চ’ৰাঘৰ / ক্ৰীড়াংগন / পুনৰুজ্জীৱিত ভাৰতীয় হকী ( দিগন্ত চহৰীয়া )

পুনৰুজ্জীৱিত ভাৰতীয় হকী ( দিগন্ত চহৰীয়া )

ৰিঅ অলিম্পিকৰ আগৰ কথা । প্ৰাক্তন হকী খেলুৱৈ বিৰেন ৰাজকুনহাই এক তাৎপৰ্য পূৰ্ণ মন্তব্য কৰিছিল। তেওঁৰ মতে ভাৰতৰ পুৰুষ দলটোৱে ক্ৰীড়াশৈলী আৰু ৰণনীতিৰ ক্ষেত্ৰত প্ৰভূত উত্তৰণ ঘটালেও ৰিঅ অলিম্পিকত আশাব্যঞ্জক প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিব। হয়ো। ৰাজকুনহাৰ মন্তব্য সঁচা প্ৰমাণিত হল। ৰিঅ অলিম্পিকত ভাৰতে প্ৰত্যাশা অনুসৰি প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈছে। একেদৰে মহিলা দলটোৱেও হতাশাজনক প্ৰদৰ্শনেৰে দ্বাদশ স্থানতে ক্ষান্ত থাকিল। অলিম্পিকত ব্যৰ্থ হলেও অৱশ্যে ভাৰতীয় হকী জগতলৈ সন্তৰ্পনে এক ইতিবাচক পৰিবৰ্তন আহিছে। ৰিঅ অলিম্পিকৰ পূৰ্বে ভাৰতৰ পুৰুষ দলটোৱে সন্মানীয় চেম্পিয়নছ ট্ৰফীত ৰূপৰ পদক জয় কৰিছিল আৰু শেহতীয়াকৈ হস্তগত কৰিলে এছিয়ান হকী চেম্পিয়নছ ট্ৰফীৰ খিতাপ। যোৱা ৩০ অক্টোবৰত মালয়েছিয়াৰ কুৱানটানত অনুষ্ঠিত ফাইনেলত ভাৰতে চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক পৰাজিত কৰিছিল । প্ৰতিযোগিতাখনৰ ইতিহাসত ভাৰতৰ এইটো দ্বিতীয় খিতাপ। ইফালে ছিংগাপুৰত অনুষ্ঠিত মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাতো ভাৰতে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিলে। ফাইনেলত ভাৰতৰ মহিলা দলটোৱে চীনক পৰাভূত কৰিছিল। ছয় দিনৰ ব্যৱধানত ভাৰতৰ পুৰুষ আৰু মহিলা দলটোৱে লাভ কৰা এই বৃহৎ সফলতাই এতিয়া দেশীয় হকীৰ উত্তৰণৰ ইংগিত বহন কৰিছে। নেডাৰলেণ্ডচৰ প্ৰশিক্ষক ৰলেণ্ট অল্টমানছৰ তত্ত্বাৱধানত ভাৰতৰ পুৰুষ দলটোৱে প্ৰভূত উন্নতি ঘটাবলৈ সক্ষম হৈছে। ভাৰতীয় হকীৰ এক গৌৰৱোজ্বল ইতিহাস আছে । ভাৰত আঠবাৰ অলিম্পিক হকী চেম্পিয়ন। হকীৰ যাদুকৰ ধ্যানচাদৰ দেশ ভাৰত। ১৯২৮ চনৰ আমষ্টাৰডাম অলিম্পিকত ভাৰতে প্ৰথমবাৰৰ বাবে হকীৰ সোণৰ পদক লাভ কৰিছিল । ইয়াৰ পিছত ১৯৫৬ লৈ একেৰাহে ছয়খন অলিম্পিকত ভাৰতৰ পুৰুষ হকী দলটোৱে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছিল। ইয়াৰ পিছত ভাৰতে ১৯৮০ মস্কো অলিম্পিকত শেষবাৰৰ বাবে সোণৰ পদক হস্তগত কৰিছিল । কিন্তু ইয়াৰ পিছতে ভাৰতীয় হকীলৈ স্থবিৰতা আহি পৰে। এসময়ত বিশ্ব হকী শাসন কৰা ভাৰত শৌৰ্য বীৰ্যহীন সিংহলৈ ৰূপান্তৰিত হয়। ভাৰতীয় হকীৰ হঠাৎ ছন্দপতনৰ কাৰণ কি? মূলতঃ তীব্ৰ গতিসম্পন্ন ইউৰোপীয় হকীৰ সৈতে তাল মিলাব নোৱাৰিয়ে ভাৰতীয় হকীৰ অপমৃত্যু ঘটাৰ উপক্ৰম হৈছিল। অৱশ্যে এতিয়া ভাৰতীয় হকীলৈ ইতিবাচক পৰিবৰ্তন আহিছে। পৰম্পৰাগত শৈলীৰ পৰা মুক্ত হোৱা ভাৰতীয় হকী পুনৰ ঠন ধৰি উঠিছে। বৰ্তমান নতুন খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলটোৰ অন্যতম বৈশিষ্ট্য হল খেলুৱৈৰ হাৰ নমনা মানসিকতা। এতিয়াৰ খেলুৱৈসকল মানসিকভাৱে শক্তিশালী । যুঁজাৰু মনৰ খেলুৱৈ। সহজে হাৰ মানিব নিবিচাৰে। ভাৰতীয় হকীৰ পুনৰুত্থানৰ এইটো অন্যতম কাৰণ । উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পৰাজিত হলেও ভাৰতীয় খেলুৱৈৰ দমনীয় প্ৰদৰ্শনে অনুৰাগীৰ হৃদয় জয় কৰিছিল।

লক্ষণীয় যে চেম্পিয়নছ ট্ৰফীৰ ভাৰতীয় দলটোত জ্যেষ্ঠ খেলুৱৈ নাছিলেই। অধিনায়ক তথা গলৰক্ষক পি আৰ শ্ৰীজেশ আছিল একমাত্ৰ অভিজ্ঞ খেলুৱৈ। বাকী প্ৰায়খিনি তৰুণ খেলুৱৈ। কিন্তু তৰুণ খেলুৱৈ সকলে দৃঢ় মনোবলৰ পৰিচয় দাঙি ধৰি অষ্ট্ৰেলিয়া, গ্ৰেট ব্ৰিটেইন আদি শক্তিশালী দেশৰ বিৰুদ্ধে সাহসেৰে মোকাবিলা কৰিছিল। এইক্ষেত্ৰত প্ৰশিক্ষক অল্টমানছৰ ভূমিকাও আছিল প্ৰশংসনীয়। তেওঁৰ প্ৰশিক্ষণেৰে পুষ্ট খেলুৱৈসকলে নিজৰ ক্ৰীড়াশৈলী উন্নত কৰাই নহয়, পৰম্পৰাগত ৰক্ষণশৈলীলৈ আমূল পৰিৱৰ্তন কঢ়িয়াই আনে। শেহতীয়াকৈ ভাৰতীয় পুৰুষ হকী দলটোৰ ৰক্ষণ বিভাগ বৈচিত্ৰ্যময়।প্ৰতিপক্ষৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সহজে সক্ষম বৰ্তমানৰ ৰক্ষণ বিভাগ। ভাৰতীয়নৰ দলটোৰ সাফল্যৰ এয়া অন্যতম কাৰণ।

ভাৰতীয় হকী দলটোৰ শেহতীয়া সাফল্য প্ৰত্যক্ষ কৰি বহুকেইজন প্ৰাক্তন খেলুৱৈ উৎফুল্ল  হৈ পৰিছে । ধনৰাজ পিল্লাই, বিৰেন ৰাজকুনহাৰ দৰে প্ৰাক্তন খেলুৱৈৰ মতে ভাৰতীয় হকীৰ পুনৰুত্থানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । অলিম্পিক হকীত ভাৰত পুনৰ চেম্পিয়ন হব বুলি তেওঁলোক আশাবাদী ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে