দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / ধাৰাবাহিক / ইতিহাস / স্বাধীন অসমঃ সপোন আৰু বাস্তৱ (টুনুজ্যোতি গগৈ)

স্বাধীন অসমঃ সপোন আৰু বাস্তৱ (টুনুজ্যোতি গগৈ)

( যোৱা সংখ্যাৰ পাছৰ পৰা)

কোম্পানীৰ আগমনত পোনতে অসমৰ সৰ্বসাধাৰণে স্বস্তিৰ নিশ্বাস কাঢ়িলেও কম দিনৰ ভিতৰতে কোম্পানীৰ অমানৱীয় শাসন-শোষণৰ কেকোঁৰা চেপাত তেওঁলোক বিদ্ৰোহী হৈ উঠিছিল৷ কোম্পানীৰ সেই খাজনা শোষণৰ প্ৰতিবাদত খাটিখোৱা কৃষকসকলে অসমৰ ঠায়ে ঠায়ে ৰাইজমেল অনুষ্ঠিত কৰিছিল৷ উল্লেখ্য যে আহোম ৰাজত্বৰ সামন্তীয় শোষণৰ বিৰুদ্ধে সংঘটিত হোৱা মোৱামৰীয়া বিদ্ৰোহআৰু ব্ৰিটিছৰ খাজনা শোষণৰ বিৰুদ্ধে সংঘটিত হোৱা কৃষক বিদ্ৰোহবোৰৰ চৰিত্ৰ প্ৰায় একেই আছিল৷ পূৰ্বৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহবোৰত ৰাজ পৰিয়াল বা সম্ভ্ৰান্ত শ্ৰেণীৰ নেতৃত্ব জড়িত থকাৰ বিপৰীতে ৰাইজমেলত শোষিত-নিৰ্যাতিত কৃষকসকল জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে স্বতঃস্ফূৰ্তভাৱে জড়িত হৈ পৰিছিল৷

১৮৫৬ চনত প্ৰথম বাৰৰ বাবে ৰহাত অনুষ্ঠিত হোৱা ৰাইজমেলত ব্ৰিটিছৰ বিৰুদ্ধে কৃষকৰ অৱদমিত ক্ষোভৰ প্ৰকাশ ঘটিছিল৷ তাৰ পাছত ১৮৬১ চনত হোৱা ফুলগুৰিৰ ধেৱা আৰু ১৮৯৩ চনত হোৱা ৰঙিয়া বিদ্ৰোহতো সজোৰে ব্ৰিটিছৰ খাজনা শোষণৰ বিৰোধিতা কৰা হৈছিল৷ সেইদৰে, ১৮৯৪ চনৰ ২১ জানুৱাৰীত সৰ্থেবাৰীৰ পানাগাঁৱৰ টুপত অনুষ্ঠিত ৰাইজমেলত কৃষক-শ্ৰমিক সকলো ব্ৰিটিছৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈছিল৷ এই ৰাইজমেলৰ প্ৰসংগত কমল চৌধুৰীয়ে লিখিছে–‘সৰ্থেবাৰী কাঁহ নগৰী নামেৰেই আজি বিখ্যাত৷ … এই বৃহৎ অঞ্চলৰ মাটিভাগ আছিল দ৷ খেতি বাতিৰ বাবে মুঠেও উপযোগী নাছিল৷ ভূ-সম্পত্তি আছিল বোজাস্বৰূপ৷ তাতে আকৌ ভূতৰ ওপৰত দাহন পৰাদি আহি পৰিল মাটিৰ পট্টা দিয়াৰ ‘টেকেলি ভঙা পিয়ল’ নামৰ এক অবৈজ্ঞানিক পিয়ল পদ্ধতি৷ (মাটি পিয়ল কৰাৰ সময়ত দীঘল বাঁহৰ আগত মাটিৰ টেকেলি একোটাহঁত দি মাটি জোখ-মাখ কৰোঁতে ব্যৱহাৰ কৰিছিল আৰু জোখ-মাখৰ অন্তত তাক কোবাই ভাঙি পেলাইছিল৷ ইয়াকেই টেকেলি ভঙা পিয়ল বুলিছিল৷ এনেদৰে বৃটিছসকলে জধে-মধে পটা দি অধিক ৰাজহ বৃদ্ধিৰ ফান্দ পাতিছিল৷ চৰকাৰক বৰ্ধিত হাৰত খাজনা নিদিয়াৰ দাবীত পানাগাঁৱৰ টুপত ছহেজাৰতকৈ অধিক জনতাৰ সমাবেশ ঘটিল৷… চৰকাৰে বিদ্ৰোহ দমনৰ বাবে কঠোৰ ব্যৱস্থা হাতত ল’লে৷ ১৪৫ জন বিদ্ৰোহীক কাৰাদণ্ড বিহা হ’ল৷ আটাইতকৈ সৰহ দিন কাৰাবাস খাটিলে (ছবছৰ বিহা হৈছিল যদিও কলিকতা হাইক’ৰ্টত আপিল কৰাত এবছৰ ৰেহাই পালে) পুষ্পৰাম কঁহাৰে৷’ [ৰাইজমেলঃ প্ৰথম প্ৰজা বিদ্ৰোহ, প্ৰান্তিক (সম্পা.- প্ৰদীপ বৰুৱা), ১৬ মে’, ২০০৪, পৃঃ ১৩]

সৰ্থেবাৰীত অনুষ্ঠিত ৰাইজমেলৰ এসপ্তাহৰ পাছতেই অৰ্থাৎ ২৮ জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটত সংঘটিত হৈছিল এক ঐতিহাসিক কৃষক বিদ্ৰোহ৷ ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰৰ নিত্য নতুন খাজনা বৃদ্ধিত অতিষ্ঠ হৈয়ে কৃষক ৰাইজে পথৰুঘাটৰ ৰণ বা পাথৌঘাটৰ ধেৱা সূচনা কৰিছিল৷ ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰে অবিভক্ত দৰঙৰ কৃষকৰ ওপৰত প্ৰতিটো নাঙলৰ বিপৰীতে তিনি টকাকৈ কৰ ধাৰ্য কৰাত কৃষকসকল অসন্তুষ্ট হৈ পৰিছিল৷ তাৰ পাছতেই কোম্পানীয়ে মাটি পিয়ল কৰি নতুনকৈ খাজনা লগাইছিল৷ এনেদৰে সঘনে কৰ বৃদ্ধি হোৱাত কৃষক ৰাইজ অতিষ্ঠ হৈ পৰিছিল আৰু তেওঁলোকে বাটে-ঘাটে এই সম্পৰ্কত আলোচনা কৰি ব্ৰিটিছৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰিছিল৷ ৰাইজে নিজৰ মাজত আলোচনা কৰি সিদ্ধান্ত লৈছিল যে তেওঁলোকে পথৰুঘাটৰ তহচিলদাৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ বৰ্দ্ধিত কৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাব৷ ইমানৰ পাছতো কোম্পানীয়ে কৃষকৰ সুবিধা-অসুবিধাৰ প্ৰতি কোনো গুৰুত্ব নিদি পুনৰ আন এটা জৰীপৰ কাম সম্পূৰ্ণ কৰাত কৃষকৰ ক্ষোভৰ আগ্নেয়গিৰিত বিস্ফোৰণ ঘটিল৷ ৰাইজে বৰ্দ্ধিত হাৰৰ খাজনা নিদিবলৈ সিদ্ধান্ত লোৱাত তহচিলদাৰ ভৱানী ভট্টই ৰাইজক প্ৰবোধ দিলে যে ২৮ জানুৱাৰীৰ দিনা ৰাইজৰ অভাৱ-অভিযোগৰ কথা শুনিবলৈ জিলাধিপতি আহিব৷

নিৰ্দিষ্ট দিনটোত পুৱাৰে পৰা শ শ কৃষক আহি পথৰুঘাটত সমবেত হ’ল৷ ৰাইজে আশা কৰিছিল, চৰকাৰে তেওঁলোকৰ অভাৱ-অভিযোগবোৰ সহানুভূতিৰে শুনি তেওঁলোকক বৰ্দ্ধিত হাৰৰ খাজনাৰ পৰা ৰেহাই দিব৷ দৰং জিলাধিপতি মিঃ এণ্ডাৰচন আৰু আৰক্ষী অধীক্ষক মিঃ ৰেমচন বিশাল নিৰাপত্তা বাহিনীৰে পৰিৱেষ্টিত হৈ পথৰুঘাটলৈ আহিল৷ কিন্তু তেওঁলোকে পোনেই ৰাইজৰ অভাৱ-অভিযোগ নুশুনি ডাক-বঙলাত জিৰণি ল’বলৈ প্ৰৱেশ কৰিলে৷ তেওঁলোকে পুৱাৰে পৰা ৰৈ থকা ৰাইজক আবেলিলৈকে সাক্ষাৎ নকৰাত ৰাইজৰ ধৈৰ্যচ্যুতি ঘটিছিল৷ এসময়ত তেওঁলোক নিৰাপত্তা বাহিনীক লগত লৈ ৰাইজৰ সন্মুখলৈ ওলাই আহিল আৰু ৰাইজৰ কোনো অভিযোগলৈ কাণ নিদি ঘোষণা কৰিলে যে নিৰ্দিষ্ট হাৰৰ খাজনা আদায় দিবই লাগিব, কোনো কাৰণতে খাজনা ৰেহাই নিদিব৷ এনে এক অপ্ৰত্যাশিত ঘোষণাত ৰাইজ উত্তেজিত হৈ চাহাব দুজনৰ পিনে আগুৱাই যোৱাৰ লগে লগে ৰাইজআৰু নিৰাপত্তা বাহিনীৰ মাজত প্ৰচণ্ড সংঘাতৰ সৃষ্টি হয়৷ সশস্ত্ৰ নিৰাপত্তা বাহিনীয়ে জাঁই জাঁই গুলী বৰ্ষণ কৰাৰ বিপৰীতে নিৰস্ত্ৰ ৰাইেজ মাটিৰ চপৰা, লাঠি-টাঙোন আদিৰে প্ৰত্যাক্ৰমণ চলালে৷ প্ৰশিক্ষণপ্ৰাপ্ত নিৰাপত্তা বাহিনীৰ অস্ত্ৰৰ সন্মুখত নিৰস্ত্ৰ ৰাইজ বেছি সময় টিকি থকাটো সম্ভৱ নাছিল৷ আৰক্ষীৰ গুলীত ১৪০ জন কৃষক নিহত হোৱাৰ বিপৰীতে প্ৰায় ডেৰশ কৃষক চিৰ জীৱনৰ বাবে পংগু হৈছিল৷

পথৰুঘাটৰ ৰণ বা উল্লিখিত ৰাইজমেলবোৰ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে একো একোটা শক্তিশালী গণ অভ্যুত্থান আছিল৷ ঐতিহাসিকসকলে এই অভ্যুত্থানবোৰক অসম বা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে সাঙুৰি লোৱাতকৈ ইবোৰক শোষকৰ বিৰুদ্ধে খাটিখোৱা কৃষকৰ গণ বিক্ষোভ বুলিয়েই চিহ্নিত কৰি আহিছে৷ এই অভ্যুত্থানবোৰ স্বাধীন অসমৰ দাবীত সংঘটিত নহ’লেও অভ্যুত্থানবোৰৰ বস্তুনিষ্ঠ অধ্যয়নে অসমৰ আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামখনক এক নতুন মাত্ৰা দিব বুলি ভাবিব পাৰি৷ কাৰণ, তৎকালীন সম্ভ্ৰান্ত শ্ৰেণীৰ নেতৃত্ব বা সক্ৰিয় অংশ গ্ৰহণৰ অবিহনেও সম্পন্ন হোৱা গণ অভ্যুত্থানবোৰত শ্ৰেণী সংগ্ৰামৰ লক্ষণ পৰিলক্ষিত হয়৷ বিদ্ৰোহী কৃষকসকলে সঠিক নেতৃত্ব পোৱা হ’লে হয়তো অসমৰ ইতিহাসৰ গতিয়েই সলনি হৈ পৰিলহেঁতেন৷ উল্লেখ্য যে পথৰুঘাটৰ বিদ্ৰোহৰ পাছতে লণ্ডনৰ মহাৰাণীৰ নিৰ্দেশ অনুসৰি কোম্পানীয়ে কৰ হ্ৰাস কৰিবলৈ বাধ্য হৈছিল৷ স্থানান্তৰত অসমৰ কৃষক বিদ্ৰোহৰ গতিধাৰাৰ এক সম্যক আভাস দিবলৈ প্ৰয়াস কৰা হ’ব৷

লক্ষ্যণীয় যে ৰাইজমেলৰ দৰে কৃষক বিদ্ৰোহ মূলতঃ মধ্য আৰু নামনি অসমতহে সংঘটিত হৈছিল৷ উজনি অসমত বিভিন্ন কাৰণত তেনেধৰণৰ কৃষক অভ্যুত্থান সংঘটিত হোৱা নাছিল৷ তাৰ বিপৰীতে সেই সময়ছোৱাত অৰ্থাৎ ১৮৯৩ চনত পূৰ্বৰ ৰাজকীয় গৌৰৱ হেৰুৱাই আৰ্থিক-সামাজিক-মানসিকভাৱে পশ্চাদমুখী হোৱা আহোম জনগোষ্ঠীটোৰ মাজত স্বাভিমান জগাই তুলিবলৈ জনগোষ্ঠীটোৰ দুজনমান সম্ভ্ৰান্ত ব্যক্তিৰ প্ৰচেষ্টাত সদৌ অসম আহোম সভাৰ দৰে এক সাম্প্ৰদায়িক সংগঠনহে জন্ম হৈছিল৷

সদৌ অসম আহোম সভাৰ অন্যতম প্ৰতিষ্ঠাপক পদ্মনাথ গোহাঞি বৰুৱাই ‘১৮৩৮ চনৰ পৰা ১৮৯৩ চনলৈকে বৃটিছ আমোলৰ এইছোৱা আহোমৰ মৰামুছা যুগ’ বুলি উল্লেখ কৰি কৈছিল– ‘এই ৫৫ বছৰ বা অৰ্ধশতাব্দীৰ ভিতৰতে আহোম সম্প্ৰদায় এনেদৰে নগণ্য আৰু হেয় হৈ পৰিল যে তাৰ অলপৰ পূৰ্বতে দুপৰ সুৰুযৰ দৰে জ্বলি থকা জাতিটো একেবাৰে জয় পৰিল৷ … … আহোম ৰজাৰ দ্বাৰাই প্ৰতিপালিত, আহোম স্বৰ্গদেউ প্ৰদত্ত মান-মৰ্যাদাৰে বিভূষিত আহোম ৰজা দিনীয়া বিষয়াৰ সন্তানে আপদত সহানুভূতি দেখুৱাই আহোমৰ মান-গৌৰৱ অক্ষুন্ন ৰাখিবলৈ চাওক চাৰি, আহোমৰপূৰ্ব গৌৰৱ ঢাকি পাৰ্যমানে পৰৰ আগত সিবিলাকক অৱজ্ঞা কৰিবলৈহে ধৰিলে৷ গতিকে, বিদেশী বৃটিছ ৰাজে উপযাচি আহোম ৰাজবংশী লোকৰ প্ৰতি সদয় হোৱাৰ প্ৰয়োজন নেদেখিলে৷ ফলত, আহোম সৰ্বস্বান্ত হ’ল, খছকাত শিপা ছিগা দুবৰিৰ দৰে জঁয় পৰিল৷ স্বৰূপত, ভাৰতৰ ভিতৰত আন কোনো ভগা-ৰাজবংশক বৃটিছ ৰাজে উপযাচি আহোমৰ দৰে নগণ্য বিবেচিত কৰা নাই, ভাৰতৰ অন্যান্য ভগা-ৰাজবংশী লোকৰ প্ৰতি বৃটিছ গৱৰ্ণমেন্টে যি ৰাজ-অনুগ্ৰহ দেখুৱাই আহিছে, তেনে অনুগ্ৰহৰ পৰা আহোমক সমূলি বঞ্চিত কৰা হ’ল৷ … … ৰাজনীতি সৰ্ম্পকতো বিদ্যা-বুদ্ধিত আগবঢ়া অপৰাপৰ সম্প্ৰদায়ৰ চতুৰ লোকসকলে অশিক্ষিত হোজা ভেৱা আহোমসকলক চাট পেলাই ৰজা-ঘৰ বা চৰকাৰৰ পৰা প্ৰতিপত্তিৰ আগভাগ ভোগ কৰি আগুৱাবলৈ ধৰিলে; আৰু আহোম সম্প্ৰদায় অৱনতিৰ মুখে ক্ৰমাৎ পিছুৱাব লগাত পৰিল৷’ [সভাপতিৰ অভিভাষণ, সদৌ অসম আহোম এচোচিয়েচন, ৫ আৰু ৬ এপ্ৰিল, ১৯৪১ চন; সদৌ অসম আহোম সভাৰ তথ্যাশ্ৰয়ী বুৰঞ্জী, সংকলকঃ ৰূপম চেতীয়া বৰা, প্ৰকাশকঃ সদৌ অসম আহোম সভা, ডিচেম্বৰ, ২০১০, পৃঃ ১০-১১]

প্ৰসংগতঃ উল্লেখ্য যে এসময়ত ‘আহোম’ শব্দটোৱে কেৱল ১২২৮ চনত অসমলৈ প্ৰব্ৰজিত হৈ অহা তাঈমূলীয় সম্প্ৰদায়টোক বুজোৱা নাছিল; এই শব্দটোৱে বৰাহী, মৰাণ, কছাৰী, চুতীয়া, ডফলা আদি সকলো তিব্বতবৰ্মী মংগোলীয় সম্প্ৰদায়কে সাঙুৰি লৈছিল৷ তাই সংস্কৃতিৰ বিশিষ্ট গৱেষক কিৰণ কুমাৰ গগৈয়ে ‘আহোম’ শব্দৰ অৰ্থ ‘আও’ (মিল) + হোম (হোৱা) বুলি ব্যাখ্যা কৰি কৈছে– ‘এই আহোম অৰ্থৰে আসাম দেশৰ অষ্ট্ৰো-মঙ্গোলয়ড তিব্বতবৰ্মী জাতীয় সত্তাই গঢ় লৈছিল আহোম জাতিৰ ৰূপত৷ … চাওলুং চ্যুকাফাৰ নেতৃত্বত আসাম ৰাজ্য প্ৰতিষ্ঠা কৰা ছান-তাইসকলৰ দৰে, চ্যুকাফাৰ আন এটা সৰু ফৈদে (তাই-নয়) ১২৩৫ চনত মাওলুঙৰ পৰা দক্ষিণ-পূবলৈ নামি আহি ‘ছুখুথাই’ অঞ্চলত ‘থাইলেণ্ড’ নামৰ আন এখন ছান তাই ৰাজ্য প্ৰতিষ্ঠা কৰে৷ … ‘তাই-নয়’ সকলেও ‘ছুখুথাই’ অঞ্চলত মন, খেমেৰ আদি বহুতো থলুৱা অষ্ট্ৰিক জনগোষ্ঠী লগ পাইছিল৷ … থাইলেণ্ডতো সেই ছান-তাই দলটোৱে থাই নামৰ আন এটা অষ্ট্ৰো-মংগোলীয় ছান তাই জাতি সৃষ্টি কৰে৷ বৰ্তমান থাইলেণ্ডৰ শতকৰা ৮০ ভাগ লোকেই আজি ‘থাই’ হৈ পৰাৰ লগতে দেশখনো দক্ষিণ পূব এছিয়াৰ এখন চিৰস্বাধীন দেশ হিচাবে পৰিচিত হ’ল৷ ফলত প্ৰাচীন ‘তাই’ শব্দৰ অৰ্থ তাই ভাষাত ‘ৰাজবংশ’ৰ পৰিৱৰ্তে হৈ পৰিল –‘চিৰ স্বাধীন’৷ মধ্যযুগত আহোম স্বৰ্গদেৱসকলেও সেই ছান তাই পৰম্পৰাতে আসাম দেশত অষ্ট্ৰো-মংগোলীয় আহোম জাতি গঢ়াৰ পৰিকল্পনা লৈছিল বাবেই ভাই ৰজা থাই (শ্যাম) দেশৰ থাইসকলে আজিও আসাম দেশৰ মানুহক আহোম বুলিয়েই জানে৷’ [জনজাতি আৰু অনুসূচীত জাতিৰ উৎসৰে অসমীয়া জাতিৰ ইতিহাস, প্ৰকাশকঃ সঞ্চালক, জনজাতি আৰু অনসূচীত জাতি গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী-২২, প্ৰথম প্ৰকাশঃ ২০১৪ চন, পৃঃ ২৪-২৫]

সি যি নহওক, সদৌ অসম আহোম সভাৰ অন্যতম প্ৰতিষ্ঠাপক পদ্মনাথ গোহাঞিবৰুৱা ব্ৰিটিছ আমোলত নব্য উত্থিত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ এজন উল্লেখযোগ্য প্ৰতিনিধি আছিল৷ নক’লেও হয় যে এই মধ্যবিত্ত শ্ৰেণীৰ নেতৃত্বতে ঊনবিংশ শতিকাত আধুনিক অসমীয়া ভাষা-সাহিত্যই প্ৰাণ প্ৰতিষ্ঠা লাভ কৰাৰ লগতে অসমীয়া জাতীয় পৰিচয়ৰ ভেটিও গঢ় লৈ উঠিছিল৷ অসমীয়া জাতীয় পৰিচয় বা জাতিসত্তাৰ নিৰ্মাণ প্ৰক্ৰিয়া অতীত গৌৰৱ, স্বদেশানুৰাগ আৰু ভাষিক চেতনাৰ আধাৰতে আৰম্ভ হ’লেও ঔপভাষিক বা আঞ্চলিক বিভেদ, ধৰ্মীয় আগ্ৰাসন, গোষ্ঠী চেতনা আদিৰ পৰা উদ্ভূত কেতবোৰ সংঘাতে সেই প্ৰক্ৰিয়াত পদে পদে হেঙাৰ সৃষ্টি কৰিছিল৷ সেইদৰে, মধ্যবিত্ত শ্ৰেণীৰ অত্যধিক ব্ৰিটিছ আনুগত্য আৰু বৰ্ণবাদী দৃষ্টিভংগীৰ বাবেও জাতিসত্তা নিৰ্মাণ প্ৰক্ৰিয়াটো বাধাগ্ৰস্ত হৈ পৰিছিল৷ এই ব্ৰিটিছ আনুগত্য আৰু বৰ্ণবাদে অসমীয়া জাতিসত্তা নিৰ্মাণ প্ৰক্ৰিয়াত কেনেদৰে বাধাৰ সৃষ্টি কৰিছিল, সেয়া গোহাঞিবৰুৱাৰ জীৱন আৰু কৰ্মৰ নিৰ্মোহ বিশ্লেষণ আৰু সদৌ অসম আহোম সভাৰ ইতিহাস অধ্যয়নেই পৰিষ্ফূট কৰি তোলে৷

গোহাঞিবৰুৱাই সদৌ অসম আহোম সভাৰ সভাপতিৰ অভিভাষণত ‘বিদ্যা-বুদ্ধিত আগবঢ়া অপৰাপৰ সম্প্ৰদায়ৰ চতুৰ লোকসকল’ বুলি একাংশ বৰ্ণহিন্দুকে বুজাব বিচাৰিছিল৷ কাৰণ, একাংশ শিক্ষিত বৰ্ণহিন্দুৱে ব্ৰিটিছৰ প্ৰশাসনীয় কাম-কাজ চলাবৰ বাবে অসমলৈ অহা এচাম আমোলা-মহৰীৰ লগ লাগি, ‘হলা গছ দেখি বাগী কুঠাৰ ধৰা’ নীতিৰে থলুৱা জনগোষ্ঠীসমূহক, বিশেষকৈ আহোমক বিভিন্ন প্ৰকাৰে হেয় প্ৰতিপন্ন কৰিব বিচাৰিছিল৷ উদাহৰণসহ ক’বলৈ গ’লে, ঐতিহাসিক হৰকান্ত বৰুৱাই লেখিছিল যে বশিষ্ঠৰ শাপত ইন্দ্ৰ দৈত্যৰ দৰে ক’লা আৰু বোবা হৈ পৰিছিল ৷ তেনেতে এক দৈত্যৰ অন্ত্যজ পত্নীয়ে আপচু ইন্দ্ৰৰ লগত সহবাস কৰাত ‘থেন খাম’ জন্ম হ’ল৷ আহোমসকল খেন খামৰ বংশধৰ৷ সেইদৰে, আহোম জনগোষ্ঠীক হেয় প্ৰতিপন্ন কৰিবৰ বাবেই দিহিঙীয়া সত্ৰৰ সত্ৰাধিকাৰৰ পৃষ্ঠপোষকতাত ১৯৩৪ চনৰ ১০ নৱেম্বৰত খৰ্গেশ্বৰ শৰ্মা আৰু শিৱনাথ ভট্টাচাৰ্যৰ সম্পাদনাত ‘ৰিপুঞ্জয় স্মৃতি’ নামৰ এখন গ্ৰন্থ প্ৰকাশ পাইছিল৷ আউনীআটি আৰু দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰেও সমৰ্থন কৰা গ্ৰন্থখনত লিখা আছিল যে আহোমসকল ম্লেছ, অন্ত্যজ, বৰ্ণ সংকৰ আৰু অন্যান্য অনাৰ্যৰ দৰে তেওঁলোকো অস্পৃশ্য৷ সেই সময়ছোৱাতে সত্ৰানুষ্ঠানৰ পৃষ্ঠপোষকতাত প্ৰকাশিত ‘অভিজ্ঞান মঞ্জুৰী’ নামৰ পুথিখনৰ উদ্দেশ্যও একেই আছিল৷

এসময়ত আহোম ৰাজতন্ত্ৰৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা সত্ৰানুষ্ঠানসমূেহ ‘ৰিপুঞ্জয় স্মৃতি’ আৰু‘সৰ্বজ্ঞান মঞ্জুৰী’ৰ দৰে কল্পনাপ্ৰসূত পুথি প্ৰণয়নেৰে আহোমকে ধৰি অন্যান্য মংগোলীয় জনগোষ্ঠীসমূহক হেয় প্ৰতিপন্ন কৰিব বিচৰা কাৰ্যক সংশ্লিষ্ট জনগোষ্ঠীসমূহৰ শিক্ষিত ব্যক্তিসকলে সহজভাৱে লোৱাৰ প্ৰশ্নই নুঠে৷ এনে প্ৰসংগতে একাংশ বৰ্ণহিন্দুৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰি বিশিষ্ট ঐতিহাসিক সৰ্বানন্দ ৰাজকুমাৰে লেখিছিল–‘নিজৰ লক্ষ্য স্থিৰ ৰাখি সুকীয়া দেশ, সুকীয়া জাতি, সুকীয়া ভাষা, সুকীয়া সাহিত্য, সুকীয়া ধৰ্ম্ম, সুকীয়া সংস্কৃতি, সুকীয়া বুৰঞ্জী আদি থকা জাতিৰ বুৰঞ্জীৰ তথ্যত এহাতে বংশৰ গৌৰৱ বঢ়াই, ৰজাসকলৰ চকুত চমক লগাই, আনহাতে, মণিব নোৱাৰাকৈ কেৰোণ লগাই ব্ৰাহ্মণসকলে আহোমক তল পেলাই ৰাখিবলৈ কৰা অপচেষ্টাৰ মূলত হিন্দুৰ এই বিৱৰণী বিলাকৰ উৎপত্তি৷’ [ইতিহাসে সোঁৱৰা ছশটা বছৰ, প্ৰথম প্ৰকাশ, জানুৱাৰী, ১৯৮০, পৃঃ ৩০৷]

স্মৰণীয় যে ছ্যু-খাম-ফা [১২৯৩-১৩৩২]ৰ ৰাজত্ব কালৰ পৰাই ভালেমান আৰ্য পুৰোহিতে অসমত থিতাপি লৈছিল আৰু তেওঁলোকেই আহোম ৰজাক ‘স্বৰ্গৰ প্ৰতিনিধি’ ৰূপে প্ৰক্ষেপ কৰি স্বৰ্গদেৱ বুলি সম্বোধন কৰিছিল৷ অসমীয়া বা ইংৰাজী ভাষাত লিখিত অসম বুৰঞ্জীত ১৩৯৮ চনত ছু-দাং-ফা বা বামুণী কোঁৱৰ ৰাজপাটত বহাৰ পাছৰ পৰাই আহোম ৰাজ কাৰেঙত চোমদেৱ দেৱতাৰ লগতে হিন্দুৰ শালেগ্ৰাম মূৰ্তিৰ পূজা-সেৱা চলিছিল বুলি উল্লেখ আছে৷ ১৪৯৭ চনত ছ্যু-হুং-ম’ঙ ৰাজপাটত উঠালৈকে আহোম ৰজা-প্ৰজাই হিন্দু ধৰ্ম গ্ৰহণ নকৰিলেও তেওঁলোক হিন্দু ধৰ্ম আৰু হিন্দু সমাজৰ বহু ওচৰ চাপিছিল৷ সেই সময়ছোৱাতে একাংশ হিন্দু পণ্ডিতে ৰজাক ভালৰি বোলাবৰ বাবে হিন্দু পুৰাণৰ আলম লৈ আহোম ৰাজবংশৰ ইতিবৃত্ত বৰ্ণনাৰে পুথি-পাঁজি লেখিছিল৷ তেনে এখন পুথি হ’ল – ‘স্বৰ্গ নাৰায়ণ দেৱ মহাৰাজৰ জন্ম চৰিত্ৰ’; য’ত আহোম ৰজাৰ গুৰি সৰ্ম্পকে এক উদ্ভট উপকথা বৰ্ণিত হৈছিল৷

এই পণ্ডিতসকলে অনাৰ্য অধ্যুষিত অসমভূমিত আৰ্যীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ বাবেই কোচ, কছাৰী, চুতীয়া আদি ৰাজ বংশবোৰৰ ইতিবৃত্তও হিন্দু পুৰাণৰ কোনো একোজন দেৱতাৰ লগত মিলাই নতুনকৈ লেখিছিল৷ মধ্যযুগীয় অসমত ধীৰে ধীৰে আৰম্ভ হোৱা আৰ্যীকৰণৰ সেই প্ৰক্ৰিয়া উনবিংশ শতিকাৰ প্ৰাৰম্ভতে একাংশ নব্য শিক্ষিত বৰ্ণহিন্দুয়ে বিভিন্ন উপায়েৰে ত্বৰান্বিত কৰি তুলিব বিচাৰিছিল৷ ফলত বৰ্ণবাদ প্ৰথাই শক্তিশালী ৰূপ ধাৰণ কৰি অনাৰ্য জনগোষ্ঠীসমূহৰ স্বাভিমানত আঘাত হানিবলৈ ধৰাত পদ্মনাথ গোহাঁইবৰুৱা বা তেওঁৰ দৰে সম্ভ্ৰান্তশ্ৰেণীয়ে নেতৃত্ব প্ৰদান কৰা আহোম সভাই নিজৰ জনগোষ্ঠীটোৰ সাৰ্বিক বিকাশৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালভাৱে বৰ্ণবাদৰ বিৰুদ্ধেও যুঁজ চলাই যাব লগা হৈছিল৷

আহোম সভাই ‘ৰিপুঞ্জয় স্মৃতি’ আৰু ‘অভিজ্ঞান মঞ্জুৰী’পুথি দুখনত সন্নিবিষ্ট নিৰ্দেশাৱলীৰ বিৰোধিতা কৰি আন্দোলন কৰাৰ পাছতে পুথি দুখনৰ প্ৰকাশ বন্ধ কৰাৰ লগতে ৫০০ খনৰো অধিক পুথি একেলগে জ্বলাই পেলোৱা হৈছিল৷ বৰ্ণবাদৰ বিৰোধিতা কৰিবৰ বাবেই যোৰহাটৰ চেনি আমগুৰিত ১৯৩৭ চনত অনুষ্ঠিত সভাৰ সাধাৰণ অধিৱেশনত বৰ্ণহিন্দুৰ প্ৰতিনিধিক বৰ্জন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল৷ ১৯৪৪ চনৰ ১২ আৰু ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত সভাৰ সোণালী জয়ন্তী অধিৱেশনতো তেনেধৰণৰ প্ৰস্তাৱ লোৱা হৈছিল–‘যিহেতু বৰ্ণহিন্দুৰ ৰাজনৈতিক উৎপীড়নৰ বাহিৰেও সামাজিক আৰুভেদমূলক ধৰ্ম বিতৰণৰ ফলত আহোম জাতি বাধ্য হৈ এই সভা স্থাপন কৰি সন্মিলিত হৈছে আৰুযিহেতু এতিয়াও উক্ত বৰ্ণ হিন্দু গোঁসাই আৰু মহন্তবিলাকেই অসমত একচেতীয়াকৈ একে ভাবেই উক্ত অাঁহফলা ধৰ্ম এতিয়াও প্ৰৱৰ্তন কৰি আহোমৰ মাজত বিভেদ সৃষ্টিৰ গুটি সিঁচি আছে, আজিৰ সভাই উক্ত বৰ্ণহিন্দুৰ ধৰ্মযাজক গোঁসাই আৰু প্ৰচাৰকসকলক ত্যাগ কৰিবলৈ সকলো জ্ঞাতিক অনুৰোধ কৰা হওক৷’ [সদৌ অসম আহোম সভাৰ তথ্যাশ্ৰয়ী বুৰঞ্জী, পৃঃ ৪৮]

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে