দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / ধাৰাবাহিক / ইতিহাস / স্বাধীন অসমঃ সপোন আৰু বাস্তৱ ( টুনুজ্যোতি গগৈ )

স্বাধীন অসমঃ সপোন আৰু বাস্তৱ ( টুনুজ্যোতি গগৈ )

( যোৱা সংখ্যাৰ পাছৰ পৰা)

পুৰন্দৰ সিংহই প্ৰথম তিনিবছৰ কোম্পানীক নিৰ্দ্ধাৰিত পৰিমাণৰ খাজনা দিবলৈ সক্ষম হ’লেও চতুৰ্থ বছৰত সেই পৰিমাণৰ খাজনা দিবলৈ সক্ষম নহ’ল৷ পঞ্চম বছৰত খাজনা দিবই নোৱাৰিলে৷ উল্লেখ্য যে ৰাজ প্ৰশাসনৰ চিৰস্তাদাৰ আৰু বৰ ভঁৰালী হিচাবে খাজনা সংগ্ৰহৰ দায়িত্বত আছিল মণিৰাম৷ মণিৰামে ৰাজ প্ৰশাসনক নিৰ্দ্ধাৰিত পৰিমাণৰ খাজনা সংগ্ৰহ কৰি দিব নোৱাৰিলেও সেই সময়ছোৱাত তেওঁৰ নিজা ধন-সম্পত্তি দ্ৰুতগতিত বৃদ্ধি হৈছিল–‘এদিন তেওঁৰ পিতৃদেৱেক ৰাম দত্তই ঘৰত থকা ধন-সোণৰ লেখ ল’বলৈ মন কৰি, এফালে চকলা ৰূপৰ আৰু ইফালে সোণৰ মোহৰৰ লদাবোৰ দ’ম বন্ধালে৷ সোণ-ৰূপৰ দ’ম দুটা ইমান ওখ হৈছিল যে পিতা-পুত্ৰ দুয়ো দ’মকেইটাৰ ইফালে-সিফালে থিয় হ’লত কোনও কাকো নেদেখা হৈছিল৷’ [মণিৰাম দেৱান, পৃঃ ১৯৫] এনে কাৰণতে পুৰন্দৰ সিংহৰ উপৰি অন্যান্য ডাঙৰীয়াসকলে ১৮৩৮ চনত উজনি অসমৰ পৰিস্থিতি বুজ ল’বলৈ অহা কেপ্টেইন জেনকিন্সক মণিৰাম দত্তৰ বিৰুদ্ধে খাজনা আত্মসাতৰ অভিযোগ দিছিল৷ কিন্তু জেনকিন্সে সেই অভিযোগৰ প্ৰতি কোনো গুৰুত্ব নিদি খাজনা দিব নোৱাৰাৰ বাবে পুৰন্দৰ সিংহকহে দোষী সাব্যস্ত কৰি কোম্পানীৰ কৰ্তৃপক্ষলৈ প্ৰতিবেদন পঠিয়ালে৷ কোম্পানীৰ উদ্দেশ্য আছিল বিভিন্ন দোষ-ত্ৰুটি উলিয়াই অসমৰ শাসন ব্যৱস্থা পুনৰ হস্তগত কৰা আৰু মণিৰামৰ উদ্দেশ্য আছিল নিজেই অসমৰ ৰজা হোৱা৷ পুৰন্দৰ সিংহই ৰজা হৈয়ো পৰিশোধ কৰিব নোৱাৰা তিনি বছৰৰ ডেৰ লাখ টকাৰ খাজনা মণিৰামেই দিয়াৰ প্ৰতিশ্ৰুতি দি তেওঁক অসমৰ ৰজা পাতিবৰ বাবে কোম্পানীৰ ওচৰত প্ৰস্তাৱো দিছিল৷ কিন্তু, কোম্পানীয়ে অনা-আহোম বিষয়া এজনক ৰজা পাতি আহোম জনগোষ্ঠীৰ মাজত নতুনকৈ বিদ্ৰোহৰ জুই একুৰা জ্বলাব বিচৰা নাছিল৷

সি যি নহওক, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰাকৃতিক সম্পদেৰে চহকী অসমৰ শাসন ব্যৱস্থা নিজৰ অধীনলৈ নিবৰ বাবে বিভিন্ন কূট-কৌশল ৰচনা কৰিবলৈ ধৰিলে৷ মানৰ তিনিটাকৈ আক্ৰমণত মুজুৰা পৰা অসমক চাৰি-পাঁচ বছৰৰ ভিতৰতে থানথিত লগোৱাটো কম বয়সীয়া পুৰন্দৰ সিংহৰ বাবে স্বাভাৱিকতে কঠিন ব্যাপাৰ আছিল৷ তেওঁৰ শাসন ব্যৱস্থাত বহু ত্ৰুটি-বিচ্যুতি নিশ্চয় আছিল৷ তাৰেই সুযোগ গ্ৰহণ কৰি জেনকিন্সে অসমৰ কেইজনমান স্বাৰ্থান্বেষী ব্যক্তিৰ হতুৱাই ‘পুৰন্দৰ সিংহক ক্ষমতাচ্যুত কৰি কোম্পানীয়ে অসমত শাসন চলাব লাগে’ বুলি কেইবাখনো আবেদন পত্ৰ কোম্পানীলৈ লিখোৱালে৷ সেই আবেদনবোৰৰ ভিত্তিত পুৰন্দৰ সিংহৰ বিৰুদ্ধে সঁচা-মিছা বিভিন্ন আপত্তি দৰ্শাই জেনকিন্সে এক দীৰ্ঘ প্ৰতিবেদন কোম্পানীৰ কৰ্তৃপক্ষলৈ পঠিয়ালে৷ উৰ্ধতন কৰ্তৃপক্ষই জেনকিন্সৰ প্ৰতিবেদনৰ সত্য-অসত্য বিচাৰ নকৰাকৈয়ে ১৮৩৮ চনৰ ১৬ চেপ্টেম্বৰত পুৰন্দৰ সিংহক ৰাজ সিংহাসনৰ পৰা ক্ষমতাচ্যুত কৰিলে৷ আচলতে অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত অবাধ গতিত লুন্ঠন চলাই ঔপনিৱেশিক স্বাৰ্থ পূৰণ কৰিবৰ বাবেই কোম্পানীয়ে পুৰন্দৰ সিংহক তেনেদৰে ক্ষমতাচ্যুত কৰিছিল বা তেওঁৰ ঠাইত আন কাকো স্থলাভিষিক্ত নকৰিছিল৷ স্মৰণীয় যে কোম্পানীয়ে চাহ বাগিচা খুলিবৰ বাবে বিনা খাজনাত শ শ বিঘা মাটি পুৰন্দৰ সিংহৰ পৰা বিচাৰিছিল৷ পুৰন্দৰ সিংহই বিনা খাজনাত মাটি এৰি দিবলৈ মান্তি নোহোৱাত কোম্পানীয়ে চল-চাতুৰীৰে ৰাজ্যখনকে কাঢ়ি লৈ তেওঁলোকৰ ইচ্ছা মতে চাহ বাগিচা খুলিবৰ বাবে উদ্যোগ ল’লে৷

অসমৰ হেজাৰ হেজাৰ বিঘা সোণ গজা মাটিত চাহ বাগিচা খুলিবৰ বাবে উদ্যোগ লোৱা ইষ্ট ইণ্ডিয়া কোম্পানীক সক্ৰিয় সহযোগিতা আগবঢ়াইছিল মণিৰাম দত্তই৷ নৱ গঠিত ‘আসাম কোম্পানী’ৰ বৰমহৰী বা দেৱান পদত ১৮৩৯ চনত নিযুক্ত হোৱা মণিৰামৰ দিহা-পৰামৰ্শক সৰোগত কৰিয়েই কোম্পানীয়ে লিগিৰিপুখুৰী আৰু গাভৰু পৰ্বতত চাহ বাগিচা পাতিছিল৷ ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলে গড়গাঁৱৰ পুৰণি কীৰ্তিস্তম্ভ আদি ধ্বংস কৰি তাত চাহ বাগিচা পতা আৰু চাওফাসকলৰ মৈদাম খান্দি তাত পোত খাই থকা বহু মূল্যবান মণি-মুকুতা আদি নিজ দেশলৈ নিয়া কাৰ্যৰ প্ৰতিও মণিৰামে নীৰৱে সমৰ্থন আগবঢ়াইছিল৷ কিন্তু, সেই একেজন মণিৰাম দেৱানৰ ব্ৰিটিছ প্ৰশাসনৰ সৈতে কিয় সংঘাত আৰম্ভ হ’ল, সেয়া অসম ইতিহাসৰে এক কৌতুহলোদ্দীপক বিষয়৷ মণিৰাম চৰিত্ৰৰ পুংখানুপংখ অধ্যয়নে এয়া স্পষ্ট কৰে যে ইউৰোপীয় বুৰ্জোৱা পুঁজিপতিৰ সংস্পৰ্শলৈ আহি তেওঁ চাহ খেতি এক লাভজনক ব্যৱসায়আৰু ৰাজ্যখনত এই খেতিৰ প্ৰচুৰ সম্ভাৱনা আছে বুলি কম সময়তে বুজি পাইছিল৷ সেয়ে তেওঁ নিজাববীয়াকৈ সঞ্চয় কৰি ৰখা পুঁজিখিনি চাহ খেতিত বিনিয়োগৰ পৰিকল্পনা কৰিছিল৷ সেই পৰিকল্পনা বাস্তৱায়িত কৰাৰ পূৰ্বে চাহ খেতি কৰিবৰ বাবে প্ৰয়োজনীয় কিটিপ-কৌশলবোৰ আয়ত্ত কৰি লোৱাটো তেওঁৰ বাবে প্ৰয়োজন হৈ পৰিছিল আৰু সেই উদ্দেশ্যৰে তেওঁ ইংৰাজৰ লগত মিতিৰালিও প্ৰগাঢ় কৰি তুলিছিল৷

ব্ৰিটিছ প্ৰশাসনে মণিৰামৰ গোপন অভিপ্ৰায়ৰ বিষয়ে নুবুজাকৈ থকা নাছিল৷ সেয়ে প্ৰশাসনে মণিৰামৰ পৰিকল্পনা কলিতে ব্যৰ্থ কৰিবলৈ তেওঁৰ ওপৰত অৰ্থনৈতিক হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে৷ প্ৰশাসনে মাটিৰ খাজনা বৃদ্ধি কৰাত তেওঁ খাজনা হিচাপে ভৰিবলগীয়া পৰিমাণ পাঁচশ টকালৈ বৃদ্ধি পালে৷ অথচ, সেই সময়ত প্ৰতি পুৰা ৰূপিত মাটিৰ খাজনা আছিল এটকা চাৰি অনা৷ অবিভক্ত শিৱসাগৰ জিলাৰ দায়িত্বত থকা ব্ৰডি চাহাবে মণিৰামৰ বিৰুদ্ধে বিভিন্ন প্ৰশাসনীয় কূট-কৌশল প্ৰয়োগ কৰাৰ ফলত দেৱানৰ হাতত অৱশিষ্ট হিচাপে ৰ’লগৈ মাথোন তিনিখন মৌজা আৰু পঞ্চাশ টকীয়া মাহিলি বেতনৰ চিৰস্তাদাৰীটোহে৷ ব্ৰডিৰ পাছত প্ৰশাসনৰ দায়িত্বত থকা হলৰইড চাহাবেও একে উদ্দেশৰে মণিৰাম দেৱানক পুৰন্দৰ সিংহই বন্দোবস্তি দিয়া তিনিওখন মৌজা সামান্য অজুহাততে বাজেয়াপ্ত কৰি মণিৰামতকৈ সামাজিকভাৱে নিম্ন স্তৰৰ লোকক গতাই দিলে৷ এনেদৰে মণিৰামৰ পূৰ্বৰ প্ৰভাৱ-প্ৰতিপত্তি হ্ৰাস কৰা হৈছিল৷

মণিৰাম দেৱানে বৃটিছ প্ৰশাসনৰ ছত্ৰছায়াত তেওঁৰ উচ্চাকাংক্ষা পূৰণ কৰাটো অসম্ভৱ বুলি নিশ্চিত হোৱাৰ পাছতেই সাম্ৰাজ্যবাদী ব্ৰিটিছৰ দখলৰ পৰা অসমক মুক্ত কৰিবলৈ আৰু আহোম শাসনক পুনৰুদ্ধাৰেৰে নিজৰ প্ৰতিপত্তি পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তৎপৰ হৈ উঠিল৷ সেই উদ্দেশ্যেৰে তেওঁ অসমৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে অনুসন্ধান কৰিবলৈ অহা ব্ৰিটিছ বিষয়া মফট মিলচৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰিছিল৷ স্মাৰকপত্ৰত মণিৰামে দেখাত পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহৰ সপক্ষে ওকালতি কৰিলেও তেওঁৰ গোপন উদ্দেশ্য আছিল নিজৰ হৃত প্ৰভাৱ-প্ৰতিপত্তি পুনৰুদ্ধাৰ কৰাহে৷ লক্ষ্যণীয় যে কন্দৰ্পেশ্বৰ সিংহ ৰজা বা চাৰিং ৰজা একোৱেই নাছিল, তেওঁ নিজেহে ৰাজ আয়ম কৰি আছিল৷

মণিৰাম দেৱানৰ আৰ্জিখন পাই মফট মিলচে উপলব্ধি কৰিছিল যে যিগৰাকী লোকক কমিচনাৰ জেনকিন্সে প্ৰখৰ বুদ্ধিসম্পন্ন আৰু প্ৰতিপত্তিশীল ৰূপে বিবেচনা কৰি আসাম কোম্পানীৰ দেৱান হিচাপে নিযুক্তি দিছিল, তেনে এজন লোকৰ প্ৰভাৱ হ্ৰাস নকৰিলে অদূৰ ভৱিষ্যতে ঔপনিৱেশিক স্বাৰ্থ পূৰণৰ ক্ষেত্ৰত পদে পদে বাধাৰ সন্মুখীন হ’ব৷ ব্ৰিটিছে উপনিৱেশিক স্বাৰ্থ পূৰণৰ পথ নিষ্কন্টক কৰি ৰাখিবৰ বাবে মণিৰামৰ বিৰুদ্ধে নানা কূট-কৌশল ৰচনা কৰিবলৈ ধৰাত মণিৰামে এইবাৰ আবেদন-নিবেদনেৰে কাম নিসিজিব বুলি ভাবি অসমৰ একাংশ স্বাধীনতাকামী ব্যক্তি পিয়ালী বা মেহশচন্দ্ৰ গাভৰু মেলীয়া বৰুৱা, বাহাদুৰ গাঁওবুঢ়া খনিকৰ, দুতিৰাম বৰুৱা চিৰস্তাদাৰ, মৰঙি খোৱা গোহাঞি, নীলকণ্ঠ চোলাধৰা ফুকন, লুকী শেনচোৱা বৰুৱা, গণেশচন্দ্ৰ কাথ বৰুৱা, মায়াৰাম নাজিৰ, কমলা চাৰিঙ্গীয়া বৰুৱা, নাৰায়ণ বৰবৰুৱা, ফৰ্মুদ আলী আদিৰ সহযোগত ব্ৰিটিছ বিৰোধী সশস্ত্ৰ অভিযানৰ পৰিকল্পনা কৰিলে৷ অৱশ্যে, উক্ত অভিযানত মণিৰামে এক নিৰাপদ দূৰত্বতহে অৱস্থান কৰিছিল৷ অৰ্থাৎ কলকাতাত আশ্ৰয় লৈ অসমৰ বিদ্ৰোহীসকললৈ উচটনিমূলক চিঠি লেখিয়েই তেওঁ বিদ্ৰোহী ভূমিকা পালন কৰিছিল৷

দুৰ্ভাগ্যৱশতঃ মণিৰামৰ সেই পৰিকল্পনা ব্যৰ্থ হ’ল৷ মণিৰামে ‘ভাট’ৰ যোগেদি ৰজালৈ পঠোৱা এখন গোপন চিঠি যোৰহাটৰ আৰক্ষী দাৰোগা হৰনাথ পৰ্বতীয়া বৰুৱাৰ হাতত ভুলক্ৰমে পৰাৰ পাছতে ব্ৰিটিছ প্ৰশাসনে বিদ্ৰোহ মষিমুৰ কৰিবলৈ তৎক্ষণাৎ কঠোৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰে৷ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মণিৰাম দেৱানক কলকাতাতে আটক কৰি¸ ১৮৫৭ চনৰ ৩১ ডিচেম্বৰত যোৰহাটলৈ লৈ আহে৷ মণিৰামক ১৮৫৮ চনৰ ২২ ফেব্ৰুৱাৰীত যোৰহাটত হাজিৰ কৰোৱাৰ পিছদিনাই তেওঁৰ ওপৰত বিচাৰ চলোৱা হয়৷ বিচাৰত কেপ্টেইন হলৰইেদ মণিৰাম দেৱানক প্ৰাণদণ্ডৰ আদেশ দিলে৷ ইয়াৰ তিনিদিনৰ পাছতে অৰ্থাৎ ২৬ ফেব্ৰুৱাৰীত যোৰহাট পুলিচ থানাৰ পূব কাষতে ফাঁচীশাল পাতি পিয়ালী বৰুৱা আৰু মণিৰাম দেৱান দুয়োকে ৰাইজৰ সন্মুখতে ফাঁচী দিলে

স্মৰণীয় যে ১৮৫৭ চনত দেশজুৰি যি চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল, সেই বিদ্ৰোহৰ অনুপ্ৰেৰণাতে মণিৰাম দেৱানে অসমতো ব্ৰিটিছ বিৰোধী সশস্ত্ৰ বিদ্ৰোহৰ সূচনা কৰিব খুজিছিল৷ মণিৰামৰ গোপন পৰিকল্পনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে ব্ৰিটিছ কোম্পানীয়ে তেওঁৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলা কন্দৰ্পেশ্বৰ সিংহক কলকাতাৰ আলিপুৰ জে’ললৈ প্ৰেৰণ কৰিছিল৷ সেইদৰে, হলৰইদ চাহাবে যোৰহাটত এখন আদালত পাতি বিদ্ৰোহত জড়িত থকাৰ অভিযোগত পিয়ালী বৰুৱাক প্ৰাণদণ্ডৰ আদেশ দিছিল৷ একেই অভিযোগত বাহাদুৰ গাঁওবুঢ়া, ফৰ্মুদ আলী, দুতিৰাম বৰুৱা আৰু মৰঙিখোৱা গোহাঞিক আন্দামান দ্বীপলৈ পঠিওৱাৰ বিপৰীতে নীলধৰ চোলাধৰা ফুকন, লুকী শেনচোৱা বৰুৱা, মায়াৰাম নাজিৰ, কমলা চাৰিঙীয়া বৰুৱা, মধুৰাম কোঁচ আদিক কাৰাদণ্ড বিহিছিল৷ অৱশ্যে, বাহাদুৰ গাঁওবুঢ়াৰ বৰপুত্ৰ মণিৰুদ্দিনে আপীল কৰি দেউতাকক খালচ কৰি আনিছিল৷ দুতিৰাম বৰুৱা, নীলকণ্ঠ চোলাধৰা ফুকন, মায়াৰাম নাজিৰ আৰু কমলা চাৰিঙীয়া বৰুৱায়ো আপীলত খালচ পাইছিল৷

এতিয়ালৈকে হোৱা আলোচনাৰপৰা উপৰুৱাকৈ এনে এক ধাৰণা কৰিব পাৰি যে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱাৰ দুবছৰ পূৰ্বেই অসমৰ স্বাধীনতাৰ ৰবি অস্তমিত হৈছিল আৰু তেতিয়াৰ পৰাই অসমৰ সৰ্বসাধাৰণ শাসকগোষ্ঠীৰ ধাৰাবাহিক শোষণ-লুন্ঠনত জৰ্জৰিত হৈ আহিছে; সেয়ে অসমক শোষণ-লুন্ঠনমুক্ত কৰি স্বনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ হ’লে ইয়াণ্ডাবু সন্ধিৰ পূৰ্বৰ অৱস্থানলৈ ফিৰি যাব লাগিব৷ কিন্তু, এনে দৃষ্টিভংগী নিতান্তই আৱেগিক দৃষ্টিভংগী৷ কাৰণ, ইয়াণ্ডাবু সন্ধিৰ পূৰ্বৰ সময়ছোৱাৰঅসমৰ আৰ্থসামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি নিৰ্মোহভাৱে পৰ্যবেক্ষণ কৰিলে এয়া স্পষ্ট হয় যে তৎকালীন আহোম শাসনতন্ত্ৰই প্ৰাৰম্ভিক সময়ছোৱাৰ সকলো প্ৰগতিশীল চৰিত্ৰই হেৰুৱাই পেলাইছিল৷ সেই সময়ছোৱাত ৰাজ বিষয়াসকলৰ মাজত ক্ষমতাকেন্দ্ৰিক অন্তৰ্কন্দলে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে আহোম শাসনতন্ত্ৰৰ চাৰিজনীয়া পাইক গোট তিনিজনীয়া হোৱাত সাধাৰণ প্ৰজাৰ ওপৰত সামন্তীয় শ্ৰম শোষণে চূড়ান্ত ৰূপ গ্ৰহণ কৰিছিল৷ সেই নতুন ব্যৱস্থাত এজন পাইকে ৰাজকাৰ্যত তিনিমাহৰ পৰিৱৰ্তে চাৰিমাহৰ বাবে গা-খাটিব লগীয়া হৈছিল৷ তেনে এক পৰিস্থিতিতেই ৰাজেশ্বৰ সিংহই কীৰ্তিচন্দ্ৰ বৰবৰুৱাক ‘প্ৰজাবোৰ একগোট হ’লেই আমাৰ ফালে উদি’ বুলি কৈছিল৷ অৱশ্যে, শোষিত প্ৰজাসকল জাত-পাত নিৰ্বিশেষে একগোট হৈ উপৰ্যুপৰি তিনিটা গণবিদ্ৰোহ (মোৱামৰীয়া বিদ্ৰোহ)ৰ জৰিয়তে আহোম শাসনতন্ত্ৰকে থৰক বৰক কৰি তুলিছিল৷ ব্ৰিটিছৰ সহযোগত সেই বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হ’লেও ক্ষমতালোভী ৰাজ বিষয়াসকলৰ অন্তৰ্কন্দলৰ বাবেই প্ৰথমাৱস্থাত মানে আৰু পাছত ব্ৰিটিছে অসম অধিকাৰ কৰাৰ সুযোগ লাভ কৰিলে৷

ব্ৰিটিছ আগমনৰ পূৰ্বে অসমৰ সমাজ ব্যৱস্থাটো আছিল অৰ্ধসামন্তীয় আৰু অৰ্ধজনজাতীয়৷ সাধাৰণ প্ৰজাই ৰজাৰ ঘৰত চাৰিমাহ গা-খাটি দিয়াৰ বিনিময়ত দুপুৰা মাটিত খেতি কৰিবলৈ সুবিধা পাইছিল৷ সেইদৰে, হস্তশিল্পৰ সৈতে জড়িত লোকসকলো অৰ্ধকৃষকহে আছিল৷ প্ৰতিজন প্ৰজাই খেতি কৰাৰ পৰা যুদ্ধ কৰালৈকে সকলো কামেই কৰিব লগা হৈছিল৷ ইয়াণ্ডাবু সন্ধিৰ পাছত আহোম ৰাজত্বৰ এই সামন্তীয় শোষণৰ ঠাইত উপনিৱেশিক শোষণ অৰ্থাৎ শ্ৰম শোষণৰ পৰিৱৰ্তে খাজনা শোষণ প্ৰৱৰ্তন হ’ল৷ সন্দেহ নাই, স্থানীয় অনুন্নত উৎপাদন প্ৰক্ৰিয়া আৰু অবিকশিত মুদ্ৰা অৰ্থনীতিৰে বিদেশী উপনিৱেশিক শক্তিসমূহক মোকাবিলা কৰাটো সম্ভৱো নাছিল৷

প্ৰথমাৱস্থাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন সাধাৰণ প্ৰজাই বেয়া পোৱা নাছিল৷ মানৰ অকথ্য নিৰ্যাতনৰপৰা সকাহ পোৱাৰ লগতে পাইক প্ৰথাৰ পৰাও মুক্ত হোৱাৰ বাবে তেওঁলোকে কোম্পানীৰ প্ৰতি কৃতজ্ঞতাই প্ৰকাশ কৰিছিল৷ কিন্তু, কোম্পানীৰ প্ৰতি প্ৰথমৰ পৰাই আহোম ৰাজ পৰিয়ালৰ ডাঙৰীয়া আৰু অন্যান্য বিষয় ববীয়াসকলে বিষোদগাৰ প্ৰকাশ কৰিছিল৷ কাৰণ, কোম্পানীয়ে তেওঁলোকৰ ঘৰ-বাৰীত কাম-কাজ কৰা পাইকসকলক অব্যাহতি দিয়াৰ লগতে তেওঁলোকে যুগ যুগ ধৰি ভোগ কৰা মাটি-বাৰীৰ অধিকাংশ পাইকসকলৰ মাজত ভগাই দিছিল৷ ভোগ কৰিবলৈ দিয়া সামান্য পৰিমাণৰ মাটিৰ ওপৰতো খাজনা লগাইছিল৷ পূৰ্বতে কোনোদিন পথাৰত হাল-কোৰ নমৰা বিষয় ববীয়াসকলে হঠাৎ ঠেৰুহীন অৱস্থাৰ সন্মুখীন হৈ হৃত প্ৰতিপত্তি ফিৰাই আনিবৰ বাবে হয় ব্ৰিটিছৰ সাম্ৰাজ্য বিস্তাৰ প্ৰক্ৰিয়াত সহায়-সহযোগ কৰি কোম্পানীৰপৰা সা-সুবিধা আদায় কৰিছিল, নহয় ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল৷ লক্ষ্যণীয় যে ব্ৰিটিছ বিৰোধীপক্ষৰ এচামৰ মাজত এক আপোচকামী চৰিত্ৰ ক্ৰিয়াশীল হৈ আছিল৷ তেওঁলোকে প্ৰধানতঃ নিজৰ প্ৰতিপত্তি ফিৰাই আনিবলৈহে বিদ্ৰোহ কৰিছিল, সাধাৰণ প্ৰজাৰ শোষণ মুক্তিৰ বিষয়ে বিশেষ চিন্তা কৰা নাছিল৷ দুই-এক বিদ্ৰোহীয়ে নিজৰ বিশ্বাসঘাতক চৰিত্ৰ উদঙাই কোম্পানীৰ ওচৰত সহজেই আপোচ কৰিছিল বাবে ব্ৰিটিছৰ পক্ষে পূৰ্বৰ আহোম ৰাজ বিষয়াসকলৰ বিদ্ৰোহ দমন কৰাটো সহজ হৈ পৰিছিল৷ (আগলৈ)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে