চ’ৰাঘৰ / ডেকা চাং / নীহাৰিকা (সংগীতা বৰা)

নীহাৰিকা (সংগীতা বৰা)

(পাতনিতে…
“যিকোনো বাতৰিকাকতৰেই এটা অতিকৈ চিনাকি বিজ্ঞাপন হ’ল ‘পদখালী/ আৱশ্যক/ পোনপটীয়া নিযুক্তি ‘। লোভনীয় সা-সুবিধাৰে পৰিপূৰ্ণ এই চাকৰিৰ বিজ্ঞাপনবোৰ পঢ়ি এনে লাগে যেন কৰ্মসংস্থাপন তেনেই সুলভ বিষয় । নিবনুৱা সমস্যাকেই যেন নুই কৰি দিব খোজে সেই লোভনীয় বিজ্ঞাপনবোৰে ! কিন্তু কিমানে জানে যে তেনে এক বিজ্ঞাপনক কেন্দ্ৰ কৰি তাৰ পৰিসীমাৰ তলত অৱশ হৈ থকা অসংখ্য মানুহৰ জীয়া কাহিনীবোৰ কিমান মৰ্মস্পৰ্শী তথা ৰহস্যঘন ? তেনে কিছু অকাতৰ, ৰহস্যঘন প্ৰশ্নৰ উত্তৰ নিজেই বিচাৰি লৈ জীৱনমুখী হোৱা এক বৰ্ণময়ী সত্তাই হ’ল ‘নীহাৰিকা’… ।”)
.
দৈনিক বাতৰিখনত চাকৰিৰ বিজ্ঞাপনটো দেখি কেইবাবাৰো পঢ়িলো। লোভনীয় সুবিধাৰ কথা উল্লেখ আছে তাত। এইখন অসমতে মোৰ দৰে নিবনুৱাৰ বাবে ইমান সহজলভ্যকৈ চাকৰি ওলাইনে ? বিশ্বাস হোৱা নাছিল বৰকৈ, হ’লেও কৌতুহ’ল দমাব নোৱাৰি বিজ্ঞাপনত দিয়া নম্বৰটোত ফোন লগালো ।
: হেল্ল প্লাবিতা মেম হয়নে ? বাতৰিত এড্ এটা পাইছিলো।
: হয় , মই কনচালটেণ্ট এজেঞ্চিৰ প্লাবিতাই কৈছো । ক’ৰ পৰা কৈছে আপুনি? আপোনাৰ শিক্ষাগত অৰ্হতা জনাব।

তাৰ পাছত মোৰ শিক্ষাগত অৰ্হতাৰ ভিত্তিত চাকৰিৰ পোহাৰ মেলিলে প্লাবিতাই। শুৱলা মাতেৰে অকণো খোকোজা নলগাকৈ কৈ যোৱা কথাবোৰ মই মুগ্ধ হৈ শুনি গ’লো । শেষত যদিহে মই চাকৰিটো কৰাৰ প্ৰতি ইচ্ছুক, তেন্তে অতি শীঘ্ৰেই মোক মোৰ সকলো দৰকাৰী নথিপত্ৰসহ তেওঁলোকৰ গুৱাহাটীত থকা অফিচলৈ যাবলৈ পৰামৰ্শ দিলে । বাক্ পটু ছোৱালীজনীৰ কথাত মই পতিয়ন গৈ গুৱাহাটীলৈ যাবলৈকে ঠিক কৰিলো। চাকৰি এটাৰ মোৰ খুউব প্ৰয়োজন। খেতিয়ক দেউতাই ঘৰখনৰ খৰচৰ ভাৰ অকলে চম্ভালিব নোৱাৰা হৈছেগৈ । মাৰ বাত-বিষবোৰৰো ভালদৰে চিকিৎসা কৰাবলৈ টকাৰ যোগাৰ হোৱা নাই ।তেনেস্থলত বি.এ. পাছ কৰি কোনস’তে ঘৰৰ বন ঘৰতে কৰি কটাওঁ মই ? গাৱঁত টিউচন কৰি পোৱা পইচাকেইটাৰে দেখোন নিজৰ প্ৰয়োজনবোৰেই পূৰণ নহয় ! মা – দেউতাই মুখেৰে নক’লেও বা নিবিচাৰিলেও মই জানো মোৰ দায়িত্ব আৰু কৰ্তব্য আছে তেওঁলোকৰ প্ৰতি । চৰকাৰী চাকৰিৰ হেঁপাহ বাদ দিলো । বেচৰকাৰী প্ৰতিষ্ঠানতে কোনোমতে মূৰটো গুজি আৰ্থিক দিশত ঘৰখনক কিছু সকাহ দিয়াৰ মন । সেইহেতু গুৱাহাটীস্থিত কোম্পানি এটাত পোনপটীয়া নিযুক্তিৰ সুবিধাৰ লগতে মই ভৱাতকৈ বেছি দৰমহা দিব বুলি জানি নিজৰ ভৰিত নিজে ঠিয় দিয়াৰ বাসনাত যোৰহাটৰ পৰা গুৱাহাটীলৈ ৰাওনা হ’লো । প্ৰথমতে বাধা দিছিল মা- দেউতাই । একমাত্ৰ জীয়ৰীক টকা ঘটিবৰ বাবেই দূৰলৈ পঠিয়াবলৈ ইচ্ছা নাই তেওঁলোকৰ । মই নামানিলো , যুক্তিৰ আগত আৱেগ তিষ্ঠিব নোৱাৰে ।
স্থান বেলতলা । ‘জীৱিকা’ নামৰ কনচালটেণ্ট এজেঞ্চিৰ অফিচ । ভিতৰ সোমায়েই মৌমাক দেখি আচৰিত হ’লো মই । তাই মোৰ স্কুলীয়া বান্ধৱী । জীৱনৰ নিমিলা সমীকৰণ সমতুল কৰাৰ স্বাৰ্থত দিহিঙে দিপাঙে বাট বুলা লগৰীয়াবোৰৰ মাজৰে এজনী । স্কুল শেষ হোৱাৰেপৰা মই লগ পোৱাই নাই তাইক যোৱা পাঁচ বছৰে । দেখা পালো নতুনকৈ চাকৰি বিচাৰি অহা ল’ৰা – ছোৱালীবোৰক সুন্দৰকৈ কথাবোৰ বুজাই আছে তাই। আস্ , ইমান সুন্দৰকৈ কথা ক’ব পৰা হ’ল মৌমাই ! আগতে খোনাইছিল , চুচুক-চামাক কৰিছিল । ব্যস্ততাৰ মাজতে মোলৈ চকু পৰাত তাই থমকি ৰ’ল । ওচৰলৈ মাতি নি সুধিলে কালৈ ফোন কৰি আহিছো । প্লাবিতাৰ কথা ক’লত “হ’ব বাৰু বহচোন” বুলি কৈ ওচৰতে চকী এখনত বহিবলৈ দি অপেক্ষা কৰিবলৈ ক’লে মাথোন । ময়ো একো ভু-ভা বুজি নাপাই নিৰৱে বহি থাকিলো তাতে ।বহুত মানুহৰ ভিৰ। তাই ভীষণ ব্যস্ত । কিবা সুধি আমনি দিবলৈকো মন নগ’ল । এঘণ্টামানৰ পাচত তাই মোক লগত লৈ অফিচৰ পৰা ওলাই হোটেল এখনত সোমালেগৈ । ভালকৈ এসাঁজ মোক খুৱালে । তাৰ পাছত ক’লে যে তায়েই প্লাবিতা । আচৰিত হোৱাৰ বাদে মোৰ অৱকাশ নাছিল । অৱশ্য তাইক একো ক’বলগা নহ’ল মই । এজেঞ্চিত কাম কৰাৰ পুষ্ট অভিজ্ঞতাৰে তায়ো আচৰিত নোহোৱাকৈয়ে বুজি পাইছে মই আজি ইয়াত কিয়। তাই মোক চমুকৈ ক’লে কথাবোৰ –
: চা , যিমান তই আশা কৰি আহিছ’ সিমানখিনি সুবিধা নাপাবি ইয়াত । চাকৰিৰ বজাৰ এইখন । আমি ডাইৰেক্ট জইনিং কৰোৱাৰ নামত চাকৰি বিক্ৰী কৰো। দোকানীয়ে বস্তুৰ গুণ বৰ্ণনা কৰাৰ দৰেই আমিও কথাবোৰ অলপ আচৰপ বঢ়াই ক’বলগীয়া হয় । কিন্তু আন বহুত প্ৰতিষ্ঠানে ঠগোৱাৰ দৰে আমি মানুহক নঠগাও। মানৱীয়তাৰ বিপক্ষে আমি কাম নকৰো । ইয়ালৈ আহিলে চাকৰি যে পাবই সেইটো খাটাং । কিন্তু সৰু সুৰা কামকো শ্ৰদ্ধাৰে কৰিব পৰা আৰু কোম্পানীৰ চৰ্তমানি চলিব পৰা মানসিকতাৰ ওপৰত প্ৰাৰ্থী এজন তিষ্ঠিব পৰা বা নোৱাৰাটো নিৰ্ভৰ কৰে ।
পাঁচ বছৰৰ পাছত লগ পোৱা বান্ধৱীজনীয়ে মোক তাইৰ অফিচ ছুটী হোৱাৰ পাছত তাইৰ থকা ৰুমলৈ লৈ গ’ল । ইতিমধ্যে তাইৰ ৰুমমেট দুজনী ক্ৰমে লিচা আৰু প্ৰাপ্তিও আহি ৰুম পাইছিলহি । চিনাকি হৈ গম পালো একেটা এজেঞ্চিৰেই কৰ্মী দুয়ো । ৰুমলৈ অহাৰ পাছতো সিহঁতলৈ আহি আছে ফোনৰ উপৰি ফোন । অভিজ্ঞ দক্ষতাৰে সকলো বুজাই গৈছে প্ৰাৰ্থীবোৰক । বাৰে বাৰে বুজাইছে । মোৰ আমনি লাগি গৈছে শুনি শুনি । ইহঁতৰ ব্যক্তিগত সময় বুলিবলৈ নায়েই হয়তো ।
পিছদিনা দেওবাৰ , এজেঞ্চি বন্ধ । মৌমাৰ ৰুমমেট দুজনীৰ লগতো মোৰ বন্ধুত্ব গঢ়ি উঠিল । তিনিওজনীয়ে মিলি আলোচনা কৰিলে মোক কোনটো কামত পঠাব । মোক পঠাবলৈ উপযুক্ত কাম বিচাৰি পোৱা নাই সিঁহতে । তিনিওজনীয়ে নিজৰ মাজতে গুণা-গঁথা কৰি থাকিল । মই যিটো বিজ্ঞাপনৰ ভিত্তিত গুৱাহাটী পালোহি সেইটো কাম ছোৱালীৰ বাবে সুবিধাজনক নহয় হেনো । অন্ততঃ মৌমাৰ পুৰণি বান্ধৱী বুলি জনাৰ পাছত কোনোপধ্যেই মোক সেইটো কামত পঠিয়াব নোৱাৰে হেনো সিঁহতে । মৌমায়েটো স্পষ্টকৈয়ে কৈ দিলে মোক সেইটো কাম কৰিবলৈ নিদিয়ে বুলি ।
তাহাঁতৰ কথাশুনি হতাশাৰ ডাঁৱৰে আৱৰি ধৰিলে মোক । সপোনবোৰ গঢ়ি লোৱাৰ আগতেই ধূলিয়ৰি হৈ গ’লচোন ! উভতি গৈ কি ক’মগৈ মই ? কামলৈ ভয় কৰি উভতি যোৱাটো মোৰ বিকল্প হ’ব পাৰে জানো ? নাই নাই , হাজাৰ অসুবিধাজনক হ’লেও , কষ্টকৰ হ’লেও মই কামটো কৰিমেই । কিন্তু মৌমা , লিচা কিম্বা প্ৰাপ্তি কোনোজনীয়েই নামানিলে মোৰ কথা । সিহঁতে দোষী দোষী ভাৱেৰে নিজকে নিজেই অস্বস্তিত পেলালে । দোধোৰ-মোধোৰ আৱেগ । মাত্ৰ কেইটামান টকা ঘটাৰ বিনিময়তে পাৰিবনে কৈশোৰৰ বান্ধৱীয়ে দুচকুত কঢ়িয়াই অনা আশাবোৰ পলকতে ধূসৰ কৰি দিবলৈ ? নে মুকলি কৰি দিব সাধাৰণ মানুহৰ পৰা যন্ত্ৰমানৱ হ’ব পৰাকৈ তিক্ততাৰে পূৰ্ণ অবৰ্ণনীয় কষ্টকৰ চাকৰিটোৰ দুৱাৰখন ? সিহঁতৰ সংশয়- পামনে মই দিনটোৰ শেষত এটা হাঁহি মাৰিবলৈ এখন্তেক সময় , ক্ষণিকৰ জিৰণি ? … সিহঁত উত্তৰহীন । তেন্তে কি
ক্ষমা খুজি পৰিত্ৰাণ পাবনেকি মিছা প্ৰলোভনেৰে সপোন দেখুৱাই সপোন ভঙাৰ বাবে ? নাই , তেনে নকৰিলে সিহঁতে । সপোন নাভাঙিলে মোৰ । তাৰ পৰিৱৰ্তে মোৰ সন্মখত খুলি দিলে উপাৰ্জনৰ আন এক সম্ভাৱনাপূৰ্ণ দুৱাৰ ।…………
মোকো তাঁহাতৰ দৰেই , তাঁহাতৰ মাজৰে এজনী হ’বলৈ প্ৰস্তাৱ দিলে । চাকৰিৰ কনচালটেঞ্চি এটা ব্যৱসায় মাথোন । এই কামত দৰমহা নাপায় , কমিচনহে পায় মাত্ৰ । বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত খালী হোৱা পদ সমূহৰ সন্ধান কৰি বাতৰি কাকতত লোভনীয়ভাৱে বিজ্ঞাপন দি যিমানেই প্ৰাৰ্থীক আকৰ্ষণ কৰিব পাৰে সিমানেই লাভ এই ব্যৱসায়ত । শাৰীৰিক পৰিশ্ৰমতকৈ মানসিক পৰিশ্ৰম বহুগুণে বেছি এই কামত । একেখিনি কথাকে বাৰম্বাৰ ক’ব লগা হয় , সময় – অসময় একাকাৰ হৈ পৰে । তাৰোপৰি ছোৱালী বুলি জানি কিছুমানে এনেয়ে ফোন কৰি যি-তি কথা কৈ অশান্তি দিয়ে । সিহঁতে চম্ভালি লয় সকলো । আজিকালি পাৰে চম্ভালিব , সময় আৰু অভিজ্ঞতাৰ পৰশে সকলো সহজ কৰি তুলিছে ।
অৱশ্যে কেতিয়াবা যান্ত্ৰিকতাৰ অৱসাদে পৃষ্ট কৰে সিহঁতৰ সীমাবদ্ধতাৰ আৱৰণক । মানসিক সন্তোষ আৰু বিবেক দংশনে প্ৰতি মুহূৰ্ততে একেলগে হেঁচা দিয়ে সিহঁতক । প্ৰয়োজনবোধ থকা দুখীয়া অসহায় মানুহক এটা জীৱিকাৰ পথৰ সন্ধান দি পোৱা আত্মতৃপ্তিৰ তুলনাত নগণ্য হৈ ৰয় সিহঁতৰ আৰ্থিক উপাৰ্জন । কিন্তু যেতিয়া সেই গেবাবি খটা মানুহবোৰ কোম্পানীৰ চৰ্ত আৰু অসহনীয় , অবৰ্ণনীয় কামৰ বোজা তথা নুন্যতম মজুৰিৰে মহানগৰীত চলিব নোৱাৰি বিধ্বস্ত মন একোটা লৈ কাম এৰি নিজৰ ঠাইলৈ উভতি যায়গৈ তেতিয়া নিজকে ধাৰত পোত যোৱা ধৰুৱা যেন লাগে সিহঁতৰ । কোনোজনে হয়তো নিজক ঠাইতে চলিব পৰা উপাৰ্জনেৰে কাম এটা কৰি আছিল । লোভনীয় বিজ্ঞাপনৰ লালসাত
সুলভ কামটো এৰি গুচি আহিল মহানগৰীলৈ । অথচ নতুন কামটোত তিষ্ঠিব নোৱাৰি ঘৰমুৱা হবলৈ বাধ্য হ’ল এবুকু মৃত আকাংক্ষা লৈ , তেতিয়াই মুখত অমানৱীয়তাৰ চিল মোহৰ মৰা একো একোজন দালাল যেন লাগে নিজকে সিহঁতৰ । দূৰ-দূৰণিৰ পৰা দুখে-ভাগৰে আহি পোৱা আৰ্থিক অভাৱ অথবা প্ৰয়োজনে জুৰুলা কৰা মানুহবোৰে প্ৰথম দিনাৰেপৰাই কাম কৰিব বিচাৰে । অৰ্থ উপাৰ্জনৰ তাড়নাই মোহাৰি পেলাই দুখ – কষ্ট – ভাগৰৰ অনুভৱ । অথচ অকল্পনীয় কষ্টৰ পৰিসীমাত সৰল, প্ৰয়োজনমুখী মানুহবোৰৰ আশাবোৰ হুমুনিয়াহ হৈ ওলায় । সেই হুমুনিয়াহে বিষাক্ত কৰি তোলে মৌমা , লিচা, প্ৰাপ্তিহতঁৰো উশাহবোৰ । কেতিয়াবা কোনোজনৰ হাতত ঘৰলৈ উভতি যাবলৈ দৰকাৰ হোৱা টকাকেইটাও নাথাকেগৈ । তেনেকুৱা সময়ত মানৱীয়তা বৰ্তাই ৰাখি নিজৰ পকেটৰ পৰাই গাড়ীৰ ভাড়া আৰু বাটত খোৱা খৰচটো দি প্ৰাৰ্থীক উভতি যোৱাত সহায় কৰে এই হৃদয়বান ছোৱালীকেইজনীয়ে ।
কিন্তু উপায় নাই , মনে নিবিচাৰিলেও সেই কাম কৰিবলৈ সিহঁত বাধ্য । কাৰণো সেই একেটাই , জীৱিকাৰ তাড়না । সিহঁতৰো আৰ্থিক প্ৰয়োজন আছে। তদুপৰি যুক্তিও আছে এই কামৰ সাপেক্ষে । সিহঁতৰ দায়িত্ব কেৱল কামত নিয়োজিত কৰালৈকেহে। সেইখিনিলৈকে সিহঁতে যথাসম্ভৱ সকলোবোৰ কৰি দিয়ে । এনেটো নহয় যে সকলো মানুহেই কৰ্মক্ষেত্ৰত অভিযোজন কৰিব নোৱাৰে । বেছিসংখ্যকেই পাৰে , কাম বিচাৰি অহা প্ৰায় সত্তৰ শতাংশ লোকেই নিজকে আৰু পৰিয়ালক পোহপাল দিয়াত সক্ষম হয় সিহঁতে সুমুৱাই দিয়া প্ৰতিষ্ঠানত কাম কৰি । তেনে শংকা কিহৰ ? পোহৰখিনিতকৈ অন্ধকাৰখিনিতো বেছি নহয় !
প্ৰাৰ্থীৰ লগত কথা পাতোতে মৌমাহঁতে নিজৰ পৰিচয় গোপনে ৰাখে । নতুন নাম একোটা লৈ লৈছে সকলোৱেই । এই নতুন হৈ পৰা ছোৱালীকেইজনীয়ে এতিয়া বিচাৰে ময়ো তাহাঁতৰ দৰেই নতুন হৈ পৰাতো । তাহাঁতৰ ৰোমাঞ্চকৰ জগতখনৰ বাসিন্দা হৈ সাঙুৰ খাই যোৱাটো৷

মই বহুত ভাবি-চিন্তি শেষত সন্মতি দিলো । মোৰ প্ৰধান আৰু প্ৰথম প্ৰয়োজন হ’ল ঘৰখনৰ আৰ্থিক সমস্যাবোৰ পূৰণ কৰিব পৰাকৈ এটা কাম বিচৰাটো । বাকীবোৰ বিবেচনা পাচতহে আহে । চৰকাৰে শিক্ষিত নিবনুৱাৰ বাবে পাৰ্যমানে উপযুক্ত সংস্থাপন সৃষ্টি কৰাত ব্যৰ্থ নোহোৱা হ’লে হয়তো আজি মুক্ত হ’লোহেতেঁন স্বাৰ্থপৰৰ দৰে কেৱল এটা দিশতেই উত্তৰৰ সন্ধান কৰাৰপৰা । লোভনীয় বিজ্ঞাপনে টানি অনা আনবোৰ নিবনুৱাৰো একেই ভাৱনা হয় ছাগৈ । সঁচা অৰ্থত এইখিনিতে যুক্তিৰ আগত আৱেগে হাৰ মানে । হয়তো বাধ্য হয় বহুজন একোটা মনে নিবিচৰা পথত বাট বুলিবলৈকো । মোৰো সেয়ে হ’ল । ভৰি থলো নতুন পৃথিৱীত । কেনেকৈ বাতৰি কাকতত বিজ্ঞাপন দিব লাগে , প্ৰাৰ্থীৰ লগত কথা পাতিব লাগে সকলোবোৰ শিকাবলৈ ধৰিলে মোক আটাইকেউজনীয়ে । যাত্ৰা কৰিলো লাহে লাহে অচিন পথৰ যাত্ৰী হৈ।
…এদিন বাতৰিকাকতত মই দিয়া বিজ্ঞাপন ওলাল । বিজ্ঞাপনত দিয়া ফোন নম্বৰটোত মোলৈ ফোন আহিল –
: হয় , মই কনচালটেণ্ট এজেঞ্চিৰ পৰা নীহাৰিকাই কৈছো । আপুনি ক’ৰ পৰা কৈছে ?
আৱেগেৰে গঢ়া মোৰ ‘স্পৰ্শা’ নামটোক একাষৰীয়াকৈ থৈ, চিনাকি আত্মসত্বাৰ আৱৰণ খুলি মই হৈ পৰিলো ‘নীহাৰিকা’ । আজিৰ নীহাৰিকা । নতুন পৃথিৱীয়ে গঢ়া জীৱন আৰু জীৱিকামুখী নীহাৰিকা ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে