চ’ৰাঘৰ / ধাৰাবাহিক / ভাষাৰ ব্যৱহাৰ ( ডঃ ছবি গগৈ)

ভাষাৰ ব্যৱহাৰ ( ডঃ ছবি গগৈ)

ভাষা এটা জীয়াই থাকে মানুহৰ মুখত। গ্ৰন্থৰ ভাষাটো এক শ্ৰেণীৰ মানুহৰ মাজতহে সীমিত হৈ থাকে । মুখৰ ভাষাটোৱে সমাজৰ বহল অংশ অধিকাৰ কৰি থাকে। বহু সময়ত মুখৰ ভাষাই লিখিত ভাষাটোক প্ৰভাৱিত কৰাও দেখা যায়। এই প্ৰভাৱে ভাষাৰ লিখিত ৰূপক কেতিয়াবা সমৃদ্ধ কৰে; কেতিয়াবা আপচু আৰু বিকৃত কৰে। সেয়ে মুখৰ ভাষাক সমৃদ্ধিকাৰক কৰি ৰখাটো প্ৰত্যেক ভাষাপ্ৰেমী আৰু ভাষাৰ কৰ্মীৰে এটা নৈতিক কৰ্তব্য ।

এটা সময় আছিল। ভাষাৰ লিখিত ৰূপেই নাছিল । সেই সময়তো ভাষাই নিজস্ব এক সমৃদ্ধি কঢ়িয়াই লৈ ফুৰিছিল। মৌখিক সাহিত্যৰ মাজত থকা ভাষাৰ লালিত্যই তাকেই প্ৰমাণ কৰে । এতিয়া ভাষাক কেন্দ্ৰ কৰি অধ্যয়ন কেন্দ্ৰ, লেবৰেটৰি আদি প্ৰতিষ্ঠা হ’ল । পৃথিৱীৰ বহু কথিত ভাষাই লিখিত ভাষাৰ মৰ্যাদা পালে। বহু ভাষাই এতিয়াও পাবলৈ বাকী। বহু ভাষাই স্বীকৃতি পোৱাৰ পাছতো ব্যৱহাৰ কৰা মানুহৰ অভাৱত মৃত্যুক আকোৱালি ল’লে । ভাষাৰ এই উত্থান-পতনৰ বাবে মানুহেই সকলোফালৰপৰা দায়বদ্ধ ।
অসমীয়া ভাষাৰ কথালৈ আহোঁ । অসমীয়া ভাষাৰ মৌখিক আৰু লিখিত দুটা শক্তিশালী পৰম্পৰা থকাৰ পাছতো বৰ্তমান এনে কিছুমান বিজতৰীয়া কথা-বতৰাই অসমীয়া মানুহৰ মুখৰ ভাষাত ঠাই লৈছে যে শুনিলে আশংকা জাগে ! আমাৰ পৰম্পৰা, আমাৰ ভাষিক স্বাভিমান লাহে লাহে ক’লৈ গৈ আছে !! বিশেষকৈ ভাষা সাহিত্য চৰ্চা কৰিবলৈ ওলাই অহা এচাম অসমীয়া বিভাগৰ ছাত্ৰৰ মুখত শুনিলে এই আশংকা গভীৰ হয় ! কেইটামান উদাহৰণ দিওঁ..

“”খুব ভাল লাগিছে” এই বাক্যটোৰ মুখৰ ভাষাত পোৱা ৰূপকেইটামান…
বেয়া ভাল লাগিছে দেই
মস্তি লাগিছে দেই
খাতাৰা লাগিছে ৰে
তামাম লাগিছে বে
ঝাকাচ লাগিছে বে ……. ইত্যাদি ইত্যাদি । এনে অসংখ্য উদাহৰণ আছে !!

দুৰ্ভাগ্যৰ বিষয় এয়া যে ভাষা-সাহিত্যৰ শিক্ষকতাৰ বৃত্তিত জড়িতসকলেও যেতিয়া মুখৰ কথাত এই ধৰণৰ বাক্য ব্যৱহাৰ কৰে, শ্ৰেণীকোঠাত তেওঁলোকে ছাত্ৰক কি যুক্তিৰে ভাষাৰ শুদ্ধতাৰ কথা ক’ব ! এইবোৰ ভাষাক যদি mass people ৰ ভাষা বুলি এদিন গ্ৰহণ কৰিবলগীয়া হয় , তেন্তে অসমীয়া ভাষাৰ কালিকা ৰ’বগৈ নে ? অন্ততঃ , শিক্ষিত সকলে যদি ভাষিক স্বাভিমানটোক বুকুত জাগ্ৰত কৰি ৰাখি মুখৰ ভাষাটোকো শুদ্ধভাৱে ব্যৱহাৰ কৰোঁ, তেন্তে লিখিত ৰূপটো সুৰক্ষিত হৈ থাকিব । যদি মুখৰ ভাষা শুধৰাবই নোৱাৰোঁ , তেন্তে ভাষা-সাহিত্যৰ পাঠ আমাক কিয় লাগে ? মুখত এটা, শ্ৰেণীকোঠাত আন এটা হ’লে ছাত্ৰৰপৰাও আমি একো দাবী কৰিব নোৱাৰোঁ । সেইকণ নৈতিক অধিকাৰ আমাৰ থাকিব জানো ?
এনেধৰণৰ বহু বিপৰ্যয়ে আমাৰ শিক্ষাৰ ক্ষেত্ৰখনত ভুমুকিয়াইছে । আমাৰ সমাজত পোখা মেলি বহিছে । আমাৰ মুখৰ ভাষা বিকৃত হৈছে । অনাখৰী সমাজতো ইমান বিকৃতি নাছিল আৰু এতিয়াও নাই । কিহৰ তাড়ণাত আমি এনে বিজতৰীয়া কথা-বতৰাৰ প্ৰতি আকৃষ্ট হওঁ ? যিবোৰ আমাক আমাৰ অভিভাৱক , আমাৰ শিক্ষক, আমাৰ পাঠ্যপুথি কোনেও শিকোৱা নাই !! শিকাবোৰ এৰি নিশিকোৱাবোৰ কিয় চৰ্চা কৰোঁ? বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত বে, মস্তি, খাতাৰা, ঝাকাছ, গুলি আদি অনেক বিজতৰীয়া শব্দ অসমীয়া ভাষাত অন্তৰ্ভুক্ত হ’বলৈ গৈ আছে । এয়া মুঠেও শুভ লক্ষণ নহয় । এনকৈয়ে ভাষা এটা বিকৃত হয় আৰু এদিন কালৰ সোঁতত অস্তিত্ব উটি যায় ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে