চ’ৰাঘৰ / কথাশিল্প / ইউৰিয়া৷৷ মমিন বৰা৷৷

ইউৰিয়া৷৷ মমিন বৰা৷৷

দেওবৰীয়া দুপৰবোৰত লগ পাওঁ এজাক চৰাই
কাষত বা দি বহি থাকে
কপালত কেঁহেৰাজ বৰণ হৈ জিলিকি থকা এসোঁতা ঘাম

ইউৰিয়া ৰহিত বুলি সেউজীয়া শাকনি ডৰাত সোমাই খুটিয়াই খুটিয়াই চাওঁ
নহ’লে পাগত উঠা সময়বোৰো ভেকুৰি উঠে অকস্মাতে

পণ্য পৰ্ব এটা গাত মেৰিয়াই নিতাল মাৰি থাকে বজাৰখন
অসুখীয়া অংক এটা লৈ বুকুত সাহ বঢ়োৱাটো কম কথা নহয়

বাঢ়ি যোৱা কুশল বাৰ্তাবোৰৰ গাতে গা লগাই মাজে মাজে বহোঁ, বহিলেই নাকত লাগেহি গোন্ধটো
ইউৰিয়াত ওপঙি শাৰী শাৰীকৈ পাতি যাওঁ অসুখীয়া অংকটোৰ হিচাপ
ইউৰিয়াই চাহিদা বহাইছে কাৰ
ইউৰিয়াই চাহিদা বহাইছে কাৰ

মধ্যাকৰ্ষণক বুঢ়া আঙুলি দেখুৱাই
বুকুৰ পৰা উজাই গৈ শোকে সেমেকাই তোলে চকু
সাংঘাতিক আকুলতা এটা বুকুত পুহি ৰখাৰ বাবেই
ব্যাকুল হৈ পৰোঁ অলপতে

কবিতাৰ ক টোও নাজানোঁ
জীৱন পণ্য হোৱাটো এটা বাস্তৱিক কথা
পিছে পৈণত জীৱনে জানে
পণ্যতাৰ বাৰংবাৰতাত নিজৰ সঠিক অৱস্থান
অন্যথা এযুগ অজুহাত

ইউৰিয়াৰ গোন্ধে ঢুকি নোপোৱা অৰণ্য বিচাৰি প্ৰতি দেওবাৰে ভ্ৰমণ কৰোঁ
আৰু আচৰিত ভাৱে লগ পাওঁ শত সহস্ৰ সহাৱস্থান

অত্যধিক অৰণ্যৰোদনৰ পৰা আতৰি
যি সকলে জীৱন বিষয়ক বোলা পৃষ্ঠা এটাত দি থাকে ৰঙীন পেঞ্চিলৰ দাগ

পণ্যতাৰ পাঠ পঢ়োতে সুঁৱৰিম
ইউৰিয়া গোন্ধ বিহীন শাকবোৰ বুতলিম
আৰু হিচাপ কৰিম
এজৰা পাউণ্ডৰ এছট্ৰেত জমা হোৱা ছাঁইৰ পৰিমাণ…

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে