চ’ৰাঘৰ / ছৗ-কা-ফা শৈক্ষিক ন্যাস / এটি বিশেষ নিবেদন ( ছৗ-কা-ফা শৈক্ষিক ন্যাস)

এটি বিশেষ নিবেদন ( ছৗ-কা-ফা শৈক্ষিক ন্যাস)

আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব৷ অসমৰ সমাজ জীৱন শেহতীয়াভাৱে গোষ্ঠীদ্বন্দ্ব, সাম্প্ৰদায়িকতা, উগ্ৰ ধৰ্মীয় চেতনা আদিয়ে অস্থিৰ কৰি তোলাৰ মুহূৰ্ততে ‘সাত ৰাজ সামৰি এক ৰাজ কৰা’ অসমীয়া জাতিৰ জনক চাওলুং  ছৗ-কা-ফাৰ জীৱনাদৰ্শৰ প্ৰাসংগিকতা অৱধাৰিতভাৱে বৃদ্ধি পাইছে৷ অসমৰ সাতাম পুৰুষীয়া ঐক্য-সম্প্ৰীতিৰ ঐতিহ্য বৰ্তাই ৰখাৰ লগতে আমাৰ উত্তৰ প্ৰজন্মক স্বাভিমানী, ঐতিহ্য সচেতন, সাহসী আৰু কৰ্মোদ্যমী কৰি তোলাৰ স্বাৰ্থত এই মহান ঐতিহাসিক পুৰুষজনৰ প্ৰগতিশীল সমন্বয়ৰ আদৰ্শ অসমৰ নতুন প্ৰজন্মৰ মাজত পৰিকল্পিতভাৱে প্ৰচাৰ-প্ৰসাৰৰ প্ৰয়োজনীয়তাও বৃদ্ধি পাইছে৷ এই প্ৰয়োজনীয়তা উপলব্ধি কৰিয়েই  ছৗ-কা-ফা শৈক্ষিক ন্যাস [তদৰ্থ]-এ অসমৰ উত্তৰ প্ৰজন্মক বাস্তৱমুখী আৰু সময়োপযোগী শিক্ষাৰে শিক্ষিত কৰিব পৰাকৈ আৰু তেওঁলোকৰ মাজত কৰ্মসংস্কৃতি, স্বাভিমান, ঐতিহ্য চেতনা, বৈজ্ঞানিক মানসতা, যুক্তিবাদ, সততা আদি জগাই তুলিব পৰাকৈ  ছৗ-কা-ফাৰ নামত অসমৰ বিভিন্ন স্থানত একোখন আদৰ্শ বিদ্যালয় স্থাপনৰ বাবে পৰিকল্পনা যুগুতাই উলিয়াইছে৷ ভৱিষ্যতে  ছৗ-কা-ফাৰ নামত এখন আদৰ্শ বিশ্ববিদ্যালয় স্থাপন কৰাটোও ন্যাসৰ অন্যতম লক্ষ্য৷ এনে এক মহৎ আৰু বৃহৎ কৰ্মসূচী কেৱল দুগৰাকীমান ব্যক্তিৰ উদ্যোগত সম্পাদন কৰাটো সম্ভৱপৰ নহয় বুলি উপলব্ধি কৰিয়েই আমি প্ৰতিজন অসম হিতৈষীৰ পৰা কায়িক, মানসিক আৰু আৰ্থিক সাহায্য কামনা কৰিছো৷ শুভানুধ্যায়ী ব্যক্তিসকলে সামৰ্থ্য অনুসৰি মুক্তহস্তে দান-বৰঙণি আগবঢ়ালে  ছৗ-কা-ফা শৈক্ষিক ন্যাস [তদৰ্থ]ৰ পৰিকল্পনা সোনকালেই বাস্তৱায়িত হ’ব বুলি আশা কৰিব পাৰি৷ সদ্যহতে ন্যাসৰ বাবে আৰ্থিক অনুদান আগবঢ়াব বিচাৰিলে উদ্যোক্তাসকলক হাতে জমা দিব পাৰে অথবা এই A/C No. 30389649528, PRITHIBI PRAKASHAN, Panbazar SBI Branch, IFS Code: SBIN0000078 অস্থায়ী একাউন্টত জমা কৰিব পাৰে৷ অৱশ্যে, বেংকত জমা দিয়াৰ পাছত বেংকৰ তথ্য-পাতি প্ৰেৰণ কৰিবলৈ নাপাহৰিব৷ আপোনালোকে দিয়া আৰ্থিক অনুদানৰ প্ৰতিটো টকাৰ যাতে সদ্ব্যৱহাৰ হয়, তাৰ প্ৰতিশ্ৰুতি দিলো৷ পৰৱৰ্তী সময়ত জমা-খৰছৰ সকলো হিচাপ ৰাজহুৱা কৰা হ’ব৷ বিনীত ছৗ-কা-ফা শৈক্ষিক ন্যাসৰ হৈ – টুনুজ্যোতি গগৈ [98641-86576] ৰাজীৱ ফুকন [98549-87658] সুৰেন্দ্ৰ শদিয়া [94353-43010]

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে