চ’ৰাঘৰ / কথাশিল্প / বিদ্ৰোহী৷৷ নীলাভ সৌৰভ৷৷

বিদ্ৰোহী৷৷ নীলাভ সৌৰভ৷৷

(চাদাত হাচান মন্টোৰ সোঁৱৰণত)

একো নাই তুমি কৰা

মই প্ৰিয় নাৰীৰ হাতৰপৰা তুলি ল’ব খোজোঁ মদিৰাৰ পিয়লা

তুমি যজ্ঞ কৰা সাপেক্ষ সভ্যতাৰ
শাসন কৰা বৰদৈচিলাক

মই ভালপোৱাৰ ব্যাকৰণৰ ভুল বানান

তথাপি চিগাৰেটৰ ধোঁৱাৰ মাজত ৰঙা ওঁঠ এযোৰ বিচাৰোঁ
তাকেহে মোৰ ফাগুন ফাগুন লাগে
চি়ঞৰিবলৈ বাদ নিদিও বুকুৰ বিষতো

তুমি কৰা
তোমাৰ বাবেই পৃথিৱী শৃংখল ধুনীয়া
আৰু মই বলিয়া মদাৰ ফুলীয়া বান

কি হ’ব কি হ’ব
খুব বেছি পুৰণি হ’লে গাখীৰ দৈ হ’ব
মদ হ’লে পুৰণি দেহাৰেই জুৰণি

ভঙাচিঙা কিনা বেপাৰীক নিয়ম শিকাই মই শিক্ষক হ’ব নোখোজা কথাটো যদি প্ৰতাৰণা
তাৰ হাতৰ বিড়িটো হৈ মই হ’ব খোজো প্ৰেৰণা

কি হ’ব
অ’ ভালপোৱা
তোমাৰ দৰে ধুনীয়া হৈ থাকিব জনা নাৰীৰ বাবেই
মই কবিতা

নিচা আৰু ৰ’দ মিহলাই চকু মেলিব নোৱাৰা মনটো
চাদাত হাচান মন্টো

ক’লা চছমা এযোৰতকৈ মদৰ দোকানৰ বাটটো সহজ
জেপত থকা টকাত দেশৰ মোহৰ
ভঁৰালটো পিতাইৰ পোহৰ

তাৰপিছত কি হ’ব
বেংক নলগা পিতাইৰপৰা কৰ খুজি হাত পাতিব মুদৈয়ে
ঋণ নিবিচৰা পিতায়ে কিস্তি দিব লগা হ’ল গ্লোবেল বানত

তাৰপিছত কি হ’ব-
ভুচুক

কেনেকৈ শান্ত থাকি ছবি আঁকো
মগজুত তলা লগাই
পানী গিলি গিলি আকৌ উলিয়াই দেখুৱাই দিবৰ মন যায় মোৰ ভিতৰৰ ৰং

তুমি ৰঙীন কলাসুলভ
মই নোৱাৰো ৷ মানুহৰ কলাৰ পৰা নিলগাই চৌখিনতাত বুৰি থাকিব মই নোৱাৰো
গতিকেই হেৰাই থাকিবলৈ ভালপোৱা মানুহে
কাৰো বেয়াপোৱালৈ কেৰেপ নকৰে ৷

জনজাতীয় আইগৰাকীৰ মদৰ দোকানত মই দুপইচা
তাৰপাছত চৰকাৰে ভাল কথা ভাবিবলৈ
নাভাঙি গঢ়িবলৈ
বিদ্ৰোহী নহৈ কি হ’ম

অভাৱত পৰি ৰোৱা কৃষক কিহত হ’ব উৎসুক
তাৰপিছত কিহৰ ধৰ্ম কিহৰ মুলুক ৷৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে