চ’ৰাঘৰ / প্ৰকৃতি / দহিকতৰাৰ কথা ( ড° লোচন শইকীয়া )

দহিকতৰাৰ কথা ( ড° লোচন শইকীয়া )

পাকঘৰৰ দক্ষিণফালৰ খিড়িকীখন লাহেকৈ শব্দ নোহোৱাকৈ খুলি ইন্দিৰাই পকী বেৰখনলৈ চাই উৎফুল্লিত হৈ উঠিল। আহিছে, আহিছে চৰাই কেইটাই ফুৰু-ফুৰুকৈ ঠাইতে পাকটো মাৰি পকী বেৰখনৰ ওপৰত পৰিলহি। এতিয়া নাচি নাচি ডিঙিতো ফুলাই ফুলাই গীত জুৰিব । অহৰহ কুই, কুই, কুইই, কুইইই, কুই, কুই, কুইট। আহ কি মন জুৰুৱা মাত । যেন কৈছে, কি কৰিছা ? আহা, আহা, দুয়ো মিলি প্ৰকৃতিৰ গীত এটিকেই গাওঁ ।
নেপথ্যত ইন্দিৰাঃ
হয়, পাঠকসকল, সকলোৱে নামতো জনা দহিকতৰাৰ কথাই মই ইন্দিৰাই কৈছোঁ । দহিকতৰা বৰ চঞ্চল পখী । একে ঠাইত বেছি পৰ নবহে । গছৰ পাতৰ আঁৰে-আঁৰে, ফাঁকে-ফাঁকে খামুচীয়া ডাল কেইটাহে সিহঁতৰ পছন্দ । সেই যে কুই, কুই, কুইই … তাৰ পিচত ঠাইতে পাক মাৰি বিপৰীত দিশে ভুৰুং ।
চাউল কেইটামান ৰাতিপুৱাই দিছিলোঁ । পাকঘৰলৈ যিমান বাৰ অহা-যোৱা কৰিলোঁ, সিমান বাৰ চকু পকী বেৰখনলৈ গ’ল । চাহৰ কেটলিটো গেচ বাৰ্ণাৰৰ ওপৰত দি কাণ থিয় কৰি আছোঁ । এই যেন শুনিবলৈ পাম কুই, কুই, কুইই… । যেন মোক মাতিবহি । দিয়া আক’, আমাৰ ভাগটো । আমি আহিলোঁ নহয় । তাৰ মাজতে কেট, কেট, কেটিও, কেটিও । এইকেইটা ঘৰ শালিকা । ৰাতিপুৱাই ওলাব । পাকঘৰৰ খুটুং-খাটাং শুনিলে দুৱাৰমুখ পায়হি । দহিকতৰাকেইটাই সেইবোৰলৈ গুৰুত্ব নিদিয়ে । মানুহৰ ছাট একেবাৰে নসহে । দেখিলেই ফুৰুত্ । ভুৰুং ।
আহক পাঠক, অকণমান পক্ষী জগতত ভুমুকি এটা মাৰোঁ । বলক, আজি আপোনালোকক মই দহিকতৰাৰ বতৰা দিম । বাতৰি কাগজখন পঢ়াতে পুৱাটো বৰবাদ কৰাৰ আগতে মনটোৰ কুহুমবুলীয়া আকাশখন আৰু বিশাল কৰি লওঁ ।
ভাৰতৰ সকলো ঠাইতে এইবিধ চৰাই মানে দহিকতৰা দেখা পোৱা যায় । আমাৰ পৰিবেশত আশে-পাশে কিমান যে মনোমোহা ঘটনা নিত্য নতুন ৰূপত চলি আছে আমি বাৰু গম লওঁনে ! স্মাৰ্ট ম’বাইলতো হাতলৈ আহিলেই আমি হৈ পৰোঁ যান্ত্ৰিক।
হাজাৰ দৃশ্য মনোমোহা হ’লেও, সদায় দেখি থকা কাৰণে মানুহৰ মনত এনে ধৰণৰ প্ৰকৃতিৰ বহু কথাই গুৰুত্ব নাপায় । আপুনি বাৰু ভাবেনে এইবোৰ কথাত গুৰুত্ব দিব লাগে ? নে এইবোৰ চৰাই বিষয়ে জানিব লগা কিতো আছে ! মই ইন্দিৰাই তেনেকৈ নাভাবোঁ । মোৰ মনতোক স্বাধীনচিতীয়া চৰাইৰ দৰেই কৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছোঁ । জগতেহে মোৰ খবৰ ৰখা নাই । একো নাই, যেতিয়াই মন যায় ভুৰুং । ভুৰং । পক্ষীও ভুৰুং । মইয়ো মোৰ মানসিক জগতত ভুৰুং ।
হাবি-বননি, গাঁও, ভুঁই, নগৰ, চহৰ সকলোতে থকা দহিকতৰা নামতো ইমান ধুনীয়া । ইহঁতৰ কাৰণে সৰু জোপোহা হলেও চলি যায় । চাওকচোন, আমাৰ কাষৰে বাংলাদেশে এইবিধ পখীক তেওঁলোকৰ জাতীয় পখীৰ খিতাপ দিছে । বগা কাপোৰ ধুই নীলা ৰং দি পৰিষ্কাৰ বগা কৰা তাহানিৰ নীল পেকেটতো মনত পৰেনে ? পেকেটতোৰ এটা দিশত Robin লিখা ঘূৰণীয়া মোহৰতো মানস পটলৈ আনক। সুখৰ এক অনন্য অনুভূতিৰ শিহৰণ জাগি উঠিব । সেই চৰাইটোৱেই আমাৰ দহিকতৰা । দহিকতৰা চৰাইক সিহঁতৰ মাতবোৰৰ কাৰণেই জগতে চিনি পায়। গান গোৱা চৰাই । নাইটিংগেল নহয় । আমাৰ দহিকতৰা। আমাৰ আশে-পাশে নিতৌ গাই শুনাই আছে কুই, কুই, কুইই, কুইইই, কুই, কুই, কুইট ।
ঠোঁটৰ পৰা নেজলৈ প্ৰায় উনৈশৰ পৰা বিশ চেন্টিমিটাৰ । নেজ সামান্য দীঘল । মাইকী দহিকতৰা ঈষৎ ধোঁৱা বা ছাই কলা বৰণৰ । মতা দহিকতৰাৰ মূৰ, পিঠি নেজ উজ্জল কলা ৰং । বুকুৰ ফালে পেট, ডেউকা, নেজৰ তল বগা ৰঙৰ । ডেউকাত বগা আঁচ থাকে ।
বসন্ত কাল আৰম্ভ হ’লেই ইহঁতৰ গাত তত নাইকিয়া হয় । মোৰ কাৰণে এইয়া এক অইন জগত । লোকচক্ষুৰ অন্তৰালত । আলফুলক কওঁ, আহ পক্ষী জগতলৈ যাওঁ । তাই এতিয়া সৰু হৈ আছে । মানুহৰ নকল পৃথিৱীয়ে তাইৰ মনতো বেয়া কৰি পেলোৱাৰ আগতে তাইক মনটোক আলফুলীয়াকৈ গঢ়ি তুলিব লাগিব । নহ’লে দেখোন অনুভূতিহীন হৈ পৰিব । কেতিয়াবা ভাবোঁ দেউতাকৰ নাম দিগন্ত । যাৰ সীমা নাই । আলফুলৰো মনটো অনুভূতিৰ পাৰাপাৰ নোহোৱা হৈ পৰক।

পকী বেৰখনৰ কাষৰ জাৰণিৰ গছৰ ডালত বহি মতা দহিকতৰাকেইটাই গীত জোৰা সময় সমাগত হয় বসন্তৰ আগমণতেই । দহিকতৰা কেইটাই গীতো এনেকৈ জুৰিব, ঠিক যেন আমাৰ বহাগ আহিলেই এইবাৰ, যোৱাবেলি মনে ধৰা নাচনীজনীৰ মনতো পালেই হ’ল । পলুৱাই অনাৰ পাং পতাৰ যো-জা । কাউৰী পুৱা আৰু কানিমুনি বেলি । এইখিনি সময়তেই এইকেইদিন মতা দহিকতৰা কেইটাৰ গা সাতখন-আঁঠখন । জগতক গীত শুনাব লাগে । আমাৰ দেখোন যাবলৈ হ’লেই । বংশ বৃদ্ধিৰ বাবে মাৰ্চৰ পৰা জুলাই মাহকেইটা অসমত দহিকতৰাই যো-জা চলায় । মিলনৰ বাবে মতা চৰাইটোৱে গছৰ ওখ ডালৰ পৰা গীত জোৰে । ডেউকা কোবায় । নেজ বহলকৈ মেলি ধৰে । ঠোঁট ওপৰলৈ তুলি ধৰে । চোৱা, চোৱা, মোক চোৱা, মই বাৰু ধুনীয়া নহয়নে ? তুমি মোৰ জীৱন লগৰী হ’বা নেকি !
দহিকতৰাই ঘৰ বান্ধিবলৈ গছৰ ধোন্দ, ফেৰেঙনি, পকী ঘৰৰ বেৰত বাঁহ সাজিব পৰা ফুটা বিচাৰি লয় । মানুহে সাজি দিয়া নিৰিবিলি পৰিৱেশৰ বাহতো ঘৰ পাতে । ঘাঁহ বা তৃণ বিচাৰি কঢ়িয়াই আনি বাহৰ তলিখন কোমল কৰি লয় । ঘৰ সজা কামতো কণী পৰাৰ এসপ্তাহ আগতে আৰম্ভ কৰে মাইকীজনীয়েই কৰে । চাৰিৰ পৰা পাঁচটা সৰু সৰু কণী, এটা ৰাতি-দিনৰ বিৰতিত পাৰে । কণীবোৰ দেখিবলৈ ঘূৰণীয়া, শেঁতা পৰা সেউজীয়া । লগতে মুগা বৰণৰ দাগ থাকে । উমনীত মাইকীজনীয়েই আঁঠৰ পৰা চৈধ্য দিন বহে । বাহটোৰ পৰা এটা নিৰ্দিষ্ট গোন্ধ ওলায় । পোৱালিক খুওৱা দায়িত্বও মাকেই লয় । বাপেকবোৰ বৰ চেলেং পেটেং । সন্তানে খাইছেনে নাই খবৰ নাই । মাকে খুৱাবই নহয় । মিছা নকওঁ দেই। ঘৰখন ৰখিবলৈ হলে দহিকতৰা কেইটাৰ বাপেকে লাচিতৰ ৰূপ ধাৰণ কৰে। বাহৰ আশে-পাশে কাকো সোমাব নিদিয়ে । চিঞৰি চিঞৰি খেদিহে এৰে । পোৱালীবোৰ উৰিব পৰা হলেই স্বাধীন। নিজৰ ঘৰ পাতিবগৈ। যোৱা চাৰিটা বছৰ মোৰ দিনলিপিত দহিকতৰাক বান্ধি পেলালোঁ । জানি ভাল পাব যে প্ৰতিটো পৰিয়াল পাতিবলৈ ওচৰ-চুবুৰীয়া দহিকতৰাই বেলেগ বেলেগ সুৰত গীত জোৰে । মাইকীজনীয়ে চুটি-চুটি মাতেৰে সঁহাৰি জনায । যোৰ পাতোতে মাতবোৰ সলনি হৈ পৰে । ভয় খালেও মাতটো বেলেগেকৈ উলিয়ায় । পোৱালি কেইটাৰ লগত কথা পাতোতে কি কয় জানো চুটি-চুটি মাত উলিয়াই । কি কয় সিঁহতেহে জানে ।

পাঠক। আজিলৈ কুই, কুই, কুইই, কুইইই, কুই, কুই, কুইট । আমি ঋতুৰ লগে লগে ঠাই নসলালেও আমাৰ মাতবোল আনক বৰকৈ নুশুনাও । কুই, কুইট ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে