চ’ৰাঘৰ / কথাশিল্প / অৰ্পিতাৰ অনন্য অধ্যায় : জীৱনৰ এখন গৱেষণা পত্ৰ৷৷ টুনুজ্যোতি গগৈ৷৷
অংকন : জুৰি সন্দিকৈ গগৈ

অৰ্পিতাৰ অনন্য অধ্যায় : জীৱনৰ এখন গৱেষণা পত্ৰ৷৷ টুনুজ্যোতি গগৈ৷৷

অসমীয়া উপন্যাসৰ ইতিহাসে ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা সাম্প্ৰতিক সময়লৈকে এক শতাব্দীকাল সামৰি ল’লেও আদি পৰ্বৰ উপন্যাসসমূহত সেই সময়ৰ নাৰীমনৰ সঠিক আৰু বিতং খবৰ তেনেকৈ পোৱা হোৱা নাছিল৷ পদ্মনাথ গোহাঞিবৰুৱা, ৰজনীকান্ত বৰদলৈ আদি ঔপন্যাসিকসকলে অসমৰ বুৰঞ্জী প্ৰসিদ্ধ চৰিত্ৰসমূহক লৈহে উপন্যাস ৰচনা কৰিছিল বাবে স্বাভাৱিকতে আধুনিক নাৰীমন উপেক্ষিত হ’বলগীয়া হৈছিল৷ স্নেহলতা ভট্টাচাৰ্যৰ ‘বীণা’, চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ‘পিতৃভিঠা’ আদি উপন্যাসত নাৰীমনৰ খবৰ নথকা নহয়৷ কিন্তু, সেই খবৰ আছিল সংস্কাৰৰ শিকলি ছিঙিব নোৱাৰা পৰম্পৰাবাদী নাৰীৰ মনৰ খবৰ৷ হিন্দুধৰ্মীয় অনুশাসন, মহাকাবি্যক আদৰ্শ আদিৰ সংমিশ্ৰণত আৰু অসমীয়া সামাজিক-সাংস্কৃতিক পৰিৱেশৰ সংস্পৰ্শত গঢ় লৈ উঠা পৰম্পৰাগত আদৰ্শসমূহে অসমীয়া নাৰীক অতীজৰে পৰা বাট দেখুৱাই আহিছে বাবেই বহুদিনলৈকে আধুনিক শিক্ষিতা নাৰীও পৰম্পৰাবাদী দৃষ্টিভংগীৰ পৰা বিচ্ছিন্ন হ’ব পৰা নাছিল৷ ঊনবিংশ শতিকাৰ শেষৰ ফালে ইংৰাজৰ উদ্যোগত স্ত্ৰী শিক্ষাৰ প্ৰসাৰ,স্বাধীনতা আন্দোলনত অসমীয়া নাৰীৰ যোগদান, নাৰীমুক্তিৰ ধাৰণাৰ প্ৰচাৰ-প্ৰসাৰ, যৌথ পৰিয়ালৰ ভাঙোন, নাৰীৰ অৰ্থোপাৰ্জন আদিয়ে নাৰীকন্ঠত ধ্বনিত কৰালে এক প্ৰতিবাদী সুৰ৷ সেই প্ৰতিবাদী সুৰৰ অনুৰণন বা আধুনিক নাৰীৰ মনস্তত্বৰ প্ৰতিফলন যুদ্ধোত্তৰ যুগৰ চৈয়দ আব্দুল মালিক , হোমেন বৰগোহাঞি, পদ্ম বৰকটকী আদি ঔপন্যাসিকৰ সৃষ্টিত উপলব্ধ হ’লেও তেওঁলোকৰ দৃষ্টিভংগীত সীমাবদ্ধতা নথকা নহয়৷

নক’লেও হয় যে মানুহৰ অন্তৰ্জীৱন উন্মোচনৰ ক্ষেত্ৰত পুৰুষ চৰিত্ৰতকৈ নাৰী চৰিত্ৰৰ জটিলতা বেছি৷ মানুহৰ আৱেগ-অনুভূতি সাৰ্বজনীন হ’লেও পুৰুষ আৰু নাৰীৰ মাজত দৈহিক গঠনৰ পাৰ্থক্য আছে৷ এই দৈহিক গঠনৰ পাৰ্থক্যৰ বাবেই নাৰী আৰু পুৰুষৰ মনোদৈহিক গঠন আৰু বিকাশো সুকীয়া হ’বলৈ বাধ্য৷ এনে পাৰ্থক্যৰ বাবেই নাৰীৰ প্ৰতি সামাজিক দৃষ্টিভংগীও বহুগুণে পৃথক৷ নাৰীৰ মনোদৈহিক গঠন আৰু নাৰীৰ প্ৰতি ভিন্ন সামাজিক দৃষ্টিভংগী– এই দুটা কাৰণতে পুৰুষতকৈ নাৰীয়ে বেছি কথা গোপন কৰে৷ এই আপাহতে নাৰী চৰিত্ৰৰ মাজেৰে নাৰী মনস্তত্বৰ চিৰন্তনতা প্ৰকাশ কৰাটো কঠিন কাৰ্য৷ সাম্প্ৰতিক কালছোৱাত মামণি ৰয়ছম গোস্বামী, নিৰুপমা বৰগোহাঞি, পূৰবী বৰমুদৈ, অৰূপা পটংগীয়া কলিতা, ৰত্না দত্ত আদি উপন্যাসিকাসকলে কলম তুলি লোৱাৰ লগে লগে অৰ্থাৎ নাৰীক নিজৰ দৃষ্টিভংগীৰে চাবলৈ লোৱাৰ লগে লগে পুৰুষ উপন্যাসিকৰ দৃষ্টিত যিবোৰ দিশ প্ৰতিফলিত হোৱা নাছিল, সেই অৱহেলিত দিশসমূহ প্ৰতিফলন ঘটিবলৈ ল’লে৷ শেহতীয়াকৈ অসমীয়া উপন্যাস সাহিত্য জগতত সবল খোজ পেলাইছে এগৰাকী নবীন উপন্যাসিকাই, প্ৰথমখন উপন্যাস লিখিয়েই বিপুল সম্ভাৱনাৰ পৰিচয় বহন কৰা দীপামণি কোচ ভৰালী তেওঁৰ নাম৷

জীৱনৰ এখন গৱেষণা পত্ৰ· কোচ ভৰালীৰ ‘অৰ্পিতাৰ অনন্য অধ্যায়’ পঠনৰ অন্তত উপন্যাসখনক জীৱনৰ একোখন গৱেষণা পত্ৰ বুলি নিৰ্দ্বিধাই ক’ব পাৰি৷ হয়তো হয়, এগৰাকী নাৰীয়ে এৰি অহা জীৱনক পুংখানুপুংখভাৱে ফহিয়াই চাবলৈ চেষ্টা কৰিছে বৰ্তমান আৰু ভবিষ্যতৰ জীৱনক সাহসেৰে গ্ৰহণ কৰাৰ স্বাৰ্থতে৷ ‘আগত অনন্ত ,পাছত অনন্ত, মাজত এবেগেত দীঘল জীৱনৰ ভেটি’– ডিম্বেশ্বৰ নেওগে কোৱাৰ দৰে এই এবেগেত জীৱনতে সুখ থাকে, দুখ থাকে, প্ৰাপ্তি থাকে, অপ্ৰাপ্তিও থাকে৷ আমৃত্যু জীয়াই থাকিবই লাগিব যেতিয়া কৈশোৰতে মাতৃহাৰা হোৱা উপন্যাসৰ নায়িকাই দেউতাকে দূৰ সম্পকীয় মাহীয়েকৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তোলা প্ৰত্যক্ষ কৰি অনামী অভিমানত লুকাই লুকাই কান্দিলেও, যৌৱন প্ৰাপ্তিৰ পাছত মনৰ চাৰিওফালে এখন দুৰ্ভেদ্য প্ৰাচীৰ গঢ়ি তুলিলেও, প্ৰথম প্ৰেমাস্পদক অপ্ৰত্যাশিতভাৱে হেৰুৱাই আত্মহনন কৰিব বিচাৰিলেও পৈণত বয়সত জীৱনটোক সুখী আৰু উপভোগ্য কৰি তোলাৰ স্বাৰ্থত সকলো প্ৰতিবন্ধকতা আৰু সংস্কাৰৰ বিৰুদ্ধে নীৰব বিদ্ৰোহিনীৰ ভূমিকা গ্ৰহণ কৰিছে৷ নিজকে নিঃসংগ সাম্ৰাজ্যৰ একচ্ছত্ৰী সম্ৰাজ্ঞী বুলি ভবা নায়িকাৰ মানসিক অৱস্থাৰ এই ক্ৰমোত্তৰণৰ ইংগিত উপন্যাসিকে পাঠকক আগতেই দিছিলঃ ‘…মই হয়তো অচিৰেই নিঃসংগতাৰ বেদনাক অতিক্ৰম কৰি যাব পাৰিম৷’

উপন্যাসৰ পাতে পাতে আমি কোনো মুহূৰ্তত শুনোঁ পোহৰ পিয়াসী এক আত্মাৰ নিকৰুণ ক্ৰন্দন, আকৌ কোনো মুহূৰ্তত শুনোঁ এখন হৃদয় চপৰা-চপৰাকৈ খহাৰ শব্দ আৰু একেবাৰে শেষত শুনিবলৈ পালোঁ জীৱনৰ সুৰীয়া বাঁহীৰ সুৰ৷ এগৰাকী নাৰীৰ মানসিক ক্ৰিয়া-প্ৰতিক্ৰিয়াই ইয়াত বৰ্ণিত হোৱা নাই, বৰ্ণিত হৈছে যন্ত্ৰসভ্যতাই সৃষ্টি কৰা মানুহৰ উৎকট আত্মকেন্দ্ৰিকতা, বিজ্ঞানৰ চমকপ্ৰদ জয়যাত্ৰাৰ সময়তো তথাকথিত উচ্চশ্ৰেণীৰ মাজৰ পৰা হেৰাই নোযোৱা বৰ্ণবাদী মানসতা ইত্যাদি৷ সামাজিক সচেতনতাৰ বাবে তেওঁ নাৰীৰ জীৱনৰ ঘাত-প্ৰতিঘাতৰ অন্তৰালত থকা সামাজিক কাৰণসমূহকো বিশ্লেষণ কৰিছে৷

জীৱনৰ বাটত বাট বোলোতে মানুহে লাভ কৰে বহু সহযাত্ৰী, কিছুমানক ক্ষণিকৰ বাবে, কিছুমানক দীৰ্ঘসময়ৰ বাবে৷ আকাশীও লগ পাইছিল বহুতক আৰু এইসকলৰ সান্নিধ্যৰে ধন্য হৈও অন্যান্য মানুহৰ দৰেই তেৱেঁা অহৰহ সন্ধান কৰিছিল এজন স্বপ্নৰ মহানায়কক৷ মানুহৰ জীৱনৰ চৰম ট্ৰেজেদী এয়ে যে তেওঁলোকে সেই মহানায়ক বা মহানায়িকাৰ সন্ধান কোনোদিন লাভ নকৰে৷ অৱশ্যে, কোনো এক কেকুৰিত মানুহে কেতিয়াবা এজন নায়ক বা নায়িকাক লাভ কৰে৷ যৌৱনৰ স্বপ্নময় দিনবোৰত আৰু বিবাহোত্তৰ জীৱনত আকাশীয়েও লগ পাইছিল দুজনকৈ নায়কক৷ প্ৰথমজন নায়ক সপোনক তেওঁ কেছিল–‘দুখবোৰ থ’বলৈ কেতিয়াবা আধাৰ লাগে সপোন৷ আহিবা আকৌ কেতিয়াবা· যেতিয়াই তোমাৰ জিৰাবৰ মন যাব, মোৰ কাষলৈ আহিবাই৷ যিকোনো মুহূৰ্ততে মই তোমাৰ বাবে বাট চাম… যিকোনো মুহূৰ্ততে…৷’ দ্বিতীয়জন নায়কৰ সংস্পৰ্শত ৰপ্তবছৰ ধৰি পলুৰ দৰে সংসাৰ নামৰ লেটাটোত আৱদ্ধ হৈ পৰা আকাশী সাহসী হৈ উঠিছেঃ ‘প্ৰথম দিনৰ চিনাকিতে দুয়োখন হৃদয়ে বুজি উঠিছিল হাহাকাৰৰ একেসুৰীয়া উচুপনিৰ অৰ্থ৷ এতিয়া পাৰিবনে তাই তাক দুখৰ সাগৰত অকলে এৰি উপকুল বিচাৰিব· অন্ততঃ অম্লানৰ ওচৰত তাই স্বাৰ্থপৰতাৰ প্ৰতীক হ’ব নোখেঁাজে৷ সি তাইৰ দুখৰ দিনৰ অনুপম সুহৃদ৷ আটাইতকৈ ডাঙৰ কথা– কোনো পাপবোধৰ ডাৱৰেৰে আনকি এই মুহূৰ্ততো তাইৰ মনৰ আকাশ গোমা হোৱা নাই৷’

দ্বিতীয় নায়কজনৰ সান্নিধ্যলৈ অহাৰ মুহূৰ্তত আকাশীৰ জৰায়ুত বাহ বান্ধিছে দুৰাৰোগ্য ৰোগৰ কীটাণুৱে, তেওঁৰ অজ্ঞাতেই মৃতু্য কাষ চাপি আহিছে নিঃশেব্দ আৰু নীৰৱে৷ সেয়ে নায়কে ভাবিছে–‘হাঁহিবলৈ পাহৰি যোৱা আকাশীয়ে হাঁহক…তাইৰ চাৰিওফালৰ বতাহে হাঁহক… আকাশেও হাঁহক… আৰু মাত্ৰ কেইটামান দিনৰ হঁাহিৰে অম্লানে নিজেও পোহৰাই লওক অনাগত দিনৰ অন্ধকাৰ৷ এৰা… আৰু মাত্ৰ কেইটামান দিনৰ পাছত তেওঁৰ নিজৰে শোকদ* সময়বোৰ উদভ্ৰান্ত হৈ পৰিব অনুভৱৰ গোপন কুঠৰীত, আকাশীৰ স্মৃতি বিচাৰি৷’

সেইদৰে যৌৱনকালত দত্তৰ স্পৰ্শধন্যা হৈ জীৱনৰ এক ঐশ্চৰ্যময় পথৰ সন্ধান লাভ কৰা আকাশীয়ে সহ্য কৰিব পৰা নাছিল চিকিৎসকৰ কামনাকাতৰ স্পৰ্শ৷ দত্তৰ মানৱীয় স্পৰ্শৰ স্মৃতি আকাশীয়ে ৰোমন্থন কৰিছিল দূৰ অতীততে শ্ৰৱণ কৰা এটি প্ৰিয় গীতৰ কলিৰ দৰেই৷ দুখন হৃদয়ৰ মিলন নোহোৱাকৈ বিপৰীত লিংগৰ মাজত কেতিয়াও সুষম দেহজ সম্পৰ্ক স্থাপন হ’ব নোৱাৰে বাবেই কেবল দেহজ তাড়নাৰে পৰিচালিত হ’ব খোজা গৌৰাংককো আকাশীয়ে অঁাকোৱালি ল’ব পৰা নাছিল৷ মানুহৰ সম্পৰ্কৰ এই জটিলতাৰ ব্যাখ্যা উপন্যাসিকাই এনেদৰে দিছেঃ ‘কিছুমান মানুহৰ সৈতে সম্পৰ্কৰ সংৰচনা অজানিতভাৱেই তৈয়াৰ হৈ যায়৷ ইয়াৰ বাবে পৰিৱেশে কোনো পৰিকল্পনা দাবী নকৰে, নকৰে কোনো প্ৰয়োজনীয়তা অথবা সেই সম্পৰ্কই দীৰ্ঘদিনীয়া স্থায়িত্বৰ দাবীও নকৰে৷ নিবিচাৰে কোনো বৈধ অথৱা অবৈধ পৰিতৃপ্তি৷’

কোচ ভৰালীৰ স্পন্দিত আৰু সংযত আবেগময় গদ্যশৈলীয়ে পাঠকক পঠনসুখ দিবলৈ সক্ষম হ’ব৷ যথাঃ‘সগৌৰৱে ইপাৰ-সিপাৰ স্পৰ্শ কৰি ৰৈ আছে এয়া মৌন শৰাইঘাট৷ আন এক ৰক্তক্ষয়ী ইতিহাসৰ পুনৰাবৃত্তিৰে তাইৰ োহঁপাহৰ আবেলিৰ ছবিবোৰৰ চিত্ৰকৰ এয়া শৰাইঘাট৷ তলৰ পৰা চালে আকাশো দ্বিখণ্ডিত কৰা যেন লগা সুদৃশ্য দলংখনলৈ তাই চৰম অৱজ্ঞাৰে মূৰ তুলি এপলকলৈ চাই ৰ’ল৷’ আকৌঃ ‘…হৃদয়খন কুৰুকি কুৰুকি শেষ কৰিবলৈ এৰি নিদিবা দুখৰ হাতত৷ যন্ত্ৰণাক হাঁহিৰ সাগৰত নিক্ষেপ কৰিব পৰাকৈ সাহসী হ’বলৈ চেষ্টা কৰা৷ আচলতে মানুহ নিজেইহে নিজৰ জীৱনৰ কাৰিকৰ৷ এটা সুন্দৰ জীৱনৰ নিৰ্মাণৰ বাবে মানুহে নিজৰ ভিতৰৰ পৰাই প্ৰথম প্ৰচেষ্টা চলাব লাগিব৷’

উপন্যাসখনিত বহু চৰিত্ৰৰ সমাৱেশ পৰিলক্ষিত হয়৷ ইয়াৰ কিছুমান চৰিত্ৰক বাদ দিয়া হ’লেও উপন্যাসৰ কাহিনী সাৱলীলভাৱেই আগুৱাই গ’লেহঁতেন৷ তথাপি, পাঠকৰ ৰসভংগ ঘটাৰ শংকা নাই৷ উপন্যাসখন পঠনৰ অন্তত প্ৰতিজন পাঠকেই হয়তো উপলব্ধ কৰিবঃ ‘প্ৰেম আৰু সহানুভূতিৰ ৰথেৰে আহি কোনোবাই কাৰোবাৰ জীৱনৰ হেৰোৱা ছন্দ এধানিমানো যদি ওভতাই আনিব পাৰে, গীতৰ কাকলিৰে মুখৰ কৰি তুলিব পাৰে যদি পুনৰ কাৰোবাৰ মৌন ওঁঠ অথবা কবিতাৰ চোতাল, তেন্তে সেই প্ৰেমত বৈধতা নাথাকিলেও হয়তো আক্ষেপৰ কালিমাই বৰ্ণহীন কৰিব নোৱাৰে মন৷ অৰ্থহীন হৈ আহে তেতিয়া পাপ-পুণ্যৰ পৃথকীকৰণ৷’

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে