চ’ৰাঘৰ / ইত্যাদি / আমাৰ অসম : সপোন, বাস্তৱ আৰু সংগ্ৰাম

আমাৰ অসম : সপোন, বাস্তৱ আৰু সংগ্ৰাম

“সচেতন, দূৰদৰ্শী আৰু যুক্তিবাদী ব্যক্তিয়ে এজন আপেক্ষিকভাৱে বয়োকনিষ্ঠ ব্যক্তিক হঠাতে “জাতীয় নায়ক”ৰ দৰে বিৰল খিতাপ প্ৰদান নকৰে৷…যুক্তিতকৈ আৱেগেৰে পৰিচালিত হোৱা অসমৰ মানুহৰ কথা সুকীয়া৷এজন ব্যক্তিৰ জীৱনজোৰা কাম-কাজ,ত্যাগ-আদৰ্শৰ মূল্যায়নলৈ অপেক্ষা নকৰি বৰ খৰখেদাকৈ তেওঁক বিভিন্ন উপাধি -সন্মানেৰে উপচাই দিব পাৰে ৷” (পৃষ্ঠা ৯০)

যুক্তিতকৈ আৱেগক প্ৰাধান্য দিয়া জাতিটোৰ এনেবোৰ ভুল পুনৰাবৃত্তি নহ’বৰ বাবেই এই সময়ত “অসমীয়া”ক প্ৰয়োজন— আত্মবিশ্লেষণেৰে আত্মসংশোধনৰ!

এনে সংশোধনীৰ বাবেই প্ৰথমে আমি আমাক চিনিব লাগিব; জানিব লাগিব নিজক গুৰিৰ পৰা৷ কথাই প্ৰতি আমি “জাতি-মাটি-ভেটি”ৰ কথা কৈছোঁ; অথচ সেই ‘জাতি’ গঠনৰ উপাদান, সেই ‘মাটি’ৰ প্ৰকৃত দাবীদাৰ আৰু সেই ‘ভেটি’য়ে খামুচি থকা শিপাৰ বিস্তৃতি আৰু গভীৰতা সম্পৰ্কে বহুসময়ত দকৈ চিন্তা কৰি নাচাওঁ ৷

সাম্প্ৰতিক অসমখনক অস্থিৰ-অশান্ত কৰি ৰখা এনে কেতবোৰ “আমি দকৈ চিন্তা নকৰা” স্পৰ্শকাতৰ বিষয়কে ঐতিহাসিক-সামাজিক-ৰাজনৈতিক দৃষ্টিকোণেৰে নিৰ্মোহভাৱে তুলি ধৰা হৈছে পূৰ্বায়ণ প্ৰকাশনৰ পৰা অচিৰেই প্ৰকাশ পাবলগীয়া নৱতম গ্ৰন্থ টুনুজ্যোতি গগৈৰ—

আমাৰ অসম: সপোন, বাস্তৱ আৰু সংগ্ৰামত ৷

প্ৰচুৰ অধ্যয়নলব্ধ জ্ঞান আৰু ইতিহাস-চেতনাৰে লেখকে অসমীয়াৰ সংজ্ঞা, খিলঞ্জীয়াৰ অধিকাৰ, জনজাতিকৰণ, অসম-চুক্তি, বিদেশী-অনুপ্ৰৱেশ আদি বহুকেইটা বিষয় “শিপা”ৰ পৰা তন্নতন্নকৈ বিশ্লেষণ কৰি দেখুৱাইছে জাতিটোক; লগতে সামাজিক গণমাধ্যমত বেতনভোগী আৰু ছদ্মবেশী প্ৰচাৰকে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই বিভ্ৰান্ত কৰা ৰাইজক সচেতনো কৰি দিছে—

“বিভিন্ন ধৰণৰ সঁচা-মিছা ঘটনাৰ অহৰহ প্ৰচাৰেৰে মানুহক উত্তেজিত কৰি তোলাটোৱে এইসকল প্ৰচাৰকৰ মূল উদ্দেশ্য৷… সাম্প্ৰদায়িক শক্তিবোৰে তলে তলে চলাই থকা এনে প্ৰপগণ্ডাই অদূৰ ভৱিষ্যতে অসমত ধৰ্মীয় সংঘাত সৃষ্টি কৰাৰ সম্ভাৱনা নথকা নহয় ৷…সেয়ে সচেতন ৰাইজে সময় থাকোঁতেই এই সাম্প্ৰদায়িক শক্তিবোৰৰ অপপ্ৰচাৰৰ বিৰুদ্ধে মাত মতা উচিত ৷”(পৃষ্ঠা ১০৯)

বহু গুৰুত্বপূৰ্ণ তথ্য আৰু চিন্তাসমৃদ্ধ এই লেখাসমূহে পাঠকক “অসম” আৰু “অসমীয়া”ৰে সম্পৃক্ত হৈ থকা এনে কিছুমান নতুন প্ৰশ্নৰে সৈতে মুখামুখি কৰাব ; যিবোৰ নিঃসন্দেহে এই সময়ৰ দাবী ৷ শেষত লেখকে যি আশা কৰিছে, সেয়া সমগ্ৰ জাতিটোৰো আশা, এই সময়ৰো আহ্বান—

“আমি আন্তৰিকতাৰে আশা কৰিছোঁ: অসমৰ সমাজ-জীৱনৰ এই সংকটপূৰ্ণ মুহূৰ্তত ৰাজ্যৰ বঙালী সমাজখনে ক্ষুদ্ৰ ৰাজনৈতিক লাভালাভ পৰিহাৰ কৰি হেমাংগ বিশ্বাস, ড৹ অমলেন্দু গুহ আদি বঙালী সম্প্ৰদায়ৰ লোকে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ কথা মনত ৰাখি অসমীয়াৰ কান্ধত কান্ধ মিলাই আগবঢ়া উচিত ৷ ” (পৃষ্ঠা ১৫১)

আমাৰ অসম : সপোন, বাস্তৱ আৰু সংগ্ৰাম
টুনুজ্যোতি গগৈ
পূৰ্বায়ণ প্ৰকাশন

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে