চ’ৰাঘৰ / ডেকা চাং / গণ আন্দোলন আৰু কৰ্ম সংস্কৃতি ( হিমাক্ষী বৰা )

গণ আন্দোলন আৰু কৰ্ম সংস্কৃতি ( হিমাক্ষী বৰা )

অহিংস আৰু অসহযোগ নীতিৰে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলেও স্বজাতিৰ স্বৰাজ লাভৰ আন্দোলন আৰু তাৰ হিংসাত্মক প্ৰভাৱে অহিংস ধাৰণাক সম্পূৰ্ণৰূপে ধূসৰ কৰি পেলাইছিল। অহিংস নীতিৰ মূল উদ্দেশ্যেই হৈছে স্বভাৱসুলভ লালসাক প্ৰতিৰোধ কৰি শান্তিকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। এই লালসা সমূহৰ নিয়ন্ত্ৰণৰ অবিহনে শান্তি ,প্ৰগতি অথবা নিৰাপত্তা অসম্ভৱ। হিংসা, দুৰ্নীতি, লুণ্ঠন, ভ্ৰষ্টাচাৰৰ লগতে মানুহৰ পাশৱিক কাম-কাজ সমূহৰ বিপৰীতে যেতিয়া লৈকে মানুহৰ মনত আত্মসমালোচনা আৰু প্ৰজ্ঞা জাগ্ৰত নহ’ব, তেতিয়ালৈকে গণতান্ত্ৰিক অহিংস আন্দোলন সমূহে সফলতাৰ মুখ দেখা অসম্ভৱ।

স্বাধীনতা আন্দোলনৰ পাছত বিগত ৬০ বছৰৰ হিংসাত্মক আন্দোলনৰ বিপৰীতে দুবছৰ মানৰ আগলৈকে অধিক চৰ্চিত আন্না হাজাৰেৰ আন্দোলনে ভাৰতবৰ্ষৰ ক্ৰুটিপূৰ্ণ শাসনযন্ত্ৰটোক কঁপাই তোলাৰ লগতে সমগ্ৰ জনমানসত আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছিল। কিয়নো মহাত্মা গান্ধীৰ ‘মোৰ জীৱনেই মোৰ বাণী’ৰ দৰে তেওঁৰো নিষ্কলুষ জীৱন আৰু নিঃস্বাৰ্থ জনসেৱাই তেওঁৰ আন্দোলনক সাফল্যমণ্ডিত কৰাৰ লগতে জনচক্ষুত নায়ক সজালে৷ হাজাৰে আছিল সেইজন ব্যক্তি, যিয়ে নাগৰিকৰ চনদ প্ৰস্তুত কৰা আমোলাতন্ত্রক লোকপালৰ আওতালৈ আনিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।

প্ৰশ্ন হয়, এনে ধৰণৰ গণ আন্দোলক লৈ জনসজাগতা কিমান? বহু সময়ত এনে আন্দোলনৰ বিৰোধিতা কৰি আমাৰ মাজৰে এচামে অনুভৱ কৰিছো–‘যাহ্, এইবোৰত লাগি কি হ’ব?’ আৰু নিৰ্লিপ্ত হৈ আমি এই পৰিস্থিতিৰ ৰেহ-ৰূপ চাই আছো। ইয়াৰ প্ৰধান কাৰণেই হ’ল, জনসজাগতা, বিশেষকৈ কৰ্মসংস্কৃতিৰ ধাৰণাৰ অভাৱ আৰু ইয়াৰ আঁৰৰ জনশিক্ষা।

অসমৰ প্ৰেক্ষাপটত কৰ্মমুখী আন্দোলনৰ প্ৰাসংগিকতা

কৰ্মসংস্কৃতিক এক আন্দোলন হিচাপে গ্ৰহণ কৰি ইয়াক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাটো বৰ্তমান (বিশেষকৈ অসমৰ সমাজজীৱনৰ পটভূমিত) খুবেই প্ৰয়োজনীয়  হৈ পৰিছে। ইতিহাসে সোঁৱৰাই যে কৰ্মসংস্কৃতিৰ ধাৰণাটো অসমত প্ৰথমে সৃষ্টি কৰিছিল মোমাই তামুলী বৰবৰাই। পৰবৰ্তী সময়ত ঔপনিৱেশিক শাসন ব্যৱস্থাৰ সমান্তৰাল ভাবে অসমত কৰ্মবিভাজনৰ  ধাৰণা প্ৰোথিত হ’ল, আৰু এচাম কৰ্মবিমুখ মধ্যভোগীৰ জন্ম হ’ল । বৰ্তমান সময়তো অসমীয়াৰ শিৰাই-শিৰাই প্ৰৱাহিত ধাৰণাটো হ’ল যিকোনো প্ৰকাৰে এটা চৰকাৰী চাকৰি যোগাৰ কৰা (৫ লাখ টকা পৰ্যন্ত উৎকোচ দি হ’লেও), কিন্তু তেনে এচামেই কিন্তু ২ লাখ টকাৰে এটা ব্যৱসায় কৰিবলৈ মানসিক ভাবে প্ৰস্তুত নহয়।

এটা কথা সঁচা যে বিজ্ঞানসন্মত কৰ্মসংস্কৃতিৰ পৰিৱেশ গঠন ইমান সহজ নহয়। কিন্তু তেনে সময়তে গোলকীকৰণে দিয়া তাৎক্ষণিক তথ্য লাভৰ লগত পৃথিৱীৰ ৰাজনৈতিক-সামাজিক -সাংস্কৃতিক জীৱনৰ লগত ভাৰসাম্য ৰক্ষা কৰাৰ বাবে কৰা প্ৰয়াসত অসমো অংশীদাৰ। সেয়ে কৰ্মসংস্কৃতিৰ আন্দোলনৰ প্ৰধান দায়িত্ব হ’ব নতুন উপনিৱেশ বাদ আৰু ব্ৰিটিছ আমোলাতন্ত্রই সৃষ্টি কৰা অসমীয়াৰ মানসিক গঠন সলনি কৰা।

কৰ্মসংস্কৃতি আন্দোলনৰ আন এটা দায়িত্ব হ’ব মধ্যবিত্ত শ্ৰেণীৰ বিলোপ সাধন কৰি তৃণমূল উৎপাদন আৰু বজাৰ তথা উদ্যোগ ব্যৱস্থাৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপন কৰা। ইয়াৰ বাবে আধুনিক প্ৰযুক্তিৰ জ্ঞান আৰু ব্যৱহাৰৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰাটো চৰকাৰৰ আন এক দায়িত্ব । যিয়ে কৃষক, বিনিয়োগকাৰী আৰু বজাৰৰ লগত ওচৰ সম্পৰ্ক স্থাপন কৰিব। অসমত বৰ্তমান সাধাৰণ শ্ৰেণী শ্ৰমৰ প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈ আছে৷ ফলত স্বাভাৱিকতে কৃষক সকলৰ কৰ্মস্পৃহা কমি গৈছে। ফলত যুৱকসকলে কৃষিকৰ্মত ব্যস্ত থকাতকৈ মাহিলি ৮ হাজাৰ টকাৰ বেতনেৰে বাহিৰৰ ৰাজ্যত হাজিৰা কৰাটোত অগ্ৰাধিকাৰ দিছে। তেনে পৰিস্থিতিৰ দূৰ কৰিবলৈ চৰকাৰে  থলুৱা উদ্যোগ গঢ়ি তোলা প্ৰয়োজন। কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ দায়িত্ব আমাৰ যুৱপ্ৰজন্মৰ কান্ধতে আছে। আশা কৰিছো, যুৱ প্ৰজন্মই সেই দায়িত্ব পালন কৰি অসম বা ভাৰতক বিশ্বৰ ভিতৰতে সমৃদ্ধিশালী কৰি তুলিব৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে