চ’ৰাঘৰ / ধাৰাবাহিক / ইতিহাস / ছৱিয়েত সংঘৰ সন্দৰ্ভত প্ৰচলিত ৫০ বছৰীয়া মিথ্যাৰ অৱসান৷৷ কানাই গগৈ৷৷

ছৱিয়েত সংঘৰ সন্দৰ্ভত প্ৰচলিত ৫০ বছৰীয়া মিথ্যাৰ অৱসান৷৷ কানাই গগৈ৷৷

১৯৩৪ চনৰ পৰা ১৯৮৭ চনলৈকে — এই ৫০ বছৰৰো অধিক কাল প্ৰায় সমগ্ৰ বিশ্বত এটা মিথ্যা প্ৰচলিত হৈ আছিল যে ১৯৩২-১৯৫৩ চনৰ কালছোৱাত (১৯৫৩ চনত স্তালিনৰ মৃত্যু হৈছিল) ছৱিয়েত সংঘত (‘Soviet’ শব্দটো অসমীয়ালৈ ‘ছৱিয়েত’ হিচাবে লিপ্যন্তৰ কৰাহে যুগুত, কিয়নো ৰুছ ভাষাত মূৰ্ধন্য ধ্বনি নাই; আনহাতেদি ইংৰাজীৰ ‘V’ বৰ্ণটো ‘ভ’ হিচাবে নহয়, বৰঞ্চ ‘ৱ’-ৰ দৰেহে উচ্চাৰিত হয়) কেবামিলিয়ন লোকৰ মৃত্যু হৈছিল। সংঘত সমাজবাদ বৰ্তি থকা কালত মূলতঃ পশ্চিমত এই মিথ্যা চলি আছিল (সংঘই তথ্যসহকাৰে ইয়াৰ ভিত্তিহীনতা উদঙাই দেখুৱাইছিল যদিও পশ্চিমত তাক কেতিয়াও পোহৰলৈ আহিবলৈ দিয়া হোৱা নাছিল। আনহাতেদি আচহুৱা তথা অজনপ্ৰিয় ৰুছ ভাষাটোৰ বাবে সত্যসন্ধানীসকলেও প্ৰকৃত কথাবোৰ জানিব পৰা নাছিল)। অৱশ্যে সংঘৰ পতনৰ পিছত ‘মুক্ত’ আৰু ‘গণতান্ত্ৰিক’ হৈ পৰা ৰাছিয়াতো এই মিথ্যাৰ প্ৰচলন ঘটিছিল আৰু এতিয়াও ঘটি আছে।

এই উদ্দেশ্যপ্ৰণোদিত মিথ্যাৰ জন্ম দিছিল নাৎছিহঁতে (Nazi— জাৰ্মান ভাষাত ‘z’ বৰ্ণটো ‘ৎছ’ হিচাবে উচ্চাৰিত হয়), আৰু জন্ম দিছিল ইউক্ৰেইনক জাৰ্মানীৰ লগত সংলগ্ন কৰিবৰ বাবে। নাৎছিহঁতৰ ‘তত্ত্ব’ অনুসৰি জাৰ্মানীৰ ভূমি ‘মহান’ জাৰ্মান জাতিৰ উন্নতি-প্ৰগতিৰ বাবে যথেষ্ট নাছিল, সেয়ে পূবলৈ, অৰ্থাৎ ৰাছিয়ালৈ জাৰ্মানীক সম্প্ৰসাৰণ কৰাটো অত্যাৱশ্যকীয় আছিল। নাৎছিহঁতৰ চকুত অগ্ৰাধিকাৰ পাইছিল সংঘৰ ইউক্ৰেইন গণৰাজ্যই, কিয়নো অঞ্চলটোত বিস্তীৰ্ণ উৰ্বৰ ভূমি থকাৰ লগতে প্ৰচুৰ খনিজ সম্পদো আছে। সেয়ে ইউক্ৰেইনত বালশ্বেৱিকসকলে সংঘটিত কৰা তথাকথিত জাতিগত সংহাৰৰ (প্ৰসংগক্ৰমে ৰুছ আৰু ইউক্ৰেইনীয়সকল মূলতঃ একেটা জাতিৰ লোক, পাৰ্থক্য মাথোন উজনি আৰু নামনিৰ) ভুৱা প্ৰচাৰ চলাই নাৎছিহঁতে ‘ইউক্ৰেইনৰ মুক্তিৰ’ সপক্ষত বিশ্বমত গঢ়াৰ চেষ্টা কৰিছিল, যাতে নাৎছিবাহিনীয়ে ইউক্ৰেইন দখল কৰি অঞ্চলটো জাৰ্মানীৰ লগত চামিল কৰিব পাৰে। কিন্তু বহুত চেষ্টা কৰাৰ পিছতো নাৎছিহঁতে বিচৰাৰ দৰে বিশ্বমত গঢ়ি উঠা নাছিল। ফলত সিহঁতে অন্য পন্থা ল’বলগীয়া হৈছিল।

সেই সময়ত আমেৰিকাত মিডিয়া বেৰন আছিল উইলিয়াম ৰেণ্ডল্ফ হাৰ্স্ট। হাৰ্স্টৰ দৃষ্টিভংগী আছিল অতি-ৰক্ষণশীল, অতি-সোঁপন্থী আৰু সেয়ে কমিউনিষ্ট-বিৰোধী। ১৯৩৪ চনত হিটলাৰৰ অতিথি তথা বন্ধু হিচাবে তেওঁ জাৰ্মানী ভ্ৰমণ কৰিছিল। ইয়াৰ পিছৰ পৰাই তেওঁৰ কাকতবোৰত সমাজবাদ, ছৱিয়েত সংঘ আৰু বিশেষকৈ স্তালিন-বিৰোধী লেখা প্ৰকাশ পাবলৈ ধৰিছিল। হাৰ্স্টৰ কাকতবোৰ আনকি নাৎছিবাদৰ প্ৰচাৰ-প্ৰসাৰতো লিপ্ত হৈ পৰিছিল। ১৯৩৫ চনৰ ৮ ফেব্ৰুৱাৰীত তেওঁৰ অন্যতম কাকত “চিকাগ’ আমেৰিকানত” প্ৰকাশ পাইছিল যে ছৱিয়েত সংঘত সংঘটিত হোৱা দুৰ্ভিক্ষত ৬ মিলিয়ন লোকৰ মৃত্যু হৈছিল।

উল্লেখ্য যে ১৯৩২-৩৩ চনৰ কালছোৱাত ছৱিয়েত সংঘত, বিশেষকৈ ইউক্ৰেইন গণৰাজ্যত, মূলতঃ অনাবৃষ্টিৰ বাবে আকালৰ সৃষ্টি হৈছিল। খৰাঙৰ বাবে ১৯৩১ চনত আগৰ বছৰৰ তুলনাত আধা পৰিমাণৰ শস্যহে উৎপাদিত হৈছিল। অনাগত দিনবোৰৰ কথা চিন্তা কৰি স্বাভাৱিক মনস্তত্ত্বৰে কৃষকসকলেও শস্য লুকুৱাবলৈ ধৰিছিল। ফলত আকালে তীব্ৰ ৰূপ লৈছিল। আনহাতেদি অপুষ্টিত ভোগা শৰীৰবোৰত মহামাৰীৰো প্ৰাদুৰ্ভাৱ বাঢ়িছিল। তদানীন্তন চিকিৎসা ব্যৱস্থা যিহেতু উন্নত নাছিল (পৃথিৱীৰ প্ৰথম এন্টিবায়’টিক ঔষধ পেনিচিলিনৰ উদ্ভাৱন হৈছিল ১৯৪০ চনতহে), বেমাৰ-আজাৰতো বহুতৰ মৃত্যু ঘটিছিল। উল্লেখ্য যে মহামাৰীৰ প্ৰাদুৰ্ভাৱ সেই সময়ৰ বিশ্বত সাধাৰণ ঘটনা আছিলঃ ১৯১৮-২০ চনৰ কালছোৱাত ‘স্পেনিশ্ব ফ্লু’ মহামাৰীৰ সংহাৰত ইউৰোপ আৰু আমেৰিকাত প্ৰায় ২০ মিলিয়ন লোকৰ মৃত্যু হৈছিল। ঔষধ-পাতিৰ অভাৱৰ বাবে মহামাৰীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ছৱিয়েত চৰকাৰে কোনো পদক্ষেপ ল’ব পৰা নাছিল, আৰু ১৯৩২-৩৩ চনৰ কালছোৱাত ইউক্ৰেইন গণৰাজ্যত কেইলাখমান নাগৰিকৰ মৃত্যু হৈছিল।

হাৰ্স্টৰ কাকতত মহামাৰীৰ কথা ভুলতো উল্লেখ কৰা হোৱা নাছিল। আনহাতেদি ছৱিয়েত-বিৰোধী কথাবোৰ কাকতত এনেদৰে উপস্থাপন কৰা হৈছিল যে পুঁজিবাদী বিশ্বৰ জনগণে সিবোৰ বিশ্বাসত লৈছিল, ফলত বিশ্বমত সংঘৰ বিপক্ষে গৈছিল।

ছৱিয়েত সংঘৰ বিৰুদ্ধে মিথ্যাৰ জন্ম এনেদৰেই হৈছিল।

ইউক্ৰেইনৰ ‘দুৰ্ভিক্ষৰ’ সন্দৰ্ভত নাৎছিহঁতে জন্ম দিয়া অতিকথাটোৰ দ্বিতীয় বিশ্বযুদ্ধৰ পিছতো মৃত্যু ঘটা নাছিল, বৰঞ্চ চি আই এ-ই নাৎছিহঁতৰ ‘তথ্যবোৰ’ নিজৰ কৰি লৈছিল আৰু শীতল যুদ্ধৰ কালত সংঘৰ বিৰুদ্ধে কৰা প্ৰচাৰত প্ৰয়োগ কৰিছিল। চি আই এ-ৰ তত্ত্বাৱধানত আৰু দ্বিতীয় বিশ্বযুদ্ধত নাৎছিহঁতৰ লগত সহযোগিতা কৰি পিছত আমেৰিকাৰ শৰণাৰ্থী হোৱা কেইজনমান ইউক্ৰেইনীয় লোকৰ অৰ্থসাহায্যৰে ১৯৫৩ চনত “Black Deeds of Kremlin” নামৰ কিতাপখন প্ৰকাশ পাইছিল। কিতাপখনত ইউক্ৰেইনৰ ‘দুৰ্ভিক্ষত’ মৃত্যু হোৱা লোকৰ সংখ্যা কেবামিলিয়ন কৰি দেখুউৱা হৈছিল।

এই ক্ষেত্ৰত পিছ পৰি থকা নাছিল এসময়ৰ বৃটিশ্ব চোৰাংচোৱা বিভাগৰ সদস্য আৰু বৰ্তমান ষ্টেমফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ৰবাৰ্ট কংকুৱেষ্ট। ১৯৬৯ চনত প্ৰকাশিত নিজৰ কিতাপ “The Great Terror”-ত তেওঁ উল্লেখ কৰিছিল যে ইউক্ৰেইনৰ ‘দুৰ্ভিক্ষত’ মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৫-ৰ পৰা ৬ মিলিয়ন !

১৯৮০ চনত ৰ’নাল্ড ৰীগান আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনত বহিছিল। ৰীগানে সাম্যবাদ-বিৰোধিতাক নিজৰ জীৱনৰ ব্ৰত কৰি লৈছিল। ইউক্ৰেইনৰ ‘দুৰ্ভিক্ষৰ’ প্ৰসংগই পুনৰ প্ৰাণ পাই উঠিছিল। আাৰু এই মিথ্যাক বিশ্বাসযোগ্য কৰিবৰ বাবে তেওঁ হাৰ্ৱাৰ্ডৰ দৰে বিশ্ববিশ্ৰুত বিশ্ববিদ্যালয়ৰ সহায় লৈছিল। ১৯৮৪ চনত বিশ্ববিদ্যালয়খনৰ প্ৰাধ্যাপক এজনে “Human Life in Russia” শীৰ্ষক কিতাপ এখন প্ৰকাশ কৰিছিল। কিতাপখনত হাৰ্স্টৰ কাকতত প্ৰকাশিত ‘তথ্যবোৰৰে’ পুনৰাবৃত্তি কৰা হৈছিল। ৰীগানৰ শাসনকালতে ১৯৮৬ চনত কংকুৱেষ্টে “Harvest of Sorrow” নামৰ আন এখন কিতাপ প্ৰকাশ কৰিছিল। কিতাপখনৰ বাবে তেওঁ আগেয়ে উল্লেখ কৰা ইউক্ৰেইনীয় শৰণাৰ্থীসকলৰ পৰা ৮০ হেজাৰ ডলাৰো লাভ কৰিছিল। কিন্তু আমোদজনক কথা হ’ল এয়ে যে এইখন কিতাপত ইউক্ৰেইনৰ ‘দুৰ্ভিক্ষত’ মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ মিলিয়ন হৈ পৰিছিল !

উপৰিউক্ত তথ্যবোৰ যে ভুৱা আৰু উদ্দেশ্যপ্ৰণোদিত আছিল, সেই কথা ইতিমধ্যে প্ৰমাণ কৰিছে কানাডাৰ সাংবাদিক ডগলাছ টটল-এ। ১৯৮৭ চনত প্ৰকাশিত “”Fraud, Famine and Fascism – the Ukranian Genocide Myth from Hitler to Harvard” শীৰ্ষক গ্ৰন্থত তেওঁ স্থাপিত কৰিছে যে ৰবাৰ্ট কংকুৱেষ্টৰ গ্ৰন্থৰ লগতে আনবোৰ কিতাপত থকা ফটোবোৰ (ক্ষুধাত মৃত্যুবৰণ কৰা শিশুৰ বীভৎস অথচ বিখ্যাত ফটোবোৰ!) ১৯১৮-২১ চনৰ কালছোৱাত ছৱিয়েত সংঘত সংঘটিত হোৱা গৃহযুদ্ধৰ কালৰহে ! নিজৰ গ্ৰন্থত টটল-এ ইয়াকো স্থাপিত কৰিছে যে উইলিয়াম হাৰ্স্টৰ কাকতলৈ দীৰ্ঘদিন ধৰি প্ৰতিবেদন আৰু ফটো পঠিউৱা থমাছ ৱাল্টাৰ নামৰ সাংবাদিকজনে ইউক্ৰেইনত কাহানিও ভৰি দিয়া নাছিল আৰু সংঘৰ কেৱল মস্কোলৈহে এবাৰ ছদিনৰ বাবে গৈছিল ! টটল-ৰ গ্ৰন্থত আন এটা তথ্যও উন্মোচিত হৈছেঃ সেই সময়ৰ মস্কোস্থিত উইলিয়াম হাৰ্স্টৰ সাংবাদিক এম পেৰটে ১৯৩৩ চনত সংঘত প্ৰচুৰ ফচল উৎপাদন হোৱাৰ সন্দৰ্ভত প্ৰতিবেদন নিজৰ কাকতলৈ প্ৰেৰণ কৰিছিল, কিন্তু সেই প্ৰতিবেদনবোৰে প্ৰকাশৰ মুখ কাহানিও দেখা নাপালে !

ছৱিয়েত সংঘৰ সন্দৰ্ভত মিথ্যাৰ জন্ম দিয়াসকলৰ ভিতৰত অন্যতম হ’ল এসময়ৰ সংঘৰে নাগৰিক আলিকছান্দৰ ছালঝেনিৎছিন। ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ তথা ছৱিয়েত-বিৰোধী প্ৰচাৰত লিপ্ত থকাৰ বাবে ১৯৪৬ চনত তেওঁক ৮ বছৰৰ বাবে গুলাগ শ্ৰম শিৱিৰলৈ পঠোৱা হৈছিল। তেওঁৰ মতে সংঘই নাৎছিহঁতৰ লগত আপোচ কৰা হ’লে জাৰ্মানীয়ে সংঘ আক্ৰমণ নকৰিলেহেঁতেন, আৰু তেতিয়া ৪৪ মিলিয়ন ছৱিয়েত নাগৰিকো নিহত নহ’লহেঁতেন (প্ৰকৃত তথ্যটো হ’লঃ দ্বিতীয় বিশ্বযুদ্ধত প্ৰায় ২৭ মিলিয়ন ছৱিয়েত নাগৰিক নিহত হৈছিল)। অথচ এইজন লোককে পশ্চিমে The Gulag Archipelago” কিতাপৰ বাবে ১৯৭০ চনত নোবেল বঁটা প্ৰদান কৰিছিল ! ১৯৭৪ চনত ছালঝেনিৎছিনে ছৱিয়েত নাগৰিকত্ব অস্বীকাৰ কৰিছিল আৰু প্ৰথমে ছুইজাৰলেণ্ড আৰু তাৰ পিছত আমেৰিকাত গৈ বাস কৰিবলৈ লৈছিল। আমেৰিকাত থাকোতে বিভিন্ন ঠাইলৈ তেওঁক বক্তৃতা দিবৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। ১৯৭৫ চনত দিয়া তেনে এটা বক্তৃতাত তেওঁ কৈছিল যে আমেৰিকাই ৱিয়েৎনাম (‘Vietnam’-ৰ প্ৰকৃত লিপ্যন্তৰ ‘ৱিয়েৎনাম’-হে, ‘ভিয়েটনাম’ নহয়) পুনৰ আক্ৰমণ কৰা উচিত ! তেওঁ ইয়াকো ঘোষণা কৰিছিল যে ৱিয়েৎনামত ১০ হেজাৰমান মাৰ্কিন সেনাক দাস কৰি ৰখা হৈছে। আমোদজনকভাবে এই ঘোষণাৰ পিছতে আমেৰিকাত ৰেম্ব’ ছিৰিজৰ কথাছবিবোৰৰ নিৰ্মাণ হ’বলৈ ধৰিছিল !

বিভিন্ন বক্তৃতাত ছৱিয়েত সংঘৰ সন্দৰ্ভত ছালঝেনিৎছিনে উল্লেখ কৰা ‘তথ্যবোৰ’ আৰু ভয়ানক। উদাহৰণস্বৰূপে তেওঁ কৈছিল যে কৃষিৰ সামূহীকৰণৰ (Collectivisation) পৰা স্তালিনৰ মৃত্যুলৈকে, অৰ্থাৎ ১৯২৭ চনৰ পৰা ১৯৫৩ চনৰ কালছোৱাত সংঘত ৬৬ মিলিয়ন লোকৰ মৃত্যু হৈছিল। ইয়াৰ লগত দ্বিতীয় বিশ্বযুদ্ধত নিহত হোৱা ‘৪৪ মিলিয়ন’ যোগ কৰি তেওঁ ঘোষণা কৰিছিল যে সংঘত ১১০ মিলিয়ন লোক সমাজবাদৰ ‘বলি’ হৈছিল। একেদৰে তেওঁ উল্লেখ কৰিছিল যে ১৯৫৩ চনত সংঘৰ গুলাগ শ্ৰম শিৱিৰত থকা কয়দীৰ সংখ্যা আছিল ২৫ মিলিয়ন !

৫০ বছৰৰো অধিক কাল সমগ্ৰ বিশ্বত প্ৰজন্মৰ পিছত প্ৰজন্মক এনেবোৰ মিথ্যাৰে যোগান ধৰি থকা হৈছিল আৰু তেওঁলোকৰ মনত সংঘত বৰ্তি থকা সমাজবাদৰ সন্দৰ্ভত বিকৃত ছবি তৈয়াৰ কৰা হৈছিল।
১৯৮৭ চনত ডগলাছ টটলে ছৱিয়েত সংঘৰ সন্দৰ্ভত প্ৰচলিত হৈ থকা মিথ্যাবোৰৰ উন্মোচন কৰিছিল। টটলৰ কথাবোৰ যে সত্য আছিল, সি পুনৰ্বাৰ প্ৰমাণিত হৈছিল ১৯৯০ চনত। সেই বছৰত ছৱিয়েত সংঘৰ কমিউনিষ্ট দলৰ কেন্দ্ৰীয় কমিটিৰ আৰ্কাইৱ খোলা হৈছিল। বহুতে আশা কৰিছিল যে আৰ্কাইৱৰ তথ্যবোৰে হাৰ্স্ট, কংকুৱেষ্ট, ছালঝেনিৎছিন আদিৰ অনুমানবোৰক সত্য বুলি প্ৰমাণিত কৰিব। কিন্তু আমোদজনক কথা এয়ে যে তথ্যবোৰ প্ৰকাশ হ’বলৈ ধৰাৰ লগে লগে এইসকল লোকে ছৱিয়েত সংঘৰ সন্দৰ্ভত থকা তেওঁলোকৰ ইমানদিনৰ আগ্ৰহ হঠাতে হেৰুৱাই পেলাইছিল!

এতিয়া আৰ্কাইৱত থকা তথ্যবোৰ ফঁহিয়াই চোৱা যাওক।

ৰবাৰ্ট কংকুৱেষ্টে লিখিছিল যে ১৯৩৯ চনত সংঘত থকা কেৱল ৰাজনৈতিক বন্দীৰ সংখ্যাই আছিল ৯ মিলিয়ন। আৰ্কাইৱৰ তথ্যত ওলাইছিল যে সেই বছৰত সংঘত ৰাজনৈতিক বন্দী আছিল কেৱল ৪,৪৫,৪৩২ জন। একেদৰে কংকুৱেষ্টৰ মতে ১৯৫০ চনত সংঘত থকা ৰাজনৈতিক বন্দীৰ সংখ্যা আছিল ১২ মিলিয়ন, কিন্তু আৰ্কাইৱত ওলাইছিল কেৱল ৫,৭৮,৯১২ জন। সেইদৰে তেওঁ লিখিছিল যে ১৯৩৭-৩৯ চনৰ কালছোৱাত (স্তালিনৰ নিপীড়ন !) ৩ মিলিয়ন লোকৰ গুলাগ শ্ৰম শিৱিৰবোৰত মৃত্যু হৈছিল, অথচ আৰ্কাইৱৰ তথ্য অনুসৰি এই সংখ্যা আছিল প্ৰায় ১.৬ লাখহে। প্ৰসংগক্ৰমে শ্ৰম শিৱিৰবোৰত বহুতো কয়দীৰ মৃত্যু হৈছিল ৰোগ-ব্যাধি তথা মহামাৰীৰ সংহাৰত, কিয়নো ইতিমধ্যে উল্লেখ কৰা হৈছে যে সেই কালৰ চিকিৎসা ব্যৱস্থা অনুন্নত আছিল।

কংকুৱেষ্টৰ ‘মধ্যমীয়া তথ্যবোৰকে’ সত্য বুলি প্ৰমাণ নকৰা আৰ্কাইৱৰ সম্মুখত ছালঝেনিৎছিনৰ ‘তথ্যবোৰ’ যে গোকাট মিছা হিচাবে ধৰা দিব, তাক ব্যাখ্যা কৰাৰ হয়তো প্ৰয়োজন নাই।

আন এটা ক্ষেত্ৰতো ছালঝেনিৎছিনে আসৈ মাতিছিল। কৃষিৰ সামূহীকৰণৰ কালছোৱাত কালস’যৰ (ইয়াত ‘স’-ৰ উচ্চাৰণ অসমীয়া ভাষাৰ দৰেই), অৰ্থাৎ সমবায় কৃষি পামৰ সম্পত্তিৰ অনিষ্ট সাধন কৰা, সশস্ত্ৰ বিৰোধ সংঘটিত কৰা আদি দুষ্কাৰ্যত লিপ্ত হোৱা ভালেমান কুলাকক (ৰুছ ভাষাত ‘কুলাকৰ’ মূল অৰ্থটো হৈছে ‘মুষ্টি’। গাঁওবিলাকত বেছি ভূমিৰ গৰাকী, আৰু সেয়ে অৰ্থৱান-ক্ষমতাৱান কৃষকে দৰিদ্ৰ কৃষকক নিজৰ ভূমিত শ্ৰম কৰিবলৈ বাধ্য কৰিছিল তথা গাঁৱত তেওঁৰ কথাহে ৰজিছিল। অৰ্থাৎ সমস্ত গাঁওখন তেওঁৰ হাতৰ মুঠিত আছিল। ‘গাঁওখন হাতৰ মুঠিত ৰখা’ ধনী-ক্ষমতাশালী কৃষককে ‘কুলাক’ বোলা হৈছিল) গুলাগ শ্ৰম শিৱিৰ, গুলাগ শ্ৰম কলনী তথা বিশেষ পুনৰ্বাসিত অঞ্চললৈ প্ৰেৰণ কৰা হৈছিল। এই কুলাকসকলৰো কিছু সংখ্যকৰ পুনৰ্বাসিত স্থানবোৰত ঘটা খাদ্যৰ নাটনি, জীৱন যাপনৰ পৰিৱেশৰ অৱনতি, মহামাৰীৰ প্ৰাদুৰ্ভাৱ আদি কাৰণত মৃত্যু হৈছিল। ছালঝেনিৎছিনে ঘোষণা কৰিছিল যে ১৯৩২-৩৫ চনৰ কালছোৱাত প্ৰায় ১০ মিলিয়ন কুলাকৰ মৃত্যু হৈছিল। কিন্তু এনেদৰে মৃত্যু হোৱা কুলাকৰ প্ৰকৃত সংখ্যা আছিল প্ৰায় ১.৪ লাখহে।

প্ৰসংগক্ৰমে ৰাছিয়াত কুলাকসকলৰ সম পৰ্যায়ৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ১৯৯২-৯৫ চনৰ কালছোৱাত। সমাজবাদৰ অপসাৰণৰ পিছত নাগৰিকৰ পৰা সকলো ৰাজহুৱা সম্পদ কাঢ়ি লোৱা হৈছিল, ফলত জীৱন যাপনৰ পৰিৱেশলৈ অৱনতি আহিছিল। ছৱিয়েত নাগৰিকে সঞ্চয় প্ৰায় নকৰিছিল, কিয়নো তেওঁলোকৰ ভৱিষ্যৎ নিৰাপদ আছিল। ফলত, বিশেষকৈ, অক্ষম আৰু অৱসৰপ্ৰাপ্তসকলৰ জীৱনলৈ অন্ধকাৰ নামি আহিছিল। এই কালছোৱাত ৰাছিয়াত প্ৰায় ৮.৮ লাখ নাগৰিকৰ অনাহাৰ আৰু বেমাৰ-আজাৰত মৃত্যু হৈছিল।

এইখিনিতে ছৱিয়েত সংঘত বেছি কয়দী আছিল নেকি বুলি মনত প্ৰশ্ন জাগিব পাৰে। আৰ্কাইৱৰ তথ্য অনুসৰি ১৯৩৪ চনৰ পৰা ১৯৫৩ চনৰ কালছোৱাত আটাইতকৈ বেছি মুঠ কয়দী (অপৰাধী, ৰাজনৈতিক বন্দী আদি সকলোকে লৈ) আছিল ১৯৫০ চনত — প্ৰায় ২.৫ মিলিয়ন। এই ৰাশিটো সেই সময়ৰ মুঠ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ২.৪ শতাংশ। এতিয়া পৃথিৱীৰ আটাইতকৈ ধনী আৰু সকলো দিশতে উন্নত দেশ আমেৰিকাৰ পৰিসংখ্যালৈ চোৱা যাওক। ১৯৯৬ চনত দেশখনৰ কাৰাগাৰত বন্দী হৈ থকা কয়দীৰ সংখ্যা আাছিল ৫.৫ মিলিয়ন (আটক নোহোৱা অপৰাধী ইয়াৰ ভিতৰত নাই), অৰ্থাৎ এই ৰাশিটো মুঠ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ২.৮ শতাংশ। ১৯৯৭ চনত আমেৰিকাৰ কাৰাগাৰলৈ আৰু ৯৬,১০০ জন কয়দী আহিল, অৰ্থাৎ মুঠ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ শতকৰা হিচাবৰ ৰাশিটো ২.৮ তকৈও বেছি হ’ল।

ছৱিয়েত সংঘত কয়দীৰ সংখ্যা বেছি আছিল বিশ্বযুদ্ধৰ ঠিক পিছৰ কালত, অৰ্থাৎ যুদ্ধই বিধ্বস্ত কৰা অৰ্থনৈতিক-সামাজিক পৰিৱেশত। আৰু আমেৰিকাত সংঘৰ দুগুণতকৈও বেছি কয়দী জমা আছে এনে এটা পৰিৱেশত, যেতিয়া আমেৰিকাবাসীয়ে পৃথিৱীৰ মুঠ সম্পদৰ প্ৰায় ৬০ শতাংশ অকলেই ভোগ কৰি আছে ! পুঁজিবাদৰ প্ৰপাগাণ্ডাৰে মদমত্ত হৈ সমাজবাদক কবৰ দিবলৈ ওলোৱাসকলে শান্ত মগজুৰে চিন্তা কৰিলে বহুত কথা তেওঁলোকৰ ওচৰত পৰিষ্কাৰ হৈ পৰিব।

আন এটা জাগিব পৰা প্ৰশ্ন হ’লঃ সংঘৰ শ্ৰম শিৱিৰবোৰত কিমান কয়দীৰ মৃত্যু হৈছিল ? আৰ্কাইৱৰ তথ্যত এই ৰাশিটো প্ৰতি বছৰে ভিন্ন। মুঠ কয়দীৰ শতকৰা হিচাবত এই ৰাশিটো আটাইতকৈ বেছি ১৯৩৪ চনত (৫.২ শতাংশ) আৰু আটাইতকৈ কম ১৯৫৩ চনত (০.৩ শতাংশ)। সমাজত সামগ্ৰীৰ নাটনি হ’লে তাৰ প্ৰভাৱ কাৰাগাৰতো পৰে। ১৯৩৬ চনলৈকে সংঘত খাদ্য তথা আন সামগ্ৰীৰ লগতে ঔষধৰো নাটনি আছিল। আনহাতেদি মহামাৰী প্ৰতিৰোধী ঔষধৰ তেতিয়াও উদ্ভাৱন হোৱা নাছিল। কিন্তু ১৯৪০ চনত এই ঔষধৰ উদ্ভাৱন তথা ৰাজহুৱা প্ৰয়োগৰ পিছত শ্ৰম শিৱিৰবোৰত মৃত্যু হোৱা কয়দীৰ সংখ্যা কমি গৈছিল।

আৰু এটা প্ৰশ্ন হ’লঃ ১৯৩৭-৩৮ চনৰ কালছোৱাত কিমানজন কয়দীক মৃত্যুদণ্ড দিয়া হৈছিল? কংকুৱেষ্টে দাবী কৰিছিল যে ১৯৩০ চনৰ পৰা ১৯৫৩ চনৰ কালছোৱাত সংঘত ১২ মিলিয়ন ৰাজনৈতিক বন্দী আছিল আৰু ইয়াৰ অন্ততঃ ১ মিলিয়ন বন্দীক ১৯৩৭-৩৮ চনৰ কালছোৱাত হত্যা কৰা হৈছিল। আনহাতেদি ছালঝেনিৎছিনে কৈছিল যে এই ৰাশিটো ৩ মিলিয়ন আছিল। উপৰিউক্ত আৰ্কাইৱৰ তথ্যই দেখুৱাইছে যে ১৯৩৭ চনৰ ১ অক্টোবৰৰ পৰা ১৯৩৮ চনৰ ৩০ ছেপ্টেম্বৰলৈকে মুঠ ৩০,৫১৪ জন ৰাজনৈতিক বন্দীকহে মৃত্যুদণ্ড দিয়া হৈছিল !

এইখিনিতে আৰু এটা কথা উল্লেখ কৰাটো উচিত হ’ব। পুঁজিবাদী প্ৰপাগাণ্ডাত সদায়েই দেখুউৱা হয় যে সংঘত মৃত্যুদণ্ড দিয়া কয়দীসকল নিৰপৰাধী আছিল। অধ্যয়ন-গৱেষণাই দেখুৱাইছে যে সংঘত মৃত্যুদণ্ড দিয়া কয়দীসকলৰ বেছিভাগেই আছিল হয় চোৰ-ডকাইত, নহয় হত্যাকাৰী, অথবা ধৰ্ষণকাৰী। ইউৰোপ-আমেৰিকাত এনে লোক ভয়ংকৰ অপৰাধী হিচাবে বিবেচিত, অথচ ছৱিয়েত সংঘৰ ক্ষেত্ৰত সেইখিনি মানুহেই হৈ পৰিল নিৰপৰাধী (ভণ্ডামিৰো এটা সীমা থকা উচিত) ! আনহাতেদি ভয়ংকৰ অপৰাধীক মৃত্যুদণ্ড দিয়াটো সেই কালত প্ৰচলিত ৰীতি আছিল (বৰ্তমান কালতহে কিছুমান দেশত কয়দীক মৃত্যুদণ্ড নিদিয়াৰ নীতি গ্ৰহণ কৰা হৈছে)।

সংঘত মৃত্যুদণ্ড দিয়াসকলৰ মাজত ৰাষ্ট্ৰবিৰোধী (প্ৰতিবিপ্লৱী) কাৰ্যকলাপত লিপ্ত ৰাজনৈতিক বন্দীও আছিল। এই সন্দৰ্ভত কিছু ব্যাখ্যা আগবঢ়োৱাটো উচিত হ’ব।

যোৱা শতিকাৰ ৩০-ৰ দশকৰ মাজভাগত ছৱিয়েত সংঘৰ ওপৰত পূব আৰু পশ্চিম দুয়ো দিশৰ পৰাই আক্ৰমণ সংঘটিত হোৱাৰ আশংকা বাস্তৱিক হৈ পৰিছিল। পূবত জাপানে কোৰিয়া, চীন আদি দখল কৰি সংঘৰ সীমান্তৰ ফালে আগবাঢ়িছিল। পশ্চিমত জাৰ্মানীয়ে সংঘ আক্ৰমণ কৰাৰ কেৱল তাৰিখটো স্থিৰ কৰিবলৈহে বাকী আছিল। দৰাচলতে সোনকালেই হওক বা দেৰিকৈয়ে হওক, জাৰ্মানীয়ে সংঘ আক্ৰমণ কৰাটো খাটাং বুলি স্তালিনেও জানিছিল। অথচ সংঘৰ প্ৰতিৰক্ষা ব্যৱস্থা তেতিয়াও সবল হৈ উঠা নাছিল (আৰু সেইবাবেই ১৯৩৮ চনত জাৰ্মানীৰ লগত অনা-আক্ৰমণ চুক্তি কৰি স্তালিনে সময় কিনিছিল)। ফলত প্ৰধানকৈ জাৰ্মানীৰ লগত যুদ্ধত মোকাবিলা কৰিবৰ বাবেই নিজৰ দেশৰ সেনাবাহিনী, কমিউনিষ্ট দল আৰু প্ৰশাসনত তেতিয়াও বৰ্তি থকা প্ৰতিবিপ্লৱী শক্তিবোৰ নিৰ্মূল কৰাৰ আৱশ্যকতা আহি পৰিছিল। স্তালিনৰ এই প্ৰতিবিপ্লৱী শক্তিবোৰৰ নিৰ্মূলকৰণকে পশ্চিমে ‘‘বৃহৎ সন্ত্ৰাস”, ‘‘ভয়ংকৰ নিপীড়ন” আদি আখ্যা দিলে। বাস্তৱিকতে এই কাম স্তালিনৰ বাবে আছিল বাধ্যবাধকতা-অত্যাৱশ্যকতাহে। ইয়াৰ আগতেও বাধ্যবাধকতা-অত্যাৱশ্যকতাৰ বাবেই তেওঁ অতি কম সময়ৰ ভিতৰত সংঘৰ সামগ্ৰিক ঔদ্যোগীকৰণ (১৯২৭ চনত বৃটেইন আৰু আন আন পশ্চিমীয়া দেশে সংঘ আক্ৰমণ কৰাৰ প্ৰস্তুতি চলাইছিল) আৰু কৃষিৰ সামূহীকৰণ (ঔদ্যোগীকৰণৰ স্বাৰ্থত কৃষিৰ সামূহীকৰণো অত্যাৱশ্যকীয় হৈ পৰিছিল) সম্পন্ন কৰিবলগীয়া হৈছিল। অৰ্থাৎ উপৰিউক্ত তিনিওটা ঘটনা স্তালিনৰ ব্যক্তিগত উচ্চাকাংক্ষা বা কমিউনিষ্ট দলৰ ভাবাদৰ্শৰ বাবে নহয়, বৰঞ্চ তদানীন্তন পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবেহে সংঘটিত হৈছিল।

ৎছাৰতন্ত্ৰ ক্ষমতাচ্যুত কৰাসকলৰ মাজত বিভিন্ন ভাবাদৰ্শৰ লোক আছিল, আৰু পিছত সংঘত একদলীয় শাসন আৰম্ভ হোৱাত এইসকলৰ বহুতেই কমিউনিষ্ট দলত যোগ দিছিল। এওঁলোকৰ বহুতৰে সমাজবাদ-সাম্যবাদৰ প্ৰতি কোনো আগ্ৰহ নাছিল, বৰঞ্চ ব্যক্তিগত আকাংক্ষাপূৰণ তথা এদিন কমিউনিষ্ট দলক ক্ষমতাচ্যুৎ কৰাৰ গুপুত বাসনা লৈহে এওঁলোক দলৰ সদস্য হৈছিল (সমাজবাদ নিৰ্মাণৰ স্বাৰ্থতে কমিউনিষ্ট দলেও এওঁলোকক লগত ৰাখিবলগীয়া হৈছিল, কিয়নো সেই কালত সংঘত শিক্ষিত লোকৰে নাটনি আছিল)। একেটা উদ্দেশ্যৰে সেনা আৰু মিলিশ্বিয়া বাহিনী তথা প্ৰশাসনতো প্ৰতিবিপ্লৱী শক্তিবোৰ সোমাই আছিল। আনহাতেদি তিনিওটা মুখ্য বিভাগতে এওঁলোকৰ বহুতে গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছিল।

সংঘৰ ওপৰত পুঁজিবাদী শক্তিৰ আক্ৰমণ হোৱাটো যেতিয়া খাটাং হৈ পৰিছিল, তাৰ আগে আগে এই প্ৰতিবিপ্লৱী শক্তিবোৰক আঁতৰাবলৈ স্তালিন বাধ্য হৈপৰিছিল। সেয়ে এই তথাকথিত ‘বৃহৎ সন্ত্ৰাস’ বা ‘ভয়ংকৰ নিপীড়ন’ সংঘটিত হৈছিল ঠিক ১৯৩৭-৩৮ চনৰ কালছোৱাত। কোৱা বাহুল্য যে প্ৰতিবিপ্লৱী শক্তিবোৰ সেই কালছোৱাত অপসাৰিত নোহোৱা হ’লে (১৯৩৯ চনৰ ১ ছেপ্টেম্বৰত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি ঘটিছিল) সংঘই নাৎছিবাদৰ পতন ঘটোৱাত বেছি শক্তি আৰু সময় ব্যয় কৰিব লাগিলহেঁতেন তথা দ্বিতীয় বিশ্বযুদ্ধত আৰু বেছি লোক নিহত হ’লহেঁতেন। সেয়ে বহুতে এতিয়া স্তালিনৰ শলাগ লৈ তেওঁৰ দূৰদৰ্শিতাক প্ৰশংসা কৰে।

অৱশ্যে কৃষিৰ সামূহীকৰণৰ সময়ত কিছু নিৰ্দোষী কুলাকৰো নিৰ্বাসন হোৱাৰ নিচিনাকৈ দল-সেনাবাহিনী-প্ৰশাসনৰ পৰিষ্কৰণৰ কালতো কিছু নিৰ্দোষ লোকে শাস্তি পাইছিল। কোনোবা কোনোবাৰ ব্যক্তিগত দুৰাকাংক্ষা, আখেজ আদি ইয়াৰ বাবে মূলতঃ দায়ী আছিল। অৱশ্যে ত্ৰৎছস্কি আৰু তেওঁৰ সাংগোপাংগসকলৰ প্ৰতিবিপ্লৱী কাৰ্যকলাপ উন্মোচনৰ ক্ষেত্ৰত কোনো ভুল হোৱা নাছিল।

৩০-ৰ দশকত সংঘৰ কমিউনিষ্ট দলত মুলতঃ দুটা ধাৰাৰ সৃষ্টি হৈছিলঃ প্ৰথমটো ধাৰাৰ লোকসকল সংঘত সমাজবাদ নিৰ্মাণৰ বাবে সংগ্ৰাম চলাই যোৱাৰ পক্ষত আছিল, আৰু আনটো ধাৰাৰ লোকসকলে সমাজবাদ নিৰ্মাণৰ বাবে পৰিস্থিতি এতিয়াও পৈণত হোৱা নাই বুলি ঘোষণা কৰি সংঘত সামাজিক গণতন্ত্ৰ স্থাপনৰহে পোষকতা কৰিছিল। দ্বিতীয় ধাৰাটোৰ মুখ্য পৃষ্ঠপোষক ত্ৰৎছকি ১৯১৭ চনতহে বালশ্বেৱিক দলত ভৰ্তি হৈছিল যদিও সেই কালৰ কেবাজনো বিখ্যাত বালশ্বেৱিকৰ সমৰ্থন লৈ তেওঁ একেকোবে দলটোৰ কেন্দ্ৰীয় কমিটিৰ সদস্য হৈ পৰিছিল। উল্লেখ্য যে ত্ৰৎছকি পৃথিৱীৰ এখন-দুখন দেশত নহয়, বৰঞ্চ সমগ্ৰ পৃথিৱীতে সমাজবাদ স্থাপনৰ পক্ষত আছিল, আৰু সেয়ে ছৱিয়েত জনগণে যেতিয়া অন্ন-বস্ত্ৰ-বাসস্থানৰ সমস্যা সমাধানৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল, তেতিয়া তেওঁ কৈছিল ‘‘বৈশ্বিক বিপ্লৱৰ” কথা !

নিজৰ মতাদৰ্শক বিকল্প নীতি হিচাবে দলৰ সম্মুখত থিয় কৰাবলৈ ত্ৰৎছকিসকল অৱশেষত সক্ষম হৈছিল। ১৯২৭ চনৰ ২৭ ডিছেম্বৰত এই সন্দৰ্ভত মতদান হৈছিল। মুঠ ৭২৫,০০০ টা ৱোটৰ ভিতৰত ত্ৰৎছকিসকলে পাইছিল মাত্ৰ ৬০০০ টা ৱোট, অৰ্থাৎ দলৰ মুঠ সদস্যৰ ১ শতাংশহে ত্ৰৎছকিৰ লগত আছিল। কিন্তু ফলাফলৰ পিছতো ত্ৰৎছিসকলে নিজৰ বিৰোধী কাৰ্যকলাপ অব্যাহত ৰখাত দলৰ কেন্দ্ৰীয় কমিটিয়ে মূল নেতাসকলক দলৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লৈছিল আৰু ল্যেৱ ত্ৰৎছকিক (নামটোৰ প্ৰকৃত ৰুছ উচ্চাৰণ) দেশৰ পৰা নিৰ্বাসন দিছিল। কিন্তু কাহিনীৰ ইয়াতেই অন্ত পৰা নাছিল। যিনাৱিয়’ৱ, কামিনিৱ, পিতাকৱ, ৰাদেক, স্মিৰনৱ আদি ত্ৰৎছকিপন্থীয়ে ভুল স্বীকাৰ কৰাত পুনৰ দলত লৈ তেওঁলোকক আগৰ স্থানত অভিষিক্ত কৰা হৈছিল। অথচ সময়ত দেখা গৈছিল যে এওঁলোকৰ ‘ভুল স্বীকাৰ’ সাময়িক পশ্চাদপসৰণৰ ৰণনীতিহে আছিল।

১৯৩৪ চনৰ ডিছেম্বৰত দলৰ লিনিনগ্ৰাদ (নামটোৰ প্ৰকৃত উচ্চাৰণ) শাখাৰ সাধাৰণ সম্পাদক আৰু কেন্দ্ৰীয় কমিটিৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য কিৰৱক হত্যা কৰা হৈছিল। হত্যাকাণ্ডটোৰ তদন্তই উন্মোচন কৰিছিল যে সশস্ত্ৰ উৎপ্লৱৰ জড়িয়তে কিছু লোকে দলৰ তথা চৰকাৰৰ নেতৃত্ব দখল কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। এই লক্ষ্যত উপনীত হ’বৰ বাবে তেওঁলোকে লোৱা পদ্ধতিবোৰ আছিল ঔদ্যোগিক অন্তৰ্ঘাত, সন্ত্ৰাস, ভ্ৰষ্টাচাৰ আদি। ত্ৰৎছকিয়ে বিদেশৰ পৰা ধন আৰু নিৰ্দেশনাৰ যোগান ধৰিছিল, আৰু সংঘত তেওঁৰ সমৰ্থকসকলে গুৰুত্বপূৰ্ণ যন্ত্ৰ-পাতি মেৰামতি কৰিব নোৱাৰাকৈ বিকল কৰি বিপুল পৰিমাণৰ লোকচান সংঘটিত কৰিছিল। আনকি লাল ফৌজৰ মাৰ্শ্বাল তুসাচ্চ্য’ৱস্কিৰ (‘স’-ৰ উচ্চাৰণ অসমীয়া ভাষাৰ দৰে) নেতৃত্বত সামৰিক উৎপ্লৱৰ সংঘটনৰ যোগেদি ছৱিয়েত চৰকাৰৰ মুৰব্বীসকলক হত্যা কৰি ক্ষমতা দখল কৰাৰ পৰিকল্পনাও কৰা হৈছিল।

ষড়যন্ত্ৰকাৰীসকল অৱশেষত ধৰা পৰিছিল। ১৯৩৮ চনৰ ৰাজহুৱা বিচাৰ প্ৰক্ৰিয়াত অন্যতম ত্ৰৎছকিপন্থী বুসাৰিনে (ইয়াতো ‘স’-ৰ উচ্চাৰণ অসমীয়াৰ দৰে) স্বীকাৰ কৰিছিল যে সামৰিক উৎপ্লৱৰ সাফল্যৰ পিছত ইউক্ৰেইনক জাৰ্মানীক দি দিয়াৰ চুক্তি কৰি ত্ৰৎছকিয়ে নাৎছিহঁতৰ পৰা ধন লৈছিল।

ৰাজহুৱা বিচাৰৰ অন্তত দেশদ্ৰোহী ঘোষণা কৰি এই ষড়যন্ত্ৰকাৰীসকলক মৃত্যুদণ্ড দিয়া হৈছিল। কোনোবাই যদি এওঁলোকক ‘নিৰ্দোষী’ বুলিব বিচাৰে, তেন্তে তাত ক’বলগীয়া একো নাই।

পুঁজিবাদী বিশ্বৰ গণমাধ্যমত ‘স্তালিনৰ নিপীড়ন’-ৰ সন্দৰ্ভতো অনেক ভুল তথ্য আছে। উদাহৰণস্বৰূপে কংকুৱেষ্টে “The Great Terror”-ত উল্লেখ কৰিছে যে ১৯৩৭ চনত লাল ফৌজত ৭০,০০০ অধিকাৰী আৰু ৰাজনৈতিক কমিছাৰ আছিল আৰু ইয়াৰ ৫০ শতাংশ, অৰ্থাৎ ১৫,০০০ অধিকাৰী তথা ২০,০০০ ৰাজনৈতিক কমিছাৰক হয় হত্যা কৰা হৈছিল, নহয় গুলাগ শ্ৰম শিৱিৰলৈ প্ৰেৰণ কৰা হৈছিল। প্ৰকৃত তথ্যটো হ’লঃ ১৯৩৭ চনত লাল ফৌজৰ স্থল আৰু বায়ু সেনাত মুঠ অধিকাৰী আৰু ৰাজনৈতিক কমিছাৰ আছিল ১৪৪,৩০০ জন, আৰু ১৯৩৯ চনত এই সংখ্যা বাঢ়ি হৈছিলগৈ ২৮২,৩০০ জন। ১৯৩৭-৩৮ চনৰ কালছোৱাত ৰাজনৈতিক কাৰণত ৩৪,৩০০ জন অধিকাৰী আৰু কমিছাৰক বহিষ্কাৰ কৰা হৈছিল, কিন্তু ১৯৪০ চনৰ মে’লৈকে ১১,৫৯৬ জনক আগৰ স্থানত পুনৰ স্থাপন কৰা হৈছিল। অৰ্থাৎ ১৯৩৭-৩৮ চনৰ কালছোৱাত প্ৰায় ২২,৭০৫ জন অধিকাৰী তথা কমিছাৰকহে (ক্ৰমে প্ৰায় ১৩,০০০ জন স্থল আৰু ৪,৭০০ জন বায়ু-সেনা অধিকাৰী তথা ৫,০০০ জন কমিছাৰ) সেনাবাহিনীৰ পৰা বহিষ্কাৰ কৰা হৈছিল। অৰ্থাৎ মুঠ অধিকাৰীৰ ৭.৭ শতাংশহে বহিষ্কৃত হৈছিল — কংকুৱেষ্টে উল্লেখ কৰাৰ দৰে ৫০ শতাংশ নহয়। এওঁলোকৰো প্ৰায় ৭ শতাংশহে দেশদ্ৰোহী হিচাবে ঘোষিত হৈছিল, আৰু বাকীসকলক অসামৰিক জীৱনলৈ ঘূৰাই পঠিউৱা হৈছিল।

আক্ষেপৰ কথা এয়ে যে পুঁজিবাদী বিশ্বই ছৱিয়েত সংঘৰ সন্দৰ্ভত চলাই থকা মিথ্যাবোৰ উন্মোচিত হোৱাৰ পিছতো প্ৰতিক্ৰিয়াশীল চক্ৰবোৰে সিবোৰকে সঁচা বুলি প্ৰমাণিত কৰিবলৈ এতিয়াও অপচেষ্টা চলাই আছে। আৰু ইয়াৰ প্ৰধান কাৰণ হ’ল সাম্প্ৰতিক বিশ্বত সমাজবাদী-সাম্যবাদী চিন্তাধাৰাক দুৰ্বল আৰু গুৰুত্বহীন কৰা, যাতে পুঁজিবাদ তথা নব্য পুঁজিবাদৰ আগ্ৰাসনৰ সম্মুখত কোনো বাধা-বিৰোধৰ অস্তিত্ব নাথাকে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে