চ’ৰাঘৰ / সমকাল / ‘হিন্দু উদাৰতাৰ’ পতাকা কেৱল অসমে দাঙিব ? ৷৷ ৰক্তিম গোস্বামী৷

‘হিন্দু উদাৰতাৰ’ পতাকা কেৱল অসমে দাঙিব ? ৷৷ ৰক্তিম গোস্বামী৷

মোডী চৰকাৰখন ক্ষমতালৈ অহাৰ মূল কাৰণসমূহৰ ভিতৰত দুটা অন্যতম কাৰণ আছিল— দুৰ্নীতি আৰু বাংলাদেশী অবৈধ প্রব্রজন। বিমুদ্ৰাকৰণেৰে দুৰ্নীতিৰ লগত যুঁজ আৰম্ভ কৰিলে মোডী চৰকাৰে। এই যুঁজ চলি আছে দহ জনৰ দহ ধৰণৰ গঠনমুলক আৰু ঋণাত্মক সমালোচনাৰ মাজেৰে। সময়ে ইয়াৰ সফলতাৰ খাতিয়ন দিব। কিন্তু আমি বেছি শংকিত আৰু বিপৰ্যস্ত দ্বিতীয় বিষয়টোকলৈ। অসম ভাৰতৰ এখন সীমামূৰীয়া ৰাজ্য, যাৰ সৰহভাগ ভূখণ্ডই, বোধহয় প্রায় ৭০% ভূখণ্ডই আন ৰাষ্ট্রৰ লগত সীমাৰ ভাগ-বটোৱাৰা কৰিছে। আন ৰাষ্ট্রৰ লগত তেনেকৈ অসমৰ কোনো বিশেষ সীমাকেন্দ্রিক বিবাদ নাই।সীমাকেন্দ্রিক বিবাদ আৰু বাধাহীন অনুপ্রবেশেৰে দশক দশক জুৰি অসমক জুৰুলা কৰা একমাত্র দেশ খন হ’ল বাংলাদেশ। ইয়াণ্ডাবু সন্ধিৰ পিছত পূবলৈ বৃটিছ ঔপনিবেশিক নীতিৰ প্রসাৰণ হোৱাৰ লগে লগে অসমলৈ কৰ্ম আৰু অৰ্থনৈতিক সুযোগ সন্ধানী পুৰ্ব-বংগীয় মুলৰ লোকৰ অসমলৈ ঢাপলি মেলাৰ পৰম্পৰা আৰম্ভ হয়।

তথ্য অনুসৰি, ১৮৫৩ চন মানৰ পৰাই পূৰ্ববংগীয় মূলৰ মুছলমান কৃষকে অসমৰ চৰ-চাপৰি অঞ্চলত কৃষি কৰ্ম আৰম্ভ কৰে। পিছলৈ যেতিয়া অসমত বৃটিছ ঔপনিবেশিক শাসক গোষ্ঠীয়ে তেওঁলোকৰ অৰ্থনৈতিক ভেটিঁ সবল কৰিব পৰাকৈ থকা পৰ্যাপ্ত পৰিমাণৰ ভৌগোলিক সম্পদৰ উমান পালে, তেতিয়া অজস্র খেতিয়ক, শ্রমিক, বনুৱাক ভাৰতৰ আন আন ঠাইৰ পৰা বিশেষকৈ মধ্য ভাৰতৰ পৰা অসমলৈ আমদানী কৰাৰ ব্যবস্থা কৰা হ’ল। এই আমদানীকৰণৰ মূল কাৰণেই আছিল মানৰ আক্রমণ, প্রাকৃতিক দুৰ্যোগ আদিয়ে বিধ্বস্ত কৰা অসমৰ ক্রমাৎ কমি অহা শ্রমিকৰ সংখ্যা আৰু থকাসকলৰ কৰ্মৰ প্রতি থকা উদাসীনতা। কৃষি কৰ্ম সম্পাদনৰ বাবে উপযুক্ত হোৱাৰ পিছতো হাজাৰ হাজাৰ একৰ মাটি এনেই পৰি ৰোৱাৰ পৰিপ্রেক্ষিতত মৈমানসিংহ জিলাৰ এজন উচ্চপদস্থ চৰকাৰী বিষয়া A. J. Moffatt Mills ৰ পৰামৰ্শ আৰু অনুমোদন ক্রমে ঘনজনবসতিপূৰ্ণ মৈমানসিংহ জিলাৰ পৰা বুজনসংখ্যক মুছলমান কৃষকক আনি কম জনবসতিপূৰ্ণ ব্রহ্মপুত্র উপত্যকাৰ কিছুমান অঞ্চলত কৃষিকাৰ্যত নিয়োজিত কৰা আৰু পুণৰ্সংস্থাপন কৰাটো চৰকাৰীভাবে সমৰ্থন আৰু কাৰ্যকৰী কৰা হ’ল। ‘Colonisation Scheme’ বোলা এই প্রক্রিয়াটোৰ আলমতে পূৰ্ববংগৰ ভূমিহীন কৃষকৰ বাবে অসমৰ ভূমি হস্তগত কৰাৰ এক সুৱৰ্ণ সুযোগত পৰিণত হয়। পূৰ্ববংগীয় মূলৰ এই লোকসকলৰ আগমন লাহে লাহে এক অন্তহীন অনাকাংক্ষিত জনসোঁতলৈ পৰিণত হ’ল এই দিনলৈকে।

১৯১১, ১৯২১ আৰু ১৯৩১ৰ লগতে ২০১১ৰ লোকপিয়লৰ আৰু ২০১৪ চনৰ ধৰ্মীয় লোকপিয়লৰ এক প্রাৰম্ভিক অধ্যয়নে অনুপ্রবেশৰ ভয়াৱহতাত বিধ্বস্ত হ’ব ধৰা অসমৰ থলুৱা জনগাথঁনিৰ এক দুখ লগা ছবি অংকন কৰিব। এই আগ্রাসনে বাৰুকৈ আঘাত হানিলে মিছিং, বড়ো আদি জনগোষ্ঠীৰ অসমীয়া ভূমিপুত্রসকলক। সংঘাত আৰাম্ভ হ’ল বেদখলকাৰী আৰু থলুৱাৰ মাজত। বহু থলুৱা জনগোষ্ঠীৰ লোক এই সংঘাতৰ পৰিণতিত নিজৰ ভূমি এৰি পলাব লগীয়া হ’ল আন ঠাইলৈ। বহুলোকে আশ্রয় ল’লে সংৰক্ষিত বনাঞ্চলসমূহত। সংঘাতৰ তীব্রতা ক্রমাৎ বাঢ়ি গ’ল। ১৯৭৮ চনত মংগলদৈ সমষ্টিৰ জনতা দলৰ এম.পি হীৰালাল পাটোৱাৰীৰ মৃত্যুয়ে অসমলৈ কঢ়িয়াই আনিলে এক নতুন ইতিহাস।৬ বছৰ বিদেশী বিতাড়নৰ আন্দোলন হ’ল। বহুজনে প্রাণ দিলে। তাৰ মাজতে ’৮৩-ত নেলীৰ জঘণ্য হত্যাকাণ্ড সংঘটিত হ’ল। অৱশেষত কেন্দ্রুীয় চৰকাৰে অসমৰ বিদেশীৰ অত্যাচাৰত কান্দি থকা জনগনক ফুচুলাবলৈ ILLEGAL MIGRANTS (DETERMINATION BY TRIBUNAL) ACT, 1983 বা চমুকৈ IMDT আইন নামৰ এটা ‘ললিপপ’ অসমীয়া ৰাইজক প্রতিনিধিত্ব কৰা নেতাসকলৰ মুখত গুঁজি দিলে। বিদেশী বিতাড়নৰ সীমা নিৰ্ধাৰণ কৰা হ’ল ১৯৭১ (২০ বছৰ পিছুৱালে)। ৰাইজ আনন্দিত হ’ল। আন্দোলনৰ নেতাসকলক, ঘৰৰ ল’ৰাবোৰক আশাৰে দেশ চলাবলৈ অসমীয়া জনতাই আবেগিকভাবে জনাদেশ দিলে।সোণৰ অসম গঢ়ি দিয়াৰ সপোন দেখুওঁৱা ল’ৰাবোৰে ১০ বছৰ কাল ধৰি চৰম বিশ্বাসঘাতকতাৰে নিজৰে দেশখনক, অসমীয়া জনতাক দুৰ্নীতি আৰু অপশাসনেৰে জীয়াতু ভোগালে। ৰাইজে এই ১০ বছৰ সময়ছোৱাত কিমান বিদেশী বিতাড়ন হ’ল, তাক নক’লেও হ’ব; যিহেতু ৰাইজ চাক্ষুস সাক্ষী, ভুক্তভোগী।ৰাইজে শাসনৰ বাঘজৰী এইবাৰ কংগ্রেছক দিলে। কংগ্রেছৰ ১৫ বছৰ শাসন কাল বোধহয় স্বাধীনতাৰ পিছত অসমলৈ অহা বাংলাদেশী অনুপ্রবেশকাৰীসকলৰ বাবে শ্রেষ্ঠ সময় আছিল। বিনা বাধাই উন্মুক্ত সীমান্তয়েদি অনুপ্রবেশ চলি থাকিল। আন নালাগে অসম-বাংলা সীমান্তত মানুহৰ বাদে গৰুৰো এখন আন্তঃৰাষ্ট্ৰীয় ৰমৰমীয়া কৌটি টকীয়া চোৰাং বজাৰ গঢ়ি উঠিল। অসমৰ ভাষা, সংস্কৃতি, ভূ-খণ্ডলৈ অহা ভাবুকি যিমানেই সবল হৈ গৈ থাকিল, সিমানেই সবল হৈ গৈ থাকিল ৰাজনৈতিক দলবোৰৰ বাংলাদেশী অনুপ্রবেশ আৰু সীমান্ত ছীল কৰাকলৈ কৰা নীচ, দুষ্ট ৰাজনীতি। এই দিশত ‘ভোট বেংক’ৰ মোহত মোহাচ্ছন্ন কংগ্রেছ নিমাতী কইনা হৈ থাকিল। ৰাইজে প্রতিশোধ ল’লে বহু আশাৰে। যোৱা নিৰ্বাচনত কেন্দ্র, ৰাজ্য সকলোতে কংগ্রেছ বিধ্বস্ত হ’ল। ৰাইজৰ নতুন আশা নৰেন্দ্র মোডী, ৰাইজৰ নতুন আশা ভাৰতীয় জনতা পাৰ্টি, ৰাইজৰ নতুন আশা সৰ্বানন্দ সোণোৱাল।

নতুন চৰকাৰ অহাৰ লগে লগে এটি নতুন বিষয়ে ৰাইজক আমনি দিবলৈ ধৰিলে। বিষয়টো হ’ল ‘বাংলাদেশৰ হিন্দু শৰণাৰ্থী’ক ভাৰতত নাগৰিকত্ব দিয়া। হিন্দু ধৰ্মৰ উদাৰতাৰে গদগদ এই গেৰুৱা দলটোৱে অনুভৱ কৰিলে যে ভাৰতৰ সমাধান কৰিবলগীয়া প্রধান আৰু প্রথম সমস্যাসমুহৰ ভিতৰত অন্যতম হৈছে বাংলাদেশৰ হিন্দুসকলৰ সমস্যা। কি উদ্ভট চিন্তা ! অসমীয়া হিচাবে আমাৰ চিন্তা এইখিনিতেই যে প্রথমে চৰকাৰে এইলোকৰ বোজা সমগ্র ভাৰতত বিলোৱাৰ কথা কৈছিল যদিও এই দলৰেই কিছু প্রভাৱশালী নেতা তথা চৰকাৰী কুচ-কাৱাজৰ পৰা ই প্রতীয়মান হৈ পৰে— বাংলাদেশৰ মুছলমান অবৈধ অনুপ্রবেশকাৰীৰ বোজা লোৱাত অভ্যস্ত অসমে এইবাৰ বাংলাদেশৰ হিন্দু শৰণাৰ্থী বোজা গ্রহণেৰে হিন্দু ধৰ্মৰ উদাৰতাৰ পতাকা বিজেপি দলৰ হৈ ভাৰতৰ আকাশত উৰুৱাব লাগিব। নিবাৰ্চনী প্রচাৰৰ সময়ত গৃহমন্ত্রী ৰাজনাথ সিঙে ২০১৭ত ধুবুৰী সীমান্ত ছীলকৰণ সম্পন্ন কৰাৰ প্রতিশ্রুতি দিছিল। তাৰ পিছত বহু দিন এই বিষয়ে সন্তোষজনক বাতৰি পঢ়িব নাপালো। এতিয়া ‘বাংলাদেশৰ হিন্দু শৰণাৰ্থী’ সংস্থাপনৰ কথাটো প্রায় একপক্ষীয় আৰু স্বৈৰাচাৰীভাবে ৰাইজৰ ইচ্ছাৰ বিৰুদ্ধে চৰকাৰে গ্রহণ কৰিছে বা এই বিষয়ে দ্রুত গতিত কাম সম্পাদন কৰিছে বাবে আকৌ পুনৰ সীমান্ত ছীল কৰা প্রতিশ্রুতিৰ পুৰণি ৰেকৰ্ড প্লেয়াৰখন বজাবলৈ ধৰিছে।

এইখন অসম। এখন নানান জাতি-জনজাতি, ভাষা-সংস্কৃতিৰে ভৰা ভাৰতৰ এক অনন্য মনোৰম ভূ-খণ্ড।এইখন দেশৰ সমস্যা এইটো যে ইয়াত সকলো থাকিও একো নাই। যদি আছে দেশখন ধ্বংস কৰিব পৰা নিকৃষ্ট ৰাজনীতি, যি কাৰণত প্রতিখন চৰকাৰৰ দিনতে এইখন দেশ ক্রমাৎ জটিলৰ পৰা জটিলতাৰ ফালে আগবাঢ়ি গৈ আছে। উগ্রপন্থী, অনুপ্রবেশ, জনজাতিকৰণ, আন্তঃৰাজ্যিক সীমা-বিবাদ, বন সংৰক্ষণ, বানপানী আদিকে ধৰি এশ এবুৰি সমস্যাৰে জৰ্জৰিত অসমখনক প্রয়োজন এইবোৰ সমস্যাৰ পৰা সমাধান দিবলৈ সততা আৰু নিষ্ঠাৰে কাম কৰা এজন সুদক্ষ মুখ্যমন্ত্রীৰূপী নেতাৰ, তেওঁৰ নেতৃত্বত এখন সৱল আঞ্চলিক অনুভূতিৰে উদ্বুদ্ধ চৰকাৰৰ। সোণোৱাল ডাঙৰীয়াৰ পৰা আমি সকলোৱে এইখিনি আশা কৰোঁ কাৰণ তেওঁ আন্দোলন কৰা লোক, IMDT বাতিল কৰা লোক, অসমীয়া জনগণৰ বাবে কিবা এটা কৰাৰ হেঁপাহ থকা লোক। কোনো ৰাষ্ট্রীয় দলৰ আদৰ্শৰ ওচৰত নতশিৰ হৈ আঞ্চলিক স্বাৰ্থক ৰাষ্ট্রীয়তাবাদৰ আদৰ্শৰ ছাঁৰে অন্ধকাৰময় কৰি তুলিলে ই ৰাইজক দিকহীন কৰি তুলিব। আপোনাৰ চৰকাৰৰ ভালবোৰ দেখি শলাগিছো আৰু কাহানিও নেদেখা কিছুমান সজ পদক্ষেপত আনন্দিত হৈ কাকতে-পত্রই লিখিছোও৷ কিন্তু যেতিয়া অসমৰ জাতিসত্বাৰ লগত, ভাষাৰ লগত, ভূমিপুত্রৰ অস্তিত্বৰ লগত প্ৰশ্ন জড়িত হৈ থাকে আৰু চৰকাৰী পদক্ষেপ যেতিয়া ইয়াৰ পৰিপন্থী হয়, তেতিয়া মৌন হৈ থকাটো দেশদ্রোহিতাতকৈ কম নহয়। সৰ্বা চৰকাৰলৈ এটা কাতৰ অনুৰোধ— ‘আপোনাৰ দিনত আৰু এসোপা বাংলাদেশীক ৰাজনৈতিক উলাহেৰে অসমলৈ আমন্ত্ৰণ কৰি ৰাজ অতিথি কৰাতকৈ NRC কাম নিয়াৰীকৈ আৰু ক্ষীপ্রতাৰে সম্পন্ন কৰি ’৭১ ৰ পিছৰ অবৈধ বাংলাদেশী অনুপ্রবেশকাৰীসকলক (হিন্দু বাংলাদেশীসকলক ৰাজনৈতিক চল-চাতুৰীৰে অসমলৈ অনাৰ দৰে) যেনে-তেনে হ’লেও বিতাড়িত কৰাৰ দিহা কৰক৷ অন্যথা অসমৰ উত্তৰপুৰুষসকললৈ একো নাথাকিবগৈ। হিন্দু বাংলাদেশীসকলৰ সমস্যা বাংলাদেশৰ আভ্যন্তৰীণ সমস্যা। আমাৰ সমস্যা বাংলাদেশ। তেওঁলোকৰ আভ্যন্তৰীণ সমস্যা সমাধানত ধৰ্মীয় দৃষ্টিভংগীৰে ভাৰতে আগ ভাগ লৈছে৷ অথচ নিজ দেশৰে আভন্তৰীণ সমস্যা অৰ্থাৎ বাংলাদেশীৰ নিঃশব্দ আগ্রাসনত বিধ্বস্ত অসম ৰাজ্যৰ ফালে কৰুণাৰ দৃষ্টিৰে চাবলৈ এতিয়ালৈ আহৰিয়েই পোৱা নাই। কেনেকৈ চাই ৰ’ম অসম নামৰ বাংলাদেশৰ ডাম্পিং গ্রাউণ্ডত অপ্রাসংগিকভাবে প্রতাৰিত জনতাৰ সন্মুখত উৰিবলৈ ধৰিব ‘হিন্দু উদাৰতা’ৰ এখন নিৰ্লজ্জ পতাকা!!

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে