবনুৱা পিতৃ এন্টনিঅ’ই এটা সংস্থাপন পায়। ৰোম চহৰৰ ৰাজপথৰ দাঁতিত থকা দেৱালবোৰত চলচ্চিত্ৰৰ পোষ্টাৰ লগোৱা কাম। পত্নী মাৰিয়া আৰু পুত্ৰ ব্ৰুণোৰ সৈতে তিনিজনীয়া পৰিয়ালটোলৈ এক সচ্ছল অৱস্থা ঘূৰি আহিল যদিও এণ্টনিঅ’ৰ এটা নতুন সমস্যাৰ সৃষ্টি হ’ল। চহৰৰ বিভিন্ন ঠাইত পোষ্টাৰ লগাবৰ বাবে এণ্টনিঅ’ক এখন চাইকেলৰ প্ৰয়োজন হ’ল। চাইকেল নহ’লে এণ্টনিঅ’ই কামটো হেৰুৱাব লাগিব। তেওঁৰ পত্নী মাৰিয়াৰ সৈতে বিষয়টো আলোচনা কৰিলে। যিহেতু নতুনকৈ চাইকেল এখন কিনিবলৈ তেওঁলোকৰ ধনৰ অভাৱ অথচ কামটো এৰিব নোৱাৰি, সেইবাবে ঘৰৰ কিছুমান প্ৰয়োজনীয় সামগ্ৰীকেই বন্ধকত থৈ চাইকেল এখন সংগ্ৰহ কৰিলে।

এই চাইকেলখনেই পৰিয়ালটোৰ তিনিও জনৰ যেন ভাগ্য নিয়ন্ত্ৰা তথা সুখ-দুখৰ লগৰী হৈ পৰিল। পৰিয়ালটোৰ মাজলৈ আনন্দ আৰু সুখৰ প্ৰাচুৰ্য নমাই আনিলে। পুত্ৰ ব্ৰুণোক চাইকেলত উঠাই অত্যন্ত সুখী অনুভৱ কৰে এণ্টনিঅ’ই। পৰিয়ালৰ এজন সদস্যৰ দৰেই চাইকেলখনক মৰম কৰে তেওঁ। যিখন চাইকেলৰ বাবে পৰিয়ালটোৱে সমগ্ৰ সাঁচতীয়া উৎস বিক্ৰী কৰি এক নতুন আশাৰ সঞ্চয় কৰাৰ কথা ভাবিছিল সেই চাইকেলখন চুৰি হ’ল। মানুহে নজনাকৈ জীৱনৰ পথত বৈ থকা চূড়ান্ত সংঘাটৰ কথা আৰু তাক অতিক্ৰম কৰিবলৈ যাওঁতে নিবিচৰাকৈ কিছুমান পৰ্যায়ত জীৱনৰ সমস্ত সাঁচতীয়া স্বাভিমান লাঘৱ হোৱাটো দেখুৱা হৈছে এই চাইকেলখনৰ জৰিড়তে। এণ্টনিঅ’ই তেওঁৰ আশা ভংগৰ বেদনাত কিদৰে দুৰ্জয় সময়ৰ প্ৰচণ্ড জোৱাৰত জপিয়াই পৰি দিকহাৰা হৈ আৱেগৰ বশৱৰ্তী হৈছিল আৰু জীৱনৰ মূল্য নিৰূপন কৰাৰ চেতনা হেৰুৱাই পেলাইছিল তাক সম্পূৰ্ণ সাৰ্থকতাৰে ফুটাই তুলিছে পৰিচালকে।

চাইকেলখন হেৰুৱাৰ পাছত এণ্টনিঅ’ই আৰক্ষীৰ কাষ চাপে, ওচৰ চুবুৰীয়াৰ সহায় লয় আৰু লগত তেওঁৰ পুত্ৰ সন্তান কণমানি ব্ৰুণোক লৈ ৰোমৰ বিভিন্ন পথত চাইকেলখনৰ অভিযানত নামি পৰে। চহৰৰ মানুহৰ জুম, চাইকেল ষ্টেণ্ড, গীৰ্জা– সকলো ঠাইতে চাই, অৱশেষত ভৱিষ্যত বক্তা এগৰাকীৰ পৰামৰ্শও লয়। তাতো তেওঁ হতাশ হয়। ক্ৰমান্বয়ে হতাশাত বশৱৰ্তী হৈ এণ্টনিঅ’ই এজন নিৰ্দোষী যুৱকক ভাবুকি দি প্ৰহাৰ কৰি চাইকেলখন বিচাৰে যদিও ঘটনাটোৰ প্ৰতিক্ৰিয়া বেলেগ হয়। পুত্ৰ ব্ৰুণোই মাতি অনা আৰক্ষী এজনৰ হস্তক্ষেপত এণ্ট’নিঅ’ মাৰ নোখোৱাকৈ মানুহৰ জুমৰপৰা হাত সাৰে।
দিনটোৰ সমস্ত চেষ্টা বিফল হোৱাৰ পিছত এণ্টনিঅ’ই অৱশেষত পুত্ৰ ব্ৰুণোক লৈ ট্ৰাম গাড়ীৰে ঘৰলৈ ঘূৰি যাবলৈ লৈ বেলেগৰ এখন চাইকেল চুৰি কৰাৰ সিদ্ধান্ত লয়। তেওঁ পুত্ৰ ব্ৰুণোৰ সন্মুখত অপৰাধ নকৰি নিজৰ চূড়ান্ত বিষাদত ভুল সিদ্ধান্ত লৈ এটা ঘৰৰ সন্মুখৰ বেৰত আউজাই থোৱা চাইকেল এখন চুৰি কৰে। তেওঁ মানসিক চেতনাক অৱদমন কৰি যি কাৰ্য কৰিলে তাক সমাজৰ একাংশ লোকৰ দৃষ্টিগোচৰ হ’ল আৰু ভাৰাক্ৰান্ত হৃদয়ৰ অব্যক্ত বেদনাবোৰ লাঞ্চিত হ’ল সামগ্ৰিকভাৱে সকলোৰে সন্মুখত। পিতৃক প্ৰহাৰ কৰাৰ সমস্ত দৃশ্য পুত্ৰ ব্ৰুণোই দেখিলে। চাইকেলখনৰ গৰাকীয়ে ব্ৰুণোৰ ফালে চাই এণ্টনিঅ’ক এৰি দিবলৈ ক’লে। অতি লজ্জিত অৱস্থাৰে এণ্টনিঅ’ই পুত্ৰ ব্ৰুণোৰ সৈতে ৰোমৰ ৰাজপথেৰে খোজকাঢ়ি আহি থাকে। পুত্ৰই দেউতাকৰ চকুপানী লক্ষ্য কৰে। পুত্ৰৰ সন্মুখত ভীষণ অপৰাধবোধত পিতৃয়ে হুকহুকাই কান্দি উঠে। ব্ৰুণোৱে সান্তনা দিয়াৰ দৰে এণ্টনিঅ’ৰ হাতখন খামুচি ধৰে।
সহজ-সৰল মৰ্মস্পৰ্শী এক কাহিনীৰে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ পৰিয়ালৰ জীৱন সংগ্ৰাম, জীৱনবোধ আৰু জীৱন সন্ধানৰ এক সফল আন্তৰ্জাতিক ধ্ৰুপদী ছবি।

ঘটনাৰ কাৰণ আৰু ঘটনাৰ পৰ্যায়বোৰ এক বাস্তৱসন্মত মৌলিক চাহিদাৰে বিশ্লেষণ কৰা হৈছে। খুউব কম চিনেমাইহে এক গম্ভীৰ মনতত্বক চুই যাব পাৰে। ৯০ মিনিট দৈৰ্ঘ্যৰ ইটালী ভাষাত নিৰ্মাণ কৰা ছবিখনত এণ্টনিঅ’,মাৰিয়া আৰু ব্ৰুণোৰ ভূমিকাত অভিনয় কৰা মহান শিল্পীসকল ক্ৰমে লাম্বাৰটো মাজিওৰনি, লিয়ানেলা কেৰেল আৰু এন্জো ষ্টাইওলা। ১৯৪৮ চনত নিৰ্মিত Vittorio De Siea ৰ যুগজয়ী চলচ্চিত্ৰ ‘দ্য বাইচাইকেল থীফ’ আজিও বিশ্ববাসীৰ বাবে সৰ্বকালৰ এক শ্ৰেষ্ঠ শিল্প সৃষ্টি।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে