চ’ৰাঘৰ / উপন্যাস / দেৱী৷৷ মূল : হুমায়ূন আহমেদ, অনুবাদঃ বৰ্ণালী দত্ত৷৷

দেৱী৷৷ মূল : হুমায়ূন আহমেদ, অনুবাদঃ বৰ্ণালী দত্ত৷৷

১.

মাজ ৰাতিৰ ফালে ৰাণুৰ টোপনি ভাঙি গ’ল৷ তাইৰ এনে লাগিল, ছাদত যেন কোনোবাই খোজ কাঢ়িছে৷ সাধাৰণ মানুহৰ খোজ নহয়, ভৰি চুঁচৰাই চুঁচৰাই কঢ়া খোজ৷ তাই ভয়াৰ্ত কণ্ঠেৰে মাত দিলে, “…হে’ৰা, হে’ৰা!”

আনিছৰ টোপনি নাভাঙিল৷ বাহিৰত চিপ চিপকৈ বৰষুণ পৰিছে৷ অলপ অলপ বতাহ৷ বতাহত জামুগছৰ পাতৰ পৰা এক অদ্ভুত ধৰণৰ শব্দ হৈছে৷ ৰাণুৱে আকৌ মাতিলে, “হে’ৰা এবাৰ উঠানা৷ হে’ৰা৷”

“কি হ’ল?”

“ছাদত যেন কোনোবাই খোজ কাঢ়িছে৷”

“কি যে কোৱা! ছাদত আকৌ কোনে খোজ কাঢ়িব? শুই থাকা৷”

“প্লিজ, এবাৰ উঠি বহাচোন৷ মোৰ বৰ ভয় লাগিছে৷”

আনিছ উঠি বহিল৷ তেনেকুৱাতে প্ৰবল বৰষুণ আৰম্ভ হ’ল৷ দপদপীয়া বৰষুণ৷ খিৰিকীৰ পৰ্দা বতাহত শব্দ কৰি উৰিব ধৰিলে৷ ৰাণুৱে হঠাৎ দেখা পালে খিৰিকীৰ গ্ৰীলত ধৰি খালি গাৰে এজন ক্ষীণ মানুহ থিয় হৈ আছে৷ মানুহজনৰ দুয়োখন হাতেই অসম্ভৱ দীঘল৷ ৰাণুৱে ফুচফুচাই ক’লে, “তা়ত কোন?”

“ক’ত কোন?”

“সেই খিৰিকীখনত৷”

“আস্, কি যে সমস্যা কৰা ! নাৰিকল গছৰ ছাঁ পৰিছে৷”

“এবাৰ লাইট জ্বলোৱা না৷”

“ৰাণু, তুমি শোৱাচোন৷”

আনিছে শুৱলৈ ধৰোতেই ছাদত ভালে কেইবাৰমান থপ থপ শব্দ হ’ল৷ যেন ছাদত কোনোবাই জঁপিয়াইছে৷

ৰাণুৱে খপজপাই উঠি ক’লে, “কিহৰ শব্দ হৈছে?”

“বান্দৰ৷ ইয়াত বান্দৰ আছে৷ কালিয়েই দেখোন দেখিছিলো, ছাদত জঁপিয়া-জঁপি কৰিছিল৷”

“মোৰ বৰ ভয় লাগিছে৷ এবাৰ উঠি গৈ লাইট জ্বলোৱা না ৷ ভৰিত ধৰিছো তোমাৰ৷”

আনিছে লাইট জ্বলালে৷ ঘড়ীত ডেৰটা বাজিছে৷ ছাদত আৰু কোনো শব্দ শুনা নগ’ল৷ তথাপি,ৰাণুৰ ভয় নকমিল৷ তাই থক- থককৈ কঁপিব ধৰিলে৷ আনিছে বিৰক্তিৰে ক’লে, “কিয় এনেকুৱা কৰিছা?”

“কিয় জানো কিবা যেন লাগিছে৷ এটা খুব বেয়া সপোন দেখিলো৷”

“কি সপোন?”

“দেখিলো আমি যেন…”

কথাৰ মাজতে হঠাৎ ৰাণু ৰৈ গ’ল৷ কোনোবাই যেন হাঁহিছে৷ গধুৰ স্বৰত হাঁহিছে৷ ৰাণুৱে কঁপা মাতেৰে ক’লে, “হাঁহিৰ শব্দ শুনিছা?”

“কোনে আকৌ হাঁহিব৷ বান্দৰৰ শব্দ৷ নহ’লে দ্বিতীয় মহলাত হয়তো কোনোবাই সাৰ পায় উঠিছে৷”

আনিছে লক্ষ্য কৰিলে, ৰাণু খুব ঘামিছে৷ চকু-মুখ তেজহীন৷ তোছকৰ তলৰ পৰা চিগাৰেটৰ পেকেট উলিয়ালে৷ দিয়াচলাই জ্বলাই জ্বলাই ক’লে, “কি সপোন দেখিছিলা?”

“দিনত ক’ম৷”

” এইবোৰ কি যে কুসংস্কাৰ তোমালোকৰ! এতিয়াও ভয় লাগি আছে?”

” ওঁ ৷ “

“ভয়টো কিহৰ? চোৰ, ডকাইত নে ভূতৰ?”

” নাজানো ৷”

“ঠিক আছে লাইটটো জ্বলিয়েই থাকক৷ লাইট জ্বলায়েই শুম আজি৷ এতিয়া কোৱা, কি সপোন দেখিলা?”

“দিনত ক’ম৷”

“আস্ , কোৱা না৷ ক’লেই ভয় নাইকিয়া হৈ যাব৷”

ৰাণুৱে আনিছৰ বাঁও হাতত জোৰেৰে হেঁচি ধৰিলে৷ লাহে লাহে ক’লে, “দেখিলো যে এটা কোঠাত আমি শুই আছো ৷ এটা চাপৰ মানুহ আহি কোঠাটোত সোমাল৷ তাৰপিছত দেখিলো, সি মোৰ শাৰীখন টানি খুলি পেলোৱাৰ চেষ্টা কৰিছে৷”

আনিছে শব্দ কৰি হাঁহিলে৷
ৰাণুৱে ক’লে, “হাঁহিছা কিয়?”

” নাহাঁহিম? এইটো কি ভয় খাবলগীয়া সপোন?”

“তুমিতো গোটেইটো শুনাই নাই৷”

“গোটেইটো নুশুনিলেও হ’ব৷ পিছত কি হ’ব সেইটো মোৰ জনা আছে৷ তুমি যি দেখিছা সেইটো হৈছে, এটা চেক্সুৱেল ফ্যেন্টাচী৷ যুৱক-যুৱতীবিলাকে এনেধৰণৰ সপোন প্ৰায়ে দেখে৷”

“মই নেদেখো৷”

“তুমিও দেখা৷ মনত নাথাকে তোমাৰ৷”

“মই সপোন খুব কম দেখো৷ যি দেখো সেইটো সদায় সঁচা হয়৷ তোমাকতো বহুত বাৰ কৈছো৷”

আনিছ মনে মনে থাকিল৷ ৰাণুৱে এই কথাটো প্ৰায়ে কয়৷ বিয়াৰ ৰাতি প্ৰথম বাৰ কৈছিল৷ আনিছে সেইবাৰো হাঁহিছিল৷ ৰাণুৱে অবাক হৈ কৈছিল, ” আপুনি মোৰ কথা বিশ্বাস নকৰিলে, নহয়?”

“নাহ্ ৷”

“মই আপোনাৰ গাত ধৰি কৈছো৷ বিশ্বাস কৰক মোৰ কথা৷”

ৰাণুৱে এনেকৈ ক’লে যেন আনিছৰ বিশ্বাসৰ ওপৰত বহুত কিবা নিৰ্ভৰ কৰিছে৷ আনিছে শেষত হাঁহি মুখেৰে ক’লে, ” ঠিক আছে বিশ্বাস কৰিলো, এতিয়া দয়া কৰি আপুনি – আপুনি কৈ নাথাকিবা৷ ” ৰাণুৱে ফুচফুচাই ক’লে, আপোনাৰ লগত যে মোৰ বিয়া হ’ব, সেইটোও মই জানিছিলো৷ “

“এইটোও সপোনত দেখিছিলা?”

” হুঁ৷ দেখিছিলো, এজন মানুহ খালি গাৰে ৰৈ আছে৷ তেওঁৰ পেটৰ ওচৰত এটা বৰ ডাঙৰ কটা দাগ৷ মানুহজনক দেখিয়েই ভাব হ’ল, এওঁৰ লগতে মোৰ বিয়া হ’ব৷ মই তেওঁক ক’লো, কেনেকৈ কাটিলে?”

আপুনি ক’লে, “চাইকেলৰ পৰা পৰি দুখ পাইছিলো৷ “

আনিছে সেই ৰাতি বহু সময়লৈ কোনো কথা ক’ব পৰা নাছিল৷ তেওঁৰ পেটত এটা কটা দাগ সঁচাকৈয়ে আছে, সেইটো এই ছোৱালীজনীয়ে জনাৰ কথাই নহয়৷ অৱশ্যে চাইকেলৰ পৰা পৰি কটা নাছিল৷ জামুগছৰ পৰা পিছলি পৰি কাটিছিল৷ ঘটনাটো কাকতালীয় বুলি কোৱাটোৱেই বাহুল্য৷ মাজে মাজে এনেধৰণৰ দুই এটা ঘটনা আচৰিত ধৰণে মিলি যায়৷ তথাপি কৰ’বাত যেন এটা জান-নাজান অস্বস্তি থাকি যায়৷

বাহিৰত খুব বৰষুণ দিছে৷ হয়তো প্ৰচণ্ড ধুমুহা – বৰষুণ আহিব৷ খিৰিকীৰে সোঁ সোঁ শব্দ হৈছে৷ এখনৰ আইনা ভগা৷ ভগা আইনাৰে প্ৰচুৰ পানী সোমাইছে, ঠাণ্ডা-ঠাণ্ডা লাগিছে৷

“ৰাণু, আহাঁ শুই থাকো৷”

“চিগাৰেট শেষ হ’ল?”

“ওঁ৷”

বিচনাত উঠা মাত্ৰকে প্ৰৱল শব্দত বিজুলী মাৰিলে৷ লগে লগে লাইট গ’ল৷ কেৱল এই অঞ্চলতে নহয়৷ সমস্ত ঢাকাই বোধহয় আন্ধাৰত ডুব গ’ল৷ আনিছে ক’লে, “ভয় লাগিছে নেকি ৰাণু?”

“ওঁ ৷”

“আচ্ছা , হাঁহি উঠা কথা পাতো আহা৷ তেতিয়া ভয় কমি যাব৷ এটা সাধু কোৱা৷”

“তুমি কোৱা৷”

আনিছে বহু সময় ধৰি এজন পাদ্ৰী, তিনিটা ইহুদী আৰু তিনিজনী ছোৱালীৰ সাধু ক’লে৷ গল্পৰ এটা পৰ্যায়ত শ্ৰোতাই প্ৰশ্ন কৰিবলগীয়া হয় —পাদ্ৰীয়ে তেতিয়া কি ক’লে? ইয়াৰ উত্তৰ হৈছে পাঁচ লাইন৷ কিন্তু ৰাণুৱে একোৱেই নুসুধিলে৷ তাই শুনাই নাই নেকি? আনিছে মাত দিলে, ‘‘এই ৰাণু, ৰাণু!”

ৰাণুৱে মাত নিদিলে৷ বতাহৰ জোৰত সশব্দে খিৰিকীৰ এটা পাল্লা খোল খাই গ’ল৷ আনিছে বন্ধ কৰিবৰ বাবে উঠি থিয় হওঁতেই ৰাণুৱে তেওঁক সাবটি ধৰি কঁপা মাতেৰে ক’লে, “তুমি নাযাবা৷ খবৰদাৰ, নাযাবা৷”

“কি আচৰিত, কিয়?”

“খিৰিকীৰ সিপাৰে কিবা এটা ৰৈ আছে৷”

“কি যে কোৱা৷”

“প্লীজ, প্লীজ”

ৰাণুৱে কান্দি পেলালে৷ ফোঁপাই ফোঁপাই ক’লে, “তুমি গোন্ধ পোৱা নাই?”

“কিহৰ গোন্ধ?”

“কৰ্পূৰৰ গোন্ধৰ দৰে গোন্ধ৷”

এইটো কি মনৰ ভুল? সুক্ষ্ম এটা গোন্ধ যেন কোঠাটোত পোৱা গৈছে৷ ঝনঝনকৈ আৰু এখন আইনা ভাঙিল৷ ৰাণুৱে ক’লে, “সেই বস্তুটোৱেই হাঁহিছে৷ শুনিছানে?” বৰষুণৰ শব্দৰ বাহিৰে আনিছে একো শুনা নাপালে৷

“তুমি বহাচোন৷ মই হাৰিকেন জ্বলাও৷”

“নাই৷ তুমি মোক ধৰি বহি থাকা৷”

আনিছে অস্বস্তিৰে ক’লে, ” তুমি সেই খিৰিকীখনৰ ফালে আৰু নাচাবাচোন৷”

আনিছে লক্ষ্য কৰিলে, ৰাণু থক- থককৈ কঁপিছে, তাইৰ গাৰ উত্তাপো বাঢ়িছে৷ ৰাণুক সাহস দিবলৈকে সি ক’লে, “কোনো মন্ত্ৰ – প্ৰাৰ্থনা পঢ়িলে লাভ হ’ব নেকি? আয়াতুল কুৰ্সি জানো মই৷ আয়াতুল কুৰ্সি পঢ়ো?”

ৰাণুৱে উত্তৰ নিদিলে৷ তাইৰ চকু ডাঙৰ ডাঙৰ হৈ পৰিছে৷ মুখেদি ফেন ওলাইছে নেকি? টানি টানি উশাহ লৈছে৷

“এই ৰাণু, শুনাচোন৷”

কোনো সাৰ-সুৰ নাই৷ আনিছে হাৰিকেন জ্বলালে৷ পাকঘৰৰ পৰা খুট – খুটকৈ শব্দ আহিছে৷ এন্দুৰ, ইয়াত সন্দেহ নাই৷ তথাপি কিয় জানো ভাল লগা নাই৷ আনিছে বাৰাণ্ডালৈ আহি মাত দিলে, “ৰহমান চাহাব, অ’ ৰহমান চাহাব৷”
ৰহমান চাহাব বোধহয় সাৰে আছিল৷ লগে লগে বাহিৰলৈ ওলাই আহিল৷

“কওকচোন, কি কথা?”

“মোৰ পত্নী অসুস্থ হৈ পৰিছে৷”

“কি হৈছে৷”

“ধৰিব পৰা নাই৷”

“হস্পিতাল নিব লাগিব নেকি?”

“ধৰিব পৰা নাই৷”

“আপুনি যাওক, মই গৈ আছো৷ এতিয়াই গৈ আছো৷”

আনিছ কোঠালৈ ওভতি গ’ল৷ মনৰ ভুল৷ নিঃসন্দেহে মনৰ ভুল৷ আনিছৰ এনে লাগিল যেন তেওঁ কোঠাৰ ভিতৰলৈ গৈ ৰোৱা মাত্ৰকে কোনোবা এজন দুৱাৰৰ আঁৰত লুকাই দিলে৷ ওখকৈ নিশকতীয়া ধৰণৰ এটা মানুহ৷ আনিছে মাত দিলে, “ৰাণু৷”
ৰাণুৱে তৎক্ষণাৎ মাত দিলে, “কি?”

ইলেক্ট্ৰিচিটি তেনেকুৱাতে আহিল৷ আৰু অলপ সময়ৰ ভিতৰত ৰহমান চাহাবো আহি পালে৷ তেওঁ উদ্বিগ্ন মাতেৰে ক’লে, ‘‘এতিয়া অৱস্থা কেনে?”

ৰাণুৱে অবাক হৈ ক’লে, ” কিহৰ অৱস্থা? কি হৈছে?”

ৰহমান চাহাবে অবাক হৈ চাই থাকিল৷ আনিছে ক’লে, “তোমাৰ গা বেয়া কৰিছিল, সেয়ে এখেতক মাতিছিলো৷ এতিয়া কেনে লাগিছে?”

“ভাল৷”

ৰাণু উঠি বহিল৷ ৰহমান চাহাবৰ ফালে চাই মৃদু স্বৰত ক’লে, “এতিয়া মোৰ ভাল৷”

ৰহমান চাহাব তথাপিও দহ মিনিট মান সময় বহিল৷ আনিছে ক’লে, “আপুনি ছাদত জঁপিওৱা-জঁপি শুনিছেনে?”

“সেইটোতো সদায় শুনো৷ বান্দৰৰ উৎপাত৷”

“ময়ো সেইটোৱে ভাবিছিলো৷”

“খুব জ্বলা-কলা দেখুৱাই৷ দিন-দুপৰতে ঘৰৰ পৰা খোৱাবস্তু লৈ যায়৷”

“হয় নেকি?”

“হয়৷ নতুনকৈ আহিছেতো! কেইদিন মান যাওক, গম পাব৷ ঘৰৰ মালিকক কৈছিলো গ্ৰিল দিবলৈ ৷ তেওঁ নিদিলে৷ আপোনাৰ লগত দেখা হ’লে আপুনিও ক’ব৷ সকলোৱে মিলি চেপি ধৰিব লাগিব৷”

” হয়, মই ক’ম৷ আপুনি চাহ খাব নেকি একাপ ?”

” আৰে নাই নাই! এই ৰাতি আঢ়ৈটা বজাত চাহ খাম নেকি, কি যে কয়! উঠো দিয়ক৷ কোনো অসুবিধা পালে মাত দিব৷”

মানুহজন উঠিল৷ ৰাণুৱে চেপা মাতেৰে ক’লে, ” এই দুপৰ ৰাতি তেওঁক মাতি আনিলা কিয়? তেওঁ বাৰু কি ভাবিছে?”

তুমি যি আৰম্ভ কৰিছিলা! ভয় খায়েই মানুহজনক মাতিলো৷”

“কি কৰিছিলো মই?”

“অনেক কাণ্ড কৰিছিলা৷ এতিয়া তোমাৰ কেনে সেইটো কোৱা৷”

“ভাল৷”

” কেনেকুৱা ভাল?”

“যথেষ্ট ভাল৷”

“ভয় লগা নাই আৰু?”

“নাই ৷”

ৰাণু বিচনাৰ পৰা নামিল৷ তাই সম্পূৰ্ণ সহজ আৰু স্বাভাৱিক৷ চকুৱে মুখে ভয়ৰ কোনো চিন নাই৷ শাৰীখন কঁকালত খুচি কোঠাৰ পানী সৰাৰ ব্যৱস্থা কৰিছে৷

“ৰাতিপুৱা যি কৰা কৰিবা৷ এতিয়া এইবোৰ থোৱাচোন৷”

“ইচ্! কি অৱস্থা হৈছে চোৱা না৷”

“হওক, এইফালে আহাচোন৷”

ৰাণু হাঁহি মুখেৰে আগুৱাই আহিল৷

“এতিয়া আৰু তোমাৰ ভয় লগা নাই৷”

“নাই৷”

” খিৰিকীৰ ওচৰত যে কোনোবা ৰৈ আছে বুলি কৈছিলা?”

” এতিয়া কোনো নাই৷ আৰু থাকিলেও একো নাহে নাযায়৷”

আনিছে দ্বিতীয়টো চিগাৰেট জ্বলাই মৃদু মাতেৰে ক’লে, ” একাপ চাহ কৰিব পাৰিবা?”

“চাহ, ইমান ৰাতি?”

“এতিয়া আৰু টোপনি নাহে, চাওঁ কৰাচোন একাপ৷”

ৰাণুৱে চাহ বনাবলৈ পাকঘৰলৈ গ’ল৷ কিছু সময়ৰ ভিতৰতে পানী উতলাৰ শব্দ হ’ল৷ বাহিৰত দপদপকৈ বৰষুণ দিছে৷ ৰাণু অকলে অকলে পাকঘৰত৷ কোনে ক’ব এই ছোৱালীজনীয়েই অলপ সময়ৰ আগতে ভয়ত অস্থিৰ হৈ পৰিছিল! ছাদত আকৌ ধপ ধপ শব্দ হৈছে৷ এই বৰষুণৰ মাজতে বান্দৰ আহিছে নেকি? আনিছে উঠি গৈ পাকঘৰত মাত দিলে৷ লাহেকৈ ক’লে, “ছাদত বৰ ধুপ-ধাপ শব্দ হৈছে৷” ৰাণুৱে উত্তৰ নিদিলে৷

আনিছে ক’লে, “এই ঘৰটো এৰি দিম৷”

” সস্তাত এনেকুৱা ঘৰ আৰু নোপোৱা৷”

“চাওঁ, পাওঁ নে নাপাওঁ৷”

“চাহত চেনী হৈছে নে তোমাৰ?”

“হৈছে৷ তুমি নল’লা?”

“নাহ্, ৰাতি দুপৰত চাহ খালে মোৰ আৰু টোপনি নাহিব৷”

ৰাণুৱে হামিয়ালে৷ আনিছে ক’লে, “এতিয়া কোৱা তোমাৰ সপোন-বৃত্তান্ত৷”

“কি সপোন?”

“সেই যে সপোন দেখিছিলা! এটা চাপৰ মানুহ৷”

“এইটো সপোন আকৌ কেতিয়া দেখিলো? কি যে কোৱা তুমি!”

আনিছে আৰু একো নক’লে ৷ চাহ শেষ কৰি শুবলৈ গ’ল৷ ঠাণ্ডা-ঠাণ্ডা লাগিছে৷ ৰাণুৱে ভৰি কোঁচাই কণমানি ছোৱালীৰ দৰে শুইছে৷ এখন হাতেৰে আনিছক সাৱটি আছে৷ তাই গভীৰকৈ উশাহ লৈছে৷ হয়তো টোপনি গ’ল৷ খিৰিকীত নাৰিকল গছৰ ছাঁ পৰিছে৷ ছাঁটোক মানুহৰ দৰেই লাগিছে৷ বতাহত গছৰ পাত লৰিছে৷ এনে লাগিছে যেন মানুহৰ হাতহে লৰচৰ কৰিছে৷ কোঠাৰ ভিতৰত এটা মিঠা গোন্ধ৷ মিঠা, কিন্তু অচিনাকি৷

আনিছে ৰাণুক কাষলৈ চপাই আনিলে৷ ৰাণুৰ মুখত পোহৰ পৰিছে৷ কি যে অপৰূপা লাগিছে তাইক! আনিছে সৰুকৈ হুমুনিয়াহ কাঢ়িলে৷ সিহঁতৰ বিয়াৰ মাত্ৰ ছয়মাহ হৈছে৷ আনিছ এতিয়াও অভ্যস্ত হৈ উঠা নাই৷ প্ৰতি ৰাতিয়েই ৰাণুৰ মুখখন তাৰ অচিনাকি যেন লাগে৷ অপৰূপ ৰূপৱতী এজনী ছোৱালীৰ মুখ৷ যাক কেতিয়াও সম্পূৰ্ণকৈ চিনি পোৱা নাযায়৷ আনিছে মাত দিলে, “ৰাণু, ৰাণু৷” কোনো উত্তৰ পোৱা নগ’ল৷ ৰাণু গভীৰ টোপনিত আচ্ছন্ন৷ আনিছৰ টোপনি নাহিল৷ শুই-শুইয়ে ঠিক কৰি পেলালে, ৰাণুক এজন ভাল চাইকিয়াট্ৰিষ্টৰ ওচৰলৈ লৈ যাব লাগিব৷ অফিছৰ কমলেন্দু বাবুৱে এজন ব্যক্তিৰ কথা প্ৰায়ে কয়, খুব বোলে গুণী মানুহ৷ মিছিৰ চাহাব৷ এবাৰ মিছিৰ চাহাবক দেখুৱাই আহিব লাগিব৷

ৰাণুৱে টোপনিৰ জালতে খিলখিলাই হাঁহি উঠিল৷ অপ্ৰকৃতিস্থ মানুহৰ হাঁহি শুনি ভাল নালাগে৷ গা বেজবেজাই৷

২.

মানুহজনৰ ঘৰ বিচাৰি উলিয়াওতে বহুত সময় লাগিল৷ কঁঠালবাগানৰ এটা গলিৰ ভিতৰত পুৰণা ঠাঁচৰ এটা ঘৰ৷ বহুত বাৰ দুৱাৰত টুকুৰিওৱাৰ পিছত খুব অসুস্থ এজন মানুহ ওলাই আহিল৷ বিৰক্ত মুখেৰে ক’লে, “কাক বিচাৰিছে?”

“মিছিৰ চাহাবক বিচাৰিছো৷”

“তেওঁক কিয় লাগে?”

” প্ৰয়োজন এটা আছে ৷ আপুনিয়েই মিছিৰ চাহাব নেকি?”

“হয়৷ কওক, প্ৰয়োজনটো কওক৷”

ৰাস্তাত ৰৈয়ে সমস্যাৰ কথা ক’ব লাগিব নেকি? আনিছে অস্বস্তিবোধ কৰিলে৷ কিন্তু মানুহজনৰ আচৰণ এনেকুৱা যেন, বাহিৰতে থিয় কৰাই ৰাখিব, ভিতৰলৈ সোমাবলৈ নিদিব৷ আনিছে ক’লে, “ভিতৰলৈ আহি কওঁ?”

“ভিতৰলৈ আহিব? ঠিক আছে আহক৷”

মিছিৰ চাহাবে যেন নিত্যান্ত অনিচ্ছাৰে দুৱাৰমুখৰ পৰা আঁতৰি গ’ল৷ ঘোৰ অন্ধকাৰ৷ তিনি-চাৰিখন বেতৰ চকীৰ বাহিৰে আচবাব পত্ৰ একো নাই৷
“বহক আপুনি৷”

আনিছ বহিল৷ মানুহজনে ক’লে, “আজি মোৰ গাটো ভাল নহয়৷ আলছাৰ আছে৷ বিষাইছে এতিয়া৷ কি কয় সোনকালে কওক৷”

“মোৰ পত্নীৰ এটা কামত আপোনাৰ ওচৰলৈ আহিলো৷ আপোনাৰ নাম শুনিয়েই আহিছো৷ “

“মোৰ নাম শুনি আহিছে?”

“হয়৷”

“মোৰ যে ইমান নাম-গুণ আছে সেইটোতো জনা নাছিলো! স্পেচিফিকেলী কওকচোন কাৰ পৰা শুনিছে?”

আনিছে সেমেনা-সেমেনি কৰিব ধৰিলে৷ মানুহজনে অসহিষ্ণু মাতেৰে ক’লে, ” কওক কোনে ক’লে?”

“আমাৰ অফিচৰে এজন ব্যক্তি ৷ কমলেন্দু বাবু৷ আপুনি বোলে তেওঁৰ ভনীয়েকৰ চিকিৎসা কৰিছিল৷”

“অ’ আচ্ছা, চিনি পাইছো, কমলেন্দু৷ শুনক, মই কিন্তু ডাক্তৰ নহয়, জানে নহয়?”

“হয় ছাৰ, জানো৷”

“আচ্ছা আগতে একাপ চাহ খাওক, তাৰপিছত কথা পাতিম ৷ ৰোগী কোন বুলি ক’লে? আপোনাৰ পত্নী?”

“হয়৷”

“বয়স কিমান?”

“ষোল্ল-সোতৰ৷”

“কি কয়! আপোনাৰ বয়সটো চল্লিশৰ দৰে লাগিছে, নহয় নে?”

“আনিছে শুকান মাতেৰে ক’লে, মোৰ ছয়ত্ৰিশ৷”

“এনে কমবয়সীয়া ছোৱালী বিয়া কৰাইছে কিয়?”

এইটো আকৌ কেনেকুৱা প্ৰশ্ন! আনিছৰ এনে লাগিল কমলেন্দুৰ কথা শুনি ইয়ালৈ অহাতো ঠিক নহ’ল৷ মানুহজনৰ নিজৰ মগজুৰে ঠিক নাই যেন লাগিছে৷ এজন অপৰিচিত মানুহক কোনোৱে এনেধৰণৰ প্ৰশ্ন সুধে নেকি?

“কওক কওক, ইমান কমবয়সীয়া ছোৱালী কিয় বিয়া কৰালে?”

“হৈ গ’ল, আৰু কি!”

“বুজিছো, ক’ব বিচৰা নাই৷ ঠিক আছে, নক’লেও হ’ব৷ চাহৰ কথা কৈ আহো৷ চাহ খোৱাৰ পিছত আৰম্ভ কৰিম৷”

মানুহজনে আনিছক বহিবলৈ কৈ ভিতৰলৈ গুচি গ’ল৷ তাৰ পিছত আৰু অহাৰ নাম-গোন্ধ নাই৷ আঠ-ন বছৰীয়া এজনী সৰু ছোৱালীয়ে একাপ ভীষণ মিঠা সৰ ভাহি থকা চাহ দি গ’ল৷ তাৰপিছত আৰু কোনো সাৰ-সুৰ নাই৷ চাওঁতে চাওঁতে সন্ধিয়া হৈ গ’ল৷ আনিছে ভালে কেইবাৰমান কাহিলে৷ দুবাৰ ডাঙৰকৈ চিঞৰি মাতিলে, “ঘৰত কোনোবা আছে নে?” কোনো শব্দ নাই৷ কি সমস্যা!

কমলেন্দু বাবুৱে অৱশ্যে বাৰে বাৰে কৈ পঠাইছিল ___ এই মানুহজনৰ কথা-বাৰ্তাৰ কোনো ঠা-ঠিকনা নাই, তথাপি মানুহজন অসাধাৰণ৷ আনিছৰ কিন্তু অসাধাৰণ যেন নালাগিল৷ কিন্তু চকুৰ দৃষ্টি খুব তীক্ষ্ণ৷ এইটো অৱশ্যে প্ৰথমেই চকুত পৰে৷ আৰু দ্বিতীয় যিটো কথা চকুত পৰে, সেইটো হৈছে তেওঁৰ আঙুলি ৷ আটাইকেইটা আঙুলিয়েই অস্বাভাৱিক দীঘল৷

“এহ ! বহুত সময় বহুৱাই ৰাখিলো “

“নাই, ঠিকে আছে৷”

“কিয় ঠিকে থাকিব? ঠিক নহয়৷”

মানুহজনে এই প্ৰথম বাৰ হাঁহিলে৷ ৰৈ ৰৈ ক’লে, “আলছাৰ আছে যে বিষত তত নাপাই শুই গৈছিলো৷ তৎক্ষণাতে টোপনি আহি গ’ল৷”

” মই তেনেহ’লে অন্য এদিন আহো?”

“নাই৷ আহিলেই যেতিয়া বহক৷ চাহ দিছিল নে?”

“হয়৷”

“বাৰু এতিয়া কওক কি ক’ব৷”

আনিছ মনে মনে থাকিল৷ এইটো এনেকুৱা এটা কথা, যিটো ফটকৈ অপৰিচিত কাকোৱেই ক’ব পৰা নাযায়৷ মানুহজনে শান্ত মাতেৰে ক’লে, “আপোনাৰ পত্নীৰ মগজুৰ ঠিক নাই, নহয় জানো?”

“নহয় ছাৰ, মগজু ঠিকে আছে৷”

“পাগল নহয়?”

“নহয়৷”

“তেনেহ’লে মোৰ ওচৰলৈ কিয় আহিছে?”

“মাজে মাজে তেওঁ অস্বাভাৱিক আচৰণ কৰে৷ “

“কেনেধৰণৰ অস্বাভাৱিক?”

“ভয় খায়৷ মাজে মাজেই এনে হয়৷”

“ভয় খায়? তাৰ মানে কি? কিহৰ ভয়?”

“ভূতৰ ভয়৷”

“ঠিক জানেতো? ভয়টো ভূতৰেই?”

“নাই৷ ভালকৈ নাজানো, তেনেকুৱা যেন লাগে৷”

মানুহজনে এটা চুৰট হুপি খক খককৈ কাঁহি ক’লে, “বৰ্মাৰ পৰা মোৰ এজন বন্ধুৱে আনিছে, অতি বাজে বস্তু৷” আনিছে একো নক’লে৷ কিন্তু এই মানুহজনৰ ষ্টাইলটো ভাল পালে৷ তেওঁ অনায়াসে অন্য প্ৰসংগলৈ আহিছে৷ আৰু এনেকৈ কথা কৈছে যেন আগৰ কথা-বাৰ্তা তেওঁৰ একোৱেই মনত নাই৷

“এনেধৰণৰ চুৰট চাৰি-পাঁচটা খালে যক্ষ্মা হৈ যাব৷ আপোনাক এটা দিম নেকি?”

“নাই, নালাগে৷”

“পেলাই দিবলৈ বেয়া লাগে বাবেই খাওঁ৷ খোৱাৰ উপযুক্ত বস্তু নহয়৷ কিন্তু হাভানাৰ চুৰটবোৰ ভাল৷ হাভানাৰ চুৰট খাইছে নে কেতিয়াবা?”

“নাই খোৱা৷”

“খুব ভাল৷ মাজে মাজে মোৰ এজন বন্ধুৱে দি যায়৷”

মানুহজনে চুৰটত টান দি আকৌ ঘৰ কঁপাই কাহিবলৈ ধৰিলে৷ কাহ ৰওঁতেই ক’লে, “এতিয়া মই আপোনাক কেইটামান প্ৰশ্ন সুধিম৷ যথাযথ উত্তৰ দিব৷”

“হয় , ভাল বাৰু৷”

“প্ৰথম প্ৰশ্ন, আপোনাৰ পত্নী দেখিবলৈ ধুনীয়া নেকি ?”

“হয়৷”

“খুব ধুনীয়া?”

“হয়৷”

“আপোনাৰ পত্নীয়ে কেতিয়া ভয় খায়, ৰাতি নে দিনত?”

“সাধাৰণতে ৰাতি৷ কিন্তু এবাৰ দুপৰীয়া ভয় খাইছিল৷”

“ভয়টো কেনেধৰণৰ সেইটো কওক৷”

“কিবা এটা দেখে যেন লাগে৷”

“প্ৰতিবাৰেই একে বস্তুকে দেখে, নে প্ৰতিবাৰেই বেলেগ?”

“এইটো মই ভালকৈ নাজানো৷”

“এনে সময়ত তেওঁ কোনোধৰণৰ গোন্ধ পাই নেকি?”

“মই ঠিক ক’ব পৰা নাই৷”

“যেতিয়া সুস্থ হৈ উঠে, তেতিয়া তেওঁৰ ভয়ৰ কথা মনত থাকে নে?”

“বেছিভাগ সময়তেই মনত নাথাকে, কিন্তু মাজে মাজে থাকে৷”

“আপোনাৰ পত্নীৰ স্বাস্থ্য সঁচাকৈয়ে বেয়া৷”

“হয়৷”

“তেওঁ প্ৰথম কেতিয়া ভয় খাইছিল, ক’ব পাৰিবনে?”

“নাই নাজানো৷ অৱশ্যে খুব সৰু কালতে৷”

“প্ৰথম ভয়ৰ ঘটনাটো মোক কওক৷”

“মই সেইটো ভালকৈ নাজানো৷”

“আপুনি বহুত কথাই নাজানে যেন লাগিছে ৷ আপোনাৰ পত্নীক এদিন লৈ আহক৷ “

আনিছে কিছু সময় মনে মনে থাকি ক’লে, “মই তেওঁক আনিব বিচৰা নাই৷”

“কিয় বিচৰা নাই?”

“তেওঁ খুব চেনচিটিভ৷ তেওঁ যদি গম পায় যে তেওঁৰ এই অস্বাভাৱিকতাক লৈ মই আনৰ লগত কথা পাতিছো, তেনেহ’লে তেওঁ মনত দুখ পাব৷”

“চাওক ভাই, আপোনাৰ পত্নীৰ লগত কথা নপতাকৈ একো কৰিব পৰা নাযাব৷ আপোনাৰ পত্নী অসুস্থ আৰু মোৰ এনে লাগিছে, এই অসুখ দ্ৰুত গতিত বাঢ়ি যাব৷ আপুনি তেওঁক লৈ আহিব৷”

আনিছ উঠি থিয় হ’ল৷ লাহেকৈ ক’লে, “আপোনাক কিমান দিম?”

মানুহজনে আচৰিত হৈ ক’লে, ” কমলেন্দু বাবুৱে আপোনাক কোৱা নাই নেকি যে মই ফিজ নলওঁ? এই কামটো মই চখৰ খাটিৰত কৰো বুজি পাইছে?”

“হয়৷ বুজিছোঁ৷”

“কিন্তু আপুনি যদি ভাল গোলাপৰ সঁচ পায়, তেনেহ’লে মোক দিব পাৰে৷ মোৰ গোলাপৰ প্ৰতি খুব চখ৷ আটাইবোৰ মিলাই ত্ৰিশটা ডিফাৰেন্ট ভেৰাইটিৰ গছ মোৰ ওচৰত আছে৷ এটা আছে ভীষণ ইন্টাৰেষ্টিং, বন ফুলৰ দৰে সৰু চাইজৰ গোলাপ৷”

“হয় নেকি?”

“হয়৷ সিহঁতক কোৱা হয় মাইক্ৰ’ ৰ’জ৷ হ’লেণ্ডৰ গোলাপ৷ কাঢ়া গোন্ধ৷ চাব নেকি?”

“আন এদিন চাম৷ আজি দেৰি হৈ গ’ল, মোৰ পত্নী অকলে থাকে৷”

“অ’, হয় নেকি? শুনক, তেওঁক অকলে নাৰাখিব৷ কেতিয়াও যাতে ছোৱালীজনী অকলে নাথাকে! এইটো খুব দৰকাৰী৷”

ৰাস্তালৈ নামি আনিছৰ মন বেয়া হৈ গ’ল৷ মিছামিছি সময় নষ্ট৷ মানুহজনে তেনেকুৱা একো নাজানে৷ কমলেন্দু বাবুৱে যি বিলাক আধ্যাত্মিক শক্তিৰ কথা কৈছিল, সেই সকলোবোৰ নিত্যান্তই গল্প-গুজৱ যেন লাগিছে৷ কিন্তু মানুহজনৰ কথা বতৰা যথেষ্ঠ ফ’ৰ্চফুল৷ ৰাণুক বুজাই-বঢ়াই আনি এবাৰ দেখুৱাব পাৰি৷

তাৰ উপৰি মানুহজন খুব সম্ভৱ এলা- পেচা বিধৰো নহয়৷ ক্লিনিকেল চাইকিয়াট্ৰিৰ টীচাৰ৷ একেবাৰে একো নাজানিলে কোনেও মাষ্টৰী নকৰে৷ কিছু নিশ্চয় জানে৷ মানুহৰ চেহেৰা দেখি কিবা অনুমান কৰাটোও ঠিক নহয়৷ (আগলৈ)

4 মন্তব্য

  1. দেৱী সম্পুৰ্ন লিখনিটো কত পঢ়িবলৈ পোৱা যাব জনায় যেন বহুত ভাল লাগিছে

  2. বাট চাই ৰ’লো পৰৱৰ্তী সংখ্যাটোলৈ।

  3. ভাল লাগিল। পৰৱৰ্তী সংখ্যাটোলৈ বাট চালোঁ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে