চ’ৰাঘৰ / কথাশিল্প / আমাৰ অসম : সপোন, বাস্তৱ আৰু সংগ্ৰাম৷৷ পাঠকৰ মতামত৷৷

আমাৰ অসম : সপোন, বাস্তৱ আৰু সংগ্ৰাম৷৷ পাঠকৰ মতামত৷৷

উদীয়মান লেখক ভৱেশ নাথৰ মন্তব্য :

এইটো অনস্বীকাৰ্য যে অসম আৰু অসমীয়া জাতি বৰ্তমান সংকটৰ গৰাহত। পৰিচিতি সত্তাৰ ৰাজনীতি, গোষ্ঠীগত চেতনা, উগ্ৰ জাতীয়তাবাদ, বৰ্ণ হিন্দুৰ জাত্যভিমান আদি বিভিন্ন কাৰকে পূৰ্বৰে পৰাই বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াক আঘাত কৰি আহিছে। অসমত বসবাস কৰা বড়ো, ৰাভা, কছাৰী, তিৱা, কাৰ্বি, চাহ-জনগোষ্ঠী, মৰাণ, মটক, কোচ আদি বিভিন্ন জনগোষ্ঠীয়ে নিজকে অসমীয়া হিচাবে চিনাকি দিয়াৰ মনোবৃত্তি যেন ক্ৰমান্বয়ে ত্যাগ কৰিবলৈ লৈছে। পৰিস্থিতি এনে পৰ্যায়লৈ গৈছে যে অসমৰ থলুৱা বিভিন্ন জনগোষ্ঠীয়ে অসমৰ পৰা পৃথক হৈ সুকীয়া ৰাজ্য গঠনৰো দাবী উত্থাপন কৰিছে। স্বাভাৱিকতেই এনে এক পৰিবেশত অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াসমূহক ঐতিহাসিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰাৰ মাজেৰে বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত ৰৈ যোৱা ত্ৰুটি-বিচ্যুতিসমূহৰ সঠিক বিচাৰ-বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। তদুপৰি অসমৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠী সমূহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, তেওঁলোকৰ ভাষা-সংস্কৃতিৰ সুস্থ বিকাশ আদি দিশসমূহক আওকাণ কৰি বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে।

অসম আৰু অসমীয়া জাতিৰ এনে এক সন্ধিক্ষণত উল্লিখিত আটাইবোৰ দিশক ঐতিহাসিক তথ্যৰে যুক্তিসংগত ভাৱে নিৰ্মোহ বিশ্লেষণেৰে টুনুজ্যোতি গগৈয়ে লিখি উলিয়াইছে “আমাৰ অসম : সপোন, বাস্তৱ আৰু সংগ্ৰাম” নামৰ গ্ৰন্থখন। অসমীয়া জাতি গঠনৰ ঐতিহাসিক পটভূমি, অসমীয়া জাতীয়তাবাদৰ উদ্ভৱ আৰু বিকাশ, গোষ্ঠীচেতনা, জনগোষ্ঠীসমূহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, অনুপ্ৰৱেশৰ সমস্যা, বংগীয় মূলৰ মুছলমান সকলৰ প্ৰসংগ, ভীমবৰ দেউৰীৰ প্ৰাসংগিকতা আদি বিভিন্ন দিশ সাঙুৰি গ্ৰন্থখন ৰচনা কৰা হৈছে। বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত নিশ্চিতভাৱে গ্ৰন্থখনে পাঠক ৰাইজক কিছু কথা নতুনকৈ ভাবিবলৈ অনুপ্ৰেৰণা যোগাব।

তৰুণ লেখিকা ৰিমঝিম মহন্তৰ মন্তব্য :

বৰ্তমান অসম আৰু অসমীয়া জাতি এক জটিল সন্ধিক্ষণত ভৰি দিছে। চাৰিওফালে আন্দোলন, প্ৰতিবাদ, ধৰ্ণা, কুটিল ৰাজনীতিৰ পাকচক্ৰত প্ৰতিজন অসমীয়াই দিক্ বিদিক্ হেৰুৱাই পেলাইছে বুলি ক’লেও হয়তো বঢ়াই কোৱা নহ’ব। তাৰ মাজতে অসম আৰু অসমীয়া জাতি গঠনৰ সম্পৰ্কত সম্যক জ্ঞানকণো নোহোৱা এচামে সামাজিক গণমাধ্যমত বিভিন্ন সাম্প্ৰদায়িক মন্তব্যৰে অসমৰ সমাজ জীৱনত বিষবাস্প বিয়পাইছে৷ এই সকলোধৰণৰ জাতিধ্বংসী কাৰবাৰৰ সময়োচিত আৰু যথাযোগ্য প্ৰত্যুত্তৰ হ’ল টুনুজ্যোতি গগৈৰ ‘আমাৰ অসম : সপোন, বাস্তৱ আৰু সংগ্ৰাম’ নামৰ গ্ৰন্থখন। অসমৰ প্ৰতিটো জ্বলন্ত সমস্যা সম্পৰ্কে আলোকপাত কৰা গ্ৰন্থখন যথেষ্ট তথ্যসমৃদ্ধ আৰু মৌলিক বিশ্লেষণসমৃদ্ধ। মই ভাৱো, এই গ্ৰন্থখনে প্ৰতিজন অসমীয়াক, বিশেষকৈ নতুন প্ৰজন্মক নতুন চিন্তাৰ খোৰাক দিব। অন্ধকাৰৰ দিশলৈ গতি কৰা অসমীয়া জাতিক এই গ্ৰন্থখনে নতুন পোহৰৰ বাট দেখুৱাব।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে