চ’ৰাঘৰ / ডেকা চাং / ভূপেন হাজৰিকাৰ গীতত সম্প্ৰীতিৰ বোল ( হেমাংগ বৰা)

ভূপেন হাজৰিকাৰ গীতত সম্প্ৰীতিৰ বোল ( হেমাংগ বৰা)

সাগৰৰ দৰে সুগভীৰ, আকাশৰ দৰে বিশাল ব্যক্তিত্বৰ অধিকাৰী জীৱন যুঁজৰ অক্লান্ত ৰণুৱা ড° ভূপেন হাজৰিকা কেৱল অসমীয়া জাতিটোৰ বাবেই নহয় ; অসমৰ সংগীত জগতখনৰ বাবেও এক প্ৰকৃত মহাৰথী। সুৰুযৰ উপস্থিতিত বিশ্ব চৰাচৰ উদ্ভাসি উঠাৰ দৰেই এইগৰাকী সুৰ – সাধকৰ উপস্থিতিত অসম উজলি আছিল। লুইতৰ পাৰৰ শিল্পীজনৰ খ্যাতি বিয়পি পৰিছিল টেমছৰপৰা নীলনদী পৰ্যন্ত। ড° হাজৰিকা গীত আৰু সুৰৰ মায়াজালেৰে বিশ্ববাসীৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হোৱা বিশ্বজনীন সংগীত শিল্পী। জন্মজ প্ৰতিভা, উদ্দাত্ত কণ্ঠ , অপূৰ্ব গায়ন শৈলী আৰু অভিনৱ বিষয়বস্তুৱে তেওঁক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হোৱাত সহায় কৰিছে । অসমৰপৰা ভাৰত তথা পৃথিৱীলৈ – এই তিনিখলপীয়া যাত্ৰা মসৃণতাৰে পাৰ কৰি সমূহ পৃথিৱীবাসীৰ সমুখত নিজক প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হোৱা ড°  হাজৰিকা স্বৰূপাৰ্থত এজন বিশ্বনাগৰিক । তেওঁ অসামান্য প্ৰতিভাধৰ গীতিকাৰ, সুৰকাৰ আৰু গায়ক।

ড° ভূপেন হাজৰিকা অসমীয়া জাতীয় চেতনাৰে উদ্বুদ্ধ জীৱন শিল্পী। শংকৰ – জ্যোতি – বিষ্ণুৰ পিছতে অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ । সুধাকণ্ঠ ভূপেন হাজৰিকাই জাতীয় ঐক্য – সংহতিক অতি গুৰুত্ব সহকাৰে সংগীতৰ মাজেৰে প্ৰকাশ কৰিছে। নানা জাতি- উপজাতিৰে বাস কৰা অসমৰ ঐক্য-সংহতি অটুট ৰাখিবলৈ গীতৰ মাজেৰে, উদ্দাত্ত কণ্ঠৰে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছিল। বাৰে-ৰহণীয়া সংস্কৃতিৰে পৰিপূৰ্ণ অসমৰ বিভিন্ন পৰিচয় তেওঁ গীতৰ মাজত ৰূপায়ণ কৰি সকলোকে একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছিল।

ড° হাজৰিকাৰ গীতত এখন বৰ্ণহীন সমাজৰ চিত্ৰ প্ৰতিফলিত হৈছে। দক্ষিণ আফ্ৰিকাকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা বৰ্ণ বৈষম্যৰ তেওঁ বিৰোধিতা কৰিছিল। শ্বেতাংগসকলে কৃষ্ণাংগসকলৰ প্ৰতি কৰা অন্যায়ৰ প্ৰতিবাদ তেওঁ বিদ্ৰোহী কণ্ঠেৰে গাইছিল :
” মোক এজন বগা মানুহ দিয়া
যাৰ ৰক্ত বগা ,
মোক এজন ক’লা মানুহ দিয়া
যাৰ ৰক্ত ক’লা … “
জন্মভূমি অসমৰ প্ৰতি ড° হাজৰিকাৰ প্ৰেম আছিল অপৰিসীম। সুৰকাৰ, গীতিকাৰগৰাকী পৃথিৱীৰ য’তেই নাথাকক অসমৰ ছবি আৰু অসমৰ মানুহ তেওঁৰ মানসপটত বিৰাজমান ।
” অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ,
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ । “
গোটেই জীৱন বিচাৰিলেও নোপোৱা এইখন অসমতেই তেওঁ মৰিবলৈও বিচাৰিছিল । তেওঁৰ গীতসমূহত বৃহত্তৰ অসমৰ পাহাৰ – ভৈয়ামৰ ঐক্য সম্প্ৰীতি প্ৰতিফলিত হৈছে। বৰেণ্য শিল্পী গৰাকীয়ে অৰুণাচল ,মিজোৰাম , নাগালেণ্ড , মেঘালয় আদি ৰাজ্যবোৰৰ জনগোষ্ঠীসমূহৰ চিত্ৰ গীতৰ মাজেৰে পৰিৱেশন কৰিছে। ‘ চিয়াঙৰে গালং ‘ , ‘ লিয়েনমাকাও ‘, ‘ কহিমাৰে আধুনিকা ডালিমী ‘ আদি গীতবোৰত উত্তৰ – পূবৰ বিভিন্ন জাতি – জনজাতিৰ শব্দ ব্যৱহাৰৰ প্ৰয়োগ লক্ষ্য কৰিবলগীয়া ।
” চিয়াঙৰে গালং
লুহিতৰে খামটি
টিৰাপৰে ৱাংচুৱে মোক
কিয় মাতিছে । “
আকৌ ,
” টিৰাপ সীমান্ত
ৰূপৰ নাই অন্ত
নংক্তে , ৱাংচু ,
টাংচা য়ুগলিৰ
দেখিলোঁ মনৰ সেউজ দিগন্ত । “
পাহাৰ – ভৈয়ামৰ সম্প্ৰীতিৰ প্ৰতি লক্ষ্য ৰাখি ড° হাজৰিকাই আন এটি গীতত এহাল যুৱক – যুৱতীৰ মিলনৰ কল্পনা কৰিছে :
” মই কহিমাৰে আধুনিকা ডালিমী
মই গদাপাণি আধুনিক ভৈয়ামৰ । “
খাচী পাহাৰক সমন্বয়ৰ দোলেৰে বান্ধিবলৈ তেওঁ গীতৰ মাজেৰে কৰা প্ৰচেষ্টা এনেদৰে প্ৰকাশ কৰিছে :
” হে’ হে’ হে’ ঢোলে ডগৰে
হে’ হে’ হে’ হিয়াৰ উমেৰে
নেদেখা এনাজৰীৰে
বান্ধো আমি পাহাৰ শিখৰৰে
মহান চিয়েমক ।”
খাচীয়া গৰখীয়াৰ শ্বৰাতিৰ সুৰ আৰু কৃষ্ণ গৰখীয়াৰ বাঁহীৰ সুৰৰ সাদৃশ্যও একে ।

‘মই অসমৰ, মই ভাৰতৰ’ শীৰ্ষক গীতটিত অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগতে বৰ অসমৰ বিভিন্ন জনজাতিৰ উল্লেখে তেওঁৰ সাংস্কৃতিক উদাৰতা , সামাজিক চেতনাৰ উন্মেষ ঘটাইছে । তেওঁ গীতৰ মাজেৰে পাহাৰ – ভৈয়ামৰ সমন্বয়ৰ সপোন দেখিছিল :
” ময়েই খাচীয়া , মই জয়ন্তীয়া ,
ডফলা-আবৰ- অঁকা ,
সোৱণশিৰীয়া ডেকা । “

বিভিন্ন পৰিৱেশ পৰিস্থিতিত ভূপেন হাজৰিকাই গীত ৰচনা কৰিছিল । বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ যাওঁতে সুৰকাৰ , কলা – কুশলী শিল্পীগৰাকীয়ে সেই ঠাইৰ ইতিহাস বিচাৰি গীতৰ মাজেৰে সেই অঞ্চলৰ স্মৃতি ৰোমন্থন কৰিছিল । তেখেতে মঙ্গলদৈ , টিহু , ৰংপুৰ , ডিফু আদি অঞ্চলৰ পটভূমিত গীত ৰচনা কৰি গৈছে । ‘ ডিফু হ’ল তোমাৰে নাম ‘ গীতটিত কাৰ্বিসকলৰ ঐতিহ্য আৰু কাৰ্বি – আংলং শব্দৰ ব্যাখ্যা কৰিছে “কাৰবি মানে পাহাৰ , আংলং মানে স্বদেশ আৰু স্বজাতি আমাৰ… ‘ কাৰ্ ‘ অৰ্থ পোহৰ আৰু ‘ বি ‘ মানে কৰ্ম , কাৰ্বি জাতিৰ আদৰ্শ হ’ল ‘ কৰ্ম মানে ধৰ্মহে ‘। “

‘ৰংপুৰ তোমাৰ নাম হওক’ গীতত অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সমন্বয় আৰু সমবিকাশৰ ওপৰত গুৰুত্ব দি অসমীয়া ভাষাৰ বিকাশত জনজাতীয় ভাষাৰ অৱদানৰ কথা কৈছে । ‘ মাহুত বন্ধুৰে ‘ কথাছবিত গোৱালপৰীয়া লোকজীৱন আৰু লোকসংগীতৰ অনুশীলনৰ অপূৰ্ব প্ৰয়োগ কৰিছে। চাহ জনগোষ্ঠীৰ জীৱন সম্বলিত কেইবাটাও গীত সমাজ সচেতন শিল্পী হাজৰিকাই ৰচনা কৰি গৈছে ।
” এটি কুঁহি দুটি পাত
ৰতনপুৰৰ বাগিছাত ।… “
এই গীতবোৰতে চাহ বাগানৰ শ্ৰমিকসকলৰ প্ৰেম – ভালপোৱা , উৎসৱ – পাৰ্বণ আদিৰ প্ৰতিফলন ঘটিছে ।

জাতি, ধৰ্ম , বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি তেওঁৰ হৃদয়ত আছিল অকৃত্ৰিম মৰম। তেওঁৰ গানৰ লক্ষ্য আছিল মানুহৰ মাজত শান্তি -সম্প্ৰীতি প্ৰতিষ্ঠা কৰি গভীৰ আস্থাৰ সৃষ্টি কৰা। অসমৰ বিভিন্ন জাতি – জনজাতিৰ মাজত জাতীয় ঐক্য – সংহতি বজাই ৰাখিবলৈ তেওঁ সকলো ভূমিকা গ্ৰহণ কৰিছিল । সীমাৰ পৰিধি ভাঙি সৰ্বভাৰতীয় প্ৰতিচ্ছবি গীতৰ মাজত প্ৰতিফলিত কৰিছিল। তেওঁ এখন সাম্যৰ সমাজ কল্পনা কৰিছিল। সেয়ে তেওঁ হাজোৰ পোৱামক্কা – মাধৱৰ মন্দিৰৰ কথা, শঙ্কৰদেৱ- আজান ফকিৰৰ কথাৰে এখন ধৰ্মহীন , মন্দিৰ – মছজিদৰ পাৰ্থক্য নথকা সমাজৰ বৰ্ণনা কৰিছে ।

গীতৰ জন্ম সুৰত। সুৰৰ জন্ম ভাবত। ভাবৰ জন্ম হয় জীৱনৰ বিভিন্ন মুহূৰ্তৰ অভিজ্ঞতা আৰু চিন্তাই জাগৃত কৰা মানসিক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজত। আধুনিক অসমীয়া গীতক বিচিত্ৰ আৰু বৰ্ণময় মাত্ৰা প্ৰদান কৰা ভূপেন হাজৰিকা দেৱৰ গীতৰ সৌন্দৰ্য নিহিত হৈ থাকে তেওঁৰ আৱেগ সঞ্চাৰী সুৰৰ হৃদয় পৰশা ৰূপৰ মাজত, তেওঁৰ মৌ মিঠা কন্ঠত, গায়ন শৈলীত ।

বিভিন্ন জনগোষ্ঠীৰ সমন্বয় সাধনাৰে এক বৃহত্তৰ জাতীয় সংস্কৃতিৰ সপোন দেখা হাজৰিকাই পাহাৰ – ভৈয়ামৰ এনাজৰীডাল অটুট ৰাখিবলৈ জনগোষ্ঠীসমূহৰ কৃষ্টি-সংস্কৃতিৰ সমন্বয়ৰ ওপৰত গুৰুত্ব দিছিল। বিহু , দেৱালী, মহোহো, কৰমপূজা, চমাংকান, ঐনিতম, ঝুমুৰ আদিৰ পয়োভৰ তেওঁৰ গীতত বিৰাজমান ।

মানৱতাবাদী শিল্পী ড° ভূপেন হাজৰিকাই অসমত বাস কৰা প্ৰতিটো জনগোষ্ঠীক অসমীয়া বুলি গ্ৰহণ কৰি তেওঁলোকৰ ভৌগোলিক অৱস্থান, বুৰঞ্জী, লোকসংস্কৃতিৰ বিষয়ে থকা জ্ঞান-গভীৰতা গীতৰ জড়িয়তে প্ৰকাশ কৰিছে। দেশ, জাতি আৰু মানুহক ভালপোৱা যাযাবৰী শিল্পীগৰাকীয়ে তেওঁৰ অসম সংগীতেৰে, ‘বিভেদ পৰিহৰি , নিজহাতে শ্ৰম কৰি ‘ নতুন অসম গঢ়িবলৈ চেষ্টা কৰিছিল।

এটা মন্তব্য

  1. ভাল লাগিল তোমাৰ লেখা পঢ়ি।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে