চ’ৰাঘৰ / সমকাল / বিপ্লৱ, ৰঙীন বিপ্লৱ আৰু বিপ্লৱৰ ভবিষ্যৎ৷৷ সৌৰভ শইকীয়া৷৷

বিপ্লৱ, ৰঙীন বিপ্লৱ আৰু বিপ্লৱৰ ভবিষ্যৎ৷৷ সৌৰভ শইকীয়া৷৷

মানৱ জাতিৰ ইতিহাসত আমি ভালেমান গণ-আন্দোলন/সংগ্ৰামৰ বিষয়ে পাওঁ আৰু কিছুসংখ্যকক বিপ্লৱ (Revolution) বুলি জানো। যেনে— ফৰাচী বিপ্লৱ, অক্টোবৰ বিপ্লৱ, চীনা বিপ্লৱ, কিউবান বিপ্লৱ, ইংলেণ্ডৰ গৌৰৱময় বিপ্লৱ, শিল্প বিপ্লৱ ইত্যাদি। সকলো গণ আন্দোলনক বিপ্লৱ বোলা নহয়। কৃষক বিদ্ৰোহ, শ্ৰমিক বিক্ষোভ, ছাত্ৰ বিক্ষোভ ইত্যাদিৰ দৰে ঘটনাক বিপ্লৱ বোলা নাযায়। বিপ্লৱ শব্দটোৱে এক নিৰ্দিষ্ট অৰ্থ বহন কৰে, যি গণ আন্দোলনৰ পৰা সম্পূৰ্ণ পৃথক। বিপ্লৱক সংজ্ঞায়িত কৰিবলৈ গৈ অনেকেই বিপ্লৱ সম্পৰ্কে অনেক মত দাঙি ধৰিছে। এই চমু ৰচনাত বৰ বেছি মতামতৰ অৱতাৰণা সম্ভৱ নহয় বাবে দুই এক মতহে আভাসৰ বাবে উল্লেখ কৰা হ’ব। Oxford Dictionary অনুসৰি Revolution শব্দটোৰ দুটা অৰ্থ— ১. Forcible overthrow of the government or social order. ২. Fundamental change. গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলে এটা সম্পূৰ্ণ গাথঁনিগত (Constitution) পৰিবৰ্তন বা গাথঁনিগত উন্নীতকৰ বুজাবলৈ বিপ্লৱ শব্দটো ব্যৱহাৰ কৰিছিল। প্ৰখ্যাত মাৰ্ক্সবাদী ঐতিহাসিক এৰিক হবছবমে তেওঁৰ বিখ্যাত “Age of Revolution (1789-1848)” গ্ৰন্থত “দ্বৈত বিপ্লৱ” ৰ সূত্ৰ দাঙি ধৰে। এটা হৈছে আদৰ্শৰে পুষ্ট ৰাজনৈতিক বিপ্লৱ (ফৰাচী বিপ্লৱ) আৰু আনটো উদ্ভাৱনেৰে পুষ্ট অৰ্থনৈতিক বিপ্লৱ ( ইংলেন্ডৰ শিল্প বিপ্লৱ)। জেক এ. গল্ডষ্টোনে তেওঁৰ “Revolution: A very short Introduction” গ্ৰন্থত বিপ্লৱৰ সংজ্ঞা দিছে এইদৰে— revolution is the forcible overthrow of a government through mass mobilization in the name of social justice, to create new political institutions. ই এক গ্ৰহণযোগ্য সংজ্ঞা।

বিপ্লৱৰ প্ৰায়োগিক দিশত আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰে মাৰ্ক্সবাদীসকলে, গতিকে বিপ্লৱ শব্দটোও তেওঁলোকৰ মাজতে বহুল ব্যবহৃত। বিপ্লৱ সম্পৰ্কে মাৰ্ক্সবাদৰ ধাৰণা— এটা ঐতিহাসিক ব্যৱস্থাৰ পৰা আন এটা ঐতিহাসিক ব্যৱস্থালৈ গতি কৰাৰ বাবে যি অৱশ্যম্ভাৱী প্ৰক্ৰিয়া, তাৰ নাম বিপ্লৱ। দুটা স্ববিৰোধী দ্বন্দ্বাত্মক শ্ৰেণীয়েই বিপ্লৱৰ অগ্নি জ্বলাই তোলে। বিপ্লৱৰ এক পৰম্পৰাগত সংজ্ঞাও আছে— হঠাতে হোৱা ক্ষিপ্ৰ পৰিবৰ্তন। যি কি নহওক সামগ্ৰিকভাবে বিপ্লৱ সম্পৰ্কে আমাৰ সকলোৰে মনত এক নিজস্ব ধাৰণা আছে। ই সদায় হিংসাত্মক পদ্ধতিৰেই হয় আৰু এটা শ্ৰেণীয়ে আন এটা শ্ৰেণীক কৰা শোষণৰ অৱসান ঘটাবলৈ বিপ্লৱ সংঘটিত হয়। প্ৰকৃতিগতভাবে বিপ্লৱৰ ভালেমান প্ৰকাৰ দেখা যায়— কমিউনিষ্ট বিপ্লৱ বা সমাজ বিপ্লৱ, সাংবিধানিক বিপ্লৱ, গণতান্ত্ৰিক বিপ্লৱ, একনায়কত্ববাদ বিৰোধী বিপ্লৱ, বৰ্ণবাদ বিৰোধী বিপ্লৱ ইত্যাদি। আমাৰ আলোচনাৰ মুখ্য বিষয় হৈছে বিপ্লৱৰ এটা অতি শেহতীয়া ধাৰা ৰঙীন বিপ্লৱ বা Colour Revolution। এই ৰঙীন বিপ্লৱবোৰ অন্য বিপ্লৱতকৈ সম্পূৰ্ণ পৃথক। আমি পাইছোঁ যে বিপ্লৱ সদায় হিংসাত্মক পদ্ধতিৰে হয়। কিন্তু ৰঙীন বিপ্লৱবোৰ সম্পূৰ্ণ অহিংসা পদ্ধতিৰে সংঘটিত হৈছে। আমোদজনক কথাটো হৈছে এই বিপ্লৱবোৰৰ নাম এই বাবেই ৰঙীন বিপ্লৱ দিয়া হৈছে যে প্ৰতিবাদকাৰীসকলে বিপ্লৱৰ প্ৰতীক হিচাপে একোটা নিৰ্দিষ্ট ৰং বা ফুল ব্যৱহাৰ কৰিছে। উদাহৰণ স্বৰূপে ইউক্ৰেইনৰ কমলা বিপ্লৱ ( Orange Revolution), জৰ্জিয়াৰ গোলাপ বিপ্লৱ (Rose Revolution) , টিউনিছিয়াৰ জেচমিন বিপ্লৱ( Jesmine Revolution), কুৱেটৰ নীলা বিপ্লৱ (Blue Revolution) ইত্যাদি।

এই ৰঙীন বিপ্লৱসমূহ সংগঠিত কৰাত চ’ছিয়েল মিডিয়া, এন. জি. অ’. আৰু ছাত্ৰসমাজৰ এক ডাঙৰ ভূমিকা আছে। চ’ছিয়েল মিডিয়াৰ দ্বাৰা দিয়া আহ্বানৰ ভিত্তিতে লাখ লাখ লোক হঠাৎ ৰাজপথলৈ ওলাই আহি ৰাষ্ট্ৰযন্ত্ৰ অচল কৰি পেলায়। এই বিপ্লৱসমূহ সাধাৰণতে বিসংগতিপূৰ্ণ নিৰ্বাচন, ব্যাপক দুৰ্নীতি আৰু অক্ষম শাসকৰ বিৰুদ্ধে হৈছে আৰু ৰাষ্ট্ৰযন্ত্ৰ-শাসনযন্ত্ৰক উফৰাই পেলোৱাত সফল হৈছে। অৱশ্যে কমিউনিষ্ট বিপ্লৱৰ দৰে ই উৎপাদন ব্যৱস্থাত পৰিবৰ্তন অনা নাই। ব্যৱস্থা সলনিৰ কথাও কোৱা নাই। বুৰ্জোৱা ব্যৱস্থাতে সংস্কাৰ আনিবলৈ সক্ষম হৈছে। শেহতীয়াভাবে ফ্ৰাঞ্চত চলি থকা য়েল্ল’ ভেষ্ট ইয়াৰ উৎকৃষ্ট উদাহৰণ। আন আন ৰঙীন বিপ্লৱৰ দৰে ইয়াতো প্ৰতিবাদকাৰীসকলে হালধীয়া জেকেট পৰিধান কৰি ৰাজপথত নামিছে। সেয়ে ই য়েল্ল’ ভেষ্ট নামে জনাজাত হৈ পৰিছে। ইয়াৰ আৰম্ভণি হয় ১৭ নৱেম্বৰৰ তাৰিখে। হাজাৰ হাজাৰ মানুহে হালধীয়া জেকেট পৰিধান কৰি ইন্ধনৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজপথত নামি পৰে। বহু ঠাইত প্ৰতিবাদকাৰী পুলিচৰ সংঘৰ্ষ হৈছে আৰু ৰাষ্ট্ৰপতিৰ প্ৰতিকৃতি দাহ কৰা হৈছে। দৰাচলতে য়েল্ল’ ভেষ্টৰ শিপাডাল কিছু গভীৰত আছে। ফ্ৰান্সত ক্ৰমাগত ভাবে বৃদ্ধি পোৱা অসমতা আৰু অভিজাততন্ত্ৰৰ বিৰুদ্ধে এয়া এক প্ৰতিৰোধ। ই কেৱল ইন্ধনৰ মূল্যবৃদ্ধিত আবদ্ধ নাথাকি সম্পদৰ পুনৰবণ্টন, দৰমহা বৃদ্ধি, পেঞ্চন আৰু সামাজিক সুৰক্ষাৰ প্ৰশ্নও তীব্ৰতৰ কৰি তুলিছে। বিপ্লৱৰ ভবিষ্যৎ সম্পৰ্কে আমাৰ মনত কিছু প্ৰশ্ন নিশ্চয়কৈ আহে।

অনাগত বিপ্লৱবোৰ অহিংসা পন্থাৰে হ’ব, নে নেপালৰ মাওবাদী বিদ্ৰোহৰ দৰে হিংসাত্মক পন্থাৰে হ’ব? এই প্ৰশ্নৰ উত্তৰ এতিয়া সম্পূৰ্ণ অনিশ্চয়তাত। ভাৰতৰ দৰে দেশত সম্প্ৰতি কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত হাজাৰ হাজাৰ কৃষকে শান্তিপূৰ্ণভাৱে লং মাৰ্চ সম্পন্ন কৰি বিপ্লৱৰ গুপ্ত শক্তিকেই প্ৰতিপন্ন নকৰিলে জানো। কৃষকৰসকল যিদৰে তীব্ৰ সংকটত পৰি লং মাৰ্চ কৰিবলৈ ওলাই আহিল, কাইলৈ ভাৰতৰ ব্যাপক কর্মসংস্থানহীন যুৱ সমাজ জাগ্ৰত হৈ যদি ৰাজপথত নামি পৰে সি বৰ শান্তিপূৰ্ণ নহ’বও পাৰে। কিন্তু এয়া কোনে জানে হয়তো এই বুৰ্জোৱা শাসনো তাতেই উফৰি পৰিব পাৰে। হয়তো বিপ্লৱৰ ভবিষ্যৎ বহু দূৰত নহয়।

এটা মন্তব্য

  1. পুৰণি ব্যৱস্থাক ভংগ কৰি নতুন ব্যৱস্থা এটা প্ৰতিষ্ঠা কৰাৰ চেষ্টাই বিপ্লৱ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে