চ’ৰাঘৰ / কথাশিল্প / আহি আছে পিতাই সেই দিন৷৷ ভাস্কৰ জে নাথ৷৷

আহি আছে পিতাই সেই দিন৷৷ ভাস্কৰ জে নাথ৷৷

যদিওবা মই হত্যাকাৰী নহয়
হত্যা কৰাৰ কুচকাৱাজ চলাইছো দুঃসময়বোৰক
চুৰিকাঘাত কৰিব ওলাইছো বেদনাবোৰক
পিতাই কেবল তোৰ ওঁঠত চাবলে হিৰন্ময় সময়ৰ হাঁহি
মই হত্যাকাৰী হোৱাৰ কুচকাৱাজ চলাইছো

শীতৰ সেমেকা ৰাতি আমাৰ গাঁৱৰ সকলোৱে জুই ফুৱাব
সকলোৰে তেজত উষ্ণতা বাঢ়িব
সেই উষ্ণতাৰে গাঁও খনক উষ্ণ কৰি ৰাখিম
জুই ফুৱাই ধোঁৱা লগা ৰঙাচাহ পি খাম বাতি বাতি
কেৱল চাহেই নে পিতাই
সুখৰ কথা পাতিম
আপোন মাটিৰ কথা পাতিম
মাজনীৰ বিয়াৰ কথা পাতিম
ঘৰখনৰ নতুন পৰিকল্পনাবোৰৰ কথা পাতিম

সৰিয়হ খেতি
আলু খেতি
পাচলি খেতি
অনেক কথা পাতিম আমি
আমাৰ কথাবোৰত
বিৰিয়ানি নাথাকিব
বাটাৰ চিকেন মচলা নাথাকিব

নাথাকিব ৰাজনীতিৰ কথা
নাথাকিব বম ব্লাষ্টৰ কথা
নাথাকিব অশান্ত সময়ৰ কথা

গুলী ফুটা কথাবোৰ আমাৰ গাঁৱত
পাৰিলে তই নকবি
তিৰাশীৰ কথাবোৰ মোক আৰু নকবি
তেজৰ কথাবোৰ

ময়ো নকওঁ পিতাই
এই দুঃসময়ৰ কথা
বলাৎকাৰৰ কথাবোৰ
লাষ্টগেটৰ আন্দোলনৰ কথাবোৰ
দুৰ্নীতিৰ কথাবোৰ
অনিয়মৰ
অত্যাচাৰৰ
শোষণৰ
ৰজাঘৰীয়াৰ আপত্তিজনক কথাবোৰ নকওঁ

দালালৰ চলাহী কথাবোৰ
পালিনেতাৰ মিছা কথাবোৰ
নিৰীহক ডাইনী সজোৱা কথাবোৰ
বেকাৰে চাৰ্টিফিকেটৰ শ্ৰাদ্ধ পতা কথাবোৰ
ভাল ল’ৰাটো বেয়া হোৱাৰ কথাবোৰ
ময়ো নকওঁ পিতাই
তয়ো নকবি।

আহি আছে পিতাই সেই দিন
আনি আছো সেইদিন
দুঃসময়ক হত্যা কৰাৰ কুচকাৱাজ আৰম্ভ কৰিছো
সেই হিৰন্ময় সময় আহিলেই
তই মই একেলগে জুই ফুৱাই ফুৱাই কথা পাতিম
ভাল দিনৰ
ভাল সময়ৰ।

কথা দিলো তোক পিতাই
যদিওবা হত্যাকাৰী নাছিলো মই
হত্যা কৰিব ওলাইছো দুঃসময়বোৰক
দুঃসময়বোৰক পিতাই।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে