চ’ৰাঘৰ / ৰসবিতান / ধনপোনা আখ্যান ( নীলোৎপল বৰুৱা )

ধনপোনা আখ্যান ( নীলোৎপল বৰুৱা )

১.
শুন ধনপোনা..
বাইবেলৰ কথা।
চল্লিশ দিন চল্লিশ ৰাতি একেৰাহে বৰষুণৰ পাছত নোৱাৰ জাহাজ মাটিত লাগিল। নতুনকৈ পৃথিৱীখন আৰম্ভ কৰিবৰ বাবে নোৱাই উদ্ভিদ প্ৰাণী সকলোকে জাহাজৰ পৰা মুকলি কৰি দিলে।

কিন্তু…জাহাজত থকা বুদ্ধিজীৱী প্ৰজাতিৰ প্ৰাণীৰ মাত্ৰ এজন হে জীয়াই থাকিল!! নোৱা বিপাঙত পৰিল। ইমান ডাঙৰ পৃথিৱী এজন বুদ্ধিজীৱীৰে কেনেকৈ চলিব!! বহু চিন্তা ভাৱনাৰ অন্তত নোৱাই এটা সমাধান উলিয়ালে। জাহাজত থকা গাহৰী ৰখীয়া কেইটাক মাতি আনি নোৱাই ভালকৈ কাপোৰ কানি পিন্ধালে। সকলোকে বহুৱাই ক’লে– পৃথিৱীত তহঁতৰ বৰ বিশেষ কাম নাই। এই দাঢ়ি থকা জ্ঞানী বৃদ্ধজনে যি কয় তহঁতে বুজি পালে‌ও নেপালেও চেৰেউ-ফেৰেউকৈ তাৰ বিৰোধিতা কৰিবি। পাৰিলে কাগজ এদম বন্ধাই কিতাপ বুলি বজাৰত বেচিবি!! সাধাৰণ মানুহে তহঁতক সন্মান কৰিব!!!
পিছৰ কথাখিনিতো ত‌ই জান‌ই ধনপোনা!!!

২.
সেই মানুহজন যে দেখিছ ধনপোনা..
নামটো বাপকণ বৰা।
কিন্তু সকলোৱে কনবৰলা বুলিয়েই মাতে। বৰ সৎ মানুহ।মুখৰ কথা শিলৰ ৰেখা…
ডেকা বয়সত তোৰ মাৰক ভাল পাইছিল।
বগীবিলৰ দলং খন হ’লেই বিয়া পাতিম বুলি কথাও দিছিল হেনো..!!

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে