চ’ৰাঘৰ / সম্পাদকীয় / সম্পাদকীয় – বৌদ্ধিক চিন্তাৰ ধাৰণা

সম্পাদকীয় – বৌদ্ধিক চিন্তাৰ ধাৰণা

বোধ শব্দৰ পৰাই ‘বৌদ্ধিক’ শব্দটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰিব পাৰি৷ বোধ শব্দটোৰ অৰ্থ হ’ল, মনেৰে উপলব্ধি কৰা চেতনা৷ চিন্তাৰ ক্ষেত্ৰত মানুহৰ মনে বিভিন্ন পৰ্যায়ত ক্ৰিয়া কৰে আৰু সেই ক্ৰিয়াই বিষয়বস্তু অনুসৰি বিভিন্ন স্তৰত প্ৰৱেশ কৰে৷ পেটত ভোক থকা মানুহজনৰ মনটোৱে ক্ৰিয়া কৰিব কেনেকৈ খোৱাৰ উপযোগী বস্তু এটা যোগাৰ কৰিব পাৰি৷ যিসকল ব্যক্তিয়ে খোৱা বস্তুটো সুস্বাদু কৰি তোলাৰ উপৰি দেহৰ বাবে উপযোগী কৰি তোলাৰ কথা চিন্তা কৰে, সেয়াই একধৰণৰ বৌদ্ধিক চিন্তা৷ তেনেধৰণৰ চিন্তাকেই সমাজখনৰ সমূহীয়া হিতৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি৷ তেনে ধৰণৰ 23চিন্তাই মানৱ জাতিৰ কল্যাণৰ স্বাৰ্থতো নিয়োজিত হয়৷ বৌদ্ধিক চিন্তাৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল, ই কোনো বাধাই মানিব নিবিচাৰে৷ প্ৰয়োজন হ’লে নিজৰ জীৱন ত্যাগ কৰিবৰ বাবেও সাজু হয়৷ অৱশ্যে, কেৱল নিজৰ স্বাৰ্থৰ হকে কৰা চিন্তা বৌদ্ধিক চিন্তা হ’ব নোৱাৰে৷ সেইদৰে, যি চিন্তাই সামাজিক-ৰাজনৈতিক কাৰণত মানৱ সমাজৰ একাংশৰ অহিত চিন্তা কৰি আন একাংশৰ অহিত চিন্তা কৰে; তেনে চিন্তা বৌদ্ধিক চিন্তা হ’বই নোৱাৰে৷ কিয়নো তেনে চিন্তাত সাম্প্ৰদায়িকতাৰ ভাব সোমাই পৰে আৰু সেই সাম্প্ৰদায়িকতাই সমাজখনকেই ধবংস কৰি পেলাব পাৰে৷ তাৰ ফলত সামাজিক মূল্যবোধ গঢ়ি উঠাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয়৷ এই প্ৰসংগতেই বৌদ্ধিক সততাৰ কথা আহে৷ বৌদ্ধিক সততাৰ বিপৰীতে শব্দ হ’ল বৌদ্ধিক বেশ্যামি৷ ভাৰতীয় ৰাজনীতিকসকলৰ লগতে সৰহ সংখ্যক আমোলা-বিষয়াই এনেদৰে বৌদ্ধিক বেশ্যামিত লিপ্ত যে সেই সম্পৰ্কে সঘনাই আলোচনা কৰিলে তেওঁলোকৰ চৰিত্ৰৰ কিছু সংশোধন হ’ব বুলি আশা কৰিব পাৰি৷ চক্ৰেটিছৰ বৌদ্ধিক সততা ইয়াতেই আছিল যে শাসকবৰ্গৰ অপকৰ্মক সমালোচনা কৰি তেওঁলোকক সৎ পথলৈ অনাটো তেওঁৰ গুৰুত্বপূৰ্ণ কৰ্তব্য বুলি তেওঁ বিবেচনা কৰিছিল৷ তাৰ বাবে শাসকে তেওঁক শাস্তি বিহাৰ ভয় দেখুৱাই তেওঁৰ মুখ বন্ধ কৰিব খুজিছিল৷ কিন্তু চক্ৰেটিছৰ বৌদ্ধিক চিন্তা ইমান গভীৰ আছিল যে শাসকৰ ভীতি প্ৰদৰ্শনে তেওঁৰ চিন্তাৰ গতি ৰুদ্ধ কৰিব নোৱাৰিলে৷ তেওঁ সিদ্ধান্ত লৈছিল, ৰজাই যি কৰে কৰক, তেওঁ জনসাধাৰণৰ মংগলৰ বাবে ৰজাঘৰীয়াক সমালোচনা কৰি হ’লেও নিজৰ মত প্ৰকাশ কৰি যাব৷ স্বেচ্ছাচাৰী ৰজাই তেওঁক মৃত্যুদণ্ড বিহিলেও তেওঁৰ বৌদ্ধিক সততাক ম্লান কৰিব নোৱাৰিলে৷

কুৰি শতিকাৰ মহান চিন্তাবিদ বাৰ্ট্ৰাণ্ড ৰাচেলেও বৌদ্ধিক সততাৰ নিদৰ্শন দেখুৱাই গৈছে৷ ৰাচেলে যথাৰ্থ ভাবেই উপলব্ধি কৰিছিল যে যুদ্ধ হ’ল এক মানৱতাবিৰোধী কাৰ্য৷ সেয়ে প্ৰথম মহাসমৰৰ সময়ত তেওঁ যুদ্ধৰ বিৰোধিতা কৰি সজোৰে কাকত-আলোচনীত লেখা আৰম্ভ কৰিছিল৷ তাকো নিজৰ দেশ গ্ৰেট বৃটেইনৰ বিৰোধিতাৰে৷ যুদ্ধত সকলো নিৰোগী যুৱকেই যোগদান কৰাটো বাধ্যতামূলক বুলি চৰকাৰে অধ্যাদেশ জাৰি কৰিলেও তেওঁ সেই অধ্যাদেশক প্ৰত্যাহ্বান জনাই যুদ্ধত যোগদান নকৰো বুলি জনাই দিলে৷ উপায় নাপাই বৃটিছ চৰকাৰে ৰাচেলক জেললৈ প্ৰক্ষেপ কৰিলে আৰু ৰাচেলেও বিনা প্ৰতিবাদে জেলত সোমাই থাকিল৷ ৰাচেলৰ বৌদ্ধিক চিন্তা হ’ল যে মানৱ জাতিক ধ্বংস কৰিব পৰা যুদ্ধক তেওঁ কেতিয়াও সমৰ্থন নকৰে৷ দ্বিতীয় মহাসমৰত আমেৰিকাই জাপানত যি দুটা এটম বোম নিক্ষেপ কৰি দুখন নগৰৰ মানুহক ধ্বংস কৰি পেলালে,সিয়েই ৰাচেলৰ মনত এক গভীৰ বেদনাৰ সৃষ্টি কৰিলে৷ তেতিয়াই তেওঁ মনস্থ কৰে যে তেওঁ সদায় যুদ্ধ বিৰোধী প্ৰচাৰ চলাব৷ তাৰেই ফলত কেইবছৰমানৰ পাছত জন্ম হ’ল বাৰ্ট্ৰাণ্ড ৰাচেল আন্তৰ্জাতিক শান্তি প্ৰতিষ্ঠা৷

আমাৰ ভাৰত বা অসমত এনেধৰণৰ বৌদ্ধিক চিন্তা বা বিচাৰৰ নিদৰ্শন খুব কমেই দেখা যায়৷ যুক্তিৰ আধাৰত এখন নতুন সমাজ প্ৰতিষ্ঠা কৰিবলৈ হ’লে সুস্থ বৌদ্ধিক চিন্তা যে অপৰিহাৰ্য, সেয়া সকলোৱে উপলব্ধি কৰিব লাগিব৷ তাৰ অবিহনে, আমাৰ সমাজ-সভ্যতা গভীৰ অন্ধকাৰলৈ গতি কৰিব৷

ডঃ যোগেন্দ্ৰ নাথ

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে