চ’ৰাঘৰ / প্ৰকৃতি / বাঘৰ আক্ৰমণ ( ঘনশ্যাম ৰাজবংশী)

বাঘৰ আক্ৰমণ ( ঘনশ্যাম ৰাজবংশী)

লিখিবলৈ লৈছোঁ নাহৰফুটুকী বাঘৰ কথা। ঘটনাটো হৈছিল আজি দুই তিনি বছৰৰ আগতে গুৱাহাটীৰ শিলপুখুৰীৰ ওচৰত। বাঘটো পাহাৰ পৰা ওলাই আহিছিল জনসমুদ্ৰলৈ। সি জনা নাছিল ওলাই গ’লে যে মানুহৰ ঘৰবোৰ দেখিব।
বাঘ তিনিটা কাৰণত নিজৰ এলেকাৰ পৰা ওলাই যায়। প্ৰথম যেতিয়া মিটিং টাইম হয় সেই সময়ত মাকৰ লগত থকা প্ৰাপ্তবয়স্ক হোৱা পোৱালীবোৰে নিজৰ নিজৰ এলেকা চাই ল’ব বিচাৰে। প্ৰজননৰ সময়ত মতা-মাইকী হাল কিছুদিন একেলগে থাকি আকৌ এৰা-এৰি হোৱাত হয়তো জন বসতিত সোমাই পৰে। কোনো নিদিষ্ট প্ৰজননৰ সময় নাথাকে নাহৰফুটুকীৰ।
বছৰৰ যিকোনো সময়ত পোৱালী জন্মদিয়াৰ পিচত পোৱালীক ৰক্ষাণাবেক্ষণ দিয়াৰ সময়ত স্থান সলায়। সেয়েহে মতা বাঘৰ পৰা আঁতৰিবলৈ নতুবা নিৰাপদ আশ্ৰয়স্থল বিচাৰি ফুৰে। হয়তো স্থান সলনি কৰাৰ সময়ত ওলাই আহি মানুহৰ জনবসতিৰ ওচৰতে আত্মগোপন কৰি থাকি চিকাৰ কৰিব বিচাৰে। সৰুৰ পৰা ডাঙৰ জীৱ-জন্তুক চিকাৰ কৰাৰ ক্ষমতা আছে নাহৰফুটুকীৰ। চিকাৰৰ প্ৰয়োজনত কীট পতঙ্গ আদি কৰি মানুহৰ গৃহপালিত যিকোনো জীৱ-জন্তুক চিকাৰ কৰাৰ সন্ধানত মানুহৰ বসতিৰ ওচৰে-পাজৰে ঘূৰি ফুৰে। ঘনাই শুনিবলৈ আৰু দেখিবলৈ পোৱা মতে নাহৰফুটুকীৰ আশ্ৰয়স্থলীত মানুহৰ বসতি আৰু হাবি।-বন ধ্বংস হোৱাত সিহঁতৰ আশ্ৰয়স্থলী ক্ৰমান্নয়ে কমিবলৈ ধৰাত মানুহৰ বসতিৰ ওচৰে পাজৰে থাকিবলৈ লৈছে।

নাহৰফুটুকী বাঘে সকলো ধৰণৰ অৰণ্যত থাকি পৰিৱেশৰ লগত খাপ খাই থাকিব পাৰে। সৰু সৰু বননিত, শিলাময় অঞ্চল, চহৰ-নগৰৰ আশে-পাশে সৰু সৰু হাবি-বননিত থাকি নিজক জীয়াই ৰাখিবলৈ সক্ষম হয়।
ওপৰত উল্লেখ কৰা যিকোনো এটা কাৰণত ওলাই আহি পাহাৰ বগাই শিল বগাই ওলাল । শিলপুখুৰী পোৱাত মানুহৰ হৈ-হাল্লাত ওচৰৰ এঘৰ মানুহৰ গাড়ীথোৱা গেৰেজত সোমাল গৈ নিজকে বচাবলৈ। হয়তো ৰাতি থাকি মানুহৰ সমাগম কমিলে পুনৰ ওলাই গ’লহেঁতেন বাটত চৰি ফুৰা কুকুৰ-মেকুৰী ধৰি লৈ। বাঘে ভবা কথাটো মানুহেতো ভাবিব নোৱাৰে । মানুহৰ কথা মতেই সকলো হ’ব লাগিব এনেহেন পৰিস্থিতি আহি পৰিল। বাঘৰ আগতেল খোৱা মানুহ সমাজত বহুত আছে। যেয়ে জানিলে গেৰেজত বাঘ সোমাই আছে আৰু এজনে গ’ল বাঘৰ নেজেৰে কাণ খজুৱালৈ। এখোজ দুখোজ দিওঁতে বাঘে মানুহ জনক দেখি দাঁত নিকটাই আহিল খেদি আৰু কাণে মুৰে হাতোৰাৰে দিলে বাঘধকা। বাঘধকাত কাণ মুৰৰ লাওখোলা বখলিয়াই পেলালে। বাঘ ওলোৱা কথাটো চাৰিফালে বিয়পি পৰাত সেই ঠাইত লোকে লোকাৰণ্য হৈ পৰিছিল । তাৰ মাজতে মানস পৰাণ ফটোগ্ৰাফাৰ জনেও বাঘৰ গতিবিধি লক্ষ্য কৰি থাকোঁতে বাঘৰ আগতেল খাব বিচৰা জনক আক্ৰমণ কৰা জীয়া দৃশ্যৰ ফটো উঠাবলৈ সক্ষম হ’ল । এই নাহৰফুটুকী বাঘৰ আক্ৰমণৰ ঘটনাত দুয়োজনে সেই দিনটোতে বিখ্যাত হৈ পৰিল প্ৰচাৰ মাধ্যম যোগে। এজনে পালে আন্তঃৰাষ্ট্ৰীয় ফটোগ্ৰাফীৰ সন্মান আৰু আনজনে হস্পিতালৰ বিচনাত পৰি থাকি জীৱনটো বাঘৰ আক্ৰমণৰ পৰা বাচি আহি নিজে ভগৱানক জনালে ধন্যবাদ। ফটো গ্ৰাফাৰ মানস পৰাণৰ সেই দিনাৰ বাস্তৱ অভিজ্ঞতা মই নিজ কাণে শুনিলো ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ আহোঁতে। ইমান সাহসৰে যে ফটোখন তুলি ধৰিব পাৰিছিল তাৰবাবেও কিন্তু ফটোগ্ৰাফাৰ জন সঁচাই লেখত ল’বলগীয়া। আক্ৰমনৰ বলি হোৱা জনে হয়তো আনক কৈছে বন্ধুসকল মই যি ভুল কাম কৰিছিলোঁ নিজকে অতি সাহসী বুলি, আন কোনেও যাতে কোনো দিনে বন্যজন্তৰ ওচৰলৈ নাযায়।

বাঘৰ বিষয়ে নজানা কাৰণে দিনে দিনে হয় মানুহ আক্ৰমন বা নিহত হৈছে নতুবা বাঘক হত্যা কৰি নিজকে বৰ সাহসী বোলাইছে। স্বভাবিকতেই নাহৰফুটুকী বাঘে মানুহক আক্ৰমন নকৰে। কিন্তু যদিহে নৰখাদক হৈ পৰে তেন্তে অতি ভয়াবহ হৈ পৰে আৰু নিয়মিত মানুহকে চিকাৰ কৰিব ধৰে। এই বিধ বাঘ অতি বুদ্ধিমান বন্যপ্ৰাণী। ব্যাপক ভাবে সিহঁতৰ বাসস্থান, ছাল অংগ-প্ৰত্যংগৰ অবৈধ ব্যৱসায় আৰু খাদ্য সংকট হোৱাত নাহৰফুটুকী বাঘৰ সংখ্যা কমি আহিছে। আগতে হাবিত সোমালে হয় বাঘৰ গোজৰণী নহয় খোজ নতুবা স্বচক্ষে দেখা পাইছিলো। বৰ্তমান লুপ্তপ্ৰায় বন্যপ্ৰাণীৰ তালিকা ভুক্ত। এই বিধ প্ৰাণী কমি যোৱাত বান্দৰবোৰ চহৰে নগৰে বাঢ়িব ধৰিছে। বাঘতকৈ বান্দৰ উপদ্ৰপ কিন্ত অসহনীয় হৈ পৰিব।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে