চ’ৰাঘৰ / কথাশিল্প / গাঁত৷৷ ৰাকেশধিৰ মেধি৷৷

গাঁত৷৷ ৰাকেশধিৰ মেধি৷৷

এনেকৈয়ে একোটা গাঁতৰ সৃষ্টি
ঠায়ে ঠায়ে
যি আচলতে একোটা সপোন
কবিয়ে কোৱাৰ দৰে “পোতা পুখুৰী”ৰ পৰা
ৰিঙিয়াই মতা জলকুঁৱৰীৰ ৰিং

কেনেকৈ কবি
কেনেকৈ সুধী

যেনেকৈ ৰজাই ভাল পায় পাহাৰ
অথচ কথা পাতিব নোৱাৰে গছৰ স’তে

ভালপোৱা ধানখেৰৰ জুইৰ দৰে
হ’ব পাৰে! কিন্তু বিৰহ তুঁহ জুই

সপোন নেদেখা সামাজিক
বাট পথ কিয়নো লাগে
পাহাৰ তোমালোকৰ গাঁঠিৰ চিকা-ৰূপ
মৌনতা তোমালোকৰ কৃতজ্ঞতাৰ স্বৰূপ

আৰু তেনেকৈয়ে পথৰ গাঁত
আহি আহি গাত থিতাপি

গাঁতবোৰ এতিয়া দিঠক
ধান বেচি চাউল কিনি খোৱাৰ দৰে৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে