চ’ৰাঘৰ / কথাশিল্প / মূল্য৷৷ ৰিমঝিম মহন্ত৷৷

মূল্য৷৷ ৰিমঝিম মহন্ত৷৷

ৰাতিৰ কাম-বন সামৰি সুবাসনা নিজৰ কোঠাত সোমাল। ইতিমধ্যে দিশা আৰু বৈভব শুইছিল। তাই বৈভব ৰ লগত কথাটো পাতিব বুলি বৰ আশা কৰিছিল। কিন্তু সি এবাৰো তাইক নুসুধিলে। টেবুলৰ ওপৰত পৰি থকা লেফাফাটো লৈ তাই চকীখনত বহি পৰিল। মূৰটো ঘূৰোৱা যেন লাগিল। লেফাফাটো বুকুত সাৱটি তাই চকু দুটা মুদি দিলে। যোৱা সাতবছৰৰ কথাবোৰ তাইৰ মনৰ মাজত অগা-ডেৱা কৰিবলৈ ধৰিলে।আজিৰ দৰে যদি তাই অলপ সাহস গোটালেহেতেঁন, তেন্তে তাইৰ জীৱনটো আজিৰ দৰে নহ’লহেতেঁন!

নতুনত্ববিহীন জীৱন তাইৰ৷ দিনৰ দিনটো গেবাৰি খাটোতেই গৈছিল।শহুৰ-শাহু, জা-বৰজনা, নন্দেক আৰু ভতিজাৰ সৈতে এখন ভৰপূৰ সংসাৰ। বৰজনাক, জাক আৰু বৈভবৰ চাকৰি, নন্দেকৰ কলেজ, শহুৰ-শাহুৰ আলপৈচান, ভতিজাৰ আব্দাৰ পূৰণ কৰোতেই সময়বোৰ পাৰ হৈছিল। কোনেও ভালকৈ মাত এষাৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিছিল। কাম কৰি কৰি সুবাসনা ইমানেই ভাগৰুৱা হৈ পৰে যে নিজৰ ছোৱালীজনী আৰু বৈভবক সময় দিব পৰা নাছিল। ইয়াৰ মাজতো তাইৰ ছোৱালীজনী ডাঙৰ হৈছিল, বয়সতকৈ বেছি বুজন হৈছিল। কোনো কথাতে আমনি কৰা নাছিল তাইক। ইয়াৰ বিপৰীতে বৈভব দিনে দিনে আতৰি গৈছিল তাইৰ কাষৰ পৰা, উদাসীন হৈ পৰিছিল।

এসময়ত বৈভবৰ মিঠা মিঠা কথাত তাই তাৰ প্ৰেমত পৰিছিল। তেতিয়া তাৰ সকলো কথাই কবিতা কবিতা লাগিছিল। তাৰ কবিতাত বুৰ গৈছিল তাই। তাইৰ আশে-পাশে থকা ল’ৰাটো কেতিয়া একেবাৰে কাষ চাপি আহিল সুবাসনাই গমেই নাপালে। ৰূপে-গুণে অতুলনীয় আছিল বাবে দুখীয়া ঘৰৰ হোৱাৰ পাছতো শহুৰেকে আগ-ভাগ লৈ তাইক বোৱাৰী কৰি আনিলে। বিয়াৰ পাছতহে তাই বৈভবক নতুনকৈ আৱিষ্কাৰ কৰিলে। তাইৰ সপোনবোৰক সাকাৰ কৰিব বুলি কথা দিয়া ল’ৰাটোৱে তাই যৌতুক ননাৰ বাবে কথা শুনোৱাত ঘৰখনত তাইৰ হৈ মাত মাতিব নোৱাৰিলে, তাৰ বিপৰীতে ঘৰৰ কাম কৰা মানুহজনীক বিদায় দি তাইৰ হাতত ঘৰৰ সমস্ত দায়িত্ব অৰ্পণ কৰিলে। তাই হৈ পৰিল কৌৰৱৰ বেহুত ভৰি দিয়া অভিমুন্য। তাইৰ ৰূপ আৰু গুণতো সময়ৰ চামনি পৰিল।মানসিকভাৱে অত্যাচাৰ সহি সহি তাই শিললৈ ৰূপান্তৰিত হৈছিল। হয়তো মৃত্যু পৰ্য্যন্ত তেনেদৰে থাকি গ’লহেতেঁন, যদিহে সমীৰণ নাহিলহেতেঁন।

হয়, সেইদিনা নাটকীয়ভাৱে সমীৰন আহিছিল সিহঁতৰ ঘৰলৈ, অঞ্চলটোৰ একমাত্ৰ জুনিয়ৰ কলেজখৰ অনুষ্ঠান এটালৈ শহুৰেকক আমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যে। সুবাসনাৰ শহুৰেক সেই অঞ্চলটোৰ এজন গণ্য-মান্য ব্যক্তি। আলহীক চাহ দিবলৈ আহি সমীৰণৰ মুখামুখি হৈ তাই অপ্ৰস্তুত হৈছিল। হাতৰ পৰা প্লেট এখন ভাগি পৰাত জা আৰু শাহুৰ বক্ৰোক্তিয়ে তাইৰ মূল্য সমীৰণৰ দুচকুত বাৰুকৈয়ে ধৰা পেলাইছিল।

কলেজৰ মিটিংখনৰ পৰা উভতি আহি উজলি উঠা দুচকুৰে শহুৰেকে তাইৰ হাতত এটা লেফাফা দি ক’লে— ‘ভাবি চাবা। মই আছো তোমাৰ লগত।’

তাই লৰালৰিকৈ নিজৰ কোঠালৈ আহি লেফাফাটো খুলি চাই দেখে এখন চিঠি— সমীৰণৰ।

ক’ৰবাত ঘটংকৈ শব্দ এটা হ’ল, তাই ভাব সাগৰৰ পৰা উঠি বহিল। কোঠালিটোৰ একমাত্ৰ খিৰিকিখন তাই খুলি দিলে, এমুঠি জোনাক বিয়পি পৰিল তাইৰ মনৰ ভিতৰলৈকে। সমীৰণৰ চিঠিখন আকৌ এবাৰ পঢ়িবলৈ উলিয়ালে।

“যিখন নদীৰ পৰা খৰালি মানুহে বালি টানে, বুকু খান্দে; সেই নদীখনে বাৰিষা মানুহৰ বুকু কপাঁয়। কিয় তই জাননে? দুৰ্গা গোসানী বুলি ক’লে কিয় আমাৰ মহিষাসুৰ বধৰ সেই ৰূপটো মনত পৰে? সময়ে মানুহ আৰু প্ৰকৃতি দুয়োকে সলনি কৰে। কিন্তু তোক এইদৰে সলনি কৰিব বুলি ভবা নাছিলো। হয়তো নিজে নেদেখা হ’লে বিশ্বাস নকৰিলোহেতেন।নদীয়ে নিজৰ কালান্তক ৰূপ মাজে মাজে ধাৰণ নকৰিলে নদীৰ মূল্য হেৰাই গ’লহেঁতেন। মানুহে বস্তু এটাৰ মূল্য তেতিয়াহে বেছিকৈ দিয়ে, যেতিয়া তাৰ মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰে। তই কিমান মূল্যবান সেই কথাটো তোৰ ঘৰৰ উচ্চ শিক্ষিত মানুহে উপলব্ধি কৰিব নোৱাৰে। সেয়ে তই নিজৰ মূল্য কিমান নিজেই দেখাব লাগিব।

বিয়াৰ আগত তোৰ প্ৰসংশাত পঞ্চমুখ হৈ থকা বৈভব আজি কিয় তোৰ প্ৰতি নিৰ্লিপ্ত। ইয়াৰ বাবে দায়ী কোন? তই নিজেই নহয়নে?হীনমন্যতাই কিয় ইমান কোঙা কৰিছে তোক? তোৰ কলেজ, বিশ্ববিদ্যালয়ৰ জ্ঞানত ছাগে মামৰ ধৰিলে। কথাবোৰ পুনৰ ভাবি চাবি। কলেজৰ অৰ্থনীতি বিভাগৰ পদটোৰ বাবে মই অধ্যক্ষৰ লগত কথা পাতিছিলো। তেখেতৰ লগতে তোৰ শহুৰেও সন্মতি দিছে। পঢ়া-শুনাত মধ্যমীয়া আছিলি যদিও বাহিৰা জ্ঞান তোৰ প্ৰচুৰ আছিল। এতিয়া ছাগে জীৱনে দিয়া শিক্ষায়ো তোক পৰিপক্ক কৰি তুলিছে। এই এটা সুযোগেই তোৰ জীৱন সলনি কৰি দিব ….আন একো নাপালেও এটা পৰিচয় পাবি আৰু সন্মান পাবি। আবেগবৰ্জিত হৈ সিদ্ধান্ত লবি।

তোৰ ঘৰখনৰ প্ৰতি বৈভবৰো দায়িত্ব আছে, সি সেই দায়িত্ব ভালকৈ পালন কৰিছে। তয়োতো ইমান বছৰ তাৰ প্ৰতি কৃতজ্ঞ হৈ মুখেৰে টু শব্দ এটা নোকোৱাকৈ ঘৰখনত অশান্তি নহওক বুলি নিজৰ দায়িত্ব পালন কৰিছ। এতিয়া কৃতজ্ঞতাৰ ভাৰখন সোলকাই থ’। তোক আজিও বন্ধু বুলি ভাবো বাবে কথাবোৰ কলো।’’

চিঠিখন খামটোত ভৰাই থৈ নিযুক্তিপত্ৰখন উলিয়াই চালে তাই। ইতিমধ্যে দুটা দিন পাৰ হৈ গৈছিল। আজি শহুৰেকৰ সাহসত তাই ৰাতি ভাতৰ টেবুলত সকলো গোট খোৱাত কথাতো ভয়ে ভয়ে উলিয়ালে৷ কোনেও তাইৰ কথাত গুৰুত্ব নিদিছিল৷ শহুৰেকৰ বাহিৰে বাকীবোৰে একো মন্তব্য নিদিয়াকৈ উঠি গৈছিল। টেবুলত বহুপৰ অকলে বহি আছিল তাই। ভাত খোৱাৰ পিছৰপৰা ঘৰখনৰ নিস্তব্ধতাই তাইক গিলি পেলাইছিল৷ আৰু বৈভব? বৈভবৰ উদাসীনতাই তাইক মানসিক ভাৱে পংগু কৰি তুলিছে। তাৰ পৰা আন একো একো আশা নকৰিলেও এই সময়ত তাইৰ কাষত সি থিয় হোৱাটো তাই মনে-প্ৰাণে কামনা কৰিছিল। কিন্তু বিচাৰিলেই জানো সকলো পাই? ভগা চিচা আৰু ভগা সপোন ভাগিলে যোৰা দিব পাৰি জানো? অনেক ধুমুহা পাৰ হৈ গ’ল মূৰৰ ওপৰেৰে৷ তথাপি তাই থিৰেৰে থাকিল, জীৱনে উপহাৰ দিয়া শিলৰ পোছাকযোৰ পিন্ধি। তাই হেনো হৃদয়হীনা৷ কিন্তু তাইৰ সৰু হৃদয়খন কতনো হেৰাল? চকুপানীবোৰ কেতিয়া গোট মাৰি বৰফ হ’ল, তাই নাজানিলে। হৃদয়বিহীন হৈ আন্ধাৰত জীয়াই থকাটো জানো জীয়াই থকা বুলি কয়! এয়া মাথোঁ জীৱনটো পাৰ কৰি নিয়া এটা দুৰ্বিসহ যন্ত্ৰণা, যাক মৃত্যুৰ দুৱাৰদলিলৈকে কঢ়িয়াব লাগিব। কিন্তু এই এটা সুযোগেই তাইৰ জীৱনক মূল্যহীনৰ পৰা মূল্যবান কৰি তুলিব। এটা সুস্থিৰ সিদ্ধান্ত ল’ব লাগিব। সেই সিদ্ধান্তই আনক কি দিব তাই নাজানে, কিন্তু তাইক অমৃত দিব।

নিৰ্জনতাও যে কথকতা হ’ব পাৰে তাই জনাই নাছিল। মনৰ হেপাঁহ আৰু সপোনবোৰ বাংনয় হৈ তাইক উদ্দীপ্ত কৰি তুলিলে। যিবোৰ চাবলৈ তাইৰ সময় আৰু সাহসৰ অভাৱ হৈছিল।কলেজত থাকোতে বিজয় ছাৰে কোৱা কথা এষাৰ মনত পৰিল তাইৰ—”নিজৰ বাহুত বল থাকিলেই মানুহে সাঁতুৰিব নোৱাৰে,পানীত নমাৰ সাহসো থাকিব লাগিব।”

নাই নাই, এইবাৰ এই সুযোগ তাই হেৰুৱাব নোৱাৰে৷ এই এটা সুযোগেই তাইৰ জীৱনটো সলনি কৰি দিব। বন্ধুৱে খুলি দিয়া ভাগ্যৰ সোণালী দুৱাৰখন তাই পাৰ হ’বই লাগিব।এটা দীঘল উশাহ লৈ তাই নিজকে সাজু কৰিলে…পুৱালৈ।

বোৱাৰী পুৱাৰ চেচাঁ বতাহজাকে তাইৰ গালে-মুখে চুই গ’ল, তাইৰ সিদ্ধান্তকহে যেন আদৰণি জনালে৷ তাইৰ তেনে লাগিল। লৰালৰিকৈ পুৱাৰ কাম-বন সামৰি তাই কলেজলৈ যাবলৈ সাজু হ’ল।পুৱাৰ জলপান টেবুলত সাজু কৰি তাই কলেজত যোগদান কৰাৰ সিদ্ধান্ত পুনৰবাৰ জনোৱাত সকলোৱে হুলস্হূল্ কৰি উঠিল। সকলোৰে মুখত এটাই প্ৰশ্ন জিলিকি উঠিল—”ঘৰৰ কাম কোনে কৰিব?”

শাহুৱেকে কোনোৱে টলকিব নোৱাৰাকৈ চাহ খোৱা গিলাচটো তাইৰ মুখলৈ মাৰি পঠিয়ালে, তাই মুখখন ঘূৰাই দিয়াত গিলাচটো পকীবেৰত লাগি তলত সৰি পৰিল। তেনেতে স্কুললৈ যাবলৈ সাজু হোৱা দিশাই দৌৰি আহি তাইৰ হাতত ধৰি চকুলৈ চাই ক’লে—‘‘মা আজিহে তোমাক ভাল লাগিছে; বলা মা তোমাৰ কলেজলৈ দেৰি হ’ব।’’

দিশাৰ এই শব্দকেইতাই সমগ্ৰ পৃথিৱীৰ সাহস আনি সুবাসনাৰ বুকুত থুপ খুৱালে আৰু দিশাৰ হাতত ধৰিয়েই তাই ওলাই গ’ল, এবাৰো পিছলৈ ঘূৰি নোচোৱাকৈ।

এটা মন্তব্য

  1. দিব্যজ্যোতি মহন্ত

    সুন্দৰ

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে