চ’ৰাঘৰ / কথাশিল্প / বিৰিয়া ৷৷ দাদুল দেৱকৃষ্ণ বৰুৱা৷৷

বিৰিয়া ৷৷ দাদুল দেৱকৃষ্ণ বৰুৱা৷৷

ধোঁৱা খাই খাই ক’লা পৰিছিল কলিজা

এলান্ধু-ওৰণি আঁতৰাই
পিতায়ে তুলি লৈছিল কান্ধত প্ৰতিপদৰ জোন

সুখবোৰ এটা এটাকৈ গোটাওতে জিলিকিছিল
— ৰ’দঘাই হাত
সুখবোৰ ভাৰে ভাৰে কঢ়িয়াওঁতে উথলি উঠিছিল
— বুকু খামিডাঠ

পথাৰৰপৰা চোতাল
চোতালৰপৰা ভঁৰাল
ইটোৰ পিছত সিটো সোণসেৰীয়া গান
গানময় হৈ উঠে দিন-মাহ-বছৰ

কোনোবা বাৰিষা মথাউৰি ভাগি সেউজীয়া উছন যায়
গানবোৰ হেৰায়
পিতাইৰ আকাশত হুমুনিয়াহে কুণ্ডলি পকায়

প্ৰতিপদৰ জোন এলান্ধু-ওৰণিৰ তলত
প্ৰতিপদৰ জোন ধোঁৱা-ডাৱৰৰ আঁৰত

ওঁঠৰ ওপৰত গোফৰ হাবিখন গজি উঠা দিনতে
মোৰ হাতলৈ আহিছিল নামি ধোঁৱাচাঙৰ আকাশ এৰি
কান্ধত উঠি পাইছিলগৈ শইচশালী পথাৰ

ইটোৰ পিছত সিটো সুখৰ মুঠি
ইভাৰৰ পিছত সিভাৰ সুখৰ ডাঙৰি
পথাৰৰপৰা চোতাল
চোতালৰপৰা ভঁৰাল

পিছে এতিয়া দিন-কাল বৰ ভাল নহয়
কৌৰৱ অতপালিৰে ভৰে দুপৰ দুবেলা

পথাৰত যদিও নাই বিৰিয়াভঙা বৰধান
কান্ধত বৈ ফুৰিছোঁ দুখ এভাৰ
ওঁঠত যদিও নাই যাতনাৰ জেতুলীপকা
বুকুত লৈ ফুৰিছোঁ হুল এডাল

সময়ৰ বঙিয়াইদি অহা-যোৱা কৰোঁতে
আজিকালি সেয়ে ভাবোঁ পিতাই—
বিৰিয়া নহয় কেৱল প্ৰতিপদৰ জোন
বিৰিয়া হ’ব পাৰে প্ৰতিবাদৰ জোং

মৈৰপৰা ননমা খংটো যিদিনা উঠিব
আমাৰ পথাৰত শূঁৰপোক এৰা
আমাৰ ভঁৰালত নিগনি মেলা
আমাৰ চোতালৰপৰা ধানৰ গোন্ধ কাঢ়ি নিয়া
সামন্ত প্ৰভুৰ বুকুত বহুৱাই দিম বিৰিয়া— ঘেচেক্!

এটা মন্তব্য

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে